অতি ভক্তি চোৰৰ লক্ষণঃ প্ৰত্যেক কথা আৰু কাৰ্য্যৰ একোটা সীমা থাকে আৰু যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিবলৈ পায়। সেইদৰে ভক্তিৰো একোটা সীমা থাকে। স্বাভাবিক ভক্তিপৰায়ণ লোক সকলোৰে আদৰৰ। ভক্তি যেতিয়া সীমা চেৰাই যায়, তাত ব্যভিচাৰিতা সোমায়। সেইবাবে যি স্বাভাৱিকতকৈ বেছি ভক্তি পৰায়ণ হৈ দেখুৱায়, তেনে লোকৰ অন্তৰত কপটতা থাকে বুলি জানিব বা বুজিব লাগে। তেনে লোক হয় দুষ্ট প্ৰকৃতিৰ, নহয় চোৰ স্বভাৱৰ হয়। স্বার্থসিদ্ধিৰ বাবেই তেওঁলোকে বেছি ভক্তিপৰায়ন হৈ দেখুৱায়।
কিন্তু পাছত ছেগ বুজি চুৰ আদি কৰি বা অসৎ কামত লিপ্ত হৈ অনিষ্ট সাধন কৰে। এতেকে যি লোকে অতিমাত্ৰা ভক্তিপৰায়ন হৈ দেখুৱায়, তেনে লোক অনিষ্টকাৰী বুলি বুজি তেওঁলোকৰ পৰা আঁতৰি থকাই জ্ঞানী লোকৰ কাম ।