সমাস (Shomash) | অসমীয়া ব্যাকৰণ | Compound in Assamese Grammar | Assamese Grammar with Solutions
সমাস
1. সমাসৰ সংজ্ঞাঃ পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বােলে। সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্ৰুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয়। যেনে— ঘৰত যি ওপজে = ঘৰওপজা।
2. সমাসৰ বৈশিষ্ট্যঃ (ক) দুই বা তাতােকৈ অধিক পদ বা পদ থকা বাক্য লগ লাগি এক পদ হ’লেই সমাস হয়।
(খ) সমাস হােৱা পদবােৰে কেতিয়াবা প্ৰকৃত অৰ্থ এৰি আন অৰ্থ নিৰ্দেশ কৰে।
(গ) সমাসত পদবােৰৰ বিভক্তিৰ চিন লুপ্ত হয়। সমাস হ’ব লগীয়া পদবিলাকৰ ব্যাক্যৰ অনেক পদ ল লাপ হয়।
3. ব্যাসবাক্যঃ সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাসবাক্য বােলে।
যেনেঃ পীতাম্বৰ পদটোৰ ব্যাসবাক্য হ’ল পীত বৰণীয়া অম্বৰ (কাপােৰ) পৰিধান কৰে যি – পীতাম্বৰ।
4. সমস্ত পদঃ পদবােৰৰ লগ লাগি শেষত যিটো পদ গঠিত হয়, সেই সমাসবদ্ধ পদটোক সমস্ত পদ বােলে। যেনেঃ তিনিটা ৰং যাৰ = তিনিবৰণীয়া; ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ।
5. ব্যস্ত পদঃ যিকেইটা পদৰ সমাস হয়, সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বােলে। যেনঃ হাতেকটা; সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰতিটো পদেই ব্যস্ত পদ।
6. সমাসৰ বিভিন্ন প্ৰকাৰঃ সমাস সাধাৰণতে ছয় প্ৰকাৰৰ।
১। দ্বন্দ্ব সমাস
২। তৎপুৰুষ সমাস
৩। কৰ্মধৰয় সমাস
৪। দ্বিগু সমাস
৫। বস্ত্ৰীহি সমাস আৰু
৬। অব্যয়ীভাৱ সমাস।
7. দ্বন্দ্ব সমাসঃ দুটা বা তাতােকৈ অধিক সংজ্ঞা শব্দ বা বিভিন্ন অৰ্থ বুজোৱা পদৰ মাজৰ সংযােজক অব্যয় লােপ পাই হােৱা সমাসকেই দ্বন্দ সমাস বােলে। দ্বন্দ মানে হৈছে জোৰা। এইসমাসত সমস্যমান সংজ্ঞা শব্দবােৰ সংযােজক অব্যয় ‘আৰুৰ দ্বাৰা লগ লাগি থাকে। যেনেঃ ভাই আৰু ককাই = ভাই ককাই।
দ্বন্দ্ব সমাস তিনিধি হ’ল।
১। ইতৰেতৰ দ্বন্দ্ব
২। সমাহাৰ দ্বন্দ্ব আৰু
৩। একশেষ দ্বন্দ্ব।
8. তৎপুৰুষ সমাসঃ যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে, আৰু এই বিভক্তি লােপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বােলে৷ যেনেঃ চোৰক ধৰা = চোৰধৰা, গুক কটা = গুৱাকটাইত্যাদি।
তৎপুৰুষ সমাস ছয় প্ৰকাৰৰ—
১। দ্বিতীয়া তৎপুৰুষ
২। তৃতীয়া তৎপুৰুষ
৩। চতুৰ্থী তৎপুৰুষ
৪। পঞ্চমী তৎপুৰুষ
৫। ষষ্ঠী তৎপুৰুষ আৰু
৬। সপ্তমী তৎপুৰুষ।
9. কৰ্মধৰয় সমাসঃ যি সমাসত ব্যস্ত পদবােৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগােৱা হয়, তাকে কৰ্মধায় সমাস বােলে। এইসমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। যেনেঃ পিতল বৰণৰ যি চকু -পিতলচকু, শুক্ল যি পক্ষ – শুক্লপক্ষ, পুণ্য যি ভূমি – পুণ্যভূমি ইত্যাদি।
কৰ্মধাৰয় সমাস দুবিধ হ’ল—
১। মধ্যপদলােপী
২। অত্যপদলােপী সমাস।
10. দ্বিগু সমাসঃ দুই বা তাতােকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বলে। যেনেঃ সাত বিহুৰ সমাহাৰ – সাত বিহু, নৱ ৰত্নৰ সমাহাৰ নৱৰত্ন, ত্ৰি ভূৱনৰ সমাহাৰ – ত্ৰিভূৱন ইত্যাদি।
11. বহুব্ৰীহি সমাসঃ যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থনুবুজাই আন কোনাে বিশেষ অৰ্থহে বুজায়,তাকে বব্ৰীহি সমাস বােলে। যেনেঃ পদ্ম আছে নাভিত যাৰ – পদ্মনাভ, হত হৈছে ভাগ্য যাৰ তেওঁ – হতভাগ্য, বাঘে খাইছে যাক – বাঘেখােৱা ইত্যাদি।
বহুব্ৰীহি সমাস তিনি প্ৰকাৰৰ—
১। কৰ্মধায় বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহি।
২। ব্যাধিকৰণ বহুব্ৰীহি বা তৎপুৰুষ বহুব্ৰীহি।
৩। ব্যতিহাৰ বহুব্ৰীহি।
12. অব্যয়ীভাৱ সমাসঃ সামীপ্য, অভাৱ, পৰ্য্যন্ত, সদৃশ, যােগ্য আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকেই অব্যয়ীভাৱ সমাস বােলে। যেনেঃ বনৰ সমীপ = উপবন, সুখৰ অভাৱ = অসুখ, জীৱন পৰ্যন্ত = আজীৱন ইত্যাদি।
13. ব্যাসবাক্য লিখি বিভিন্ন শব্দৰ সমাসৰ নাম।
বৃকোদৰঃ বৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁ = বহুব্ৰীহি সমাস।
পীতাম্বৰঃ পীতবৰণীয়া অম্বৰ (কাপােৰ) যাৰ = বহুব্ৰীহি সমাস।
কুকুৰনেটীয়াঃ কুকুৰৰ নেজৰ দৰে নেজ যাৰ = বহুব্ৰীহি সমাস।
ত্ৰিফলাঃ ত্ৰি ফলৰ সমাহাৰ = দ্বিগু সমাস।
তেলপানীঃ তেল আৰু পানী = দ্বন্দ্ব সমাস।
কাপুৰুষঃ কু যি পুৰুষ = কৰ্মধৰয় সমাস।
পুণ্যভূমিঃ পুণ্য যি ভূমি = কৰ্মধৰয় সমাস।
অহিংসাঃ হিংসাৰ অভাৱ = অব্যয়ীভাৱ সমাস।
অস্ত্ৰ-শস্ত্ৰঃ অস্ত্ৰ আৰু শস্ত্ৰ = দ্বন্দ্ব সমাস।
সাতপুৰুষঃ সাত পুৰুষৰ যি = কৰ্মধৰয় সমাস।
বনবাসঃ বনত বাস = তৎপুৰুষ সমাস।
দেশপ্ৰাণঃ দেশলৈ প্ৰাণ = তৎপুৰুষ সমাস।
পৰােক্ষঃ অক্ষৰ পাছত =অব্যয়ীভাৱ সমাস।
পাঁচৰজীয়াঃ পাঁচ ৰজাৰ সমাহাৰত = দ্বিগু সমাস।
হৰিহৰঃ হৰি আৰু হৰ = দ্বন্দ্ব সমাস।