জিকিৰ | Chapter 2 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 2 Notes | SEBA Class 10 HSLC Assamese Chapter 2 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 2 জিকিৰ | HSLC Assamese Questions and Answers Assam
জিকিৰ
(আজান ফকিৰ)
Very Short Type Questions and Answers (Marks : 1)
1. জিকিৰৰ ৰচক কোন?
উত্তৰঃ জিকিৰৰ ৰচক হ’ল শ্বাহ মিলান’নামৰ এগৰাকী ইছলামী সাধু। তেওঁক “আজান ফকিৰ” বুলিও জানা যায়।
2. জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ জিকিৰবােৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব। পাৰি।
3. “জিকিৰ’শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ জিকিৰ শব্দটো আৰবী চি’শব্দৰ পৰাই ওলাইছে।এই শব্দৰ মূল অৰ্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।
4. আজান ফকিৰ কোন শতিকাৰ কবি বুলি অনুমান কৰা হৈছে?
উত্তৰঃ খ্ৰষ্টীয় সপ্তম শতিকাৰ।
5. আজান ফকিৰৰ প্ৰকৃত নাম কি?
উত্তৰঃ ছৈয়দ মইনুদ্দিন।
6. মােমিন’ মানে কি?
উত্তৰঃ বিশ্বাসী মুছলমান।
7. জিকিৰসমূহক অসীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ স্তুতি গীতৰ লগত।
8. ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে?
উত্তৰঃ ৰহম’ মানে হ’ল দয়া, গিৰিহঁত’ মানে হ’ল গৰাকী, বা মালিক। এতেকে, ৰহমৰ গিৰিহঁত মানে হ’ল দয়াৰ গৰাকী, অৰ্থাৎ আল্লা বা ভগৱান।
9. খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত। এই ফাঁকি কথাৰ ৰছুল আৰু মােমিন শব্দৰ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ ৰছুল’মানে হ’ল দূত বা পয়গম্বৰ আৰু মােমিন’মানে হ’ল বিশ্বাসী মুছলমান।
10. মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ ত্ৰিবেণী ঘাটৰ লগত।
11. জিকিৰটোত উল্লেখ কৰা আদম কোন?
উত্তৰঃ আদম হ’ল আল্লাই সৃষ্টি কৰা প্ৰথম মানৱ।
12. কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
উত্তৰঃ ৰূপাই দাধৰা নামৰ লােক এজনে।
13. আজান ফকিৰৰ ক’ত মৃত্যু হৈছিল?
উত্তৰঃ দিখৌমুখৰসৰাগুৰি চাপৰিত।
Short Type Questions and Answers (Marks : 2)
1. কি কাৰণে জিকিৰসমূহ সকললাৰে মাজত জনপ্ৰিয়?
উত্তৰঃ জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল তত্ত্বসমূহ অন্তৰ্নিহিত হৈ আছে। এইবােৰত অসমৰ বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্ৰতিধ্বনিও শুনা যায়। এইবােৰ সহজ-সৰল অসমীয়া ভাষাত হােৱা বাবে নিৰক্ষৰ লােকেও গাব পৰাকৈ ৰচনা কৰা হৈছিল। সেয়ে জিকিৰসমূহ সকলৰে মাজত জনপ্ৰিয়।
2. আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ কিহৰ সৈতে সাদৃশ্য দেখা যায়?
উত্তৰঃ আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ অসমৰ বৈষ্ণৱ ধৰ্মৰ বহুতাে সাদৃশ্য দেখা যায়। আজান ফকিৰ ৰচিত বহূত জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্ৰতিধ্বনি শুনা যায়।।
3. তলৰ শব্দবােৰৰ অৰ্থ লিখা।
—ৰছুল, মােমিন, ৰহম, কুটুব, বান্দা।
উত্তৰঃ
শব্দ | অৰ্থ |
ৰছুল | আল্লাৰ দূত, ঈশ্বৰ প্ৰেৰিত, দেৱদূত |
মােমিন | বিশ্বাসী মুছলমান |
ৰহম | দয়া |
কুটুব | ধ্ৰুৱ-নক্ষত্ৰ |
বান্দা | ভৃত্য |
4. সমাৰ্থক শব্দ লিখা।
—চিন্তা, ঘাট, পিৰীতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।
উত্তৰঃ
শব্দ | সমাৰ্থক শব্দ |
চিন্তা | ভাব, স্মৰণ কৰা। |
ঘাট | বন্দৰ |
পিৰীতি | প্ৰীতি, প্ৰেম |
আচমান | আকাশ |
দৰিয়া | সাগৰ, নদী |
পিয়াহ | তৃষ্ণা |
বাট | পথ, ৰাস্তা, আলি |
ভেল | শৰীৰ, দেহ |
Long Type Questions and Answers (Marks : 4)
1. দেওমাৰি পাৰ হৈ জীৱই আছে চাই। চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। —দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।উত্তৰঃ উক্ত কবিতাফাকিৰ মাজেৰে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক’বলৈ বিচৰা হৈছে। মানৱ জীৱন দুদিনীয়া। জীৱিত কালত মানৱে দেহটোক লৈ গৌৰৱ কৰে। দেহটোক লৈ মায়াত বন্দী হয়। কিন্তু মৃত্যুৰ পাছত দেহটোৰ কোনাে মূল্য নােহােৱা হয়! ভেলৰ দৰে দেহটো এদিন পচি মাটিত মিহলি হৈ যায়। দেহৰ পৰা ওলাই যােৱা আত্মাই যেন দূৰৈৰ পৰা দেহটোৰ এনে অৱস্থা চাই থাকে। সজাৰ পৰা দেও মাৰি মইনা চৰাই ওলাই গৈ যিদৰে দূৰৈৰ পৰা সি সজাটোলৈ চাই থাকে, মৃত্যুৰ পাছতাে। আত্মাই দেহটোলৈ যেন তেনেদৰে চাই থাকে।
পাৰ্থিৱ শৰীৰটো দুদিনীয়া; দেহৰ ভিতৰত প্ৰাণ থকালৈকে দেহৰ মূল্য। কিন্তু আত্মা অবিনশ্বৰ। আমাৰ শুদ্ধতা ৰক্ষা কৰি শুদ্ধ পথত চলিলেহে মৃত্যুৰ পাছতাে অমৰ হ’ব পাৰি দেহটো সদায় নাথাকে, কিন্তু। জীৱনকালত কৰা ভাল কামে মানুহক মৃত্যুৰ পাছতাে জীয়াই ৰাখে। আত্মাই শৰীৰ ত্যাগ কৰিলেহে সংসাৰ বন্ধনৰ পৰা জীৱই তেতিয়া মুক্তি পায়।
2. মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি৷ — উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাবটি বিশ্লেষণ কৰা৷
উত্তৰঃ আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা কবলৈ বিচৰা হৈছে। মক্কা হ’ল এক পৱিত্ৰ তীৰ্থস্থান। আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় বা আল্লাৰ নাম সোঁৱৰে। কিন্তু তাৰ মাজেৰে জীৱই আল্লাৰ কোনাে সন্ধান নাপায়।কিয়নাে জীৱনকালত যি এবাৰাে আল্লাইনিৰ্দেশ কৰা পথত খােজ দিয়া নাই তেওঁক আল্লাই কাহানিবাই পৰিত্যাগ কৰিছে।
মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হােৱাজনে মুখেৰে আল্লাৰ নাম ল’লেই মুক্তি পায়। শাল আৰু শ’ল মাছৰ লগত দৰিকা মাছৰ উপালিয়ে যিদৰে প্ৰভাৱ পেলাব নােৱাৰে তেনেদৰে আল্লাক যি চিনি নাপায় তেওঁ মক্কালৈ গৈও আল্লাক বিচাৰি নাপাইহাবাথুৰি খায়। দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। কেৱল মাত্ৰ তাক স্মৰণ কৰিলেই হল।
3. পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কবিতাফাকি আজান ফকিৰ ৰচিত ‘জিকিৰৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগঃ আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক’বলৈ গৈ ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।
ব্যাখ্যাঃ পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়ােটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই থাকে। তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই থাকে। কিন্তু পানী আৰু জুয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। একেদৰে পানীৰ পিয়াহত আতুৰজনে পানীক পানীবুলি চিনিনাপালে বা জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথানাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লা বা ভগৱান আমাৰ হৃদয়তে আছে। কিন্তু আমি তেওঁক চিনি নাপালে, তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই বিশ্বব্ৰহ্মাণ্ড চলাথ কৰিলেও – আল্লা বা ভগৱানক বিচাৰি নাপাওঁ।
সংসাৰ ধৰ্ম পালন কৰিবলৈ গৈ যি প্ৰকৃতিক অনাদৰ কৰে, জীৱজগতৰ ক্ষতি কৰে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ অপকাৰ কৰে, তেওঁ নিজ হৃদয়ত থকা আল্লাক দূৰলৈ যাবলৈ বাধ্য কৰায়। কিন্তু যি সৎ কৰ্মত বিশ্বাসী, প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত ব্ৰতী, তেওঁৰ অন্তৰতেই আল্লাৰ ব্বিাস তেওঁআল্লাক বিচাৰি হাবাথুৰি খাবনালাগে,আল্লাই স্বয়ংআহি তেওঁৰ উপলব্ধিত না দিয়েছি।প্ৰকৃত মুছলমানৰ অন্তৰতে আল্লাহ বিৰাজমান। ইপৰম সল্প।
4. মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাটা। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকাৰ আজান ফকিৰ ৰচিত ‘জিকিৰ’ৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগঃ ব্যাখ্যে কবিতাফাকিত মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খােৱাৰ কথা কোৱা হৈছে।
ব্যাখ্যাঃ মক্কাক পৱিত্ৰ অৰ্থত তিৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অৰ্থাৎ ত্ৰিৱেণী হৈছে হিন্দুসকলৰ পৱিত্ৰ তীৰ্থ। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইয়েই হৈছে ত্ৰিবেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱেই ত্ৰিৱেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে সকলাে পাপ খণ্ডন হােৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। সেয়ে পবিত্ৰ মক্কাক ত্ৰিৱেণীৰ লগত তুলনা কৰা হয়। কিয়নাে প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্ৰাপ্তি তথা আল্লাৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। অৰ্থাৎ হিন্দুৰ বাবে ত্ৰিৱেণীৰ যি আদৰ, মুছলমানৰ বাবে মক্কাৰ সেই একেই আদৰ।
মক্কা হ’ল মুছলমানৰ বাবে এখন পৱিত্ৰ তীৰ্থস্থান। মক্কালৈ গ’লে হেনাে পাপমুক্ত হয় বা জীৱই মুক্তি লাভ কৰে। কিন্তু সংসাৰৰ মায়া মােহত বন্দী মানৱে মক্কালৈ গলে মনত সুখ শান্তি নাপায়। কিয়নাে তেওঁলােক সকলােৱে যােৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই৷ পাৰ্থিৱ মায়া মােহৰ পৰা তেওঁলােক মুক্ত হ’ব পৰা নাই। সংসাৰৰ মায়াই তেওঁলােকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত জীৱই সুখৰ উপৰি দুখহে পাব। লগা হয়।
5. সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কবিতা কি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা’ৰ আজান ফকিৰ ৰচিত ‘জিকিৰৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগঃ কবিতাকিৰ জৰিয়তে মানৱ দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা কোৱা হৈছে।
ব্যাখ্যাঃ মইনা চৰাইক সজাত বন্দী কৰি পুহিৰখাৰ দৰেই আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়।সজাত বন্দী মইনাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলায়, তেনেদৰে মানৱ দেহৰূপী সজাত বন্দী আত্মায়াে নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ যুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। ওৰেটো জীৱন দেহটোৰ সুখ-দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষন্তেকীয়াহে। এই সম্পৰ্ক ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। আত্মা বা জীৱহীন দেহৰ কোনাে মূল্য নাই, গতিকে আত্মা বা জীৱহীন দেহক মৃতদেহ হিচাপে পুতি বা পুৰি পেলােৱা হয়। ইয়াক লৈ আত্মাৰ কোনাে দুখ নাথাকে, মৃত্যুৰ পাছত সজাত্যাগী মইনাইযিদৰে সজা আৰু গৃহস্থৰ প্ৰেম-প্ৰীতিৰ পৰা মুক্ত, তেনেদৰে আত্মায়াে নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া-মােহ, প্ৰেম-প্ৰীতিৰ পৰা মুক্ত হৈ পৰে।
6. আচমানৰ কুটুৰ তৰা আদমৰ জাত।
সজাত মইনা আছে, ঘনে লগায় মাত — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ আজান ফকিৰৰ জিকিৰ’পাঠটিৰ পৰা তুলি লােৱা হৈছে।
প্ৰসংগঃ ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক’বলৈ বিচাৰিছে।
ব্যাখ্যাঃ আচমান অৰ্থাৎ আকাশৰ তুৰাৰ লগত সম্পৰ্ক আছে। আকাশ হ’ল মহাশূন্য, তৰাইহে তাক পােহৰাই তােলে। তৰাৰ তিৰবিৰণি নহ’লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰুআকাশ সৌন্দৰ্যহীন তথা মূল্যহীন হৈ পৰিলহেঁতেন। একেদৰে মইনা অবিহনে সংগীকো সৌন্দৰ্য নাথাকে। কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দীমইনাটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবেইমানুহে ধুনীয়া আচৰণেৰে সপ্ৰতিভ হৈ থাকে! মইনা সজাৰ পৰা উৰি গুচি গ’লে সজাটো মূল্যহীন হৈ পৰে, একেদৰে আত্মা নােহাৱা মানৱ দেহাে কোনাে কামৰ হৈ নাথাকে।
আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপী আত্মা ওলাই যােৱাৰ পাছত দেহটোৰ কোনাে অস্তিত্ব নােহােৱা হয়। মইনাইদূৰৈৰ পৰা সজালৈ চাই মাত লগােৱাৰ দৰে আত্মাইও যেন দুৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দৰ্য থাকে। আত্মা ওলাই যােৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে হয়। অৰ্থাৎ প্ৰাণস্পন্দন থকালৈকেহে জীৱদেহৰ অস্তিত্ব থাকে। সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যােৱাটো অনুচিত বুলি কবিয়ে কৈছে। সৎ কৰ্ম, সৎ চিন্তাৰে আল্লাৰ নাম ল’লেহে সকলােৰে কল্যাণ হয় বুলি কবিতাটিত কোৱা হৈছে।