প্ৰশস্তি | Chapter 3 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 3 Notes | SEBA Class 10 HSLC Assamese Chapter 3 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 3 প্ৰশস্তি | HSLC Assamese Questions and Answers Assam


প্ৰশস্তি
(ৰঘুনাথ চৌধাৰী)

Very Short Type Questions and Answers (Marks : 1)

1. ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

2. ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম সাদৰী আৰু নৱমল্লিকা।

3. প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ কবিয়ে নতুন কুঁহিপাতবােৰে প্ৰকৃতিক সাদৰি অনা বুলি কৈছে।

4. মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যা বুলি কবিয়ে কৈছে?
উত্তৰঃ কবিয়ে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কৈছে।

5. জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ কবিয়ে জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলা বুলি কৈছে।

6. মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰঃ কবিয়ে কীচক বেণুৱেও মহামহিম স্ৰষ্টাৰ গান গায় বুলি কৈছে।

7. কবিয়ে কিহে পৃথিৱীৰ দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুকুম ৰাগে দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে।

8. কবিয়ে কোনে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।

9. কবিয়ে ভক্তবৃন্দ মােহ তন্দ্ৰালস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?
উত্তৰঃ কবিয়ে ভক্তবৃন্দক মােহ তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।

10. ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ সাদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।

11. ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল।

Short Type Questions and Answers (Marks : 2)

1. কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবােৰ হ’ল – ঊষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহঙ্গ।

2. কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশক্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসন্দৰৰ অৰ্থাৎ নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰিছে। সেয়ে সেই চিৰসুন্দৰৰ প্ৰশক্তি কৰিছে যাতে সকলােৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।

READ MORE  বিষাদ যােগ | Chapter 15 | Class 10 Assamese - SEBA

3. শব্দ অৰ্থ লিখা।
—কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্ৰালস।
উত্তৰঃ

শব্দঅৰ্থ
কিশলয়কুঁহিপাত, গজালি, কোহ
চিত্তহাৰীমন-প্ৰাণ হাৰি নিয়া
অন্তৰীক্ষআকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়
তন্দ্ৰালসশ্ৰান্ত, ক্লান্ত, টোপনি যােৱা অৱস্থা

4. বাক্য ৰচনা কৰা।
— দশােদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মােহ।

উত্তৰঃ দশােদিশঃ পদুলিৰ তগৰজোপাৰ সুগন্ধই দশােদিশ আমােল সােলাইছে।

উপেক্ষিতঃ পূৰ্বে স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।

জৰাজীৰ্ণঃ জৰাজীৰ্ণ ঘৰত থাকিও ৰীমাই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থান লাভ কৰিলে।

অমৃতঃ তােকাতুৰ অৱস্থাত শুদা ভাতাে অমৃতসম।

মােহঃ মিছা মােহত বন্দী হৈ আমি অইনৰ একো অপকাৰ কৰিব নালাগে।

৩। সমাৰ্থক শব্দ লিখা।
—তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
তৰুগছ, বৃক্ষ, উদ্ভিদ
মুক্তিমুকলি, মােক্ষ, নিৰ্বাণ
সুমধুৰমধুৰত্ব, সুমিষ্ট, মৌ-সনা
অভিযান পৰিক্ৰমা, পৰিভ্ৰমণ, অনুসন্ধান
ধ্যানীমনস্বী, ধ্যাতা, কৃতধী

Long Type Questions and Answers (Marks : 4/5)

1. কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বুজাই লিখা।
উত্তৰঃ প্ৰশস্তি’কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপকবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সুৰুযে দশােদিশ পােহৰাই পৃথিৱীক উদ্ভাসিত কৰি তুলিছে। পৃথিৱী ন-পাতেৰে, ফুলেৰে জাতিষ্কাৰ হৈছে। বনৰ চৰাই, গছ-লতিকাই সুমধুৰ ছন্দেৰে যেন কেৱল সৌন্দৰ্যই সৃষ্টিকৰানাই, সন্ধান কৰিছে চিৰ সুন্দৰৰ। মাটি-পানীবায়ু সকলােতে যেন বিয়পিছে। কেৱল সুন্দৰৰ আৰাধনা। ক’ৰবাত বাজি উঠিছে কীচকবাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ বাৰ্তা। কবিয়ে খােজেপ্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতিৰ অপূৰ্ব সুধাৰ মাজতে সেই সুন্দৰক প্ৰাপ্তিৰ সাধনাৰ পথাে যেন বিচাৰি পাইছে।

2. প্ৰশস্তি কবিতাটোৰ মূলভাব লিখা।
উত্তৰঃ প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে চিৰসুন্দৰৰ আবাধনাই কবিতাটোৰ মূলভাব। কবিতাটোতবৰ্ণিত অনুসৰি পুৱাৰ সূৰুযে পৃথিৱীৰ দশােদিশ পােহৰাই তােলাৰ লগে লগেনকুঁহিপাতেৰে যেন প্ৰকৃতিৰ কূপচৰিছে। প্ৰকৃতিৰ গছ-লতা-ফুল-ফলে জাতিষ্কাৰ হৈ চৌদিশে বিয়পাইছে আনন্দৰ গান। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে য’ত কবিয়ে অনুভৱ কৰিছে চিৰ সুন্দৰৰ উপস্থিতি। মাটি-পানীবায়ু সকলােতে যেন বিয়পি আছে চিৰ সুন্দৰৰ স্থিতি। সকলােৰে যেন বিচাৰি ফুৰিছে। সেই পৰম সত্তাক। এনে সময়ত অমৃতৰ সন্তান’ সম্বােধনেৰে মানুহক কবিয়ে মুক্তিৰ বাট বিচাৰিবলৈ কৈছে।কালৰাত্ৰিৰ পাছত যি মুক্তিৰ বাট দিব পাৰে কেৰল চিৰসুন্দৰে, যিদৰে আন্ধাৰৰ পাছত পৃথিৱীক পােহৰ দিয়ে সূৰুযে ক’ৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আৰাহন।

সেই আৱাহনী সুৰ অন্তঃকৰণেৰে উপলব্ধি কৰিব পৰাকৈ ভক্তবৃন্দক মােহ-মায়া ত্যাগি ধ্যানমগ্ন হবলৈ কবিয়ে আহ্বান জনাইছে। কবি চৌধাৰী প্ৰকৃতিপ্ৰেমী ব্যক্তি। তেওঁৰ চকুত প্ৰকৃতিৰ স্বাভাৱিক সৌন্দৰ্যও অন্য ৰূপত ধৰা দিয়ে। প্ৰশস্তিকবিতাটোত সেই কথাই স্পষ্ট হৈ পৰিছে। সাধাৰণজনে দেখা প্ৰকৃতিৰৰ্ধপসুধাৰ মাজত কবিয়ে অসাধাৰণ কূপ প্ৰত্যক্ষ কৰিছে। এক ৰহস্যৰ সন্ধানে কবিক আচ্ছন্ন কৰিছে আৰু ই কবিতাটোকো আধ্যাত্মিক ভাবসম্পন্ন কৰি তুলিছে।

READ MORE  ঋজুভাৰতী | All Chapter | Class 10 Riju Bharati - SEBA

3. উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্ৰী। —কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ মানৱ জীৱন দুদিনীয়া। এই ক্ষণস্থায়ী জীৱনত মানুহেনানা জীয়াতু ভােগে, যন্ত্ৰণাত জৰ্জ হয়।এনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যেনেকৈ অৱসাদ কঢ়িয়ায়, বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তােলে। পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত সূৰুযৰ আগমন ঘটে। মানৱ জীৱনৰ আন্ধাৰ নাশ হয় চিৰমুক্তিৰ লগে লগে। মানুহে বহু সময়ত মায়া মােহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি অৱশ্যম্ভাৱী।

কবিতাটোত প্ৰকৃতিৰ সুন্দৰৰূপৰ মাজত কবিয়ে অনুভৱ কৰিছে যেন প্ৰকৃতি জগতৰ সকলােৰে ধ্যান সূৰুযৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তিৰ প্ৰতি সকলােৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল সৃজনকৰ্তাই। প্ৰকৃতি জগতৰ দৰে সেয়ে মানুহকো চিৰমুক্তিৰ বাবে জনকৰ্তাৰ ধ্যান কৰিবলৈ কবিয়ে আহ্বান জনাইছে।বায়ু-পানী-মাটি সকলাে যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন। জীৱনৰ অনিত্যতা, যন্ত্ৰণাৰ পৰা চিৰমুক্তিৰ বাটেৰে খােজ কঢ়া মানুহক ‘অমৃতৰ পুত্ৰ’ সম্বােধনেৰে কবিয়ে পৰমশক্তিৰ আৱাহন কৰিবলৈ। প্ৰশ্নোদুধৃত কথাষাৰিৰ দ্বাৰা সোঁৱৰাই দিছে।

4. সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছেবুজাই লিখা।
উত্তৰঃ ‘প্ৰশক্তি’ কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন অস্থায়ী। নিৰ্দিষ্ট সময়ৰ বাবেহে মানুহ পৃথিৱীত থাকে। এই সময়ছােৱাত জাগতিক সৌন্দৰ্যৰ মায়া মমাহুত মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ অনিত্যতাৰ কথা পাহৰি থাকে!কবিতাটোৰ মাজেৰে কবিয়ে ক’ব খুজিছে যে জাগতিক সৌন্দৰ্যয়াে চিৰসুন্দকে ধিয়াই আছে! সকলােৰে মূলতে সৃষ্টিকৰ্তাহে। তেওঁৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও অসম্ভৱ।। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। দুদিনীয়া মায়া-মমাহত বন্দী হৈ সেই কথা পাহৰা। উচিত নহয়। মুক্তি প্ৰাপ্তিহে মানৱৰ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ, অৱসাদ। আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য উপভােগৰ মাজতে চিৰসুন্দৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে। মানুহক ‘অমৃতৰ পুত্ৰ’ সম্বােধনেৰে কবিয়ে সেয়ে চিসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

5. উঠে তৰু শিৰে শিৰে বন বিহঙ্গ,
ছন্দভৰা সুমধুৰতান,
জল স্থল অন্তৰীক্ষ সকলােতে যেন,
দেৱতাৰ মহা অভিযান। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত ৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত দেৱত্ব বা চিৰসুন্দৰ সন্ধান চলা কথা স্পষ্ট কৰিবলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ সূৰ্যোদয়ৰ লগে লগে প্ৰকৃতিজগত আলােকিত হৈ উঠিছে আৰু পৃথিৱীয়ে যেন ন ৰূপ পাইছে। গছৰ ডালত বহি বনৰ চৰায়ে সুললিত কণ্ঠেৰে গীত জুৰিছে। এনে ক্ষত চৌদিশে যেন কবিয়ে অন্য এক সুবহে শুনিবলৈ পাইছে।কবিৰ এনে লাগিছে যেন মাটিয়ে পানীয়ে, আকাশে-বতাহে ধ্বনিত হৈছেচিৰসুন্দৰৰ আৱাহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন সুন্দৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান কৰিছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলােকে সৃষ্টি কৰিছে এনে পৰিৱেশ, য’ত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ সম্ভেদ!ব্যাখ্যেয় কবিতাফাকিত স্পষ্ট হৈছে যে কবিয়ে অন্ততঃ সেই সম্ভেদ গভীৰৰ পৰা পাইছে।

READ MORE  দৃশ্যান্তৰ | Chapter 5 | Class 10 Assamese - SEBA

6. কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ।
শেষ হ’ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ।
উঠা যত মুক্তি পথযাত্ৰী। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ৰঘুনাথ চৌধাৰী ৰচিত ‘প্ৰশক্তি শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাট সন্ধান কৰিবলৈ ব্যাখ্যেয় কবিতাফাকিৰে কবিয়ে আহ্বান জনাইছে।

ব্যাখ্যাঃ সকলাে আৱৰ্জনা, প্ৰদুষিত উপাদান আঁতৰাই সূৰুযে পৃথিৱী আৰু প্ৰকৃতি জগত আলােকিত কৰি তলে নিশাৰ আন্ধাৰ ভেদি। সেই আলােকতে সকলাে নিমগ্ন হয় নিজ নিজ লক্ষ্যৰ সমাপ্তিত কবিয়ে সূক্ষমভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জাতৰ মাজত ! মানুহাে প্ৰকৃতিৰে অংগ। অন্যান্য উপাদানৰ দৰে মানুহাে। আন্ধাৰত থাকে। মানুহৰ জীৱনৰ অন্ধকাৰ বুলি ক’লে দুখ-যন্ত্ৰণাই মুখ্য। মায়া-মমাহে সেইবােৰ দুগুণে বঢ়ায়। এই অন্ধকাৰময় যন্ত্ৰণাৰ পৰা মুক্তি সম্ভৱ কেৱল চিৰসুৰ আৰাধনাৰ মাজেৰেহে। তেৱেই জীৱক সকলাে যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে। চিৰমুক্তিয়েই মানুহৰ জীৱনৰ লক্ষ্য। ব্যাখ্যেয় কবিতাফাকিত কবিয়ে মানুহক অমৃতৰ পুত্ৰ সম্বােধনেৰে চিৰসুন্দৰ অৰ্থাৎ পৰমসত্ত্বাৰ ধ্যান কৰিবলৈ জনােৱা অনুৰােধ স্পষ্ট ৰূপত প্ৰকাশি উঠিছে।

7. মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মােহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ।
সুন্দৰৰ কৰা ৰূপ ধ্যান। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰী ৰচিত প্ৰশক্তি শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলাে এলাহ, অৱসাদ-মায়া-মােহ ত্যাগ কৰাৰ কথা ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে ক’ব খুজিছে।

ব্যাখ্যাঃ ‘প্ৰশক্তি’ কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন অস্থায়ী। নিৰ্দিষ্ট সময়ৰবাবেহে মানুহ-পৃথিৱীত থাকে। এই সময়ছােৱাত জাগতিক সৌন্দৰ্যৰ মায়া মােহত মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ অনিত্যতাৰ কথা পাহৰি থাকে। কবিতাটোৰ মাজেৰে কবিয়ে ক’ব খুজিছে যে জাগতিক সৌন্দৰ্যয়াে চিৰসুন্দৰকে ধিয়াই আছে। সকলােৰে মূলতে সৃষ্টিকৰ্তাহে। তেওঁৰ অবিহনে সুন্দৰ ৰূপ প্ৰাপ্তিও অসম্ভৱ। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। দুদিনীয়া মায়া-মােহতবন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিহে মানৱৰ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য উপভােগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে। মানুহক অমৃতৰ পুত্ৰ’ সম্বােধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

Leave a Comment

error: Content is protected !!
Scroll to Top