কানাইৰ চাতুৰী | Chapter 13 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 13 Notes | SEBA Class 10 HSLC Assamese Chapter 13 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী | HSLC Assamese Questions and Answers Assam


কানাইৰ চাতুৰী
(শ্রীধৰ কন্দলী)

Very Short Type Questions and Answers (Marks : 1)

1. কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল?
উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপ শিশুসকলে আহি যশােদাক কৈছিল।

2. কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰঃ কৃষই চাৰি-পাঁচ দিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল।

3. দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল।

4. কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তৰঃ কপিল মুনিৰ মাতৃ আছিল দেৱহূতি।

5. কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উত্তৰঃ বামন ৰূপ ধাৰণ কৰি কৃষই বলিক ছলনা কৰিছিল।

6. কানাইৰ চাতুৰী’ কবিতাটো ক’ৰ পৰা লােৱা হৈছে?
উত্তৰঃ কানাইৰ চাতুৰী’কবিতাটো কাণখােৱা’ পুথিৰ পৰা লােৱা হৈছে।

7. শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।
উত্তৰঃ শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন পুথি হৈছে কাণখােৱা’আৰু ঘুনুচা কীৰ্তন”।

8. গােপ শিশুসকলে কিহৰ কাৰণে পুৱা কৃষ্ণক জগাবলৈ আহিছিল?
উত্তৰঃ গােপশিশুসকলে খেড়ি খেলিবলৈ পুৱা কৃষ্ণক জগাবলৈ আহিছিল।

9. ব্ৰহ্মা ক’ৰ পৰা উপজিছিল?
উত্তৰঃ ব্ৰহ্মা নাৰায়ণৰনাভিৰ পৰা উপজিছিল।

10. গংগাক কোনে, ক’ত ধাৰণ কৰিছিল?
উত্তৰঃ গংগাক মহাদেৱেজটাত ধাৰণ কৰিছিল।

11. কৃষ্ণই মাকক কিমান সােণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল?
উত্তৰঃ কৃষ্ণই মাকক ছয় ৰতি সােণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল।

12. কংস কোন?
উত্তৰঃ কংস হৈছে মথুৰাৰ ৰজা আৰু শ্ৰীকৃষ্ণৰ মােমায়েক।

13. তিনি ভূৱনৰ স্ৰজনকৰ্তা কোন?
উত্তৰঃ তিনি ভূৱনৰ স্ৰজনকৰ্তা হৈছে বিষ্ণুবা শ্ৰীকৃষ্ণ।

14. কানাইৰ চাতুৰী’কবিতাটোত কাঠবাজী’ বুলি কাক কোৱা হৈছে?
উত্তৰঃ কানাইৰ চাতুৰী’কবিতাটোত যশােদাক কাঠবাজী’বুলি কোৱা হৈছে।

15. কাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায়?
উত্তৰঃ যশােদাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায়।

16. বেদ কি? কোনে কাক বেদৰ গুণ দিছিল?
উত্তৰঃ বেদ হৈছেহিন্দু ধৰ্মৰ প্ৰধান ধৰ্ম শাস্ত্ৰ,ইয়াক ভগৱানৰ বাণীবুলি কোৱা হয়। ভগৱানে ব্ৰহ্মাক বেদৰ জ্ঞান দিছিল।

17. চতুৰ্ভুজ ৰূপ কি?
উত্তৰঃ চাৰিখন হাতত শংখ, চক্ৰ, গদা, পদ্ম লৈ বিষ্ণুৱে ধাৰণ কৰা ৰূপেই হৈছে চতুৰ্ভুজ ৰূপ।

18. যশােদাই কৃষ্ণক কি কি নামেৰে মাতিছিল?
উত্তৰঃ যশােদাই কৃষ্ণকহাৰলি বােপাই, যদুমণি, চক্ৰপাণি,কলীয়া,বনমালী আদিনামেৰে মাতিছিল।

19. মাকে খং কৰি কৃষ্ণক শুই উঠিবলৈ কোৱাত কৃষ্ণই কি উত্তৰ দিছিল?
উত্তৰঃ মাকে খং কৰি কৃষ্ণক শুই উঠিবলৈ কোৱাত কৃষ্ণই মাকক গৰু চাৰিবলৈ নগৈ চাৰি পাঁচদিনলৈকে একোনাখাই মাত্ৰ শুইয়ে থাকিব বুলি কৈছিল।

Short Type Questions and Answers (Marks : 2)

1. তলত দিয়া পুৰণি অসমীয়া শব্দৰাৰৰ আধুনিক ৰূপ লিখা।
—আসি, পুহাইল, নুজুৰাই, ভৈলা, চড়িয়া, তাসম্বাক, খেড়ি, সুমৰন্তে, বিগুটিয়া, শুতিয়া, পাশ, হন্তে, পাতক, যাকেৰি, উতপাড়ে, তৰণে, উতপাটক, মাধৈ, পুহাইল, কয়লি, যোহি, ফুঙ্কিলা, আমি, হোৱে, হাৰলি, ধ্বংসল, দেৱা, লেল, ডৰত।

উত্তৰঃ
পুৰণি অসমীয়াআধুনিক অসমীয়া
আসিআহি
পুহাইলপুৱাল
নুজুৰাইজুৰনপৰে, শাঁতনপৰে
ভৈলাহ’ল
চড়িয়াউঠি
তাসম্বাকতেওঁলোকক
খেড়িখেলা
সুমৰন্তেসুঁৱৰি
বিগুটিয়াঠাট্ৰা কৰা
শুতিয়াশুই
পাশকাষ
হন্তেপৰা
পাতকপাপ
যাকেৰিযাৰ
উতপাড়েউঘালে
তৰণেপাৰ হ’বলৈ
উতপাটকনিৰ্মূলকাৰী
মাধৈমাধৱীলতা
পুহাইলৰাতিপুৱা
কয়লিকৰিলে
যোহিযি , যিজনে
ফুঙ্কিলাফুকিলে
আমিআহি
হোৱেহয়
হাৰলিআজলি
ধ্বংসলধ্বংস কৰিলে
দেৱাদেৱতা
লেলল’লে
ডৰতভয়তে

2. তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা।
(ক) সুন্দৰী
(খ) মাতৃ
(গ) মামী
উত্তৰঃ

স্ত্ৰী-লিংগপু-লিংগ
সুন্দৰীসুন্দৰ
মাতৃপিতৃ
মামীমামা

3. বিপৰীত শব্দ লিখা।
(ক) বিশ্বাস
(খ) দোষ
(গ) আনন্দ
(ঘ) অপমান
(ঙ) অমৃত

উত্তৰঃ

শব্দবিপৰীত শব্দ
বিশ্বাসঅবিশ্বাস
দোষগুণ
আনন্দবিষাদল
অপমানমান
অমৃতগৰল, বিষ

Long Type Questions and Answers (Marks : 4/5)

1. তথাপি তােহােক দেখত্তে ডৰত উৰি যায় মােৰ জীউ। —এই কথাষাৰ কাৰ উক্তি? কাক দেখি কিয় কয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উত্তৰঃ উক্ত কথাষাৰ কৃষ্ণৰ উক্তি। মাতৃ যশােদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায়। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশােদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশােদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা, সােনকালে শুই নুঠাত মাকে কৃষক খং কৰে, কেতিয়াবা বান্ধি থয়। শিশুকৃষক মাকে গৰু চৰাবলৈ পঠিয়ায়, অথচ কৃষই ঘূৰি আহি গৰম ভাতৰ ঠাইত পঁইতা ভাতহে খাবলৈ পায়।

READ MORE  প্ৰাচীন ভাৰতীয় শিক্ষা | Chapter 16 | Class 10 Assamese - SEBA

কৃষ্ণৰ (চতুৰ্ভুজ) ৰূপ দেখি জগত ভােল যায় অথচ মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি কলীয়া’ বুলি মাতে। দধি চোৰ, মাটি খােৱা বুলি মাকে কৃষক ঠাট্টা কৰে। মুঠতে জগতৰ সকলাে মাতৃয়ে কৰাৰ দৰে যশােদাই কৃষক ডাঙৰ-দীঘল কৰিছে। সেয়ে মাকযশােদাৰ খং উঠা দেখিলে কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশােদা হৈছে। পৰম বিষ্ণুভক্ত। ভকতিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্ৰকৃত মাতৃ হােৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশােদাকহে। যশােদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশােদা সেই সুখৰ পৰা বঞ্চিত হব, সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেও যশােদাৰ মনােবাঞ্ছা পুৰণ কৰিছিল। যশােদাৰ ঘৰত তেওঁ মানৱীলীলা। প্ৰদৰ্শন। কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশােদাক দেখিলে ভয় খােৱাৰ কথা কৈছিল।

2. “মােহিনী স্বৰূপে অমৃত পিয়ালােক
সাধিলাে দেৱৰ কাম।”
— কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল; খৰচি মাৰি লিখা।
উত্তৰঃ বিষ্ণু বা কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল। কৃষ্ণই দেৱতাক অত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অৰসকলে মিলি সমুদ্ৰ মন্থন কৰাত সমুদ্ৰৰ গভৰ পৰা মণি-মুকুতা, ৰত্নকে ধৰি কলাহল বিষ আৰু অমৃতাে ওলাইলি। অমৃত পান কৰিলে অমৰত্ব লাভ হয় বুলি জ্ঞাত হােৱা বাবে দেৱতা আৰু অসুসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা-আঁজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে অসুৰসকলে অমৃত পান কৰি অমৰত্ব লভিলে দেৱতাসকলৰ অস্তিত্ব সংকটত পৰিব আৰু সমস্ত ব্ৰহ্মাণ্ড অন্যায়-অনিয়মেৰে অন্ধকাৰাচ্ছন্ন হৈ পৰিব।

সেয়ে দেৱতাসকলে ভগবান বিষ্ণুৰ সহায় বিচাৰিছিল। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মােহিনীৰূপ ধাৰণ কৰিঅৰ্থাৎ এগৰাকী দীপলিপ সুন্দৰীৰ ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হােৱাত সকলাে সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল। এই ছেগতে মােহিনীৰূপী কৃষ্ণই অমৃতৰ কলহহাতত তুলি লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লােৱাত দুয়ােপক্ষ এই কথাত মান্তি হৈছিল। মােহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়ােফালে দুটা বেলেগ শাৰীত বহুব্বাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাইদি অসুৰসকলক অমৃতবুলি বাৰুণি নামৰ সুৰা ভগাই দিছিল। অৰ্থাৎ দেৱতাসকলেহে কেৱল অমৃত খাবলৈ পাইছিল। অসুৰসকলে অমৃত লাভৰ পৰা বঞ্চিত হৈছিল আৰু অমৰত্ব লাভ নকৰাকৈ থাকিল, ফলত দেৱতাৰ উদ্দেশ্য সাধন হৈছিল। এনেদৰেই কৃষই মােহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল।

3. মাকৰ কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা।
উত্তৰঃ কবিতাটোত শিশু কৃষ্ণৰ মাক হৈছে যশােদা যশােদা হৈছে গােৱালৰ ৰজা নৰ ঘৈণীয়েক। কৃষ্ণই আপত্তি দৰ্শাইছে যে বাহৰ বাঁহীবজাই কষ্টৰ দই ওঁঠ ফাটি তেজ ওলাই যায়। মাকে এইকথা। জানিও তেওঁক ছয়ৰতি সােণেৰে এটাবাঁহীগঢ়াইনিদিয়ে।ৰাজপটেশ্বৰী হৈও এইখিনি খৰচ নকৰা বাবে কৃষ্ণই লাজ পাইছে। তেওঁ কৈছে যে মাকৰ ধনত জুই লাগিব আৰু গাঁতৰ ভিতৰতে পােত খাই থাকিব। গৰু চৰাবলৈ যােৱা কৃষ্ণৰ হাতত মাকে এমুঠি ভাত দি পঠিয়ায় যিকণেৰে তেওঁৰ পেট নভৰে।

এগৰাহ খাই আনগৰাহ নােজোৰে, ফলত আধাপেটিকৈ খােৱা শেষ কৰে। নটুৱা টক পিন্ধি অৰ্থাৎ সৰু গামােচাৰ দৰে পােছাকপিন্ধি দিনটো গৰুচ’ৰাই থাকোঁতে তেওঁক কঁাইটে। বিন্ধে অথচ মাকৰ খবৰেই নাই। কেঁকোৰা চুলিত ধূলি পৰি পৰি প্ৰকাণ্ড জঁটা বান্ধি যায় কিন্তু মাকে তেল লগাই দিয়াৰ নাম-গােন্ধকে নলয়। এইবােৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰুকান্দোন ওলাই আহিব খােজে। মাকৰ এনেবােৰ গুণৰ কথাকে ক’বলৈ কৃষ্ণৰ লাজ লাগে বুলি কবিতাটোত বৰ্ণনা কৰা হৈছে।

4. বামন। —চমুটোকা লিখা।
উত্তৰঃ বামনঃ সংসাৰৰ উন্নতিৰ নিমিত্তে ভগৱানে দশাৱতাৰৰ ৰূপ লৈ যুগে যুগে দুষ্টক দমন কৰি আহিছে। বিষ্ণুৰ এই দহােটা অৱতাৰৰ ভিতৰত পঞ্চম অৱতাৰটোৱেই হৈছে বামন’অৱতাৰ। বামন হৈছে বিষ্ণুই লােৱা বাওনা মানুহৰ ৰূপ। দৈত্যৰাজ বলি আছিল শক্তিশালী ৰজা। তেওঁ সকলােকে যি বিচাৰে তাকে দান কৰিছিল।এবাৰ তেওঁ এক যজ্ঞৰ আয়ােজন কৰি ঘােষণা কৰিছিল যে যিয়ে যি বস্তু তেওঁৰ পৰা বিচাৰে সেই বস্তুৱেই তেওঁ দান কৰিব। সেই মতে বলিৰ পৰা অনেকে বহুমূল্যৱান সামগ্ৰী দানৰূপে লৈছিল। এনে কাৰ্যৰ পৰা বলিৰ মনত প্ৰচণ্ড অহংকাৰৰ জন্ম হৈছিল। ভগৱান বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিবলিৰ যজ্ঞলৈ আহিছিল তেওঁৰ দৰ্পচুৰ্ণ কৰিবলৈ। বলিয়ে সামান্য বাওনা লােকবুলি ভাবি কি লাগে তেওঁক খুজিবলৈ ক’লােবামনে ৰজাৰ পৰা নিজৰ ভৰিৰ জোখেৰে মাত্ৰ তিনিপদ ভূমি বিচাৰিলে।

READ MORE  ধৰ ঝাড়ু ধৰ ভাই | Chapter 14 | Class 10 Assamese - SEBA

এই অকণমানি ভৰি দুখনেৰে তিনিপদ মাত্ৰ ভূমি লৈ কি কৰিব বুলি ভাবি ৰজাই অট্টহাস্য কৰিবলৈ ধৰিলে। তথাপি বামনে তিনিপদ ভূমিয়েই যথেষ্ট বুলি কোৱাত ৰজাই দান দিবলৈ মান্তিহ’ল। বামনে বিৰাট আকাৰ ধাৰণ কৰি এখন ভৰি পৃথিৱীত থৈ আনখন ভৰি স্বৰ্গত থ’লে। এতিয়া তৃতীয় পদক’ত ৰাখিব ৰজাক সুধিলে।বলিয়ে বামনৰ এই ৰূপ দৰ্শন কৰি স্বয়ং বিষ্ণু বুলি বুজি উঠিল আৰু নিজ বচন ৰাখিবৰ বাবে তৃতীয় পদ তেওঁৰ মূৰৰ ওপৰতে থবলৈ ক’লে। বিষুব্ধপী বামনে বলিৰ মূৰৰ ওপৰত তেওঁৰ ভৰি থােৱাৰ লগে লগে সেই ভৰ সহিব নােৱাৰি বলি গৈ পাতাল পালেগৈ। এনেদৰে ভগৱানে বামন অৱতাৰ লৈ বলিৰ দৰ্পচূৰ্ণ কৰিছিল।

5. দেৱহুতি। —চমুটোকা লিখা।
উত্তৰঃ দেৱহুতিঃ দেৱহূতি হৈছে স্বায়ম্ভুৱ মুনিৰ কন্যা। এওঁ কৰ্দম মুনিৰ পত্নী আৰু কপিল মুনিৰ মাতৃ।

6. কপিল। —চমুটোকা লিখা।
উত্তৰঃ কপিলঃ কৰ্দম মুনি আৰু দেৱহূতিৰ পুত্ৰ কপিল হৈছে এজন প্ৰসিদ্ধ মুনি। এওঁক বিষ্ণুৰ অৱতাৰ বুলিও গণ্য কৰা হয়। হিন্দুৰ সাংখ্য দৰ্শন এৱেই প্ৰৱৰ্তন কৰে।পুৰাণত বৰ্ণিত অনুসৰি সৰগ ৰজাৰ ষাঠি হাজাৰ পুত্ৰ কপিল মুনিৰ শাপতে ভষ্ম হয়।

7. শ্ৰীধৰ কন্দলি। —চমুটোকা লিখা।
উত্তৰঃ শ্ৰীধৰ কন্দলিঃ (উত্তৰৰ বাবে কবিতাটোৰ কবি পৰিচয় চোৱা।

8. দৈৱকী। —চমুটোকা লিখা।
উত্তৰঃ (ঙ) দৈৱকীঃ শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী আৰুবসুদেৱৰ পত্নী। এওঁ মথুৰাৰৰজা কংসৰ ভনীয়েক আছিল। কংসই ভনীয়েকক খুব মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে ধুমধামেৰে ভনীয়েকৰ। বিয়া পাতিছিল। এদিন হঠাতে আকাশবাণীহ’ল যে দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰইকংসক হত্যা। কৰিব। এই ঘােষণাৰ লগে লগেকংসই দৈৱকী বসুদেৱক জে’লত ভৰাই থৈছিল। আৰু জন্মৰ লগে লগে দৈৱকীৰ প্ৰতিটো সস্তাতেই কংসই হত্যা কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে। শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ জন্মৰ ১ময়ত সকলাে নিদ্ৰামগ্ন হৈ থকাত আৰু জে’লৰ দুৱাৰ নিজে নিজে খােল খাই যােৱাত বসুদেৱে গােকুলৰ ৰজা নন্দৰ ঘৰত ৰাতিয়েই কৃষক থৈ আহিছিল। পাছলৈ দৈৱকীৰ এই অষ্টম পুত্ৰই কংসক বধ কৰি অত্যাচাৰৰ অন্ত পেলাইছিল আৰু বসুদেৱ-দৈৱকীক জে’লৰ পৰা উদ্ধাৰ কৰিছিল।

9. কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ। আলমত বৰ্ণনা কৰা।
উত্তৰঃ কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। যুগে যুগে বিভিন্ন অৱতাৰ বা ৰূপ ধাৰণ কৰি তেওঁ বিভিন্ন কাৰ্য সাধন কৰিছিল। পাঠৰ কবিতাটোত ইয়াৰ এক সুবৰ্ণনা পােৱা যায়। পাঠত বৰ্ণিত অনুসৰি চতুৰ্ভজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ হাতৰ পৰা। কষই ৰক্ষা কৰিছিল যি ৰূপ দেখি। ত্ৰিদশৰ লােক ঢলি পৰিছিল। আকৌ, মােহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সমুদ্ৰ মন্থনৰ সময়ত অমৃত পান কৰাইছিল। কপিল মুনিৰূপেকৰ্মমুনিৰ ঘৰত জন্ম হৈমাতৃ দেৱহূতিক তত্ত্ব জ্ঞান দিছিল।বামন অৱতাৰেৰে বলিক বিশ্বৰূপ দৰ্শন কৰাই পাতাললৈ পঠিয়াইছিল।

সেই ৰূপেৰেই তেওঁ ভৰিৰ নখেৰে গংগাক পৃথিৱীলৈ বােৱাই আনিছিল যি গংগাক বাটতে পাই মহাদেৱে জটাত ধাৰণ কৰিছিল। তেৱেঁই অনন্তশয্যাতনাৰায়ণ ৰূপে থাকি নিজৰনাভিৰ পৰা ব্ৰহ্মক ওপজাই বেদৰ জ্ঞান দিছিল। তেৱেঁই হৈছেচৰাচৰ জগতৰস্ৰজনকা, জগতৰ কাৰণে তেৱেঁই। এনেদৰে পাঠটোত কৃষ্ণৰ ৰূপ-মহিমা বৰ্ণনা কৰা হৈছে।

10. কবিতাটোত কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তৰঃ কবিতাটোত কাঠবাজী’বুলি যােদাক কৈছে। কাঠবাজী’মানে হৈছেসন্তান জন্ম দিব নােৱাৰা তিনােতা। যশােদাক এই অপবাদৰ পৰা কৃষ্ণই ৰক্ষা কৰিলে। কিয়নাে, সমস্ত জগতে কৃষ্ণক যশােদাৰ পুত্ৰ বুলি জানে যদিও প্ৰকৃততে তেওঁ দৈৱকীৰ গৰ্ভতহে উপজিছিল। দৰাচলতে যশােদা আছিল পৰম বিষ্ণু ভক্ত; সেয়ে বিষ্ণুই ভক্তৰ মনােবাঞ্ছা পূৰণ কৰি পুত্ৰৰূপে থাকি তেওঁৰ মানমৰ্যাদা ৰক্ষা কৰিছিল।

11. কাঠবাঁজী বুলি জগতে হায়
দেখিলে সুমৰে হৰি।
মই আসি তােৰ ঘৰে পুত্ৰ ভৈলা
সিটো দুখ দূৰ কৰি।। —তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত কবিতাফাকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ যশােদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দশাই আছে মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উদ্ধৃত কথাষাৰিৰ অৱতাৰণা কৰা হৈছে। যশােদাৰ নিজৰ সন্তান নাই অৰ্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশােদাৰ সন্তান বুলি জগতে জানিছিল তথাপি তেওঁ প্ৰকৃততে দৈৱকীৰ গৰ্ভতহেউপজিছিল। যদিহেকৃষ্ণ যশােদাৰ ঘৰত ডাঙৰ-দীঘল নহ’লহেঁতেন, তেন্তে যশােদাক সকলােৱে কাঠবাজী বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদ পৰা যশােদাক কুষইহেৰক্ষা কৰিছিল। দৰাচলতে যশােদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱানে ভক্তৰ দুখ সদায় দূৰ কৰে।

এনেহেন ভক্ত এগৰাকীয়ে মনােকষ্ট পােৱাটো ভগৱানে সহ্য কৰিব নােৱাৰে। সেয়ে যশােদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰৰ কামনা কৰা এইগৰাকী মাতৃৰ পুত্ৰৰূপে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশােদা হৈছে পৰম সৌভাগ্যৱতী নাৰী যাৰ মনােবাঞ্ছা পূৰণ হৈছিল কৃষ্ণক পাই। মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহপাতি মাকক এই কথাবােৰ সোঁৱৰাই দিছিল।

12. মােহিনী স্বৰূপে অমৃত পিয়ালাে
সাধিলাে দেৱৰ কাম
তােমাৰ ঘৰে আসি বৰ যশ পাইলাে।
লৈলাে দধিচোৰ নাম। —তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত কবিতাফাকিৰবক্তা হ’ল শ্ৰীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযােগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে। কিয়নাে কৃষ্ণৰ ভাব হৈছে মাক যশােদাই তেওঁক আদৰ-সন্মান নকৰে। কৃষ্ণ হৈছে ভগবান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলকৰক্ষা কৰি আহিছে।ভগৱানৰ তেনে একত্ৰাণকৰ্তাৰ ৰূপেই হৈছে মােহিনী ৰূপাকৃষই দেৱৰ্তক অমৃত খুৱাইঅমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে অমৃতৰ কলহ ওলাইছিল, অমৃত খােৱাৰ লগে লগে খাওঁতাজন হৈ পৰে অমৰ। অমৃতৰ কলহ লৈ দেৱতা আৰু অসুৰৰ মাজত টনা আজোৰা লগাত। দেৱতাসকলে বৰ ভয় খাইছিল।

READ MORE  অৰণ্যযাত্ৰা | Chapter 11 | Class 10 Assamese - SEBA

কিয়নাে, অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ’ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষক স্তুতি। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰি নিৰ্দিষ্ট ঠাইত উপস্থিত হৈছিল।সকলাে সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল;এই ছেঙ্গতে মােহিনীৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মােহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়ােফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি বাণি’নামৰ সুৰাভগাইদিছিল। অৰ্থাৎ দেৱতাসকলেহে কেৱল অমৃত। পান কৰিবলৈ পাইছিল।

এনেদৰেইকৃষ্ণই মােহিনীৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণকপিছেমাকে ‘দধিচোৰ’ বুলিহে ইতিকিং কৰে। যিজনে হাতত থকা অমৃত নিজে নাখাই দেৱতাক খুৱাইছিল, তেওঁ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এনে উদাহৰণেৰে মাকক কৃত্ৰিম খং দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছে।

13. মই নাৰায়ণৰ জগত কাৰণ
তুমি গােৱালৰ জীউ।
তথাপি তােহাক না দেখন্তে ডৰত
উৰি যায় মােৰ জীউ। —তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত কবিতাফাকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ মাক যশােদাই তেওঁক মৰম আদৰ নকৰে বুলি অভিযােগ কৰি নিজৰ গুণ-মাহাত্মৰ বৰ্ণনা কৰিছেমাকৰ সন্মুখত। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শাক পালনৰ অৰ্থে ভগৱানে কৃষ্ণঅৱতাৰেৰে যশােদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছেস্বয়ংনাৰায়ণ যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকৰ্তা তেৱেঁই আত্মাৰূপে সকলােকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশােদা হৈছে কৃষ্ণৰ মাতৃ।এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশােদাই দুষ্টালি কৰিলে শাস্তি দিয়ে।

পুৱা সােনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি কলীয়া বুলি মাতে। দধি চোৰ, মাটি খােৱা বুলি মাকে কৃষক মুঠতে জগতৰ সকলাে মাতৃয়ে কৰাৰ দৰে ডাঙৰ-দীঘল কৰিছে। মাক যশােদাৰ খং উঠা দেখি কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশােদা হৈছেপৰম বিষ্ণুভক্ত। ভকতিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্ৰকৃত মাতৃ হােৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশােদাকহে। যশােদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশােদা সেই সুখৰ পৰা বঞ্চিত হব, সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশােদাৰ মনােবাঞ্ছা পূৰণ কৰিছিল।যশােদাৰ ঘৰত তেওঁ মানৱী লীলা প্ৰদৰ্শন কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষই যশােদাক দেখি ভয় খােৱাৰ ভাও লৈছিল।।

14. কথাক কহন্তে ক্ৰন্দন আয়
যত অপমান পাওঁ।
ৰি যেবে তেও মই সি বাপুৰ পুত
তােক তেৰে কন্দুৱাও।
—ইয়াত কোনে কি অপমান পােৱাৰ কথা কোৱা হৈছে? তেওঁ কিদৰে কাক কন্দুৱাব খুজিছে লিখা।
উত্তৰঃ উক্ত কবিতাফাকিৰ দ্বাৰা কৃষ্ণই অপমান পােৱাৰ কথাকোৱাহৈছে। কৃষ্ণই মাকৰ ওচৰত অভিযােগ কৰিছে যে তেওঁক মাকে অলপাে মৰম নকৰে। অনবৰতে তেওঁ মাকৰভয়তে কঁপি থাকে। মাকে কৃষ্ণক এনেদৰে বান্ধি থয় যে কৃষ্ণৰ কঁকাল বিষত ছিগি যাব খােজে। দিনটো তেওঁ গৰু চৰাই ফুৰে অথচ মাকে পঁইতা ভাতহে খাবলৈ দিয়ে। কৃষ্ণ শ্যামল বৰ্ণৰ হােৱা বাবে মাকে ঠাট্টাৰ সুৰত কলীয়া বুলিহে মাতে। কলীয়া বুলি মতাই নহয়, দধি চোৰ আৰু মাটি খােৱাৰ অপবাদো মাকে কৃষক দিছে। পুত্ৰৰূপে থাকি কৃষ্ণই যশােদাক কাঠবাজী হােৱা অপমানৰ পৰা ৰক্ষা কৰিলে তথাপি যশােদাই কৃষ্ণক বিশ্বাস নকৰে।

বাঁহৰ বাঁহী বজাই কৃষ্ণৰ ওঁঠ ফাটি তেজ ওলাই যায়, তথাপি মাকে ছয় ৰতি সােণেৰেকৃষ্ণক সােণৰ বাঁহী গঢ়াইনিদিয়ে। গৰু চৰাবলৈ যাওঁতে মাকে এমুঠিমান ভাত দি পঠিয়ায় যিখিনিৰে কৃষ্ণৰ পেট নভৰে। এমুঠি খাই আনমুঠিলৈ ভাত নহয়েই; ফলত আধাপেটে থাকিবলগীয়া হয়। তদুপৰি, গৰু চৰাওঁতে কাইটে বিন্ধি কৃষ্ণক থকাসক্কা কৰে। দিনৰ দিনটো গৰুৰ লগত থাকোতে কেঁকোৰা চুলিত ধূলি লাগি টা বান্ধে তথাপি মাকে তেল লগাই নিদিয়ে। এই সমস্ত অপমান কৃষ্ণই যশােদাৰ ঘৰত থাকি সহ্য কৰিব লগীয়া হৈছে। কৃষ্ণই অপমান সহ্য কৰিব নােৱাৰি যশােদাক কৈছে যে তেৱাে মাকক কন্দুৱাব। তেওঁ আৰু গােকুলত নাথাকে, মাক দৈৱকীৰ ওচৰলৈ যাব। তেতিয়া কৃষ্ণলৈ মনত পেলাই যশােদাই কান্দি থাকিব লাগিব।

Leave a Comment

error: Content is protected !!
Scroll to Top