প্ৰাচীন ভাৰতীয় শিক্ষা | Chapter 16 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 16 Notes | SEBA Class 10 HSLC Assamese Chapter 16 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা | HSLC Assamese Questions and Answers Assam


প্ৰাচীন ভাৰতীয় শিক্ষা
(হেমচন্দ্র গোস্বামী)

Very Short Type Questions and Answers (Marks : 1)

1. তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা।
উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰৰ নাম হ’ল- বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য।

2. তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?
উত্তৰঃ তক্ষশীলালৈ পাৰস্য, বেকট্ৰিযা, মগধ আৰু চীন দেশ আদিৰ পৰা আহিছিল।

3. নাগাৰ্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?
উত্তৰঃ নাগাৰ্জুন শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

4. নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰাজন কোন?
উত্তৰঃ চীনা ছাত্ৰজন আছিল যুয়ানচাঙ আৰু নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা।

5. উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?
উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ সেই সম্পদটো হ’ল – এটা বহুমূলীয়া পুথিভঁৰাল। এই পুথিভঁৰালটো ১২০২ খ্ৰীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিলে।

6. কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল?
উত্তৰঃ মহাজাৰ বিক্ৰমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলাে পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল উজ্জয়িনী বিশ্ববিদ্যালয়।

Short Type Questions and Answers (Marks : 2)

1. বাক্য ৰচনা কৰা।
(ক) স্বাধীন চিন্তা
(খ) জ্যোতিষশাস্ত্ৰ
(গ) পােৰামাটি
(ঘ) বাহিৰে ভিতৰে
উত্তৰঃ (ক) স্বাধীন চিন্তাঃ স্বাধীন চিন্তা কৰিব পাৰিলেহে মন মুকলি হয়।

(খ) জ্যোতিষ শাস্ত্ৰঃ প্ৰাচীন ভাৰতৰ উজয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

(গ) পােৰামাটিঃ অৰ্কিলেজিকেল বিভাগে খনন কাৰ্য কৰাত ভাস্কৰ বৰ্মাই যু্যানচাঙলৈ দিয়া চিঠিৰ লগতে এটা পােৰামাটিৰ মােহৰ উদ্ধাৰ কৰিছিল।

(ঘ) বাহিৰে ভিতৰেঃ নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে – ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল।

2. সন্ধি ভাঙা। —শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ।
উত্তৰঃ

শিক্ষাগাৰ = শিক্ষা+আগাৰ।
বিদ্যাল্য = বিদ্যা + আল্য।
পুৰুষাৰ্থ = পুৰুষ + আৰ্থ।

3. শব্দাৰ্থ আৰু ভাষাচৰ্চা।
উত্তৰঃ মােক্ষঃ সংসাৰ বন্ধনৰ পৰা মুক্ত পােৱা অৱস্থা, নিৰ্বাণ, মুক্তি।

পুৰুষাৰ্থঃ ধৰ্ম, অৰ্থ, কাম, আৰু মােষ্ণ-পুৰুষৰ প্ৰয়ােজনীয় এই চাৰি বৰ্গ, চেষ্টা বা যত্ন।

পাণিনিঃ সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা। এওঁৰ সংস্কৃত ব্যাকৰণখন আঠটা অধ্যাযত সম্পূৰ্ণ বাবে নামাে হৈছে ‘অষ্টাধয়ী’। আদিৰ পৰা অন্তলৈকে ব্যাকৰণখন সূত্ৰৰে বন্ধা।

চাণক্যঃ মৌযবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। ৰাষ্ট্ৰ বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লােক। এওঁৰেই অন্য দুটি নাম হ’ল বিষ্ণুগুপ্ত আৰু কৌটিল্য। ‘অৰ্থশাস্ত্ৰ’ হ’ল এওঁৰ বিশ্ব বিখ্যাত গ্ৰন্থ।

READ MORE  দৃশ্যান্তৰ | Chapter 5 | Class 10 Assamese - SEBA

অৰ্থঃ ধন।

কামঃ কামনা, বাসনা।

বিধানঃ উপায়, ব্যৱস্থা, বীজ, কঠিয়া, সঁচ।

বৰ্গঃ শ্ৰেণী।

চৰমঃ শেষ, অন্তিম।

অত্ৰেয়ঃ এজন ঋষি বা মুনি। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ত ছাত্ৰক আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এওঁৰেই ছাত্ৰ আছিল।

নাগাৰ্জুনঃ শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ এওঁ আছিল প্ৰধান শিক্ষক।

শীলভদ্ৰঃ এজন উদাসীন পণ্ডিত আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ তেওঁ এটা সময়ত অক্ষ্যক্ষ আছিল।

ৰদধিঃ প্ৰাচীন ভাৰতবৰ্ষৰ সকলােতকৈ ডাঙৰ পুথিভঁৰালটোৰ নাম ৰস্লেদধি। এই পুথিভঁৰালটো আছিল নালন্দা বিশ্ববিদ্যালয়ত। পুথিভঁৰালটো – নতলীয়া আছিল।

যুয়ানচাঙঃ নালন্দা বিশ্ববিদ্যালয়ত ‘যােগশাস্ত্ৰ’ পঢ়িবলৈ অহা এগৰাকী চীনা ছাত্ৰ আৰু পৰিব্ৰাজক।

Long Type Questions and Answers (Marks : 4/5)

1. ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা।
উত্তৰঃ আৰ্য শিক্ষাৰ মূলমন্ত্ৰ মােক্ষ লাভ হলেও তাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ দ্বাৰাহে লাভ কৰাৰ বিধান আছে। প্ৰতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগত ভাগ কৰিছিল— ধৰ্ম, অৰ্থ, কাম, আৰু মােক্ষ। মােক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ বাবে বাকী তিনি বৰ্গৰ সাধনা বিধান কৰিছিল। ত্যাগ শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভােগকহে প্ৰকৃত ত্যাগ বুলিছিল।

এনেবােৰ শিক্ষাৰ কাৰণে প্ৰাচীন ভাৰতত ছ্যটা বিশ্ববিদ্যালয় আছিল। এই ছ্যটা হ’ল— তক্ষশীলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী।

তক্ষশীলা বিশ্ববিদ্যাল্য খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনাে চতুষ্পঠি আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ – বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াত অত্ৰে ঋযিযে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰ হ’ল বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ পাৰস্য, বেকত্ৰিযা, মগধ, চীন আদি দেশৰ পৰাও ছাত্ৰ আহিছিল। ই হিন্দু বিশ্ববিদ্যালয় শুচি বুদ্ধবিশ্ববিদ্যালয় হ’ল।

শ্ৰীধান্যটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ দুয়ােবিধ শিক্ষা দিয়া হৈছিল। নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক। খ্ৰীষ্টপূৰ্ব এক শতিকালৈ এই বিশ্ববিদ্যালয় আছিল।

2. প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ প্ৰাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল। এই ছয়খনৰ চমু পৰিচয় তলত দিয়া হ’ল—

(১) তক্ষশীলা বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনাে চতুম্পাঠী আছিল। তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ – বিদ্যা, চিত্ৰাংকন, মৃৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইযাতে অত্ৰেয় ঋষিযে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত অত্ৰ হ’ল – বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল। ই প্ৰথমে হিন্দু বিশ্ববিদ্যালয়। আছিল যদিও পিছলৈ ই বুদ্ধবিশ্ববিদ্যালয় হ’ল।

(২) শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ঃ অম্ৰাৱতীনগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়ােবিধ শিক্ষাকে দিয়া হৈছিল। নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক।

READ MORE  ঋজুভাৰতী | All Chapter | Class 10 Riju Bharati - SEBA

(৩) নালন্দা বিশ্ববিদ্যালয়ঃ খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল। ইয়াত একেলগে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্ৰেণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ই্যাতেই আছিল। নতলী এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নাদধি’। চীন পৰিব্ৰাজক য্যানচ্যাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজ ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। যুনচ্যাঙে এই বিশ্ববিদ্যালয়ত যােগশাস্ত্ৰ পঢ়িছিল। এই বিশ্ববিদ্যালয়ত ছাত্ৰক কোনাে খৰচ নােলােৱাকৈ শিক্ষাদান কৰা হৈছিল।

(৪) উদাস্তপুৰ বিশ্ববিদ্যালয়ঃ পাল ৰজাসকলৰ আগৰ পৰাই এই বিশ্ববিদ্যালয় আছিল। যদিও খ্ৰীষ্টীয় ৮ ম শতিকাতহে ই খ্যাতি লাভ কৰে। ইয়াত থকা বহুমূলীয়া পুথিভঁৰালটো ১২০২ খ্ৰীষ্টাব্দত মুছলমানবিলাকে নষ্ট কৰিলে।

(৫) দেৱবিহাৰ বা বিক্ৰমশীলা বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয়ৰ তলত ছ্যটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত কোনাে খৰচ নােহােৱাকৈ ছাত্ৰক শিক্ষাদান কৰা হৈছিল আৰু খাবলৈ, থাকিবলৈ দিয়া হৈছিল। ছাত্ৰ থাকিবৰ বাবে ইৰ গাতে লগাকৈ চাৰিখন সত্ৰ বা ছাত্ৰাবাস আছিল। ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয়। নষ্ট হয়।

(৬) উজ্জয়িনী বিশ্ববিদ্যালয়ঃ উজয়িনীত অৱস্থিত এই বিশ্ববিদ্যালয় ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰত্বৰ্যৰ সকলাে পণ্ডিত মিলন ক্ষেত্ৰ আছিল। ইয়াত ঘাইকৈ জ্যোতিশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ দিনতাে ই প্ৰখ্যাত হৈ পৰিছিল। ১১ টা বিভাগত আৰ্যশিক্ষাত ৬৪ কলাবিদ্যাৰ শিক্ষা ইাত দিয়া হৈছিল। এই ১১ টা বিভাগ হ’ল—
(১) সাহিত্য
(২) গৃহপাল বিদ্যা
(৩) ৰন্ধন বিদ্যা
(৪) সাজ – সজা আৰু পৰিচ্ছদ বিদ্যা
(৫) হাতেৰে কাম কৰা বিদ্যা
(৬) শিল্পবিদ্যা
(৭) বিজ্ঞান
(৮) নাট্য বিদ্যা
(৯) সংগীত বিদ্যা
(১০) শিষ্টাচাৰ বিদ্যা আৰু
(১১) শাৰীৰিক ব্যায়াম বিদ্যা।

3. আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আৰ্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
উত্তৰঃ আৰ্যশিক্ষাৰ কলাবিদ্যা আছিল ৬৪ টা। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ – সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, নাট্য বিদ্যা, সংগীত বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা – এই এঘাৰটা বিভাগত এই ৬৪ টা কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল।

4. আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলােচনা কৰা।
উত্তৰঃ প্ৰাচীন কালত ভাৰতত শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধি লাভ কৰি নতুন নতুন তত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পাৰিছিল। এই কাম সেই সময়ত প্ৰায়বােৰ ছাত্ৰই কৰিব পাৰিছিল। কিন্তু আজিকালিৰ সকলাে ছাত্ৰই সেইবােৰ ছাত্ৰৰ দৰে শিক্ষা লাভ কৰি তেনেদৰে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পৰা নাই। অৱশ্যে তাৰে মাজতে নিচেই নগণ্য সংখ্যক ছাত্ৰকেইজনে প্ৰতিভা দেখুৱাব পাৰিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহ সজ বৃত্তিবােৰক ফুলাই তুলি অসৎ। বৃত্তিবােৰক দমাই বা দলিয়াই পেলাই তেওঁক প্ৰকৃত মানুহ হিচাপে গঢ়ি তােলা আৰু তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।

READ MORE  পাৰস্যত এভুমুকি | Chapter 12 | Class 10 Assamese - SEBA

5. তক্ষশীলা বিশ্ববিদ্যালয়। —চমুটোকা লিখা।
উত্তৰঃ (ক) তক্ষশীলা বিশ্ববিদ্যালয়ঃ বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনাে চতুষ্পদী আছিল। তাত ওঠৰ বিধ বিষয়ৰ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ত অত্ৰে ঋযিযে আয়ুৰ্বেদ শিক্ষা দিছিল। ইয়াত অধ্যয়ন কৰা প্ৰখ্যাত ছাত্ৰ কেইজনমান হ’ল – বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰা পঢ়িবলৈ ছাত্ৰ আহিছিল। ই প্ৰথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বুদ্ধবিশ্ববিদ্যালয় হল।

6. বিক্ৰমশীলা বিশ্ববিদ্যালয়। —চমুটোকা লিখা।
উত্তৰঃ (খ) বিক্ৰমশীলা বিশ্ববিদ্যালয়ঃ বিক্ৰমশীলা বা দেববিহাৰ বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত কোনাে খৰচ নােলােৱাকৈ ছাত্ৰক পঢ়িবলৈ, খাবলৈ আৰু থাকিবলৈ দিয়া হৈছিল। ছাত্ৰ থাকিবৰ বাবে বিশ্ববিদ্যালয়ৰ গাতে লগা চাৰিথন সত্ৰ বা ছাত্ৰাবাস আছিল। ৪০০ বছৰৰ পাছত বিশ্ববিদ্যালযথন নষ্ট হৈ গৈছিল।

7. নালন্দা বিশ্ববিদ্যালয়। —চমুটোকা লিখা।
উত্তৰঃ (গ) নালন্দা বিশ্ববিদ্যালয়ঃ খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা খ্ৰীষ্টাব্দ ৮ ম শতিকালৈ এই বিশ্ববিদ্যালযখনি বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল। ছাত্ৰৰ পৰা কোনাে খৰচ নােলােৱাকৈ পাঠদান কৰা হৈছিল। একেলগে দুহহাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্ৰেণীত একে সময়তে পাঠদান হৈছিল। ভাৰতৰ আটাইতকৈ বৃহৎ পুথিভঁৰালটো ই্যতেই আছিল। নতলী এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰাদধি’। চীন পৰিব্ৰাজক যু্যানচাঙে ই্যাত যােগশাস্ত্ৰ পঢ়ি থকাৰ সময়ত কামৰূপৰ পৰা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ, আমন্ত্ৰণ জনাইছিল।

8. ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা’ চমুকৈ লিখা।
উত্তৰঃ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটো পঢ়ি এই কেইটা মূল্যৱান কথা শিকিলাে—
(ক) আন আন উন্নত আৰু সজ দেশত শিক্ষাৰ যি সুবিধা আছিল সেই সুবিধা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বােৰতত আছিল।

(খ) আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন ভাৰতীয় শিক্ষাৰ যথেষ্ট পাৰ্থক্য আছিল। উদ্দেশ্যও বেলেগ বেলেগ আছিল। আজিৰ শিক্ষাৰ উদ্দেশ্য ছাত্ৰক মানুহ হিচাপে গঢ়ি তােলাতকৈ চাকৰিৰ উপযুক্ত কৰি গঢ়ি তােলাহে; কিন্তু প্ৰাচীন শিক্ষাৰ উদ্দেশ্য চাকৰিমুখী নাছিল; উদ্দেশ্য আছিল মানুহৰ সজবৃত্তিবােৰক ফুলাই তুলি অসৎ বৃত্তিবােৰক দমাই বা দলিয়াই পেলাই ছাত্ৰক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।

(গ) আগৰ ছাত্ৰৰ দৰে আজিকালিৰ বেছিভাগ ছাত্ৰ – ছাত্ৰীযে নতুন নতুন তত্ব আৰু সত্য আবিষ্কাৰত ব্ৰতী নহয়। নতুন নতুন তত্ব আৰু সত্য সন্ধানী হ’লেহে ছাত্ৰ – জীৱন সাৰ্থক হয়, – এই কথাও শিকিলোঁ।

Leave a Comment

error: Content is protected !!
Scroll to Top