অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | Chapter 8 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 8 Notes | SEBA Class 10 HSLC Assamese Chapter 8 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 8 অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | HSLC Assamese Questions and Answers Assam


অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
(আব্দুছ ছাত্তাৰ)

Very Short Type Questions and Answers (Marks : 1)

1. এয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো?
উত্তৰঃ ত্ৰয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠীটো হৈছেমংগােলীয় গােষ্ঠী।

2. প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?
উত্তৰঃপ্ৰাচীন কালৰে পৰা অসম দেশ যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

3. কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?
উত্তৰঃ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটীয়া কৰিলে।

4. সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল?
উত্তৰঃ সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

5. অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক?
উত্তৰঃ অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক হৈছে আহােমসকল।

6. অতীতত অসমৰ আন এটা নাম কি আছিল?
উত্তৰঃ অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ।

7. ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল।

8. পূৰ্ব পাকিস্তান বৰ্তমান কি নামেৰে জনাজাত?
উত্তৰঃ পূৰ্ব পাকিস্তান বৰ্তমান বাংলাদেশ নামেৰে জনাজাত।

9. পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতি ধৰ্মই কেনে স্থান লাভ কৰিছিল?
উত্তৰঃ পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধৰ্মই বিশেষ স্থান লাভ কৰিছিল।

10. অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি?
উত্তৰঃ অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হৈছেহিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম।

11. অসমলৈ অহা প্ৰথম বহিৰাগত কোন?
উত্তৰঃ অসমলৈ অহা প্ৰথম বহিৰাগত হৈছে মংগােলীয়সকল।

12. মুছলমানসকল অসমলৈ কেতিয়া আহে?
উত্তৰঃ মুছলমানসকল কুৰি শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল।

13. মংগােলীয় গােষ্ঠীৰ লােকসকল ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰঃ মংগােলীয় গােষ্ঠীৰ লােকসকল হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

14. বৰ্তমান আৰুণাচলৰ কোনকেইটা জনগােষ্ঠী প্ৰাচীন অসমৰ অন্তৰ্ভুক্ত আছিল?
উত্তৰঃ বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীসমূহপ্ৰাচীন অসমৰ অন্তৰ্ভুক্ত আছিল।

15. ব্ৰিটিছে অসম এৰি যােৱাৰ পাছত তেওঁলােকে অনা কি কি বস্তু অসমত ৰৈ গল বুলি পাঠত উল্লেখ আছে?
উত্তৰঃ ব্ৰিটিছে অসম এৰি যােৱাৰ পাছত তেওঁলােকে অনা বা প্ৰতিষ্ঠা কৰা চাহ উদ্যোগ, ৰেলগাড়ী, প্লেন অসমত ৰৈ গ’ল বুলি পাঠত উল্লেখ আছে।

16. মঙ্গোলীয় জাতিৰ মানুহবােৰে কেতিয়া ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰঃ মঙ্গোলীয় জাতিৰ মানুহবােৰ ত্ৰয়ােদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

17.ডাকৰ বচন বুলিলে কি বুজা?
উত্তৰঃ অসমৰ কিংবদন্তী পুৰুষ ডাকৰ মুখৰ পৰা ওলােৱা কেতবােৰ বাণীয়েই হৈছে ডাকৰ বচন। এইবােৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা আৰু সৰহভাগেই খেতি-বাতি বিষয়ক।

18. কোনে প্ৰথমতে অসমত মৰাপাট খেতিৰ বহুল প্ৰচাৰ কৰিছিল?
উত্তৰঃ মৈমনসিংহ আদি পূৰ্ববংগৰ ঠাইৰ পৰা অহা মুছলমান লােকসকলে অসমত মৰাপাট খেতিৰ বহুল প্ৰচাৰ কৰিছিল।

19. কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উত্তৰঃ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

Short Type Questions and Answers (Marks : 2/3)

1. সন্ধি ভাঙা। — সংস্কৃতি, জলাঞ্জলি, ভৌগােলিক।
উত্তৰঃ

সংস্কৃতি = স + কৃতি
জলাঞ্জলি = জল + অঞ্জলি
ভৌগােলিক = ভূগােল + ইক

2. প্ৰ’ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উত্তৰঃ প্ৰবল, প্ৰহাৰ, প্ৰকাৰ।

3. বাক্য ৰচনা কৰা। — ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰবাণিজ্য,সহজসৰল, দিয়া-লােৱা, এৰাধৰা।
উত্তৰঃ
ভাষা-সংস্কৃতিঃ অসমৰ প্ৰতিটো জাতি-জনগােষ্ঠীৰে একোটা স্বকীয় ভাষা-সংস্কৃতি আছে।

পূজা-পাৰ্বণঃ পূজা-পাৰ্বণত মুখ্য ভূমিকা পালন কৰা ব্ৰাহ্মণসকলক হিন্দু সমাজত উচ্চ স্থান দিয়া হয়।

বেপাৰ-বাণিজ্যঃ বেপাৰবাণিজ্যক কেন্দ্ৰ কৰিয়ে নগৰীয়া বসতি গঢ়ি উঠে।

সহজ-সৰলঃ সহজ-সৰল লােকে আনৰ সুখত আনন্দ অনুভৱ কৰে।

দিয়া-লােৱাঃ দিয়া-লােৱা বা এৰা-ধৰাৰ মাধ্যমেৰে অসমীয়া বিবাহ কাৰ্য সম্পন্ন হয়।

এৰা ধৰাঃ অসমত বাস কৰা সকলাে জনগােষ্ঠীৰ এৰা-খৰাৰ মাজেৰে বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছিল।

4. অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰঃ অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে প্ৰধানকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী মিচিং, বড়, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিবােৰক বুজায়।

5. চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলােকে কৰক’ৰপৰা অসমলৈ আহিছিল?
উত্তৰঃ চাহ-উদ্যোগৰ কৰ্মীসকল হৈছেচাওঁতাল, কুৰ্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ও, তাঁতী, লােহাৰ আদি। তেওঁলােকে বিহাৰ,উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

6. পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে – পৰাথা, পােলাও, কোৰ্মাকোপ্তা, কেক বিস্কুট, ৰুটি, ৰসগােল্লা, লালমােহন, চিঙ্গা, লুচি-পুৰী,ড’চা, চাম্বাৰ,ইলি।

READ MORE  প্ৰাচীন ভাৰতীয় শিক্ষা | Chapter 16 | Class 10 Assamese - SEBA

7. অসমৰ পুৰণি সাহিত্যৰ সমলৰাৰ কি কি?
উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি।

8. মঙ্গোলীয় গােষ্ঠীৰ লােকসকল অসমলৈ অহাৰ আগেয়ে অসমত কি কি গােষ্ঠীৰ লােকে বাস কৰিছিল?
উত্তৰঃ মংগােলীয় গােষ্ঠীৰ লােকসকল অসমলৈ অহাৰ আগেয়ে অসমত জন-জাতীয় গােষ্ঠীৰ লােকে বাস কৰিছিল। জনজাতীয় গােষ্ঠীবুলি কওঁতে ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়াে, তিৱা, কাবি আদি গােষ্ঠীৰ লােকে অসমত বাস কৰিছিল। তদুপৰি বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীও মংগােলীয় গােষ্ঠীৰ লােকসকল অহাৰ আগেয়ে অসমত বাসকৰিছিল। এইসকলৰ লগতে তাহানি গাৰাে, মিজো, খাছী, জয়ন্তীয়া আদি গােষ্ঠীৰ লােকো বাস কৰিছিল।

9. কোনবিলাক মানুহকন-অসমীয়া মুছলমান বুলি কোৱা হৈছে? তেওঁলােকে কোন ঠাইৰপৰা অসমলৈ আহিছিল?
উত্তৰঃ কুৰি শতিকাৰ চতুৰ্থদশকত মৈমনসিংহ আদি পূৰ্ববংগৰ ঠাইৰ পৰা ইছলামধৰ্মী লােক অসমলৈ আহে। কৃষি কৰ্মত পাৰ্গত এইসকল লােকে অসমৰ বিভিন্ন ঠাইত মাটি ভাঙি বকৰাণিত খেতি কৰি কৃষিৰ বিবিধ প্ৰণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে। বিশেষকৈ অসমত মৰাপাটৰ খেতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ প্ৰথমে এওঁলােকেই কৰিলে। অসমীয়া ভাষাকে নিজৰ বুলি লৈ অসমীয়া মাধ্যমৰ স্কুল পাতি অসমৰ থলুৱা প্ৰজাৰ লগত মিলিবলৈ চেষ্টা কৰা এইসকল ইছলামধৰ্মী লােককে কালক্ৰমত ন-অসমীয়া মুছলমান বুলি ক’বলৈ লােৱা হৈছে।

10. কি কি কাৰণত আহােম, মুছলমান আৰু ভাৰতৰ অন্যান্য ঠাইৰ মানুহ আহি অসমত নিগাজীকৈ বহিছিল?
উত্তৰঃ বিভিন্ন সময়ত ভিন ভিন কাৰণ লৈ আহােম, মুছলমান আৰু ভাৰতৰ অন্যান্য ঠাইৰ মানুহ অসমলৈ আহি নিগাজীকৈ বহিছিল। ইয়াৰে কোনােৱে দেশ জয় কৰিবলৈ আহিও অসমৰ বাসিন্দা হ’লহি: আকৌ, কোনােবা যুঁজত হাৰিবন্দী হিচাপেও ইয়াত স্থায়ীভাৱে ৰৈ গ’ল। বেপাৰ বাণিজ্য কৰাৰ মনেৰে অহা লােকো অসমত থাকি গ’ল। পূজা-পাৰ্বন, তীৰ্থসংক্ৰান্তত কিছু লােক অসমলৈ আহে আৰু তেওঁলােকেও অসমত নিগাজীকৈ বহিলাৰজাঘৰীয়া পৃষ্ঠপােষকতাই বহু লােকক অসমত স্থাপন কৰিলে। এনেদৰে ভিন ভিন ভাষা-ধৰ্মৰ লােক অসমলৈ আহি কালক্ৰমত সম্পূৰ্ণ অসমীয়া হৈ পৰিল।

11. অসমৰ সংস্কৃতি বাৰেবৰণীয়া হােৱাৰ কাৰণ কি?
উত্তৰঃ অসম হৈছে বিবিধ ভাষা-ধৰ্মৰ লােকৰ মিলনভূমি। চামে চামে এই ভূমিলৈ বিভিন্ন লােক আহিছে তেওঁলােকৰ নিজস্ব সংস্কৃতি লগত লৈ। এই সংস্কৃতিসম্পন্ন জাতিবােৰে একে ভৌগােলিক পৰিৱেশৰ মাজত থাকি পৰস্পৰৰ ভাল লগা ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, সাজসজ্জা,ৰন্ধন প্ৰকৰণ আদিকথাবােৰ গ্ৰহণ কৰে। এনেদৰে এটা সময়ত কোনটো কাৰ পৰা আহিছে ধৰিব পৰাটো কঠিন হৈ পৰে। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিটোৱেই হৈছে অসমীয়া সংস্কৃতি। সকলােৰে নিজস্ব বৈশিষ্ট্যপূৰ্ণ সংস্কৃতিবােৰ একাকাৰ হৈ গঠন হােৱা বাবেই অসমৰ সংস্কৃতি বাৰেবৰণীয়া হৈ পৰিছে।

Long Type Questions and Answers (Marks : 4/5)

1. অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে —কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।
উত্তৰঃ সমগ্ৰ অসম ৰাজ্য মূলতঃ বিভিন্ন জনগােষ্ঠীৰ সমষ্টি। ভিন ভিন জনগােষ্ঠীয়ে স্বকীয় বৰ্ণাঢ্য সংস্কৃতিৰে অসমৰ স্বকীয়তা গঢ়ি তুলিছে। সৰকাৰ প্ৰাচীন কালৰেপৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গােষ্ঠী অৰ্থাৎ অনাৰ্য জাতিৰ লােক। কছাৰী, চুটিয়া, মেচ, কোচ, ডিমাচা, দেউৰী, মিচিং, বড়াে, তিৱা, কাবি আদি প্ৰধান জনগােষ্ঠীসমূহকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিছিমি আদি জাতি-জনগােষ্ঠীসমূহেও অসম ভূমিত বাস কৰিছিল। এইসকলােবােৰ জাতি-জনগােষ্ঠী নিজৰ স্বকীয় ভাষা-সংস্কৃতিৰ এৰাধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠন কৰি বিশাল বৰেণ্য অসমীয়া সংস্কৃতি গঢ়ি তুলিছে।

ত্ৰয়ােদশ শতিকাত এইবােৰ জনগােষ্ঠীৰ লগতে অসমলৈ নতুন গােষ্ঠীৰ আগমন ঘটিল— সেয়া হৈছে ঘাইকৈচীন আৰু দুকং উপত্যকাৰ পৰা অহা মংগােলীয়সকল। মংগােলীয় গােষ্ঠীৰ ভিতৰত আহােমসকলে অসমৰ সংস্কৃতিলৈ আগবঢ়োৱা অৱদানে অসমকতজবজীয়া কৰি তুলিলে। সেইসময়তে অসমলৈ আহিছিল মুছলমানসকলাে। ঊনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰাত অসমলৈ আহিল চাওঁতাল, কুৰ্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ও,তাঁতী, লােহাৰ আদি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত জাতিসমহ। বেপাৰবাণিজ্যৰ সত্ৰ ধৰি অসমৰ বাসিন্দা হ’ল পাঞ্জাৱী, শিখ, মাৰােৱাৰী, বিহাৰী, ৰাজস্থানী লােকসকল।

এনেদৰে বিভিন্ন সময়ত বিভিন্ন কথা কাণ্ডৰ গইনা লৈ অসমত বিভিন্ন জাতি জনগােষ্ঠীয়ে নিজস্ব সংস্কৃতি সহিতেবাস কৰিবলৈ ল’লে আৰুআজি এইবােৰ অসমৰ এৰাব নােৱাৰা অংগ হৈ পৰিল।ইয়াৰ কোনােটোকে বাদ দি অসমীয়া সংস্কৃতি সম্পূৰ্ণ নহয়। বৈচিত্ৰ্যপূৰ্ণ ভাৰতৰ আটাইতকৈ বিচিত্ৰ প্ৰান্তৰ হৈছে অসম আৰু ই সম্ভৱ হৈছে অসমৰ জনগােষ্ঠীৰ বিচিত্ৰ গাঁথনিৰ বাবে।

2. বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও | থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল’ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে। আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বিচাৰ কৰা।
উত্তৰঃ ইয়াত ঔদ্যোগিক আৱেষ্টনী মানে ব্ৰিটিছসকলে অসমত প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা ক’বলৈ বিচৰা হৈছে। চাহ উদ্যোগৰ লগত জড়িত লােকসকলে তানুকূল পৰিৱেশ পৰিস্থিতিৰ অভাৱত থলুৱা সংস্কৃতিৰ পৰা আঁতৰিব লগা হােৱা বুলি লেখকে কৈছে। ঊনবিংশ শতিকাত বটিছৰ আগমনে অসমত এক নতন উদ্যোগৰ সচনা কৰিলে, সেয়া হৈছে চাহ উদ্যোগ। এই উদ্যোগত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা কিছুসংখ্যক লােক আহিল অসমলৈ। অসমৰ চাহ উদ্যোগৰ। এৰাব নােৱাৰা অংশ হৈ পৰিল চাওঁতাল, কুৰ্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ওৰা, তাঁতী, লােহাৰ আদি জাতিৰ লােকসকল।

READ MORE  কানাইৰ চাতুৰী | Chapter 13 | Class 10 Assamese - SEBA

এওঁলােকে আহোঁতে অসমলৈ লৈ আহিল নিজস্ব সংস্কৃতি। অসমৰ থলুৱা আচাৰ-নীতি, মাত-কথা, সাজ-পাৰ এওঁলােকে – গ্ৰহণ কৰিলে আৰু তাৰ মাজতে মিলাই পেলালে নিজৰ কৃষ্টি-সংস্কৃতিও। যিহেতু এওঁলােক ঔদ্যোগিক কামতহে অসমলৈ আহিছিল, সেয়ে চাহ উদ্যোগৰ জৰিয়তে অসমলৈ অৰ্থনৈতিক বৰঙণি যােগাব পাৰিলে যদিও সাংস্কৃতিকভাৱে সিমান মিলিব নােৱাৰিলে। কিয়নাে, এওঁলােক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰা আছিল আৰু চাহৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হােৱাত সাংস্কৃতিক পৰিৱেশৰ পৰাও দূৰত থাকিব। লগা হৈছিল। তদুপৰি মূল জনসোঁতৰ পৰা দূৰৰ চাহ বাগানবােৰত এওঁলােক থাকিবলগীয়া হােৱাত থলুৱা সংস্কৃতি চৰ্চা যথেষ্ট কম হৈছিল। মুঠতে চহকেন্দ্ৰিক ঔদ্যোগিক আৱেষ্টনীয়ে চাহবনুৱাসকলক অসমৰ থলুৱা সাংস্কৃতিক পৰিৱেশৰ পৰা বহুখিনি নিলগাই ৰখাৰ কথা প্ৰশ্নোদ্ধৃত কথাফাকিত স্পষ্টভাৱে ওলাই পৰিছে।

3. “এটা সংমিশ্ৰিত-সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনাে যুক্তি তৰ্কৰ নং অৱকাশ নাই।” ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি | কৈছে। “নুই কৰাৰ কোনাে যুক্তিতৰ্কৰ অৱকাশ নাই।” ৰােলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।
উত্তৰঃ ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতিবুলি কৈছে। লেখকে অসমীয়া জাতিটোক এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি বুলি কোৱাৰ কাৰণ হৈছে অসমীয়া জাতিটো কেৱল মাত্ৰ এটা জনগােষ্ঠী আৰু তেওঁলােকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠানাই। প্ৰাচীন কালৰ পৰাই অসম হ’ল ভিন ভিন জাতি জনগােষ্ঠীৰ বাসস্থান বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগােষ্ঠীৰ ললাকেও অসমলৈ আহি অসমৰ থলুৱা লােকসকলে সকলােকে নিৰ্বিবাদে গ্ৰহণ কৰিছিল।

প্ৰথম অৱস্থাত সকলােৱে নিজ নিজ ভাষা-সংস্কৃতি ৰক্ষা কৰিছিল যদিও উমৈহতীয়া কি স্বাৰ্থত বহিৰাগতসকলে নিজৰ ভাষা-সংস্কৃতিৰ লগতে অসমীয়া ভাষা-সংস্কৃতিকো আঁকোৱালি লৈছিল। এনেদৰে একেটা ভৌগােলিক পৰিবেষ্টনীত ওচৰাউচৰিকৈ থকাত এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ভাষা-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হ’বলৈ আমি ধৰিছিল। ইয়াৰ ফলস্বৰূপে কালক্ৰমত জাতি-জনগােষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ আদানপ্ৰদানৰ দ্বাৰা এটা বৃহৎ সংমিশ্ৰিত সংস্কৃতিসম্পন্ন অসমীয়া জাতিৰ গঠন হৈছিল। এইক্ষেত্ৰত কোনাে জাতি-জনগােষ্ঠীৰ অৱদানকে অৱমাননা কবি পৰা বিধৰ নহয়। বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটোক সংমিশ্ৰিত ক) সংস্কৃতিসম্পন্ন জাতি বুলি কোৱা কথাষাৰ তেনেই সত্য।

4. “লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।”- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উত্তৰঃঅসমলৈ ভিন ভিন সময়ত বিভিন্ন জাতি আহি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছিল আৰু এই প্ৰক্ৰিয়াৰ লগে লগেই ৰূপান্তৰ ঘটিছিল সংস্কৃতিৰাে।প্ৰাচীন কালত অসম অনাৰ্য জাতিৰ বাসস্থান আছিল। ত্ৰয়ােদশ শতিকাত মংগােলীয় গােষ্ঠীৰ লােকসকল বিশেষকৈ আহােমসকল, মুছলমানসকল আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কেইবাটাও জাতিৰ লােক অসমলৈ আহে আৰু অসমতে নিগাজীকে থাকিবলৈ লয়। এওঁলােকৰ ভিতৰত কোনােবাই দেশ জয় কৰিবলৈ অসমলৈ আহিল, আকৌ যুদ্ধবন্দী হিচাপেনভবাকৈয়ে কোনােবা অসমত থাকি গ’ল। তদুপৰি বেপাৰ বাণিজ্য, পূজা-পাৰ্বন আৰু তীৰ্থ সংক্ৰান্তত কেইবাটাও জাতিৰ অসমলৈ আগমন ঘটিল।

ৰজাঘৰীয়া পৃষ্ঠপােষকতা লাভ কৰি অহা জাতিও অসমৰ মাটিত ৰৈ গ’ল। এওঁলােক প্ৰত্যেকেই নিজস্ব সুন্দৰ সংস্কৃতি অসমৰ বহল বুকুত উলিয়াই থ’লে আৰু অসমৰ প্ৰাচীন বাসিন্দাসকলে সেয়া গ্ৰহণণা কৰিলে। লাহে লাহে বহিৰাগত লােকসকলে তেওঁলােকৰ পূৰ্বৰ সংস্কৃতি পাহৰি অসমৰ সংস্কৃতি সমৃদ্ধ কৰাত মনােনিৱেশ কৰিলে। ইয়াত পূৰ্বৰে পৰা চলি অহা ভাষা-সংস্কৃতিক তেওঁলােকে নিজৰ কৰি ললে, তেওঁলােক মনে-প্ৰাণে অসমীয়া হ’ল। এই প্ৰক্ৰিয়াৰ লগে লগেইৰূপান্তৰ ই স্বাভাৱিকভাৱেইঘটিল পূৰ্বৰে পৰা চলি অহা অসমীয়া সংস্কৃতিৰ | প্ৰত্যেক সম্প্ৰদায়ৰ ভাল লগা কথাবােৰ পৰস্পৰে গ্ৰহণ কৰিলে।নতুনত্ব চৌদিশে উপচি পৰিল। মুকলি মনেৰে আধুনিকতাই প্ৰৱেশ কৰিলে অসমীয়া সংস্কৃতিৰ মাজত এইপাৰৰ প্ৰক্ৰিয়া আছিল স্বতঃস্ফুৰ্ত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এনেদৰেই স্বতঃস্ফুৰ্ত প্ৰক্ৰিয়াৰে আজিৰ বণাৰ্ট আৰু বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। চাতীতকালে

5. দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। — তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ ভিন ভিন জনগােষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেঁতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে প্ৰশ্নোদ্ধৃত কথাফাকিত ফুটি উঠা ভাব এয়াই! প্ৰাচীন কালৰে পৰাই অসম বিভিন্ন জাতিজনগােষ্ঠীৰ ভূখণ্ডৰূপে পৰিচিত। ইয়াত থলুৱা অনাৰ্য লােকসকলৰ লগতে বহিৰাগত ভিন ভিন জাতিৰ লােকো। বিভিন্ন সময়ত আহিবসবাস কৰিবলৈ লয়। এই অসম প্ৰদেশৰ মুখ্য ভাষা হৈছে অসমীয়া। এওঁলােকে নিজ দোৱান বা উপভাষাতে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষা বুজে আৰু কয়। অসমীয়া ভাষাক তেওঁলােকে উমৈহতীয়া ভাষাৰূপে গ্ৰহ কৰিছিল।

সেয়ে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে ধৰি সমগ্ৰ অঞ্চলৰ সামূহিক ভাষাৰূপে অসমীয়া ভাষাই ভৌগােলিক সামাজিক বিভিন্নতাৰ মাজত সেঁতু গাথনি মজবত আছিল যে অসমত আহহামে আহােম ভাষাৰে, ব্ৰাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী ফাছীৰে কথা নাপাতে; প্ৰত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। তেওঁলােকৰ আপােন হৈপৰিছিল অসমীয়া, মাতৃভাষা অসমীয়া। ভিন ভিন সংস্কৃতিসম্পন্ন হলেও এক ভাষিক চেতনাই সকলােকে এক কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

6. এই গােটেইবােৰ হ’ল স্বতঃপ্ৰণােদিতভাৱে হােৱা প্ৰক্ৰিয়া। — তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ ভিন ভিন জাতি-জনগােষ্ঠীৰ কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। এই কাৰ্য বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে সংঘটিত হৈছে। লেখকে ক’ব বিচাৰিছে যে এই প্ৰক্ৰিয়াবােৰ অতি স্বাভাৱিক। আমাৰ অজানিতে আমি ভিন্নতা পৰিহাৰ কৰি এক হৈছে। বিভিন্ন সময়ত আমি মাত কথা, আচাৰ ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত কেৱল নিজৰটোকে ধৰিনাৰাখি অইনৰটোও গ্ৰহণকৰিহেঁ,অইনেও আমাৰটো চল আঁকোৱালি লৈছে, বিভিন্ন ভাৰতীয় তথা বিদেশী খাদ্যই আমাৰ ৰান্ধনিশালত ঠাই উলিয়াই লৈছে। এই ক্ষেত্ৰত আগৰ নিচিনা জাত কুলৰ বিচাৰ নাইকিয়া হােৱা বুলি ক’ব পাৰি।

READ MORE  বিষাদ যােগ | Chapter 15 | Class 10 Assamese - SEBA

বিয়া, দাহসল্কাৰ আদি প্ৰথাত ভিন ভিন জাতিৰ লােকে একেলগে ভাগ ল’ব পৰা হৈছে, একেদৰে পৰস্পৰে পৰপ্ৰৰ উৎসৱ-অনুষ্ঠানতাে যােগ দিয়ে। জাতি-ধৰ্মৰ প্ৰাচীৰ আমি ভাঙিব পাৰিছোঁ। নিজ কৃতিবাকৰ্মৰকৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছে। এই সংস্কৃতি মিলনৰ সংস্কৃতি, এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতিৰক্ষাৰবাট। স্তৰে স্তৰে আপােনা-আপুনি হােৱা এই কৰ্ষণৰ প্ৰক্ৰিয়া নিঃসন্দেহে স্বাভাৱিক; কিয়নাে। সময়ৰ লগত খােজমিলাইপৰিৱৰ্তনেসংস্কৃতিলৈ নতুনত্ব আবিই। আমিইস্বাভাৱিক প্ৰক্ৰিয়াক ইতিবাচক পদক্ষেপেৰে আগুৱাই নিব লাগে। লেখকে এই ভাবেই ব্যক্ত কৰিছে।

7. এইয়া আছিল দিয়া-লােৱা আৰু এৰাধৰাৰ ব্যৱস্থা। — তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ সংস্কৃতি পৰিৱৰ্তনশীল।অসমতাে বিভিন্ন জাতি-ধৰ্মৰ মানুহ বাসৰাৰ ফলত সময়ৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। প্ৰশ্নোদ্ধৃত কথাফাকিৰে লেখকে এনে পৰিৱৰ্তনৰ কথাকে কৈছে। অসমত পূৰ্বতে অনাৰ্য জাতিৰ লােকসকলে বাসকৰিছিল। সেই সময়ত তেওঁলােকৰ সংস্কৃতিয়েই আছিল অসমৰ সংস্কৃতি। কালক্ৰমত অসমলৈ বিভিন্ন জাতি আৰু ধৰ্মৰ লােকৰ প্ৰব্ৰজন ঘটিল; লগে লগে অসমলৈ আহিল কেইবা প্ৰকাৰৰাে সংস্কৃতি। সকলােৱে পৰম্পৰৰ সংস্কৃতিক আঁকোৱালি ল’লে। নিজৰ কিছুমান এৰিলে আৰু কিছুমান পূৰ্বসংস্কৃতিৰ সতে যােগ দিলে। সকলােৱে এটা ভাষাই গ্ৰহণ কৰিলে– সেয়া হৈছে অসমীয়া ভাষা। অসমীয়া ভাষাই সকলােকে এক কৰি বান্ধি ৰাখিলে।

সকলােবােৰ সম্প্ৰদায়ৰ ভিতৰতকাৰােবাৰ আচাৰ ব্যৱহাৰ,ৰীতি-নীতি অইন কাৰােবাৰ ভাল লগাত তেওঁলােকে গ্ৰহণ কৰিলে। আকৌ, একেই কথা প্ৰযােজ্য হ’ল খােৱা বােৱা, পিন্ধা উৰাৰ ক্ষেত্ৰততা। কোনােৱে কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় সাধন হৈবাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল – এয়া আদৰ্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিল। সংস্কৃতিসম্পন্ন জাতি একোটাৰ ত্যাগ কৰিব পৰা বা গ্ৰহণ কৰিব পৰাৰ মানসিক শক্তি থকা বাবেই সেয়া সম্ভৱ হৈছিল। প্ৰশ্নোদ্ধৃত কথাফাকিত আমি এনে ভাবৰেই উমান পাওঁ।

8. “এই সকলাে লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।”—কথাষাৰ ব্যাখ্যা কৰি অসমীয়া জাতি কেনেকৈ বৃহৎ জাতিত পৰিণত হৈছিল বুজাই লিখা।
উত্তৰঃ বিভিন্ন জাতি, উপজাতি আৰুজজাতীয় জনগােষ্ঠীৰে অসম এখন বৈচিত্ৰ্যপণৰাজ্য প্ৰাচীন কালৰে পৰা অসমত বাস কৰিছিল কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং,বড়াে,ব্ৰিা,কাবি আদি জনজাতীয় গােষ্ঠীসকলে।বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীৰ লগতে গাৰাে, মিজো, খাছী আৰু জয়ন্তীয়াসকলাে প্ৰাচীন অসমৰ বাসিন্দা আছিল। এই জনগােষ্ঠীসকলৰ স্বকীয় কৃষ্টি-সংস্কৃতিয়ে অসমীয়া সংস্কৃতি। ত্ৰয়ােদশ শতিকাত মংগােলীয় গােষ্ঠীৰ লােকসকল প্ৰথমে অসমলৈ আহে। তাৰ পাছত আহােম, মুছলমান তথা ভাৰতৰে অন্য ৰাজ্যৰ লােক কিছুমানে অসমত প্ৰৱেশ কৰে।

প্ৰথমে সকলােৱেই নিজ নিজ কৃষ্টি-সংস্কৃতি মানি চলিছিল যদিও পাছলৈ একে ভৌগােলিক পৰিৱেষ্টনীৰ মাজত থাকি এওঁলােক পৰস্পসংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিতহ’ল। ফলত লগত লৈ অহাবােৰ ধৰি নাথাকি এইৰাজ্যৰ ভাষা-সংস্কৃতিক আঁকোৱালি লােৱাৰ লগতে প্ৰস্পৰৰ ৰীতি নীতি, আচাৰ-ব্যৱহাৰ, সাজসজ্জা,ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰিলে। এইসংমিশ্ৰণ আছিল স্বতঃস্ফুৰ্ত। কেতিয়া, কেনেকৈ এটা জাতিয়ে আন এটা জাতিৰ লগত মিলি গৈ এক হ’ল গমেই পােৱা নগ’ল। এনেদৰেই বিভিন্ন জাতি-উপজাতি-জনজাতিৰ স্বতঃস্ফুৰ্ত সংমিশ্ৰণৰ ফলত প্ৰাচীন অসমীয়া জাতি বৃহৎ অসমীয়া জাতিত পৰিণত হল।

9. বিভিন্ন ধৰ্মালম্বী আৰু বিভিন্ন ভাষাগােষ্ঠীৰ মানুহ কেনেকৈ অসমীয়া হৈছে। পাঠটিৰ সহায়ত লিখা।
উত্তৰঃ অসম হৈছে বিভিন্নতাৰে পূৰ্ণ ৰাজ্য। এই ভিন্নতা ধৰ্ম আৰু ভাষা উভয় ক্ষেত্ৰতে দেখিবলৈ পােৱা যায়। ইয়াত ভিন ভিন ধৰ্মৰ আৰু বেলেগ বেলেগ উপভাষা বা ভাষা ব্যৱহাৰ কৰা লােক বাস কৰে। কিন্তু এওঁলােকে এই ভিন্নতাক নােহােৱা কৰি এক অসমীয়া সংস্কৃতিবাৰ্বেৰণীয়া ৰূপত গঢ়ি তুলিছে। এওঁলােকক অসমীয়া হােৱাত সহায় কৰিছে অসমীয়া ভাষাটোৱে। অসমত পূৰ্বৰে পৰা বাস কৰি অহা মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে নিজৰ মাজত নিজ নিজ দোৱান বা উপভাষাত কথা পাতে যদিও প্ৰত্যেকেই অসমীয়া ভাষাটো বুজে আৰু ক’ব পাৰে।

আকৌ, বাহিৰৰ পৰা অহা লােকসকলে অসমীয়া ভাষাটো শিকি,বুজি এই ভাষাৰেই স্থানীয় লােকৰ লগত মত বিনিময় কৰিবলৈ লয়। ফলত উমৈহতীয়া এক ভাষা সমন্বয়ৰ সেতু হিচাপে গঢ়ি উঠে। ভাষিক সংমিশ্ৰণৰ কাৰণেই অসমত আহােমে আহােম ভাষাৰে, ব্ৰাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে —এওঁলােকৰ কথা পতাৰ মাধ্যম হৈছে।

অসমীয়া। অসমীয়া এওঁলােকৰ মাতৃভাষা হৈ পৰিল। পূৰ্বৰে পৰা চলি অহা সংস্কৃতিৰ মাজত নতুনকৈ অহা জাতি-গােষ্ঠীয়ে উলিয়াই দিলে নিজৰ নিজৰ সংস্কৃতিৰ উপাদানবােৰ। প্ৰত্যেকেই পৰস্পৰৰ ভাল লগাবােৰ গ্ৰহণ কৰিলে আৰু সমন্বয়ৰ প্ৰক্ৰিয়াৰে গঢ়ি তুলিলে মিশ্ৰিত বৰ্ণাঢ্য অসমীয়া সংস্কৃতি। এওঁলােকে অসমীয়া সংস্কৃতিক বুকুৰ কুটুম কৰি ল’লে। কেৱল অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিক গ্ৰহণ কৰাই নহয়, এওঁলােকে অসম ৰাজ্যকে নিজৰজন্মভূমি হিচাপে ল’লে। এনেকৈয়ে ধৰ্ম আৰু ভাষাৰ বিভিন্নতা থকা সত্ত্বেও এওঁলােক অসমীয়া হৈ পৰিল।

Leave a Comment

error: Content is protected !!
Scroll to Top