বৰগীত | Chapter 1 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 1 Notes | SEBA Class 10 HSLC Assamese Chapter 1 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 1 বৰগীত | HSLC Assamese Questions and Answers Assam


বৰগীত
(শ্রীশ্রী মাধৱদেব)

Very Short Type Questions and Answers (Marks : 1)

1. “….. নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।” কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰােধ কৰিছে?
উত্তৰঃ কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰােধ কৰিছে।

2. “সনক সনন্দ যােগী যাহাকু ধিয়ায়”। — সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰঃ সনক, সনন্দ আদি যােগীসকলে হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

3. কবি কিহত আতুৰ হােৱা বুলি কৈছে?
উত্তৰঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হােৱা বুলি কৈছে।

4. বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা!

5. বৰগীতটি কি ৰাগত বন্ধ আছে?
উত্তৰঃ বৰগীতটি বসন্তৰাগত বন্ধ আছে।

6. কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?
উত্তৰঃ কবিয়ে হৰিক বান্ধৱ’বুলি সম্বােধন কৰিছে।

7. মােহ-পাশ মানে কি?
উত্তৰঃ “মােহ-পাশ” মানে হ’ল মায়াৰ বান্ধোন অৰ্থাৎ জাগতিক লােভ, আকাংক্ষা আদি মায়াজালৰ বন্ধন।

8. মাধৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?
উত্তৰঃ মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল।

9. মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গােবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনােৰমা আছিল।

10. মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল?
উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল।

11. মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

12. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক অভিহিত কৰা।
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি “নামঘােষাক কোৱা হয়।

13. মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰঃ মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

14. নামঘােষাৰ অন্য এটা নাম কি?
উত্তৰঃ নামঘােষাৰ অন্য এটা নাম হ’ল হেজাৰী ঘােষা।

15. মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ’ল ভক্তি ৰত্নাৱলী।

16. মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি?
উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।

Short Type Questions and Answers (Marks : 2)

1. বৰগীত কাক বোলে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰুঅধ্যাত্মিক ভাৱ-গধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়।

2. বৰগীতৰ বিষয়বস্তু কি?
উত্তৰঃ বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা-বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হ’ব নােৱাৰে। ইয়াৰ বিষয়বস্তু শিশু শ্ৰীকৃষ্ণ বা বাল-গােপালৰ লীলা-খেলা বিষয়ক আছিল।

3. শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয়?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত এ আন আন গীতৰ পৰা তেওঁলােকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ | বাবে বৰগীত’ বিশেষণটো প্ৰয়ােগ কৰিছিল। ভাব, ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুৰ গাম্ভীৰ্যৰ ফালৰ পৰা ই অন্য গীততকৈ বৰ’অৰ্থাৎ শ্ৰেষ্ঠ। এনে অৰ্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক বৰগীত’আখ্যা দিয়া হয়।

READ MORE  অৰণ্যযাত্ৰা | Chapter 11 | Class 10 Assamese - SEBA

4. মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু হ’ল বাল-গােপালৰ লীলা-খেলা। তেওঁৰ বৰগীতসমূহত শিশুকৃষ্ণৰ চৌৰ-চাতুৰীসমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশােদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰভাৱে ফুটাই তােলা হৈছে। মাধৱদেৱৰবৰগীতৰ এফালে। বাৎসল্য আৰু আনফালে দাসত্ব দুয়ােটা ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।

Long Type Questions and Answers (Marks : 3/4)

1. বৰগীত কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সৰ্ব, তেৱেঁই পৰম বান্ধৱ। তেওঁৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকৃতি কবিতাটোৰ মূলভাব। কবি সাংসাৰিক জীৱ। বৈষয়িক সুখৰ থলী এই সংসাৰ দৰাচলতে সকলাে যন্ত্ৰণাৰ উৎস। সাংসাৰিক মায়াই জীৱক বিষয়খত নিমগ্ন কৰায় আৰু জীৱনানা পাপকৰ্মত ৰত হয়। জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদগ্ধ। মৃত্যু পৰ্যন্ত জীৱই ভােগকৰে সংসাৰৰ যন্ত্ৰণা।দুখ-যন্ত্ৰণাত জৰ্জৰিত জীৱই এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰে। আত্মপােলব্ধিৰে বুজি উঠে যে সংসাৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল হৰিয়েহে। কবিৰ ক্ষেত্ৰতাে একেই কথা প্ৰযােজ্য।

কবিও জীৱন যন্ত্ৰণাত দগ্ধ। হৰিমহিমা অপাৰ। সনক, সনন্দআদিসিদ্ধমহামুনিগণেও হৰিমহিমা আয়ত্ত কব্বিলৈ গভীৰ ধ্যানত নিমগ্ন হয়। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নােৱাৰে নিগম শাস্ত্ৰসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত তেওঁৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অতি দুৰহকাম।পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ ওচৰ চপাটো অসাধ্য কাম।হৰিকৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো অসম্ভৱ বুলি কবিয়ে ভাবে।

তেওঁ বিশ্বাস কৰে হৰিচৰণেই প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই তেওঁলােকৰ জীৱনৰ সৰ্বস্ব। সেয়ে সংসাৰ নিকাৰত অস্থিৰ কবিয়ে হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ যন্ত্ৰণাৰ পৰা। সংসাৰৰ নিদাৰণ মােহবান্ধোনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ কৃপাভিক্ষা কবিয়ে কাতৰে কৰিছে। বৈষ্ণৱ ভক্তকবি মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত সুন্দৰভাৱে পৰিস্ফুট হৈছে। আৰু এয়াই কবিতাটোৰ বিশেষত্ব।

2. “সহস্ৰ বয়নে যাৰ নৱন্ত সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকি অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ সংসাৰৰ একমাত্ৰ ত্ৰাণকৰ্তা হৈছেহৰি। তেওঁৰমহিমাঅপাৰ।সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্ৰকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্ত মহিমা আয়ত্ত কৰাটো সম্ভৱ। নহয়।ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।

READ MORE  দৃশ্যান্তৰ | Chapter 5 | Class 10 Assamese - SEBA

3. “আতুৰ ভৈলােহা হৰি বিষয় বিকলে।
কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে।।

প্ৰসংগঃ সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্ৰাৰ্থনা জনাই কবিয়ে ব্যাখ্যেয় কবিতাফাকি অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ মানুহ সাংসাৰিক জীৱ। সংসাৰ সকলাে যন্ত্ৰণাৰ উৎস। বৈষয়িক সুখৰ থলী এই সংসাৰ। পাৰ্থিৱ সুখ সম্পদে মানুহক এনেকৈ গ্ৰাস কৰে যে তেওঁলােকে বিষয় সুখকে জীৱনৰ একমাত্ৰ সত্য বুলি ভুল কৰে।বিষয় বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকৰ্মত ৰত হয়, ফলত জীৱন হৈ পৰে যন্ত্ৰণাময়। জীৱই মৃত্যু পৰ্যন্ত ভােগ কৰে এই যন্ত্ৰণা। দুখ-যন্ত্ৰণাত ভাৰাক্ৰান্ত জীৱ জৰ্জৰিত হৈ পৰে আৰু উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী। সংসাৰ নিকাৰত ভুগি কবিও অস্থিৰ হৈ পৰিছে। এই যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ বিচাৰি কবিৰ মন হাহাকাৰ কৰি উঠিছে।নিৰূপায় হৈকবিয়ে হৰিৰ চৰণত শৰণ লৈছে। কিয়নাে কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে।

হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ কবি মহাপুৰুষজনাই উদ্ধাৰ পাব বিচাৰিছে। জীৱনৰ সমস্ত দুখ-যন্ত্ৰণাৰ পৰা।এনে ভাব ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে স্পষ্ট হৈ পৰিছে।

4. তােমাৰ চৰণ দুই মােৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত’ পাঠটিৰ পৰা লােৱা হৈছে।

প্ৰসংগঃ পদফাকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলৰ প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেইহ’ল অমূল্য সম্পদ।

ব্যাখ্যাঃ কবিৰ মতে সংসাৰৰ মায়া মােহৰ পৰা মুক্ত হ’বলৈ হ’লে ভগৱানৰ চৰণত শৰণ লােৱাৰ বাহিৰে অন্য কোনাে উপায় নাই।সৰ্বব্যাপ্ত নিৰাকাৰ ভগৱানেই হৈছে জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা তেওঁ সকলােৰে উৰ্দ্ধত, গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যবান সম্পদ লাভ কৰাৰ সমান। মহাপুৰুষজনাৰ এয়া জীৱনৰ একান্ত আকাংক্ষিত মহাধন কাৰণ তেওঁ হ’ল ভগৱানৰ একান্ত ভক্ত। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্ৰয়, সেয়ে ভক্তৰ জীৱন ভগৱানতেই সদায় সমৰ্পিত। হৰিচৰণেই হৈছে প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে এনে ভাবকেই সামৰিছে।

5. সনক সনন্দ যােগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নাপায়। – তাৎপৰ্য বিচাৰ কৰা।
উত্তৰঃ আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্ৰয়ােজন। সেয়ে সনক, সনন্দৰ দৰে যােগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে গভীৰ তপ-জপকৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হােৱাতকৈ শুদ্ধচিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাৰহে প্ৰয়ােজন।

READ MORE  উদ্যোগী হওঁ আহা | Chapter 6 | Class 10 Assamese - SEBA

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
উত্তৰঃ। বৰগীতৰ চাৰিটা লক্ষণ হ’ল—

(ক) বৰগীতসমূহ চৈধ্য প্ৰসংগৰ অন্তৰ্গত।
(খ) বৰগীতসমূহ হ’ল শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
(গ) বৰগীতসমূহৰ ৰচনাশৈলীব্ৰজাৱলী ভাষাৰ।
(ঘ) বৰগীতসমূহ হ’ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম প্ৰকাশক গীত।

7. তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা?
নপাৱন্ত, কেনে, ভৈলােহাে, তুমিসে, জনেৰ, কহয়।
উত্তৰঃ

শব্দআধুনিক ৰূপ
নপাৱন্তনাপায়
কেনেকেনেকৈ, কিদৰে
ভৈলােহহ’লোঁ
তুমিসেতুমিহে, তুমিয়েই
জনেৰজনৰ, সকলৰ
কহয়কয়

8. ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হল—

(ক) ব্ৰজাৱলী হ’ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
(খ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা।
(গ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনাে সম্পৰ্ক নাই।
(ঘ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছুসুকীয়া স্থান গ্ৰহণ কৰিছে।
(ঙ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হােৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়ােগ হােৱাৰ বাবেই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।

9. বৰগীত —চমুটোকা লিখা।
বৰগীতঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা। কৰা এক শ্ৰেণীৰ ৰাগ-তাল সম্বলিত গীতকেই বৰগীত’ বােলা হয়। বৰগীতসমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত| শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল আৰু মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল। অৱশ্যে ভাব-ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচিছিল বুলি বিভিন্ন পণ্ডিতে অনুমান কৰিছে। শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণৰ লীলা আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শিশু কৃষ্ণৰ চোৰ-চাতুৰী। বিষ্ণুৰ অংশৰূপে শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰি জনসমাজৰ মাজত ভক্তিৰ ৰস বিয়পাই দিয়াই এই বৰগীতসমূহৰ উদ্দেশ্য।বৰগীতসমূহইয়াৰ বিষয়বস্তুৰ গাম্ভীৰ্য, ভাষা, ভাব, সুৰ আদি বৈশিষ্ট্যসমূহৰ কাৰণেই আন গীততকৈ শ্ৰেষ্ঠ। উল্লেখ্য যে একে ভাব আৰুৰাগ-তাল সম্বলিত আন কবিৰ ৰচিত গীতক বৰগীত’ নােববালে।

10. ব্ৰজাৱলী ভাষা —চমুটোকা লিখা।
ব্ৰজাৱলী ভাষাঃ ব্ৰজাৱলী হৈছে কনিষ্ঠতম সৰ্বভাৰতীয় আৰ্য ভাষা। ই কোনাে বিশেষ অঞ্চলত প্ৰচলিত ভাষা নহয়; বৰং অসমীয়া, মৈথিলী, মগধী বা মগহী, ভােজপুৰী, উড়িয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্ট এক প্ৰকাৰৰ কৃত্ৰিম ভাষা। সৰ্বভাৰতীয় আৱেদন লাভ কৰিব বুলিয়েইনৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শংকৰদেৱে তেওঁৰ নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্ৰয়ােগ কৰিছিল। তেওঁৰ অনুকৰণতে মাধৱদেৱেও এইভাষাত গীত, নাটৰচনা কৰিছিল। গুৰুজনাই ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰাৰ আৰুএক কাৰণ হৈছেএই ভাষাটো তুলনামূলকভাৱে আন ভাষাতকৈ কোমল। ব্ৰজাৱলী ভাষাই নিঃসন্দেহে গুৰু দুজনাৰ নাট আৰু গীতক গাম্ভীৰ্য প্ৰদান কৰিছিল।

11. ভটিমা —চমুটোকা লিখা।
ভটিমাঃ ভাট’ নামৰ একশ্ৰেণীৰ ভ্ৰাম্যমাণ গায়কে গােৱা গাম্ভীৰ্যসূচক প্ৰশস্তি গীতবােৰেই হৈছে ভটিমা। শংকৰদেৱে নৱৱৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তিনি প্ৰকাৰৰ ভটিমাৰচনা কৰিছিল—নাট ভটিমা’, ‘দেৱ ভটিমা’আৰু ৰাজ ভটিমা’ নাটৰ আৰম্ভণি আৰু শেষত গােৱা ভটিমাই নাট ভটিমা।‘দেৱ ভটিমাত দেৱতাৰ প্ৰশস্তি আৰু ৰাজ ভটিমাত ৰজাৰ গুণ-গৰিমা বৰ্ণনা কৰা হয়। এই তিনি শ্ৰেণীৰ লগতে মাধৱদেৱে আৰু একশ্ৰেণীৰ ভটিমা ৰচনা কৰিছিল, সেয়া হৈছে ‘গুৰু ভটিমা। মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ প্ৰশক্তি কৰি গাইছিল বিখ্যাত গুৰু ভটিমা জয়গুৰু শংকৰ সৰ্ব গুণাকৰ যাকেৰি নাহিকে উপাম।

Leave a Comment

error: Content is protected !!
Scroll to Top