অৰুণিমা সিনহা | Chapter 10 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 10 Notes | SEBA Class 10 HSLC Assamese Chapter 10 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 10 অৰুণিমা সিনহা | HSLC Assamese Questions and Answers Assam


অৰুণিমা সিনহা
(জয়শ্রী গোস্বামী মহন্ত)

Very Short Type Questions and Answers (Marks : 1)

1. অৰুণিমা সিনহাৰ কোনৰিধ খেলত দক্ষতা আছিল?
উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত দক্ষতা আছিল।

2. অৰুণিমা সিনহাৰ ঘৰ ক’ত?
উত্তৰঃ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত।

3. হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপােনে তীব্ৰ ৰূপ লৈছিল?
উত্তৰঃ হাস্পতালৰ বিছনাত পৰি থকাৰ সময়ত অৰুণিমাৰ মনত হিমালয়ৰ শৃংগত আৰােহণ কৰাৰ সপােনে তীব্ৰ ৰূপ লৈছিল।

4. চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালক লগ ধৰিছিল আৰু নিজৰ এভাৰেষ্ট বিজয় সপােন কেনেদৰে বাস্তৱায়িত কৰিব পাৰিব তেওঁৰ পৰা তাৰ পৰামৰ্শ বিচাৰিছিল।

5. মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
উত্তৰঃ ২০১৩ চনৰ ২১ মে’তাৰিখত অৰুণিমাই মাউন্ট এভাৰেষ্টত আৰােহণ কৰিছিল। তেওঁ তাত প্ৰায় ডেৰ ঘণ্টা সময় আছিল।

6. অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন ক’ৰ পৰা ক’লৈ গৈ আছিল?
উত্তৰঃ অৰুণিমা সিনহাইযাত্ৰা কৰা ৰেলগাড়ীখন লক্ষণৌৰ পৰা দিল্লী অভিমুখে গৈ আছিল।

7. অৰুণিমা সিনহা ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল?
উত্তৰঃ অৰুণিমা সিনহা ৰে’লআলিৰকাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰেঊনচল্লিশখন ৰেলগাড়ী পাৰ হৈ গৈছিল।

8. অৰুণিমা সিনহাই দুৰ্ঘটনাটোত কি হেৰুৱাইছিল?
উত্তৰঃ অৰুণিমা সিন্হাই দুৰ্ঘটনাটোত এখন ভৰি হেৰুৱাইছিল।

9. গুৰুতৰভাৱে আহত অৰুণিমাক কোনখন চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছিল?
উত্তৰঃ গুৰুতৰভাৱে আহত অৰুণিমাকনতুন দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট অৱ মেডিকেল চায়েত ভৰ্তি কৰােৱা হৈছিল।

10. অৰুণিমা কিমান সময় ৰে’ল আলিৰ কাষত পৰি আছিল?
উত্তৰঃ অৰুণিমা প্ৰায় সাত ঘণ্টা সময় ধৰি ৰে’লৰ আলিৰ কাষত পৰি আছিল।

11. অৰুণিমাই ক’ৰ পৰা পৰ্বৰ্তাৰৰহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল?
উত্তৰঃ অৰুণিমাই টাটা ষ্টীল এডভেলাৰ ফাউণ্ডেচনৰ পৰা পৰ্বৰ্তাৰৰহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

12. মাউন্ট চামছেৰ কাংৰিৰ উচ্চতা কিমান?
উত্তৰঃ মাউন্ট চামছেৰ কাংৰিৰ উচ্চতা ২১,৭৯৮ ফুট।

13. অৰুণিমাই কোনজন ক্ৰিকেট খেলুৱৈৰ পৰা আত্মবিশ্বাস তথা মনােবল লাভ কৰিছিল?
উত্তৰঃ অৰুণিমাই ভাৰতীয় ক্ৰিকেট দলৰ যুৱৰাজ সিঙৰ পৰা আত্মবিশ্বাস তথা মনােবললাভ কৰিছিল।

14. কিমান চনত অৰুণিমাই টেনজিং নৰগে সন্মান লাভ কৰিছিল?
উত্তৰঃ ২০১৫ চনত অৰুণিমাই ‘টেনজিংনৰগে সন্মান লাভ কৰিছিল।

15. অৰুণিমাই ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিৰ পৰা “এমেজিং ইণ্ডিয়ান এৱাৰ্ড” লাভ কৰিছিল?
উত্তৰঃ অৰুণিমাই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱমুখাৰ্জীৰ পৰা এমেজিংইণ্ডিয়ান এৱাৰ্ড’ লাভ কৰিছিল।

Short Type Questions and Answers (Marks : 2)

1. সন্ধি ভাঙা। —সংশয়, পৰ্বতাৰহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন।
উত্তৰঃ সংশয় = সম্ + শয়
পৰ্বতাৰােহণ = পৰ্বত+আৰােহণ
উৎসাহ = উৎ+ সাহ
হিমালয় = হিম+আলয়
প্ৰত্যাহ্বান = প্ৰতি + আহ্বান
বিপদাপন্ন = বিপদ + আপন্ন

2. তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। —অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল।
উত্তৰঃ অনুৰাগ = অনু + ৰাগ।
অনুভৱ = অনু + ভাৱ।
অভিনয় = অভি + নয়।
প্ৰতিফল = প্ৰতি + ফল।

3. অৰুণিমাই ডকাইতৰ দলটোক কি দিবলৈ অমান্তি হৈছিল আৰু কিয়?
উত্তৰঃ অৰুণিমাইডিঙিতপিন্ধি থকা চেইনডাল ডকাইতৰ দলটোক দিবলৈ অমান্তি হৈছিল। কাৰণ অৰুণিমাক সেই চেইনডাল মাকে মৰমতে দিছিল। তেওঁৰ বাবে চেইনডাল সামান্য অলংকাৰ নহয়, বৰং মাকৰ আশীৰ্বাদহে। মাকৰ হাতৰ পৰশ লাগি থকা চেইনডাল অৰুণিমাৰ বাবে আছিল অত্যন্ত মূল্যবান। সেয়ে ডকাইতৰ দলটোলৈ ভয় নকৰি তেওঁ চেইনডালপিন্ধি আছিল।

READ MORE  পাৰস্যত এভুমুকি | Chapter 12 | Class 10 Assamese - SEBA

4. অৰুণিমাৰ পৰ্বাৰােহণৰ আকাংক্ষা দেখি বিভিন্নজনে তেওঁক কি পৰামৰ্শ দিছিল?
উত্তৰঃ অৰুণিমাৰ পৰ্বতাৰােহণৰ আকাংক্ষা দেখি বহুজনে তেওঁক সেই আকাংক্ষা ত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল। কাৰণ, দুবৃত্তৰ কবলত পৰি অৰুণিমাই এখন ভৰি হেৰুৱাইছিল আৰু আনখন থাকিও নথকাৰ দৰে। তেনেস্থলত পৰ্বতাৰােহণৰ কঠিন কৌশল আৰু পৰিশ্ৰমত অৰুণিমাই সফল হােৱাটো অসম্ভৱ। বৰং অত্যধিক পৰিশ্ৰমে ভৰিদুখনলৈ বিপদহে মাতি আনিব পাৰে। সেয়ে এনে সপােন ত্যাগ কৰি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিবলৈ বহু লােকে অৰুণিমাক পৰামৰ্শ দিছিল।

5. অৰুণিমাই ক’ৰ পৰা আৰু কাৰ তত্ত্বাৱধানত পৰ্বৰ্তাৰৰহণৰ অনুশীলন গ্ৰহণ কৰিছিল?
উত্তৰঃ অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গুৰুপত যােগ দিবাচেন্দ্ৰি পালৰ তত্বাৱধানত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলােৱা অনুশীলন কেম্পত প্ৰশিক্ষণ লৈছিল।

6. “ইমানখিনিলৈ আহি আৰু উভতি যােৱাৰ প্ৰশ্ন নুঠে। যি হয় দেখা যাব।” – এই কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?
উত্তৰঃ প্ৰশ্নোদ্ধৃত কথাষাৰ অৰুণিমাই এভাৰেষ্ট আৰহণৰ সময়ত তেওঁৰ লগত যােৱা শ্বেৰপাজনক কৈছিল। এভাৰেষ্ট আৰহণৰ বাবে যাওঁতে অৰুণিমাইলগত লৈ গৈছিল পানী আৰু অক্সিজেন। কিন্তু চাৰি নং কেম্প পাওঁতে লগত নিয়া অক্সিজেন প্ৰায় শেষ হৈছিলগৈ। সেই সময়ত দুয়াে ভৰিৰ পৰা ভয়ংকৰভাৱে তেজো নিগৰিছিল। অৰুণিমাৰ আসন্ন মৃত্যুৰ সম্ভাৱনা দেখি লগত যােৱা শ্বেৰপাজনে তেওঁক উভতি যােৱাৰ কথা কৈছিল। কিন্তু অদম্য আত্মবিশ্বাসী অণিমাই প্ৰশ্নোদ্ধৃত কথাষাৰিৰে শ্বেৰপাক নিজৰ ইচ্ছাৰ কথা জনাইছিল।

7. অৰুণিমা সিনহাই কি কি বঁটা তথা সন্মান লাভ কৰিছিল?
উত্তৰঃ এভাৰেষ্ট আৰােহণ কৰিবলৈ সক্ষম হােৱা অৰুণিমা সিন্হাই তেওঁৰ উল্লেখনীয় সাফল্যৰ বাবে ২০১৫ চনত লাভ কৰে ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী’। একে বৰ্ষতে দেশৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা তেওঁ লাভ কৰে ‘টেনজিংনৰগে সন্মান। ২০১৪ চনত লাভ কৰে এমেজিংইণ্ডিয়ান এৱাৰ্ড।

Long Type Questions and Answers (Marks : 4)

1. অৰুণিমা সিন্থাই ৰে’লষাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰঃ অৰুণিমা সিন্হাইলক্ষণৌৰপৰা দিল্লী অভিমুখে কৰা ৰে’লযাত্ৰাৰ কালছােৱাত ডকাইতৰ কবলত পৰিছিল।সকলাে সহযাত্ৰীক লুট-পাত চলােৱাৰ সময়ত অৰুণিমাৰ ডিঙিৰ চেইনড়ালাে বি বিচাৰিছিল আৰুঅণিমাই দিবলৈ অসম্মত হৈছিল। খঙত ডকাইতৰ মাজৰে দুজনে অৰুণিমাক চলন্ত ৰেলগাড়ীৰ দুৱাৰেৰেবাহিৰৰ আন্ধাৰলৈদলিয়াইছিল আৰু অইন এখন ৰেলগাড়ীৰ চকাত খুন্দা খাই বস্তা এটাৰ দৰে তাই তললৈ পৰি গৈছিল। সেই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু আনখন ভৰিত লােৰ ৰড সুমুৱাই তাৰ সহায়ত চলফিৰা কৰিব পৰা হৈছিল।

2. অৰুণিমাৰ সপােন পূণকৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ এভাৰেষ্ট বিজয় আছিল অৰুণিমাৰ সপােন। এবাৰ ৰে’লযাত্ৰাত ডকাইতৰ কবলত পৰি অৰুণিমাইচিৰদিনলৈ এখন ভৰি হেৰুৱাইছিল আৰু আনখন ভৰিতাে লােৰ ৰদ সুমুৱাইহে চলা-ফৰা কৰিব পাৰিছিল। এনে অৱস্থাত এভাৰেষ্ট বিজয় আছিল এক দুঃস্বপ্ন যেন। কিন্তু মনৰ দৃঢ়তাৰে অৰুণিমাই সপােন পূৰাবলৈ পৰামৰ্শ বিচাৰি লগ ধৰিছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালক। পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হােৱাৰ হেঁপাহ তিৰবিৰাই থকা অৰুণিমাৰ চকুহালে বাচেন্দ্ৰি পালক আকৰ্ষণ কৰিলে।

অৰুণিমাৰ আত্মপ্ৰত্যয়ৰ ভাবে বাচেন্দ্ৰি পালকো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ, পৰামৰ্শ আৰু সাহস পালে অৰুণিমাই এদিন লক্ষ্যত উপনীত হ’ব। সেয়ে সহমৰ্মিতাৰে তেওঁ তাইৰ কথা শুনিলে আৰু নিজৰ তত্ত্বাৱধানত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে। চলােৱা অনুশীলনত অৰুণিমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে। এনেদৰে সপােন পূৰাবলৈ অৰুণিমাক বাচেন্দ্ৰি পালে সহায় কৰিছিল।

3. এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰঃ দুবৃত্তৰ কবলত পৰি অৰুণিমাৰ এখনাে ভৰি পৰ্বতৰােহণৰ বাবে উপযুক্ত হৈ থকা নাছিল। অথচ সপােনক দিঠকত পৰিণত কৰিবলৈ অৰুণিমা আছিল বদ্ধপৰিকৰ। যিকোনাে প্ৰকাৰে এটা দুৰ্ঘটনাক নিজৰ জীৱনৰ সিদ্ধান্তকাৰী উপাদান নকৰিবলৈ অৰুণিমা মানসিকভাৱে দৃঢ় আছিল। সেই দৃঢ়তাকে অৱলম্বন কৰি বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অৰুণিমাই এভাৰেষ্ট বিজয়ৰ অনুশীলন চলালে। দিন ৰাতি একাকাৰ কৰি প্ৰায় এবছৰে তেওঁ অনুশীলন অব্যাহত ৰাখিছিল।বহু সময়ত অইনে দুইমিনিটত শিকিব পৰা খােজ এটা শিকিবলৈ অৰুণিমাৰ তিনি ঘণ্টাও লাগিছিল। তথাপি অনুশীলনৰ কালছােৱাত অলপপা কমা নাছিল অৰুণিমাৰ উৎসাহ-একাগ্ৰতা।

READ MORE  ভাৰতীয় সংস্কৃতি | Chapter 7 | Class 10 Assamese - SEBA

4. অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট চামছে কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নােৱাৰিলে।
উত্তৰঃ লাডাখত থকা মাউন্ট চামছে কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। অত্যন্ত আত্মবিশ্বাস আৰু প্ৰচুৰ অধ্যৱসায়ৰ বলত অৰুণিমাই মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰােহণ কৰিবলৈ সক্ষম হৈছিল। পিছে সেই সময়ত বতৰ আছিল একেবাৰে বেয়া। কাৰাে বাবেই পৰ্বতাৰােহণ সম্ভৱ নাছিল। প্ৰতিকূল বতৰৰ বাবেই কেৱল অৰুণিমাই নহয়, সকলােৱে শিখৰলৈ ৬৯৩ ফুট মাত্ৰ বাকী থকা অৱস্থাতত আধাতে অভিযান সামৰি উভতিব লগা হৈছিল।

5. অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰঃ এভাৰেষ্ট জয়ৰ সপােন অৰুণিমাৰ মনে-প্ৰাণে সােমাই আছিল। শাৰীৰিক প্ৰতিবন্ধকতাক নগণ্য জ্ঞান কৰি বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন সম্পূৰ্ণ কৰি নিৰ্দিষ্ট দিনত অৰুণিমাই এভাৰেষ্ট বগাবলৈ সাজু হ’ল। নিজৰ বিজয় অভিযানৰ বাতৰি যাতে সকলােকে দিব পাৰে, পৰ্বতবগােৱাৰ ভিডিঅ’ যাতে বিশ্ববাসীক দেখুৱাব পাৰে, তাৰ বাবে তেওঁ লগত দুটাকৈ কেমেৰা লৈ গৈছিল। প্ৰয়ােজনীয় পানী আৰু অক্সিজেনাে লৈছিল। কিন্তু চাৰিনং কেম্প পাওঁতে অক্সিজেন প্ৰায় শেষ হ’বলগীয়া হােৱাত অৰুণিমাৰ লগত যােৱা ৰেপাজনে তেওঁক নিশ্চিত মৃত্যুৰ পৰা বাচিবলৈ উভতি যােৱাৰ পৰামৰ্শ দিছিল।

সেই সময়ত তেওঁৰ দুয়াে ভৰি তেজে তুমৰলি হৈ ভয়ংকৰ অৱস্থা হৈছিল। পিছে ৰুমালেৰে ভৰিৰ তেজ মচি মচি অৰুণিমা আগুৱাইহে গৈছিল। সেইছােৱা বাটত বহু অভিযাত্ৰীব শৱ দেখিও অৰুণিমা ভাঙি পৰা নাছিল, বৰং একেই উদ্যমেৰে তেওঁ আগবাঢ়িছিল।

পৰিশ্ৰম, অধ্যাৱসায় আৰু মানসিক দঢ়তাৰ বলত অৰুণিমা উপস্থিত হৈছিল। মাউন্ট এভাৰেষ্টৰ শৃংগত। ৮,৮৪৮ মিটাৰ উচ্চতালৈ এই পৰিক্ৰমা তেওঁ শেষ কৰিছিল বাৱন দিনত। ডেৰ ঘণ্টা কাল তেওঁ এভাৰেষ্টত আছিল নিজৰ উত্তৰণৰ বাট তেওঁ অদম্য ইচ্ছা আৰু সাহসেৰে গঢ়িছিল।

6. ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰঃ প্ৰায় প্ৰতিগৰাকী মানুহেইনিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ। জীৱনৰ নানা ঘাত-প্ৰতিঘাতক অদম্য মনােবল, অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি তেওঁলােক আনৰ বাবেও আদৰ্শ হৈ ৰয়। এনে কৰ্মসিদ্ধিৰ বাবে তেওঁলােকক নিতান্তই প্ৰয়ােজন হয় একো একোখন সহায়ৰ হাত, অলপ সহমৰ্মিতা আৰু আশ্বাসৰ। নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত সিদ্ধি লাভ কৰা অনেক উদাহৰণ ইতিহাসৰ পাতত আছে। একলব্যই গুৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেৱল একাণপতীয়া সাধনাৰেই ধনুৰ্বিদ্যাত অদ্বিতীয় হৈ উঠিছিল।

একেদৰে গভীৰ অৰণ্যত নিশাটো ঘিটমিটীয়া আন্ধাৰৰ মাজত পৰম ধৈৰ্যৰে থাকি অৰ্জুনে শিকিছিল শব্দভেদী বাণৰ প্ৰয়ােগ। দুৰাৰােগ্য মটৰ নিউন ৰােগত আক্ৰান্ত হৈও মানসিক দৃঢ়তা আৰু প্ৰতিভাৰ কৰ্ষণেৰে শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীৰূপে পৰিগণিত হৈছিল ষ্টিফেন হকিং। অৰুণিমা সিনহাও অদম্য মানসিক শক্তিৰ অধিকাৰী আছিল। দুৰ্ঘটনাত নিজৰ দুয়ােখন ভৰি প্ৰায় অকামিলা হােৱা সত্ত্বেও তেওঁ এভাৰেষ্টত আৰহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতে আছিল প্ৰচণ্ড আত্মবিশ্বাস আৰু অদম্য উদ্যম। অৰুৰ্ণিমা সিন্হাৰ দৰে বহু ব্যক্তি আছে যি নিজ প্ৰতিভাৰ কৰ্ষণেৰে নিজৰ লগতে অইনৰাে আগুৱাই যােৱাৰ বাট মুকলি কৰিছোবাচেন্দ্ৰি পালৰ দৰে ব্যক্তিত্বৰ সংস্পৰ্শঅৰুণিমাৰ আশ্ৰয় আছিল। সমাজৰ যিসকল লােক নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত, তেওঁলােকে অইন দহজনক আগুৱাই নিব পাৰে। প্ৰশ্নোদ্ধৃত কথাফাকিৰে লেখকে তাকেই ক’ব বিচাৰিছে।

7. ক্ৰিকেট খেলুৱৈ সুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
উত্তৰঃ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈযুৱৰাজসিংহাওঁফাওঁৰকৰ্কট ৰােগত আক্ৰান্ত হােৱাৰ খবৰ অৰুণিমায়াে পাইছিল। বহুতে ভাবিছিল যুৱৰাজে খেলুৱৈ জীৱনলৈ আৰু প্ৰত্যাৱৰ্তন কৰিব নােৱাৰিব। কিন্তু উপযুক্ত চিকিৎসা আৰু অদম্য মানসিক দৃঢ়তাৰ বলত দুৰাৰােগ্য ৰােগৰ পৰা যুৱৰাজ আৰােগ্য হৈছিল। পুনৰ ক্ৰিকেটৰ মাজলৈ তেওঁ উভতি আহিছিল। এই ঘটনাই অৰুণিমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। অদম্য মানসিক বল আৰু প্ৰচণ্ড ইচ্ছাশক্তি থাকিলে কোনাে শাৰীৰিক বাধাইসপােন দিঠক হােৱাৰ বাটৰুধিব নােৱাৰে। তাৰ পাছত অৰুণিমা আৰু দৃঢ় হ’ল। নিজৰ সপােনৰ সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰিলে। নিজৰ উত্তৰণৰ বাট নিজ প্ৰচেষ্টাৰেই গঢ়িলে আৰু সফল

READ MORE  অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | Chapter 8 | Class 10 Assamese - SEBA

8. বাচেন্দ্ৰি পাল —চমু টোকা লিখা।
উত্তৰঃ (ক) ৰাচেন্দ্ৰি পালঃ ৰাচেন্দ্ৰি পাল মাউন্ট এভাৰেষ্ট আৰােহণকাৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা। ১৯৮৪ চনত তেওঁ এই কাৰ্য সমাপন কৰিছিল। উত্তৰাখণ্ডৰ গৰৱাল জিলাৰ কুৰিত ১৯৫৪ চনৰ ২৪ মে’ত তেওঁ জন্মগ্ৰহণ কৰিছিল। শ্ৰী কিষান সিং পাল আৰুহংসা দেৱীৰ কন্যা বাচেন্দ্ৰিয়ে স্নাতকোত্তৰ আৰু বি এড ডিগ্ৰী লাভ কৰিছিল ডেৰাডুনৰ পৰা। ১২ বছৰ বয়সতে পবৰ্তাৰৰহণৰ অভিজ্ঞতা অৰ্জন কৰা বাচেন্দ্ৰি পাল নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেচনৰ প্ৰশিক্ষক আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ – প্ৰতিষ্ঠাপক। দেশে বিভিন্ন সন্মানেৰে বিভূষিত কৰা বাচেন্দ্ৰি পালে নিজৰ পাৰদৰ্শিতাৰ বাবে বহু বটাবাহন লাভ কৰিছে।

ভাৰতবৰ্ষৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সম্মান অৰ্জুন’ লাভ কৰাৰ লগতে তেওঁ দেশৰ চতুৰ্থ আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী আৰু পদ্মভূষণও লাভ কৰে। ১৯৯৭ চনত গৰৱাল বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ‘এভাৰেষ্ট—মাই জাৰ্নি টু দ্য টপ’শীৰ্ষক গ্ৰন্থখন তেওঁৰ আত্মজীৱনীখন প্ৰকাশ হয় ২০১৪ চনত।

9. টেনজিং নগে —চমু টোকা লিখা।
উত্তৰঃ (খ) টেনজিংনৰগেঃ পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউন্ট এভাৰেষ্ট আৰহণকাৰী প্ৰথমগৰাকী ব্যক্তি। এডমাণ্ড হিলাৰীৰ লগত যুটীয়াভাৱে ১৯৫৩ চনত তেওঁ এই বিজয় সাব্যস্ত কৰিছিল। ১৯১৪ চনত নেপালৰ খুম্বু অঞ্চলত জন্ম লাভ কৰা নৰগেৰ প্ৰকৃত নাম নামগ্যাল ৱাংদি। ১৯ বছৰ বয়সতে তেওঁ শ্বেৰপাৰূপে পৰিগণিত হৈছিল যদিও এভাৰেষ্ট আৰােহণৰ সুযােগ তেওঁ ১৯৩৫ চনত প্ৰথমবাৰলৈ লাভ কৰিছিল। অৱশ্যে শৈশৱত তেওঁক এগৰাকী বৌদ্ধ ভিক্ষুৰৰূপতহে গঢ়ি তুলিব খােজা হৈছিল। দাজিলিঙৰ হিমালয়ান মাউন্টেইনিয়াৰিং ইনষ্টিটিউটৰ প্ৰথমগৰাকী সঞ্চালক আছিল নৰগে। ১৯৭৫ চনত তেওঁ ভূটানৰৰজাৰ অনুমতি সাপেক্ষে এগৰাকী ছিৰ্দাৰ (গাইড) ৰূপে কাম কৰে।

নিজৰ দুঃসাহসিক অভিযানৰ বাবে জীৱনকালত নৰগেই বহুতাে সন্মান লাভ কৰে। গ্ৰেট ব্ৰিটেইনৰ সন্মানীয় জৰ্জ মেডেল’ তেওঁ লাভ কৰিছিল। অন্যান্য বঁটা-বাহন আৰু সন্মানৰ লগতে তেওঁ লাভ কৰিছিল ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’। ২০১৩ চনত তেওঁৰ সন্মানাৰ্থে নেপাল চৰকাৰে এখন পৰ্বত নাম ৰাখিছিল ‘টেনজিং পীক। ২০১৫ চনত গ্লুট’ গ্ৰহত আৱিষ্কৃত ৩.৪ কিল’মিটাৰ উচ্চতাৰ পৰ্বতমালাৰ নামকৰণাে হৈছিল ‘টেনজিং মছ’বুলি। ১৯৮৬ চনত ৭১ বছৰত তেওঁ দাৰ্জিলিঙত মৃত্যুবৰণ কৰে।

10. ষ্টিফেন হকিং —চমু টোকা লিখা।
উত্তৰঃ (গ) ষ্টিফেন হকিংঃ শতিকাৰ শ্ৰেষ্ঠতম পদাৰ্থবিদ তথা জ্যোতিৰ্বিদ।সম্পূৰ্ণ নাম ষ্টিফেন উইলিয়াম হকিং ১৯৪২ চনত ড°ফ্ৰাঙ্ক হকিং আৰু ইছছাবেলহকিঙৰ পুত্ৰ ষ্টিফেনে জন্ম লাভ কৰে। লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰা হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেজি বিশ্ববিদ্যালয়ৰ ক্ৰিনীতি কলেজৰ পৰা লাভকৰে স্নাতকোত্তৰ ডিগ্ৰী। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গনবিল এণ্ডকীইজ কলেজৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰীও পায় ‘প্ৰপাৰ্টিজ অৱ এক্সপাণ্ডিং ইউনিভাছেছ’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে। আপেক্ষিকতা, কোৱান্টাম বলবিদ্যাৰ আছিল। তেওঁৰ প্ৰধান গৱেষণাৰ বিষয় আৰু কৰ্মক্ষেত্ৰৰৰ বিষয়। ১৯৭৯ চনৰ পৰা ২০০৯-লৈকে তেওঁ। কেব্ৰিজ বিশ্ববিদ্যালয়ৰ লুকাছীয় অধ্যাপক আছিল। গনবিল এণ্ড কীইজ কলেজৰ ফেল’হিচাপেও তেওঁ তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিছিল।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্নালত তেওঁৰ লেখা প্ৰকাশৰ উপৰি গৱেষণাসমৃদ্ধ গ্ৰন্থ বহুকেইখন তেওঁ ৰচনা কৰি থৈ গৈছে। জীৱনকালত তেওঁ অজস্ৰ বঁটাবাহন,সন্মানেৰে বিভূষিত হৈছে। ছাত্ৰাৱস্থাতে দুৰাৰােগ্য মটৰ নিউৰন বৰাগত আক্ৰান্ত হৈও তেওঁ পৰিগণিত হ’ব পাৰিছিল বিশ্বৰ সমকালীন বিজ্ঞানীসকলৰ মাজত অন্যতম শ্ৰেষ্ঠৰূপে। তেওঁৰতুলনা কৰা হয় ইতিহাসপ্ৰসিদ্ধ বিজ্ঞানী গেলিলিও গেলিলি আৰু ছাৰ আইজাক নিউটনৰ লগত। এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় ২০১৮ চনৰ ১৪ মাৰ্চত।

Leave a Comment

error: Content is protected !!
Scroll to Top