দৃশ্যান্তৰ | Chapter 5 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 5 Notes | SEBA Class 10 HSLC Assamese Chapter 5 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 5 দৃশ্যান্তৰ | HSLC Assamese Questions and Answers Assam


দৃশ্যান্তৰ
(হৰেকৃষ্ণ ডেকা)

Very Short Type Questions and Answers (Marks : 1)

1. কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰঃ কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।

2. মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পােৱা নাছিল?
উত্তৰঃ মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পােৱা নাছিল।

3. মানুহজনে নিজৰ ঘৰৰ পদুলি ক’ত বিচাৰিছিল?
উত্তৰঃ মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰিছিল।

4. মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহেনমস্কাৰৰ ভংগীত আছিল।

5. কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

6. কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা বৃদ্ধ মানুহজন কোন আছিল?
উত্তৰঃ কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা বৃদ্ধ মানুহজন তেওঁ পঁচিশ বছৰৰ আগতে লগ পােৱা কুকুৰীকণা মানুহজনেই আছিল।

7. পূৰ্ণ জোনৰ পােহতাে কুকুৰীকণা মানুহজনে কি বিচাৰি পােৰা নাছিল?
উত্তৰঃ পূৰ্ণজোনৰ পােহৰতাে কুকুৰীকণা মানুহজনে নিজৰ পঁজাঘৰৰ পদূলি বিচাৰি পােৱা নাছিল।

8. কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল?
উত্তৰঃ কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নুজ আছিল।

9. মানুহবােৰে কেতিয়ালৈ পিয়াপি দি ফুৰিছিল?
উত্তৰঃ মানুহবােৰে সন্ধিয়া ভাগৰ বহু পিছলৈ পিয়াপি দি ফুৰিছিল।

10. সাতমহলীয়া ঘৰটোৰ ওচৰে-পাজৰে কি আছিল?
উত্তৰঃ সাতমহলীয়া ঘৰটোৰ ওচৰে-পাঁজৰে কেইবাটাও অট্টালিকা আছিল।

11. কবিক মানুহজনে কি বিচাৰি অহাৰ কথা সুধিছিল?
উত্তৰঃ কবিক মানুহজনে ভাৰাঘৰ বিচাৰি অহাৰ কথা সুধিছিল।

12. হৰেকৃষ্ণ ডেকাই কিমান চনত জন্মগ্ৰহণ কৰিছিল?
উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৪৩ চনত জন্মগ্ৰহণ কৰিছিল।

13. হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?
উত্তৰঃ হৰেকৃষ্ণ ডেকা ” The Sentinel” কাকতখনৰ সম্পাদক আছিল।

14. হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ’ল ‘আগন্তুক।

15. হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

16. “বয়সৰ চিন নােহােৱা হ’লে মুখত পচিশ বছৰ আগৰ সাইলাখ সাঁচ”-ইয়াত কোনে কাৰ কথা কৈছে?
উত্তৰঃ ইয়াত কবিয়ে পঁচিশ বছৰৰ পাছত লগ পােৱা বৃদ্ধ ন্যুজ দেহৰ মানুহজনৰ কথা কৈছে।

Short Type Questions and Answers (Marks : 2/3)

1. বিপৰীত শব্দ লিখা?
—কেঁচা, গধূলি, পােহৰ, শান্তি, ৰূপ।
উত্তৰঃ

শব্দবিপৰীত শব্দ
কেঁচাপকা
গধূলিপুৱা
পােহআন্ধাৰ
শান্তিঅশান্তি
ৰূপঅৰূপ

2. এটাকৈ সমাৰ্থক শব্দ লিখা?
—জোন, ঘৰ, চৰা, দাহ, উভতি।
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
জোনচন্দ্ৰ
ঘৰআবাস
চৰাঅতি বা অধিক
দাহপােৰা
উভতিউলটি

3. নঞৰ্থক শব্দ গঠন কৰা শান্তি, চিনাকি, সহায়।
উত্তৰঃ

শান্তি = অ + শান্তি = অশান্তি।
চিনাকি = অ + চিনাকি = অচিনাকি।
সহায় = অ + সহায় = অসহায়।

READ MORE  ভাৰতীয় সংস্কৃতি | Chapter 7 | Class 10 Assamese - SEBA

4. নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হ’ব। নামঃ + কাৰ।। —এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি কৰা।
উত্তৰঃ

বহিঃ + কাৰ = বহিষ্কাৰ।
দুঃ + গম = দুৰ্গম।
নিঃ + উপায় = নিৰূপায়।
পৰিঃ + কাৰ = পৰিষ্কাৰ।

5. কবিয়ে বৃদ্ধ নজ দেহৰ মানুহজনক লগ পােৱা আলি-কেঁকুৰিটো পঁচিশ বছৰ আগতে কেনে আছিল বৰ্ণনা কৰা।
উত্তৰঃ কবিয়ে বৃদ্ধন্যজ দেহৰ মানুহজনক লগ পােৱা আলি-কেঁকুৰিটো পঁচিশ বছৰ আগতে কেঁচা আছিল। তাত এটা সৰু পঁজাঘৰ, আকাশ ধিয়াই থকা কাকিনী তামােল আৰু ঘৰটোৰ দাঁতিত থকা আগলি বাঁহবােৰেৰে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল।

6. কবিয়ে মানুহজনক লগ পােৱা দুয়ােটা দৃশ্যত আলি-কেঁকুৰিটোৰ কেনে পৰিৱৰ্তন হােৱা দেখা গৈছিল?
উত্তৰঃ কবিয়ে মানুহজনক লগপােৱা প্ৰথম দৃশ্যটোত আলি-কেঁকুৰিটো কেঁচা আছিল আৰু তাত আকাশ ধিয়াই থকা কাকিনী তামােল, পঁজা ঘৰ, আগলি বাঁহ আদিৰে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল। কিন্তু দ্বিতীয় দৃশ্যটোত উক্ত স্থানত পঁজাঘৰ, কেঁচা আলি-কেঁকুৰি, কাকিনী তামােলৰ সলনি এটা বিশাল সাতমহলীয়া ঘৰ আৰু আশে-পাশে কেইবাটাও অট্টালিকাৰে এখন কংক্ৰীটৰ হাবি গঢ়ি উঠিছিল।

7. বৃদ্ধ মানুহজনে কিহক কুবেৰৰ মহলা বুলি কৈছিল আৰু কিয়?
উত্তৰঃ বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কুবেৰৰ মহলা বুলি কৈছিল। সাতমহলীয়া ঘৰটো দেখাত বিশাল হলেও তাত বাস কৰা মানুহবােৰৰ মনবােৰ বৰ সৰু আছিল। ধন-সােণ, ঐশ্বৰ্য-বিভূতি সংগ্ৰহ কৰাতহে তেওঁলােকব্যস্ত হৈ পৰিছিল। তেওঁলােকৰ কাৰৰ প্ৰতি আন্তৰিকতা নাছিল, আনকি কোনােবা মৰি গ’লেও তেওঁলােকৰ দাহ কৰিবলৈ আহিবৰ সময় নাছিল। ধনৰ ৰজা কুবেৰে কেৱল ধন-সােণ সংগ্ৰহ কৰাৰ। দৰে এই ঘৰটোৰ মানুহেও ধন-সােণ সংগ্ৰহতে ব্যস্ত থকা বাবেই বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কুবেৰৰ মহলা বুলি কৈছিল।

Long Type Questions and Answers (Marks : 4)

1. সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনেকবিৰ সতে কি কি কথা পাতিছিল তােমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল। সেয়ে তেওঁ কবিৰ সৈতে সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথা পাতিছিল। তেওঁ ঘৰটোক কুবেৰৰ মহলাৰ লগত তুলনা কৰি তাত ভাৰাঘৰ নাই আৰু থাকিলেও তাত শান্তিত থাকিব নােৱাৰিব বুলি কোৱাৰ লগতে তাত কিছুমান যখৰ পােৱালি সদৃশ স্বাৰ্থপৰ আন্তৰিকতাহীন লােকে বাস কৰে বুলি কৈছিল। তেওঁলােকে কাৰাে দুখ-শােক বুজি নাপায়, কাৰােবাৰ মৃত্যু হলে দাহ কৰিবলৈ আগবাঢ়ি নাযায়।

2. “বৰ শান্তিত আছে।
এই পঁজাটিত। —কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তনিহিত ভাৱ মােকলাই লিখা।
উত্তৰঃ উক্ত কথাশাৰী কবিয়ে কেঁচা আলি-কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া। এটাত লগ পােৱা কুকুৰীকণা মানুহ এজনে কবিক কৈছিল। মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চৌপাশে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত বৰ শান্তিত থকা বুলি কৈছিল কিয়নাে তাত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতা অনুভৱ কৰিছিল, তাত কোনাে যান্ত্ৰিকতা বা কৃত্ৰিমতা নাছিল। মানুহে মানুহৰ মৰম-চেনেহবুজি পাইছিল। মানুহৰ মনবােৰাে আকাশৰ দৰে বিশাল আৰু সেউজীয়া প্ৰকৃতিৰ দৰে সেউজ কোমল, উদাৰ আছিল।

3. হেৰা অচিনাকি মানুহজন, তােমাক কি লাগেহেইয়াত?’-কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উত্তৰঃ প্ৰশ্নোদ্ধৃত কথাষাৰি কবিক কৈছিল এগৰাকী বয়সে গৰকা লােকে যি বৃদ্ধ ন্যুজ। দেহৰ অধিকাৰী। এদিন সন্ধিয়া কবিয়ে নগৰৰ এটা বাটেদি গৈ আছিল, যিটো বাট ২৫ বছৰ আগেয়ে আছিল এটা কেঁচা আলি।যত আছিল এটা পঁজা আৰু সেই পঁজাৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী লােকক। সহজ-সৰল আন্তৰিকতাৰে পূৰ্ণ সেই ব্যক্তিয়ে কবিক কৈছিল পঁজাটোত তেওঁ শান্তিৰে থকাৰ কথা।

READ MORE  মই অসমীয়া | Chapter 4 | Class 10 Assamese - SEBA

২৫ বছৰ পাছত সেই সন্ধিয়া কবিয়ে একে ঠাইতে দেখিলে এটা সাত মহলীয়া অট্টালিকা আৰু তাৰ সন্মুখত ৰৈ থকা এগৰাকীবৃদ্ধ লােকক। পদুলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাইবৃদ্ধগৰাকীয়ে কবি ৰৈ থকাৰ উদ্দেশ্য জানিব খুজিছিল আৰু প্ৰশ্নোদ্ধত বাক্যফাকিৰ অৱতাৰণা কৰিছিল। ২৫ বছৰৰ আগৰ সেই একেগৰাকী মানুহৰ কণ্ঠত আন্তৰিকতাৰ পৰিৱৰ্তে সিদিনা কবিয়ে শুনিবলৈ পাইছিল সংশয়ৰ সুৰ।

4. ‘দৃশ্যান্তৰ’কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰঃ ‘দৃশ্যান্তৰ’কবিতাটোত কেৱল দুটা দৃশ্যৰ বৰ্ণনাৰে কবিয়ে সমাজ জীৱনৰ পৰিৱৰ্তিত সময়ক দাঙি ধৰিছে স্পষ্টভাৱে।। কবিতাটোত বৰ্ণিত মতে এটা সময় আছিল যত গাঁৱৰ মুকলিমূৰীয়া পৰিৱেশত মানুহে বাস কৰিছিল।প্ৰকৃতিৰ সেউজ পৰিৱেশে মানুহক পঁজা ঘৰতাে উশাহ ল’বলৈ সতেজ অক্সিজেনৰ যােগান ধৰিছিল। মৰম-আদৰৰ মাজত শান্তিৰ সময় কটাইছিল মানুহে। থাকিবলৈ অকণমানি পঁজাঘৰ হ’লেও আত্মীয়তাৰ পৰশে বিশাল পৰিসৰ গঢ়িছিল মানুহৰ বাবে। কিন্তু সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱনে নগৰীয়া জীৱনৰ স্পৰ্শ পালে!

২৫ বছৰৰ পাছত অকণমানি পঁজাঘৰৰ ঠাইল’লে সাতমহলীয়া অট্টালিকাই! সন্ধ্যা ভগাৰ পাছলৈকো বাটে-পথে মানুহৰ ভীৰ পিছে খালী আছিল মানুহৰ মনবােৰ। অভাৱ হ’ল আত্মীয়তাৰ। গ্ৰাম্য সৰলতাৰ ঠাইল’লে নগৰীয়া যান্ত্ৰিকতাই। অকণমান মৰমৰ মাত এষাৰ নিজৰ অট্টালিকাৰ ভিতৰতাে পাবলৈ নােহােৱা হ’ল। মানুহে মানুহক সন্দেহৰ চকুৰে চোৱা হ’ল। আধুনিক জীৱনৰ ৰুক্ষতা, সংশয় আদিয়ে গ্ৰাস কৰিলে সহজ-হােজা মানুহবােৰক। কবিতাটোৰ নামটোৰেই দৰাচলতে কবিয়ে পৰিৱৰ্তিত সময় আৰু সামাজিক জীৱনক সূচাইছে।

5. “মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰৰচিত দৃশ্যান্তৰ কবিতাটোৰ পৰা লােৱা হৈছে।

প্ৰসংগঃ কবিতাশাৰীৰ দ্বাৰা আধুনিকতাৰ ধামখুমিয়াত উটি-ভাহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবােৰৰ স্বৰূপ কবিয়ে প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ বৰ্তমান সময়ত আধুনিক জীৱনশৈলীৰে মানুহবােৰৰ শিক্ষা-দীক্ষা, আভিজাত্য, সকলাে দিশৰে উত্তৰণ ঘটিছে। মানুহবােৰ দিনে দিনে অধিক ব্যস্ত হৈ পৰিছে। কিন্তু এই শিক্ষা দীক্ষা, আভিজাত্য, ব্যস্ততা আদিৰ প্ৰতিযােগিতাত নামি মানুহে নিজৰ মানৱীয় গুণ, সৰলতা, আন্তৰিকতা, ভাতৃত্ববােধ সকলােবােৰ হেৰুৱাই পেলাইছে। মানুহবােৰ আত্মকেন্দ্ৰিক হৈ পৰিছে। বিপদে-আপদে কোনেও কাকো সহায় কৰিবলৈ আগ বাঢ়ি নাযায়। মানৱীয় মূল্যবােধৰ অৱক্ষয় ঘটি মানুহবােৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনােবা মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি নাযায়। ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা আধুনিক মানৱৰ এনে নিদাৰুণ স্থিতিৰ কথাকেই ক’ব খুজিছে।

6. যখৰ পােৱালীহঁতে কাক কোনে চায়। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকাৰ হৰেকৃষ্ণ ডেকাৰ ৰচিত দৃশ্যান্তৰ কবিতাটোৰ পৰা লােৱা হৈছে।

প্ৰসংগঃ যখৰ পােৱালিহঁতে কাক কোনে চায়। ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা ৰচিত দৃশ্যান্তৰ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

ব্যাখ্যাঃ আধুনিক জীৱনৰ নিঃসংগতাবােধৰ বিষয়ে বুজাবলৈ গৈ বিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে। এগৰাকী বয়সে গৰকা মানুহ। ২৫ বছৰ আগেয়ে তেওঁ বাস কৰিছিল গাঁৱৰ এটা পঁজাত। আত্মীয়তাবােধ আৰুসৰল মৰমৰ মাজত সুন্দৰ আৰুশান্তিৰ জীৱন কটাইছিল তেওঁ। এতিয়া তেওঁ থাকে সাত মহলীয়া অট্টালিকাত। গাঁৱখন এতিয়া নগৰত পৰিণত হ’ল। মানুহ বাঢ়িল অথচ কমিল আত্মীয়তা। নাবাঢ়িল আন্তৰিকতা, বৰং ইজনে আনজনক সন্দেহৰ চকুৰেহে চোৱা হ’ল। ফলত এজনৰ সুখ-দুখত বিচাৰিলেও কাকো নােপােৱা হ’ল।সকলাে মৰমৰ আৰু বিশ্বাসৰ অভাৱী লােক।

READ MORE  অৰুণিমা সিনহা | Chapter 10 | Class 10 Assamese - SEBA

যিদৰে কৃপণৰ ধন কোনাে কামত নালাগে, একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰাে একো মূল্য নাই। আকৌ, যখ হ’ল পুতি থােৱা গুপ্ত ধন ৰখি থকা অপ-দেৱতা। সাতমহলীয়া ঘৰটোত বাস কৰা লােকসকলেও ধন-সােণ উপাৰ্জন কৰি যখৰ দৰে ৰখি থাকিবহে জানিছিল। কাৰােবাৰ বিপদত সহায় কৰাটো দূৰৈৰে কথা, মৰিলে দাহ কৰিবলৈ যাবলৈ বা এটকা দিবলৈও তেওঁলােক অনিচ্ছুক আছিল। ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে অট্টালিকাৰ বাসিন্দাসকলৰ এনে মানসিকতাকেই প্ৰতিফলিত কৰিছে।

7. “এই কংক্ৰীটৰ হাবিখনত তেওঁক বিচাৰি নাপালাে আৰু”। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰহৰেকৃষ্ণ ডেকাৰ ৰচিত দৃশ্যান্তৰ কবিতাটোৰ পৰা লােৱা হৈছে।

প্ৰসংগঃ কবিয়ে কথাশাৰীৰ জৰিয়তে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবােৰ ধ্বংস কৰি মানুহে ঘৰ-দুৱাৰ সাজি কিদৰে সেউজীয়া অৰণ্যক কংক্ৰীটৰ হাবিলৈ পৰিৱৰ্তন কৰিছে তাকেই প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক, সামাজিক পৰিৱেশ আদিও সলনি হয়। এসময়ত সেউজীয়া অৰণ্যৰে ভৰা প্ৰাকৃতিক পৰিৱেশত থাকিবলৈ ভালপােৱা সহজ সৰল মনৰ মানুহবােৰে সময়ৰ লগে লগে একোখন শিল-বালি ইটাৰে গঢ়ি তােলা চহৰ বুলি কোৱা কংক্ৰীটৰ হাবিত বাস কৰিবলৈ আগ্ৰহী হৈ উঠিল। যিদৰে চহৰখন কংক্ৰীটেৰে গঢ়ি উঠিল একেদৰে মানুহৰ মনবােৰেও আগৰ সহজ-সৰল কোমল ৰূপৰ সলনি কংক্ৰীটৰ দৰে কঠিন কঠোৰৰূপ ধাৰণ কৰিলে। মানুহে মানুহক চিনি নােপােৱা হ’ল। ভালদৰে এটা মুহূৰ্ত ৰৈ কোনেও কাৰাে মনৰ বতৰা নােলােৱা হ’ল।

সেয়ে হয়তাে কবিয়ে তেওঁক ভাৰাঘৰ বিচাৰি অহা বুলি সােধা মানুহজনক এটা মুহূৰ্তৰ পিছতে পুনৰ বিচাৰি নাপালে, তেওঁ যেন কংক্ৰীটৰ হাবিখনত লুকাই পৰিছিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পােৱা নাযায় একেদৰে কবিয়েও কংক্ৰীটৰ গগনচুম্বী অট্টালিকাৰ হাবিৰ মাজত লুকাই পৰা তাহানিৰ কোমল অন্তৰৰ মানুহজনক পুনৰ বিচাৰি নাপালে। অৰ্থাৎ মানৱীয়তা, আন্তৰিকতা, সৌহাৰ্দ্যতা আদি নথকা ঠাইত মানুহে কেতিয়াও সুখত থাকিব নােৱাৰে।কংক্ৰাৰ অট্টালিকাৰ মাজত যেন মানুহবােৰেও মানৱীয়তা হেৰুৱাই পশু সদৃশ হৈ পৰিছে।

8. “ভাৰাঘৰ বিচাৰি আহিছা।
এই কুবেৰৰ মহলাত! ক’ত পাবা।
আৰু পালেও কি শান্তিত থাকিবা ইয়াত।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰহৰেকৃষ্ণ ডেকাৰ ৰচিত দৃশ্যান্তৰ’কবিতাটোৰ পৰা লােৱা হৈছে।

প্ৰসংগঃ কবিয়ে কথাশাৰীৰ জৰিয়তে বৰ্তমান সময়ত মানুহে বাস কৰা ঘৰবােৰ ডাঙৰ হৈ আহিলেও মানুহৰ মনবােৰ যে দিনে দিনে ঠেক হৈ তাৰ পৰা মানৱীয় গুণ তথা প্ৰকৃত শান্তি নােহােৱা হৈ পৰিছে তাকে প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ কবিক ভাৰাঘৰ বিচাৰি যােৱা মানুহ বুলি ভাবি সাতমহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে কুবেৰৰ মহলাত ভাৰাঘৰ পােৱাৰ সম্ভাৱনানাই আৰু পালেও শান্তিত থাকিব নােৱাৰিব বুলি কৈছিল। ইয়াত বৃদ্ধ মানুহজনে কবিক ভাৰাঘৰ নাই বুলি কওঁতে কেৱল ভাৰাঘৰৰ কথাকে কোৱা নাই, তেওঁ ঘৰটোত থকা মানুহবােৰৰ মনবােৰকো বুজাইছে। অৰ্থাৎঘৰটো বিশাল হলেও তাত থকা মানুহবােৰৰ মনবােৰ ইমান ঠেক যে তাত কোনাে মানৱীয় গুণ নাই। ধনৰ ৰজা কুবেৰৰ দৰে ধন ঐশ্বৰ্য্য লাভৰ তাড়না ইমানে বেছি যে তেওঁলােকৰ কোনাে কথাত আত্মসন্তুষ্টিনাই। গতিকে যি স্থানত ইমানবােৰ আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ মানুহে বাস কৰে আৰু যি নিজেই প্ৰকৃত সুখৰ পৰা বঞ্চিত, তেনে স্থানত আন মানুহে শান্তিত থাকিব নােৱাৰিব বুলি তেওঁ ক’ব বিচাৰিছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top