বিষাদ যােগ | Chapter 15 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 15 Notes | SEBA Class 10 HSLC Assamese Chapter 15 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 15 বিষাদ যােগ | HSLC Assamese Questions and Answers Assam


বিষাদ যােগ
(শ্রীভট্টদেৱ)

Very Short Type Questions and Answers (Marks : 1)

1. মহাৰথী কাক বােলে?
উত্তৰঃ যিয়ে দহ হেজাৰ ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বােলে।

2. সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৰ দেখি শংখ,ভেৰী,আনক, গােমুখ আদিৰণবাদ্যৰ মহাশব্দ হৈছিল।

3. ধৃতৰাষ্ট্ৰহ কাৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধৰ বিৱৰণ শুনিছিল?
উত্তৰঃ ধৃতৰাষ্ট্ৰই সঞ্জয়ৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।

4. ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল?
উত্তৰঃ ধৃষ্টদ্যুম্ন দ্ৰুপদৰ পুত্ৰ আছিল।

5. সভাৰ পত্ৰৰ নাম কি আছিল?
উত্তৰঃ সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু।

6. ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম হ’ল বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য্য।

7. অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰঃ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ’ল ভট্টদেৱ বা বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত কি ভট্টাচাৰ্য।

8. “বিষাদ যােগ” পাঠটো ক’ৰ পৰা লােৱা হৈছে?
উত্তৰঃ “বিষাদ যােগ” পাঠটো ভট্টদেৱৰ “কথা গীতা” পুথিখনৰ পৰা লােৱা হৈছে।

9. পাণ্ডৰসকলৰ পিতৃ কোন আছিল?
উত্তৰঃ পাণ্ডৱসকলৰ পিতৃ আছিল পাণ্ডু।

10. কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম কি আছিল?
উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম আছিল পাঞ্চজন্য।

11. ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম হ’ল –“কথা-গীতা” আৰু “কথা ভাগৱত”।

12. পান্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম কি কি আছিল?
উত্তৰঃ পান্ডু পুত্ৰ পঞ্চপাণ্ডৱসকলৰ নাম আছিল যুধিষ্ঠিৰ, ভীম, অৰ্জুন,নকুল আৰু সহদেৱ।

Short Type Questions and Answers (Marks : 2/3)

1. “মােৰ পুত্ৰসৱ পান্ডুপুত্ৰসৱ ধৰ্মভূমিকুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হুয়া কিকৰ্ম কৰিলা” – এই কথাষাৰ কোনে, কাক,কেতিয়া আৰু কিয় সুধিছিল?
উত্তৰঃ উক্ত কথাষাৰ মহাৰাজ ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছিল যেতিয়া ৰাজ্য লাভৰ বাবে কুৰুক্ষেত্ৰত পাণ্ডৱসকল আৰু কৌৰৱসকল যুদ্ধত অৱতীৰ্ণ হৈছিল। ধৃতৰাষ্ট্ৰইচকুৰে নেদেখিছিল, সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ পৰা আঁতৰত হস্তিনাপুৰত থাকিয়ে বিদূৰৰ ও মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।

2. “ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষৌহিনী সেনায়াে। পাণ্ডৱ সমে বুঝি সমৰ্থ হেন প্ৰকাশ নকৰিলা” – কোনে, কাক আৰু কিয় কি কৈছিল?
উত্তৰঃ উক্ত কথাষাৰ দুৰ্যোধনে তেওঁৰ গুৰু দ্ৰোণাচাৰ্যক কৈছিল যেতিয়া পাণ্ডৱ পক্ষত যুঁজ দিবলৈ অহা বীৰসকলৰ ৰণকৌশল দেখিছিল। দুৰ্যোধনে পাণ্ডৱৰ বীৰসকলক দেখি চিন্তিত হৈছিল কাৰণ ভীষ্ম পিতামহ, গুৰু দ্ৰোণাচাৰ্য্য, কৰ্ণৰ দৰে বীৰসকল আজ কৌৰৱৰ পক্ষত থকাৰ পিছততা, ভীষ্মক প্ৰধান সেনাপতি হিচাপে ৰখাৰ পিছততা ৰ পাণ্ডৱসকলক পৰাস্ত কবি পৰা নাছিল। সেয়ে তেওঁ গুৰু দ্ৰোণাচাৰ্য্যক উক্ত কথাষাৰ ক) কৈছিল।

READ MORE  উদ্যোগী হওঁ আহা | Chapter 6 | Class 10 Assamese - SEBA

3. আততায়ী কাক বােলে?
উত্তৰঃ যিয়ে বিষ দি, গৃহত অগ্নি সংযােগ কৰি, ধন সম্পত্তি কাঢ়ি নি,ৰাজ্যকাঢ়ি নি, ভাৰ্যাক অপকাৰ কৰি, অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বােলে।

4. কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে— গুৰু দ্ৰোণাচাৰ্য্য, ভীষ্ম, কৰ্ণ, কৃপঅগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সােমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।

5. অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰখন ৰাখিবলৈ কিয় কৈছিল?
উত্তৰঃ অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰখন ৰাখিবলৈ কৈছিল। যিসকল লােকৰ সৈতে অৰ্জুনে যুদ্ধ কৰিবলৈ আহিছে তেওঁলােক নিজৰ আত্মীয়-স্বজন। গতিকে সেইসকল আত্মীয়-স্বজনৰ মুখবােৰ তেওঁ চাব বিচাৰিছিল।

6. কুলক্ষয় দোষ কি?
উত্তৰঃ কুলক্ষয় দোষ মানে হ’ল – কুলক্ষয় হলে কুলধৰ্ম নষ্ট হ’ব, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলস্ত্ৰীসকল বিপথে যাব। স্ত্ৰীসকল বিপথে গলে বৰ্ণসঙ্কৰ হ’ব। কুল নৰকত যাব। তেতিয়া পিতৃসকলৰ লুপ্ত পিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই দোষত সকলাে জাতিধৰ্ম, কুলধৰ্ম,বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবােৰ নৰকত বাস কৰিব।

7. কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষই কি কি শংখ বজাইছিল?
উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষৰ শ্ৰীকৃষ্ণই পাঞ্চজন্য শংখ, অৰ্জুনে দেৱদত্ত শংখ, ভীমে পৌণ্ড্ৰক নামৰ শংখ, যুধিষ্ঠিৰে অনন্ত নামৰ মহাশংখ, নকুলে সুঘােষ শংখ আৰু সহদেৱে মণিপুষ্পক শংখ বজোৱাৰ লগতে বাকী বীৰসকলেও পৃথক পৃথক শংখ বজাইছিল।

8. অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােকক দেখা পাই, শ্ৰীকৃষ্ণক কি কৈছিল তােমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ যুদ্ধক্ষেত্ৰলৈ গৈ অৰ্জুনে প্ৰথমে ভীষ্ম, দ্ৰোণক দেখিলে। তাৰ পাছত ক্ৰমে পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ পৌত্ৰ, সখি, শহুৰ সুহৃদসকলক দেখা পালে। এইসকলে যুদ্ধৰ বাবে সাজ হােৱা দেখিতেওঁ আৱেগিক হৈ পৰিল। কৃষ্ণক ক’লে যে এই জ্ঞাতি ভাইসকল যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত-ভৰি ভাঙি যাবলৈ ধৰিছে, মুখ শুকাই যাব ধৰিছে, শৰীৰ কঁপিছে আৰু নিজে লজ্জাবােধ কৰিছে।

9. কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে আলােচনা কৰা।
উত্তৰঃ কুলক্ষয় হলে কুলধৰ্ম নষ্ট হ’ব, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰী বিপথে গলে বৰ্ণসংকৰ হ’ব আৰু কুলনৰকত যাব। তেতিয়া আকৌ পিতৃসকলৰ লুপ্তপিণ্ডসমূহ জলাঞ্জলিহীন হৈপৰিব।এনে দোষৰ বাবে সকলাে জাতিধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্মনষ্ট হৈ মানুহবােৰ নৰকত বাস কৰিব লাগিব। সেয়ে কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে।

10. অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কিয় কৈছিল?
উত্তৰঃ অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈদুৰ্যোধনৰ কৌৰৱৰ পক্ষত যুঁজিবলৈ অহাবীৰসকলৰ মাজত নিজৰ পিতৃতুল্য পিতামহ ভীষ্ম, আচাৰ্য্য দ্ৰোণাচাৰ্য, ভাতৃ, মাতুল, পুত্ৰ, সখি, শহুৰ, বন্ধুসকলক দেখা পাই তেওঁলােকৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হােৱাত সােকত মৰ্মাহত হৈ পৰিছিল। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছিল। তেওঁ নিজৰ প্ৰাণৰৰ প্ৰাণৰ আত্মীয়সকলক বধ কৰি যুদ্ধত জয়ী হৈ ৰাজ্য সুখ ভােগ কৰাৰ কোনাে বাঞ্চা কৰা নাছিল আৰু তেওঁৰ মনক এই যুদ্ধৰ বাবে প্ৰস্তুত কৰিব পৰা নাছিল। সেয়ে অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কৈছিল।

READ MORE  মই অসমীয়া | Chapter 4 | Class 10 Assamese - SEBA

11. কুৰুক্ষেত্ৰৰ যুদ্ধকাৰকাৰ মাজত হৈছিল? এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজাৰীসকল কোন কোন আছিল?
উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজাবীসকল আছিল পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ, ভীম, অৰ্জুন,নকুল আৰু সহদেৱৰ লগতে দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্ন,সাত্যকি, বিৰাট, চেকিতান,কাশীৰাজ,পুৰুজিত, কুন্তীভােজ, যুধামনু, দ্ৰৌপদীৰ পঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু।

Long Type Questions and Answers (Marks : 4)

1. তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰঃ কৌৰৱসকলৰ যুদ্ধ উৎসৱ ঘােষণাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘােষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰৰথত উঠি কৃষ্ণ অৰ্জুনে দিব্য শংখ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘােষ আৰুসহদেৱেমণিপুষ্পকনামৰ শংখবজালে। আনহাতে কাশীৰাজ,সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ পাঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যুহঁতেও নিজ নিজ শংখ বজালে। এই শংখৰ মহাশব্দ গােটেই পৃথিৱীতে বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাব জাগ্ৰত হ’বলৈ ধৰিছিল। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধ উৎসৱৰ আৰম্ভণি কৰিছিল।

2. “জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তােমাৰ কথাৰে লিখা।
উত্তৰঃ উদ্ধৃত কথাফাকি সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ .. আত্মীয়স্বজনসকলৰ সৈতে যুদ্ধ কৰিব লগীয়াত পৰিছিল তেতিয়া তেওঁৰ মনত নানা প্ৰশ্নৰ অৱতাৰণা হৈছিল। তেওঁ আৱেগিক হৈ পৰিছিল। নিজৰ আত্মীয়স্বজনক বধ কৰি তেওঁ ৰাজ্যভাৰ আৰু মহাসুখ বাঞ্ছা কৰা নাছিল।

যদিও কৌৰৱসকলে আততায়ীৰূপ লৈছে, লােভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপি যদি তেওঁলােকৰ সৈতে মই যুদ্ধ কৰোঁ ময়াে মহাপাপত পৰিম। তাতকৈ যুদ্ধক্ষেত্ৰত মই অস্ত্ৰ নধৰি মৌন হৈ থাকিম। যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মােক বধ কৰে সেয়াই মােৰ বাবে ভাল হ’ব। অন্ততঃ এই মহাপাপ নহ’ব। এনেদৰে কৃষ্ণক অৰ্জুনে কৈ ধনুশৰ এৰি কাপ কপিৰথৰ ওপৰত বহি পৰিল।

3. ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। সংস্কৃত আৰুকথিত অসমীয়া শব্দৰে তেওঁৰ ৰচনাসমূহ লিখিত। ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাও গুৰু গম্ভীৰ হােৱা দেখা যায়। তেওঁৰ বাক্যবােৰ চুটি চুটি। তেওঁৰ ৰচনাত কথিত ভাষাৰ লগত প্ৰচুৰ তৎসম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়ােগ হােৱাৰ ফলত কেতিয়াবা ভাষাটো বহু পৰিমাণে কৃত্ৰিম হােৱা পৰিলক্ষিত হয়। ভট্টদেৱৰ ৰচনাত জতুৱা ঠাচৰব্যৱহাৰনাইবুলিয়েইকবপাৰি। তেখেতৰ ৰচনাত মই, মােক,মােৰ আদিৰ সলনি স্থানভেদে পুৰণি অসমীয়া শব্দ মই, আমি, আমাক, আমাৰ আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদি ব্যৱহাৰ কৰা দেখা যায়।

সাধাৰণতে ভট্টদেৱে উপমা, জতুৱা ঠাঁচ বা ৰচনাৰ ঘৰুৱা ৰীতি প্ৰয়ােগ নকৰি পােনপটীয়াভাৱে গুৰুগম্ভীৰ ভাষাৰে গীতা-ভাগৱতৰ দাৰ্শনিক তথ্যবােৰ চমুকৈ বুজাই দিবলৈ চেষ্টা কৰিছিল। সেইবুলি তেওঁ ভাষাটো যে একেবাৰেনীৰসহ’বলৈ দিছে তেনে নহয়; তেওঁ বৰ্ণনাৰ মাজে মাজে প্ৰশ্ন সােধা তাৰ উত্তৰ দিয়া আৰু ঠায়ে ঠায়ে কথােপকথনৰ সৃষ্টি কৰি পঢ়িবলৈ বেছি আকৰ্ষণীয় কৰি তােলাও দেখা যায়।

READ MORE  কানাইৰ চাতুৰী | Chapter 13 | Class 10 Assamese - SEBA

4. গাণ্ডীৱধাৰী অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক কি কৈছিল নিজৰ ভাষাত লিখা।
উত্তৰঃ গাণ্ডীৱধাৰী অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰথমতে কুৰুক্ষেত্ৰত উপস্থিত হৈ কৌৰৱসকলৰ পক্ষত যুঁজা বীৰসকলক চোৱাৰ ইচ্ছাৰেৰন্থখন দুয়াে পক্ষৰ সেনাৰ মাজত ৰখাবলৈ কৈছিল। অৰ্জুনে কুৰুবীৰসকলৰ মাজত ভীষ্ম পিতামহ, গুৰু দ্ৰোণাচাৰ্য আদিক দেখি শােকত বিচলিত হৈ শ্ৰীকৃষ্ণক কৈছিল যে নিজৰ আত্মীয়সকলক যুঁজ দিয়াৰ বাবে যুদ্ধত উপস্থিত থকা দেখি তেওঁৰ হাত-ভৰি ভাঙি গৈছে, মুখ শুকাইছে, শৰীৰ কঁপিছে, গাৰ নােম শিহৰি উঠিছে। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে। তেওঁ যুদ্ধ কৰিব নােৱাৰে মনত মহাভ্ৰম হৈছে, যত সব বিমংগল হােৱাহে দেখিছে। তেওঁ যুদ্ধত স্বজনক বধ কৰাৰ কোনাে ফল নেদেখে, তেওঁ এনে বিজয়ৰ আশা কৰে আৰু এনে ৰাজ্যসুখ ভােগ কৰাৰাে তেওঁৰ কোনাে বাঞ্ছা নাই।

যি আত্মীয় সকলক ত্ৰৈলােক্য ৰাজ্যৰ বাবেও বধ কৰিব নােৱাৰে তেনে আত্মীয় পৃথিৱীৰ বাবে বৰ্ধক কি বুলিব। অৰ্জুনে তেওঁলােকৰ বিৰুদ্ধে যুঁজিব নােৱাৰে, তেওঁলােকে যদি পাণ্ডৱক মাৰেও মাৰক। ইয়াৰ পাছতত যদি লােভত পৰি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপক নেদেখে, তথাপি পাণ্ডৱে সেই পাপ দেখি পাপত নিবৃত্ত নহয়। ৰাজ্য সুখৰ বাবে স্বজনক বধিব উদ্যত হৈ মহাপাপকৰা বুলি অৰ্জুনে ভাবে। সেয়ে অস্ত্ৰ নধৰি তেওঁ মৌন হৈ থাকিব খােজে লাগিলে দুৰ্যোধনতে অস্ত্ৰ ধৰি অৰ্জুনক মাৰি নেপেলাওক কিয়।।

5. পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কি কৈছিল?
উত্তৰঃ পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কৈছিল যে হেআচাৰ্য, পাণ্ডৱসকলৰ বিশাল সেনা চোৱা, দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু পাতি আছে। ভীমাৰ্জুনৰ দৰে ধনুৰ্ধৰ বীৰসকল আছে। সকলােৱে মহাৰথী যি একেলগে দহ হাজাৰ ধনুৰ্বীৰৰ সৈতে যুঁজিব পাৰে। আমাৰ পক্ষতাে নানা অস্ত্ৰত পাৰ্গত, যুদ্ধত বিশাৰদ বীৰ আছে। তথাপি এই বীৰ সকল আমাৰ পক্ষত থকাৰ পিছতাে, ভীষ্ম পিতামহক প্ৰধান সেনাপতি হিচাপে ৰখাৰ পিছত আমাৰ একাদশ অক্ষৌহিনী সেনায়াে পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ প্ৰকাশ কৰা নাছিল। আপােনালােকে ভীষ্ম পিতামহক সাৱধানে থাকি ৰক্ষা কৰিব। ভীষ্ম পিতামহৰ জীৱনেই আমাৰ জীৱন।

6. ভট্টদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত ভট্টদেৱৰ স্থান অতিশয় গুৰুত্বপূৰ্ণ। তেওঁৰ হাততেই অসমীয়া গদ্যসাহিত্যই জন্ম লাভ কৰে। ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ আছিল। তেওঁ নিজৰ পাণ্ডিত্য গুণৰ বাবে “কবিৰত্ন” আৰু “ভাগৱত ভট্টাচাৰ্য” উপাধি লাভ কৰিছিল। ভট্টদেৱে অসমীয়া আৰু সংস্কৃত দুয়ােটা ভাষাতে যি গদ্য আৰু পদ্য ৰচনা কৰি থৈ গৈছে সেইবােৰ অসমীয়া সাহিত্যৰ ইতিহাসত চিৰদিন জিলিকি আছে।

তেওঁৰ মুখ্য ৰচনাৰাজি হ’ল—“শ্ৰীভাগৱত কথা”, “গীতা কথা” বা “কথা-গীতা”, “ৰত্নাৱলীকথা”, “শ্ৰীমদভক্তিৱিবেক”, “ভক্তিসাৰ’, “প্ৰসংগ-মালা”, “গুৰু বংশাৱলী”, “শৰণমালিকা”, “ভাগৱতাধিকৰণ” আৰু “বিষ্ণু-সহস্ৰনাম। ও ইয়াৰে “শ্ৰীভাগৱতকথা”, “গীতা কথা” আৰু “ৰত্নাৱলী কথা” গদ্যত ৰচিত।

আনহাতে শ্ৰীমদ্ভক্তিবিৱেক, ভক্তিসাৰ, শৰণমালিকা আৰু ভাগৱতাধিকৰণ সংস্কৃত ভাষাত ৰচিত। তদুপৰি কবিৰত্ন বা ভট্টদেৱৰ ভণিতাৰে “নন্দোৎসৱ”নামৰ ঘােষা এখনিও পােৱা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top