আপোন ভালেই জগত ভালঃ নিজে যদি সৎ হৈ সকলোৰে লগত ভালভাবে চলা যায় তেতিয়া আনেও তেওঁৰ লগত সৎ হৈ ভাল ভাবেৰে চলিবলৈ বাধ্য হয়। যি কাৰো অপকাৰ নকৰে, যি আনৰ ওচৰত মিষ্টভাষী আৰু নম্ৰ হৈ চলে, সি সদায় আনৰ উপকাৰ সাধন কৰে, তেনে লোকক কোনেও অপকাৰ কৰিব নোৱাৰো।
আনেও তেওঁক সদায় নম্রতাৰে ব্যৱহাৰ কৰিব আৰু তেওঁৰ আপদ-বিপদত আনেও তেওঁৰ উপকাৰ আৰু সহায়ৰ কাৰণে আগবাঢ়ি আহে। গতিকে নিজে ভাল হ’লে গোটেই জগতখনেই ভাল হৈ পৰে আৰু নিজে বেয়া হ’লে জগতখনো তেওঁৰ কাৰণে বেয়া হৈ পৰে।