মোৰ প্ৰিয় সাহিত্যক ৰচনা – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

মোৰ প্ৰিয় সাহিত্যক ৰচনা – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰচনা | লক্ষ্মীনাথ বেজবৰুৱা ৰচনা | Mor Priya Sahityik Lakshminath Bezbaruah Essay | My Favourite Writer Laxminath Bezbaruah Essay | Laxminath Bezbaruah Essay in Assam | Class 10 and 12 Essay Laxminath Bezbaruah


মোৰ প্ৰিয় সাহিত্যক ৰচনা – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

আৰম্ভণিঃ নতুন পৃথিৱীৰ নতুন দিগন্তত, ন চকু যুৰিত দীপ্তি ঢালি লৈ, পুৰণি পৃথিৱীক ন দৃষ্টিৰে চাই অসমীয়া ভাষা-সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে যেনে বিনন্দীয়াকৈ লক্ষ্মীনাথ বেজবৰুৱা দেৱে সজাই থৈ গ’ল, তাৰ দৃষ্টান্ত অতি বিৰল।

জন্মঃ ১৮৬৪ চনৰ কাতি মাহৰ লক্ষ্মী পূর্ণিমাৰ চন্দ্ৰমাৰ স্নিগ্ধ-মধুৰ জ্যোৎস্না ভৰা শুভ পৱিত্ৰ লগ্নত “ভূমিষ্ঠ নহৈ নৌকাস্থ হােৱা”, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ পুত্র লক্ষ্মীনাথে যি জ্যোতিৰ মালাৰে পৰিবৃত হৈ জন্মগ্রহণ কৰিছিল, সেই জ্যোতিৰ মালাৰেই অসমীয়া ভাষা-সাহিত্যৰ জগৎ উদ্ভাসিত কৰি থৈ গৈছে।

শিক্ষাঃ পিতৃ-মাতৃৰ বৈষ্ণৱাদৰ্শই শৈশৱৰেপৰা বেজবৰুৱাক প্ৰভাৱাম্বিত কৰিছিল। তেওঁ তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বেৰে উত্তীর্ণ হৈ কলিকতাত প্রথমে ৰিপন কলেজত আৰু পাছত চিটি কলেজত পঢ়ি ফাৰ্ষ্ট আর্ট আৰু বি. এ. পাছ কৰে। তাৰ পাছত এম. এ. আৰু আইন অধ্যয়ন কৰে যদিও ডিগ্রী নােহােৱাকৈ অধ্যয়ন সমাপ্ত কৰে। ইংৰাজ চৰকাৰে তেওঁকে মুন্সি পদ যাচিছিল যদিও তেঁও তাক প্রত্যাখ্যান কৰি স্বাধীনতা-প্ৰয়াসী উচ্চ মনৰ পৰিচয় দিছিল। কলিকতাত থকা কালতে বেজবৰুৱা দেৱে কলিকাতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্রজ্ঞাসুন্দৰী দেৱীৰ লগত বিবাহ-পাশত আৱদ্ধ হয়।

জোনাকীঃ বেজবৰুৱাৰ কলিকতীয়া জীৱনে আনে তেওঁলৈ সাহিত্য সাধনাৰ অফুৰন্ত শক্তি আৰু অনুপ্ৰেৰণা। “ৰােমান্টিক কাব্যদর্শনৰ ত্ৰিমুত্তী”—বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামীৰ কলিকতাত মিলন অসমীয়া সাহিত্য জগতলৈ সৌভাগ্যৰ পটভূমি। তেওঁলােকৰ প্ৰচেষ্টাত প্রতিষ্ঠিত হয় অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু উদয় হয় মুখপত্র “জোনাকী”। জোনাকীয়ে অসমলৈ কঢ়িয়াই আনে নৱজাগৰণ। কাব্য, গল্প, উপন্যাস, প্রবন্ধ, কবিতাৰে ৰৌজাল-বৌজাল হৈ জোনাকীয়ে অসমৰ বুকুত শিহৰণ তুলিছিল।

সাহিত্য সাধনা/হাস্যৰসপূৰ্ণ সাহিত্যঃ বেজবৰুৱা আছিল ত্রি-মূৰ্ত্তিৰ ভিতৰত সব্যসাচী। লঘু অথচ মধুৰ হাস্যৰসৰ ভঁৰাল ‘লিটিকাই’-ৰে সাহিত্যিক জীৱনৰ পাতনি মেলি ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপালা’, ‘নােমল। পাচনি’ আদিৰে অসমৰ বুকুত হাঁহিৰ ৰােল তােলাৰ মাজেদি, কানীয়া, সােৰােপা, ধােদ অসমীয়া জাতিটোৰ অন্তৰত সঞ্জীৱনী সুধা ঢালি প্রাণৰ সঞ্চাৰ কৰালে। বিশেষকৈ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা”-টো মেলি অসমীয়া জাতিক মৰমৰ বিদ্রপ বাণীৰে থকা-সৰকা কৰি জাতীয় চেতনা জগাই তুলিলে। হাঁহিব নজনা অসমীয়া জাতিক তেখেতেই সর্ব প্রথমে নিষ্কলুষ হাস্য ৰসৰ সন্ধান দিয়ে। 

READ MORE  মোৰ প্ৰিয় গ্ৰন্থ ৰচনা - চিৰাজ | Mor Priya Grantha Chiraj Essay

কবিতাঃ ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি ৰচনা কৰা কবিতাবােৰ “কদম কলি’ পুথিত সন্নিবিষ্ট কৰা গৈছে। এই কবিতাবিলাকৰ কেইটিমান কবিতাই এফালে যেনেকৈ বেজবৰুৱাৰ স্বাধীন-চিতীয়া, স্বদেশপ্রেমিক অন্তৰ এখনত গুজৰি গুমৰি উঠা জাতীয় গৌৰৱগাঁথা ৰূপে শ্রেষ্ঠতা দাবী কৰিব পাৰে, সেইদৰে কবিতা হিচাপেও শ্রেষ্ঠতা দাবী কৰিব পাৰে। বীণ বৰাগী, অসম সঙ্গীত আদি এনে শ্রেষ্ঠ কবিতাৰ নিদর্শন। এই কবিতা স্বদেশ প্রেমমূলক “কবিতা কেইটিত আক্ষেপ নাই, নৈৰাশ্য নই, অৱসাদ নাই।

সিবােৰত এটি সঞ্জীৱনী শক্তি বিৰাজ কৰিছে।” “ধনবৰ আৰু ৰতনী”, “ৰতনীৰ বেজাৰ” আদি গাঁথা কবিতা কেইটা ৰােমান্টিক ভাব-ধাৰাৰ অনুভূতিশীলতা, ভাব-প্ৰৱণতা, প্রকাশ ভঙ্গিমাৰ লীলায়িত গতি আৰু সংবেদনশীলতাৰ চূড়ান্ত নিদর্শন। বেজবৰুৱাৰ সকলােবােৰ কবিতাতে ছন্দোময় লাস্যময়ী সুৰৰ ঝঙ্কাৰ নাথাকিব পাৰে, তথাপি তেওঁৰ কবি-হৃদয়ৰ দুৱাৰ খুলি অফুৰন্ত ভাবৰাশি চিব প্রবাহমান বলিয়া লুইতৰ তৰঙ্গমালাৰ দৰেই বৈ আছে।

উপন্যাসঃ বেজবৰুৱাৰ একমাত্র উপন্যাস ‘পদুম কুঁৱৰী” য়ে হৰদত্ত আৰু বীৰদত্তৰ স্বদেশ প্রেমৰ মনােৰম সাক্ষ্য বহন কৰি এখনি উপভােগ্য উপন্যাস বুলি পৰিগণিত হৈছে।

বাঁহী সম্পাদনাঃ তেখেতৰ আলােচনী “বাঁহী”য়ে পঞ্চমত সুৰ তুলি লুইতৰ বুকুত উখল-মাখলৰ সৃষ্টি কৰি অসমীয়া জাতিক সাহিত্যৰ সুৰেৰে বিমােহিত কৰিছিল, লগতে হাজাৰ হাজাৰ লােকৰ প্রাণত সাহিত্যৰ সৃষ্টি কৰিছিল। “বাহী”য়ে অসমীয়া জাতিক আকৌ এবাৰ ন-কৈ “কাহুদী আৰু খৰলী”ৰ সােৱাদ দি জাতীয় চেতনা জগাই তুলিছিল। “কামত কৃতিত্ব লভিবৰ সঙ্কেতে” যে অসমীয়া জাতিৰ অন্তৰত কৰ্ম্ম-প্রেৰণ জগাই তুলিছিল। 

“সাধু কথাৰ কুঁকি”, “বুঢ়ী আইৰ সাধু”, “ককা দেউতা আৰু নাতি ল’ৰা” – তেখেতৰ মনোৰম সাধু কথাৰ পুথি। সাধুকথাবোেৰ এনে শুৱলা আৰু হৃদয়স্পর্শী যে এইবােৰে লৰা-বুঢ়া-ডেকা সকলােকে সমানে আমােদ দিয়াৰ লগতে তাপিত হৃদয়ত দয়া, ক্ষমা, কৰুণা আৰু সহানুভূতি জগাই তুলি শান্তিৰ বাণী শুনায়।

স্বদেশ প্ৰেমঃ স্বদেশ আৰু স্বজাতিৰ প্রতি তেখেতৰ ভালপােৱা কিমান গভীৰ সেই কথা তেখেতৰ প্রতিখন গ্ৰন্থৰ পাতে পাতে, আখৰে আখৰে মূৰ্তভাৱে প্ৰকাশ পাইছে। তেখেতে সদায় অসমীয়া জাতিক চিঞৰি চিঞৰি কৈছে; “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মঙ্গল-মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।” তেখেতে খাওঁতে, শোওঁতে, সুদূৰৰ সম্বলপুৰৰ হাবিত কাঠ কাটোতেও অসমীয়া জাতিৰ মঙ্গলৰ কথাই চিন্তা কৰিছিল ; প্রতি মুহূর্তে তেওঁৰ দৃষ্টিপটত এখনি সুন্দৰ, ঐশ্বৰ্য্যময় অসমৰ মানচিত্রই প্রতিভাত হৈ উঠিছিল।

READ MORE  শিক্ষক দিৱসৰ ৰচনা - ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ | Teachers Day Essay

নাটকঃ “চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী”, “বেলিমাৰ” আদি ঐতিহাসিক নাটকৰ যােগেদি বেজুবৰুৱাই অসম-বুৰঞ্জীৰ একোটা উত্থানৰ গৌৰৱােজ্জ্বল অধ্যায়ৰ কাহিনী গৌৰৱমণ্ডিতকৈ পতনৰ কাহিনী কৰুণ । ব্যথা লগাকৈ দাঙি ধৰিছে। চৰিত্র চিত্রনত বেজবৰুৱা কেনে পাৰদৰ্শী তাৰ চূড়ান্ত নিদর্শন—জয়মতী কুঁৱৰী নাটকৰ—আজলী নাচনী-নাগিনী ছােৱালী ডালিমী। নগাপাহাৰৰ কুলু কুলু স্বৰে বৈ থকা এটি নিজৰাৰ পাৰৰ নাচি-বাগি আনন্দৰ, হাঁহিব খলকনিত পাহাৰৰ বুকুত স্নেহপাৰাবাৰ সৃষ্টি কৰা এটি উৰন্ত পখিলী।

চুটি গল্পঃ সুৰভী, জোনবিৰি, কেহোকলি, আদি তেখেতৰ আধুনিক গল্পৰ পুথি। চুটি গল্প লিখাতাে বেজবৰুৱা অতি সিদ্ধ হস্ত আছিল। “ভদবী”, “মুক্তি”, “লােভ” আদি গল্পৰ যােগেদি দৈনন্দিন জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, অনুভূতি আদি তেখেতে সুন্দৰভাৱে দাঙি ধৰিছে।

নানা প্ৰবন্ধ আৰু তত্ত্বমূলক ৰচনাঃ “কৃপাবৰ বৰুৱাৰ ওভতনি”, “ভাবৰ বুৰবুৰণি” আদি নানাবিধ প্রবন্ধৰ পুথি ভাব-গধুৰ ৰচনাৰ ভিতৰত “শঙ্কৰদেৱ”,  “শ্রীশঙ্কৰদেৱ আৰু মাধৱদেৱ”, “তত্ত্বকথা”, “কৃষ্ণকথা”—আদি বৈষ্ণৱ ভাব-ধাৰাৰ উচ্চ স্তৰৰ সুন্দৰ সুন্দৰ সমালােচনাৰ পুথি। এইবাবে “কাকতৰ টোপােলাৰে” বগৰাই বগৰাই মানুহক ইহুওৱা, “অন্যায়লৈ নগা যাঠি, ন্যায়লৈ কলচি”—যচা বেজবৰুৱাক উচ্চ দার্শনিক চিন্তাধাৰাসম্পন্ন মহা ধৰ্ম্মপৰায়ণ ব্যক্তি হিচাপে পৰিগণিত কৰিছে। 

“মােৰ জীৱন সোঁৱৰণ”—বেজবৰুৱাৰ কৰ্ম্মময়, জীৱনৰ হাঁহি কান্দোনৰ সােণালী স্বাক্ষৰ। সুন্দৰ কথন-ভঙ্গী, ৰসিকতাৰ মাজেদি তেওঁৰ জীৱন দাপােণত প্রতিফলিত হােৱা অসমীয়া জাতিটোৰ বিস্তাৰিত সামাজিক চিত্র চিত্রায়িত হৈছে এই আত্মজীৱনীখনত।

সাহিত্য সভাৰ সভাপতিঃ সাহিত্য সভাৰ সভাপতিৰ আসনৰপৰা অসমীয়া জাতিলৈ যিটি ভাষণ আগবঢ়ালে—সি যুগ যুগ ধৰি অসমীয়া জাতিক প্ৰেৰণা জগাই, ভাষা জননীলৈ যােড়শােপচাৰে নৈবেদ্য আগবঢ়োৱাত জ্যোতির্ময় পথ প্রদর্শন কৰি থাকিব আৰু স্বদেশ প্রেমেৰে উদ্বুদ্ধ কৰি ৰাখিব।

দাৰ্শনিক বক্তাঃ বৰোদাৰ মহাৰাজৰ দ্বাৰা আমন্ত্রিত হৈ বেজবৰুৱাই বৈষ্ণৱ ধৰ্ম্মৰ দর্শন সম্পর্কে। যিটো অতি ভাব-গম্ভীৰ, বিস্তৃত তথ্য সম্বলিত, উচ্চ পৰ্যায়ৰ আলেখ্য দাঙি ধৰিলে, সি বেজবৰুৱাক ভাৰতৰ কিয়, বিশ্বৰ শ্রেষ্ঠ সাহিত্যিক, দার্শনিক আৰু মানৱতাবাদী সকলৰ শাৰীত প্রতিষ্ঠা কৰালে।

তেওঁৰ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱন চৰিত—“ডাঙৰীয়া দীননাথ বেজবৰুৱা” গ্রন্থখনিও সােণত সুৱগা চৰােৱা এখনি মহৎ গ্রন্থ।

READ MORE  বিশ্ব পৰিবেশ দিৱস ৰচনা | World Environment Day Essay

স্বাধীনতা প্রিয়তাঃ বেজবৰুৱাই স্বাধীন ব্যৱসায়কে জীৱনৰ সম্বল কৰি লৈ প্রথমে অসমৰ বিখ্যাত সদাগৰ ভােলানাথ বৰুৱাৰ সৈতে কাঠৰ ব্যৱসায় কৰে। তাৰ পাছত তেওঁ বার্ড কোম্পানীত যােগদান কৰে। শেষত তেওঁ নিজাকৈ সম্বলপুৰত কাঠৰ ব্যৱসায় কৰে। স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতা বেজবৰুৱাৰ ব্যক্তিগত জীৱনৰ চূড়ান্ত জীৱন-দর্শন। 

সুদূৰ সম্বলপুৰৰ হাবিৰ মাজত থাকিও বেজবৰুৱাই শয়নে-সপােনে মাতৃভূমিৰে মঙ্গল কামনা কৰি দূৰৰপৰাই ৰিংমাৰি অসমীয়া জাতিক সাৱধান বাণী শুনাই মাতৃভূমিৰ সেৱাত ব্ৰতত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা যােগাইছিল। 

ভাষা-সাহিত্যৰ সব্যসাচীঃ জাতীয় গৌৰৱত চিৰ গৌৰৱান্বিত বেজুবৰুৱা চিৰদিন আশাবাদী আছিল আৰু সেয়েহে অসমীয়া বীৰ-বীৰাঙ্গনাসকলৰ গৌৰৱৰ জয়গান গাই, কেতিয়াবা হাঁহিৰে, কেতিয়াবা গালিৰে আৰু কেতিয়াবা ধর্মপ্রচাৰকৰ ভূমিকাৰে অসমীয়া জাতিৰ বুকুত প্রাণ সঞ্চাৰ কৰিবলৈ অমােঘ লিখনি-শক্তি লৈ সব্যসাচী ৰূপে থিয় দিছিল। অসমীয়া সাহিত্যৰ যিটো অঙ্গই অসম্পূর্ণ বা পয়ালগা অৱস্থাত দেখা পাইছিল ; তাৰেই পৰিপুষ্টিৰ বাবে বেজবৰুৱাই অহােপুৰুষাৰ্থ কৰিছিল। সেয়েহে আমি বেজবৰুৱাৰপৰা—গীত, নাটক, গল্প, কবিতা, উপন্যাস চুটি গল্প, সাধুকথা, জীৱনী, হাস্যৰসৰ টোপােলা, সমালােচনা সাহিত্য, ধৰ্ম্ম-তত্ত্বমূলক সাহিত্য, ভাব গধুৰ দার্শনিক তত্ত্বমূলক সাহিত্য আনকি কৰ্ম্ম-জীৱন গঢ়ি তুলিব পৰা সঙ্কেতমূলক সাহিত্য আদি সকলাে শ্রেণীৰ সাহিত্যিক অৱদান লাভ কৰি অসমীয়া ভাষা সাহিত্যক সুদৃঢ় ভেটিত গজগজীয়াকৈ প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছোঁ।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পাছত একমাত্র বেজবৰুৱাইহে ভাষা-সাহিত্যৰ সকলাে অঙ্গলৈকে অনবদ্য অৱদান আগবঢ়াই কেৱল ভাষা-জননীকে জীৱনৰ সকলাে শক্তি, সকলাে প্রজ্ঞা, মনীষাৰে সেৱা কৰি ষােড়শােপচাৰে মাতৃ পূজাৰ বেদী উপচাই থৈ গৈছে। সেয়েহে আমি এইজন ভাষা-সাহিত্যৰ একনিষ্ঠ পূজাৰীক ৰসৰাজ, সাহিত্যৰথী আৰু সাহিত্য সম্রাট উপাধিৰে বিভূষিত কৰি কৃতজ্ঞতা প্রদর্শন কৰিছোঁ। এজন মানুহেই সমাজৰপৰা এনেভাৱে স্বীকৃতিয়ে অলঙ্কৃত হােৱা লােক পৃথিৱীত বিৰল। 

সামৰণিঃ জন্মভূমিৰ প্রতি তেওঁৰ এনে অকৃত্রিম আৰু বিমল ভালপােৱা আছিল, যে জন্মভূমিৰ বুকুতহে তেওঁৰ পঞ্চভূতী দেহ পঞ্চভূতত মিলিত হৈ জন্মভূমিৰ উৎকর্ষতা বৃদ্ধি কৰাটো কামনা কৰিছিল। সেয়েহে ভাটি বয়সত সম্বলপুৰৰপৰা ডিব্ৰুগড়ললৈ উভতি আহিছিল আৰু ১৯৩৮ চনত ইহলীলা সম্বৰণ কৰিছিল। শেষত তেওঁৰ ভাষাতে কওঁ—
“বাজক ডবা, বাজক শঙ্খ, বাজক মৃদং খােল।
অসম আকৌ উন্নতি পথত জয় আই অসম বােল।”

Leave a Comment

error: Content is protected !!
Scroll to Top