কৰুণতম (Koruntam) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


কৰুণতম
কবি- ড° নিৰ্মলপ্ৰভা বৰদলৈ

কৰুণতম কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ কৰুণতম কবিতাটিৰ মাজেৰে কবি-ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে মাক-বাপেকৰ অতীতৰ স্মৃতিক ৰুমন্থণ কৰিছে। লগতে, তেওঁৰ ভৱিষ্যত প্ৰজন্মৰ অৰ্থাৎ তেওঁৰ সন্তানৰ বাবে তেওঁৰ স্মৃতি কেনেদৰে আৰু ক’ত ৰাখিব তাৰ সন্দৰ্ভত চিন্তা আৰু উদ্বেগ প্ৰকাশ কৰিছে।

আহিনৰ পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি-কৰ্মৰে তেওঁ জীৱন-জীৱিকা চলাইছিল। কবিৰ এই ভাবনাই পিতৃৰ প্ৰতি থকা অশেষ শ্ৰদ্ধা আৰু স্মৃতিক ফুটাই তুলিছে। কবিজনাই পিতৃদেৱতাক মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক আহিনৰ পথাৰৰ মাজেৰে পুনঃস্মৰণ কৰিছে। লগতে, অতীত ৰোমন্থন কৰি পিতৃৰ প্ৰতি থকা ভক্তি ভাবৰ পৰিসৰ বৃদ্ধি কৰিছে। (“আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক।”)

কবিয়ে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ-স্মৃতি জাগ্ৰত কৰে। কবিৰ মাতৃ শিপিনী আছিল। কবিৰ মাতৃয়ে নিৰ্দিষ্ট শিপিনী কৰ্মৰে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে। কবিয়ে আই-মাতৃৰ স্মৃতিক পুনৰ ৰোমন্থণ কৰিছে। তেওঁৰ মাতৃৰ প্ৰতি থকা অগাধ ভক্তি তেওঁৰ মনত বিৰাজমান হৈ আছে। লগতে, মাকৰ প্ৰতি থকা শ্ৰদ্ধা বৰ্তমানেও বৰ্তাই ৰাখিছে। (“দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক”)

ভৱিষ্যত প্ৰজন্ম সম্পৰ্কে কবিয়ে সংশয় প্ৰকাশ কৰি উল্লেখ কৰিছে যে কবিগৰাকীয়ে কেনেদৰে তেওঁৰ স্মৃতি পাছৰ প্ৰজন্মৰ বাবে লিপিবদ্ধ কৰিব। কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো কৃতি এৰি যাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে। যেনেকৈ কবিৰ পিতৃ-মাতৃয়ে বা পূৰ্ব প্ৰজন্মই নিৰ্দিষ্ট কৰ্মৰে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে। কিন্তু কবিৰ পক্ষে সেইদৰে সম্ভৱ নহ’বযেন অনুভৱ কৰি সংশয় প্ৰকাশ কৰিছে। (“মই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম ক’ত??””

Very Short Type Questions and Answers (1 Marks)

1. নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ’ল ` বন ফৰিঙৰ ৰং’।

2. নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?
উত্তৰঃ নিমলপ্ৰভা বৰদলৈয়ে `সুদীৰ্ঘ দিন আৰু ঋতু’ নামৰ পুথিখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে।

3. `কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে ?
উত্তৰঃ `কৰুণতম’ কবিতাটো কবিৰ `দিনৰ পিছত দিন’ নামৰ কবিতাপুথিত সংকলিত হৈছে।

4.`কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ `কৰুণতম’ কবিতা আধুনিক শ্ৰেণীৰ কবিতা।

5. নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট হ’ল – নগৰীয়া জীৱনৰ প্ৰতি বিদ্বষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ।

READ MORE  বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ | Class 12 Assamese (MIL) - AHSEC

6. নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম হ’ল –` সমীপেষু’,`অন্তৰংগ’ আৰু `বনফৰিঙৰ ৰং’।

7. নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হ’ল—`সোণবৰনীয়া আই’ আৰু `সুৰীয়া মাত’।

8. নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা ?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষণামূলক গ্ৰন্থ তিনিখনৰ নাম হ’ল -`দেৱী’,`সূৰ্য ‘আৰু `শিৱ’।

9. `কৰুণতম’ আৰু `সুবাস’ শব্দৰ অৰ্থ লিখা?
উত্তৰঃ কৰুণতম –চৰম বেদনাদায়ক বা দুখদায়ক আৰু সুবাস-সুগন্ধ।

10. `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট লিখা ?
উত্তৰঃ `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট হ’ল—
(ক) আধুনিক কবিতা বাস্তৱবাদী।

(খ) আধুনিক কবিতা সামবাদী ভাৱধাৰাৰে পৰিপুষ্ট।

11. `কৰুণতমʼ কবিতাটো বৰদলৈৰ কোনখন কবিতাপুথিৰ অৰ্ন্তগত ?
উত্তৰঃ`দিনৰ পাছত দিনʼ নামৰ কবিতাপুথিখনৰ অৰ্ন্তগত।

12. নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতৰ দুটা বৈশিষ্ট্য হʼল—
(ক) নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ শব্দ-সজ্জা তথা চুটি চুটি কাব্যিক বাক্যৰ এক গভীৰ মনৰ ভাৱ নিহিত থাকে।
(খ) নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষন তেওঁৰ কবিতাসমূহত প্ৰকাশ পায়।

13. নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ `জীৱন জীৱন বৰ অনুপমʼ।

14. নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম কʼত হৈছিল ?
উত্তৰঃ নিমলপ্ৰভা বৰদলৈৰ জন্ম শিনসাগৰত 1933 চনত হৈছিল।

15. নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহন কৰিছিল?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহন কৰিছিল।”

Long Type Questions and Answers (4/5 Marks)

1. `কৰুনতম’ কবিতাৰ নামাকৰনৰ তাৎপৰ্য বিশ্লেষন কৰা?
উত্তৰঃ `কৰুনতম’ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা।কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূলভাব, মূল চৰিএআৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়।

`কৰুনতম’ কবিতাটোত ভৱিষ্যতৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম,আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰবান্বিত। একেদৰে দোকানৰ জাপ- ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে।

কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰেসময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাৱ পাৰিছে। কিন্ত কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনে ধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব, সেই সৰ্ম্পকে নিশ্চিত হ’ব পৰা নাই। তেঁও ভৱিষ্যত্ প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিৱ বুলি ভাবি সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে। গতিকে কবিতাটোৰ মূল বিষয়বস্ত আৰু ভাবাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামাকৰন -`কৰুণতম’ সাৰ্থক হৈছে বুলি ক’ব পাৰি।

READ MORE  বাক্যৰ পৰিৱৰ্তন |অসমীয়া ব্যাকৰণ| Transformation of Sentences

2. `কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা?
উত্তৰঃ`কৰুণতম’ কবিতাটোৰমাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ
পাইছে।

আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰন-পোষন দিছিল। সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰবান্বিত। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰা। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা- কুশলতাৰ পৰিচয় দিছিল। মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভবিষত প্ৰজন্মৰ মনত নিজৰ যাউতিযুগীয়াকৈ খোদিত কৰি যাব পাৰিছে। কবিৰ মনত যুগমীয়া সাঁচ বহোৱাই থৈ যোৱা পিতৃ-মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতিচিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয়।গাঁৱৰ সহজ-সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক পিতৃ-মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব, সেয়া কবিৰ বাবে এক চৰম বেদনাদায়ক প্ৰশ্ন। এনেদৰে কবিয়ে পিতৃ-মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰন কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ পাইছে।

3. `কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ?
উত্তৰঃ কবি –গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে `কৰুণতম’ কবিতাটোৰ মাজেৰে তেখেতৰ অন্তৰৰ ওপজা গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে।

আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গোন্ধই কবিৰ পিতৃ-স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ পিতৃ কৃষক আছিল। কৃষি-কৰ্মৰে তেঁও পৰিয়ালটিক ভৰন-পোষন কৰিছিল। সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱন সাধনা। পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত। সেইদৰে দোৰানৰ জাৰ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা-কুশলতাৰ পৰিচয় দিছিল। মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে।

কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাৱলৈ সক্ষম হৈছে।মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষৎ প্ৰজন্মৰ মনৰ নিজৰ অস্তিত্ব যাউতিযুগীয়াকৈ খোদিত কৰি যাৱ পাৰিছে। কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই ভাবনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে। আধুনিৰ পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই,যাৰ বাবে ভৱিষৎ প্ৰজন্মই কবিক মনত ৰাখিব। সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে।এনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ কৰিছে।

READ MORE  কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা | Class 12 Assamese (MIL) - AHSEC

4. `কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি ক’ব পাৰি নেকি পিচাৰ কৰা ?
উত্তৰঃ ড° নিৰ্মলপ্ৰভাবৰদলৈৰ `কৰুণতম ‘ কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীবনৰ সংঘাতৰ চিএ এখন অংকিত হোৱা বুলি ক’ব পৰা যায়।

কবিতাটোত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ-মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ-সংস্কৃতিৰ এখনি আকৰ্ষনীয় চিএ অংকন কৰিছে। গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম-সংস্কৃতি জড়িত হৈ থাকে। আহিনৰ পথাৰ মানেই সেউজীয়া সজাল ধৰা ধননিৰ লয়লাস। তাৰ মাজে মাজে সহজ সৰল কৃষকৰ কৰ্মব্যস্ততা। সেই আহিনৰ সেউজীয়া পথাৰৰ গোন্ধ পালেই কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে গাঁৱলীয়া হোজা কৃষকসকললৈ।

সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে। কাৰণ গামোচাত ৰং-বিৰঙৰ সপোনৰ ফুল বাচি মাতৃয়ে শিল্প –নিপুনতাৰ পৰিচয় দিছিল। পিতৃ-মাতৃৰ সেই মহৎ কৰ্ম সাধনাক লৈ কবি পৰম গৌৰৱান্বিত কিন্তু সময়ৰ পৰিবৰ্তন হৈছে। আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ, শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্য ক্ৰমে যেন হেৰাই যাৱলৈ ধৰিছে। সেয়ে কবিয়ে পিতৃ-মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী হিচাপে ভৱিষ্যতে সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ হ’ব বুলি আশংকা প্ৰকাশ কৰিছে।

ইয়াতেই প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। কবিয়ে যিদৰে এফালে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃএিমতাৰ এখন সাৰ্থক চিএ ৰুপায়ন কৰিছে , সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন , নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি আংকন কৰিছে।

5. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্য়া কৰা।
মই মোক মোৰ সন্তানৰ কাৰণে
ক’ত থৈ যাম ক’ত??
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথি `সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত `কৰুণতম’ কবিতাটোৰ পৰা উদ্ধত কৰা হৈছে।

প্ৰসঙ্গক্ৰমে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম –আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যেয় কবিতাফাঁকিৰ অৱতাৰনা কৰিছে।

অসমীয়া গ্ৰাম্য সমাজ-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন। কবিৰ পিতৃ-মাতৃয়ে নিজস্ব কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে। কবিৰ পিতৃ এজন উওম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে। কবিয়েও ভৱিষ্যৎ প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে। কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে ভৱিষ্যৎৰ বাবে নিজৰ স্মৃতি ৰাখি যাব সেই আশংকাত কবি চিন্তাক্লিষ্ট হৈ পৰিছে। নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাকিৰ মাজেদি প্ৰকাশিত পাইছে।

Leave a Comment

error: Content is protected !!
Scroll to Top