পাৰস্যত এভুমুকি | Chapter 12 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 12 Notes | SEBA Class 10 HSLC Assamese Chapter 12 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 12 পাৰস্যত এভুমুকি | HSLC Assamese Questions and Answers Assam


পাৰস্যত এভুমুকি
(ৰথীন্দ্রনাথ গোস্বামী)

Very Short Type Questions and Answers (Marks : 1)

1. লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো ক’ত অৱস্থিত?
উত্তৰঃ লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

2. বুশ্বেৰ কি?
উত্তৰঃ বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী।

3. বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
উত্তৰঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰানমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক আছিল।

4. বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?
উত্তৰঃ বুশ্বেৰ বিমান বন্দৰটোইৰাণৰ এটা সামৰিক ঘাটি হােৱাৰ লগতে তাত এটা নিউক্লীয় ৰিয়েক্টৰ থকা বাবে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে।

5. লেখকে বুশ্বেৰত কি আছে বুলি শুনিছিল?
উত্তৰঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিবলৈ পাইছিল।

6. মেহদি আৰু ঘাছেম কোন?
উত্তৰঃ মেহদি আৰু ঘাছেম দুয়াে ইৰাণী যুৱক আছিল। দুয়াে জিঅ’লগ নামৰ ইটালিয়ান কোম্পানী এটাৰ মাড়লগাৰ আছিল।

7. মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
উত্তৰঃ মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম আছিল জিঅ’লগ।

8. ভেংকি ক’ত থাকে?
উত্তৰঃ ভেংকি বুশ্বেৰত থাকে।

9. ভেংকিয়ে কি কৰে?
উত্তৰঃ ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যােগানকাৰী জাহাজসমূহৰ তদাৰক কৰে।

10. আবুজাৰ কোন?
উত্তৰঃ আবুজাৰ এজন ট্ৰেভেল এজেন্ট।

11. ‘আগা’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘আগা’ শব্দটো হ’ল “শ্ৰীযুত’ৰ সমাৰ্থক শব্দ, অৰ্থাৎ “আগা’ৰ অৰ্থ হ’ল শ্ৰীযুত।

12. পােনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপােষক কোন আছিল?
উত্তৰঃ পােনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপােষক আছিল নাটাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প।

13. ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ ১৯৭৯ চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে ১ এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

14. ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা আছিল ইমাম আয়াতুল্লা খামেনি।

15. ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল?
উত্তৰঃ ইৰাণৰ বুশ্বেৰত থকা গােলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল।

16. ইৰাণৰ ৰাজধানীৰ নাম কি?
উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ।

17. টেহৰাণত বিমান বন্দৰ কেইটা?
উত্তৰঃ টেহৰাণত দুটা বিমানবন্দ আছে। মেহৰাবাদ বিমান বন্দৰ আৰু খােমেনি আন্তৰ্জাতিক বিমান বন্দৰ।

18. লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম কি?
উত্তৰঃ লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম আছিল ‘হােটেল হােমা।

19. ভাৰতৰ প্ৰায়বােৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত।
উত্তৰঃ ভাৰতৰ প্ৰায়বােৰ তৈলক্ষেত্ৰ নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

20. স্লামবাৰ্জাৰ কি?
উত্তৰঃ স্লামবাৰ্জাৰ হ’ল তৈল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত এটা বহুৰাষ্ট্ৰীয় কোম্পানী।

21. ইৰাণীসকলে নৱবৰ্ষক কি বােলে?
উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক “ন’ ৰােজ’ বােলে।

22. বেহেক্ট-ই-জাহৰা কি?
উত্তৰঃ বেহেক্ট-ই-জাহৰা হ’ল টেহৰাণৰ এখন বিখ্যাত সমাধিস্থল।ইয়াৰ পৰিসীমা কেইবা কিলােমিটাৰ জুৰিব্যাপ্তাইয়াত খােৱা-বােৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলাে আছে।

23. চেনি কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ সম্ৰাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।

24. লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
উত্তৰঃ লেখকে ইৰাণলৈ তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিল।

25. ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰনাম হ’ল খােমেনি ইন্টাৰনেচনেল এয়াৰপােৰ্ট।

26. ‘কে’ৰ অৰ্থ কি?
উত্তৰঃ ‘কে’ৰ অৰ্থ হ’ল চেনি।

27. মেহদি আৰু ঘাছেমৰ থকা ঠাইখনৰ নাম কি আছিল?
উত্তৰঃ মেহদি আৰু ঘাছেমৰ থকা ঠাইখনৰ নাম আছিল আহৱাজ।

28. ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি?
উত্তৰঃ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হ’ল উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূ গৰ্ভত থকা প্ৰকল্প।

29. লেখকৰ সহযােগী ভেংকি থকা স্ট্ৰীটটোৰ নাম কি?
উত্তৰঃ লেখকৰ সহযােগী ভেংকি থকা স্ট্ৰীটটোৰ নাম আছিল নুৰ দুছেইন স্ট্ৰীট।

30. ইৰাণী মহিলাসকলে মূৰ ঢাকি লােৱা স্কাৰ্ফখনৰ নাম কি?
উত্তৰঃ ইৰাণী মহিলাসকলে মূৰ ঢাকি লােৱা স্কাৰ্ফখনৰনাম হ’ল হিজাব।

READ MORE  ইন্টাৰনেটৰ তিতা মিঠা | Chapter 9 | Class 10 Assamese - SEBA

31. বুশ্বেৰত লেখকে প্ৰত্যক্ষ কৰা দানপাত্ৰবােৰ কাৰ পৃষ্ঠপােষকতাত স্থাপন কৰা হৈছিল?
উত্তৰঃ লেখকে বুশ্বেত প্ৰত্যক্ষ কৰা দানপাত্ৰবােৰ চ কত স্থাপন কৰা হৈছিল।

32. ৰজা ছাইৰাছে কাক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল?
উত্তৰঃ ৰজা ছাইৰাছেউত্তৰইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল।

33. কিমান খ্ৰীঃ পূৰ্বত ছাইৰাছৰ মৃত্যু হৈছিল?
উত্তৰঃ খ্ৰী:পূৰ্ব ৫২৯৩ ছাইৰাছৰ মৃত্যু হৈছিল।

34. কোনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল?
উত্তৰঃ আলেকজেণ্ডাৰে ছাইৰাছৰ পাছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল।

35. পাৰ্থিয়ানসকলে কিমান ৰছৰ ইৰাণত ৰাজত্ব কৰিছিল?
উত্তৰঃ পাৰ্থিয়ানসকলে প্ৰায় ৩৫০ বছৰ ইৰাণত ৰাজত্ব কৰিছিল।

36. কাৰৰাজত্বকালতইছলাম ধৰ্মৰ চিয়া সম্প্ৰদায়ে ৰাজ ধৰ্মৰ খিতাপ লাভ কৰিছিল?
উত্তৰঃ ছাফাভিদ বংশৰ শাসক শাহ তপধ্বজৰ ৰাজত্বকালত ইছলাম ধৰ্মৰ চিয়া সম্প্ৰদায়ে, ৰাজধৰ্মৰ খিতাপলাভ কৰিছিল।

37. নাদিৰ শ্বহে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল আৰু কোনগৰাকী মােগল সম্ৰাটক পৰাস্ত কৰিছিল?
উত্তৰঃ নাদিৰ শ্বাহে ১৭৩৯ খ্ৰীষ্টাব্দত ভাৰত আক্ৰমণ কৰি মােগল সম্ৰাট মহম্মদ হক পৰাস্ত কৰিছিল।

38. লেখকৰইৰাণী বন্ধুৱেআহজৰপৰা অনা খেজুৰৰ পৰঠাখনৰ নাম কি আছিল?
উত্তৰঃ লেখকৰ ইৰাণী বন্ধুৱে আহৱাজৰপৰা অনা খেজুৰৰ পৰঠাখনৰ নাম আছিল নুন কুমাই।

39. জাগ্ৰজ পৰ্বতৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা কিমান?
উত্তৰঃ জাগ্ৰজ পৰ্বতৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় ৪,৫০০ মিটাৰ।

40. টেহৰাণ চহৰখনে ক’ৰ পৰা খােৱাপানী লাভ কৰিছিল?
উত্তৰঃ টেহৰাণ চহৰখনে পৰ্বতৰ ওপৰৰ হিমবাহৰ পৰা খােৱাপানী লাভ কৰিছিল।

41. স্লামবাৰ্জাৰৰ প্ৰতিযােগী আমেৰিকান কোম্পানী দুটাৰ নাম কি কি?
উত্তৰঃ ‘স্লামবাৰ্জাৰৰ প্ৰতিযােগী আমেৰিকান কোম্পানী দুটাৰনাম হেলিবাটন আৰু বেকাৰ।

42. ৰবীন্দ্ৰনাথ গােস্বামীয়ে কোনখন গ্ৰন্থৰ বাবে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে?
উত্তৰঃ মহাসমুদ্ৰৰ সিপাৰে গ্ৰন্থখনৰ বাবে।

Short Type Questions and Answers (Marks : 2/3)

1. তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা।
—কেঁচী, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
উত্তৰঃ কেঁচী, দোৱাত, চিয়াঁহী আৰু চিচা ফাৰ্চী ভাষাৰ শব্দ। আনহাতে কেন্দি হ’ল এটা ইংৰাজী শব্দ যিটোৰ উৎপত্তি ফাৰ্চী শব্দ কেন্দ’ৰ পৰা হৈছে।

2. তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা। —খেলে মামনুন, মেৰছি ছালাম।
উত্তৰঃ

শব্দশব্দ অৰ্থ
খেলে মামনুনধন্যবাদ
মেৰছিধন্যবাদ
ছালামঅভিবাদন জনােৱা, বিদায়

3. তলত দিয়া শব্দকেইটাৰ প্ৰতীকি অৰ্থ কি? —চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেকেহ।
উত্তৰঃ প্ৰদত্ত শব্দকেইটাৰ প্ৰতীক অৰ্থসমূহ হ’ল—

শব্দঅৰ্থপ্ৰতীকি অৰ্থ
চবজেঘেঁহু বা দাইলপুনৰ জন্মৰ প্ৰতীক
ছামানুঘেঁহুৰ কঠীয়াৰ পায়সনতুন জীৱনৰ প্ৰতীক
ছিবআপেলস্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক
জেনেজেভবনৰীয়া শুকান জলফাইপ্ৰেমৰ প্ৰতীক
ছিৰনহৰুঔষধ
ছমাকএবিধ বগৰীসূৰ্যোদয়ৰ বৰণ বুজায়
ছেকেহভিনেগাৰবয়স আৰু ধৈৰ্য্যৰ প্ৰতীক

4. তলত দিয়া শব্দকেইটাত ‘য’ আৰু “প’ কিয় প্ৰয়ােগ হৈছে লিখা? —সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।
উত্তৰঃ সম্ভাষণঃ সাধাৰণতে অ, আ তথা অন্য স্বৰবৰ্ণ অথবা ক’আৰুৰ পাছত থকা স’ মূৰ্ধণ্য য’হয়। আনহাতে, একেটা পদতে থকা ‘ঋ,ৰ’, ষ’—ৰ পাছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়।

অন্বেষণঃ একেটা পদতে থকা ঋ’, ৰ’আৰু য’ পাছত থকা দন্ত্যন মূৰ্ধণ্য ণ হয়।

গৱেষণাঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধণ্য ষ হয়। আনহাতে, ‘ঋ, ৰ’আৰুষ’ ৰ পাছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়।

অৱতৰণঃ একেটা পদতে থকা ঋ’, ব’আৰু য’ৰ পাছত থকা দন্ত্য ন মূৰ্ধণ্যণ হয়।

5. তলৰ শব্দকেইটাত কি প্ৰত্যয় প্ৰয়ােগ হৈছে লিখা? —ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সােণালী, খৰচী।
উত্তৰঃ (ক) ইৰাণীঃ ঈ (ইৰাণ + ঈ = ইৰাণী)

(খ) আবাসিকঃ :ইক (আবাস + ই = আবাসিক)
(গ) বাণিজ্যিকঃ ইক (বাণিজ্য + ইক = বাণিজ্যিক)
(ঘ) শেহতীয়াঃ অতীয়া (শেহ + অতীয়া =শেহতীয়া)
(ঙ) সােণালীঃ আলী (সােণ + আলী =সােণালী)
(চ) খৰচীঃ ঈ (খৰচ+ ঈ = খৰচী)

6. ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰঃ ইৰাণৰ কেইখনমান উল্লেখযােগ্য ঠাই হ’ল বুশ্বেৰ, টেহৰাণ, চিজ, আজ, ইছফাহান,নাটাঞ্জ, মাছাদয়াজ, টাবজি, হামাদান, কামান, আড়াবিল আদি।

7. টেহৰাণৰ বিমান বন্দৰকেইটা কি কি আৰু কোন কোন স্থানত।
উত্তৰঃ টেহৰাণত বিমান বন্দৰ দুটা। বন্দৰ দুটাৰ নাম হ’ল মেহৰাবাদ বিমান বন্দৰ আৰু খােমেনি আন্তৰ্জাতিক বিমানবন্দৰ। মেহৰাবাদ বিমান বন্দটো চহৰৰ মাজত অৱস্থিত হােৱাৰ বিপৰীতে খােমনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত।

8. বুশ্বেৰৰ ইৰাণী মহিলাসকলে সাজ-পােছাক কেনেধৰণৰ আছিল?
উত্তৰঃ বুশ্বেৰৰ ইণী মহিলাসকলৰ সাজ-পােছাকসমূহ আধুনিক আছিল। সকলােবােৰ মহিলাই বােখা পৰিধান কৰা নাছিল। আধাতকৈ বেছিয়ে, বিশেষকৈ যুৱতীসকলে টি ছাৰ্ট, জিৎ, কেডছ আদি পিন্ধিছিল আৰু হিজাবনামৰ একোখন স্কাৰ্ফেৰে মূৰটো ঢাকি লৈছিল।

READ MORE  বৰগীত | Chapter 1 | Class 10 Assamese - SEBA

9. নুন কি?
উত্তৰঃ নুন হ’ল ইৰাণত পােৱা মেছিনত তৈয়াৰী ৰুটী। ই আকৃতিত যথেষ্ট ডাঙৰ হয়। সাধাৰণতে ইৰাণী লােকসকলে নুন ঘৰত প্ৰস্তুত নকৰি দোকানৰ পৰা কিনি খায়। এইবােৰ শুকান আৰু লিকটা হয়।

10. লেখকে বুৰে পাৰমাণৱিক গবেষণা চলাৰ বিষয়ে কেনেকৈ নিশ্চিত হৈছিল?
উত্তৰঃ লেখকে তেওঁৰ কোম্পানীৰ ডাটা ইঞ্জিনীয়াৰ জাভেদৰ পৰা বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ থকাৰ কথা শুনিছিল,ইয়াৰ পৰাই লেখকে বুশ্বেত পাৰমাণৱিক গৱেষণা চলাৰ বিষয়ে নিশ্চিত হৈছিল।

11. কেতিয়াৰ পৰা ইৰাণৰ আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে?
উত্তৰঃ প্ৰথম বিশ্ব যুদ্ধৰ পিছত ৰেহাশ্বহ পাহাভিয়ে ইৰাণৰ শাসনভাৰ হাতত লােৱাৰ পৰা ইৰাণৰ আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে।

12. নাদিৰ শ্বাহ কোন আছিল আৰু ভাৰতবৰ্ষৰ সৈতে তেওঁৰ সম্পৰ্ক কি?
উত্তৰঃ নাদিৰ শ্বাহ ইৰাণৰ শাসক আছিল। তেওঁ ১৭৩৭ৰ পৰা ১৭৪৭ লৈ ইৰাণত ৰাজত্ব কৰিছিল। নাদিৰ শ্বাহে ১৭৩৯ খ্ৰীষ্টাব্দত ভাৰত আক্ৰমণ কৰিছিল আৰু মােগল সম্ৰাট মহম্মদ হক পৰাস্ত কৰি কহিনুৰহীৰা, মুকুট আদিৰ উপৰিবহুতাে হাতী, ঘোঁৰা, উট আদি লুট কৰি নিজ দেশলৈ লৈ গৈছিল। তেওঁ ভাৰতবৰ্ষৰ পৰা ইমান সম্পত্তি লুটি নিছিল যে পৰৱৰ্তী তিনি বছৰে দেশবাসীৰ পৰা কোনাে কৰ সংগ্ৰহ কৰা নাছিল। তেওঁ ভাৰতৰ বহুত নাগৰিকক হত্যা কৰি ভাৰতত এক বিভীষিকাৰ সৃষ্টি কৰিছিল।

13. “স্লামৰাৰ্জাৰ” কোম্পানীটোৰ কাৰ্যালয় কত কত আছে?
উত্তৰঃ “স্লামবাৰ্জাৰ” কোম্পানীটোৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলাে। তৈলক্ষেত্ৰৰ ওচৰে-পাঁজৰে বিস্তৃত হৈ আছে।

Long Type Questions and Answers (Marks : 3/4)

1. তেলৰ বাবে চলােৱা খনন কাৰ্যত মাডলিং’আহিলাসমূহৰ ভূমিকা কি?
উত্তৰঃ। তেলৰ বাবে চলােৱা খনন কাৰ্যত “মাডলিং”আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এইবােৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ বা তেলৰ পুংআৱিষ্কাৰ তথা কোনাে বিপদজনক পৰিস্থিতি নােহােৱাকৈ খননকাৰ্য চলােৱাত সহায় কৰে। ভূতত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ কাৰণ মাডলিং ইউনিটে প্ৰেৰণ কৰা তথ্য পৰীক্ষা কৰিয়ে ভূতত্ববিদসকলে কোনাে স্থানত তেল পাবনে নাপাব আৰু খননকাৰ্যত হ’ব পৰা বিপদ আদি সম্পৰ্কে সুনিশ্চিত হ’ব পাৰে।

2. বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
উত্তৰঃ বুশ্বেৰ এখন পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ সৰু চহৰ। সৰু চহৰ হলেও কিন্তু বুশ্বেৰৰ ৰাস্তা-ঘাট অতি সুপৰিকল্পিত আৰু যথেষ্ট পৰিষ্কাৰ-পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবােৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। বুশ্বেৰৰ নগৰ পৰিকল্পনা অতি সুন্দৰ। প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰবােৰ দুইবা তিনিমহলীয়া। চহৰখনৰমহিলাসকলৰ সাজ-পােছাকসমূহে আধুনিক আৰু সকলাে মহিলাই তাত বােখা পৰিধান নকৰে। তদুপৰি বুশ্বেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে। যিটো ইৰাণৰ এটা সামৰিক ঘাটি। বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ থকাৰ লগতে এটা পাৰমাণৱিক গৱেষণা কেন্দ্ৰও আছে।

3. ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।
উত্তৰঃ ইৰাণ হ’ল এখন ভূতত্বৰ আৰ্শীবাদপুষ্ট দেশ।ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতে দেশ নিৰ্ভৰশীল।ইৰাণৰ ভূ স্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তুৰত তেল আৰু গেছ পােৱা যায়। ইৰাণৰ পাৰস্য উপসাগৰীয় এলেকাত মধজীৱী মহাকাৰশিলাত্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে বুলি ভূতত্ববিদসকল নিশিচত হৈছে।

4. জাগ্ৰজ পৰ্বতমালাৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ জাগ্ৰজ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য পৰ্বতমালা, যি পৰ্বতমালা আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈউঠিছিল। জাগ্ৰজ পৰ্বতমালা আৰু হিমালয় পৰ্বতমালাৰ জন্ম কাহিনী প্ৰায় একে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় ৪,৫০০ মিটাৰ। এই পৰ্বতমালাৰ দক্ষিণ-পশ্চিম দিশত এক বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে।

5. টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
উত্তৰঃ ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত টেহৰাণহ’ল এখন অতি সুন্দৰ চহৰাবহূতে টেহণক এইকাৰণে পেৰিছৰ লগতাে তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছােৱাত টেহৰাণৰ জলবায়ু অতি আৰামদায়ক হৈ থাকে। শীতকালত টেহৰাণত বৰফ পৰে। টেহণক এই সুন্দৰ জলবায়ু প্ৰদান কৰে এলবুৰুন পৰ্বতশিয়ে। মহানগৰখনে প্ৰাকৃতিকভাৱে পানী লাভ কৰে পৰ্বতৰ হিমবাহৰ পৰা। সুন্দৰ পৰ্বত-পাহাৰেৰে পৰিৱেষ্টিত টেহৰাণ চহৰখন আৰু ইয়াক আবৰি থকা পৰ্বত চূড়াবােৰ গ্ৰীষ্মত ৰ’দত জিলিকি উঠে আৰু শীতকালত বৰফেৰে আবৃত হৈ থাকে।

READ MORE  অৰণ্যযাত্ৰা | Chapter 11 | Class 10 Assamese - SEBA

6. বেহেক্টই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
উত্তৰঃ বেহেক্ট-ই-জাহাৰ হ’ল টেহৰাণৰ এক জনপ্ৰিয় স্থান। দৰাচলতে বেহেক্ট-ই-জাহাৰা হ’ল টেহৰাণৰ মুখ্য সমাধিস্থল। ই কেইবা কিলােমিটাৰজুৰি বিসতৃত হৈ আছে। টেহণক জানিবা অনুভৱ কৰিবলৈ বেহেক্টই জাহাৰা হ’ল উত্তম স্থান,ই টেহৰাণৰ গুণ-গৰিমা সুন্দৰভাৱে প্ৰতিফলিত কৰে। ইয়াত খােৱা-বােৱাৰ দোকানৰ পৰা খেলপথাৰলৈ সকলাে আছে।

7. শ্বিৰীণইবাড়ি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ শ্বিৰীণ ইবাডি হ’ল ইৰাণৰ এগৰাকী নােবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী। তেওঁক মানৱ অধিকাৰ

আৰু গণতন্ত্ৰৰ বাবে প্ৰদৰ্শন কৰা পুৰুষাৰ্থৰ বাবে নােবেল বঁটা প্ৰদান কৰা হৈছিল। পেছাত উকীল হােৱাইবাডি প্ৰথমাৱস্থাত কঠোৰ বিৰােধিতাৰ সন্মুখীন।। হৈছিল। তেওঁকবিচাৰপতি হােৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এক অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰৰ। তেওঁ ধৰ্ষিতা যুৱতী, শাসনবিৰােধী বুলি শাস্তি দিয়া যুৱক, স্বামীৰ দ্বাৰা উৎপীড়িত স্ত্ৰী আদিৰ বাবে যুঁজিবলৈ ধৰিছিল আৰু যেতিয়া। তেওঁ বিজয়ৰ মুখ দেখিছিল তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণীৰণুৱা হিচাপে এ সমগ্ৰ বিশ্বত পৰিচিত হৈ পৰিছিল।

8. ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।
উত্তৰঃ বসন্ত মনােম দিনৰ আৰম্ভণীতে ইৰাণীসকলে তেওঁলােকৰনৰ্বৰ্ষন’ৰােজ উদ্যাপন কৰে। দুসপ্তাহজুৰি উদ্যাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত, যেতিয়া সূৰ্যই বিযুৱ ৰেখা অতিক্ৰম কৰে (মাৰ্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত)। এই সময়ত চহৰৰ সকলাে স্কুল কলেজ, হােটেল, চৰকাৰী কাৰ্যালয় আদিত শিবিৰ স্থাপন কৰা হয় যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে। এই উৎসৱত তেওঁলােকে নতুন কাপােৰ পৰিধান কৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা-পনা ভােজন কৰে। নৱবৰ্ষৰ এই আনন্দ উৎসৱত ইৰাণীসকলে পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা,শত্ৰুভাৱ দূৰ কৰিবন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্জ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা আদি কৰাৰ দৰে শুভ কামসমূহৰ পাতনি মেলে।

জোৰাষ্টিয়ান ধৰ্ম ইৰাণৰ মূল ধৰ্ম হৈ থকাৰ সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল। উৎসৱৰ সময়ত যিকোনাে পাছি গৃহতে টেবুল বা কাপেটৰ ওপৰত এখন সুন্দৰ কাপােৰ পাৰি সাতবিধ খাদ্যবস্তু সজোৱা হয়। এই প্ৰতিটো বস্তুৰে এটা প্ৰতীক অৰ্থ আছে। এই সাতবিধ খাদ্যৰ কাষত পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাপুথি ৰাখে আৰু নৱবৰ্ষৰ আৰম্ভণিতে কোৰাণ আৰুহাফেজৰ কবিতা পঢ়োবছৰৰ শেষ বুধবাৰে ৰাজহ্বা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পােহৰত কাহীবাটিবজায় তথা মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। এইদৰে ইৰাণীসকলে মহা ধুমধামেৰেনৱবৰ্ষক আদৰি লয়।

9. ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ইৰাণ হ’ল মানৱসভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক ঐতিহ্য তথা বিৰল কীৰ্তিস্তম্ভৰ যােগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে আৰ্যগগাষ্ঠীৰ লােকসকলেইৰাণলৈ আহিবসবাসকবিলৈ লৈছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় ছয় শতিকাৰ পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীঃপূঃ ৫২৯ত ছাইৰাছৰ মৃত্যুৰ পিছত নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল যদিও পৰৱৰ্তী কাল (চতুৰ্থ শতিকা)ত আলেকজেণ্ডাৰৰ আগমনত ছাইৰাজৰ পাৰ্ছেপলিছসাম্ৰাজ্যৰ পতন ঘটিছিল। খ্ৰীঃপূঃ দ্বিতীয় শতিকালৈ ইৰাণত গ্ৰীকসকলে শাসন কৰাৰ পাছত পাৰ্থিয়ানসকলেইৰাণৰশাসনভাৰ লাভ কৰিছিল আৰুপাৰ্থিয়ানসকলৰ ৰাজত্বকালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল।

৩৫০ বছৰীয়া পাৰ্থিয়ান শাসনৰ পাছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণত ৰাজত্ব কৰিছিল। ইয়াৰ পাছতে আৰৱসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ’বলৈ ধৰিছিল। আৰৱসকলে ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হােৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। কেইবা শতিকাজুৰি চলা আৰৱ শাসনৰ পৰৱৰ্তী কালত বহুতাে বিদেশীশক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিছিল। ছাফাভিদবংশৰ ৰাজত্বকালত ইৰাণে কিছুপৰিমাণে পূৰ্বৰ খ্যাতি ঘূৰাইপাইছিল যদিও পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণত ছাফাভিদ শাসনৰ পতন হৈছিল।ইৰাণৰ শাসক নাদিৰ শ্বাহ ভাৰতৰ ইতিহাসৰাে এক উল্লেখযােগ্য চৰিত্ৰ।

তেওঁ ভাৰত আক্ৰমণ কৰি এটা বিশাল ৰাজভড়াল লুট কৰি ইৰাণলৈ লৈ গৈছিল যাৰ ফলত তেওঁ পৰৱৰ্তী তিনি বছৰে দেশবাসীৰ পৰা কোনাে কৰ সংগ্ৰহ কৰা নাছিল। নাদিৰ শ্বাহৰ পিছত ইৰাণৰ শাসনভাৰ কাজাৰ বংশৰ হাতলৈ যায় আৰু তেওঁলােকে প্ৰথম বিশ্বযুদ্ধলৈ ইৰাণত শাসন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহপাহাভিয়ে ইৰাণৰ শাসনভাৰ গ্ৰহণ কৰাৰে পৰা ইৰাণত আধুনিকীকৰণ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে। ১৯৪১ চনত ছােভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ ফলত ইৰাণৰ শাসনতন্ত্ৰ শক্তিহীন হৈ পৰে যদিও বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে বহু শতিকাজুৰি বিভিন্ন বংশ আৰু বিদেশীশক্তিৰ অধীনত থকা ইৰাণে ১৯৭৯ চনৰ ১ এপ্ৰিলত ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top