ঋজুভাৰতী | All Chapter | Class 10 Riju Bharati Question and Answer | Assam Class 10 Riju Bharati Solutions | SEBA Class 10 HSLC Riju Bharati All Chapter Notes | SEBA Class 10 HSLC Riju Bharati All Chapter Question and Answer | Questions and Answers for Class 10 Riju Bharati All Chapter ঋজুভাৰতী | HSLC Riju Bharati Questions and Answers Assam


ঋজুভাৰতী
(Riju Bharati)

[ মহাবীৰঃ লাচিতঃ ]

অনুবাদ কৰা।
1. আমিন গ্ৰামস্য ….. আসীত।
অসমীয়া অনুবাদঃ আমিন গাঁৱৰ ওচৰৰ স্থানত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণৰ ভাৰ তেওঁৰ মােমায়েকৰ ওপৰত অৰ্পণ কৰিছিল। পিছত সন্ধ্যা সময়ত যেতিয়া লাচিতে মােমায়েকৰ কাম চাবলৈ আহিছিল, তেতিয়া তেওঁ দেখিছিল যে নিৰ্মাণ কামৰ আধাও সম্পন্ন হােৱা নাই।

2. জনীখ কিং…….ন্যাস্তৱান।
অসমীয়া অনুবাদঃ তুমি জানা নে কিয় মহাবীৰ লাচিতে নিজ হাতেৰে নিজ মােমায়েকক হত্যা কৰিছিল? আমিনগাঁৱৰ ওচৰত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণৰ দায়িত্ব তেওঁৰ মােমায়েকৰ ওপৰত অৰ্পণ কৰিছিল

3. অথ সন্ধাযাম …..আক্ৰমিষ্যতি এৱ।
অসমীয়া অনুবাদঃ পিছত সন্ধ্যা সময়ত যেতিয়া লাচিতে মােমায়েকৰ কাম চাবলৈ আহিছিল, তেতিয়া তেওঁ দেখিছিল যে নিৰ্মাণ কাৰ্যৰ আধাও সম্পন্ন হােৱা নাই। কিন্তু ৰাতি পুৱালেই মােগল বাহিনীয়ে গুৱাহাটী আক্ৰমণ কৰিবই।

4. লাচিত মাতুলম … কৰিষ্যন্তি এৱ ” ইতি।
অসমীয়া অনুবাদঃ লাচিতে মােমায়েকক পলম হােৱাৰ কাৰণ সুধিছিল।মােমাযেকে কৈছিল -হে ভাগিন! মােৰ এই মানুহবােৰ বৰকৈ ভাগৰি পৰিছে, অলপ জিৰণি লৈ তেওঁলােকে পুনৰ নিৰ্মাণৰ কাম কৰিবই, এইবুলি।

5. নায়ং জন্মভুবঃ ….. পশ্যন্ত দেশসেৱকাঃ।।
অসমীয়া অনুবাদঃ যদিও এওঁ মােৰ মামা তথাপি জন্মভূমিতকৈ ডাঙৰ নহ্য। সেয়েহে এওঁৰ মূৰটো কাটি পেলালোঁ। হে দেশসেৱসকল তােমালােকে চোৱা।

6. ভাে ভাগিনেয়! ছিত্তিস্ম।
অসমীয়া অনুবাদঃ “হে ভাগিন! মােৰ এই মানুহবােৰ (কাম কৰি) ভাগৰি পৰিছে। অলপ সময় জিৰণি লৈ তেওঁলােকে আকৌ কাম আৰম্ভ কৰিবই।” মােমায়েকৰ এই কথা শুনি মহাবীৰ লাচিতে খঙত তৰােৱালেৰে মােমায়েকৰ মূৰটো কাটি পেলাইছিল।

[ সিংহ শশক কথা ]

অনুবাদ কৰা।
1. অস্তি মন্দৰনাম্বি সৰ্বপশুবধ ক্ৰিযতে?
উত্তৰ অনুবাদঃ মন্দৰ নামৰ? নামৰ এটা সিংহই বাস কৰিছিল। সি সদ্য জন্তুবােৰক হত্যা কৰি জীৱন ধাৰণ কৰিছিল। তাৰ পিছত গােটেইবােৰ জন্তুৱে মিলিত হৈ সেই সিংহটোক জনাইছিল যে হে দেৱ! কি কাৰণে আপুনি জন্তুবােৰক বধ কৰে?

2. ততঃ সৰ্বৈঃ পশুভিঃ পশুং ভযন্নাস্তে।
অসমীয়া অনুবাদঃ তাৰ পিছত গােটেইবােৰ জৰুৱে সভা পাতি সেই সিংহটোক জনাইছিল যে – ‘হে দেৱ! কি কাৰণে ৰােব বধ কৰে? আমিষেই আপােনাৰ আহাৰৰ কাৰণে প্ৰতিদিনে এটাকৈ পশু পঠাম।’ সিংহটোৱে কৈছিল— যদি তােমালােকৰ এইটোৱে অভিমত তেনেহ’লে সেয়ে হওক। তেতিয়াৰ পৰাই সিংহটোৱে এটাকৈ পশু খাই থাকিল।

3. কদাচিৎ কস্যাপি ….. বিলম্বাদাগতােইসি?
অসমীয়া অনুবাদঃ কোনাে এদিন এটা বুঢ়া শহাৰ পাল পৰিল। তেতিয়া সি চিন্তা কৰিলে। “ লাহে লাহে গৈ থাকো।” পিছত সিংহটোৱেও ভােকত কাতৰ হৈ থঙতে তাক ক’লে – “ তই ক’ৰ পৰা পলমকৈ আহিছ?”

READ MORE  দৃশ্যান্তৰ | Chapter 5 | Class 10 Assamese - SEBA

4. শশকোহব্ৰবীৎ – দেৱ!.. কাসৌ দুৰাত্মা তিষ্ঠতি?
অসমীয়া অনুবাদঃ শহটোৱে কৈছিল –“হে দেৰ! মই অপৰাধী নহয়। ৰাস্তাত আন এটা সিংহই বলপূৰ্বক ধৰাত তাৰ আগত পুনৰ ঘূৰি যােৱাৰ শপত কাঢ়ি মহাৰাজক জনাবৰ বাবে ইয়ালৈ আহিছোঁ। সিংহটোৱে খঙেৰে ক’লে “ তৎক্ষণাত গৈ মােক দেখুৱাই দে সেই দুয়া ক’ত আছে?

5. ততঃ শশকস্তং …… পঞ্চত্বং গতঃ
অসমীয়া অনুবাদঃ পিছত শহটোৱে তাক ( সিংহক) লৈ এটা দ (গভীৰ) কুঁৱাৰ ওচৰলৈ গ’ল। ইয়ালৈ আহি চাওক মহাৰাজ, এই বুলি কৈ সেই কুঁৰ পানীত তাৰেই ছাঁটো দেখুৱালে। পিছত সেই মদোন্মত্ত সিংহটোৱে সেই কুঁৰি ভিতৰত নিজকে নিজে জঁপিয়াই পৰি মৃত্যু মুখত পৰিল।

[ সতী জয়মতী ]

অনুবাদ কৰা।
1. তদা নৰপতিঃ আসীৎ ……বিদদাতি স্ম।
অসমীয়া অনুবাদঃ সেই সময়ত ৰজা আছিল চঞ্চলমতি এজন দুষ্ট প্ৰকৃতিৰ লােক। তেওঁ তেওঁৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ আহােম বংশীয় সকলাে কুমাৰৰেই কিছুমানক মাৰি, পেলাইছিল আন কিছুমানৰ নাক কাণ, কাটি পেলাইছিল।

2. অথ ৰাজা ……… তে দুৰ্গতিঃ ধ্ৰুবা ইতি।
অসমীয়া অনুবাদঃ পিছত ৰজাই গদাপাণিক নাপাই জয়মতীকেই ৰাজসভালৈ আনি খঙেৰে সুধিলে – হেৰ অবাধ্যা; তােৰ স্বামী ক’ত পলাই গৈছে ক নহ’লে তােৰ নিশ্চয় দুৰ্গতি হ’ব এইবুলি।

3. জেৰেঙ্গাক্ষেত্ৰে সৰ্বাঃ প্ৰজাঃ … আত্মত্ৰাণমন কৰােষি ইতি।
অসমীয়া অনুবাদঃ জেৰেঙা পথাৰত সকলাে প্ৰজাই বেত্ৰাঘাতত কাতৰ হােৱা পতিব্ৰতা জয়মতীক দেখিছিল। নগাবেশধাৰী দুঃথিত গদাপাণিযেও তেওঁৰ ( জয়মতী) ওচৰলৈ আহি কৈছিল। — হে সতী! স্বামীৰ কথা কৈ নিজক ৰক্ষা নকৰ কিয়— এইবুলি।

4. শৰীৰস্য গুণানাঞ্চ……কল্পান্তস্থাযিনােগুণঃ
অসমীয়া অনুবাদঃ শৰীৰ আৰু গুণাৱলীৰ মাজত প্ৰভেদ অধিক। শৰীৰ অণস্থায়ী, কিন্তু গুণাৱলী চিৰস্থায়ী

5. গদাপাণিঃ পতিব্ৰতাযা ভাৰ্যাঃ … সনিৱেদং প্ৰাণান্ অৰক্ষত্।
অসমীয়া অনুবাদঃ গদাপাণিযে পতিব্ৰতা ভাৰ্যা জয়মতীৰ অনুৰােধত নগাপাহাৰত আৰােহণ কৰিছিল। তাত তেওঁ আত্মগােপন কৰি অতি দুখেৰে প্ৰাণ ৰক্ষা কৰিছিল।

[ আলেকজেণ্ডাৰস্য ভাৰতাক্ৰমণ ]

অনুবাদ কৰা।
1. একদা মহাবীৰঃ ……বশ্যতাম্ অগচ্ছন।।
অসমীয়া অনুবাদঃ এসময়ত মহাবীৰ আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল। সেই সময়ত পঞ্চনদ, প্ৰদেশথন সৰু সৰু ৰাজ্যত বিভক্ত আছিল। বহুতাে ৰজাই ভয়তে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল।

2. অথ বন্দীভূত পুৰুম …ব্যৱহাৰঃ কাৰ্য্যঃ।
অসমীয়া অনুবাদঃ পিছত বন্দী হােৱা ৰজা পুৰুক সন্মুখলৈ আনি আলেকজেণ্ডাৰে সুধিছিল -“তােমাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে।” এইবুলি পুৰুৱে গৰ্বেৰে কৈছিল -“হে মহাবীৰ! ৰজাৰ প্ৰতি ৰাজোচিত ব্যৱহাৰ কৰিব লাগে।” এইবুলি।

3. পৰক্ত পুৰু নামা … বন্দীকৃত অভৱত্।
অসমীয়া অনুবাদঃ কিন্তু পুৰু নামৰ কোনাে এজন ৰজাই আলেকজেণ্ডাৰৰ পথ অৱৰােধ কৰিছিল। পুৰু যুদ্ধত পৰাজিত হােৱাত আলেকজেণ্ডাৰদ্বাৰা বন্দী কৰা হৈছিল।

READ MORE  অৰুণিমা সিনহা | Chapter 10 | Class 10 Assamese - SEBA

4. পুৰঃ সগৰ্বম,প্ৰাযস্থত।
অসমীয়া অনুবাদঃ পুৰুয়ে গৰ্বেৰে উত্তৰ দিলে, “হে মহাবীৰ, ৰজাৰ প্ৰতি ৰাজোচিত ব্যৱহাৰ কৰা উচিত।” আলেকজেণ্ডাৰে তেওঁৰ এনে বীৰত্ব দেখি আশ্চৰ্যান্বিত হ’ল আৰু আনন্দেৰে তেওঁক ৰাজ্য ঘূৰাই দিলে।

5. গুণী গুণং ………ন মূষকঃ।
অসমীয়া অনুবাদঃ গুণীযেহে গুণৰ মৰ্যাদা বুজে। গুণহীন লােকে তাক বুজি নাপায়। বলবান লােকেহে বলৰ মৰ্যাদা বুজি পায়, নিলীযে নুবুজে। কুলিযেহে বসন্ত ঋতুৰ প্ৰভাৱৰ বিষয়ে জানে, কাউৰীয়ে তাক নাজানে। হাতীযেহে সিংহৰ পৰাক্ৰমৰ বিষয়ে জানে, নিগনিয়ে তাক নাজানে।

[ শিৱেৰুপাখ্যান ]

অনুবাদ কৰা।
1. অস্তি ৰাজা শিৱিঃ নাম, ..ত্ৰিদিবম আৰােহতি স্ম।
অসমীয়া অনুবাদঃ সকলাে প্ৰাৰ্থীৰে মনােবাস্থা পূৰ্ণ কৰা অতি দয়ালু, শিৱি নামৰ এজন ৰজা আছিল। তেওঁৰ অসাধাৰণ দানশীলতাৰ কথা স্বৰ্গতাে বিয়পি পৰিছিল।(আৰােহণ কৰিছিল)

2. অথ কদাচিৎ ইন্দ্ৰঃ…..ধৰ্মঃ চ শ্যেনঃ।
অসমীয়া অনুবাদঃ পিছত কোনাে এদিন ইন্দ্ৰই চিন্তা কৰিছিল— শিৱিৰ সমান দানশীল নাই। (দানী নাই)। গতিকে এওঁৰ অভিপ্ৰায় কি, এওঁৰ মহত্বই বা কিমান ইযাক জানিবৰ কাৰণে ধৰ্মক মাতি আনি নিজে এটা কপৌ চৰাই আৰু ধৰ্ম শেন চৰাই হৈছিল।

3. ততঃ শ্যেনঃ কপােতস্য ……. পৰিত্ৰায় মাং শ্যেনাৎ।
অসমীয়া অনুবাদঃ পিছত শেন চৰাইটোৱে কপৌটোৰ পিছে পিছে দ্ৰুতগতিৰে তাক আক্ৰমণ কৰিবলৈ প্ৰবৃত্ত হ’ল। তেতিয়া সেই কপৌটোৱে কপি কঁপি ভ্যতে চকু চলচলীয়া কৰি ৰজাৰ ভৰিৰ ওচৰত হঠাতেই পৰিল আৰু ভয়তে গদ গদ স্বৰেৰে ক’লে – “হে ৰাজন! মই তােমাৰ শৰণাগত, মােক শেনৰ পৰা ৰক্ষা কৰা।”

4. ৰাজা জাতকাৰুণ্যঃ . তৃপ্তিম অবাগ্লোতি ইতি।
অসমীয়া অনুবাদঃ কৰুণা ওপােজা ৰজাই এইটো কেনেকৈ হ’ল এই বুলি শংকিত হৈ (কিংকৰ্তব্যবিমূঢ় ) শেনক ক’লে— “শৰণাগতক পৰিত্যাগ কৰাটো সাধুসকলৰ ধৰ্ম নহ্য, গতিকে মই তােমাক আন মাংসকেই দিম যাতে তুমি তৃপ্তি পােৱা এইবুলি।

[ নীতিমালা ]

অনুবাদ কৰা।
1. যথাহয়েকেন ……সিদ্ধতি।।
অসমীয়া অনুবাদঃ যেনেকৈ এটা চকাৰ দ্বাৰা ৰখৰ গতি নহয়, তেনেকৈ উদ্যম (পুৰুষকাৰ) অবিহনে মানুহৰ ভাগ্য গঠিত নহয়।

2. উদ্যতি যদি ভানুঃ ….. ভাষণং সজ্জনানাম্।।
অসমীয়া অনুবাদঃ পশ্চিমদিশতাে যদি সূৰ্য উদয় হয়, মেৰু পৰ্বতেও যদি গতিশক্তি লাভ কৰে, জুই শীতত্বপ্ৰাপ্ত হয়, পৰ্বতৰ ওপৰৰ, শিলতাে যদি পদুমফুল ফুলে তথাপি সজ্জন সকলৰ কথাৰ পৰিৱৰ্তন নহয়।

3. উদ্যোগিনং …… কাপুৰুষা বদন্তি।
অসমীয়া অনুবাদঃ উদ্যোগী পুৰুষ সিংহকহে (পুৰুষশ্ৰেষ্ঠক) লক্ষীয়ে লগ দিযে। ভাগ্যৰ দ্বাৰাহে পােৱা হৈছে ( দৈৱৰ দ্বাৰাহে দিয়া হৈছে) এইবুলি কাপুৰুষসকলে কয়। (দেয়ম – দা + যৎ ) ( উপৈতি – উপ vইনট তি)

4. যত্ৰ বিদ্বজ্জনাে.. … এণ্ডোহপি দ্ৰুমাযতে।
অসমীয়া অনুবাদঃ যি ঠাইত বিদ্বান মানুহ নাই তাত অলপ জ্ঞানীজনেই প্ৰশংসিত হয়। যি দেশত গছ নাই তাত এৰা গছেই বৰগছ নাম পায়।

5. বাণিজ্যে বসতে…………নৈব নৈব চ।
অসমীয়া অনুবাদঃ বাণিজ্যত লক্ষীদেৱীৰ বাস। কৃষিকাৰ্যত তাৰে অৰ্ধেক ধন লাভ হ্য, চাকৰিৰ দ্বাৰা তাৰে আধা ধন লাভ হয়; কিন্তু খােজনীত কোনাে ধন লাভ নহয়।

READ MORE  প্ৰশস্তি | Chapter 3 | Class 10 Assamese - SEBA

6. দুৰ্জনঃ পৰিহৰ্তব্যং…… ন ভয়ঙ্কৰঃ।
অসমীয়া অনুবাদঃ বিদ্যাৰে ভূষিত হলেও দুৰ্জন ব্যক্তিক পৰিত্যাগ কৰিব লাগে। মণিৰে ভুষিত হলেও সৰ্প কি ভয়ংকৰ নহয়?

7. ন কশ্চিদপি জানাতি ….. কুৰ্য্যাদ্যৈব বুদ্ধিমান।
অসমীয়া অনুবাদঃ কাইলৈ কাৰ কি হ’ব তাক কোনেও নাজানে। সেয়েহে বুধিযক মানুহে কাইলৈৰ কাম আজিযেই কৰে।

8. ন হি প্ৰতিজ্ঞা …পতিপালনম।
অসমীয়া অনুবাদঃ সত্যবাদী মানুহবােৰে নিজৰ প্ৰতিজ্ঞা মিছা প্ৰতিপন্ন নকৰে। প্ৰতিজ্ঞা পালনেই মহত্বৰ লক্ষণ।

9. ষড়দোষাঃ ……..দীৰ্ঘসূত্ৰতা।।
অসমীয়া অনুবাদঃ উন্নতিকামী মানুহে নিদ্ৰা, তন্দ্ৰা, ভয়, ক্ৰোধ, এলাহ আৰু দীৰ্ঘসূত্ৰতা এই ছটা দোষ ত্যাগ কৰিব লাগে।

10. লক্ষী ক’ত কেনেদৰে বাস কৰে?
উত্তৰঃ লক্ষী বাণিজ্যত বাস কৰে। কৃষিকাৰ্যত তাৰ অৰ্ধেক, চাকৰিত তাৰাে আধা লক্ষীৰ বসতি হয়। ভিক্ষা বৃত্তিত লক্ষী নাথাকে।

11. ব্যুৎপত্তি
গতি— Vগম্ + ক্তিন + স্ত্ৰীলিঙ্গ + সু।
ভবেত— ভূ + লঙদ। জনােতি- Vজ্ঞা + লট তি।
সিদ্ধতি— সিধ + লট তি।
ভবিষ্যতি— ভূ + ট স্যতি।
কুৰ্যাৎ— কৃ + বিধিলিঙ যাত্।
বুদ্ধিমা— বুদ্ধি + মতুপ + পুংলিঙ্গ + সু।
যাতি— যা + লট তি।
উদ্যতি— উৎ- ই + লট তি।
প্ৰচলতি— প্ৰ- vচল + লট তি।
ভবতি— ভূ + লট তি।
বিকশতি — বি – কশ + লট তি।
ভাষণ— ভাষ্য + অনট + অম্।
উপতি— উপ- ই + লট তি।
দ্যেম— vদা + যৎ + ক্লীবলিঙ্গ + সু।
কুন্তি— Vকৃ + লট অন্তি।
ইচ্ছতা— ইষ + শতৃ + আ + সু।
সন্— Vঅস্ + শতৃ + পুংলিঙ্গ + সু।
হাতব্যা— Vহা + তব্য + আপ + সু।
পৰিহৰ্তব্যঃ— পৰি – Vহৃ + তব্য + পুংলিঙ্গ + সু।
ভূষিতঃ— vভূষ + ক + পুংলিঙ্গ + সু।
দ্ৰুময়তে দ্ৰুম + ক্যঙ + লট তে।

[ হিতােপদেশঃ ]

অনুবাদ কৰা।
1. অজৰামৰবত………. ধৰ্মমাচৰেত।।
অসমীয়া অনুবাদঃ জ্ঞানী মানুহে – অজৰ আৰু অমৰ জ্ঞান লাভ কৰি বিদ্যা আৰু অৰ্থ অৰ্জন কৰে। মৃত্যুয়ে ( যমে) চুলিত ধৰি টানে বুলি ধৰি লৈ ধৰ্মাচৰণ কৰে।

2. যৌবনং ………চতুষ্টযম্।।
অসমীয়া অনুবাদঃ যৌবন, ধন, সম্পত্তি, কৰ্তৃত্ব, বিবেকহীনতা— ইয়াৰ যিকোনাে এটাযেই অনৰ্থ ঘটাব পাৰে। য’ত চাৰিওটা একলগে থাকে তাত অঘটন নঘটিবনে?

3. বৰমেকো গুণী …………. তাৰাগণৈৰপি।।
অসমীয়া অনুবাদঃ এশ মূখ পুত্ৰত কৈযাে এজন গুণী পুত্ৰ শ্ৰেয়। চন্দ্ৰই অকলেই আন্ধাৰ দূৰ কৰে, অসংখ্য তৰাযাে তেনে কৰিব নােৱাৰে।

4. অৰ্থাগমাে ……….. সুখানি ৰাজন।
অসমীয়া অনুবাদঃ হে ৰজা! ধনাগম, সদায় নীৰােগ অবস্থা, প্ৰিয়তমা পত্নী, পল্লী প্ৰিয়বাদিনী হােৱা, বশংবদ পুত্ৰ আৰু অৰ্থকৰী বিদ্যা – এই ছ্যটাই সুখৰ বিষয়।

5. অল্পানামপি ……. মত্তদন্তিনঃ।।
অসমীয়া অনুবাদঃ সৰু সৰু বস্তুকে একত্ৰিত কৰিলে কাৰ্য সাধন কৰে। ঘাঁহবােৰ লগ লগাই গঠা ৰছীৰ দ্বাৰা মদমত্ত হাতীকো বান্ধিব পৰা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top