উদ্যোগী হওঁ আহা | Chapter 6 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 6 Notes | SEBA Class 10 HSLC Assamese Chapter 6 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহা | HSLC Assamese Questions and Answers Assam


উদ্যোগী হওঁ আহা
(দেৱজিৎ ভূএগ)

Very Short Type Questions and Answers (Marks : 1)

1. GNRC Hospital ৰ স্বত্বাধিকাৰীজনৰ নাম কি ?
উত্তৰঃ নোমল চন্দ্ৰ বৰা।

2. ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰঃ নাৰায়ণ মূৰ্তী।

3. নাৰায়ণ মূৰ্ত্তী কোন ?
উত্তৰঃ নাৰায়ণ মূৰ্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ ইনফ্চিচ (Infosys) কোম্পনীৰ প্ৰতিষ্ঠাপক।

4. মটৰ গাড়ী ভাল কৰা গেৰেজ, মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে কিহৰ প্ৰয়োজন ?
উত্তৰঃ নিজৰ কামৰ কৌশল বা skill থকাটো প্ৰয়োজন।

5. দেৱজিৎ ভূঞাৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত।

6. Down Town Hospital ৰ স্বত্বাধিকাৰী কোন ?
উত্তৰঃ নৰেন্দ্ৰ নাথ দত্ত।

7. শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল ?
উত্তৰঃ শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল- এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে।

8. ইন্‌ফচিচ কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তীক তেওঁৰ পত্নীয়ে কিমান টকা আগবঢ়াইছিল ?
উত্তৰঃ দহ হাজাৰ টকা।

9. এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি ?
উত্তৰঃ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ’ল এলাহ।

10. ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ?
উত্তৰঃ ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ’ল – Eat cricket. sleep cricket, dream cricket, drink cricket. উদ্য়োগী হ’ব বিচৰা এজন ছাত্ৰ বা ব্য়ক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ।

11. উদ্যোগী হওঁ আহা’ পাঠটিৰ লেখক কোন?
উত্তৰঃ দেৱজিৎ ভূঞা।

12. এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্ৰয়োজন ?
উত্তৰঃ এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি।

13. “Eat cricket, sleep cricket, dream cricket, drink cricket” – এইটো কিহৰ বিজ্ঞাপনত দেখা পোৱা যায় ?
উত্তৰঃ ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনত।

14. বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল ?
উত্তৰঃ বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল – “উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়।”

15. “ছাৰ! এজন সফল উদ্যোগী হ’বলৈনো কিয় কঠিন?” – এই কথাষাৰ কোনে সুধিছিল ?
উত্তৰঃ বিদিশা নামৰ ছোৱালীজনীয়ে।

16. প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব ?
উত্তৰঃ প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।

17. দেৱজিৎ ভূঞাৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ এনিশাৰ কবিতা।

18. টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল ?
উত্তৰঃ টমাচ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল – “মই বিফল হোৱা নাই। মাত্ৰ বুজিলো যে ১০০০০ ধৰণে ই কাম নকৰে।”

19. দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?
উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকী নাম হ’ল— প্ৰকাশ গোস্বামী।

Short Type Questions and Answers (Marks : 2/3)

1. এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।
উত্তৰঃ কোনোৱে একেদিনাই চাইকেল চলাব নোৱাৰে। এদিন এদিনকৈ শিকোতে শিকোতেহে এদিন চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰত বিফল হ’লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী হয়গৈ। সেই কাৰণেই শিক্ষক গৰাকীয়ে এজন উদ্যোগী হ’বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে।

2. উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।’ – শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা।
উত্তৰঃ শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদবাক্য যে, “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ’ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিব লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসঙ্গত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ-ছাত্ৰীসকলক কৈ শুনাইছিল।

READ MORE  অৰুণিমা সিনহা | Chapter 10 | Class 10 Assamese - SEBA

3. উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।
উত্তৰঃ বিজিতৰ মতে উদ্যোগী সেইজনক কোৱা হয়, যিজনে নিজে ব্যবসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। আনহাতে শিক্ষকজনৰ মতে, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যোগী বা entrepreneur সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টোৰাঁ বা ধাবাৰ মালিক, এখন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱেই একো একোজন উদ্যোগী।

4. সফল উদ্যোগী হ’বলৈ কিয় কঠিন।
উত্তৰঃ সকলোতকৈ সহজ কাম হ’ল এজন উদ্যোগী বা এন্ট্ৰাপিনিওৰ হোৱা । তাৰবাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ’ল এজন সফল উদ্যোগী হোৱা। কঠিন হোৱাৰ কাৰণ এয়ে যে এজন সফল উদ্যোগী হ’বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ‘ব্যক্তি হ’ব লাগিব। এইবোৰ গুণ সকলোৰে নাথাকে। শিক্ষকজনৰ মতে সেয়ে এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন।

5. সমাৰ্থক শব্দ লিখা।
—প্ৰভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।

উত্তৰঃ

শব্দসমাৰ্থক শব্দ
প্ৰভাতপুৱাবেলা, প্ৰাতঃ, ঊষা, প্ৰত্যূষ
কঠিনকঠোৰ, টান, নিষ্ঠুৰ
এলেহুৱাআলাহ, সোৰোপালি, হামাহি, হেলা
ডাঙৰবিশাল, বিপুল, মোটা
চেষ্টাসচেষ্ট, যত্নপৰ, যত্ন, অধ্যৱসায়, প্ৰবন্ধ
লগৰীয়াসখা, সঙ্গী, মিত্ৰ, বন্ধু, দোস্ত
লক্ষ্যমতলব, উদ্দেশ্য, ইচ্ছা, অভিনয়
নিৰৱচ্ছিন্নসৰ্বদা, সদায় প্ৰতি নিয়ত, সৰ্বক্ষণ, অহৰহ নিৰন্তৰ
হাবিয়াসঅভিলাষ, আশা আকাংক্ষা, বাসনা, বাঞ্ছা
সপোনস্বপ্ন, সামাজিক, ঘুমটি ঘূৰণ

6. বিপৰীতাৰ্থক শব্দ লিখা।
—নতুন, ক্ষুদ্ৰ, সফল, কৰ্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।

উত্তৰঃ

শব্দবিপৰীত শব্দ
নতুনপুৰণি, পুৰণা
ক্ষুদ্ৰবিশাল
কৰ্মহীনকৰ্মঠ
এলেহুলাউদ্যমী
সহজকঠিন
সপোনদিঠক
সুবিধাঅসুবিধা
আৰম্ভশেষ
জন্মমৃত্যু
সমানঅসমান

7. তলৰ যুৰীয়া শব্দবোৰেৰে বাক্য সাজা।
—ল’ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।
উত্তৰঃ ল’ৰা-ছোৱালী: মাক-দেউতাকৰ বাবে ল’ৰা-ছোৱালী হিয়াৰ আমঠু।

হাত-ভৰি: হাত-ভৰি ধুইহে ভিতৰ সোমাবা

খুৱাই-বুৱাই: আলহীক খুৱাই-বুৱাই পঠাবা।

জীৱন-জীৱিকা: কৰ্মহীন জীবন-জীৱিকা বুলি একো নাথাকে।

পা-পইচা: ভালদৰে জীয়াই থাকিবলৈ পা-পইচাৰ প্ৰয়োজন

8. লিংগ পৰিৱৰ্তন কৰা।
—শিক্ষক, ছাৰ, ছাত্ৰ, পুৰুষ, বন্ধু।
উত্তৰঃ

পু-লিংগস্ত্ৰী-লিংগ
শিক্ষকশিক্ষয়িত্ৰী
ছাৰমেডাম
ছাত্ৰছাত্ৰী
পুৰুষনাৰী
বন্ধুবান্ধৱী

Long Type Questions and Answers (Marks : 4)

1. “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যবসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।” – ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বৰ্ণনা কৰা।
উত্তৰঃ বহুতৰে ধাৰণা যে উদ্যোগী হ’বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল উদ্যোগী হ’ব পাৰিছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিন্ধান্ত লয়।

‘মন কৰিলে চন, বাকৰি মাটিতে ধন’ – এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহনেও ‘তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছো খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা? কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। সময়ত ধীৰুভাই আম্বানীয়ে সেই ব্যৱসায়ত সোপতদোপে আগবাঢ়ি তেওঁ ৰিলায়েঞ্চ কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ হয়গৈ। সেয়ে মূলধন নথকাকৈও যে সফল উদ্যোগী হ’ব পাৰে তাৰেই উদাহৰণ ধীৰুভাই আম্বানী।

2. “ছাৰ, এজন উদ্যোগী হ’ব বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ’ব লাগিব ? – এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।
উত্তৰঃ এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ’বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক- পাচলিৰ দোকান খুলিবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ’বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়।

READ MORE  বিষাদ যােগ | Chapter 15 | Class 10 Assamese - SEBA

আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা skill থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য হ’ব নোৱাৰি। আকৌ বৰ্তমান সময় প্ৰযুক্তি, তথ্য-প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ’ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।

3. ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাবে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?
উত্তৰঃ উদ্যোগী হ’বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰৰ Indian Institute of Entrepreneurship নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে যদিও ছাত্ৰ-ছাত্ৰীসকলকো উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ত উদ্যোগী কোষ (entrepreneur cell) গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাবে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব পাৰে।

4. “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” – কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰঃ শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ’বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ’বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে পিছে এই গুণবোৰ নাথাকে। আনহাতে এজন উদ্যোগী হ’ব খোজা ব্যক্তি এলেহুৱা হ’ব পাৰে। কিন্তু সফল উদ্যোগী হ’বলৈ প্ৰথম অৱস্থাত ব্যক্তিজনে এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগে।

5. ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।
উত্তৰঃ ইন্‌ফচিচ কোম্পনীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মৃৰ্তী।
অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি নাৰায়ণ মৃৰ্তীয়ে কিছুদিন চাকৰি কৰাৰ পিছত চাকৰি ত্যাগ কৰি softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ ডেৰ বছৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি Infosys নামৰ কোম্পনীটো আৰম্ভ কৰে।

এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মৃৰ্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। সেই দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইন্‌ফচিচ প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত-প্ৰতিঘাতৰ সম্মুখীন হ’ব লগা হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইন্‌ফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আনি দিয়ে। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষাত থাকি সময়ৰ শৰ সময়ত মৰা বাবে আজি নাৰায়ণ মূৰ্তী বিশ্বৰ ভিতৰত এজন সফল উদ্যোগী হ’ব পাৰিছে।

6. অংৰাগ পাপন মহন্ত। —চমুটোকা লিখা।
অংৰাগ পাপন মহন্ত: কণ্ঠশিল্পী। ১৯৭৫ চনত তেওঁৰ জন্ম হয়। উত্তৰ-পূৰ্বাঞ্চলৰ লোক সংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমূহক আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে ফিউজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয় কৰে।

প্ৰকাশিত গীতৰ এলবাম: ‘জোনাকী ৰাতি’, ‘চিনাকি অচিনাকি’, ‘গোমচেং, ‘ফাগুনৰ গান’, ‘ফুলচেং’, ‘ধূলিৰ আকাশ’, ‘ৰংফুল’ আদি। ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ সংগীত গোষ্ঠীটোৰ মূল কণ্ঠশিল্পী। এম টি ভিৰ সংগীত অনুষ্ঠান কোক স্টুডিঅ’ত একাধিকবাৰ গীত পৰিৱেশন, জনপ্ৰিয়তা অৰ্জন। একাধিক চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান। উল্লেখযোগ্য ছবি ‘ৰামধেনু’, ‘ৰ’দৰ চিঠি’, ‘বৰফি’, ‘আই এম কালাম’ আদি।

বঁটা-সম্মান: গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড (২০১০), বিগ অসমীয়া মিউজিক এৱাৰ্ড (২০১১)।

7. জুবিন গাৰ্গ। —চমুটোকা লিখা।
জুবিন গাৰ্গ: কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক, সুৰকাৰ, গীতিকাৰ, শব্দযন্ত্ৰী, সংগীত পৰিচালক। ১৯৭২ চনৰ ১৮ নৱেম্বৰত তেওঁৰ জন্ম হয়। জুবিনৰ প্ৰথম গীত বাণীবদ্ধ হয় ১৯৯০-৯১ চনমানত যোৰহাট অনাতাঁৰ কেন্দ্ৰত। জুবিনে এতিয়ালৈকে বিভিন্ন ভাষাৰ প্ৰায় ৩০,০০০ গীতত কণ্ঠদান কৰিছে। বিহুগীত, টোকাৰী গীত, বৰগীত, লোকগীত, বনগীত আৰু অন্যান্য লোক-সংগীতৰ কেছেট/চিডিত কণ্ঠদান কৰাৰ উপৰি এশৰো অধিক অসমীয়া আৰু হিন্দী গীতৰ নেপথ্য শিল্পীৰূপে কণ্ঠদান কৰিছে। তেওঁ পৰিচালনা তথা নায়কৰূপে অভিনয় কৰা ছবি ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’। অভিনয় কৰা

ছবি: ‘তুমি মোৰ মাথোঁ মোৰ’, ‘দীনবন্ধু’, ‘মন যায়’, ‘আণ্ডাৰৱৰ্ল্ড’, ‘ৰ’দৰ চিঠি’ আদি। তেওঁৰ সংগীত পৰিচালিত ছবি: ‘হিয়া দিয়া নিয়া’, ‘তুমি মোৰ মাথোঁ মোৰ’, ‘দাগ’, ‘মন যায়’, ‘নায়ক’, ‘কন্যাদান’, ‘ৰামধেনু’, ‘ৰ’দৰ চিঠি’, ‘দি ষ্ট্ৰিংছ-বাউণ্ডেড বাই ফেইথ’ (হিন্দী), ‘এট দি ৰিভাৰ ফ্লউছ’আদি। অসমীয়া আৰু হিন্দীৰ উপৰি তামিল, তেলুগু, কানাড়া, পঞ্জাবী, উৰিয়া, বাংলা, মাৰাঠী, নেপালী আদি ভাষাৰ গীততো তেওঁ কণ্ঠদান কৰিছে।

READ MORE  ঋজুভাৰতী | All Chapter | Class 10 Riju Bharati - SEBA

তেওঁৰ প্ৰকাশিত পুথি: ‘শব্দ অনুভূতি’, ‘জুবিনৰ পদ্য’। ‘ইকোছ অব্ ছাইলেন্স’ শীৰ্ষক তথ্য চিত্ৰখনৰ বাবে ২০০৮ চনৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ (অ-কাহিনী শাখাত) বঁটা লাভ। থলুৱা আৰু পশ্চিমীয়া সুৰ তথা সংগীতৰ সাৰ্থক সংমিশ্ৰণেৰে অসমৰ সংগীত জগতত সৃষ্টি কৰা এক নতুন ধাৰাৰ বাবে শ্ৰোতাৰ মাজত জুবিনৰ গীত অভূতপূৰ্বভাৱে জনপ্ৰিয়।

8. টমাচ আলভা এডিছন। —চমুটোকা লিখা।
উত্তৰঃ টমাচ আলভা এডিছন: বিখ্যাত মাৰ্কিন বিজ্ঞানী আৰু আৱিষ্কাৰক ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত জন্ম আৰু মৃত্যু হয় ১৯৩১ চনৰ ১৮ অক্টোবৰত। টমাচ আলতা এডিছনক বহুতে ‘আৱিষ্কাৰৰ মেচিন’ আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। প্ৰায় এহাজাৰতকৈও অধিক সৰু-বৰ আৱিষ্কাৰৰ পেটেণ্ট যন্ত্ৰৰ তেওঁ অধিকাৰী। ১৮৭৭ চনত তেওঁ এটা কথা ক’ব পৰা আকৰ্ষণীয় যন্ত্ৰৰ আৱিষ্কাৰ কৰে। সেইটোৱেই আছিল আধুনিক গ্ৰামোফোন আৰু টেপ ৰেকৰ্ডাৰৰ আদি ৰূপ। এডিছনে ইয়াৰ নাম দিছিল। গ্ৰামোফোন।

9. উইলিয়াম শ্বেইক্সপীয়েৰ। —চমুটোকা লিখা।
উইলিয়াম শ্বেইক্সপীয়েৰ: ইংৰাজ নাট্যকাৰ আৰু কবি। ১৫৬৪ চনৰ ২৬ এপ্ৰিলত ইংলেণ্ডৰ ৱাৰউইকশ্বায়াৰৰ (Warwickshire) ষ্ট্ৰেটফোৰ্ড-আপন-এভন (Stratford upon- Avon) নামৰ ঠাইত জন্ম। পিতৃ জন শ্বেক্সপীয়েৰ (John Shakespeare, ১৫৩০- ১৬০১) আছিল এজন ঊলৰ ব্যৱসায়ী। মাক মেৰি আৰ্ডেন (Mary Arden) এক সম্ভ্ৰান্ত ঘৰৰ মহিলা আছিল যদিও লিখা-পঢ়া একেবাৰে নাজানিছিল।

ষ্ট্ৰেটফোৰ্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা শ্বেক্সপীয়েৰে উচ্চ শিক্ষা লাভ কৰিছিল নে নাই জনা নাযায়। অৱশ্যে লেটিন আৰু গ্ৰীক ভাষাৰ জ্ঞান লাভ কৰিছিল। ১৫৮০ চনৰ পৰা ১৫৮২ চনলৈ এটা ৰোমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল বুলি জনা যায়। ১৫৮২ চনত এনি হেথৱে নামৰ তেওঁতকৈ আঠ বছৰে ডাঙৰ মহিলা এগৰাকীৰ লগত বিবাহ আৰু কালক্ৰমত এটি পুত্ৰ আৰু দুটি কন্যা সন্তানৰ পিতৃ । শ্বেক্সপীয়েৰৰ ১৫৮২ চনৰ পাছৰ সময়ছোৱা ভালদৰে জনা নাযায়। হয়তো সেই সময়ত লণ্ডনৰ কোনো এক বা একাধিক থিয়েটাৰ কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে তেওঁ কাম কৰিছিল।

লণ্ডনত থকা কালতে শেক্সপীয়েৰে থিয়েটাৰৰ বাবে নাটক লিখিবলৈ লয়। ১৫৯২ চনত তেওঁ লণ্ডনৰ বিখ্যাত নাটক কোম্পানী ‘লৰ্ড চেম্বাৰলেইন্‌জ মেন’ত (Lord Chamberlain’s Men) যোগদান কৰে আৰু কৰ্মজীৱনৰ শেষলৈকে তাতে থাকে। ১৬০৩ চনত এই কোম্পানীয়ে নাম সলাই ‘কিংছ মেন’ নাম লয় আৰু প্ৰায়ে ইংলেণ্ডৰ ৰাজসভাত নাট প্ৰদৰ্শন কৰে। সেই সময়ৰ ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ পৃষ্ঠপোষকতাত এই সংস্থাই লণ্ডনত বিশেষ প্ৰসিদ্ধি লাভ কৰে। সকলো প্ৰসিদ্ধ নাট্যকাৰৰ দৰে শ্বেক্সপীয়েৰেও ৰংগমঞ্চ সমূহৰ (theatre) প্ৰতি লক্ষ্য ৰাখি নাট ৰচনা কৰিছিল। ৰচনাৰ সময় হিচাপে তেওঁৰ নাটসমূহক সাধাৰণভাৱে চাৰিটা যুগত ভাগ কৰা হয়।

10. আলেকজেণ্ডাৰ গ্ৰাহামবেল। —চমুটোকা লিখা।
আলেকজেণ্ডাৰ গ্ৰাহামবেল: স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ; টেলিফোনৰ আৱিষ্কাৰক। ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত জন্ম। পিতৃ আলেকজেণ্ডাৰ মেলভিল বেল। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূকবধিৰ শিক্ষানুষ্ঠানত সহকাৰীৰূপে কৰ্মজীৱন আৰম্ভ। ১৮৭১ চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ বষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা (vocal physiology) বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে (১৮৭৩)।

সমসাময়িকভাৱে মুকবধিৰসকলৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস কৰিবলৈ লয়। বধিৰসকলৰ শিক্ষাৰ উন্নয়নত তেওঁ উদ্ভাৱন কৰা পদ্ধতিৰ বিশেষ অৱদান আছে। সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত বেলে আৱিষ্কাৰ কৰে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি টেলিফোন। ১৯২২ চনৰ ২ আগষ্টত গ্ৰাহাম বেলৰ মৃত্যু হয়। তেওঁ মৃত্যুৰ দিনা আমেৰিকা চৰকাৰে দেশখনৰ সকলো টেলিফোন এক মিনিটৰ বাবে বন্ধ ৰাখি টেলিফোনৰ আবিষ্কাৰক আলেকজেণ্ডাৰৰ প্ৰতি সম্মান জনাইছিল।

11. বিল গেট্‌চ। —চমুটোকা লিখা।
বিল গেট্‌চ: কম্পিউটাৰ-ছফটৱেৰ ইঞ্জিনিয়াৰ আৰু ব্যৱসায়ী, বিশ্বৰ আটাইতকৈ ধনী ব্যাক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰি গেটছ (William Henry Gates)। ১৯৫৫ চনৰ ২৮ অক্টোবৰত ৱাশ্বিংটনত ছিয়াটলত (Seattle) বিল গেটছৰ জন্ম হয়। পিতৃ উইলিয়াম এইচ গেটছ (জ্যেষ্ঠ), মাতৃ মেৰী মেক্সৱেল গেটছ। ১৯৬৭ চনত তেওঁ লেকচাইড স্কুলত ভৰ্তি হয়। সৰুৰে পৰা তেওঁ কম্পিউটাৰৰ প্ৰতি বেছ আগ্ৰহী আছিল আৰু ১৩ বছৰ বয়সতে স্কুলৰ বাবে এক ‘বেছিক লেংগুৱেজ’ প্ৰগ্ৰেম কৰি উলিয়াইছিল। ১৯৬৯ চনত গেটছে পল এলেন আৰু দুই সহপাঠীৰ সৈতে ‘লেকচাইড প্ৰগ্ৰেমাৰ্ছ গ্ৰুপ’ প্ৰতিষ্ঠা কৰে। ১৯৭৩ চনত গেটছ শিক্ষালাভৰ বাবে হাভাৰ্ডলৈ যায়।

১৯৭৫ চনত পল আৰু গেটছে ‘মডেল ইন্সট্ৰুমেন্টেছন এণ্ড টেলিমেট্ৰি ছিষ্টেমছ’ (চমুকৈ এম আই টি এছ) নামৰ প্ৰতিষ্ঠানটোৰ বাবে এক ‘বেছিক’ ছফটৱেৰ সম্পূৰ্ণ কৰি তোলে আৰু তেওঁলোকৰ নিজস্ব কোম্পানী ‘মাইক্ৰোছফট কৰ্পেৰেছন’ৰো জন্ম দিয়ে। ১৯৮০ চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী আই বি এমৰ লগত চুক্তিবদ্ধ হয় আৰু ১৯৮১ চনত এই কোম্পানীয়ে, মাইক্ৰোছফটে বিকাশ কৰা এম এছ ড’ছ (MS DOS: Microsoft Disk Operating System). বা মাইক্ৰোছফট ডিস্ক অপাৰেটিং ছিষ্টেম পদ্ধতি তেওঁলোকৰ পাৰ্ছনেল কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয়।

Leave a Comment

error: Content is protected !!
Scroll to Top