মই অসমীয়া | Chapter 4 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 4 Notes | SEBA Class 10 HSLC Assamese Chapter 4 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 4 মই অসমীয়া | HSLC Assamese Questions and Answers Assam
মই অসমীয়া
(চৈয়দ আব্দুল মালিক)
Very Short Type Questions and Answers (Marks : 1)
1. চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা।
উত্তৰঃ বেদুইন।
2. মােগলসকলে অসমৰ ক’ত ভৰি দিছিল?
উত্তৰঃ মােগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।
3. অসমৰ হেংদাংক’ত জিলিকিছিল?
উত্তৰঃ কবিয়ে দুপৰীয়াৰ পূৰ্ণ আলােকত অসমৰ হেংদাং জিলিকিছিল বুলি কৈছে।
4. অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
উত্তৰঃ কবিয়ে অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল বুলি কৈছে।
5. অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সজাইছিল।
6. চৈয়দ আব্দুল মালিকে কোন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ। কৰিছিল?
উত্তৰঃ চৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী’উপন্যাসৰ বাবে সাহিত্য অকাডেমি এ বঁটা লাভ কৰিছিল।
7. চৈয়দ আব্দুল মালিকৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?
উত্তৰঃ ১৯১৯ চনত গােলাঘাট জিলাৰ নাহৰণিত চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।
8. কবিয়ে কবিতাটোত কাক কাৰ অনিৰুদ্ধ গতি দেখুওৱাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে কবিতাটোত মােগলৰ অনিৰুদ্ধ গতি দেখুওৱাৰ কথা কৈছে। চলতি
9. মােগলসকলে ক’ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল?
উত্তৰঃ মােগলসকলে অসমত মুছলমানৰ মুক্তৰাজ থাপন কৰাৰ কথা ভাবি হল।
10. কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে?
উত্তৰঃ কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে।
11. সৰৰ্গত কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে?
উত্তৰঃ সৰগতাে কবিয়ে অসমীয়া ভাষাক চিনি আৰু বুজি পাব বুলি কৈছে।
12. কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জন্ম ল’ব বিচাৰিছে?
উত্তৰঃ কবিয়ে মৰাৰ পিছত অসমৰ অসমীয়া হৈ জন্ম ল’ব বিচাৰিছে।
Short Type Questions and Answers (Marks : 2)
1. ব্যাসবাক্যসহ সমাসৰ নাম লিখা।
— স্বৰ্ণপুৰী, মুক্তগীত, অনিৰুদ্ধ, নিষ্কৰ্মা।
উত্তৰঃ স্বৰ্ণপুৰীঃ স্বৰ্ণৰ পুৰী = ষষ্ঠী তৎপুৰুষ সমাস
মুক্তগীতঃ মুক্ত যি গীত = কৰ্মধাৰয় সমাস
অনিৰুদ্ধঃ ৰুদ্ধ নহয় যি গতি = বহুব্ৰীহি সমাস
নিষ্কৰ্মাঃ কৰ্ম নাই যাৰ = বহুব্ৰীহি সমাস।
2. তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজা।
—বাঘ নখ, হাঁহ-কণী, মহ-শিং।
উত্তৰঃ মৌ- জোল
বাঁহ – গাঁজ
কল-বাৰী
মু ৰস
হাতী-দাঁত
3. বিপৰীত শব্দ লিখা।
— গৌৰৱ, আলােক, স্বাধীনতা, পৰাজিত, সপােন, মৰণ।
উত্তৰঃ
শব্দ | বিপৰীত শব্দ |
গৌৰৱ | কালিমা |
আলােক | তিমিৰ |
স্বাধীনতা | পৰাধীনতা |
পৰাজিত | বিজয়ী |
সপােন | দিঠক |
মৰণ | জনম |
Long Type Questions and Answers (Marks : 4/5)
1. অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলােকত’ —কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ অসম জয় কৰিবলৈ এদিন প্ৰবল পৰাক্ৰমী মােগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহােমে ৰাজত্ব কৰিছিল। অসমক অনায়াসে জয় কৰাৰ সপােন লৈ মােগলে অসমত প্ৰৱেশ কৰিছিল। কিয়নাে মােগলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী শক্তি বুলি গণ্য কৰিছিল। ভাৰতবৰ্ষৰ পূব দিশৰ ৰাজ্য অসমক একেবাৰে শক্তিহীন বুলিয়েই ভাবি লৈছিল।মুছলমান বা মােগলৰ ৰাজত্ব স্থাপনৰ লক্ষ্যেৰে তেওঁলােকে বীৰদৰ্পে আহিছিল। পিছে তেওঁলােকৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰবীৰাংগনাই।
অসমৰ মাটিত ভৰি দিয়েই তেওঁলােকে যিশস্য-শ্যামলা ভূমি দেখিছিল, যুদ্ধভূমিত থিয় হৈ সেই সেউজী পৰিৱেশৰ ঠাইত দেখিলে হেং-দাঙৰ চিকমিকনি। আহােমসকলৰ হেংদাং যুদ্ধত ব্যৱহৃত তৰােৱাল, সেই তৰােৱাল হাতত লৈ দুগুণ উৎসাহ আৰু প্ৰৱল পৰাক্ৰমেৰে যুঁজিছিল আহােম বীৰ বীৰাংগনাই। সেই পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নােৱাৰিলে মােগলে আৰু পৰাজয় বৰণ কৰিব লগা হল। প্ৰশ্নোদৃত বাক্যাংশৰে আহােমৰ শৌৰ্য বীৰত্বৰ প্ৰসংগকেই সুঁৱৰিব খােজা হৈছে।
2. অসমৰ পুৰুষৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
উত্তৰঃ সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহােমসকল। সেই সময়ত দিল্লীত থাকি ভাৰতবৰ্ষৰ একছত্ৰী শাসক হােৱাৰ মন মেলিছিল মােগলে। অন্য প্ৰান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মােগলে অসমতাে ভৰি দিছিল। অনায়াসে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলােকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি। পিছে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেইঅধিকাৰী। দেশৰক্ষাৰ্থে যুদ্ধক্ষেত্ৰ ৰাঙলীকৰিবলৈ তেওঁলােক প্ৰস্তুত।
শত্ৰু সৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। তেওঁলােকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মােগল সৈন্য। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ অকণাে কুণ্ঠাবােধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ তেওঁলােকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষ-নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰ নত কৰি মােগল অহা বাটেৰে উভতিছিল।
3. ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত।” —কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰবল প্ৰতাপী মােগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসম দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। সেই সময়ত অসমত ৰাজত্ব কৰিছিল আহােমসকলে। অসম মােগলৰ হাতলৈ যাতেনাযায় তাৰবাবে আহােম ৰণকৌশল তৈয়াৰ কৰিছিল। সেইমতে শত্ৰুসৈন্য ভেটিবলৈ দলেবলে ওলাই আহিছিল অসমৰ পুৰুষ-নাৰী। ৰণচণ্ডী মূৰ্তিৰে যুঁজ আৰম্ভ কৰা সৈন্যবলক দেখি মােগল স্তম্ভিত ছিল। অসমৰ লােক সহজসৰল, অতিথিপৰায়ণ আৰুকৃষিজীৱিবুলি সকলােৱে জানিছিল। তেওঁলােকে ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই পেট প্ৰৱৰ্তাইছিল বুলিও মােগলৰ ধাৰণা আছিল।
গৰম পানীৰে সান্দহ গুড়ি খাই জীয়াই থকা মানুহইমান বলৱন্তহ’ব পাৰে বুলি মােগলে কল্পনাই কৰা নাছিল। বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মােগলৰ বীৰত্ব ম্লান পৰিল। পৰাক্ৰমী ৰাজপুতসকলৰ লগত ৰণত জয়ী হােৱা মােগলৰ শক্তিক পদানত কৰিলে অসমৰ পুৰুষ-নাৰীয়ে।দৰাচলতে মানসিক শক্তিৰে বলীয়ান হৈ অসমৰ সৈন্যদলে যেন লাভ কৰিছিল দুগুণ শাৰীৰিকশক্তি—প্ৰশ্নোদৃপ্ত বাক্যাংশৰ মাজেৰে এই কথাই ফুটি উঠিছে।
4. মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।
উত্তৰঃ মই অসমীয়া’কবিতাটোত প্ৰকৃতিৰ বিনন্দীয়া ৰূপকবিৰ কাপেৰে সুন্দৰভাৱেবৰ্ণিত হৈছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসম সেউজীয়া দুববিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিকপে প্ৰতিপন্ন কৰিছে। অসমৰ বননি মিনাকৰাবুলিও তেওঁ কৈছে। পাহাৰেৰে আৱৰা অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্ঘৰ আকৰ। নিয়ৰ পৰি থকা পাতবোৰত ৰ’দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি-মুকুতাহে ধচিত আছে।অসমৰ যূলিয়েবালিয়ে যেন পৰি থাকে মকত মণি, সােশৰ দৰে আপুৰুগীয়া সম্পদাবনজ সম্পদেৰেও চহকী অসমৰ মূলাৱান সম্পদ হৈহেহাতীত।
অসমত ভবিত পিদ্ধা খৰমৰ চুলাটোও আনকি সজা হয় হাতীদাতেৰে।ইমানেই উভেনদী বনজ সম্পদ। অসমৰ বাট-পছত দলংসা হয় মূলাবান প্ৰৱাল মণিৰে, সেই দলত উঠি ভৰি থােৰে মানুহে। বাঘৰ নখেৰে আঙঠি, খাক তৈয়াৰ কৰি পিন্ধে। মহৰ শিঙেৰে প্ৰস্তুত কৰা পেপা বজাই মনৰ আনন্দ প্ৰকাশ কৰে।
অসমৰ নৈৰ বাৰিত সােণ এনেদৰে পােৱা গৈছিল যে পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাপত সােণৰ ধুৰীয়া পিন্ধে। ভেকুলীয়ে কপালত ফেট লৈ সাজি কাচি থাকে। মুঠতে অসমৰ প্ৰকৃতি সুন্দৰতৰে অপূৰ্ব হৈ থাকে। প্ৰকৃতিয়ে অসমক সকলাে দিছে সুন্দৰ ৰূপ ধাৰণ কৰিবলৈ। কবিয়ে অপূৰ্ব সুন্দৰ প্ৰকৃতিৰ বৰ্ণনাত অকণাে কপণালি কৰা নাই, পাঠকক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজলৈ লৈ যােৱাত তেওঁ সফল হৈছে।
5. কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ অসমৰ সাহিত্যক আলােকিত কৰা লেখকসকলৰ ভিতৰত উল্লেখনীয় নাম এটা হৈছে চৈয়দ আব্দুল মালিক। ১৯১৯ চনত গােলাঘাট জিলাৰ নাহৰণিত জন্মা মালিক ‘গল্পসম্ৰাট’ বুলি কোৱা হয়। কবিতাও ৰচনা কৰা মালিকৰ একমাত্ৰ কবিতা পুথি। হৈছে‘বেদুইন’। তেওঁৰ কবিতাসমূহক বাদ দি অসমীয়া আধুনিক কবিতা সম্পূৰ্ণ নহয়। মালিকৰ গল্প-উপন্যাসতাে আনকি কাব্যিক ভাষাৰ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনাে উপন্যাস বহুসমাদৃত। তাৰ ভিতৰত সূৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী’, ‘ধন্য নতনু ভাল’, আদি উল্লেখনীয়। “অঘৰী আত্মাৰ কাহিনী শীৰ্ষক উপন্যাসৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা।
তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থহ’ল পৰশমণি’, ‘আধাৰশিলা’, মহা ফুল’, স্বাক্ষৰ, ছবিঘৰ,ৰঙাগড়া, ৰজনীগন্ধাৰ চকুলাে’ইত্যাদি। তেওঁৰ গল্প, উপন্যাসৰ আলমত জেতুকা পাতৰ দৰে’, মমতাজ’আদি চিনেমাও নিৰ্মিত হৈছে। এইগৰাকী সাহিত্যিকে ১৯৭৭ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতিত্ব কৰিছিল। অসমীয়া সাহিত্যক বহু দিশৰ পৰা সমৃদ্ধ কৰা এইগৰাকী সাহিত্যৰ জীৱনাৱসান ঘটে ২০০০ চনত।
6. অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে। বুজাই লিখা।
উত্তৰঃ পৰাক্ৰমী মােগল অসমলৈ আহিছিল দেশবিজয়ৰ বাবে। অসম যাদু-মন্ত্ৰৰ দেশ বুলিয়েই তেওঁলােকে ভাবিছিল।পিছে অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁলােক অবাক হৈ ৰৈছিল। চৌদিশে পাহাৰে আৱৰা অসমভূমিৰ গছৰ পাতবােৰ যেন বনকৰা, মিনাক নিয়ৰসিক্ত দূৱৰিৰ পাতবােৰাে যেন মুকুতা খচিতহে। প্ৰকৃতিপ্ৰদত্ত সম্পদেৰে চহকী অসমত আনকি পুঠিমাছেও সােণৰ থুৰীয়া পিন্ধে, ভেকুলীয়েও ফোট লৈ সাজিব পাৰে। অসম মুলুকত ধােদববাৰেও সাজি উলিয়ায় ৰাজআলি।
কৃষিপ্ৰধান দেশ অসমত আহােম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দল সাজে,হাঁহ কণী-চাউলেৰে দেউল সজায়। সাগৰসদৃশ পুখুৰীৰে সজ্জিত এই দেশৰংঘৰ, কাৰেংঘৰ আদি প্ৰাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। অসমৰ ধূলিত সােণ, হীৰা মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলােৱা হয় সােণৰূপৰ দৰে মূল্যৱান ধাতু। সম্পদেৰে পৰিপূৰ্ণ অসমৰ লােকৰ মুখৰ মাত অমৃতসনা। অতিথিপৰায়ণ অসমৰ লােকৰ গান শুনি শিলাে কোমল হয়। এই দেশ ভক্তিধৰ্মৰ বাবে বিখ্যাত। নাম কীৰ্তনৰ সুললিত সুৰে এই দেশৰ ৰূপ-সৌন্দৰ্য দুগুণে চৰায়।
7. মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়।
দেশপ্ৰাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মােগলে কেনেকৈ পালে সেই বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহােমসকল। সেই সময়ত দিল্লীত থাকি ভাৰতবৰ্ষৰ একছত্ৰী শাসক হােৱাৰ মন মেলিছিল মােগলে। অন্য প্ৰান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মােগলে অসমতাে ভৰি দিছিল। অনায়াসে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলােকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি। পিছে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰক্ষাৰ্থে যুদ্ধক্ষেত্ৰৰাঙলীকৰিবলৈ তেওঁলােক প্ৰস্তুত। শত্ৰুসৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষ-নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল।
তেওঁলােকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মােগল সৈন্য। শত্ৰৰ আক্ৰমণ বুকু পাতি ল’বলৈ অকণাে কুণ্ঠাবােধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ তেওঁলােকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰনত কৰি মােগল অহা বাটেৰে উভতিছিল।
8. দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
ভৰি ধােৱে পােৰালৰ ভৰা দলঙত। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগঃ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যবৰ্ণনাৰ প্ৰসংগত কবিয়েব্যাখ্যেয়কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ অসম প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক আঁচল ভৰাইভৰাই দিছে অজস্ৰ সম্ভাৰ। দূৰণিৰ মােগলে অসমলৈ আহি সেইসম্ভাৰ প্ৰত্যক্ষ কৰিছে আৰু আচৰিত হৈ ৰৈছে। কবিৰ বৰ্ণনা অনুসৰি অসমৰ দুৱৰি বনত নিয়ৰ এনেদৰে পৰিআছে যেন মুকুতাৰ থােপাহে ওলমি আছে। সেই দেশৰ ধূলিত পৰি থাকে মৰকত মণি, খােজ দিলেই যেন গচকত ভাঙি যােৱাৰ সম্ভাৱনা থাকে। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ হাতীদাঁতৰ শিল্প জগদ্বিখ্যাত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাতেৰে তৈয়াৰ কৰা হয়।বহুমূল্যৱান প্ৰৱাল মণিৰেসজী দলঙত উঠিমানুহে ভৰি ধােৱে। মুঠতে প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্য বৰ্ণনা কৰি সামৰিব নােৱাৰি।। কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা অকৃপণভাৱে অসমৰ সৌন্দৰ্য বৰ্ণনা কৰিছে।
9. নিষ্কৰ্মা খােদ দলে বান্ধে ৰাজ আলি,
দল সাজে ঢালি পিঠা গুড়ি;
বাৰটি সাগৰ খানি ৰচে বননিত
ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ বাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগঃ অসমৰ ৰূপ-সৌন্দৰ্য বৰ্ণনা প্ৰসংগত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ মােগল অসমলৈ আহিছিল দেশ বিজয়ৰ উদ্দেশ্যে। প্ৰবল পৰাক্ৰমী হৈও অসমৰ নৰ-নাৰীৰ স্বদেশপ্ৰেম আৰু বীৰত্বৰ সন্মুখত মােগলে তিষ্ঠিব নােৱাৰি অহা বাটে উভতিব লগা হৈছিল। যােৱাৰ পৰত মােগলে প্ৰাণভৰি উপভােগ কৰিছিল অসমৰ প্ৰাকৃতিক আৰু অন্যান্য সৌন্দৰ্য। প্ৰকৃতি দানেৰে পুষ্ট অসম আহােমৰ নিৰ্মাণৰ দক্ষতাৰাে চানেকিৰূপে মােগলৰ চকুত ধৰা দিছিল বুলি কবিয়ে ক’ব বিচাৰিছে। এলাহেই যাৰ মূল সেই ধােদৰ শক্তিকো আহােম নেতৃত্বইকমত খটুৱাইছিল। ধােদৰ দ্বাৰাইবন্ধাইছিল ৰাজআলি।
সাগৰসদৃশ পখুৰী খন্দাইনগৰৰ সৌন্দৰ্য দুগুণে চৰাইছিল। ৰংঘৰ, কাৰেংঘৰৰ দৰে মহল বান্ধি শুৱনি কৰিছিল ৰাজধানী।এনে লাগিছিল যেন মৰ্তৰ নহয়, স্বৰ্গৰহেনগৰ। এইহেন দক্ষ নেতৃত্বই চলােৱা দেশ আৰু জাতিক অধীনত ৰখাটো অতি কঠিন কাম ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে তাকেই ক’ব খুজিছে।
10. অসমীয়া ভাষা মােৰ, কথা মােৰ, গীত মােৰ,
অসমৰ প্ৰকৃতিয়ে ৰচা,
বিহগ কিন্নৰ য’ত শুনিলে নীৰৱ হয়
অসমীয়া গীত মােৰ হৃদয় ওপচা। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ বাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগঃ অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকি অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ কবিৰ বাবে জন্মভূমিৰ ভাষাটো অতি আদৰৰ। এই ভাষাত ৰচিত গীত-মাতে অসমৰ প্ৰকৃতিৰ সৌন্দৰ্য যেন দুগুণে চৰায়। অসমীয়া ভাষাত ৰচিত গীত শুনি চৰায়াে যেন ৰৈ যায়। এই ভাষাত ৰচিত লােকমনৰ বিভিন্ন অভিব্যক্তিৰ প্ৰতিফলন ঘটা গীতসমূহ কবিৰ কাণত সুৱদীসুৰীয়া হৈ ধৰা দিয়ে। কবিৰ হৃদয় ভৰাই ৰাখে অসমীয়া ভাষাৰ মাতে। এই মাত আনকি কবিয়ে সৰগত শুনিব খােজে। সৰগৰ অফুৰন্ত সুখৰ মাজতাে কবিয়ে মনত ৰাখিব খােজে অসমীয়া মাত। অসমীয়া ভাষাৰ কোমলতা, লাস্যময়তাৰ আভাস ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে সুন্দভাৰে প্ৰকাশি উঠিছে।
11. মােহ গল দূৰণিৰ বিদেশী মােগল।
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপবিনন্দীয়া
অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ।
দূৰৰ মােগল আহি হ’ল অসমীয়া। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগঃ অসমৰ সৌন্দৰ্যত বিমুগ্ধ মােগলৰ অনুভৱৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ অসম প্ৰকৃতিৰ অপূৰ্ব দানেৰে সমৃদ্ধ। সৌন্দৰ্যত অতুলনীয় এই দেশ। ইয়াৰ প্ৰকৃতিৰ নিয়ৰসিক্ত গছৰ পাতত যেন মুকুতা থােপাথােপে ওলমে। অসমৰ ধূলি বালিত পৰি থাকে সােণৰ টুকুৰা, মৰকত মণিহাতীদাতেৰে সাজে খৰমৰ চুলা। প্ৰৱাল মণিৰে সজা দলঙত ভৰি থােৱে। বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙঠি মানুহে পিন্ধে।ম’হৰ শিঙেৰে সজা পেঁপা বজাই আনন্দত নাচে। অসমৰ বহু পুখুৰী সাগৰসদৃশ। দ’ল দেৱালয়েৰে আৱৰা অসমৰ মানুহৰ মাতত মৌসৰে।সুন্দৰ অসমীয়া ভাষাৰ সুৱদী গান শুনি শিললা পমি যায়। কি অপূৰ্ব আমেজ এই দেশৰ মাটিত ভৰি থৈ মােগলে পাইছিল। অসমৰ সৰগীয় ৰূপে তেওঁলােকক এনেদৰে মুহিলে যে তেওঁলােক নিজেও অসমতে থাকি গুল। বিদেশী জাতি এটাৰ দৃষ্টিৰে স্বদেশৰ ৰূপ-গুণৰ বৰ্ণনাত কবি যে সফল হৈছে এই কথা ব্যাখ্যেয় কবিতাফাকিত স্পষ্ট হৈছে।
12. জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্ৰাণ মন;
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগঃ জন্মভূমিৰ প্ৰতি থকা অফুৰন্ত প্ৰেম প্ৰকাশ কৰিবলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ কবিৰ বাবে নিজ জন্মভূমি অসম প্ৰাণৰাে প্ৰাণৰ। অসমীয়া বুলি কবিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰে। যি জাতিয়ে প্ৰবলপ্ৰতাপী মােগলকো একগােট হৈ যুঁজত পৰাস্ত কৰিছিল কেৱল দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ, সেই জাতিক লৈ কবি সদা উৎফুল্লিত। জন্মভূমিক ভাল পােৱাটো কবিয়ে নিজৰ ধৰ্মৰূপে গণ্য কৰে। অসমৰ চোতালত গজি উঠা দুৱৰিতে কবিয়ে স্বৰ্গৰ নন্দনকাননৰ প্ৰতিচ্ছৱি দেখা পায়।। অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষাৰ দৰে গণ্য কৰে। যি ভাষাত ৰচিত গীত-কথা-মাতে বনৰ চৰাইকো আকৰ্ষণ কৰে সেই ভাষাৰে গীতে কবিৰৰ হৃদয় ‘ওপচাই ৰাখে।
জন্মৰ পাছত অসমীয়া ভাষাৰেই আই’সম্বােধনেৰে কবিয়ে জন্মভূমিক নিজৰ কৰিছিল, সেই সম্বােধনেৰেইকবিয়ে প্ৰাণাধিক জন্মভূমিক এৰি এদিন প্ৰাণত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাক ইমানেই ভাল পায় যে মৃত্যুৰ পাছত সৰগতাে এই ভাষাৰ গান শুনিব বিচাৰে। সৰগৰ গান এৰি মৰ্তৰ অসমীয়া ভাষাতেই নিজৰ নামৰ সোঁৱৰণৰ বিষয়ে জানি সুখী হ’ব খােজে। এনেহেনে অসম কবিৰ দেহে-মনে সােমাই আছে। মৃত্যুৰ পাছতাে কবিয়ে সেয়ে তেওঁৰ প্ৰাণৰ অসমতেই পুনৰ জনম লু’ব খােজে। কবি যেন মাতৃভূমিৰ প্ৰতি কৃতজ্ঞ। তেওঁক জনম আৰু জীৱনেৰে। অনুগৃহীত ৰা মাতৃভূমিক কবিয়ে সেয়ে পাছৰ জনমতাে বিচাৰে।
13. মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা।
উত্তৰঃ কবিয়ে নিজ জন্মভূমিক প্ৰাণভৰি ভাল পায়। জন্মভূমি অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ৰূপে কবিৰ মন মােহে। স্বাধীন অসমৰ বিজয়গাথাই কবিক গৌবৰান্বিত কৰে।। প্ৰবলপ্ৰতাপী মােগলকো অসমৰ পুৰুষ-নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি যুঁজত পৰাস্ত কৰিলে। হেংদাঙেৰে প্ৰচণ্ড বীৰদৰ্পেযুঁজি নিজ দেশৰ মান ৰখা অসমৰ সন্তানক লৈ কবিয়ে সুখ অনুভৱ কৰে। কৃষিপ্ৰধান অসমৰ লােকে শুকান সান্দহগুৰি খায়াে ক’ৰ পৰা ইমান শকতি গােটালে সেই কথা ভাবি কবি আচৰিত হয়।
দেশৰ সেনানীৰ স্বদেশপ্ৰেম অবিহনে ৰাজপুতবিজয়ী মােগলক পৰাস্ত কৰাটো অসম্ভৱ বুলিও কবিয়ে বুজি উঠিছে। কবিৰ দেশৰ মানুহ অমায়িক, সহজ-সৰল। এই দেশৰ মানুহৰ মাতত মৰমৰ মৌ সৰে। মাতৰ কোমলতাত কঠিন শিলাে যেন পমি যায়। ইমান কোমল অন্তৰৰ মানুহে দেশৰ মান ৰাখিবলৈ বজ্ৰকঠোৰহ’ব পাৰে – সেই কথাই কবিক আহ্লাদিত কৰিছে। সেয়ে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্ৰশংসা কৰিছে।
14. কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম লম বুলি ভাবিছেবুজাই লিখা।
উত্তৰঃ কবিৰ বাবে নিজ জন্মভূমি অসম প্ৰাণৰৰ প্ৰাণৰ অসমীয়া বুলি কবিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰে। যি জাতিয়ে প্ৰবলপ্ৰতাপী মােগলকো একগােট হৈ যুঁজত পৰাস্ত কৰিছিল কেৱল দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ, সেই জাতিক লৈ কবি সদা উফুল্লিত। জন্মভূমিক ভাল পােৱাটো কবিয়ে নিজৰ ধৰ্মৰূপে গণ্য কৰে। অসমৰ চোতালত গজি উঠা দূৱৰিতে কবিয়ে স্বৰ্গৰ নন্দনকাননৰ প্ৰতিচ্ছবি দেখা পায়। অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষাৰ দৰে গণ্য কৰে। যি ভাষাত ৰচিত গীত কথামাতে ‘বনৰ চৰাইকো আকৰ্ষণ কৰে সেই ভাষাৰে গীতে কবিৰাে হৃদয় ওপচাই ৰাখে।
জন্মৰ পাছত অসমীয়া ভাষাৰেই ‘আই’সম্বােধনেৰে কবিয়ে জন্মভূমিক নিজৰ কৰিছিল, সেই সম্বােধনেৰেই কবিয়ে প্ৰাণাধিক জন্মভুমিক এৰি এদিন প্ৰাণত্যাগ কৰিব বিচাৰে।কবিয়ে অসমীয়া ভাষাকইমানেই ভাল পায় যে মৃত্যুৰ পাছত সৰগতাে এই ভাষাৰ গান শুনিব বিচাৰে। সৰগৰ গান এৰি মৰ্তৰ অসমীয়া ভাষাতেই নিজৰ নামৰ সোঁৱৰণৰ বিষয়ে জানি সুখী হ’ব খােজে। এনেহেনে অসম কবিৰ দেহে-মনে সােমাই আছে। মৃত্যুৰ পাছতাে কবিয়ে সেয়ে তেওঁৰ প্ৰাণৰ অসমতেই পুনৰজনম ল’ব খােজে। কবি যেন মাতৃভূমিৰ প্ৰতি কৃতজ্ঞ। তেওঁক জুম আৰু জীৱনেৰে অনুগৃহীত ৰা মাতৃভূমিক কবিয়ে সেয়ে পাছৰ জনমতাে বিচাৰে।
15. মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ অসমৰ অতীত গৌৰ গাথা আৰু তাৰ আলমত প্ৰকাশিত স্বদেশপ্ৰেমেইকবিতাটোৰ মল কথা। কবি মালিকৰ বাবে জন্মভূমি অসম প্ৰাণৰাে আপােন। অসমৰ ৰূপ-সৌন্দৰ্যই কবিক অহৰহ আকৰ্ষণ কৰে। এই দেশৰ অতীত ইতিহাসে কবিককৰি তােলে গৌৰৱান্বিত। নিজৰ মাজত পুঞ্জীভূত আৱেগক কবিয়ে কবিতাটোত কিছু সময়লৈকে মােগলক কথক সাজি প্ৰকাশ কৰিছে। মােগল প্ৰবল পৰাক্ৰমী জাতি। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰাটো তেওঁলােকৰ বাবে যেন সামান্য কথা। যি মােগলে ৰাজপুতক জয় কৰিছিল সেই মােগলেই পিছে সম্মুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নােৱাৰিলে। প্ৰচণ্ড আত্মবিশ্বাস আৰুবীৰত্বৰে যুঁজি অসমৰ পুৰুষ-নাৰীয়ে তাহানি জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে।
মােগলক অহা বাটে ওভােতাই পঠিয়ালে। অসমৰ এই বিজয়ক সুঁৱৰিকবি ৰােমাঞ্চিত হৈপৰে। সেয়েপৰাস্ত হােৱা মােগলৰ মুখেৰে কবিয়ে অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰশংসাইছে।অসমৰ প্ৰাকৃতিক সৌন্দৰ্যআৰুবিশাল সম্পদশিক লৈ কবিৰ আশাবাদী মনাে মােহিত। নিজৰ এইঅনুভৱাে কবিয়ে মােগলৰ দ্বাৰা কোৱাইছে। অসমৰৰূপ-গুণত আকৃষ্ট হৈ মােগলৰবহূতেইঅসমত থাকিগ’লবুলিও কবিয়ে কৈছে। অসমৰ সুৱদী ভাষাই কবিক অহৰহ আহ্লাদিত কৰি ৰাখে। সৰগতাে কবিয়ে এই ভাষাৰ গীত-মাত শুনিব খােজে। এই মাটিৰ মায়াই কবিক আকুল কৰে।
আজীৱন যি মায়াই কবিক আচ্ছন্ন কৰি ৰাখিলে, মৰাৰ পাছতাে কবি সেই মায়াবী পৰিচয়তে আবদ্ধ থাকিব খােজে। দেশৰ বাবেই তেওঁ জীয়াই থাকিব খােজে, দেশৰ বাবেই মৰিবও খােজে। ওপজা মাটিৰ মৰমক তেওঁ এনেদৰে বুকুত ৰাখিছে যে মৰাৰ পাছতাে তেওঁ এই দেশতে জনম ল’ব খােজে। ঐতিহ্য বৰ্ণনাৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি থকা ভালপােৱা কবিতাটোত সিঁচৰতি হৈ আছে।
16. মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
উত্তৰঃ মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱেবৰ্ণিত হৈছে। কবিয়ে এই গৌৰৱগাথা মােগলৰ মুখেৰে বৰ্ণনা কৰাইছে। প্ৰবল পৰাক্ৰমী মােগল অসমলৈ আহিছিল দেশ জয়ৰ উদ্দেশ্যে। কৃষিজীৱি সহজ-সৰল অসমীয়া জাতি অনায়াসে নিজৰ সাম্ৰাজ্যৰ তলতীয়া কৰিব পাৰিব বুলি ভাবিছিল। কথাৰেই বশ কৰিব খুজি মােগলে অসমৰ সৈন্য-বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় পাইছিল। যেতিয়া যুদ্ধ ঘােষণা হৈছিল, সম্মুখসমৰত অসমৰ সৈন্যৰ পৰাক্ৰম দেখি মােগলে তবধ মানিছিল। অসমৰ পুৰুষ-নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং ঘূৰাইছিল।
সেই তৰােৱালৰ চিকমিকনিত ৰাজপুত বিজয়ী মােগলৰাে গতি যেন স্তিমিত হৈছিল। দেশ স্বাধীনতা ৰক্ষা কৰিবলৈ অসমৰ নৰ-নাৰীয়ে শুৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ অকণাে কুণ্ঠাবােধ কৰা নাছিল। অসমৰ নৰ-নাৰীৰ স্বদেশপ্ৰেম আৰু বীৰত্ব দেখি মােগলসকল আকৰ্ষিত হৈছিল। তেওঁলােকে যােৱাৰ সময়ত আনকি প্ৰশংসাও কৰি গৈছিল। কবিয়ে সুন্দৰ বৰ্ণনাৰে অসমৰ অতীত গৌৰৱ। কবিতাটোত ফুটাই তুলিছে।