ইন্টাৰনেটৰ তিতা মিঠা | Chapter 9 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 9 Notes | SEBA Class 10 HSLC Assamese Chapter 9 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা মিঠা | HSLC Assamese Questions and Answers Assam


ইন্টাৰনেটৰ তিতা মিঠা
(ড° প্রণয়ী দত্ত)

Very Short Type Questions and Answers (Marks : 1)

1. দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হােৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

2. ইণ্টাৰনেট কি?
উত্তৰঃ ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।

3. কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰঃ কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ যােৱা তাইৰ বান্ধৱী শ্বেৰেণলৈ ই-মেইল কৰিছিল।

4. পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যােবাৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যােৱাৰ সিদ্ধান্ত লৈছিল।

5. ভাইৰাছ কি?
উত্তৰঃ ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা একধৰণৰ কম্পিউটাৰ প্ৰগ্ৰাম।

6. কুঁৱলীক দেউতাকে কি উপহাৰ দিছিল?
উত্তৰঃ কুঁৱলীৰ দেউতাকে কম্পিউটাৰ উপহাৰ দিছিল।

7. কুঁৱলীৰ বান্ধৱী শ্বেৰণে কলৈ পঢ়িবলৈ গৈছিল?
উত্তৰঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল।

8. কোনে কুঁৱলীৰ কম্পিউটাৰটোত এণ্টিভাইৰাছ ছফটৱেৰ অন্তৰ্ভুক্ত কৰিছিল?
উত্তৰঃ শাবানা বাইদেৱেকুঁৱলীৰ কম্পিউটাৰটোত এণ্টিভাইৰাছ ছফটৱেৰ অন্তৰ্ভুক্ত কৰিছিল।

9. ভাইৰাছ (VIRUS) ৰ সম্পূৰ্ণৰূপটো কি?
উত্তৰঃ ভাইৰাছ(VIRUS)ৰসম্পূৰ্ণ ৰূপটো হ’ল Vital information resources under seize.

10. ইন্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়?
উত্তৰঃ ইণ্টাৰনেটক চমুকৈ নেট (Net) বুলি কোৱা হয়।

11. কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৰ হৈ পৰিছিল?
উত্তৰঃ কুঁৱলী ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল।

Short Type Questions and Answers (Marks : 2/3)

1. বাক্য ৰচনা কৰা। —চিনাকি-অচিনাকি, অলীক-সপােন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা
উত্তৰঃ চিনাকি-অচিনাকিঃ চিনাকি-অচিনাকি সকলােৱে মৃণালিনীৰ কৃতিত্বৰ শলাগ ল’লে।

অলীক-সপােনঃ ভালদৰেনপঢ়ি চৰকাৰী চাকৰি কৰিব খােজাটো অলীক-সপােনৰ লেখিয়া।

নাকে-মুখেঃ নাকে-মুখে ৰংলাগি মইনা দেখিবলৈ পুতলাৰ দৰে হৈছে।

পৰীক্ষা-নিৰীক্ষাঃ বহুপৰীক্ষা-নিৰীক্ষাৰ অন্তত মৰমীৰ দুৰাৰােগ্য ৰােগ চিনাক্ত হল।

2. শব্দ অৰ্থ লিখা (অভিধান চাই)। —ক্ষতি, বিজুতি, গুণা-গধা, উদাস,পুঞ্জীভূত।
উত্তৰঃ

শব্দশব্দ অৰ্থ
ক্ষতিনাশ, ধ্বংস, অপচয়
বিজুতিযন্ত্ৰ আদিত ওলােৱা বেমাৰ
গুণা-গাঁথাচিন্তা-চৰ্চা
উদাসঅনুৰাগহীন, শূন্যতাবােধযুক্ত
পুঞ্জীভূতপুঞ্জিত, সঞ্চিত
READ MORE  কানাইৰ চাতুৰী | Chapter 13 | Class 10 Assamese - SEBA

3. WWW বা ৱেব কি?
উত্তৰঃ ৱৰ্ল্ড ৱাইড ৱেব (World Wide Web) হৈছে সমগ্ৰ বিশ্বজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ।

4. কুঁৱলীয়েই-মেইলৰ জৰিয়তে বান্ধৰীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে মস্কোত থকা অন্তৰংগ বান্ধৱী শ্বেৰেণৰ খবৰ জানিব বিচৰাত লগে লগে শ্বেৰণৰ পৰা উত্তৰ আহিল ফটোৰ সৈতে বন্ধত মাক-দেউতাকৰ সৈতে শ্বেৰণ গৈছিল ছেইণ্ট পিটাৰ্ছাৰ্গলৈ, তাৰেই ভ্ৰমণ অভিজ্ঞতাৰ সুন্দৰ বৰ্ণনা আৰু ফটোসমূহে কুঁৱলীক বাৰুকৈয়ে আনন্দ দিলে।

5. ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উত্তৰঃ ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ই-মেইলৰ দ্বাৰা প্ৰথমে বান্ধৱীৰ সঁহাৰি পােৱাৰ লগে লগে কুঁৱলীৰ মন আৰু নতুন অভিজ্ঞতাৰ বাবে উদগ্ৰীৱ হৈ পৰিল।এইবাৰ তাইভিডিঅ’কলিঙৰ সােৱাদ ল’লে। বিজ্ঞান সম্পৰ্কীয় ননপৰীক্ষা-নিৰীক্ষাৰ বিষয়ে ইণ্টাৰনেটত উপলব্ধ বিভিন্ন ৱেবছাইটৰ পৰা শিকিলে। ভাল বাৰ্তা থকা পুৰণি চিনেমা, বিখ্যাত গায়কৰ চিৰযুগমীয়া গানবােৰৰ লগতে বিভিন্ন খেল উপভােগ কৰিলে তাই আজৰি পৰত।

6. ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাৰ পাৰে?
উত্তৰঃ ভাইৰাছ হৈছে এক কম্পিউটাৰ প্ৰ’গ্ৰাম যাক সৃষ্টি কৰা হয় ধ্বংসৰ উদ্দেশ্যেৰে। কম্পিউটাৰৰ ক্ষেত্ৰতহে ই প্ৰযােজ্য। কোনাে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত ভাইৰাছ সংযুক্ত কৰি সেই সুস্থ প্ৰ’গ্ৰামবােৰত বিজুতি ঘটাব পাৰি। এনে কাম মূল ব্যৱহাৰকাৰীৰ অজ্ঞাতে কৰা হয়। ভাইৰাছ (virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital Information Resources Under Seize।

7. কুঁৱলীৰ দেউতাকে তাইক কি আশাৰে কম্পিউটাৰটো উপহাৰ দিছিল?
উত্তৰঃ কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়— এই আশাৰে দেউতাকে কুঁৱলীক কম্পিউটাৰটো উপহাৰ দিছিল।

8. কুঁৱলীয়ে তাইৰ আইতাকৰ পৰা কি সাধুকথা শুনিছিল?
উত্তৰঃ কুঁৱলীয়ে আইতাকৰ পৰা যাদুকৰী আইনা থকা ৰাজকুমাৰীৰ সাধু শুনিছিল। ৰাজকুমাৰীয়ে জানিব খােজা যিকোনাে কথাৰ বিষয়ে আহনাখনক সুধিলেই জানিব পাৰিছিল।

9. ইন্টাৰনেটত সম্বনে ব্যৱহাৰ হােৱা কেইটামান গুৰুত্বপূৰ্ণ শব্দ কি কি?
উত্তৰঃ ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হৈ থকা শব্দবােৰ হৈছে—ৱেব পেজ (Web Page), বেছাইট (Website), হম পেজ (Home Page),ব্ৰাউজাৰ (Browser) ইত্যাদি।

10. ইন্টাৰনেটৰ জনপ্ৰিয়তাৰ মূল কাৰণটো কি?
উত্তৰঃ বিজ্ঞান, কলা বা অইন যিকোনাে জানিব খােজা কথা আমাক ইণ্টাৰনেটে নিমিষতে জনাব পাৰে। এয়াই ইণ্টাৰনেটৰ জনপ্ৰিয়তাৰ মূল কাৰণ।

11. কুঁৱলীয়ে কিদৰে মাক-দেউতাকৰ সমস্যা নিমিষতে সমাধান কৰিছিল?
উত্তৰঃ ভ্ৰমণলৈ যাবলৈ ওলাই কুঁৱলীৰ মাক-দেউতাকৰ কত চিন্তাঙ্গ কিন্তু কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত টিকট কটা, হােটেল বন্দবস্ত কৰা, প্ৰয়ােজনীয় সাজ-পােছাক আৰুঅন্যান্য লাগতিয়াল সামগ্ৰী কিনা ইত্যাদি কাম কৰি নিমিষতে তেওঁলােকৰ সমস্যা সমাধান কৰিলে।

READ MORE  দৃশ্যান্তৰ | Chapter 5 | Class 10 Assamese - SEBA

12. কুঁৱলীৰ মনটো কিয় বিষাদগ্ৰস্ত হৈ পৰিছিল?
উত্তৰঃ কুঁৱলীৰ বান্ধৱী এজনীয়ে ইণ্টাৰনেটত বৰ বেছিকৈ ব্যস্ত হৈ থাকি একো কথালৈ মন নকৰা হৈছে। সমাজৰ পৰা বিচ্ছিন্ন হােৱাৰ দৰে থাকে, ৰাস্তাই-ঘাটেও নীতি-নিয়ম নমনাকৈ যায়। তাইৰ ভায়েক পলৰৰ একেই দশা।পঢ়া-শুনালৈ পিঠি দি ভিডিঅ’ গেম খেলাত ব্যস্ত থাকে। সৰুৰে পৰাই পঢ়া-শুনাত চোকা ল’ৰাটোৱে ছয়মাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত উত্তীৰ্ণই হ’ব নােৱাৰিলে। এইবােৰ কথা জানি কুঁৱলীৰ মনটো বিষাদগ্ৰস্ত হৈ পৰিছিল।

13. শাবানা বাইদেউৱে কিহৰ দ্বাৰা সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হােৱাৰ উদাহৰণ দিছিল? এইক্ষেত্ৰত কেনেদৰে সচেতন হ’বলৈ উপদেশ দিছিল?
উত্তৰঃ শাবানা বাইদেউৱে ইণ্টাৰনেটৰ কুব্যৱহাৰৰ দ্বাৰা সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হােৱাৰ উদাহৰণ দিছিল। তেওঁ কৈছিল যে ইণ্টাৰনেটৰ সু-প্ৰয়ােগ কৰা উচিত। তেতিয়াহে উন্নতি সম্ভৱ। আজিৰ প্ৰজন্মইছ’চিয়েল মিডিয়াৰ ব্যাপক প্ৰয়ােগ কৰোঁতে মনত ৰাখিব লাগিব যে তাৰ দ্বাৰা প্ৰচাৰিত সকলাে বাতৰি সত্য নহয়। তদশৰি এইবােৰ ব্যৱহাৰ কৰি যাতে পঢ়া-শুনা, খেলা-ধুলা বা চৌপাশৰ সমাজখনক যাতে আওকাণ নকৰে। এনেবােৰ কথাত সচেতন হবলৈকে শাবানা বাইদেউৱে উপদেশ দিছিল।

14. আত্ম উপলব্ধিৰে ভৰি পৰা কুঁৱলীয়ে ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কেনেদৰে সচেতন হােৱাৰ বাৰে দৃঢ়প্ৰতিজ্ঞ হৈছিল?
উত্তৰঃ ইণ্টাৰনেটৰ কু-প্ৰয়ােগৰ বিষয়ে গম পাই কুঁৱলীৰ আত্ম-উপলব্ধি হৈছিল। তাই মনে মনে দৃঢ় প্ৰতিজ্ঞ হৈছিল যে ইণ্টাৰনেটৰ সুবিধা ল’বলৈ গৈ ভাই পঢ়া-শুনা, খেলা, ধুলা বা নিজৰ অইন দায়িত্ব আওকাণ নকৰে। অভিভাৱকৰ অনুষ্ঠতি অবিহনে কোনাে কাৰ্যক্ৰম ইন্টাৰনেটত উপভােগ নকৰে। এইবােৰত ব্যস্ত থাকি সমনীয়া বা জ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববােধ অকণমাননা হ্ৰাস নকৰে।

15. কুঁৱলীয়ে কোনবােৰ অভিজ্ঞতা বৰ্ণনা কৰি সকলাে বন্ধু বান্ধৱীলৈ চিঠিলিখিছিল?
উত্তৰঃ কুঁৱলীয়ে বুজি উঠিছিল যে ইণ্টাৰনেটৰ মাত্ৰাধিক ব্যৱহাৰে আজিৰ প্ৰজন্মক কোঙা কৰি আনিছে। ঘৰ, আত্মীয়, সমাজৰ পৰা বিচ্ছিন্ন কৰাৰ উপক্ৰম হৈছে। দায়িত্ববােধৰ উমান নােপােৱা হৈছে বাবে বিশ্বাসযােগ্যতা হেৰুৱাইছে। এই সকলাে ঘূৰাই পাব পাৰি ইণ্টাৰনেটৰ সু প্ৰয়ােগৰ দ্বাৰা। নিজৰ সকলাে দায়িত্ব সুকলমে আৰু সময়ত যথাযােগ্যভাৱে সম্পন্ন কৰি ইণ্টাৰনেটৰ সুবিধাবােৰ উপভােগ কৰিব পাৰি। নিজৰ এই অভিজ্ঞতা বৰ্ণনা কৰিয়েই কুঁৱলীয়ে সকলাে বন্ধুবান্ধৱীলৈ চিঠি লিখিছিল।

Long Type Questions and Answers (Marks : 4/5)

1. ইণ্টাৰনেটৰৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।’— কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰঃ প্ৰশ্নোধৃত কথাষাৰৰ বক্তা হ’ল শ্বাৱানা বাইদেউ। ইণ্টাৰনেটৰ সুবিধা-অসুবিধাবা সুফল-কুফলৰ বিষয়ে ক’বলৈ গৈ প্ৰশ্নোদ্ধৃত কথাষাৰৰ অৱতাৰণা কৰা হৈছিল।ইন্টাৰনেটৰবহু সুবিধা আছে।ইয়াৰ ফলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ দ্বাৰা ভঁৰৰ বাতৰি আঁৰে লাভ কৰিব পাৰি। বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেল, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মানুহৰ সৈতে যােগাযােগ, বিশ্বৰ বিভিন্ন ঠাই সম্পৰ্কে বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য ইত্যাদি পলকতে ইণ্টাৰনেটৰ যােগেদি পাব পাৰি। কিন্তু সুবিধাৰ দৰেই বহু অসুবিধাও আছে। ছ’চিয়েল মিডিয়াৰ অত্যধিক প্ৰয়ােগত ব্যক্ত থাকি আজিৰ প্ৰজন্ম কিতাপ পঢ়া আৰু খেলা-ধূলাৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে।

READ MORE  অৰুণিমা সিনহা | Chapter 10 | Class 10 Assamese - SEBA

তদুপৰি এনে মাধ্যমত পলকতে বহূমিছা খবৰ বিয়পি সাম্প্ৰদায়িক সংঘৰ্ষ পৰ্যন্ত সৃষ্টি হৈছে। বস্তুতে ইণ্টাৰনেট সমৃদ্ধ ম’বাইলত ইমানেই ব্যস্ত থাকে যে বাটে পথে দুৰ্ঘটনাৰ সন্মুখীন হােৱা দেখা যায়। মুঠতে সূৰ্যৰ ৰশ্মিত যিদৰে প্ৰাণ নাশিব পৰা অতি বেঙুনীয়া ৰশ্মি আছে, আকৌ সূৰ্যৰ পােহৰ প্ৰাণীৰ প্ৰাণাে। একেদৰে ইণ্টাৰনেটৰ সুফল-কুফল দুয়ােটাই আছে। ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ প্ৰভাৱ।

2. ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
উত্তৰঃ লেখক ড° প্ৰণয়ী দত্তই গুণাগথা কৰিয়েই পাঠটোৰ নাম ইণ্টাৰনেটৰ তিতা-মিঠা ৰাখিছে বুলি ক’ব পাৰি। লেখক নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হােৱা হেতুকে সেই মাধ্যমৰ সুবিধা অসুবিধাদুয়াে দিশেই তেওঁৰ জ্ঞাত। সূৰ্যৰ পােহৰ আৰু শক্তি জীৱকূলৰ প্ৰাণ। আনহাতে, সূৰ্যৰ পােহৰত থকা অতি বেঙুনীয়া ৰশ্মি জীৱৰ মৃত্যুৰ কাৰণ। একেদৰে, একবিংশ শতিকাত তথ্য প্ৰযুক্তিৰ ব্যাপক উত্তৰণৰ যুগত ইণ্টাৰনেটৰ প্ৰয়ােগ অপৰিহাৰ্য হৈ পৰিছে।ইন্টাৰনেটঅবিহনে – যেন একোতেই আগবাঢ়িব নােৱাৰি। ইন্টাৰনেটে পৃথিৱীৰ সকলাে জ্ঞান তথ্য পলকতে পাব পৰা কৰিছে। কিন্তু একে সময়তে প্ৰয়ােগৰ মাত্ৰাৰ আধিক্যই ছাত্ৰ-ছাত্ৰী তথা মানুহৰ ক্ষতি সাধন কৰিছে। চকুৰ অসুখ, মূৰৰ বিষত ভুগিছে।

সামাজিক পৰিৱেশৰ পৰা ছাত্ৰসমাজ দূৰলৈ আহিছে! বাস্তৱ পৃথিৱীতকৈ অধিক সময় কল্পনাৰাজ্যত বিচৰণ কৰিছে। পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছে। কৰ্মবিমুখতাই গা কৰি উঠিছে। মুঠতে নানা সমস্যাই আগুৰি ধৰিছে। ইণ্টাৰনেটৰ সীমাহীন সুবিধাৰ লগতে ব্যৱহাৰকাৰীক ক্ষতি কৰা দিশসমূহাে লেখকে সমান্তৰালভাৱে বিশ্লেষণ কৰিছে। সেয়ে নিশ্চিতভাৱে ক’ব পাৰি যে পাঠটোৰ নামকৰণত লেখক সাৰ্থক হৈছে।

3. ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰঃ ইণ্টাৰনেটৰ অত্যধিক প্ৰয়ােগে ছাত্ৰ-ছাত্ৰীৰ জীৱনত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সমস্ত জীৱন প্ৰৱাহেই সলাই দিব পাৰে। ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনৰ অন্য প্ৰয়ােজনীয় কথালৈ মন নিদি বেছিখিনি সময় ইণ্টাৰনেটত ব্যস্ত হৈ থকা সততে দেখা যায়। ছ’চিয়েল মিডিয়াত এনেদৰে ব্যস্ত হৈ থাকে যে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কমি যায়। ইণ্টাৰনেটৰ আসক্তিয়ে খেলাধূলাৰ প্ৰতিও বিৰাগ জন্মায়। কোনাে ধৰণৰ অনুষ্ঠান-উৎসৱত ভাগ ল’বলৈ উৎসাহ নেদেখুৱায়। চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হয়। আলােচনী, বাতৰি কাকতৰ লগতে সম্বন্ধ ছেদ হয়।

বাটে-পথে সমনীয়া বা জ্যেষ্ঠ পথচাৰীৰ প্ৰতি গুৰুত্ব দেখুওৱাটোতাে দূৰৰে কথা, ইণ্টাৰনেট সংলগ্ন মবাইল চাই চাই যাওঁতে পথ দুৰ্ঘটনাত পৰে। বহু সময়ত ইণ্টাৰনেটত প্ৰচাৰিত ভুল বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হােৱাও দেখা যায়। মুঠতে ইণ্টাৰনেট আসক্তিৰ ফলত দৈনন্দিন জীৱনৰ প্ৰয়ােজনীয় সকলাে কথাতে অমনােযােগি লক্ষ্য কৰিব পাৰি।

Leave a Comment

error: Content is protected !!
Scroll to Top