চুটিগল্প সাহিত্য | Chapter 16 | Part-2 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 16 Notes | SEBA Class 12 HS Advance Assamese Chapter 16 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 16 চুটিগল্প সাহিত্য | HS 2nd Year Advance Assamese Questions and Answers Assam
চুটিগল্প সাহিত্য
(সাহিত্যৰ বুৰঞ্জী (১৮৮০ – ১৯৪০))
Very Short Type Questions and Answers (Marks : 1/2)
1. ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালা।
2. বীণা বৰুৱাই ৰচনা কৰা দুখনি গল্প পুথিৰ নাম লিখা।
উত্তৰঃ ‘পট পৰিৱৰ্তন’ আৰু ‘আঘােণী বাই’।
3. শৰৎ চন্দ্ৰ গােস্বামীৰ ঐতিহাসিক পটভূমিত ৰচনা কৰা উপন্যাসখনিৰ নাম কি?
উত্তৰঃ পানীপথ।
4. ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ মিৰি জীয়ৰী।
5. লক্ষীধৰ শৰ্মাৰ এখনি গল্প পুথিৰ নাম লিখা।
উত্তৰঃ ‘ব্যৰ্থতাৰ দান’।
6. ‘আৱাহন’ কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল?
উত্তৰঃ ১৯২৯ চনত।
7. ‘শিল্পীৰ জন্ম’ গল্প পুথিখনি কাৰ ৰচনা?
উত্তৰঃ ত্ৰৈলােক্যনাথ গােস্বামীৰ ৰচনা।
8. ‘অপূৰ্ণ’ উপন্যাস খনি কোনে ৰচনা কৰিছিল?
উত্তৰঃ দৈৱ চন্দ্ৰ তালুকদাৰে ৰচনা কৰিছিল।
9. অসমীয়া সাহিত্যত প্ৰথম উপন্যাস কোনে ৰচনা কৰে?
উত্তৰঃ পদ্মেশ্বৰী দেৱী ফুকননীয়ে।
10. ‘ওফাইদাং’ গল্প সংকলন খন কাৰ ৰচনা?
উত্তৰঃ লক্ষীনাথ ফুকনৰ ৰচনা।
11. নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্পৰ ঘাই বৈশিষ্ট্য কি?
উত্তৰঃ আখ্যান প্ৰধান, উপন্যাসৰ পকেট সংস্কৰণ।
12. অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট কাক বােলা হয়?
উত্তৰঃ ৰজনীকান্ত বৰদলৈক।
13. ‘অপূৰ্ণ কোন শ্ৰেণীৰ ৰচনা?
উত্তৰঃ উপন্যাস শ্ৰেণীৰ।
14. অসমীয়া সাহিত্যত বুৰঞ্জীমূলক উপন্যাস লিখাৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ ৰজনীকান্ত বৰদলৈয়ে।
15. শৰৎ চন্দ্ৰ গােস্বামীৰ এখন চুটিগল্পৰ পুথিৰ নাম লিখা।
উত্তৰঃ বাজীকৰ।
16. ‘মনােমতী’ উপন্যাস থন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল।
17. ৰজনীকান্ত বৰদলৈৰ উপন্যাস সমূহৰ প্ৰধান বৈশিষ্ট্য কি?
উত্তৰঃ বুৰঞ্জীমূলক আৰু নায়িকা প্ৰধান।
18. ‘নিৰ্মল ভকত উপন্যাসখনি কোনে লিখিছিল?
উত্তৰঃ ৰজনীকান্ত বৰদলৈয়ে।
19. কোনখন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যই নতুন স্তৰত ভৰি দিয়ে?
উত্তৰঃ ‘আৱাহন’ কাকতৰ জৰিয়তে।
20. শৰৎ চন্দ্ৰ গােস্বামীৰ মৃত্যুৰ পিছত প্ৰকাশ হােৱা তেওঁৰ গল্প পুথি খনৰ নাম কি?
উত্তৰঃ পৰিদৰ্শন।
21. পদ্মনাথ গােহাঞি বৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ ‘ভানুমতী’।
22. অ : ভা : উ : সা : সভা কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্টত।
23. ত্ৰৈলােক্যনাথ গােস্বামীৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰঃ ‘অৰুণা’।
24. ‘ময়না’ গল্প পুথিখনিৰ লেখক কোন?
উত্তৰঃ শৰৎ চন্দ্ৰ গােস্বামী।
25. “ৰহদৈ লিগিৰী ” উপন্যাসনৰ ৰচক কোন?
উত্তৰঃ ৰজনী কান্ত বৰদলৈ।
26. অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ কোন কাকতৰ পৰা আৰম্ভ হৈছিল?
উত্তৰঃ ‘জোনাকী’ কাকতৰ পৰা।
27. ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস দুখনৰ নাম কি কি?
উত্তৰঃ ‘নিৰ্মল ভকত’ আৰু ‘মিৰিজীয়ৰী’।
28. অসমীয়া চুটিগল্পৰ জনক কাক কোৱা হয়?
উত্তৰঃ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাক।
29. ‘বাজীকৰ’ কাৰ ৰচনা?
উত্তৰঃ শৰৎ চন্দ্ৰ গােস্বামীৰ ৰচনা।
30. লক্ষীনাথ বেজবৰুৱাৰ এখনি গল্প পুথিৰ নাম লিখা।
উত্তৰঃ ‘সুৰভি’।
31. লক্ষীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰঃ ‘পদুম কুঁৱৰী’।
32. ‘বাজীকৰ’ গল্প সংকলনৰ লিখক কোন?
উত্তৰঃ শৰৎ চন্দ্ৰ গােস্বামী।
33. ‘সাতসৰী’ গল্প পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ দণ্ডীনাথ কলিতাই ৰচনা কৰিছিল।
34. গল্পকাৰ লক্ষীনাথ ফুলন কোন কাকতৰ সম্পাদক আছিল?
উত্তৰঃ ‘দ্য আসাম ত্ৰিবিউন’ নামৰ ইংৰাজী কাকত খনৰ।
35. লক্ষীনাথ ফুকনৰ দুখনি গল্প পুথিৰ নাম লিখা।
উত্তৰঃ মালা আৰু ওফাইদাং।
36. ‘জোনাকী’ কাকত প্ৰথম প্ৰকাশ কিমান চনত হৈছিল?
উত্তৰঃ ইংৰাজী ১৮৮৯ চনত।
37. ‘চোৰাংচোৱাৰ চ’ৰা’ নামৰ গল্প পুথিখনিৰ লেখক কোন?
উত্তৰঃ নকুল চন্দ্ৰ ভূঞা।
38. ‘ভানুমতী’ উপন্যাসৰ ৰচক কোন?
উত্তৰঃ পদ্মনাথ গােহাঞি বৰুৱা।
39. সাহিত্যিক দণ্ডীনাথ কলিতাৰ গল্প পুথি এখনিৰ নাম লিখা।
উত্তৰঃ ‘সাতসৰী’।
40. ‘সাধনা’ উপন্যাসখনিৰ ৰচনা কোন?
উত্তৰঃ দণ্ডীনাথ কলিতা।
41. ‘চন্দ্ৰহাৰ’ গল্প পুথিখনি কাৰ ৰচনা?
উত্তৰঃ মিত্ৰদেৱ মহন্ত অধিকাৰীৰ।
42. দণ্ডীনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ?
উত্তৰঃ ঔপন্যাসিক।
43. শৰৎ চন্দ্ৰ গােস্বামীৰ মৃত্যুৰ পিছত প্ৰকাশ পােৱা গল্প পুথিখনৰ নাম। কি?
উত্তৰঃ ‘পৰিদৰ্শন’।
44. ‘উকীলৰ জন্ম ৰহস্য গল্প পুথিখনিৰ গল্পকাৰ কোন?
উত্তৰঃ মহীচন্দ্ৰ বৰা।
45. ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্য জগতত কি উপাধীৰে জনা যায়?
উত্তৰঃ ‘উপন্যাস সম্ৰাট ‘উপাধিৰে জনা যায়।
46. ‘লাহৰী’ উপন্যাসৰ ৰচক কোন?
উত্তৰঃ পদ্মনাথ গােহাঞি বৰুৱা।
47. বীণা বৰুৱা কাৰ ছদ্মনাম?
উত্তৰঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ।
48. ‘পদুম কুঁৱৰী’ কাৰ ৰচনা?
উত্তৰঃ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ।
Long Type Questions and Answers (Marks : 3/4)
1. নকুল চন্দ্ৰ ভূঞা ৷ চমু টোকা লিখা।
উত্তৰঃ নকুল চন্দ্ৰ ভূঞা:- নকুল চন্দ্ৰ ভূঞাই ‘আলােচনী’, ‘চেতনা’, ‘বাঁহী’ আৰু ‘আহ্বান’ কাকতত বৈশিষ্ট্যপূৰ্ণ গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি কিছু গল্প লিখিছিল। তেওঁৰ গল্প পুথিসমূহ হ’ল – ‘চোৰাংচোৱাৰ চ’ৰা’ ( ১৯১৮), ‘জেনােৱালি’ (১৯৩৩) আৰু ‘গল্পৰ শৰাই’ (১৯৬২)।
2. লক্ষীধৰ শৰ্মা। চমু টোকা লিখা।
উত্তৰঃ লক্ষীধৰ শৰ্মা:- লক্ষীধৰ শৰ্মা ‘আহ্বান’ যুগৰ এজন সাৰ্থক গল্পকাৰ৷ তেওঁৰ উল্লেখযােগ্য গল্প সংকলনটো হ’ল ‘ব্যৰ্থতাৰ দান’। সংকলনত সন্নিবিষ্ট গল্পসমূহৰ উপৰি তেওঁৰ ভালেমান গল্প আলােচনীত সিঁচৰতি হৈ আছে। তেওঁৰ প্ৰতিটো গল্পই বহন কৰিছে শিল্পীমনৰ এক। শৈল্পিক চাৰুতা। প্ৰায় সকলােবােৰ গল্পতে ফুটি উঠিছে এক সংস্কাৰকামী মনােভাব। জৈৱিক সমস্যাক কেন্দ্ৰ কৰিয়েই শৰ্মাৰ সৰহভাগ গল্প ৰচিত হৈছে। যৌন প্ৰবৃত্তিৰ প্ৰচণ্ডতা আৰু পৰিতৃপ্তিৰ মাদকতাৰ বৰ্ণনাৰে। তেওঁৰ কিছুমান গল্প পৰিপূৰ্ণ। তেওঁ দুই এটা গল্পত সাম্প্ৰদায়িক সম্প্ৰীতিৰ ছবিও অংকন কৰিবলৈ প্ৰয়াস কৰিছে। এই সন্দৰ্ভত তেওঁৰ ‘চিৰাজ’ গল্পটো উল্লেখযােগ্য। নাৰীৰ ওপৰত কৰা সামাজিক অবিচাৰৰ সুন্দৰ বিশ্লেষণ গল্পটোত লক্ষ্য কৰা যায়। তেওঁৰ কোনাে কোনাে গল্পত বিধৱাৰ ব্যথাভাৰা অন্তৰ্দ্বন্দ্ব প্ৰকাশ লক্ষ্য কৰা যায়।
লক্ষীধৰ শৰ্মাৰ গল্পৰ প্ৰধান বিশেষত্ব সমাজ সচেতনতা আৰু সংস্কাৰকামী মনােভাব। পুৰণিকলীয়া এলান্ধুৱে আৱৰা সমাজৰ নীতি নিয়মক উপেক্ষা কৰি সংস্কাৰকামী মনােভাৱেৰে এখন নিকা সমাজ গঢ়াৰ স্বপ্ন শৰ্মাৰ প্ৰায়বােৰ গল্পত লক্ষ্য কৰিব পাৰি। চৰিত্ৰৰ মানসিক দ্বন্দ্বৰ প্ৰতি শৰ্মাৰ সততে সচেতন আছিল। ফ্ৰেয়েডৰ মনস্তাত্ত্বিক বিশ্লেষণৰ প্ৰাধান্যৰ উপৰি শৰ্মাৰ গল্পত মাৰ্ক্সবাদী চিন্তাধাৰাযাে প্ৰভাৱ বিস্তাৰ কৰিছে। তেওঁৰ গল্পৰ ৰচনাৰীতি পােন আৰু প্ৰাঞ্জল।
3. মহীচন্দ্ৰ বৰা। চমু টোকা লিখা।
উত্তৰঃ মহীচন্দ্ৰ বৰা:- ‘আহ্বান’, ‘জয়ন্তী’ আদি কাকতত গল্প লিখি সুপৰিচিত হৈ পৰা গল্পকাৰ মহীচন্দ্ৰ বৰাৰ উল্লেখযােগ্য গল্প সংগ্ৰহ হ’ল ‘উকীলৰ জন্ম ৰহস্য (১৯৭০)। গল্পবােৰত সামাজিক ব্যংগ আৰু হাস্য ৰসতকৈ ব্যক্তিকেন্দ্ৰিক হাস্যৰস আৰু ব্যংগ অধিকভাৱে পৰিস্ফুট হৈছে। গল্পবােৰৰ জৰিয়তে জীৱনৰ গভীৰ দিশ উদঘাটনৰ পচেষ্টা লক্ষ্য কৰা নাযায়। বৰাৰ গল্পত আমােদজনক পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰাধান্য অন্যতম মন কৰিবলগীয়া বৈশিষ্ট্য। অতিশয়ােক্তিও তেওঁৰ ৰচনাত। নথকা নহয়। নিৰীহ – নিৰ্যাতিতৰ প্ৰতি সহানুভূতিও তেওঁৰ গল্পবােৰৰ লক্ষণীয় বিষয়।
4. বীণা বৰুৱা ৷ চমু টোকা লিখা।
উত্তৰঃ বীণা বৰুৱা:- বীণা বৰুৱা ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সাহিত্যিক ছদ্মনাম। বীণা বৰুৱা আৰু ৰা বৰুৱা এই দুটো ছদ্মনামেৰে ড° বৰুৱাই গল্প উপন্যাস ৰচনা কৰি অসমীয়া কথা সাহিত্যক সমৃদ্ধ কৰি গৈছে। ‘আহ্বান’ কাকতত প্ৰকাশিত বীণা বৰুৱাৰ গল্পই আলােড়ন সৃষ্টি কৰিছিল। তেওঁৰ গল্প – সংকলন দুটা হ’ল ‘আঘােণী বাই’ আৰু ‘পট পৰিৱৰ্তন’। ‘পট পৰিৱৰ্তন’ৰ গল্পসমূহৰ অধিকাংশই কলেজীয়া ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰৰ অৱলম্বনত ৰচিত। নাৰী চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্য ফুটাই তােলাত লেখকৰ দক্ষতা প্ৰকাশ পালেও নাৰী চৰিত্ৰবােৰ বাস্তৱতকৈ পুৰুষে মনে গঢ়া চৰিত্ৰৰ অৱনমিত হােৱা লক্ষ্য কৰা যায়। বৰুৱাৰ প্ৰথম ভাগৰ গল্পসমূহত চিন্তাৰ গভীৰতা অনুভৱ কৰিব নােৱাৰি, ৰােমান্টিক প্ৰেমেই অধিকাংশ গল্পৰ বিষয়বস্তুৰূপে গৃহীত হৈছে।
বীণা বৰুৱাৰ গল্পত কথাবস্তুৰ বিক্ষিপ্ততা যে লক্ষ্য কৰা যায়। জৈৱিক বাসনাৰ ওপৰত গুৰুত্ব আৰােপ কৰিলেও বাসনাৰ উৎকট প্ৰকাশ তেওঁৰ গল্পত লক্ষ্য কৰা নাযায়। সামাজিক জীৱনৰ প্ৰতিফলন তেওঁৰ গল্পৰ আন এক বিশেষত্ব। চৰিত্ৰ চিত্ৰণত আৰােপিত বাস্তৱতাই তেওঁৰ গল্পলৈ কঢ়িয়াই আনিছে এক সুকীয়া মাদকতা। চৰিত্ৰৰ অন্তৰ্দ্বন্দ্ব পৰিস্ফুটনত অৱশ্যে তেওঁ সচেতন নাছিল। প্ৰকাশভংগীৰ সৰলতা, সৰস বৰ্ণনা, অনাড়ম্বৰ সংলাপ তেওঁৰ গল্পৰীতিৰ বৈশিষ্ট্য। তেওঁৰ গল্প কোৱাৰ ভংগী সহজ সৰল আৰু আড়ম্বৰহীন।
5. লক্ষীনাথ ফুকন। চমু টোকা লিখা।
উত্তৰঃ লক্ষীনাথ ফুকন:- আৱাহন যুগৰ গল্পকাৰসকলৰ ভিতৰত লক্ষীনাথ ফুকন অন্যতম। তেওঁৰ গল্প সংকলন চাৰিখন – মালা, উফাইদাং, মৰমৰ মাধুৰি আৰু আনন্দে নধৰে হিয়া। এই গল্প। সংকলনকেইটিৰ গল্পসমূহত মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ সুখ দুখৰ চিত্ৰ, ব্যংগ আৰু কৰুণ ৰসসিক্ত হাস্যৰসৰ যােগেদি চিত্ৰিত হৈছে। তেওঁৰ প্ৰায় সকলাে গল্পতে সামাজিক আৰু হাস্যৰসাত্মক মনােভাব একোটা সােমাই আছে। সমাজৰ মুখা পিন্ধা বৰলােসকলৰ আন্তঃসাৰশূন্য ভিতৰখন প্ৰকাশ কৰাত ফুকন সিদ্ধহস্ত।
ফুকনৰ হাস্যৰস বুদ্ধিদীপ্ত। চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত ফুকনৰ বৈশিষ্ট্য আছে। আধুনিক সভ্যতাৰ বুকুত জীপ লােৱা ধনী আৰু মধ্যবিত্ত এদল মতা তিৰােতাৰ বাহিৰ শুৱনি কিন্তু ভিতৰ ফোঁপালা জীৱনৰ ছবি তেওঁ যেনেকৈ আঁকিব পাৰিছে আনে তেনেকৈ পৰা নাই। ফুকনৰ গল্পৰ হাস্যৰসৰ ক্ষেত্ৰত এটা লক্ষ্য কৰিবলগীয়া বিশেষত্ব এই যে শব্দ গাৰ্থনিৰ অসাম্যৰ যােগেদি তেওঁ হাস্যৰস সৃষ্টি কৰা নাই, চৰিত্ৰৰ অন্তৰ্দ্বন্দ্ব আৰু সিবােৰৰ কাৰ্য আৰু কথাৰ বৈষম্যৰ মাজেদিহে হাস্যৰস সৃষ্টি কৰিছে। তেওঁৰ গল্পৰ প্লট সৰলৰেখাৰ দৰে পােন।
6. ৰমা দাস। চমু টোকা লিখা।
উত্তৰঃ ৰমা দাস:- ৰমা দাস ‘আহ্বান’ যুগৰ সবাতােকৈ সাৰ্থক গল্পকাৰ। আৱাহন আৰু অন্যান্য আলােচনীত সিঁচৰতি হৈ থকা দাসৰ গল্পসমূহৰ একমাত্ৰ সংকলন ‘মা দাসৰ শ্ৰেষ্ঠ গল্প’। তেওঁৰ গল্পসমূহত গল্প কোৱাৰ এক সুকীয়া ভংগীয়ে পাঠকক সহজে আকৰ্ষণ কৰে। অৱশ্যে অতিৰঞ্জনৰ ডাঠ প্ৰলেপেৰে কল্পিত জীৱনৰ খণ্ডিত অভিজ্ঞতাই তেওঁৰ গল্পক এক বিশেষ মােহনীয়তা প্ৰদান কৰিছে। ৰােমান্টিক কল্পনা, বিষয়বস্তু নিৰ্বাচনৰ দক্ষতা, অলংকাৰপূৰ্ণ ভাষা আৰু ৰােমান্টিক ভাবসমৃদ্ধ প্ৰকাশভংগীৰ ৰমনীয়তা ৰমা দাসৰ গল্পৰ সাধাৰণ বিশেষত্ব। তেওঁৰ গল্পসমূহত কল্পিত পৰিবেশ বা বাতাবৰণৰ মাজত যৌন প্ৰবৃত্তিৰ অবাধ অভিব্যক্তি সন্মােহনীয় ৰূপত অংকিত হৈছে।
চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত দাসৰ কৃতিত্ব ৰােমান্টিক ভাৱবিলাসী চৰিত্ৰৰ অপূৰ্ণ চিত্ৰণত। জীৱনৰ আবেদনৰ ব্যাপকতা তেওঁৰ গল্পত অনুপস্থিত। গল্পবােৰত একে ধৰণৰ চৰিত্ৰ সৃষ্টি, একে ধৰণৰ সমস্যা উত্থাপন তেওঁৰ গল্পৰীতিৰ এক মনকৰিবলগীয়া বিশেষত্ব। যৌন প্ৰবৃত্তিৰ চিত্ৰনত ভাব। প্ৰৱনতাৰ আধিপত্য বিস্তাৰে’ জীৱনৰ মহত্ব প্ৰকাশত বাধাৰ সৃষ্টি কৰিছে। এনেদৰে কল্পনাৰ সংলগ্নতা, বৰ্ণনাৰ মাধুৰ্য, নিখুঁত শব্দচয়ন, ভাষাৰ সাৱলীলতা, মােহনীয়া প্ৰকাশভংগী আৰু বাসনাৰ মুক্ত প্ৰকাশ আদি বৈশিষ্ট্যৰে ৰমা দাসৰ গল্পবােৰে অসমীয়া গল্প সাহিত্যৰ বুৰঞ্জীত এখনি বিশেষ আসন অধিকাৰ কৰিছে।
7. ত্ৰৈলােক্যনাথ গােস্বামী। চমু টোকা লিখা।
উত্তৰঃ ত্ৰৈলােক্যনাথ গােস্বামী:- স্বাধীনতা পূৰ্ব অসমীয়া গল্প লেখকৰ ভিতৰত ত্ৰৈলােক্যনাথ গােস্বামী অন্যতম। গােস্বামীৰ গল্পপুথি চাৰিখন- অৰুণা, মৰীচিকা, শিল্পীৰ জন্ম আৰু জীৱনৰ জীয়াজুই। এই সংকলনকেটাত অন্তৰ্ভুক্ত গল্পৰ উপৰি ভালেমান গল্প আলােচনীত সিঁচৰতি হৈ আছে। সমাজৰ দুখ দৈন্য, অনাচাৰ অবিচাৰৰ বুকুত নিষ্পেষিত স্ত্ৰী পুৰুষৰ চৰিত্ৰ গােস্বামীৰ গল্পত আছে। তীব্ৰ সমাজ – চেতনা তেওঁৰ গল্পত এক লক্ষণীয় বিশেষত্ব। গােস্বামীৰ গল্পত সামাজিক দ্বন্দ্বৰ ৰূপ অতি স্পষ্ট আৰু হৃদ্যসংবাদী ৰূপত ফুটি উঠিছে। স্বকীয় বৈশিষ্ট্যৰে সমুজ্জল হােৱা গল্পবােৰত অৰ্থনৈতিক শােষণ আৰু সামাজিক অন্যায়ৰ ছবি প্ৰতিফলিত হৈছে।
গােস্বামীৰ গল্পৰ চৰিত্ৰ বাস্তৱ আৰু সৰল। সমাজত থকা অসাম্যৰ কাৰণে কিছুমান চৰিত্ৰৰ জীৱন প্ৰকাশ পােৱা দুৰ্বহ। গােস্বামীৰ গল্পৰ। মাজেদি জীৱনৰ মমতা আৰু উদণ্ডতা প্ৰকাশ পােৱা নাই। তেওঁৰ গল্পত বাকসংঘম বিশেষ লক্ষণীয়। ফলত কোনাে কোনাে ক্ষেত্ৰত গল্পৰ সৌন্দৰ্য ভালকৈ পৰিস্ফুট হব পৰা নাই।
8. শৰৎচন্দ্ৰ গােস্বামী। চমু টোকা লিখা।
উত্তৰঃ শৰৎচন্দ্ৰ গােস্বামী:- অসমীয়া সাহিত্যত বেজবৰুৱাৰ পিছতে উল্লেখযােগ্য গল্পকাৰ শৰৎচন্দ্ৰ গােস্বামী। তেওঁৰ গল্পৰ পুথি চাৰিখন – গল্পাঞ্জলি, বাজীকৰ, মনা আৰু পৰিদৰ্শন। তেওঁৰ গল্পৰ প্ৰধান। বিশেষত্ব বিন্যাস ৰীতিৰ স্বাচ্ছন্দ্যতা আৰু সৰল বাকভংগী। তেওঁৰ গল্পত দীঘলীয়া বাক্যৰীতিৰ প্ৰয়োগ নাই। পীড়িতৰ প্ৰতি, অসহায়ৰ প্ৰতি আনকি সামান্য প্ৰাণীৰ প্ৰতিও এটা সহানুভূতিসূচক মনােভাব তেওঁৰ কেইবাটাও গল্পৰ মাজেদি প্ৰকাশিত হৈছে। ব্যংগােক্তি কৰুণতা তেওঁৰ গল্পত আছে কিন্তু এই কৰুণতা অকল চৰিত্ৰবােৰৰ ভুল ভ্ৰান্তিৰ পৰা উদ্ভৱ হােৱা নাই। কৰুণ ঘটনা সমষ্টিৰ মাজত যেন নিয়তিৰ।
পৰিহাস আৰু অদৃষ্টৰ বুজিব নােৱাৰা কুৰতা আছে। তেওঁৰ কিছুমান। গল্পত অবৈধ প্ৰণয়ন ছবি প্ৰকাশিত হৈছে। সমাজৰ অন্যায় অভিচাৰৰ প্ৰতি গােস্বামী সম্পূৰ্ণ সচেতন। বেজবৰুৱাৰ দৰে প্ৰচণ্ড বাক্য প্ৰবাহৰ বা মাৰলী তেওঁৰ গল্পত নাই। এনে গল্পবােৰত তেওঁ অন্যায় আৰু অবিচাৰৰ প্ৰতিবাদ কৰিছে। গাঁৱলীয়া পটভূমিত তেওঁৰ বেছিভাগ গল্প প্ৰতিষ্ঠিত। জীৱনৰ ৰহস্য আৰু বৈচিত্ৰ্যৰ বিভিন্ন কোন উঘাটনৰ প্ৰয়াস তেওঁৰ গল্পত লক্ষ্য কৰা যায়। তেওঁৰ গল্পত ৰেখাংকনৰ ঋজুতা আৰু বাকভংগীৰ সৰলতা মন কৰিবলগীয়া বিশেষত্ব।
Long Type Questions and Answers (Marks : 4/5/6)
1. ১৮৮০ – ১৯৪০ এই সময়চোঁৱাৰ যিকোনাে এগৰাকী গল্পকাৰৰ বিষয়ে এটি নাতিদীৰ্ঘ টোকা যুগুত কৰা।
উত্তৰঃ নকুলচন্দ্ৰ ভূঞা:- নকুলচন্দ্ৰ ভূঞাই ‘ আলােচনী ‘, ‘চেতনা’, ‘ বাঁহী ‘ আৰু ‘ আৱাহন’ কাকতত বাই বৈশিষ্ট্য পূৰ্ণ গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি কিছু গল্প লিখিছিল।তেওঁৰ গল্প পুথিসমূহ হ’ল— ‘। চোৰাংচোৱাৰ চ’ৰা (১৯১৮), ‘জেনােৱালি’ (১৯৩৩) আৰু ‘গল্পৰ শৰাই’ (১৯৬২)।
2. ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া চুটিগল্পৰ ধাৰা বিষয়ক চমু আলােচনা কৰা।
উত্তৰঃ উপন্যাসৰ দৰে অসমীয়া চুটিগল্পও পাশ্চাত্য সাহিত্য অধ্যয়নৰ অমৃতময় ফল। ইয়াৰ আগতে অসমীয়া সমাজত মুখে মুথে চলি অহা, আৰু পিছলৈ লিখিত ৰূপ লােৱা সাধুকথা, আখ্যান, উপাখ্যানসমূহ সাধাৰণতে অবাস্তৱ আৰু অবিশ্বাস্য কথা আৰু কাহিনীৰে পৰিপূৰ্ণ আছিল। সেইবােৰত গছ লতা, জীৱ – অন্ত, দেও – ভূহুও কথা কয়। কিন্তু চুটিগল্পসমূহ ঘাইকৈ বাস্তৱতাৰ ভিত্তিক মানৱ জীৱনৰ লগত উত:প্ৰােতভাৱে জড়িত। সেই কাৰণেই সাধুকথাসমূহক চুটিগল্পৰ পিতৃপুৰুষ বুলি কব নােৱাৰি। অসমীয়া সাহিত্যত চুটিগল্প পাশ্চাত্য সাহিত্যৰ ফল।
আমাৰ আলােচ্য কালছােৱাতেই (১৮৮০ – ১৯৪০) অসমীয়া চুটিগল্পই জন্ম লাভ কৰে। এই সম্পৰ্কে তলত আলােচনা কৰা হ’ল—
লক্ষীনাথ বেজবৰুৱা:- লক্ষীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক। অসমীয়া সাহিত্যত চুটিগল্প তেৱেই প্ৰথমে লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ হাততেই অসমীয়া চুটিগল্পই জন্ম লাভ কৰে ৷ তেওঁৰ ‘সাধুকথাৰ কুকি’ (১৯১০); ‘সুৰভি’ (১৯০৯); আৰু ‘জোনবিৰি’ (১৯১৩) অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প সংকলন। তেওঁৰ মৃত্যুৰ পিছত ওপৰত উল্লিখিত গল্প সংকলন তিনিখনত অন্তৰ্ভুক্ত নােহােৱা চৈধ্যটা গল্পৰে ‘কেহোঁকলি’ নামৰ গল্প সংকলনটি প্ৰকাশ কৰা হয়।
এই সংকলনত সন্নিবিষ্ট আটাইকেইটা ৰচনাই পূৰ্ণাংগ চুটিগল্পৰ সকলােবােৰ লক্ষণ পূৰ কৰিছে বুলি কব নােৱাৰি। কিছুমান ব্যংগ চিত্ৰ বা নক্সা, কিছুমান কাহিণীবিহীন চৰিত্ৰ আৰু কিছুমান সাধুকথাযাে সেইবােৰত ঠাই পাইছে। কিন্তু সৰহভাগতে চুটিগল্পৰ বিকাশ ঘটিছে। এইবােৰ গল্পত সাধাৰণতে প্ৰকাশ পাইছে উনবিংশ শতাব্দীৰ শেষ স্তৰৰ ভাঙনমুখী, আন্তঃসাৰশূন্য, আভিজাত্যৰ ধ্বজাবহনকাৰী নিম্ন – মধ্যবিত্ত শ্ৰেণী, ইংৰাজী আমােলৰ দুৰ্নীতিপৰায়ন আমােলা শ্ৰেণী আৰু। অন্ধ সংস্কাৰত আকণ্ঠ নিমজ্জিত সমাজৰ কাৰ্য আৰু ব্যৱহাৰৰ প্ৰতিচ্ছবি।
বেজবৰুৱাৰ গল্পসমূহৰ ভিতৰত ‘মুক্তি’, ‘পাটমুগী’, ‘ভদৰী’, ‘জলকোঁৱৰী’, ‘কন্যা’, ‘ধোঁৱা খােৱা’ আদি গল্প আবেদনশীল। ‘পুত্ৰবান পিতা’, ‘লাওখােলা’ আদি গল্পৰ পটভূমি বঙালী সমাজ আৰু ‘কন্যা’, ‘ৰতনমুণ্ডা’ আদি গল্প জনজাতীয় কোলমুণ্ডা সমাজৰ পটভূমিত ৰচিত।
শৰৎ চন্দ্ৰ গােস্বামী:- এই কালছােৱাত লক্ষীনাথ বেজবৰুৱাৰ পিছতে গল্পকাৰ হিচাপে শৰৎচন্দ্ৰ গােস্বামীৰ নাম লব লাগিব। অসম সাহিত্য। প্ৰতিষ্ঠাপক সম্পাদক গােস্বামীদেৱৰ গল্প সংকলনসমূহ হ’ল – ‘গল্পাঞ্জলি’ (১৯১৪), ‘ময়না’ (১৯২০); ‘বাজীকৰ’ আৰু ‘পৰিদৰ্শন’। ‘পৰিদৰ্শন’ গল্প সংকলনটি তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ কৰি উলিওয়া হয়। এই গল্পপুথিসমূহে তেওঁৰ কথা শিল্পৰ নিপুণতাৰ পৰিচয় দিয়ে।।
ব্যক্তিৰ দুখ দুখ, ভাগ্যৰ হাতত অসহাযতা, দুৰ্বলতা, সমাজৰ নিষ্ঠুৰতা তথা কৰুণ মানৱীয় ভাব অনুভূতিৰ চিত্ৰনে তেওঁৰ গল্পসমূহত প্ৰাধান্য লাভ কৰিছে। পীড়িতৰ প্ৰতি, অসহায়ৰ প্ৰতি, আনকি ইতৰ প্ৰাণীৰ প্ৰতিও সহানুভূতিসূচক মনােবৃত্তি তেওঁৰ সৰহভাগ গল্পত প্ৰকাশ পাইছে। গাঁৱলীয়া পটভূমিতেই তেওঁৰ বেছিভাগ গল্প প্ৰতিষ্ঠিত।
লক্ষীনাথ ফুলন:- লক্ষীনাথ ফুকন এজন সফল গল্পকাৰ। ‘আসাম ত্ৰিবিউন’ কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ফুকনদেৱে ‘মালা’ (১৯১৮); ‘ওফাইদাং’ (১৯৫১); ‘মৰমৰ মধুৰী (১৯৬৩) ‘আনন্দে নধৰে হিয়া’ আদি গল্প সংকলন প্ৰকাশেৰে অসমীয়া গল্প সাহিত্যত বিশিষ্ট স্থান লাভ কৰি গৈছে। গল্পসমূহত সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ সুখ দুখৰ চিত্ৰ ব্যংগ আৰু কৰুণ ৰসসিক্ত হাস্যৰসৰ মাজেদি চিত্ৰিত কৰিছে। ‘মালা’ৰ গল্পসমূহত ফুকনৰ স্বকীয় ৰচনাশৈলী ভালকৈ পৰিস্ফুট হােৱা নাই ; – ই ডেকা ব্যসৰ হয়তাে অভিজ্ঞতাৰ ফল। ‘ওফাইদাং’ৰ গল্পসমূহত সমাজৰ ভণ্ডামি আৰু উৎকেন্দ্ৰিক আচৰণ কৰুণ আৰু হাস্যৰসৰ মাজেৰে প্ৰকাশ পাইছে।
সেই সময়ৰ অন্যতম গল্প লেখক হ’ল নকুল চন্দ্ৰ ভূঞা। ‘আলােচনী’। ‘চেতনা’ ; ‘বাঁহী’ আৰু পিছত ‘আহ্বান’তাে বৈশিষ্ট্যপূৰ্ণ অসমীয়া গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি তেওঁ কিছুসংখ্যক গল্প লিখিছিল। তেওঁৰ গল্প সংকলন হ’ল – ‘চোৰাংচোৱাৰ চ’ৰা’ (১৯১৮); ‘জেনােৱালি’ ( ১৯৩৩ ); ‘গল্পৰ শৰাই’ (১৯৬২)। মিত্ৰদেৱ মহন্ত অধিকাৰীৰ ‘চন্দ্ৰহাৰ’ (১৯২৪); দণ্ডীনাথ কলিতাৰ ‘সাতসৰী’ (১৯২৫) আদি গল্প পুথিও সেই সময়ত প্ৰকাশ পাইছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, থানেশ্বৰ হাজৰিকা আদি লেখকেও দুই চাৰিটা ভাল গল্প লিখি প্ৰকাশ কৰিছিল।
ইংৰাজী ১৯২৯ চনত কলিতাৰ পৰা ‘আৱাহন’ কাকত ওলােৱাৰ লগে। লগে অসমীয়া গল্প সাহিত্যযাে এক নতুন স্তৰত ভৰি দিয়ে। সেই সময়ত ‘আৱাহন’ত নগেন্দ্ৰনাৰায়ণ চৌধুৰী, হ’লিৰাম ডেকা, লক্ষীধৰ শৰ্মা, ৰমা দাস, বীণা বৰুৱা, ত্ৰৈলােক্য গােস্বামী, ৰাধিকা গােস্বামী, মহীচন্দ্ৰ বৰা, কৃষ্ণ ভূঞা, মুনীন বৰকটকী, নিৰ্মলা দেৱী, ইন্দীবৰ গগৈ, সদানন্দ দাস আদি নতুন গল্পকৰ সকলে গল্প লিখি প্ৰকাশ কৰিছিল। কল্পনাৰ মুক্তগতি, ৰােমান্টিক ভাব বিলাসৰ উন্মাদনা, ভাষাৰ সূক্ষ ব্যঞ্জনা, মনস্তাত্ত্বিক বিশ্লেষণ আৰু প্ৰগতিশীল ৰীতি এইসকল গল্পকাৰৰ ৰচনাত প্ৰতিফলিত হােৱা দেখা গৈছিল। কোনাে গল্পত যৌন ক্ষুধা বা ৰতি বাসনাই সামাজিক বন্ধন চিঙি যােৱাৰ চেষ্টা দেখা যায় যদিও ৰচনাভংগীৰ মাধুৰ্যই আৰু গল্প গাথনিৰ কাৰুকাৰ্যই শিল্প সুলভ সৌন্দৰ্য দান কৰি গল্পসমূহ সুখপাঠ্য কৰি তুলিছে।
মহীচন্দ্ৰ বৰাৰ গল্পসমূহত আমােদজনক পৰিস্থিতি আৰু বাক চাতুৰ্য পৰিলক্ষিত হয়। এই সময়ছােৱাতে গল্প লিখিবলৈ ললেও তেওঁৰ গল্প। সংকলন ‘উকীলৰ জন্ম ৰহস্য’ প্ৰকাশ হয় ১৯৭০ চনতহে। বৰাৰ গল্পত আমােদজনক পৰিবেশ, পৰিস্থিতি আৰু নিৰীহ নিৰ্যাতিতৰ প্ৰতি সহানুভূতিয়ে প্ৰাধান্য লাভ কৰিছে। বীণা বৰুৱাৰ গল্প সংকলন ‘পট পৰিৱৰ্তন’ আৰু ‘আঘােণী বাই’ – এই দুখনি যথাক্ৰমে ১৯৪৮ চন আৰু ১৯৫০ চনত প্ৰকাশ পালেও আলােচ্য কালছােৱাতেই তেওঁ গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যলৈ বিশেষ বৰঙণি আগ বঢ়াইছিল। ‘পট পৰিবৰ্তন’ৰ গল্পসমূহত কলেজীয়া ডেকা গাভৰুৰ তৰল যৌন জীৱনৰ কাল্পনিক পৰিবেশৰ প্ৰাধান্য দেখা যায়। সেইবােৰত প্ৰেমৰ গভীৰ অনুভূতিৰ প্ৰকাশ কম। ‘আঘােণী বাই’ৰ গল্পসমূহত গ্ৰাম্যজীৱনৰ সজীৱ আৰু সংঘত চিত্ৰ দেখা পােৱা যায়।
ৰমা দাস সেই সময়ৰ অন্যতম গল্পকাৰ। ৰমা দাসৰ শ্ৰেষ্ঠ গল্প। সংকলনটি তেওঁৰ বাচকৱনীয়া ৰসােত্তীৰ্ন গল্পৰ সমাহাৰ। কল্পিত পৰিবেশ বা বাতাবৰণৰ মাজত যৌন প্ৰবৃত্তিৰ অবাধ অভিব্যক্তি সন্মােহনীয় ৰূপত অংকিত হৈছে ৰমা দাসৰ গল্পসমূহত। ভাষাৰ লালিত্য আৰু বৰ্ণনাৰ মাধুৰ্য তেওঁৰ গল্পৰ বিশেষত্ব যদিও যৌৱনৰ বুভুক্ষা আৰু। ইন্দ্ৰিসক্তিৰ প্ৰাধান্যহে বেছিকৈ দেখা যায়। ৰমা দাসৰ গল্পৰ আকৰ্ষণ আছে, কিন্তু অন্তৰ্মুখি গভীৰ আবেদন নাই।
লক্ষীধৰ শৰ্মাৰ প্ৰকাশিত গল্প সংকলন হ’ল ‘ব্যৰ্থতাৰ দান, (১৯৩৮)। এই সংকলনটিত প্ৰকাশ পােৱা গল্পসমূহৰ বাহিৰেও ‘আৱাহন’ কাকতত তেওঁৰ ভালেমান গল্প প্ৰকাশ হৈছিল। লক্ষীধৰ শৰ্মাৰ গল্পসমূহত জৈৱিক আদিম প্ৰবৃত্তিৰ প্ৰভাৱ, সমাজৰ অন্ধ গােড়ামী আৰু ব্যক্তিৰ সুখ দুখৰ প্ৰতি সমাজৰ উদাসীনতা আদিৰ চৰিত্ৰ প্ৰতিফলিত হৈছে।
‘আৱাহন’ কাকততেই গল্প ৰচনাৰ আৰম্ভণি কৰা গল্পকাৰ সমালােচক ত্ৰৈলােক্যনাথ গােস্বামীৰাে গল্প পুথি প্ৰকাশ পায় এই কালছােৱাৰ। পিছতহে। তেওঁৰ গল্প পুথি ‘অৰুণা’ (১৯৪৮), ‘মৰীচিকা’ আৰু ‘শিল্পীৰ জন্ম’ (১৯৫৮); ‘জীৱনৰ জীয়া জুই’ (১৯৭০)। গােস্বামীৰ সৰহভাগ গল্পই কাহিনীমূলক। প্ৰকাশৰ বৈচিত্ৰ্যতাৰ অভাৱৰ কাৰণেই গল্পসমূহ বিশেষ আকৰ্ষনীয় হৈ উঠা নাই। অ – জটিল ৰেখা বন্ধনত গল্পবােৰ আবৃত্ত হৈছে। সমাজৰ দুৰ্নীতি, অন্যায়, অবিচাৰ, স্বাৰ্থপৰতা আদিৰ চিত্ৰ তেওঁৰ গল্পসমূহত প্ৰতিফলিত হৈছে।
হ’লিৰাম ডেকাৰ গল্পত বুদ্ধিদীপ্ত হাস্যৰস, বাক চাতুৰ্য আৰু মনােবিশ্লেষণ পােৱা যায়। কিন্তু তেওঁৰ গল্পৰীতি বা কথনভংগী সাধাৰণতে কিছু বিক্ষিপ্ত। নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প সৰহভাগ ‘আৱাহন’ কাকতত প্ৰকাশ হৈছিলতাৰে বছা বছা কেইটামান গল্পৰে ‘নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প ‘ নামেৰে ১৯৬৩ চনত এটি সংকলন। প্ৰকাশ কৰা হৈছিল। তেওঁৰ সৰহভাগ গল্পতে প্ৰেমৰ প্ৰাধান্য, আকস্মিক সংযােগৰ বিশেষ ভূমিকা আৰু সামাজিক বিধি নিষেধৰ অনাকাংক্ষতি প্ৰভাৱ আৰু ঘটনাৰ প্ৰভুত্ব দেখা যায়।
‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ পাতৰ মাজেদি চতুৰ্থ দশকত কেইবাগৰাকী। জনপ্ৰিয় তথা খ্যাত অসমীয়া গল্পকাৰে ভুমুকি মাৰিবলৈ সুবিধা পালে। ‘আৱাহন’ যুগটোক অৰ্থাৎ বিংশ শতিকাৰ চতুৰ্থ দশকটো গল্প সাহিত্যৰ অভূদয় যুগ বুলিব পাৰি। মুঠতে ১৯৪০ চনৰ সীমা মূৰলৈকে অসমীয়া গল্প সাহিত্যই নিজৰ পৰিসৰ দিগন্তজোৰা কৰি লয়।।
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী:- নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প প্ৰায়ে আখ্যান। প্ৰধান, উপন্যাসৰ পকেট সংস্কৰণ। চৌধুৰীৰ ৰচিত প্ৰাখিনি গল্প’ আৱাহন ‘ মাহিলী কাকতত প্ৰকাশ পাইছিল। তাৰে বছা বছা কেইটিমান গল্পৰে ‘ নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প ‘ নামেৰে ১৯৬৩ চনত গল্প পুথি। এখনি প্ৰকাশ কৰি উলিয়ায়। তেওঁ ‘ ‘আৱাহন ‘কাকতৰ প্ৰতিষ্ঠাপক আছিল।
তেওঁৰ গল্পবােৰত জীৱনৰ চৰিত্ৰবােৰ বহুলভাৱে আঁকা হৈছে। সৰহভাগ গল্পতে প্ৰেমৰ প্ৰাধান্য, আকস্মিক সংযােগৰ বিশেষ ভূমিকা আৰু সামাজিক বিধিনিষেধৰ অনাকাংক্ষীত প্ৰভাৱ আৰু ঘটনাৰ প্ৰভুত্ব লক্ষ্য কৰা যায়।
3. ‘বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক’ – বেজবৰুৱাৰ গল্প প্ৰতিভাৰ বিচাৰ কৰি এটি আলচ কৰা।
অথবাঃ অসমীয়া চুটিগল্পৰ জন্মদাতা। কোন? তেওঁৰ ৰচিত গল্পপুথিসমূহৰ নাম লিথি লেখকগৰাকীৰ গল্প প্ৰতিভাৰ বিচাৰ কৰা।
অথবাঃ অসমীয়া চুটিগল্পৰ জনক কোন? তেওঁৰ দুটি গল্পসম্পৰ্কে এটি আলােচনা কৰা।
উত্তৰঃ লক্ষীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ জন্মদাতা। সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি আদি গল্প পুথিৰে বেজবৰুৱাই অসমীয়া। সাহিত্যত পােনপ্ৰথমে গল্প সৃষ্টি কৰাই নহয়, আধুনিক অসমীয়া গল্প এক বিশিষ্ট ৰূপাে প্ৰতিষ্ঠা কৰি গৈছে।
বেজবৰুৱাৰ চুটিগল্পত কিছুমান সাধাৰণ বিশেষত্ব লক্ষ্য কৰা যায়। সমালােচকসকলৰ মতে বেজবৰুৱাৰ গল্পত সাধুকথাৰ লক্ষণ পায়ে দেখা যায়। সাধুকথা আৰু চুটিগল্পৰ মাজত বেজবৰুৱাই পাৰ্থক্য ৰাখিব খােজা নাছিল।বেজবৰুৱাৰ গল্পসমূহ পৰ্যালােচনা কৰিলে দেখা যায় যে চুটিগল্পৰ কলা কৌশলৰ ক্ষেত্ৰত বেজবৰুৱাই বিশেষ শিল্প চাতুৰ্যৰ পৰিচয় দিবলৈ সক্ষম হােৱা নাছিল। পিছে কথনভংগীৰ বিশেষত্বৰ বাবেই বেজবৰুৱাৰ গল্পসমূহে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সাৱলীল কথনভংগীৰে বেজবৰুৱাই অসমীয়া গল্প সাহিত্যৰ ইতিহাসত এখনি বিশিষ্ট আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
হাস্য ব্যংগৰ প্ৰাধান্য বেজবৰুৱাৰ গল্পৰ আন এক প্ৰধান বিশেষত্ব। গল্পৰাজিৰ মাজত যেন কৃপাবৰ বৰবৰুৱা মূৰ দাঙি উঠিবৰ প্ৰস কৰিছিল। অধিকাংশ গল্পত হাস্য ব্যংগৰ প্ৰাধান্য আৰু ইংৰাজী বঙলা হিন্দী ভাষাৰ প্ৰয়োগে আৰু কেতিয়াবা নিৰৰ্থক শব্দৰ প্ৰয়োগেৰে বেজবৰুৱাই গল্পৰ চৰিত্ৰসমূহৰ জৰিয়তে সমসাময়িক সমাজখনৰ দোষ ক্ৰটিৰ সমালােচনা কৰিছিল। হাস্যৰস সৃষ্টিৰ মূলতে হ’ল উপযুক্ত পৰিবেশত সাৰ্থক শব্দৰ প্ৰয়োগ আৰু বৰ্ণনানৈপূণ্য। কেতিয়াবা চৰিত্ৰৰ ভাব চিন্তা আৰু কাৰ্যৰ বিসংগতি প্ৰদৰ্শন কৰিও বেজবৰুৱাই হাস্যৰস সৃষ্টিৰ প্ৰচেষ্টা কৰিছে।
বেজবৰুৱা আছিল এজন সমাজ সচেতন লেখক। সমসাময়িক। সমাজখনিৰ দোষ ত্ৰুটি বেজবৰুৱাই গল্পৰ জৰিয়তে আলােচনালৈ আনিছে। সমাজৰ দোষ ত্ৰুটি বাস্তৱ ৰূপত প্ৰকাশ কৰি তেওঁ নিজেও হাঁহিছে আৰু আনকো হঁহুৱাইছে। কেতিয়াবা আকৌ তীক্ষ ব্যংগৰ শাণিত অস্ত্ৰৰে বাহিৰ শুৱনি জীৱনৰ আন্তঃসাৰশূন্যতা খণ্ড খণ্ডকৈ বিশ্লেষণ কৰি দেখুৱাইছে। ব্ৰিটিছ শাসনৰ লগে লগে কিছুমান অসমীয়া লােকে পৌৰাণিক ৰীতি নীতি, চাল চলন ত্যাগ কৰি পাশ্চাত্য আৰ্হি অনুকৰণ কৰিবলৈ গৈ সাধাৰণ মানুহক মানুহ যেনেই জ্ঞান নকৰিছিল।
এনে লােকসকলৰ বাহয়িকতা, অনুকৰণপ্ৰিয়তা, ভেম ভণ্ডামি, অহংকাৰ আদি বেজবৰুৱাই গল্পৰ চৰিত্ৰৰ মাজেৰে সমালােচনা কৰিছিল।ভেমপুৰীয়া মৌজাদাৰ, ভােকেন্দ্ৰ বৰুৱা, ঘণ্টাকৰ্ণ শৰ্মা, নাঙলুচন্দ্ৰ দাস আদি চৰিত্ৰৰ জৰিয়তে বেজবৰুৱাই অসমীয়া সমাজত দেখা দিয়া দোষ ত্ৰুটি, ভেম ভণ্ডামি, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰিৰ স্বৰূপটো ব্যংগ কৰি মনােমােহাকৈ উত্থাপন কৰিছে। বেজবৰুৱাৰ গল্পত চৰিত্ৰৰ মানসিক দ্বন্দ্বৰ বিশ্লেষণ বৰ চকুত নপৰিলেও ব্যংগ বক্ৰাঘাতৰ সহায়ত সৃষ্টি কৰা বৰ্ণনা চাতুৰ্যই তেওঁৰ গল্পক এক বিশেষত্ব প্ৰদান কৰিছে।
হাস্যৰসেই বেজবৰুৱাৰ গল্পত একমাত্ৰ উপজীৱ নাছিল। কাৰণ ৰস। সৃষ্টি আৰু মানুহৰ সহজাত প্ৰেম ভালপােৱাক কেন্দ্ৰ কৰিও বেজবৰুৱাই কেইবাটাও উৎকৃষ্ট গল্প ৰচনা কৰিছিল। ৰতন মুণ্ডা, কন্যা, সেউতী আদি গল্প এই প্ৰসংগত উল্লেখযােগ্য। ‘মৈদাম’ গল্পত বেজবৰুৱাই অতিপ্ৰকৃত পৰিবেশৰ সৃষ্টি কৰিছে যদিও সেই পৰিবেশ বিশ্বাসযােগ্য ৰূপত ফুটাই তুলিব পৰা নাই। নাৰীৰ প্ৰত্যুৎপন্নমতিতা আৰু সাহসিকতাৰ সুন্দৰ প্ৰকাশ ‘জয়ন্তী’ গল্পত লক্ষ্য কৰা যায়। বেজবৰুৱাৰ ‘ভদৰী’ গল্পত ভদৰীক ক্ষমা আৰু সহনশীলতাৰ প্ৰতিমূৰ্তিৰূপে অংকন কৰা হৈছে। ‘চাইমন’ আৰু ‘আমালৈ নাপাহৰিব’ গল্পত দেশ আৰু জাতিৰ প্ৰতি থকা আন্তৰিক ভালপােৱা প্ৰকাশিত হৈছে৷ তদুপৰি ভালেমান গল্পত অসমৰ গ্ৰাম্য জীৱনৰ একোখনি নিখুঁত ছবি জীৱন্ত হৈ উঠা লক্ষ্য কৰা যায়।
বেজবৰুৱাৰ গল্পত জৈৱিক আৰু ক্ষুদ্ৰ অৰ্থনৈতিক বিশ্লেষণৰ চেষ্টা নাই, নাই জীৱনৰ জটিলতা, মানৱৰ মহন্ত আৰু ক্ষুদ্ৰত্ব প্ৰকাশৰ আদৰ্শগত। প্ৰচেষ্টা। তথাপি গল্পসমূহত ফন্তুৰ দৰে প্ৰৱাহিত হাস্যৰসৰ এক বিমল। ধাৰাই বেজবৰুৱাৰ গল্পবােৰ উপভােগ্য কৰি তুলিছে। অৱশ্যে কিছুমান গল্পত প্ৰকাশিত লেখকৰ আক্ৰুসমূলক মনােভাব কৌতুকৰ আঁৰত লুকাই পৰিছে। লেথকে চোকা চোকা বাক্যবােৰেৰে সমাজৰ একশ্ৰেণীৰ লােকক থকা সৰকা কৰাৰ পৰিবৰ্তে তেওঁলােকৰ ভুল ত্ৰুটিৰ সৰল পৰিবেশত পৰিস্ফুট কৰি আৰু কেতিয়াবা অতিৰঞ্জনৰ সহযােগত উপদে পৰিবেশৰ সৃষ্টি কৰিছে আৰু লগে লগে ডেম ভণ্ডামিৰ স্বৰূপাে উদঘাটন কৰিছে।
বেজবৰুৱাৰ কিছুমান গল্প অতিৰঞ্জন দোষদুষ্ট নােহােৱাকৈ থকা নাই আৰু ঠায়ে ঠায়ে গল্পত পৰিস্ফুট হাস্যৰস বহুৱালীৰ পৰ্যায়লৈকো অৱনমিত নােহােৱাকৈ থকা নাই। এনেবােৰ দোষ ত্ৰুটি থাকিলেও এটা কথা অনস্বীকাৰ্য যে বেজবৰুৱা কেৱল অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, প্ৰকৃত দ্ৰষ্টাও। অসমীয়া সমাজ জীৱনৰ গইনা লৈ বেজবৰুৱাই যি গল্প সাহিত্যিৰ সৃষ্টি কৰিলে সে অসমীয়া সাহিত্য জগত চিৰকাল মােলান নপৰাকৈ থাকিব।
4. অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ – এই সম্পৰ্কে এটি চমু আলােচনা কৰা।
অথবাঃ জোনাকী যুগৰ অসমীয়া চুটিগল্পৰ বিষয়ে এটি আলােচনা দাঙি ধৰা।
উত্তৰঃ আধুনিক অসমীয়া চুটিগল্পৰ জন্ম পত্ৰিকা ৰচিত হৈছিল। ‘জোনাকী’ কাকতত। ‘অৰুনােদ’ কাকতত নৈতিক আখ্যান উপাখ্যান কিছুমান প্ৰকাশিত হ’লেও প্ৰকৃততে অসমীয়া চুটিগল্পৰ বুৰঞ্জী ‘জোনাকী’ কাকতৰ পৰাহে আৰম্ভ হৈছে। অসমীয়া চুটিগল্পৰ জনক লক্ষীনাথ। বেজবৰুৱা। বেজবৰুৱাৰ হাততেই আধুনিক অসমীয়া চুটিগল্পৰ প্ৰাণ। প্ৰতিষ্ঠা হয়। বেজবৰুৱাই ১৮৯৫ চনত ২৩ মাৰ্চত ‘ভদৰী’ গল্প ৰচনা কৰি আধুনিক অসমীয়া চুটিগল্পৰ পাতনি তৰি দিয়ে। অসমীয়া সাধুকথাৰ সংগ্ৰাহক বেজবৰুৱাই সাধুকথা আৰু চুটিগল্পৰ প্ৰত্যক্ষ বিভাগ নকৰিলেও আৰু চুটিগল্প শব্দটো ব্যৱহাৰ নকৰিলেও সাধুকথাৰ পুথি আৰু চুটিগল্পৰ পুথিসমূহতে আওপকীয়া বিভাজন এটা কৰি গৈছে।
বেজবৰুৱাৰ গল্পত অসমীয়া ভেম, ভণ্ডামি, কুসংস্কাৰ, গােড়ামী, অন্ধ অনুকৰণ আদি সাৰ্থকভাৱে চিত্ৰিত হৈছে। অৱশ্যে বেজবৰুৱাৰ ভালেমান গল্প, সাধুকথা আৰু লঘু ৰচনাৰ পৰ্যায়ত থাকি গল ৷ তথাপি এজন সমালােচকে কবৰ দৰে ‘কৃপাবৰ’ হাস্যৰস আৰু ব্যংগৰ ‘প্ৰাধান্য থকা বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টা নহয়, সাৰ্থক দ্ৰষ্টাও। সমকালীন অসমীয়া সমাজৰ বৰ্ণ বৈচিত্ৰ্য বেজবৰুৱাৰ গল্পত অনুপমভাৱে ধৰা পৰে।
অসমীয়া চুটিগল্পই বেজবৰুৱাৰ হাতত যি পেটাৰ্ণ লাভ কৰিছিল সেই পেটাৰ্ণৰ শেষৰকেইপাহ ফুল বেলেগ বেলেগ ৰঙেৰে ফুলি উঠিল। শৰৎচন্দ্ৰ গােস্বামী, হ’লিৰাম ডেকা, লক্ষীনাথ ফুকন, দণ্ডীৰাম কলিতা আদি গল্পকাৰসকলৰ হাতত। বেজবৰুৱাৰ সমকালীন শৰৎচন্দ্ৰ গােস্বামীৰ গল্পত ৰােমান্টিক আবেগ কম, বাস্তৱধৰ্মীতাহে অধিক। সাধাৰণ শ্ৰেণীৰ মানুহৰ আশা আকাংক্ষা, দুখ দুৰ্দশা, সামাজিক নিপীড়ন আদিৰ প্ৰতিহে তেওৰ আকৰ্ষণ অধিক। বুদ্ধিদীপ্ত হাস্যৰস আৰু বক্ৰাঘাতৰ দ্বাৰা হ’লিৰাম ডেকা আৰু ব্যংগাত্মক ভংগীক অস্ত্ৰৰূপে লৈ মহীচন্দ্ৰ বৰাই কেইবাটাও অপূৰ্ব গল্প ৰচনা কৰে। এই দুজন গল্প লেখকৰ কথনভংগীৰ পৰা কিছু পৃথক লক্ষীনাথ ফুকনৰ গল্পত পােৱা যায় সৰল হাস্যৰস আৰু বুদ্ধিদীপ্ত পৰ্যায়ত। চৰিত্ৰৰ অন্তৰ্মুখী বিৰােধ ফুকনে অতি সাৰ্থকভাৱে অংকন কৰিছে।
অসমীয়া চুটিগল্পৰ দ্বিতীয়টো স্তৰৰ আৰম্ভণি ঘটে ১৯২৯ চনৰ পৰা প্ৰকাশ পােৱা ‘আৱাহন’ কাকতৰ লগে লগে। আৱাহনৰ পাততে অসমীয়া গল্পই লাভ কৰিলে এহাতে ব্যক্তি হৃদ্যৰ মুকলি প্ৰকাশ আৰু আনহাতে সামাজিক আদৰ্শ স্থাপনৰ আকাংক্ষা – এই দুটি গুনেৰে। ৰােমান্টিক বিস্তাৰ। এই সমযৰ লেখক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প পৰম্পৰাগত নৈতিক মূল্যবােধৰ প্ৰতি আকৰ্ষণ, সামাজিক ঘটনা আৰু অৱস্থা, নিয়তি আৰু ঘটনাৰ পাপক চক্ৰই নিপীড়ন কৰা সাধাৰণ মানুহৰ সুখ দুখ, আশা আকাংক্ষাৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ পাইছে। এই সময়ছােৱাৰ আন এজন গল্পকাৰ নকুল চন্দ্ৰ ভূঞাৰ গল্পত ঘটনাৰ চমৎকাৰিত্ব বা বৰ্ণনাৰ অভিনৱত্ব নাথাকিলেও তেওঁৰ। গল্পসমূহত সাধাৰণ মানুহৰ প্ৰতি সহানুভূতি লক্ষ্য কৰা যায়। এই দুয়োজন লেখক ‘আহ্বান’ যুগৰ হ’লেও তেওঁলােকৰ দৃষ্টিভংগী আৰু প্ৰকাশভংগীৰ ফালৰ পৰা দৰাচলতে তেওঁলােক ‘আহ্বান’ পূৰ্ব যুগৰহে।
আৱাহনৰ পাততে অসমীয়া চুটিগল্পই এক নিটোল ৰূপ পৰিগ্ৰহন কৰে। হৃদয় বৃত্তি আৰু আদৰ্শৰ মুক্ত প্ৰকাশে আৱাহন যুগক যি বৈশিষ্ট্য দান। কৰিলে সেই বৈশিষ্ট্য বহু পৰিমাণে পাশ্চাত্য দৃষ্টিভংগী আৰু বিন্যাসভংগীৰ প্ৰভাৱত নকৈ গঢ়ি উঠিল। মনস্তত্ব আৰু মনােদ্বন্দ্ব, জৈৱিক কামনা বাসনা আৰু আশা আকাংক্ষাৰ বিশ্লেষণত এহাতে চেকভ, মােপাঁচা গল্পকাৰ সম্ৰাটসকলৰ প্ৰভাৱ আৰু আনহাতে ফ্ৰয়েড, যুং, এডলাৰ আদি মনােবিজ্ঞানীৰ মনস্তাত্বিক বিশ্লেষণৰ প্ৰভাৱ লক্ষ্য কৰা যায়।
আৱাহন যুগৰ উল্লেখযােগ্য গল্পকাৰসকল হ’ল ৰাম দাস, হ’লিৰাম ডেকা, লক্ষীধৰ শৰ্মা, ৰাধিকা মােহন গােস্বামী, বীণা বৰুৱা, ত্ৰৈলােক্যনাথ গােস্বামী, মুনীন বৰকটকী, চৈয়দ আব্দুল মাকিল ইত্যাদি। শিক্ষিত নগৰীয়া মধ্যবিত্তৰ ৰােমান্টিক কল্পনা, অবৈধ বা পৰকীয়া প্ৰেম, জৈৱিক আকাংক্ষা আৰু অন্তৰ্দ্বন্দ্বৰ মুকলি প্ৰকাশেৰে বিষয় নিৰ্বাচনত আৰু অলংকাৰ প্ৰাচুৰ্য আৰু ৰােমান্টিক কল্পনাৰ প্ৰকাশভংগী ৰমা দাসৰ আৱিৰ্ভাৱ অসমীয়া চুটিগল্পৰ ইতিহাসত এটা উল্লেখযােগ্য পৰিবৰ্তনৰ সূচক।
ৰমা দাসৰ পিছতে অসমীয়া চুটিগল্পৰ ইতিহাসলৈ বিচিত্ৰ স্বাদেৰে আটাইতকৈ সৰহ সংখ্যক গল্পেৰে অসংখ্য আৰু নিৰৱচ্ছিনভাৱে অৰিহণা যােগাই আহোঁতে চৈয়দ আব্দুল মালিকৰ গল্পৰ মাজত ৰােমান্টিক কল্পনা আৰু ভাৱাদৰ্শই প্ৰতিষ্ঠা লাভ কৰিলে। যুদ্ধপূৰ্ব আৰু যুদ্ধোত্তৰ যুগৰ সাকোস্বৰূপ মালিকৰ মাজত থকা আজন্ম ৰােমান্টিক আৰু গতিশীল। মনে, জীৱনৰ বহ’ল আৰু বিচিত্ৰ অভিজ্ঞতাই মনস্তাত্বিক বিশ্লেষণ ক্ষমতা আৰু সমাজ সচেতন দৃষ্টিভংগীৰে মালিকৰ ৰচনাৰ বৰ্ণাঢ্য আৰু সময়ৰ সহযাত্ৰী কৰি তুলিছে।
মানসিক সংঘাতৰ দিশলৈ লক্ষ্য ৰাখি এই সময়ত গল্প লিখা লেখকসকলৰ ভিতৰত মুনীন বৰকটকী আৰু কৃষ্ণ ভূঞা উল্লেখযােগ্য। মানসিক অন্তৰ্দ্বন্দ্ব আৰু সামাজিক চেতনাসম্ভুত আদৰ্শ – এই দুয়ো দিশৰ উষ্ময়কৰ প্ৰকাশ ঘটিছে লক্ষীধৰ শৰ্মাৰ গল্পত। মাৰ্ক্স আৰু ফ্ৰেয়েডিয়। চিন্তাৰ প্ৰভাৱ শৰ্মাৰ গল্পত লক্ষ্য কৰা যায়। ৰাধিকা মােহন গােস্বামীৰ গল্পত যৌৱন আৰু আদৰ্শৰ জয়গান নাই, তাৰ পৰিবৰ্তে তেওঁৰ গল্পত জীৱনৰ সৰু সৰু বাস্তৱিক ঘটনা আৰু মনােদ্বশ্বৰ চিত্ৰণৰ লগতে মধ্যবিত্ত সমাজৰ আনন্দ হুমুনিয়াহৰ চিত্ৰ লক্ষ্য কৰা যায়।
ত্ৰৈলােক্যনাথ গােস্বামীৰ গল্পত একোটা নৈতিক আদৰ্শ আৰু প্ৰমূল্যৰ ৰূপায়ণ লক্ষ্য কৰা যায়। তেওঁৰ বাস্তৱবােধ অতি তীব্ৰ। সমাজৰ নিপীড়ন, লাঞ্ছিত, শােষিত মানুহৰ প্ৰতি গােস্বামীৰ দৰদ গভীৰ আৰু আন্তৰিক। তেওঁৰ বাকভঙ্গী সৰল আৰু সংযত। এই সময়ৰে আন এজন গল্পকাৰ বীণা। বৰুৱাৰ (ড° বিৰিঞ্চি কুমাৰ বৰুৱা) গল্পত সামাজিক পৰিবেশৰ নিখুঁত চিত্ৰ, কথ্য ভাষাৰ স্বাভাৱিক সংলাপ, বাস্তবধৰ্মী চৰিত্ৰায়ন লক্ষণীয়। নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্পত কাহিনী দীঘলীয়া। এওঁৰ গল্পত সাধাৰণ মানুহৰ দুখ দুৰ্দশা, অৰ্থনৈতিক অসাম্য – নিপীড়ন আদিৰ ছবি স্পষ্ট।
দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰা অসমীয়া গল্প সাহিত্যত নতুন যােগ আৰম্ভ হ’ল। মহাযুদ্ধ আৰু লগতে বিল্লি চনৰ গণ আন্দোলনে অসমৰ বৌদ্ধিক জীৱনতাে কোৱাই গল। চিন্তা – চৰ্চাৰ দিশত নতুন পৰিৱৰ্তন। আহিল। ‘ৰামধেনু’ আলােচনীৰ আবিৰ্ভাৱ এই যুগৰ উল্লেখযােগ্য ঘটনা। ‘জয়ন্তী’ৰ পাতত আৰম্ভ হােৱা সামাজিক বাস্তৱবাদৰ ধাৰণাযাে এতিয়া এটা স্পষ্টৰূপ ধাৰণ কৰিলে। এই সময়ছােৱাৰ লেখকসকলৰ ক্ষেত্ৰত মাৰ্ক্স আৰু ফ্ৰয়েডৰ অধ্যয়ণৰ পৰিসৰ বৃদ্ধি পালে। তদুপৰি বিংশ শতিকাৰ আধুনিক ইউৰােপীয় লেখকসকলৰ চিন্তা আৰু সৃষ্টিৰ লগত আমাৰ শিক্ষিত শ্ৰেণীৰ পৰিচয় স্থাপিত হ’ল।