সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | Chapter 6 | Class 12 Sociology - AHSEC

সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | Chapter 6 | Class 12 Sociology – AHSEC

সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | Chapter 6 | Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 6 Notes | AHSEC Class 12 HS Sociology Chapter 6 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | HS Sociology Questions and Answers Assam | HS 2nd Year ভাৰতীয় সমাজ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান


সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

প্রথম খণ্ড: পাঠ: ৬

অতি চমু প্রশ্নোত্তৰ

1. জন্ম প্রদত্ত পৰিচয় বুলিলে কি বুজা?
উত্তৰঃ ভাৰতীয় সংস্কৃতিত জন্মৰে পৰা যি পৰিচয় পায় তাকে জন্ম প্রদত্ত পৰিচয় বুলি কোৱা হয়। তেনে প্ৰস্থিতিকে জন্ম প্রদত্ত প্রস্থিতি বোলে। যেনে জাতি, ধর্ম, ভাষা, সংস্কৃতি জন্মৰ লগত আজীৱন জড়িত থাকে। মুঠতে জন্মৰে পৰা অৰ্জন কৰা পৰিচয়কে জন্ম প্রদত্ত পৰিচয় বুলি জনা যায়।

2. ৰাষ্ট্ৰ কি?
উত্তৰঃ ৰাষ্ট্ৰ হ’ল কোনো নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত আইন – কানুন উদ্দেশ্যে সংগঠিত হোৱা জনসমষ্টি। ৰাষ্ট্ৰপ্ৰধান উপাদান হ’ল জনসমষ্টি, নির্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব।

3. ড° বি আৰ আম্বেদকাৰে কি ধৰ্ম গ্ৰহণ কৰিছিল আৰু কিয় কৰিছিল?
উত্তৰঃ ড° আম্বেদকাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ হিন্দু ধৰ্মৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে আৰু উপযুক্ত সমাদৰ নোপোৱা বাবে বৌদ্ধ ধর্ম প্রতি আকৃষ্ট হৈছিল।

4. বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা?
উত্তৰঃ দেশবাসীয়ে জাতি – ধর্ম – ভাষা আদি বিভেদ পৰিহাৰ কৰি যি একতাৰ ভাব অন্তত পোষণ কৰে তাকে বৈচিত্ৰৰ মাজত ঐক্যক বুজায়।

5. ৰাষ্ট্ৰীয় ঐক্যৰ পথত আঞ্চলিকতাবাদে কিদৰে বাধা ৰূপে দেখা দিছে।
উত্তৰঃ আঞ্চলিকতাবাদে কোনো এখন ৰাষ্ট্ৰ বা ৰাজ্যক নশকতিয়া বা দুৰ্বল কৰি তোলে, শক্তিহীন কৰি তোলে। আঞ্চলিক দলে সংকীর্ণ মনোভাবেৰে জনসাধাৰণ বিভাজিত কৰে, ভাষা, ধৰ্ম, সংস্কৃতিৰ নামত বা কোনো অঞ্চলৰ নামত বিভাজিত কৰি শক্তিশালী ডাঙৰ ৰাজক শক্তিহীন, দুৰ্বল ৰাজ্যত পৰিণত কৰে। এইদৰে ৰাষ্ট্ৰীয় ঐক্যৰ পথত আঞ্চলিকতাবাদে বাধাৰ সৃষ্টি কৰে।

6. সংবিধান প্রণেতাসকলে কিয় ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মৰ অধিবাসীৰ ৰাষ্ট্ৰ হিচাপে তেওঁলোকৰ মাজত দৃঢ় ঐক্যতা গঢ়ি তুলিবৰ কাৰণে ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ় দিব বিচাৰিছিল যাতে বিভিন্ন ধৰ্মৰ জনসাধাৰণৰ মাজত একতা গঢ়ি তুলিব পৰা যায়।

7. সংখ্যালঘুৰ সমাজতাত্ত্বিক অর্থ কি?
উত্তৰঃ সংখ্যালঘু ধাৰণাটো সমাজতত্ত্বৰ এক বিশেষ গুৰুত্বপূৰ্ণ ধাৰণা। সাধাৰণতে কম জনসংখ্যাৰে গঠিত এক শ্ৰেণীৰ লোকক বুজায়। যিসকল লোক প্রায়েই কিছুমান সুবিধা আৰু অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে সেই সকলকে সংখ্যালঘু বুলি কোৱা হয়।

8. সৰ্বভাৰতীয় ‘অনুসূচীত জাতি পৰিষদ’ কোনে জন্ম দিছিল?
উত্তৰঃ ড° ভীমৰাও ৰামজী আম্বেদকাৰ।

9. সুবিধাবাদী সংখ্যালঘু কি?
উত্তৰঃ সংখ্যালঘুসকলৰ ভিতৰতে থকা কিছুমান অতি ধনী আৰু আঢ্যৱস্ত লোকো থাকে, তেওঁলোকক প্ৰকৃততে সংখ্যালঘু লোকৰ ভিতৰত ধৰিব নোৱাৰি। সংখ্যালঘুৰ মাজৰ এনেকুৱা লোককে সুবিধাবাদী সংখ্যালঘু বুলি কোৱা হয়।

10. অসমীয়া ভাষাটো কোন ভাষাগোষ্ঠীৰ অন্তৰ্গত?
উত্তৰঃ অসমীয়া ভাষাটো ‘ইণ্ডো এৰিয়ান’ ভাষাগোষ্ঠীৰ অন্তৰ্গত।

11. ‘আর্য সমাজ’ কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে।

12. ভাৰতীয় ভাষাসমূহক কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ তিনিটা ভাগত ভাগ কৰা হৈছে।

13. ভাৰতীয় সমাজৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতীয় সমাজৰ বৈশিষ্ট্য দুটা হ’ল—
১। অনৈক্যৰ মাজত ঐক্য। আৰু
২। ধৰ্ম নিৰপেক্ষ সমাজ।

14. ভাৰতৰ অনৈক্যৰ মাজত থকা ঐক্যৰ দুটা দিশা দাঙি ধৰা।
উত্তৰঃ ভাৰতৰ অনৈক্যৰ মাজত থকা ঐক্যৰ দুটা দিশা হ’ল—
১। ধর্মীয় বিচিত্ৰতা আৰু ঐক্য। আৰু
২। সাংস্কৃতিক বিচিত্ৰতা আৰু ঐক্য।

15. সমাজত ঔদ্যোগীকৰণৰ দুটা প্রভাব আলোচনা কৰা।
উত্তৰঃ সাধাৰণতে, কলকাৰখানাৰ প্ৰতিষ্ঠা, যন্ত্রপাতি ব্যৱহাৰ আৰু উদ্যোগৰ সম্প্ৰসাৰণকে ঔদ্যোগীকৰণ বুলি জনা যায়। সমাজত ঔদ্যোগীকৰণে বিভিন্ন প্ৰভাৱ পেলাব পাৰে। যেনে—

১। ঔদ্যোগীকৰণৰ ফলত গাঁৱৰ পৰা মানুহে নগৰলৈ প্ৰব্ৰজন হয়। উদ্যোগত বিভিন্ন কামৰ বাবে বিভিন্ন প্ৰকাৰৰ বহুতো শ্ৰমিকৰ আৱশ্যক হয়। কৰ্ম সংস্থানৰ বাবে গাঁওবোৰৰ পৰা মানুহ ঔদ্যোগিক স্থানলৈ প্ৰব্ৰজন হয়। ফলত কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্ৰী পৰিবহনৰ বাবে বাট – পথ উন্নত হয়। ফলত নগৰ – চহৰ গঢ়ি উঠে।

২। নগৰীকৰণ সৃষ্টি :- ঔদ্যোগীকৰণৰ ফলত ঔদ্যোগিক স্থানত বা অঞ্চলত জনসংখ্যা বৃদ্ধি পাই নগৰ – চহৰ গঢ়লৈ উঠে। সামগ্রী কঢ়িওৱাৰ বাবে বাট – পথ গঢ়ি উঠে, গাড়ী – মটৰ, নানা যান বাহন চলাচল কৰে। নানা সামগ্ৰী যোগানৰ বাবে দোকান – পোহাৰ গঢ়ি উঠিনগৰৰ সৃষ্টি কৰে।

16. ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা হ’ল ৰাজা ৰাম মোহন ৰায়।

17. সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ দুটা প্ৰভাৱ লিখা।
উত্তৰঃ বিশ্বায়নৰ প্ৰভাৱ দুটা—
(ক) পৰিয়ালৰ সংগঠনিক পৰিৱৰ্তন – একক পৰিয়ালৰ সৃষ্টি।
(খ) খাদ্যাভ্যাসৰ পৰিৱৰ্তন— ফাষ্ট ফুডৰ প্ৰচলন আৰু সাজ – পোছাকৰ পৰিৱৰ্তন।

18. ভাৰতত প্রচলিত প্রধান ধর্মবোৰ কি কি?
উত্তৰঃ ভাৰতত প্রচলিত প্রধান ধর্মবোৰ হ’ল—
১। হিন্দু ধৰ্ম।
২। ইছলাম ধৰ্ম।
৩। খ্ৰীষ্টান ধৰ্ম।
৪। জৈন ধর্ম।
৫। বৌদ্ধ ধর্ম।
৬। শিখ ধৰ্মৰ উপৰি বহুতো জনগোষ্ঠীয় ধর্ম আছে।

19. আমাৰ ভাৰতীয় সমাজত জাতিবাদৰ দুটা প্ৰভাৱ লিখা।
উত্তৰঃ জাতিবাদী মনোভাবৰ বাবেই ভাৰতৰ বিশেষকৈ হিন্দু সমাজত অনেক প্ৰভাৱ পৰা দেখা যায়।

১। ভাৰতত হিন্দু সমাজত বৈবাহিক কাজ – কৰ্মত জাতি – ধর্ম বাছ – বিচাৰ কৰা হয়। সকলো হিন্দু জাতি বিচাৰ কৰে।

২। প্রায়ভাগ হিন্দু মানুহে মুছলমান নিম্ন জাতৰ লোকক অস্পৃশ্য বুলি ভাবে আৰু তেওঁলোকৰ লগত খোৱা – বোৱা নকৰে। এইদৰে হিন্দুসকলৰ মাজত জাতিবাদৰ নীতি – নিয়ম প্রচলিত আছে।

20. ভাৰতৰ কেইটামান সংখ্যালঘু গোটৰ নাম লিখা।
উত্তৰঃ সংখ্যালঘু গোটসমূহ হ’ল—

১। ভাৰতৰ মুছলমানসকল(মুঠ জনসংখ্যাৰ ১৩,৪ শতাংশ)।

২। ভাৰতৰ খ্ৰীষ্টানসকল(মুঠ জনসংখ্যাৰ ২.৩ শতাংশ)।

৩। ভাৰতৰ শিখসকল(মুঠ জনসংখ্যাৰ ১.৯ শতাংশ)।

৪। জৈনসকল(মুঠ জনসংখ্যাৰ ০.৪ শতাংশ)।

৫। ভাৰতৰ মুছলমানসকল(মুঠ জনসংখ্যাৰ ০.৮ শতাংশ)।

21. আশ্ৰম ব্যৱস্থাই কি বুজায়?
উত্তৰঃ আশ্ৰম ব্যৱস্থাৰ জৰিয়তে হিন্দুসকলে আধ্যাত্মিক আৰু ব্যৱহাৰিক জীৱনক অস্বীকাৰ নকৰাকৈ সাংসাৰিক আৰু বাস্তৱ পৰিস্থিতিৰ মাজেদিয়ে পৰমব্ৰহ্ম উপলব্ধি তথা লাভৰ প্ৰচেষ্টা চলাইছিল। আশ্ৰম ব্যৱস্থাত জীৱনটোক চাৰিটা ভাগত ভাগ কৰা হয়। ব্রহ্মচর্যাশ্রম, গৃহাশ্রম, বাণপ্ৰস্থাশ্ৰম আৰু সন্ন্যাসাশ্রম। হিন্দুসকলে মানৱ জীৱনটোক ১০০ বছৰ বুলি গণ্য কৰি প্ৰত্যেক আশ্ৰমত ২৫ বছৰকৈ কাল কটাই জ্ঞানার্জন, মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰি সাংসাৰিক দায়িত্ব পালন কৰি জীৱনৰ ৰহস্যভেদ কৰি ইহসংসাৰৰ সকলো বান্ধোন, মায়া মোহৰ পৰা মুক্ত হোৱাৰ তপস্যাত লিপ্ত হ’ব লাগে আৰু পৰম ব্ৰহ্মৰ লগত একাত্ম হ’ব লাগে। ইয়াকে জীৱনৰ চাৰি আশ্ৰম বুলি হিন্দুসকলে মানি চলিব লাগে।

চমু প্রশ্নোত্তৰ

1. জাতি (Nation) কি?
উত্তৰঃ চিন্তাবিদ ব্ৰাইচিৰ মতে এটা জাতি হ’ল এটা জাতীয়তা, যিয়ে এটা ৰাজনৈতিক গোট হিচাবে নিজকে সংগঠিত কৰে, আৰু স্বাধীন হৈ থাকে বা স্বাধীন হবলৈ প্ৰয়াস কৰে। গতিকে স্বাধীন বা স্বাধীন হবলৈ ইচ্ছা কৰা সংগঠিত ব্যক্তিৰ সমষ্টিকে জাতি বোলা হয়। ইয়াত ব্যক্তিসকল ধর্ম বিশ্বাস বা সামাজিক ৰীতি নীতিৰ লগত কোনো সম্পর্ক নাথাকে। অৱশ্যে তেওঁলোকৰ এটা উমৈহতীয়া লক্ষ্য লাগিব যাতে স্বাধীন আৰু সাৰ্বভৌম ক্ষমতা লাভ কৰিব পাৰে।

2. আমাৰ দেশৰ ঐক্যতা কিদৰে ৰক্ষা কৰিব পাৰি?
উত্তৰঃ কোনো এখন দেশৰ ঐক্যতা ৰক্ষা কৰিব পাৰি, যদিহে দেশখনৰ নাগৰিকসকলে নিজৰ দেশৰ জাতীয়তাবাদী ভাবৰ দ্বাৰা উবুদ্ধ হয় : আন হাতে নিজৰ অঞ্চলৰ আঞ্চলিকতাবাদী ভাবধাৰাক ত্যাগ কৰে। যদি আমি আমাৰ অঞ্চলৰ আঞ্চলিকতাবাদী স্বার্থক ৰক্ষণাবেক্ষণ দিওঁ তেতিয়া বৃহত্তৰ জাতীয়তাবাদী স্বার্থ নিশ্চিতভাবে হানি হ’বই আৰু বিপদাপন্নও হ’ব। কিন্তু যদি আমি দেশখনৰ স্বাৰ্থক বৃহত্তৰ বুলি ভাবি আঞ্চলিক স্বার্থ ত্যাগ কৰিব পাৰো তেনেহ’লে আমাৰ দেশৰ ঐক্যতা নিশ্চিতভাৱে ৰক্ষা কৰিব পৰা যায়। মুঠতে দেশৰ ঐক্যবদ্ধতা নিৰ্ভৰ কৰে দেশখনৰ নাগৰিকৰ জাতীয়তাবাদী ভাবধাৰাৰ ওপৰত।

3. সাম্প্রদায়িকতাবাদ বুলিলে কি বুজা?
উত্তৰঃ সাম্প্রদায়িকতাবাদ হ’ল এবিধ আদর্শবাদ যিয়ে কোনো ধর্ম আদর্শ বা ভাবধাৰাক জনসাধাৰণৰ মাজত উৎসাহিত কৰিব বিচাৰে, যিটো নেকি আন ধৰ্মৰ আদৰ্শ বা ভাবধাৰাৰ প্ৰতি সম্পূৰ্ণ বিৰোধী আৰু অনিষ্টকাৰী ভাবধাৰা।

4. আঞ্চলিকতাবাদ কি?
উত্তৰঃ যেতিয়া কোনো এজন নাগৰিকে তেওঁৰ নিজৰ অঞ্চলটোক ভাল পায় আৰু আন এটা অঞ্চলক ঘৃণা কৰিবলৈ আৰম্ভ কৰে ইয়াকে সাধাৰণতে আঞ্চলিকতাবাদ বুলি জনা যায়। আন কোনো এটা অঞ্চলক উৎসাহ জনোৱাটোও একপ্ৰকাৰৰ আঞ্চলিকতাবাদ বুলি ক’ব পাৰি। এটা অঞ্চলৰ নাগৰিকে আন এটা অঞ্চলৰ নাগৰিকক বিদেশী জ্ঞান কৰাটো আঞ্চলিকতাবাদৰ বৈশিষ্ট্য। উদাহৰণস্বৰূপে যদি বিহাৰৰ মানুহে মহাৰাষ্ট্ৰৰ মানুহক বিদেশী বুলি ভাবে ইয়াকে আঞ্চলিকতাবাদৰ লক্ষণ বুলি ক’ব পাৰি।

5. আঞ্চলিকতাবাদ কিদৰে জাতীয় ঐক্যৰ বাবে বাধাৰ স্বৰূপ বুলি কোৱা হয়?
উত্তৰঃ যেতিয়া দেশৰ এটা অঞ্চলৰ লোকে নিজৰ অঞ্চলটো অগ্ৰাধিকাৰ দিয়ে আৰু অতি ভাল পায় আন এটা অঞ্চলক বিদেশীৰ অঞ্চলৰ বুলি জ্ঞান কৰে তাকে আঞ্চলিকতাবাদ বুলি কোৱা হয়। সাধাৰণতে আন অঞ্চলৰ মানুহৰ ঘৃণাৰ চকুৰে চোৱা হয়। এইদৰে সমতাৰ অনুভূতি বা ভাব আৰু ভ্ৰাতৃৰ ভাব আঞ্চলিকতাবাদে সম্পূৰ্ণ নাইকিয়া কৰি দিয়ে। এই মনোভাবে এটা অঞ্চলৰ মানুহৰ শ্রেষ্ঠতাৰ ভাবক উৎসাহিত কৰে আৰু এই ভাবে দুয়োটা অঞ্চলৰ মানুহৰ মাজত ঐক্যতাৰ ভাব গঢ়ি উঠাত বাধাৰ সৃষ্টি কৰে।

6. সাম্প্রদায়িকতাবাদ কি?
উত্তৰঃ সাম্প্রদায়িকতাবাদে সাধাৰণতে ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আক্রোহী অযুক্তিকৰ পৰিচয়ক বুজায়। আন ভাষাত ক’বলৈ হ’লে আমি সাম্প্রদায়িকতাবাদক ধৰ্মৰ লগত সম্পর্ক থকা আক্রোহী ৰাজনৈতিক আদর্শ বুলি ক’ব পাৰো। সাম্প্রদায়িকতাবাদে সকলোবোৰ সীমা। চেৰাই ধৰ্মীয় পৰিচয় ৰক্ষা কৰে।

7. ভাৰতৰ ‘জাতি ব্যৱস্থা’ বুলিলে কি বুজা?
উত্তৰঃ জাতি ব্যৱস্থা হিন্দু ধৰ্মৰ এটা অতি প্রাচীন সংস্থা। ই এক বন্ধ শ্ৰেণী ব্যৱস্থা। জাতি ব্যৱস্থা ভাৰতীয় সমাজৰ এক বিভাজন ব্যৱস্থা যি ব্যৱস্থাত কিছুমান নীতি – নিয়ম, বৃত্তিৰ লগত সম্পর্কিত, খোৱা – লোৱা, সামাজিক আন্তঃক্ৰিয়াৰ লগতে জড়িত থাকে। জাতি ব্যৱস্থাত চাৰিটা প্ৰধান জাতি আছে। সমাজত এজন ব্যক্তিয়ে জন্মৰ পাছতহে জাতিৰ অন্তৰ্ভুক্ত হ’ব পাৰে। কোনো প্ৰকাৰে এজন লোকে নিজৰ জাতি পৰিৱৰ্তন কৰিব নোৱাৰে।

8. জাতীয়তাবাদ কি?
উত্তৰঃ কেতিয়াবা ৰাজনৈতিক কাৰণত কিছুমান ৰাজনীতিকাৰী বা ৰাজনৈতিক নেতাই জাতীয় সচেতনতাক ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যে নির্বাচন কামত ব্যৱহাৰ কৰে। গতিকে জাতীয় সচেতনতাক যেতিয়া ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হয় তাকে জাতীয়তাবাদ বুলি জনা জায়। সাধাৰণতে ৰাজনৈতিক নেতাসকলে আৱশ্যক মতে ভোট যুদ্ধত জাতীয়তাবাদক এক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ইয়াকে জাতীয়তাবাদ বুলিও জনা যায়।

9. জাতীয়তাবাদৰ দুটা অনিষ্টকাৰী ফল উল্লেখ কৰা।
উত্তৰঃ অনিষ্টকাৰী ফলাফল দুটা হ’ল—

১। জাতীয়তাবাদী ভাবধাৰাই ধৰ্মনিৰপেক্ষতা নীতি উন্নয়নত এক দুর্ভেদ্য বাধাৰ সৃষ্টি কৰে।

২। জাতীয়তাবাদে ৰাষ্ট্ৰীয় ঐক্য সাধনৰ এক ডাঙৰ দুৰ্বলতা আনি দিয়ে। কাৰণ জাতীয়তাবাদী ভাবধাৰাই ভাৰতৰ বিভিন্ন জাতিৰ লোকৰ মাজত বিভেদ সৃষ্টি কৰে।

10. সাম্প্রদায়িক পৰিচয় কি আৰু ইয়াৰ বৈশিষ্ট্য কি?
উত্তৰঃ ১। সম্প্রদায় পৰিচয়ে, সাধাৰণভাৱে জন্ম আৰু সা – সম্পদক বুজায় লব্ধ অর্হতাক নুবুজায়। সম্প্রদায় হ’ল আমি প্ৰকৃততে যিটো, আমাৰ যি আছে সেইটো নহয়।

২। লব্ধ পৰিচয় আৰু সম্প্রদায় অনুভূতি হ’ল সাৰ্বজনীন।

৩। আমি মাজে – সময়ে আৱেগিকভাৱে আমাৰ সম্প্ৰদায় পৰিচয়ৰ বাবে সংলগ্ন হ’ব লগা হয়।

৪। জনসাধাৰণে সাধাৰণতে আৱেগিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নাইবা এনেকি ভীষণভাৱে যেতিয়া তেওঁলোকৰ সম্প্রদায়ক দেখাদেখি কৈ ভাবুকি দিয়ে।

৫। সম্প্রদায়ে ধৰ্মক প্রথম স্থান দিব বিচাৰে।

11. আঞ্চলিকতাবাদৰ অৰ্থ কি? কি উপাদানৰ ওপৰত ই প্রতিষ্ঠিত?
নাইবাঃ আঞ্চলিকতাবাদক উৎসাহিত কৰা কাৰক দুটা উল্লেখ কৰা।
উত্তৰঃ আঞ্চলিকতাবাদ হ’ল কোনো এক নিৰ্দিষ্ট আঞ্চলিক পৰিচয়ৰ প্রতিশ্রুত আদর্শবাদ যিটো নেকি ভৌগোলিক বৈশিষ্ট্যৰ উপৰি ভাষা, গোষ্ঠীগত আৰু অন্যান্য বৈশিষ্ট্যৰ ওপৰতে নিৰ্ভৰশীল হ’ব পাৰে। আঞ্চলিকতাবাদৰ ভিত্তিবোৰ সৃষ্টিৰ কাৰকবোৰ—

১। আমাৰ দেশত আঞ্চলিকতাবাদ গভীৰভাৱে প্ৰতিষ্ঠিত হ’ল বিভিন্ন ভাষা, সংস্কৃতি, জনজাতিবোৰ আৰু ধৰ্মৰ ওপৰত।

২। আঞ্চলিক আৰু জনজাতীয় পৰিচয় ভাষাৰ লগত মিশ্ৰিত হৈ ভাৰতত এটা গোষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদী পৰিচয় গঢ়ি তুলিবলৈ এক শক্তিশালী হাতিয়াৰ তৈয়াৰ হৈছিল।

৩। মাজে – সময়ে গোষ্ঠীয়তাই জনজাতীয় পৰিচয়, ভাষা, আঞ্চলিক বঞ্চনা আৰু পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি হঠাৎ আঞ্চলিকতাবাদৰ ভিত্তি হৈ অৱশেষত ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি তাক কাৰ্যকৰী তোলা দেখা যায়।

12. ভাৰতত জাতি ব্যৱস্থা কিদৰে সমাজৰ পৰা আঁতৰ কৰিব পৰা যাব কেইটিমান পৰামৰ্শ দিয়া।
উত্তৰঃ ভাৰতত জাতি ব্যৱস্থা কিদৰে সমাজৰ পৰা আঁতৰ কৰিব পৰা যাব কেইটিমান পৰামৰ্শ হ’ল—

১। আমাৰ দেশত জাতি সম্বন্ধীয় যিবোৰ আইন আছে তাক সঠিকভাৱে বলৱৎ কৰিব লাগে।

২। ৰাজনীতিকাৰী নেতা বা ৰাজনৈতিক দালাল শ্রেণীয়ে জাতীয় চেতনাক ৰাজনৈতিক উদ্দেশ্যে জাতিক ব্যৱহাৰ কৰাটো সম্পূৰ্ণ আইন বিৰুদ্ধ কৰিব লাগে।

৩। যিসকলে জাতীয় চেতনাক ৰাজনৈতিক বা আন কোনো অনিষ্টকাৰী উদ্দেশ্যেৰে ব্যৱহাৰ কৰে তেনে লোকক কঠোৰ শাস্তি বিহিব লাগে।

৪। আন্তর্জাতিক বিবাহ সম্পন্ন কৰা ব্যক্তিসকল উৎসাহ প্রদান কৰিব লাগে। তেনে লোকক চৰকাৰে ভালদৰে পুৰস্কৃত কৰা উচিত। অসৱৰ্ণ বিবাহ কৰা দম্পতীৰ ল’ৰা – ছোৱালীক বিনামূল্যে উচ্চ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

13. জাতি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ জাতি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

১। জাতিৰ সদস্য পদসমূহ জন্মৰ লগত জড়িত। জন্ম সূত্রেই সকলো জাতিলোকে জাতি লাভ কৰেই অপৰিহাৰ্য বৈশিষ্ট্য।

২। জাতি এটা অন্তঃবিবাহী গোট। জাতি ব্যৱস্থাত নিজৰ জাতি গোষ্ঠীৰ ভিতৰতহে বিবাহ সম্পন্ন হ’ব পাৰে।

৩। জাতি ব্যৱস্থাত কিছুমান বাধা নিষেধ থাকে, আন জাতিৰ লগত আন্তঃক্রিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত। খোৱা – লোৱা বা বিবাহ আদিৰ ক্ষেত্ৰত।

৪। জাতি ব্যৱস্থাত কিছুমান বস্তু খোৱা নিষেধ।

৫। জাতি ব্যৱস্থাত বৃত্তি বা কর্ম জাতিগতভাৱে, উত্তৰাধীকাৰী সূত্ৰে লাভ কৰে, যেনে— সোণাৰীৰ, কমাৰ, মেত, মুচিয়াৰ আদিৰ কৰ্ম সাধাৰণতে বংশানুক্রমিক হোৱা দেখা যায়।

READ MORE  সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন | Chapter 3 | Class 12 Sociology - AHSEC

14. সামাজিক ঐক্য স্থাপনত জাতি এক দাৰুণ বাধা? কিদৰে ব্যাখ্যা কৰা।
উত্তৰঃ প্রাচীন কালৰে পৰা নিৰীক্ষণ কৰি দেখা যায় জাতি সামাজিক ঐক্য স্থাপনৰ এক জটিল বাধা স্বৰূপ। জাতীয় চেতনা মানুহৰ এক গভীৰ চেতনা। জাতিয়ে সমাজক বিভিন্ন খণ্ডত খণ্ডিত কৰিব পাৰে। বিভিন্ন জাতিৰ মাজত পৰম্পৰ মিলামিচা কৰাৰ ক্ষেত্ৰত বহুতো বাধা – বিঘিনি থকা দেখা যায়। এনেবোৰ কাৰণতে বেলেগ বেলেগ জাতিৰ মাজত, ভালপোৱাৰ অনুভৱ, দয়া – মমতা আদি বৰ কম দেখা যায়। প্ৰত্যেক জাতিয়ে নিজৰ জাতিৰ মানুহৰ কথাহে ভাবে। নিম্ন জাতিৰ মানুহক উচ্চ জাতিৰ মানুহে শোষণ কৰা সুবিধা বিচাৰি থাকে সেই কাৰণে পৰস্পৰৰ মাজত ঘৃণাৰ ভাব জাগি থাকে আনহাতে জাতিগত ভাব আহি থাকে। এনেবোৰ ক্ষুদ্ৰ বিষয় আৰু ভাবৰ কাৰণে জাতি সামাজিক ঐক্য স্থাপনৰ এটা গভীৰ বাধা বুলি কোৱা হয়।

15. জাতি ব্যৱস্থাই, ৰাজনীতিত কিদৰে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে আলোচনা কৰা।
নাইবাঃ ভাৰতবৰ্ষত জাতিবাদ গঢ়ি উঠাৰ কাৰণসমূহ বৰ্ণনা কৰা আৰু ইয়াৰ দুটা গুণ উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ দৰে এক হিন্দু ধর্মীয় প্রধান দেশত, যত নেকি প্রাচীন বৈদিক যুগৰেপৰা জাতি ব্যৱস্থা প্ৰচলিত হৈ আহিছে তেনে কাৰণতে ভাৰতত জাতি ব্যৱস্থা গভীৰভাৱে শিপাই আছে। জাতি ব্যৱস্থা সেইকাৰণতে ৰাজনীতিৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ এটা অতি উত্তম উপাদান বুলি গণ্য কৰা হয়। আনহাতে বিভিন্ন জাতিৰ লোকসকলো বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈ থাকে। এই কাৰণতে জাতি ব্যৱস্থাই ৰাজনীতিৰ প্ৰতাপী ভূমিকা ল’ব পাৰে। জাতিৰ গুৰুত্বৰ কাৰণবোৰ—

১। জাতিৰ নেতাসকলে ৰাজনীতিত প্ৰতিদ্বন্দ্বীতা কৰে আৰু জয়যুক্ত হ’বৰ বাবে নিজৰ জাতিৰ সদস্যসকলৰ ভোট লাভ কৰিবলৈ চেষ্টা চলায়।

২। বেলেগ বেলেগ জাতিৰ নেতাসকলে আন জাতিৰ ভোটাৰ সকলৰ কাষ চাপিলে। ভোটাৰসকলে বিভিন্ন দাবী আৰু বেছি দাবী কৰিবলৈ সুবিধা পায়।

৩। বহুতো ক্ষেত্ৰত এটা জাতিৰ নেতাই আন জাতিৰ নেতাক দোষাৰোপ কৰাৰ ফলত জাতীয়তাবাদী সংঘৰ্ষ হোৱা সম্ভাৱনাই দেখা দিয়ে।

16. ৰাজনীতিত জাতি ব্যৱস্থা, ব্যৱহাৰ কৰাৰ পৰিণামবোৰ কি কি দেখুওৱা।
নাইবাঃ ৰাজনীতিত জাতিয়ে কিদৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা লয়? নাইবা, জাতি আৰু ৰাজনীতি সম্পর্কে এটি টোকা লিখা।
উত্তৰঃ যিসকল নেতাই সমাজত ৰাজনৈতিক জাগৰণ এটা সৃষ্টি কৰা উদ্দেশ্য লৈ কোনো নিৰ্দিষ্ট এটা অঞ্চলৰ বিশেষ জাতীয়লোকক সচেতন কৰিব বিচাৰে তেনে নেতাৰ বাবে জাতি ব্যৱস্থা এটা সুবিধাজনক উপাদান। কিন্তু, সাধাৰণতে ইয়াৰ বহুতো নেতিবাচক প্ৰভাৱ থাকে বা বদগুণ থাকে।

১। যদি ৰাজনীতিত জাতি ব্যৱস্থাক ব্যৱহাৰ কৰা হয়, তেনেহ’লে ৰাজনৈতিক দলবোৰ বিভিন্ন জাতিত বিভক্ত হোৱাৰ সম্ভাৱনা থাকে । এই বিভাজনে ৰাজনৈতিক দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰে।

২। জাতিৰ ব্যৱহাৰে যে ৰাজনৈতিক সংঘর্যহে আনে তেনে নহয় জাতিৰ মাজতো নানা সমস্যাৰ সৃষ্টি কৰে আৰু স্থায়ী ঘৃণা আৰু শত্রুতা আনে।

৩। বেলেগ বেলেগ জাতিৰ নেতাসকলে আন নেতাসকলে দোষাৰোপ কৰাৰ ফলত বিভিন্ন জাতিৰ নেতাসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱা দেখা যায়। জাতিবোৰৰ মাজত উত্তেজনা সৃষ্টি কৰে। এনে সংঘই প্রকৃত সমস্যাৰ পৰা জনসাধাৰণৰ মনোযোগ বিভ্রান্ত কৰে আৰু দৰকাৰী বিষয়বোৰৰ পৰা যেনে— দৰিদ্ৰতা, নিবনুৱা সমস্যা, শিক্ষাৰ অভাৱ আদিৰ পৰা আঁতৰাই ৰাখে প্ৰকৃততে যিবোৰ নেকি সমাজত আচল সমস্যা।

17. ভাৰতীয় সংস্কৃতিক কিয় সংমিশ্রণ সংস্কৃতি বোলা হয়?
অথবাঃ ভাৰত হ’ল বিভিন্ন প্ৰজাতিৰ মিলন ভূমি’ – আলোচনা কৰা |
অথবাঃ সংস্কৃতিক বৈচিত্ৰ বুলিলে কি বুজা?
নাইবাঃ “ ভাৰতীয় সমাজ এখন বহুধা ভিত্তিক সমাজ ” – উক্তিটো বিচাৰ কৰা।
অথবাঃ ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা আলোচনা কৰা।
উত্তৰঃ ভাৰত এখন বিশাল দেশ। ভাৰতীয় সংস্কৃতি বিভিন্নতা আৰু বিচিত্ৰতাৰ এক উজ্জ্বল চানেকি। অতীজ কালৰে পৰা ভাৰতলৈ অহা বিভিন্ন জাতি – উপজাতিবোৰৰ সাংস্কৃতিক উপাদানবোৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে।

প্রাচীনকালৰে পৰা বিৰাজ কৰি থকা হিন্দুধৰ্মই পাছত ভাৰতলৈ অহা আন ধৰ্মৰ প্ৰতি কেতিয়াও অসহিষ্ণু ভাব দেখুওৱা নাই বৰ সেইবোৰক সহনশীলতা আৰু উদাৰ দৃষ্টিভংগীৰে সন্মান সহকাৰে সামৰিহে লৈছে। এই ভেটিত আৰ্যসকলে আৰু পাছলৈ শক, হুণ, গ্রীক, মোগলসকলে নতুন নতুন উপাদান সংযোগ কৰিছে। কিন্তু ভাৰতলৈ যিয়েই স্থায়ীভাবে বসবাস কৰিবলৈ আহিছে তাৰে স্বকীয়তা ভাৰতীয় সংস্কৃতিৰ বুকুত বিলীন হৈ গৈছে। ভাৰতীয় সংস্কৃতি যেনিবা এখন সাগৰহে, তাত সংস্কৃতিৰ নানা নৈ পৰি নিজৰ স্বকীয় স্বৰূপ, অস্তিত্ব বিলীন কৰিবলগীয়া হৈছে।

ভাৰতীয় সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল এই যে অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া সুকীয়া ৰূপ আছে। ভাৰতৰ প্ৰত্যেক অঞ্চল বা প্ৰদেশৰ মানুহৰ ভাষা, ধৰ্ম, সাজ পোছাক, আহাৰ – পানী, চলন – ফুৰণ, পিন্ধন – উৰণ সুকীয়া সুকীয়া। কিন্তু এইটো ঠিক যে সকলো অঞ্চলৰ লোকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। এই বিভিন্নতা আৰু বৈচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্যই বিৰাজ কৰিছে। সেই কাৰণেই কোৱা হয় ভাৰতীয় সংস্কৃতি এক সংমিশ্ৰণ সংস্কৃতি।

18. কি কি বিচিত্ৰতাৰ বাবে ভাৰতক এখন বৈচিত্র্যময় দেশ বুলি কোৱা হয়?
উত্তৰঃ ১। প্রায় ১০২৪মিলিয়ন জনসংখ্যাৰে, সামাজিক আৰু সাংস্কৃতিকভাৱে ভাৰত পৃথিৱীৰ ভিতৰতে এখন অতি বৈচিত্রময় দেশ।

২। পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ এনে এখন দেশৰ জনসংখ্যাই প্রায় ১৬৩২ সংখ্যক ভাষা আৰু দোৱানত কথা কয়।

৩। ধৰ্মৰ ক্ষেত্ৰত প্ৰায় ৮৫.৫% হিন্দু জনসংখ্যা প্রায় ১৩.৪% মুছলিম, ২.৩% খ্ৰীষ্টিয়ান,১.৯% শিখ, ০.৮% বুদ্ধিষ্ট আৰু ০.৪% জৈন ধৰ্মীয় লোক আছে।

৪। ইয়াৰ উপৰি ভাৰতত বিভিন্ন সংস্কৃতি, ৰীতি – নিয়ম, বংশগত নীতি (পূজা), উৎসৱ।

19. ভাৰতীয় সংস্কৃতিৰ বিচিত্ৰধৰ্মী দিশটো সম্পর্কে এটা টোকা লিখা। নাইবা, বিচিত্ৰতাৰ মাজত ঐক্য ভাৰতীয় সমাজৰ বৈশিষ্ট্য ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় সংস্কৃতি বিভিন্ন আৰু বিচিত্ৰতাৰ এক উজ্জ্বল চানেকি। অতীজ কালৰে পৰা ভাৰতলৈ অহা শক, হুণ, কুশান, পাঠান, মুছলমান, ইংৰাজ আদি বিভিন্ন জাতি – উপজাতিবোৰৰ সাংস্কৃতিক উপাদানবোৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে। প্রাচীন কালৰে পৰা বিৰাজ কৰি থকা হিন্দুধৰ্ম‍ই পাছত ভাৰতলৈ অহা আন ধৰ্মৰ প্ৰতি কেতিয়াও অসহিষ্ণু ভাব দেখুওৱা নাই বৰং সেই বোৰক সহনশীলতা আৰু উদাৰ দৃষ্টিভঙ্গীৰ সন্মানহে জনায় অহিছে।

ভাৰতীয় সংস্কৃতিৰ আন এটা আকৰ্ষণীয় দিশ হ’ল— অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া ৰূপ আছে। কিন্তু সকলো অঞ্চলৰ লোকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্যই বিৰাজ কৰি আছে। বিচিত্ৰতাবোৰক পৰিহাৰ কৰাৰ প্ৰয়োজন হোৱা নাই। ভাৰতৰ প্ৰতিখন প্ৰদেশৰ এনেকি একেখন প্রদেশতে বিভিন্ন প্ৰকাৰৰ ভাষা – ভাষী, ধর্ম, সাজ – পোছাক, মাত – কথা, ভাব ভাষা, ৰীতি – নীতি, চাল – চলন, খাওন – দাওন, ধর্মবিশ্বাস, পূজা – পাতল, উৎসৱ – পার্বণ আদি সকলো দিশত বিচিত্রতাবোৰ ফুটি উঠে যদিও সকলো লোকেই নিজকে এক ভাৰতৰ নাগৰিক বুলি সামাজিকভাৱে উপলব্ধি কৰে।

ভাৰতীয় সংস্কৃতিয়ে নিজৰ অন্তৰ্নিহিত উপাদানবোৰৰ লগতে আন দেশৰ সংস্কৃতিৰ উপাদানসমূহ সামৰি লৈ বৰ্তমানৰ অৱস্থাত উপনীত হৈছে।

ওপৰৰ আলোচনাটিৰ পৰা এইটো প্ৰতিপন্ন হয় যে ভাৰতৰ বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজত ঐক্য – সম্প্ৰীতি ভাৱ অতীজ কালৰ পৰা অটুট আছে। সকলো দিশতে বিচিত্রতা থাকিলেও দৃঢ় ঐক্য গঢ়ি উঠিছে। দেশৰ আৰু ৰাষ্ট্ৰীয় ঐক্যৰ সংকট মুহূৰ্তত সমগ্ৰ ভাৰতবাসী এক হৈ থিয় দিয়া নিদর্শনে বৃহৎ সংহতি আৰু ঐক্যৰ পৰিচায়ক।

20. ভারতীয় জাতিপ্রথা কি? নাইবা, জাতিপ্ৰথাৰ মূল চৰিত্ৰসমূহ কি?
উত্তৰঃ ভাৰতীয় জাতিপ্ৰথা সামাজিক স্তৰীকৰণৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। ভাৰতৰ হিন্দুজাতিৰ মাজত থকা স্তৰীকৰণৰ উদাহৰণ পৃথিৱীৰ আন জাতিৰ মাজত অতি বিৰল। বিভিন্ন সমাজশাস্ত্রবিদে বিভিন্ন প্ৰকাৰে এই জাতি ব্যৱস্থাৰ সংজ্ঞা দাঙি ধৰিছে।

সমাজশাস্ত্রবিদে এই সংজ্ঞা দিছে— “ জাতি এনে কিছুমান পৰিয়ালৰ সমষ্টি যিবোৰ পৰিয়ালে একেপ্ৰকাৰৰ বৃত্তি অৱলম্বন কৰে আৰু একোটা পিতৃ – পুৰুষৰ বা দেৱতাৰ বংশধৰ বুলি নিজকে পৰিচয় দিয়ে আৰু যিসকলে বংশানুক্রমে একেধৰণৰ বৃত্তি, ব্যৱসায় কৰি জীৱন – নিৰ্বাহ কৰে, একে নীতি – নিয়ম, ধৰ্ম পালন কৰে আৰু নিজকে একে গোষ্ঠী বা সম্প্ৰদায়ৰ লোক বুলি চিনাকি দিয়ে। ” তাকে জাতি বুলি কোৱা হয়। এজন ব্যক্তিৰ জাতি তেওঁৰ জন্মৰ লগত জড়িত থাকে জাতি এক বন্ধ স্তৰীকৰণ উদাহৰণস্বৰূপে ব্রাহ্মণ প্রজাতিত জন্মগ্ৰহণ কৰা লোককহে ব্ৰাহ্মণ তেওঁ যি কামকে নকৰক কিয়াতেওঁ সদায়ে ব্ৰাহ্মণ। কৰ্মৰ দ্বাৰা জাতি নির্ণয় কৰিব নোৱাৰি। জাতি পৰিচয় এজন ব্যক্তিৰ জন্মগত পৰিচয়।

21. সংবিধান মতে সংখ্যালঘু সকলে কি কি ব্যৱস্থা মতে ৰক্ষণাবেক্ষণ পায়? নাইবা, সংখ্যালঘু আৰু সাংস্কৃতিক বিচিত্রতা সন্দৰ্ভত ভাৰতীয় সংবিধানে আগবঢ়োৱা উপযুক্ত ব্যবস্থা সম্পর্কে লিখা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ ব্যৱস্থা মতে – সংখ্যলঘুসকলে তলত দিয়া দৰে ৰক্ষণাবেক্ষণ পায়—

১। সংবিধানৰ ২৯ অনুচ্ছেদ মতে :-
(i) ভাৰতত নাইবা ইয়াৰ কোনো অংশত বসবাস কৰা যিকোনো গোটৰ নাগৰিকে . যিসকলৰ স্পষ্ট নিজা ভাষা লিপি, নাইবা সংস্কৃতি আছে, তেওঁলোকে ৰক্ষণাবেক্ষণ পাবলৈ সক্ষম হ’ব।

(ii) কোনো ভাৰতীয় নাগৰিককে ৰাজ্য চৰকাৰৰ দ্বাৰা চলোৱা নাইবা চৰকাৰৰ পুঁজিৰে চলোৱা শিক্ষা প্ৰতিষ্ঠানত নাম লিখাৰ পৰা নাকচ কৰা নহ’ব কেবল মাত্র ধর্মীয়, জাতীয়, গোষ্ঠীগত, ভাষা নাইবা অন্যান্য কাৰণৰ বাবে।

২। সংবিধানৰ ৩০ অনুচ্ছেদ মতে :-
(i) সকলো সংখ্যালঘু ধৰ্মৰ নাইবা ভাষাৰ ভিত্তিতেই হওক নিজৰ ইচ্ছামতে বিদ্যালয় প্রতিষ্ঠা বা পৰিচালনা কৰাৰ অধিকাৰ থাকিব।

(ii) কোনো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে দান – অনুদানৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি গ্রহণ কৰা নহব। সংখ্যালঘু ধৰ্ম বা ভাষাৰ ক্ষেত্ৰত।

22. অসমীয়া সংস্কৃতিৰ বিচিত্ৰধৰ্মী দিশটোৰ সম্পৰ্কে এটি টোকা লিখা।
উত্তৰঃ বৰ্তমানৰ অসমীয়া, সংস্কৃতি এক সংমিশ্রিত সংস্কৃতি। ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিতে বিভিন্ন জাতি, জনগোষ্ঠীৰ ভাষা, ধর্ম, সাহিত্য, দৰ্শন, কলা – কৃষ্টিৰ এক সমাৱেশ ঘটিছে। অসমৰ আদিম জনগোষ্ঠীৰ লগত কালক্ৰমত আহোম, টাই, মোগল, ইংৰাজ আদি জাতিৰ লোক অসমলৈ অহাৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা নানা ভাষা – ভাষী, ধৰ্ম – সংস্কৃতিৰ মানুহ অসমলৈ আহি নিগাজীকৈ বসবাস কৰিবলৈ লৈছে। এইবোৰে অসমীয়া কলা – কৃষ্টিত বাৰুকৈয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

অসমীয়া সমাজৰ সংস্কৃতি আগৰে পৰাই নানা বৈচিত্ৰধৰ্মী সংস্কৃতিৰে পূৰ্ণ। যেনে— অসমত নানা জনগোষ্ঠী বসবাস কৰে। তাৰ ভিতৰত বড়ো, কছাৰী, নৈষ্ঠিক হিন্দুসকল, মুছলমানসকল, ইংৰাজসকল, বঙ্গদেশৰ পৰা অহা বঙালীসকল দেশ বিভাজনৰ সময়ত অহা হিন্দু বঙালীসকল। এই সকলো লোকেই অসমত আহি নিগাজীকৈ বসতি কৰি অসমীয়া সমাজৰ লগত মিলি গৈছে। এই লোক সকলৰ প্ৰায় ভাগৰে ভাষা – ধর্ম আদি বেলেগ বেলেগ চাল চলন, পিন্ধন – উৰণ, খাওন – দাওন বেলেগ, যদিও সকলোৱে অসমৰ কলা – সংস্কৃতিক সন্মান কৰি অসমীয়া বুলি পৰিচয় দি ভাল পায়। মুঠতে ভাৰতৰ সকলো প্ৰদেশৰ কলা সংস্কৃতি লোক আহি, অসমীয়া সংস্কৃতিৰ বিচিত্ৰধৰ্মী দিশ এটা ফুটাই তুলিছে। এই সংস্কৃতিত সকলো প্ৰকাৰৰ সংস্কৃতিৰ এটা সংমিশ্ৰণহে হৈছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

1. ‘ভাৰতৰ জাতীয় সংহতি ৰক্ষাৰ বাবে কি কি উপায় অবলম্বন কৰা হৈছে?
নাইবাঃ ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বা বিকাশৰ বাবে সাংবিধানিক উপায়সমূহ কি কি?
উত্তৰঃ বৈচিত্র্যময় ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত জাতীয় সংহতিৰ পুষ্টি সাধনৰ বাবে ৰাষ্ট্ৰীয় চৰকাৰে সাংবিধানিকভাবে নানা উপায়েৰে ঐক্য সাধনৰ চেষ্টা কৰিছে। এই উপায়সমূহৰ কিছুমান তলত উল্লেখ কৰা হ’ল—

১। নাগৰিকতা :- ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ যদিও ইয়াৰ নাগৰিকসকলক দুটা নাগৰিকতাৰ পৰিৱৰ্তে, এটা মাত্ৰ নাগৰিকতাহে প্ৰদান কৰা হৈছে যাতে এক একতাৰ ভাৱ জগাই তুলিব পাৰে। ভাৰতত বাস কৰা সকলো নাগৰিকেই ‘ ভাৰতীয়’। তেওঁলোকৰ অধিকাৰ আৰু কৰ্তব্য একেই সমান এক দেশৰ এক নাগৰিক হিচাপে কাম কৰিলেহে দেশৰ সংহতি বা হ’ব।

২। সংবিধান :- ভাৰতত আন যুক্তৰাষ্ট্ৰৰ দৰে সংযুক্ত ৰাজ্যসমূহৰ নিজা সুকীয়া সংবিধান নাই। গোটেই ভাৰতৰ এখনেই মাত্ৰ সংবিধান। ইয়াত সন্নিবিষ্ট আইন – কানুন ভাৰতৰ সকলো। ৰাজ্য সকলো নাগৰিকৰ বাবে প্রযোজ্য। সংবিধানে সকলকে সমানে সুবিধা, ৰক্ষণাবেক্ষণ দিছে। এই সংবিধানৰ জৰিয়তে এটা ঐক্যভাৱ গঢ়ি উঠিছে।

৩। চৰকাৰী ভাষা :- ভাৰতত ভাষাৰ ভিত্তিত ৰাজ্যসমূহ গঠন কৰি একোটা ভাষাক ৰাজ্যিক ভাষা হিচাপে সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে যদিও গোটেই ভাৰতৰ এটা ভাষিক ঐক্য গঢ়ি তোলাৰ বাবে ‘ হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। এই উমৈহতীয়া চৰকাৰী ভাষাৰ জৰিয়তে ভাৰতীয়সকলৰ মাজত সংহতি গঢ়ি তোলাৰ আশা।

৪। শিক্ষা :- ভাৰতৰ সৰহ সংখ্যক লোক নিৰব আৰু অজ্ঞ হোবা বাবে ধর্মীয় বা ভাষিক সংকীর্ণতাই সহজে প্রভাৱিত কৰি বিভেদ সৃষ্টি কৰে। সেইবাবে, বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ দ্বাৰা এই সংকীর্ণতা আঁতৰাবৰ চেষ্টা কৰা উচিত। শিক্ষাৰ দ্বাৰা মানুহৰ উদাৰ সহনশীলতা গুণৰ বিকাশ ঘটাব পাৰিলেহে বিভেদৰ বীজ বিয়পাৰ সম্ভাৱনা কমাব পৰা যাব আৰু ৰাষ্ট্ৰীয় সংহতিৰ পথ সুগম হ’ব।

৫। ৰাষ্ট্ৰীয় প্রতীকসমূহ :- ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকসমূহ, আমাৰ ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰে প্ৰতীক। ত্ৰিৰঙ্গা পতাকা, অশোকচক্ৰ আৰু জন – গণ – মন ‘ ৰাষ্ট্ৰীয় সংগীত— এইবোৰ আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্রতীক। এই প্রতীকবোৰক ভাৰতবাসীয়ে সকলো ঠাইতে, সমানে সম্মান আৰু ভক্তি কৰে। এইবোৰে ভাৰতবাসীৰ মাজত দৃঢ় ঐক্য আৰু বান্ধোন গঢ়ি তুলিছে। ৰাষ্ট্ৰীয় সংগীতটোৱে আমাৰ দেশৰ সকলো ঠাইৰ প্ৰাকৃতিক বর্ণনা ৰাজ্যৰ নাম, নদ – নদী আদি সমন্বিতে সকলো ভাৰতীয়ৰ মন আকর্ষণ কৰি এক সংহতিৰ ভাৱ জাগবিত কৰে।

৬। ৰাষ্ট্ৰীয় উৎসৱ :- ভাৰতৰ সকলো লোকে জাতি, ধর্ম, বর্ণ নিৰ্বিশেষে পালন কৰা ৰাষ্ট্ৰীয় উৎসৱসমূহেও ভাৰতবাসীৰ মাজত ৰাষ্ট্ৰীয় ঐক্যৰ ভাৱ জাগ্ৰত কৰাত সহায় কৰে। স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিশু দিবস আদি আমি সকলো ভাৰতবাসীয়ে চৰকাৰী কাৰ্যসূচীমতে পালন কৰে। এইবোৰে জাতীয় সংহতিৰ বিকাশত সহায় কৰে।

৭। ধৰ্মনিৰপেক্ষ নীতি :- ভাৰত চৰকাৰৰ ধৰ্মনিৰপেক্ষ নীতি বিভিন্ন ধৰ্মৰ ভাৰতবাসীৰ মাজত ঐক্য ভাৱ গঢ়ি তোলাত এটা অতি উল্লেখযোগ্য নীতি। ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। ভাৰতৰ সকলো ধৰ্ম সমান, কোনো ধৰ্মৰ মানুহক ভাৰতত বিশেষ সুবিধা প্ৰদান কৰা নহয়। এই নীতিয়ে ভাৰতবাসীৰ মাজত ধৰ্মীয় বিভেদ কমাই এক সহনশীল ভাৱ গঢ়ি তোলাত যথেষ্ট সহায়ক হৈছে।

READ MORE  ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Chapter 2 | Class 12 Sociology - AHSEC

৮। সামাজিক ন্যায় :- আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা ‘ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ দ্বাৰা ভাৰতত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠা কৰাৰ কথা কোৱা হৈছে। ভাৰতবাসীৰ বাবে এখন কল্যাণকামী দেশ গঢ়ি তুলিবলৈ সাংবিধানিকভাৱে নীতি – নিৰ্দেশনা কৰা হৈছে। সেই মতে চৰকাৰে পিছপৰা জাতি আৰু অঞ্চলৰ অসমতা দূৰ কৰি সংহতি স্থাপনৰ চেষ্টা কৰিছে।

৯। অর্থনৈতিক উন্নয়ন :- ভাৰতৰ স্বাধীনোত্তৰ কালছোৱাত ভাৰতৰ আৰ্থিক উন্নতি হৈছে যদিও আঞ্চলিক আৰ্থিক বৈষম্য দূৰ হোৱা নাই। এই আঞ্চলিক অর্থনৈতিক বৈষম্য দূৰ কৰাৰ বাবে সুষম অর্থনৈতিক উন্নয়নৰ আঁচনিসমূহ সঠিকভাৱে কাৰ্যকৰী কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। ভাৰতৰ সকলো জাতি আৰু অঞ্চলৰ সমানে আর্থিক উন্নয়ন সাধন কৰিব পাৰিলে ভাৰতীয় ৰাষ্ট্ৰীয় সংহতি সাধনত সহায়ক হ’ব।

2. “ভাৰতীয় সংস্কৃতি হৈছে এক সংমিশ্রণ সংস্কৃতি” এই উক্তিটোৰ সমৰ্থনত কাৰণ দৰ্শোৱা।
নাইবাঃ সংমিশ্ৰণৰ অৰ্থ প্ৰকাশ কৰা আৰু ইয়াক সংহতিৰ এটা প্রক্রিয়া হিচাপে আলোচনা কৰা।
নাইবাঃ ভাৰতীয় সংস্কৃতিত একতা কেনেদৰে বৰ্তি আছে? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ এটা বিশেষ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল সংমিশ্ৰণ আৰু সংযোজন। ভাৰতীয় সংস্কৃতি যদিও মূলতঃ ভাৰততে উদ্ভুত তথাপি ইয়াত বহুতো বিদেশী সংস্কৃতিৰ উপাদান সংমিশ্ৰণ হৈ আছে। ভাৰত ভূমিত বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মিলন হৈ বিশাল ভাৰতীয় জাতিৰ সৃষ্টি হৈছে। খ্ৰীষ্ট জন্মৰ আগৰে পৰাই ভাৰতলৈ বেপাৰ – বাণিজ্য, ভ্রমণ, জ্ঞান – অন্বেষণ অথবা ৰাজ্য জয় আদি উদ্দেশ্য লৈ বহুতো বিদেশী লোক সময়ে সময়ে আহিছিল। বিশেষকৈ ৰাজ্য জয়ৰ বাবে অহা বিদেশী শক্তিবোৰৰ নিজ নিজ দেশৰ মূলগত সাংস্কৃতিক উপাদানবোৰ ভাৰতীয় সংস্কৃতিৰ লগত মিলি গৈছে। সেই বিদেশী উপাদানবোৰক ভাৰতীয় সংস্কৃতিয়ে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে। আৰ্য – অনাৰ্য, শক, হুণ, মোগল – পাঠান, গ্রীক, ইৰাণী, পাৰ্চী আৰু ইউৰোপীয় জাতিবোৰে নিজ দেশৰ ভাষা, সাহিত্য, দর্শন, শিল্পকলা আদি সংস্কৃতিৰ কিছুমান উপাদান তেওঁলোকে বহন কৰি আনিছিল আৰু সেই উপাদানবোৰ পুৰণি ভাৰতীয় সংস্কৃতিৰ লগত এনেদৰে মিলি গৈছিল যে আজি সেইবোৰক পৃথক কৰি উলিওৱা। টান। সকলোবোৰে সম্পূৰ্ণ এক ভাৰতীয় ৰূপত মিলিত হৈ পৰিছে।

ভাৰতীয় সংস্কৃতি হ’ল এক সংমিশ্রিত সংস্কৃতি। সেইবাবেই ভাবত ভূমি সকলোৰে বাবে পুণ্যমিলন ভূমি। ভাৰতীয় সংস্কৃতিত মিলিত হৈছে বিভিন্ন জনগোষ্ঠী, প্রজাতি, ধর্ম, ভাষা সাহিত্য, দর্শন, শিল্পকলা, দেশাচাৰ প্ৰথা ইত্যাদি। নানা ভাষা, ধর্ম, সাজ – পাৰ, জাতি – গোষ্ঠীৰ লোক সকলো একেলগে বসবাস কৰা দেশখনেই হ’ল বিশাল ভাৰতবৰ্ষ। ই হ’ল ‘ বৈচিত্র্য মাজত ঐক্য’ থকা এখন দেশ। বৈচিত্ৰ্যৰ মাজত ঐক্য ‘ মানে বিচিত্ৰতাবোৰ নাশ কৰি স্থাপন কৰা ঐক্যৰ কথা নুবুজায়। ই ভাৰতত থকা সকলোবোৰ বিচিত্ৰতাৰ মাজত সমন্বয় স্থাপন কৰি গঢ়ি উঠা ঐক্যক হে বুজায় ।

যি ঐক্যত নিজৰ নিজৰ বৈশিষ্ট্যবোৰ সুৰক্ষিত হৈ থাকে। নিজৰ নিজৰ বৈশিষ্ট্যবোৰ সুৰক্ষিত কৰি ঐক্য স্থাপন কৰিবলৈ হ’লে সকলো নাগৰিকৰ মাজত বুজাপৰাৰ মনোভাব, পৰস্পৰে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা, সম্মান আৰু সহনশীলতাৰ মনোভাব পোষণ কৰিব লাগিব। নিজৰ নিজস্ব ধর্ম, ভাষা, সংস্কৃতি, কলা – কৃষ্টি আদিৰ ৰক্ষণাবেক্ষণৰ বাবে আৰু উৎকৰ্ষ সাধনৰ কাৰণে সকলো ভাৰতীয়কে ভাৰতীয় সংবিধানত কিছুমান অধিকাৰ প্ৰদান কৰা হৈছে। এইদৰেই সৃষ্টি হৈছে ভাৰতৰ সংমিশ্ৰিত সংস্কৃতি।

3. জাতীয় সংহতি মানে কি বুজায়?
উত্তৰঃ দেশবাসীয়ে জাতি – ধর্ম – ভাষা আদি বিভেদ পৰিহাৰ কৰি যি একতাৰ ভাব অন্তৰত পোষণ কৰে আৰু তাৰ ফলত যিটো সংহতিৰ মনোভাব জাগ্রত হয় তাকে জাতীয় সংহতি বোলে। মুঠতে সমগ্ৰ দেশৰ নাগৰিকৰ মাজত সহনশীলতা, সহায় – সহানুভূতি বুজা – পৰা আৰু এৰা – ধৰাৰ মাজতে আত্মপ্রত্যয়,, আত্মবিশ্বাসৰ ভেটিত সম্প্রীতি – সদ্ভাৱ গঢ়ি তুলিব পৰা সামগ্রিক পৰিৱেশকে ৰাষ্ট্ৰীয় সংহতি বোলে। ডঃ সর্বপল্লী ৰাধাকৃষ্ণণৰ মতে ৰাষ্ট্ৰীয় সংহতি হ’ল—’ দেশৰ সামূহিক স্বাৰ্থ ৰক্ষাৰ্থে সৰ্বসাধাৰণক ব্যক্তি স্বাৰ্থৰ ওপৰলৈ উন্নিত কৰা এক চেতনা।

4. ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিৰ প্ৰধান প্ৰত্যাহ্বান বা কুফলসমূহ কি কি আলোচনা কৰা। নাইবা, ধৰ্মীয় বৈচিত্ৰৰ কুফলসমূহ কি কি? নাইবা, ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিত বাধা সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰত এখন বৈচিত্র্যময় দেশ। ইয়াত নানা জাতি, ভাষা সংস্কৃতি, ধৰ্ম, সাজ – পাৰ, আচাৰ – ব্যৱহাৰৰ লোক বসবাস কৰে। এই লোকসকলৰ মাজত জাতীয় ঐক্য সংহতি অনাটো বা স্থাপন কৰাৰ ক্ষেত্ৰত বহুতো বিভেদকানী শক্তিয়ে বাধা বা সমস্যাৰ সৃষ্টি কৰে। এই সমস্যাসমূহ তলত আলোচনা কৰা হ’ল—

১। প্রাকৃতিক বিভিন্নতা :- ভাৰতৰ প্ৰকৃতিৰ বুকুত নানা ধৰণৰ বৈচিত্র্য বিৰাজ কৰিছে। যেনে – এফালে সুউচ্চ পর্বত – পাহাৰ আৰু আনফালে গভীৰ মহাসাগুৰ, এফালে খৰাং মৰুভূমি আনফালে অতিপাত বৃষ্টিপাত হোৱা ঠাই। অতি উষ্ম থৰমৰুভূমিৰ বিপৰীতে অতি শীতল চেৰাপুঞ্জী। দাৰ্জিলিঙৰ নিচিনা ঠাই ভাৰতৰ প্রাকৃতিক বৈচিত্র্য অনুপম অৱদান। এই বৈচিত্র্যতাই বাসিন্দাসকলক বিভিন্ন আচাৰ – ব্যৱহাৰ, খাওন – দাওন, সাজ – পাৰ, স্বাভাৱিক চৰিত্ৰৰ কৰি গঢ়ি তুলিছে। এঠাইৰ মানুহৰ লগত আন এঠাইৰ মানুহৰ মিল নাই। ই ঐক্য সংহতিৰ এক গুৰুত্বপূৰ্ণ অন্তৰায়।

২। জাতিভেদ প্রথা :- জাতিভেদ প্রথা হিন্দু – প্রধান’ভাৰতীয় সমাজৰ এক জটিল সামাজিক সমস্যা। ভাৰতবৰ্ষ অতীজৰে পৰা দ্রাবিড়, আর্য, গ্রীক, পাৰ্চী, শক, হুণ, কুশান, তুর্কী, আফগান মোগল, পর্তুগীজ, ফৰাচী, ইংৰাজ আদি জাতিৰ মিলন ভূমি। এই জাতিবোৰৰ ভাষা, ধর্ম, সংস্কৃতি, সাজ – পাৰ, আচাৰ – ব্যৱহাৰ বিভিন্ন। যুগ – যুগ ধৰি একে লগে বসবাস কৰিলেও তেওঁলোকৰ মাজত বিয়া – বাৰু, সামাজিকভাৱে মিল – মিছা কৰা খোৱা – লোৱা কৰা আদি নিষিদ্ধ। এই বিভিন্নতাবোৰৰ বাবেই ভাৰতৰ জনসাধাৰণৰ মাজত ঐক্য, সংহতি গঢ়ি তোলাত এক অলঙ্ঘনীয় বাধাৰ সৃষ্টি কৰিছে।

৩। ভাষা – সংস্কৃতিৰ বিভিন্নতা ভাৰত এখন বিভিন্ন ভাষা :- সাহিত্য সংস্কৃতিৰ দেশ। ইয়াৰ অধিবাসীকলে নানা ভাষা, উপভাষা কয়। এই লোকসকলৰ আচাৰ – ব্যৱহাৰ, সাজ – পাৰ, খাদ্যাভ্যাস, জীৱন নিৰ্বাহৰ প্ৰণালী সকলো সুকীয়া সুকীয়া। এটা অঞ্চলৰ মানুহে আন এটা অঞ্চলৰ মানুহৰ ভাষা বুজি নাপায়, সাজ – পাৰ খাদ্যাভ্যাসৰ কোনো মিল নাই। অজ্ঞতা আৰু সংকীর্ণতাৰ বাবে বহুতো ক্ষেত্ৰত ভাষাক লৈয়ে ভাৰতবাসীৰ মাজত নানান বিভেদ সৃষ্টি হোৱা দেখা যায়। এই অনৈক্যই ৰাষ্ট্ৰীয় সংহতি স্থাপনত এক হেঙাৰ স্বৰূপে বাধা দিয়ে।

৪। ধর্মীয় বিভিন্নতা :- ভাৰত এখন বিভিন্ন ধর্মাবলম্বীলোক দেশ। ভাৰতত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ আদি নানা ধৰ্মৰ লোক বসবাস কৰে। ধৰ্মীয় আচাৰ – ব্যৱহাৰে ভাৰতবাসীৰ মাজত নানা বিভেদ সৃষ্টি কৰে। ধৰ্মীয় সংকীর্ণতাৰ বাবে ভাৰতবাসীৰ মাজত নানা সাম্প্রদায়িক বিভেদ সৃষ্টি হোৱা দেখা যায়। গতিকে ভাবতৰ জাতীয় সংহতিৰ ক্ষেত্ৰত ধৰ্ম এটা ডাঙৰ অন্তৰায়।

৫। আঞ্চলিকতাবাদ :- আঞ্চলিকতাবাদ ভাৰতৰ এটা ডাঙৰ সমস্যা। বর্তমান ভাৰতৰ প্ৰায়বিলাক ৰাজ্যত আঞ্চলিক কিছুমান সমস্যাৰ ওপৰত ভিত্তি কৰি উগ্ৰ আঞ্চলিকতাবাদে গা কৰি উঠিছে। এনেকি এখন ৰাজ্যৰ মানুহেই আঞ্চলিক ভিত্তিত সংগঠিত হৈ নানা সমস্যাৰ সৃষ্টি কৰিছে। এই আঞ্চলিকতাবাদে সুকীয়া ৰাজ্য বা প্ৰশাসনীয় গোটৰ দাবী আদিও উত্থাপন কৰি আহিছে। মুঠতে এই অঞ্চলভিত্তিক ধাৰণাটোৱে ভাৰতবাসীৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু জাতীয় সংহতিৰ ই এক জটিল বাধা।

৬। ৰাজনৈতিক বিভিন্নতা :- অতীত কালৰে পৰা ভাৰতৰ বিভিন্ন অঞ্চল, বিভিন্ন বজা মহাৰজাৰ দ্বাৰা শাসিত আছিল। এই সুকীয়া ঐতিহাই প্রত্যেক অঞ্চলৰ মানুহক স্বাধীনতাৰ পিছতো এটা সুকীয়া ভাৰত উদ্বুদ্ধ কৰি ৰাখিছে। আধুনিক যুগৰ বৰ্দ্ধিত ৰাজনৈতিক চেতনাই অঞ্চলগতভাৱে, নতুন ৰাজনৈতিক দল বা মতবাদৰ দ্বাৰা উদ্বুদ্ধ কৰি এটা বিভেদৰ ভাৱ জগাই তোলে। এই সুকীয়া ৰাজনৈতিক চেতনাই বিভিন্ন অঞ্চলত, জাতীয় ঐক্য বা ৰাষ্ট্ৰীয় সংহতিৰ পৰিপন্থী সংগঠনৰ সৃষ্টি কৰিছে।

৭। আর্থিক বৈষম্য :- আধুনিক সমাজবাদী ধাৰণা মতে আর্থিক বৈষম্যই হ’ল সকলো বৈষম্য বা বিভেদৰ মূল। ধনী – দুখীয়া, শিক্ষিত – অশিক্ষিত, উচ্চশ্রেণী – নীচশ্রেণী, আগবঢ়া পিছপৰা শ্ৰেণীৰ মূলতে হ’ল আৰ্থিক বৈষম্য। আমাৰ ভাৰতৰ শিক্ষা – দীক্ষা কৃষি – শিল্প, বেপাৰ বাণিজ্য আদিৰ ক্ষেত্ৰত উন্নত অঞ্চলসমূহ ক্ৰমে উন্নত হৈ গৈছে, আনহাতে অনুন্নত অঞ্চল। অৰ্থৰ অভাৱত ক্ৰমে অনুন্নত হৈ গৈছে। মুঠতে ব্যক্তি, শ্ৰেণী আৰু অঞ্চলগত আর্থিক বৈষম্যই ব্যক্তি · শ্ৰেণী আৰু অঞ্চলৰ মাজত অলঙ্ঘনীয় প্ৰাচীৰৰ সৃষ্টি কৰিব পাৰে। ভাৰত চৰকাৰৰ অৰ্থনৈতিক বৈষম্য দূৰীকৰণৰ নানা চেষ্টা পৰিকল্পনা ব্যর্থ হোৱা দেখা যায়। আর্থিক বিভিন্নতাই আন বৈষম্যবোৰকো প্ৰকট কৰি এক জটিল সমস্যাৰ সৃষ্টি কৰিছে। যাৰ বাবে ৰাষ্ট্ৰীয় সংহতি গঢ় দিয়া এটা দুৰুহ কাম হৈ পৰিছে।

5. আঞ্চলিকতাবাদে ভাৰতীয় সমাজত ৰাষ্ট্ৰীয় সংহতি স্থাপনৰ ক্ষেত্ৰত কেনেদৰে ব্যাঘাত জন্মাইছে সেই বিষয়ে আলোচনা আগবঢ়োৱা।
নাইবাঃ আঞ্চলিকতাবাদ ভাৰতৰ ৰাষ্ট্ৰীয় সংহতি এটা ডাঙৰ বাধা ব্যাখ্যা কৰা।
উত্তৰঃ আঞ্চলিকতাবাদ :- প্রাচীনকালতে সুপ্রতিষ্ঠিত হোৱা অঞ্চলসমূহৰ ৰাজ্যসমূহৰ) মাজত সংহতি স্থাপন কৰি এখন কাৰ্যক্ষম যুক্ত ৰাষ্ট্ৰীয় ৰাষ্ট্ৰ গঠন কৰাটোৱেই হ’ল ভাৰতৰ প্ৰধান আৰু মূল সমস্যা। ভাৰতৰ অঞ্চল আৰু উপ – অঞ্চলসমূহ সামাজিক তথা সাংস্কৃতিক উপাদানৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতৰ নিচিনা সুবিশাল আৰু বিস্তৃত দেশ এখনত আঞ্চলিকতাবাদ আৰু উপআঞ্চলিকতাবাদ এক এৰাব নোৱাৰা বৈশিষ্ট্য। ভাৰতত যুক্তৰাষ্ট্ৰীয়বাদতকৈ আঞ্চলিকতাবাদ বা উপ – আঞ্চলিকতাবাদ বেছি গুৰুত্বপূৰ্ণ বিষয়। বৃটিছৰ বিৰুদ্ধে কৰা ভাৰতবাসীৰ সন্মিলিত স্বাধীনতা সংগ্ৰামৰ পাছত ইংৰাজসকলে সৃষ্টি কৰা ৰাজ্যসমূহক লৈ গঠিত হোৱা স্বাধীন যুক্তৰাষ্ট্ৰকে সকলো অঞ্চলৰ লোকে মানি লৈছিল যদিও নিজ নিজ অঞ্চলৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু আঞ্চলিকতাবাদী মনোভাৱ সকলোৰে মনত দকৈ শিপাই আছিল। এনে মনোভাৱক নিজ নিজ অঞ্চলৰ লোকে সমৰ্থন জনোৱা ৰক্ষণাবেক্ষণ দিয়া কার্যক বহুতে বিভেদকামী প্রাদেশিকতাবাদী সংকীর্ণ আঞ্চলিক প্রেম বুলি অভিহিত কৰিব বিচাৰে। কিন্তু ভাৰতৰ নিচিনা নানা ভাষা, নানা ধর্ম, নানা সাজ – পাৰৰ প্ৰচলন থকা, বিভিন্ন জাতি – গোষ্ঠীৰ লোকে বসবাস কৰা বৈচিত্র্যময় দেশ এখনত ‘ ঐক্য আৰু সংহতি ‘ মানে এই বিচিত্ৰতাবোৰ নাশ কৰি স্থাপন কৰা ঐক্য আৰু সংহতিক নুবুজায়। আমাৰ দেশে ঐক্য আৰু সংহতিয়ে সকলোবোৰ বিচিত্ৰতাৰ মাজত সমন্বয় স্থাপন কৰা কথাকহে বুজায়, য’ত প্ৰত্যেকু অঞ্চলৰ নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্যবোৰ সুৰক্ষিত হৈ থাকে। গতিকে ভাৰতৰ বিভিন্ন অঞ্চল আৰু উপ – অঞ্চলসমূহৰ স্বকীয় পৰিচয় থকা বৈশিষ্ট্যসমূহক স্বীকৃতি প্ৰদান কৰিহে ৰাষ্ট্ৰীয় সংহতি গঢ়ি তুলিব পৰা যাব। ভাৰতীয় হ’বলৈ হ’লে যে এজন নাগৰিক অসমীয়া, উড়িয়া, বঙালী নাইবা মাদ্রাজী হৈ থাকিব নোৱাৰিব তেনে নহয়।

6. ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
নাইবাঃ ভাৰতীয় সংস্কৃতি হৈছে এক সংমিশ্ৰ সংস্কৃতি’– এই উক্তিটোৰ সমৰ্থন কাৰণ দৰ্শাৱা।
উত্তৰঃ ভাৰতীয় সংস্কৃতি এক সংমিশ্ৰিত সংস্কৃতি। ভাৰতীয় সংস্কৃতিত জাতি, ভাষা, ধৰ্ম, ৰীতি – নীতি, সাজ – পোছাক আহাৰ পানী আদি বিভিন্ন দিশত বিচিত্ৰতা দেখিবলৈ পোৱা যায়। এই সকলোবোৰ বিচিত্ৰতাৰ মাজতে প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ মাজত উমৈহতীয়া কেতবোৰ দিশ নিবিড়ভাৱে জড়িত হৈ থকা দেখা যায়। ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্যসমূহ তল উল্লেখ কৰা হ’ল—

১। গতিশীল সংস্কৃতি :- ভাৰতবৰ্ষৰ সংস্কৃতি অতি প্রাচীন। এটা যুগতে বৰ্তমানৰ অৱস্থা পোৱা নাই। আৰ্যসকল ভাৰতলৈ অহাৰ আগৰ পৰাই ভাৰতত এটা উচ্চ সভ্যতা গঢ়ি উঠিছিল। আদিম অধিবাসীসকলেই ভাৰতীয় সংস্কৃতিৰ মূল ভেটি স্থাপন কৰিছিল। এই সংস্কৃতিৰ মূল ভেটিত আৰ্যসকলকে আদি কৰি বিভিন্ন জাতি – উপজাতিয়ে নতুন নতুন উপাদান সংযোগ কৰিছে। কিন্তু ভাৰতলৈ যিয়েই স্থায়ীভাৱে বাস কৰিবলৈ আহিছে তাৰেই স্বকীয়তা বিশাল ভাৰতীয় সংস্কৃতিত বিলীন হৈ গৈছে। অতীত কালৰে পৰা ভাৰতীয় সংস্কৃতিয়ে বিভিন্ন ভাব ধাৰাৰে পুষ্ট হৈ সময়ৰ লগত খোজ মিলাই আগবাঢ়ি আছে।

২। সংমিশ্ৰণ আৰু সংযোজন :- ভাৰতীয় সংস্কৃতি বহুতো বিদেশী সংস্কৃতিৰ উপাদান এক সংমিশ্ৰণ আৰু সংযোজন। অতীত কালৰে পৰা বিভিন্ন কাৰণত ভাৰতলৈ অহা বিদেশী লোকসকলে নিজ নিজ দেশৰ পৰা কঢ়িয়াই অনা সাংস্কৃতিক উপাদানবোৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে। গ্রীক, শক, হুণ, ইৰাণী, পাৰ্চী, আৰৱ, মোগল আৰু ইউৰোপীয় জাতিবোৰ যেতিয়াই ভাৰতলৈ আহিছিল তেওঁলোকৰ লগত নিজৰ দেশৰ ভাষা

সাহিত্য, দর্শন, শিল্পকলা আদি সংস্কৃতিৰ কিছুমান উপাদান তেওঁলোকে বহন কৰি আনিছিল। এই উপাদানবোৰ পুৰণি ভাৰতীয় সংস্কৃতিৰ লগত এনেদৰে মিলি গৈছিল যে আজি সেইবোৰক পৃথক কৰি উলিওৱা টান।

৩। মৌলিক ভাবাদর্শ :- মৌলিক ভাবাদর্শ ভাৰতীয় সাংস্কৃতিক ঐক্যৰ এটা গুৰুত্বপূৰ্ণ দিশ। বিভিন্ন বিচিত্ৰতাৰ মাজতে এই মৌলিক একতাৰ ভাবাদর্শ সংস্কৃত ভাষা – সাহিত্য জৰিয়তে বিকাশ লাভ কৰিছে। সংস্কৃত ভাষাই ভাৰতীয় সংস্কৃতিৰ মুখ্য বাহক হৈ আহিছে। এই ভাষাই ভাৰতীয়সকলক একগোট কৰি ৰখাত যথেষ্ট সহায় কৰিছিল। হিন্দুসকলৰ মূল্যবান গ্ৰন্থৰাজি এই ভাষাতে ৰচিত। সংস্কৃত ভাষাই সমূহ ভাৰতবাসীৰ পৰা আজিও সমানে শ্ৰদ্ধা আৰু সন্মান লাভ কৰে।

৪। সহনশীলতা আৰু উদাৰ দৃষ্টিভঙ্গী :- ভাৰতীয় সংস্কৃতিৰ আন এটা বৈশিষ্ট্য হ’ল সহনশীলতা। অতীত কালৰে পৰা ভাৰতলৈ অহা বিভিন্ন জাতিৰ পৃথক সংস্কৃতিবোৰৰ স্বকীয় বৈশিষ্ট্যবোৰক উদাৰ দৃষ্টিভঙ্গীৰে চালি – জাৰি চাই ভাৰতীয় সংস্কৃতিয়ে গ্ৰহণ কৰিছিল। কোনো জাতিৰ সংস্কৃতি, ধৰ্ম বা ভাষাৰ প্ৰতি অসহিষ্ণু ভাব দেখুৱা নাছিল। বৰং হিন্দুধৰ্মই আন ধৰ্মাৱলম্বী লোকসকলক উদাৰ দৃষ্টিৰে গ্ৰহণ কৰিছিল। আজিও ভাৰতীয় সংস্কৃতিয়ে অন্য ধৰ্ম বা জাতিৰ প্রতি শত্ৰুতা নকৰে ; বৰং সহনশীলতা আৰু উদাৰ দৃষ্টিভংগীৰে সন্মানহে জনায়।

৫। সংস্কৃতিৰ বিচিত্ৰতা আৰু ঐক্য :- ভাৰতীয় সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল এই যে অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া সুকীয়া ৰূপ আছে। ভাৰতৰ প্ৰত্যেক অঞ্চলৰ মানুহৰ ভাষা ধর্ম, সাজ – পোছাক, আহাৰ – পানী, চলন – ফুৰণ, পিন্ধন – উৰণ সুকীয়া সুকীয়া। কিন্তু এইটো ঠিক যে সকলো অঞ্চলৰ লোকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। এই বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্যই বিৰাজ কৰি আছে।

ভাৰতীয় সংস্কৃতিয়ে নিজৰ অন্তৰ্নিহিত উপাদানবোৰব লগত আন দেশৰ সংস্কৃতিৰ উপাদানসমূহ সামৰি লৈ বৰ্তমানৰ অৱস্থাত উপনীত হৈছে।

READ MORE  ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ | Chapter 10 | Class 12 Sociology - AHSEC

7. আঞ্চলিকতাবাদৰ চৰিত্ৰবিলাক চমুকৈ লিখা আৰু উত্তৰ – পূব ভাৰতৰ কোন কোন জনগোষ্ঠীৰ মাজত আঞ্চলিকতাবাদ প্রবল উল্লেখ কৰা।
উত্তৰঃভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ এটা বিশেষ বৈশিষ্ট্য হ’ল ৰাজনৈতিক দলৰ সৃষ্টি। বিশাল ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যময় বৈশিষ্ট্যই ইয়াৰ প্ৰধান কাৰণ বুলি ক’ব পাৰি যদিও স্বাধীনতাৰ পৰৱৰ্তী কালত বৰ্ধিত ৰাজনৈতিক তথা অর্থনৈতিক সমস্যা আৰু ৰাজনৈতিক সচেতনতাই ইয়াৰ মূল কাৰণ। আঞ্চলিক ৰাজনৈতিক দলসমূহৰ কিছুমান বৈশিষ্ট্য আছে। এইবোৰ তলত আলোচনা কৰা হ’ল—

১। আঞ্চলিক ৰাজনৈতিক দলবোৰে নিজৰ অঞ্চলৰ সামাজিক অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক সমস্যাৰ লগত হে জড়িত থাকে। আঞ্চলিক দলসমূহ অনেক সময়ত ধৰ্মীয় কাৰণতো সুকীয়া ৰাজনৈতিক অস্তিত্বৰ স্বাৰ্থত গঢ়ি উঠা দেখা যায়

২। আঞ্চলিক ৰাজনৈতিক দলবোৰৰ সদস্যসকল এটা সীমিত অঞ্চলৰ লোকৰ মাজতে আবদ্ধ থাকে। এটা নিৰ্দিষ্ট সীমা ৰেখাৰ মাজৰ একোটা অঞ্চলৰ সমস্যাৰ লগতহে জড়িত আৰু সেই সমস্যা সমাধানৰ বাবেহেই গঢ়ি উঠে। ই কোনো সৰ্বভাৰতীয় সমস্যাৰ লগত জড়িত নাথাকে।

৩। এই দলসমূহে সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ কাৰ্যকলাপৰ সমালোচনা কৰে। এই দলবোৰ কেন্দ্ৰৰ চৰকাৰৰ প্রতি সহানুভূতিশীল নহয়।

৪। আঞ্চলিক দলবোৰ ৰাজ্য চৰকাৰসমূহক অধিক ক্ষমতা প্ৰদানৰ পক্ষপাতী কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰৰ সাংবিধানিক ক্ষমতা বিতৰণৰ নীতিসমূহ পুনৰ বিচাৰ কৰি সাংবিধান সংশোধনৰ দাবী উত্থাপন কৰাৰ পক্ষপাতী।

৫। আঞ্চলিক দলসমূহে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ অবজ্ঞাসূচক বা আওকণীয়া মনোভাবৰ সমালোচনা কৰে আৰু মনোভাৱৰ প্ৰতি সদায় সজাগ সচেতন হৈ থাকে।

৬। আঞ্চলিক ৰাজনৈতিক দলসমূহে ৰাষ্ট্ৰীয় সমস্যাতকৈ স্থানীয় বা আঞ্চলিক সমস্যাৰাজিৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে। ৭। এই দলবোৰ নিজৰ নিজৰ অঞ্চলৰ জনপ্ৰিয় হৈ উঠি তৃণমূল পৰ্যায়ত বেছি শক্তিশালী হৈ উঠে। স্থানীয় জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ বৰ বেছি হোৱা দেখা যায়।

৮। আঞ্চলিক দলসমূহ অনেক ক্ষেত্ৰতে সাম্প্রদায়িক, এনেকি ধৰ্মীয়ভাৱৰ বশৱৰ্তী হৈ অতি সংকীৰ্ণ মনোভাৱৰ পৰিচায়ক হৈ পৰাও দেখা যায়।

৯। বহুতো আঞ্চলিক দলৰ নীতি – নিয়মবোৰ কিছুমান আবেগিক কাৰণতে বান্ধিলোৱা হয় বাবে প্ৰকৃত ৰাজনৈতিক লক্ষ্যত উপনীত হ’ব নোৱাৰে। এনে দলবোৰত সুদক্ষ ৰাজনৈতিক নেতাৰ অভাৱ দেখা যায়।

স্বাধীনতাৰ পাছত অসমৰ ৰাজনীতিতে সময়ে সময়ে বহুতো আঞ্চলিক ৰাজনৈতিক দল গঢ়ি উঠা দেখা যায়। স্বাধীনতাৰ পাছত সৰ্বসাধাৰণ প্ৰজাই অবাধ ৰাজনৈতিক স্বাধীনতা লাভ কৰাৰ ফলত সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ অৰ্থনৈতিক সমস্যাৰ প্ৰতি সজাগ সচেতন হৈ পৰে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞা আৰু বঞ্চনাৰ মনোভাৱত বহুতো অঞ্চলত অৰ্থাৎ ৰাজ্যত অনেক আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে। বৰ্তমান অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত ৰাজনৈতিক মনোভাৱ তীব্ৰ হৈ আঞ্চলিকতাবাদী মনোভাৱ গঢ়ি উঠা দেখা গৈছে। এই জনগোষ্ঠীবোৰৰ ভিতৰত কোকৰাঝাৰ অঞ্চলত বড়োসকলে কাৰ্বিআংলং অঞ্চলত কাৰ্বিসকলে ইতিমধ্যে PTC,ASDC আদিৰ নিচিনা সৰু সৰু ৰাজনৈতিক দল গঠন কৰিছে। মেঘালয়ৰ খাছীয়াসকলে, লুচাই পাহাৰৰ মিজোসকলে, অৰুণাচলৰ জনজাতিবোৰে ইতিমধ্যে অসম ৰাজ্যৰ পৰা ফালৰি কাটি গৈ নতুন নতুন ৰাজ্য গঠন কৰিবলৈ সক্ষম হৈছে।

8. ভাৰতত ৰাষ্ট্ৰীয় সংহতিৰ সমস্যা হিচাপে ভাষাবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ চমুকৈ আলোচনা কৰা।
নাইবাঃ সাম্প্ৰদায়িকতাবাদৰ ধাৰণাটো অতি বিপদজনক মন্তব্য দিয়া।
উত্তৰঃ (ক) ভাষাবাদ :- ভাৰত এখন বহু ভাষা – ভাষী লোকৰ দেশ। ভাষাৰ “ বৈচিত্র্যতা আৰু ঐক্য ভাৰতৰ সংস্কৃতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। ই এক উমৈহতীয়া পৰিচয়ৰ উপৰি সংঘৰ্ষৰৰ প্ৰতীক। ভাৰতীয় সংবিধানে ১৮(ওঠটা) ভাষাক স্বীকৃতি দিছে। এটা সময়ত ভাষাৰ ভিত্তিতে ৰাজ্যসমূহক ভাগ কৰা হৈছিল। ভাৰতত মুঠতে ১৭৯ টা ভাষা আছে। ইয়াৰ উপৰি ৫৪৪ টা দোৱান আছে। এই ভাষা আৰু দোৱানবোৰ তিনিটা ভাষিক পৰিয়ালত ভাগ কৰা হৈছে—
১। ইণ্ডো – এৰিয়ান।
২। দ্রাবিড়ীয়ান। আৰু
৩। মুণ্ডাৰী।

১। ইণ্ডো – এৰিয়ান পৰিয়ালত থকা ভাষাবোৰ হ’ল— সংস্কৃত, হিন্দী, অসমীয়া, বঙালী, উড়িয়া, মাৰাঠী, গুজৰাটী, পাঞ্জাবী, উর্দু আদি উত্তৰ ভাৰতীয় ভাষাবোৰ।

২। দ্ৰাবিড়ীয়ান পৰিয়ালৰ ভাষাবোৰ হ’ল— তামিল, তেলেগু, কানাড়া আৰু মালায়ালম।

৩। মুণ্ডাৰী পৰিয়ালৰ ভাষাবোৰ সাধাৰণতে জনজাতীয় সম্প্ৰদায়ৰ লোকৰ মাজত দেৱান হিচাপে পোৱা যায়। মধ্যযুগত অৱশ্যে পাৰ্চীয়ান, আৰবী আৰু উৰ্দু কিছু জনপ্ৰিয় হৈ পৰিছিল। উৰ্দু আৰু হিন্দী ভাষাৰ মিশ্রিত ভাষাক ভাৰতত হিন্দুস্থানী ভাষা বুলি জনা যায়। স্বাধীনতাৰ পিছত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।

দাক্ষিণাত্যৰ ক্ষেত্ৰত ইংৰাজী ভাষাকো আনুষংগিক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। ভাষা ভাৰতীয়সকলৰ মাজত বৈচিত্ৰ্যতা আৰু বিচ্ছিন্নতাৰ এটা উল্লেখযোগ্য উপাদান। ভাষাগত বিচ্ছিন্নতাবাদ ভাৰতীয়সকলৰ মাজত এটা শক্তিশালী আৰু আবেগিক মনোভাব। বিভিন্ন ভাষাগোষ্ঠী লোকৰ মাজত ৰাজনৈতিক কাৰণতে নানা সংঘাতৰ সৃষ্টি হোৱা দেখা যায়। ভাষাৰ ক্ষেত্ৰত সাধাৰণতে তিনিটা কাৰণত সংঘাত হোৱা দেখা যায়—

১। ৰাষ্ট্ৰীয় বা ৰাজ্যিক ভাষা কৰাৰ ক্ষেত্ৰত।

২। ভাষিক ভিত্তিত বাজ্যৰ পুনৰ গঠন কৰাৰ দাবীত।

৩। কোনো অঞ্চল বা ৰাজ্যত সংখ্যালঘুৰ ভাষাক প্রস্থিতি দানৰ ক্ষেত্ৰত।

আমি বেছিভাগ লোকেই নিজৰ ভাষাটোক ভাল বুলি ভান কৰোঁ বহুতো ক্ষেত্ৰত আনৰ ভাষাৰ প্ৰতি সহনশীলতাৰ মনোভাব পোষণ কৰিব নোৱাৰো। আমি জনা উচিত ভাষা মানুহৰ মনৰ ভাব প্ৰকাশৰ এটা মাধ্যমহে। সকলো মানুহৰে মনৰ ভাব নিজৰ ভাষাৰে প্ৰকাশ কৰাৰ জন্মগত স্বাধীনতা আছে। ভাষাক এটা বিবাদৰ বিষয় কৰা উচিত নহয়। ভাষাগত ঐক্যৰ যোগেদি আমি ভাৰতীয়সকলে ৰাষ্ট্ৰীয় সংহতিৰ গুৰি টনকিয়াল কৰিবলৈ চেষ্টা কৰা উচিত।

(খ) সাম্প্রদায়িকতা :- ভাৰতবৰ্ষত বিভিন্ন সম্প্ৰদায়ৰ লোক বসবাস কৰে। এই সম্প্রদায়সমূহ প্ৰধানকৈ ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে গঢ়ি উঠা দেখা যায়। সাধাৰণতে একে জাতীয় সমাজতহে ধর্মই এক অখণ্ড ঐক্যৰ পৰিৱেশ গঢ়ি তুলিব পাৰে কিন্তু বহু জাতীয়, বহু ধর্মীয় সমাজত বিশেষকৈ ভাৰতৰ নিচিনা বিশাল – বিচিত্ৰ দেশত ধর্ম এক বিবাদৰ বিষয়হে হোৱাৰ সম্ভাৱনা বেছি দেখা যায়। পৰম্পৰাগতভাৱে ভাৰতত বিভিন্ন ধৰ্মৰ লোকে কম বেছি পৰিমাণে শান্তিপূর্ণভাৱেই চলি আহিছে যদিও বৰ্তমান সাম্প্রদায়িক ঐক্য বিঘ্নিত হৈছে।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তে ইংৰাজ শাসকৰ বিভেদকামী নীতিয়ে ভাৰতত সাম্প্রদায়িক বিভেদৰ বীজ সিচি দি ভাৰতবাসীৰ মাজত সাম্প্রদায়িক বিদ্বেষ হিন্দু আৰু মুছলমানৰ মাজত গাঢ় কৰি তোলে। এই সাম্প্রদায়িকতাৰ বিদ্বেষতে অবশেষত ভাৰত বিভাজিত হৈ ভাৰত আৰু পাকিস্তান সৃষ্টি হৈছিল। এনেকি স্বাধীনতাৰ পিছতো সাম্প্রদায়িক সমস্যাই সময়ে সময়ে মূৰ দাঙি উঠা দেখা যায়। সাম্প্রদায়িকতাৰ মনোভাব গঢ়ি তোলে আৰু ইয়াৰ ফলতে মৌলবাদী চিন্তাধাৰাও গঢ়ি উঠে। গোড়া মনোভাৱে সাম্প্ৰদায়িক সংঘৰ্ষৰ ভাব সৃষ্টি কৰে। ভাৰতত বৰ্তমান সাম্প্রদায়িকতাৰ ভিত্তিতে ৰাজনৈতিক দলত গঢ়ি উঠিছে। সেইবাবেই সময়ে সময়ে বিভিন্ন কাৰণত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা দেখা যায়। ইয়াৰ ফলতে আমাৰ দেশত সামাজিক আৰু অর্থনৈতিক দিশত বিস্তৰ ক্ষতি সাধন হৈছে। ভাৰতৰ সকলো সম্প্ৰদায়ৰ ভাৰতবাসীয়ে সহনশীলভাৱে মিলা – প্ৰীতিৰে থাকিলেহে ভাৰতৰ সৰ্বাংগীন উন্নতি হ’ব। স্বাধীন ভাৰতক উন্নতিৰ পথত আগবঢ়াই নিবলৈ আমাৰ মাজত থকা সাম্প্রদায়িক বিভেদ পাহৰি, ঐক্যবদ্ধভাৱে নতুন এখন ভাৰত গঢ়িবলৈ আগবাঢ়ি যাব লাগিব।

9. অনৈক্যৰ মাজত ঐক্য ই হ’ল ভাৰতীয় সমাজৰ মূল বৈশিষ্ট্য— উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰত এখন বিশাল দেশ। ইয়াৰ বিভিন্ন অঞ্চলৰ জলবায়ু, উচ্চতা তাপমাত্রা প্রভৃতি বেলেগ বেলেগ। বিভিন্ন জাতি – উপজাতি লগ লাগি ভাৰতবাসী গঠিত হৈছে। প্ৰতিটো সম্প্ৰদায়ৰ লোকৰ শাৰীৰিক গঠন সুকীয়া বিভিন্ন অঞ্চলৰ পোছাক – পৰিচ্ছদ, আচাৰ – ব্যৱহাৰ আদিও বেলেগ বেলেগ। ভাৰতত প্ৰায় সকলো ধৰ্মাৱলম্বী লোকেই বাস কৰে। হিন্দু, মুছলমান, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান প্রভৃতি সকলো ধৰ্মৰ লোকে ভাৰতত বাস কৰে।

ভাৰতত বিভিন্ন ভাষা – ভাষী লোকে বাস কৰে। ১৪ টা সংবিধান স্বীকৃত ভাষাৰ উপৰি আৰু বহুতো আঞ্চলিক ভাষা ভাৰতত প্ৰচলিত হৈ আছে। ভাৰতত বিভিন্ন অঞ্চলত উদ্ভিদ আৰু জীৱ জন্তুৰ ক্ষেত্ৰতো বিভিন্ন বিচিত্রতা দেখিবলৈ পোৱা যায়। কিন্তু ইমানবিলাক বিচিত্ৰতা আৰু বিভিন্নতাৰ মাজতো সমগ্র ভাৰতবাসীক এক উমৈহতীয়া সংস্কৃতিৰ দোলে একত্ৰিত কৰি ৰাখিছে। প্রাচীন কালৰে পৰা ভাৰতত এই ঐক্য আৰু সংহতিৰ ভাব বিৰাজ কৰি আহিছে। আদিম অধিবাসীসকলেই ভাৰতীয় সংস্কৃতিৰ মূল ভেঁটি স্থাপন কৰিছিল। এই ভেটিত আৰ্যসকলে আৰু পিছলৈ মোগলসলে নতুন নতুন উপাদান সংযোগ কৰিছে। কিন্তু ভাৰতলৈ যিয়েই স্থায়ীভাৱে বাস কৰিবলৈ আহিছে তাৰেই স্বকীয়তা বিশাল ভাৰতীয় সংস্কৃতিত বিলীন হৈ গৈছে। ভাৰতীয় সংস্কৃতি যেনিবা এখন সাগৰহে তাত সংস্কৃতিৰ নানা নৈ পৰি নিজৰ স্বকীয় অস্তিত্ব বিলীন কৰিছে। অতীজৰে পৰা হিমালয়ৰ পৰা কন্যাকুমাৰিকা অন্তৰীপ আৰু কচ্ছৰ বাণ অঞ্চলৰ পৰা অসমলৈ ব্যাপি থকা অঞ্চলটো ভাৰতবৰ্ষ ‘ নামে জনাজাত। তাৰো আগতে ইয়াৰ পুৰণি নাম আছিল ‘জম্বুদ্বীপ’। এটা নামেৰে এই বৈচিত্র্যপূর্ণ অঞ্চলবোৰক সাঙুৰি লোৱাটোৱেই ভৌগোলিক একাত্মবোধ প্রকাশ কৰিছে। বৈচিত্র্যময় ভাৰতৰ বিভিন্ন দিশৰ অনৈক্যৰ মাজত একতা তলত সুকীয়াকৈ আলোচনা কৰা হ’ল—

১। ভৌগোলিক অৱস্থান :- কোনো এখন দেশৰ ভৌগোলিক অৱস্থানে বাসিন্দাসকলৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে। ভাৰতৰ ভৌগোলিক অৱস্থানৰ বিচিত্ৰতাই বিভিন্ন অঞ্চলৰ ভাৰতবাসীৰ মাজতো বৈচিত্র্যময় জীৱন প্ৰতিফলিত কৰিছে। সেইবাবেই ভাৰতবাসীৰ জীৱন নিৰ্বাহৰ প্ৰণালী, সাজ – পোছাক, খোৱা – বোৱা, ঘৰ – দুৱাৰ, জীৱিকাৰ উপায় আদি সকলো দিশতে বিভিন্নতা দেখা যায়। এই বৈচিত্র্যতাসমূহ থকা সত্ত্বেও ৰাষ্ট্ৰীয় সংকটৰ সময়ত সকলো ভাৰতবাসীয়ে একগোট হৈ এক পৰিয়ালৰ দৰে থিয় দিয়া দেখা যায়। চীন ভাৰত যুদ্ধৰ সময়ত বা ভাৰত – পাকিস্তানৰ বিবাদৰ সময়ত সকলো ভাৰতবাসী একত্রিত হৈ সহায়ৰ হাত আগবঢ়াইছিল।

২। ঐতিহাসিক :- ভাৰতীয় সংস্কৃতিয়ে এটা যুগতে বৰ্তমানৰ অৱস্থা পোৱা নাই। সুদূৰ অতীতৰে পৰা বিভিন্ন জনগোষ্ঠীৰ লোকৰ ভাৰতলৈ প্ৰব্ৰজন ঘটি আহিছে। আদিম অধিবাসীসকলেই ভাৰতীয় সংস্কৃতিৰ মূল ভেঁটি স্থাপন কৰিছিল। এই ভেটিত আৰ্যসকলে আৰু পাছলৈ শক, হুন, গ্রীক, মোগলসকলে নতুন নতুন উপাদান সংযোগ কৰিছে। কিন্তু এই সকলোবোৰ জাতিৰে স্বকীয়তা বিশাল ভাৰতীয় সংস্কৃতিত বিলীন হৈ গৈছে আৰু বৈদেশিক আদান – প্রদানে ভাৰতীয় সংস্কৃতিৰ যথেষ্ট অৰিহণা যোগাইছে। সৰ্বশেষত ইংৰাজসকলে পশ্চিমীয়া সমাজৰ লগত ভাৰতীয় সমাজৰ যথেষ্ট সমন্বয় ঘটায়, পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱে ভাৰতৰ এক আমূল পৰিৱৰ্তন আনে। ভাৰতীয় সংস্কৃতি যেনিবা এখন সাগৰহে তাত সংস্কৃতিৰ নানা নৈ পৰি নিজৰ স্বকীয় অস্তিত্ব বিলীন কৰিছে।

৩। ধর্মীয় বিচিত্ৰতা আৰু ঐক্য :- ভাৰতবৰ্ষ এখন বিভিন্ন ধর্মাবলম্বীলোকৰ দেশ। ইয়াত পৃথিৱীৰ প্ৰায় সকলো ধৰ্মাৱলম্বী লোকেই বাস কৰে। হিন্দু, মুছলমান, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান আদি সকলো ধৰ্মৰ লোক ভাৰতত আছে। প্ৰতিটো ধৰ্মৰে ধৰ্মীয় আচৰণ সুকীয়া হ’লেও, বিভিন্ন ধর্মাবলম্বী লোকৰ মাজত ঐক্য – সম্প্রীতি বৰ্তি আছে। সকলো ধৰ্মৰ লোকে প্ৰদৰ্শন কৰা, সহ – অৱস্থান আৰু সহনশীলতাৰ দ্বাৰা ভাৰতবাসীৰ মাজত ঐক্য – সম্প্ৰীতিৰ বান্ধোন আজিও অটুট আছে। স্বাধীন ভাৰতৰ সংবিধানত ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। ভাৰতত সকলো ধৰ্মৰে সমান মর্যাদা, সমান অধিকাৰ আছে। ভাৰতবাসীয়ে নিজৰ ইচ্ছা, ৰুচি – অভিৰুচি অনুযায়ী যিকোনো ধর্মকে গ্রহণ কৰিব পাৰে। বিভিন্ন ধৰ্মৰ মূল বাণীসমূহ মনোমোহা লোকগীত হিচাপে জাতি ধর্ম নির্বিশেষে সকলোৱে উপভোগ কৰে। তীৰ্থ – ভ্ৰমণৰ বাবে দেশৰ বিভিন্ন ঠাইলৈ যোৱা যাত্রীসকলক সকলো ধৰ্মৰে মানুহে সমাদৰ কৰে। এই আদৰ্শতে ভাৰতীয় ঐক্যৰ ভেটি স্থাপিত হৈছে।

৪। ৰাজনৈতিক বিচিত্ৰতা আৰু ঐক্য প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন অঞ্চল বিভিন্ন ৰজা :- মহাৰজাই শাসন কৰি আহিছে। বিভিন্ন জাতি – উপজাতিৰ শাসনকৰ্তাই শাসন কৰি আহিছে যদিও এইসকলৰ মাজত ৰাজনৈতিক সংঘৰ্ষ আৰু বিভাজন মধ্যযুগলৈকে প্রকট আছিল। প্রাচীন কালৰে পৰা ৰাজনৈতিক ঐক্য স্থাপনৰ কাৰণে হিন্দু ৰজা – মহাৰজাসকলে সময়ে সময়ে চেষ্টা কৰি আহিছিল। বৈদিক যুগৰ অধিৰজা, ৰাজাধিৰাজ, সম্রাট আদি শব্দৰ প্ৰয়োগে অতীজ ভাৰতত যে ৰাজনৈতিক একতা স্থাপনৰ প্ৰচেষ্টা চলিছিল এইটোৱে সূচায়। অশ্বমেধ যজ্ঞ · বাজসূয় যজ্ঞ সমাপন কৰি অতীজৰ ৰজা মহাৰজাসকলে মহাৰ জাধিৰাজ ‘ আদি উপাধি গ্রহণৰ যোগেদিও ৰাজনৈতিক ঐক্য স্থাপনত গুৰুত্ব দিছিল। এই ক্ষেত্ৰত সম্ৰাট সমুদ্রগুপ্ত আৰু আকবৰৰ নাম উল্লেখ কৰিব পাৰি। শেষত ইংৰাজসকলে যেতিয়া ভাৰতৰ বেছিভাগ অঞ্চলকে নিজৰ দখললৈ আনিছিল তেতিয়া ভাৰতৰ ৰাজনৈতিক ঐক্য প্ৰায় স্থাপিত হৈছিল বুলি কব পাৰি। সৰ্বশেষত ‘ সমগ্ৰ ভাৰতবৰ্ষত সম্পূৰ্ণ ৰাজনৈতিক ঐক্য স্থাপিত হৈছিল বৃটিছ শাসনৰ নিৰ্মম ‘ শোষণ আৰু আঘাত প্ৰতিবাদত হোৱা স্বাধীনতা সংগ্ৰাম। দ্বাৰাহে যি সংগ্রামে ভাৰতক এখন সাৰ্বভৌম ৰাষ্ট্ৰত পৰিণত কৰছিল। যাৰফলত সমগ্ৰ দেশৰ জনসাধাৰণে আজি সমানে ৰাজনৈতিক অধিকাৰ উপভোগ কৰিছে।

৫। আর্থিক বিচিত্ৰতা আৰু ঐক্য :- ভৌগোলিক অৱস্থানৰ বৈচিত্ৰ্যতাৰ বাবে, জলবায়ু আৰু মাটি উৰ্বৰতাৰ তাৰতম্যৰ বাবে ভাৰতৰ সকলো ঠাইৰ উৎপাদন ক্ষমতা একে নহয়। উৎপাদনৰ প্ৰণালী, জীৱিকা নিৰ্বাহৰ উপায় আৰু শিল্পোদ্যোগত তাৰতম্য দেখা যায়। ভাৰতৰ বিভিন্ন অঞ্চল অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল নহয়। এটা অঞ্চলে বিভিন্ন বস্তুৰ বাবে আন এটা অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেইবাবে ভাৰতবাসীৰ মাজত পৰম্পৰ নিৰ্ভৰশীলতাৰ নিদৰ্শন অতীত কালৰে পৰা চলি আহিছে। এই অর্থনৈতিক নিৰ্ভৰশীলতাই ভাৰতীয় ঐক্য আৰু সম্প্রীতি অটুট ৰখাত যথেষ্ট অৰিহণা যোগাই আহিছে।

৬। সাংস্কৃতিক বিচিত্ৰতা আৰু ঐক্য :- ভাৰতীয় সংস্কৃতি বিভিন্নতা আৰু বিচিত্ৰতাৰ এক উজুল চানেকি। অতীত কালৰে পৰা ভাৰতলৈ অহা বিভিন্ন জাতি – উপজাতিবোৰৰ সাংস্কৃতিক উপাদানবোৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে। প্রাচীন কালৰে পৰা বিৰাজ কৰি থকা হিন্দুধৰ্মই পাছত ভাৰতলৈ অহা আন ধৰ্মৰ প্ৰতি কেতিয়াও অসহিষ্ণু ভাৱ দেখুওৱা নাই বৰং সেইবোৰক সহনশীলতা আৰু উদাৰ দৃষ্টিভংগীৰে সন্মানহে জনাই আহিছে।

ভাৰতীয় সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল এই যে অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া ৰূপ আছে। কিন্তু সকলো অঞ্চলৰ লোকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্য বিৰাজ কৰি আছে। বিচিত্ৰতাবোৰক পৰিহাৰ কৰাৰ প্রয়োজন হোৱা নাই। ভাৰতীয় সংস্কৃতিয়ে নিজৰ অন্তৰ্নিহিত উপাদানবোৰৰ লগতে আন দেশৰ সংস্কৃতিৰ উপাদানসমূহ সামৰি লৈ বৰ্তমান অৱস্থাত উপনীত হৈছে।

ওপৰৰ আলোচনাটিৰ পৰা এইটো প্ৰতিপন্ন হয় যে ভাৰতৰ বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতে ঐক্য সম্প্ৰীতি ভাৱ অতীত কালৰে পৰা অটুট আছে। সকলো দিশতে বিচিত্রতা থাকিলেও দৃঢ় ঐক্য গঢ়ি উঠিছে। দেশৰ আৰু ৰাষ্ট্ৰীয় ঐক্যৰ সংকট মুহূৰ্তত সমগ্ৰ ভাৰতবাসী। এক হৈ থিয় দিয়া নিদর্শনে বৃহৎ সংহতি আৰু ঐক্যৰ পৰিচায়ক।

Leave a Comment

error: Content is protected !!
Scroll to Top