সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি | Chapter 5 | Class 12 Sociology - AHSEC

সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি | Chapter 5 | Class 12 Sociology – AHSEC

সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি | Chapter 5 | Class 12 Soc।ology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি | Class 12 Soc।ology Quest।on and Answer | Assam Class 12 Soc।ology Solut।ons | AHSEC Class 12 HS Soc।ology Chapter 5 Notes | AHSEC Class 12 HS Soc।ology Chapter 5 Quest।on and Answer | Quest।ons and Answers for Class 12 Soc।ology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি | HS Soc।ology Quest।ons and Answers Assam | HS 2nd Year সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি Soc।ology Quest।on and Answer | Assam Board Class 12 Soc।ology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি


সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

প্রথম খণ্ড: পাঠ: ৫

অতি চমু প্রশ্নোত্তৰ

1. ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি কোন আছিল?
উত্তৰঃ ড° বি.আৰ.আম্বেদকাৰ।

2. ভাৰতত হোৱা এটা পাৰিপাৰ্ষিক আন্দোলনৰ উদাহৰণ দিয়া।
উত্তৰঃ চিকো আন্দোলন।

3. গ্রাম্য অৰ্থনীতিৰ মূল আধাৰ কি?
উত্তৰঃ গ্ৰাম্য অৰ্থনীতিৰ মূল আধাৰ হ’ল— কৃষি উদ্যোগ।

4. ‘সংস্কৃতকৰণ’ অবধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ এম, এন, শ্রীনিবাসনে।

5. দলিত শব্দটোৰ উদ্ভাৱক ড° আম্বেদকাৰ। (সত্য নে অসত্য)
উত্তৰঃ সত্য।

6. টোটেম (Totem) কি?
উত্তৰঃ বহুতো জনজাতীয় লোকে বিশ্বাস কৰে যে তেওঁলোক জীবজন্তু বা আন প্ৰাণীৰ পৰা উৎপত্তি হোৱা বুলি ভাবে। আন কিছুমানে ভাবে বা বিশ্বাস কৰে যে তেওঁলোক গছ-গছনিৰ পৰাহে উৎপত্তি হৈছে। গতিকে যি জনজাতিয়ে যিটো বস্তুৰ পৰা উৎপত্তি হৈছে বুলি বিশ্বাস কৰে সেই নিৰ্দিষ্ট বস্তুটোক নিজৰ ধৰ্মৰ প্ৰতীক হিচাবে পূজা পাতল কৰে। ইয়াকে টোটেম বা প্রতীক পূজাবাদ (totemism) বোলে।

7. ব্রাহ্ম সমাজ কোনে – প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়ে ১৮২৮ চনত ব্ৰাহ্ম সমাজ প্রতিষ্ঠা কৰিছিল।

8. কিহৰ ভিত্তিত এজন ব্যক্তিৰ জাতি নিৰ্ণয় কৰা হয়।
উত্তৰঃ এজন ব্যক্তিৰ জন্মসূত্ৰে জাতি নিৰ্ণয় কৰা হয়।

9. সামাজিক সংস্থাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ উদাহৰণ –পৰিয়াল।

10. হৰিজন শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে।

11. ভাৰতত হোৱা দুটা জাতিভিত্তিক আন্দোলনৰ নাম লিখা।
উত্তৰঃ ভাৰতত হোৱা দুটা জাতিভিত্তিক আন্দোলনৰ নাম—
১। অসমৰ ভাষা আন্দোলন।
২। পাঞ্জাৱীসকলৰ খালীস্তানৰ আন্দোলন।

চমু প্রশ্নোত্তৰ

1. যৌতুক প্রথা কিদৰে উৎপত্তি হৈছিল?
উত্তৰঃ সমাজত উচ্চ জাতি লোকে সদায়ে নিজৰ কন্যাক উচ্চ জাতিৰ লোকক বিয়া দিব বিচাৰে আৰু উচ্চ জাতৰ ল’ৰাক বহুত টকা বা যৌতুক দি হলেও নিজৰ ছোৱালী উচ্চ জাতৰ ল’ৰাক বিয়া দিয়ে। উচ্চ জাতিৰ ল’ৰাই সমাজত নিজৰ দাম বঢ়াৰলৈ গৈ এই প্ৰথা সৃষ্টি কৰে। উচ্চ জাতিয়ে নিম্ন জাতত বিয়া দিয়াটো সন্মান হানি হোৱা কথা। সেইকাৰণে ধন সম্পদ দি হলেও ছোৱালীক বিয়া দিছিল গতিকে উচ্চ জাতৰ এই মনোভাবক পাছলৈ যৌতুক বা গাধন আদি প্ৰথাৰ সৃষ্টি হ’ল।

2. যৌতুক নিষিদ্ধ আইন ১৯৮৬ ৰ চৰ্তাৱলী কি?
উত্তৰঃ সমাজত যৌতুক প্ৰথাৰ বিভিন্ন কু-ফলাফলৰ বাবে সমাজত নানা ব্যভিচাৰ প্ৰচলন হোৱা বাবে চৰকাৰে প্ৰথমে ১৯৬১চনত প্ৰথমে এখন আইন প্রণয়ন কৰিছিল যদিও তাত বহুতো ত্ৰুটি ৰৈ যোৱাত পুনৰ ১৯৮৬ চনত আন এখন আইন প্ৰণয়ন কৰি এই প্ৰথাক নিষিদ্ধ কৰা হয়। এই আইনৰ চৰ্ত মতে যি লোকে বৈবাহিক কাৰ্যৰ বাবে যৌতুক বিচাৰে নাইবা যিলোকে যৌতুক দিবলৈ মান্তি হয় তেনে লোকক ৫ বছৰলৈ কাৰাদণ্ড নাইবা ১৫ হেজাৰ টকা জৰিমনা কৰা হ’ব নাইবা দুয়োটা শাক্তিকে প্ৰদান কৰা হ’ব।

3. চাদা (Sharda) বিধেয়ক কি?
উত্তৰঃ চাদা বিল বা বিধেয়ক এখন বাল্য বিবাহ নিষিদ্ধ কৰা বিধেয়ক। এই বিধেয়কখন ১৯২৯ চনতে গৃহিত কৰা হৈছিল। এই আইন খনৰ দ্বাৰা ভাৰতত বাল্য বিবাহ নিষিদ্ধ কৰা হৈছিল। এই আইন মতে বিবাহ যোগ্য বয়স ছোৱালীৰ বাবে ১৪ বছৰ আৰু লৰাৰ বাবে ১৮ বছৰ নিম্নতম ধাৰ্য কৰা হৈছিল।

4. মহিলাৰ বিৰুদ্ধে সংঘটিত কেইটামান অপৰাধ উল্লেখ কৰা।
উত্তৰঃ মহিলাৰ বিৰুদ্ধে শাৰীৰিক অত্যাচাৰ, যৌতুক, ধৰ্ষণ, স্ত্ৰীৰ ওপৰত দমন, অত্যাচাৰ, হত্যা, বিক্ৰীকৰণ আদি অমানুষিক কার্য চলি আহি আছে। কিছুমানৰ বাবে মহিলাসকল পণ্য দ্ৰব্যত পৰিণত হৈছে।

5. জনসংখ্যা বৃদ্ধিৰ যিকোনো দুটা কুফল লিখা।
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ কুফল দুটা হ’ল—
১। মূলধন সঞ্চয় নহয়।
২। জনসাধাৰণৰ জীৱনধাৰণৰ মান অৱনমিত হয়।

6. হৰিজনসকলক কিদৰে উন্নীত কৰিব পৰা যাব?
উত্তৰঃ ১। জাতি ব্যৱস্থা সমাজৰ পৰা লোপ কৰিব লাগিব।
২। নিম্ন পৰ্যায়ৰ বৃত্তিবোৰ লোপ কৰি তাৰ মান উন্নত কৰিব লাগিব।
৩। অস্পৃশ্যতা সমাজৰ পৰা সমূলি নাইকিয়া কৰিব লাগিব।
৪। হৰিজনসকলৰ মাজত শিক্ষাৰ প্ৰসাৰণ হ’ব লাগিব।

7. সংস্কাৰ আন্দোলন বুলিলে কি বুজা?
উত্তৰঃ সমাজৰ পৰা কুসংস্কাৰ, কু প্রথা, অন্ধবিশ্বাস আঁতৰাই নিম্নশ্রেণী নিম্ন জাতি মানুহৰ উন্নতি সাধন কৰিবলৈ সমাজৰ নাৰী জাতিক শিক্ষা – দীক্ষা আৰু দমন নীতিৰ পৰা মুক্ত কৰিবলৈ সমাজত আন্দোলন গঢ়ি তুলিবলৈ কৰা চেষ্টাকে সংস্কাৰ আন্দোলন বোলে।

8. কিদৰে হৰিজন সকলৰ শিক্ষা দীক্ষা লবৰ বাবে আকৃষ্ট কৰিব পৰা যাব?
উত্তৰঃ সমাজত হৰিজন সকলক উন্নত কৰিবলৈ শিক্ষা দিবৰ বাৰে তলত দিয়া উপায় অবলম্বন কৰিব পৰা যায়—
১। হৰিজনসকলৰ ল’ৰা – ছোৱালীক বিনামূলীয়া শিক্ষা দিব লাগে।
২। তেওঁলোকৰ মেধাৱী ছাত্ৰক বৃত্তি বা স্কোলাৰশ্বিপ দি বৰদি স্কুলত ৰাখি ভাল শিক্ষা দীক্ষা দিব লাগে।
৩। তেনে ছাত্র – ছাত্ৰীক সাজ – পাৰ কিতাপ কাগজ বিনামূলীয়াকৈ দিব লাগে।
৪। হৰিজনসকলৰ ল’ৰা – ছোৱালী যাতে সৰুতে বিয়া নিদিয়ে বা কামকাজত নিযুক্ত নকৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে।

9. সমাজত পিছ পৰা শ্ৰেণী কি ভিত্তিত নিৰ্ধাৰণ কৰা উচিত?
উত্তৰঃ পিছপৰা শ্ৰেণী জাতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা উচিত নহয়। আর্থিক বা ধন – সম্পদৰ ওপৰত নিৰ্ভৰ কৰিহে পিছপৰা শ্রেণী নিৰ্ধাৰণ কৰা উচিত। কাৰণ সকলো জাতিৰে সম্পদশালী লোক থাকে। ধন সম্পদহে পিছপৰা শ্ৰেণীৰ ভিত্তি হোৱা উচিত।

10. ভাৰতীয় মহিলাৰ ওপৰত পাশ্চাত্য সংস্কৃতিৰ প্রভাব কেনে আছিল?
উত্তৰঃ ভাৰতীয় মহিলাসকল পাশ্চাত্য সংস্কৃতিৰ প্ৰতি বৰ সজাগ সচেতন আছিল। বৈদিক যুগৰ মহিলা এনেকি মধ্যযুগতো মহিলাই পৰিয়ালক লৈয়ে ঘৰৰ চাৰিবেৰৰ মাজতে দিন কটাব লগা হৈছিল, কোনো স্বাধীনতা নাছিল। কিন্তু আধুনিক যুগত বিশেষকৈ স্বাধীনতাৰ পাচত ভাৰতীয় মহিলাই স্বাধীনতা সংগ্রামতো যথেষ্ট অৰিহণা যোগাইছে। শিক্ষা – দীক্ষাৰ ক্ষেত্ৰতো ভাৰতীয় মহিলাই পুৰুষৰ সমানে সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। শিক্ষিত মহিলাই সমাজৰ বহুতো অনাৱশ্যকীয় বাধানিষেধ নেওচি পুৰুষৰ লগত সমানে আগ বাঢ়িছে। এনেকি ৰাজনীতিৰ ক্ষেত্ৰখনতো ভাগ ল’ব পাৰিছে।

11. সামাজিক অসমতা কিদৰে ব্যক্তিগত অসমতাৰ পৰা পৃথক লিখা।
উত্তৰঃ সামাজিক সম্পদবোৰৰ অসমান ওচৰ চপাৰ ধৰণকে সাধাৰণতে সামাজিক অসমতা বুলি জনা যায়। কিছুমান সামাজিক অসমতাই মানুহৰ মাজৰ পাৰ্থক্যবোৰ দেখুৱায় যেনে তেওঁলোকৰ সক্ষমতা আৰু প্ৰচেষ্টাৰ পাৰ্থক্যবোৰ। কিছুমান ঈশ্বৰ প্ৰদত্ত শক্তি আৰু বুদ্ধিমত্তাও আছে। আন কিছুমানে অতি কষ্টকৰ টান কাম কৰিব পাৰিছে। তাৰে ফলস্বৰূপে যথেষ্ট সা সম্পত্তি বা সামাজিক প্ৰস্থিতি অৰ্জন কৰিব পাৰিছে। এইদৰে আমি কব পাৰে যে সামাজিক অসমতাৰ ফলতে মানুহৰ মাজত প্ৰাকৃতিক অসমতা প্ৰতিস্থিত নহয়। বৰং সামাজিক ভাবেই মানুহৰ মাজৰ অসমতা থাকে।

12. জাতিৰ প্ৰতি পক্ষপাতমূলক মনোভাব (Prejud।ce) বুলিলে কি বুজা?
উত্তৰঃ জাতি প্ৰতি থকা পূৰ্বৰ মনোভাবক (prejud।ce) এটা গোটে আন এটা গোটৰ বাবে পূৰ্বৰে পৰা লৈ থকা নেতিবাচক ভাবক বুজায়। এই ভাব বা মত কোনো প্রত্যক্ষ সাক্ষী প্রমাণৰ ওপৰত লোৱা ভাব নহয়। এই ভাব সাধাৰণতে কাৰবাৰ পৰা শুনি বা জানি লোৱা ভাব হে। ইয়াৰ কোনো প্রত্যক্ষ সাক্ষী বা প্রমাণ নাথাকে। এনে মনোভাবৰ কোনো ভিত্তি নাই, এনে মনোভাব সাধাৰণতে নেতিবাচক বিষয়তে ব্যৱহাৰ কৰা হয়।

13. পিছ পৰা শ্ৰেণীটো কি কি বেলেগ নামেৰে জনা যায়? নাইবা, অস্পৃশ্য জাতিৰ লোকসকলক কি কি বেলেগ বেলেগ নামেৰে জনা যায়।
উত্তৰঃ পূৰ্বৰে পৰা পিছপৰা শ্ৰেণীটোক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়।

১। অস্পৃশ্য জাতি :- ইয়াৰ মানে হ’ল স্পৰ্শ কৰাৰো অযোগ্য, অর্থাৎ এই লোকসকলক স্পৰ্শ কৰিলে আন লোক অপবিত্ৰ হৈ পৰে। সেই বাবে এওঁলোকক অস্পৃশ্য নামে জনা যায়।

২। হৰিজন :- পিছপৰা জাতিৰ আন কিছুমান লোকক মহাত্মা গান্ধীয়ে হৰিজন নাম দিয়ে। তেতিয়াৰে পৰা নিম্ন মানৰ কামকাজ কৰা শ্ৰেণীৰ লোকক হৰিজন বুলি জনা যায়। ইয়াৰ উপৰি চণ্ডাল, চমাৰ, মেটৰ, মুচি আদি বুলিহে সাধাৰণ মানুহে জানে। হৰিজনটো তেওঁলোকক সন্মান জনকভাৱে মহাত্মা গান্ধীয়ে হৰিজন নামটো দিছিল।

৩। বাহ্যিক জাতি :- কিছুমান পিছপৰা লোকক ইংৰাজসকলে বাহ্যিক জাতিৰ (Exter।or Castes) লোক বুলি নাম দিছিল। কাৰণ এই লোকসকলে নিজকে হিন্দু জাতিৰ বাহিৰৰ মানুহ বুলিহে চিনাকি দিছিল।

৪। চিদিউল্ড জাতি :- ১৯৩৫ চনত ভাৰত চৰকাৰে পিছপৰা জাতিৰ কিছুমান লোকৰ এখন তালিকা (চিদিউল্ড) কৰিছিল। সেইকাৰণে এই লিষ্টি বা তালিকাভুক্ত লোক সকলক চিদিউল্ড জাতিৰ লোক বা চিদিউল্ড কাষ্টৰ লোক বুলি জনা যায়।

14. সংখ্যা লঘিষ্ঠ গোট মানে কি?
উত্তৰঃ যেতিয়া সমাজত কিছুমান মানুহৰ প্ৰতিনিধিত্ব কম হয়, তেতিয়া তেওঁলোককে সংখ্যা লঘিষ্ঠ বা মাইনৰিটি গোট বুলি জনা যায়। ইয়াৰ অৰ্থ এই যে যেতিয়া মানুহৰ যিকোনো এটা গোর্টত বিশেষকৈ ধৰ্ম আৰু জাতিৰ ভিত্তিত নাইবা ভাষাৰ ভিত্তিত, মুঠ জনসংখ্যাৰ ভিতৰত কম সংখ্যক সদস্য হয় তেতিয়াই সেই গোটৰ লোকক সংখ্যালঘিষ্ঠ গোট বুলি জনা যায়।

15. ভাৰতৰ কেইটামান সংখ্যা লঘিষ্ঠ গোটৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ কেইটামান সংখ্যা লঘিষ্ঠ গোটসমূহ—
১। মুছলিমসকল।
২) শিখসকল।
৩। বুদ্ধিষ্টসকল।
৪। খ্ৰীষ্টিয়ানসকল।
৫। জৈনসকল, ভাৰতৰ সংখ্যালঘিষ্ঠ গোট।

16. ভাৰতত সংখ্যালঘু গোটবোৰে সন্মুখীন হোৱা সমস্যাবোৰ উল্লেখ কৰা।
উত্তৰঃ ভাৰতত সংখ্যালঘু গোটবোৰৰ সমস্যা—
১। সংখ্যালঘু ভাৰতীয়সকলৰ আৱশ্যকীয় শিক্ষাৰ অভাৱ।
২। ভাৰতীয় সংখ্যালঘু সকলৰ মাজত উপযুক্ত নেতাৰ অভাৱ দেখা যায়।
৩। সংখ্যালঘুৰ সদস্যসকলে নিৰাপত্তাহীনতাত আৰু নীচাত্বিকা ভাবত ভোগা দেখা যায়।
৪। সংখ্যালঘুসকল প্ৰায়ে বৰ দুখীয়া, দৰিদ্ৰতাৰ বাবে শিক্ষা দীক্ষাতো আগবাঢ়িব নোৱাৰে।

17. বঞ্চিতৰ গোট বুলিলে কি বুজা? উদাহৰণ দি বুজাই দিয়া।
উত্তৰঃ প্ৰায়বোৰ সমাজতে বিভিন্ন গোট থকা দেখা যায়। সমাজৰ সকলো গোট সমান নহয়। কিছুমান গোট প্রায় বিভিন্ন দিশৰ পৰা বঞ্চিত হৈ থকা দেখা যায়। এইবোৰৰ ভিতৰত কিছুমান আর্থিকভাৱে, কিছুমান সামাজিকভাৱে আৰু কিছুমান ৰাজনৈতিক আৰু শৈক্ষিকভাৱে বঞ্চিত হৈ অহা দেখা যায় ; আন কিছুমান গোট আছে প্রায় সকলো ক্ষেত্ৰতে বঞ্চিত আৰু পিছপৰি আছে। এই সকলো দিশতে বঞ্চিত হৈ অহা গোটকে বঞ্চিত গোট বুলি জনা যায়। এই বঞ্চিত গোটবোৰ হ’ল— অনুসূচীত জাতি, অনুসূচীত জনজাতি মহিলাসকল, আৰু অন্যান্য পিছপৰা শ্ৰেণীবোৰ।

18. জাতি আৰু আৰ্থিক অসমতাৰ মাজত সম্পৰ্ক কি?
উত্তৰঃ আগৰ কালত জাতি আৰু আৰ্থিক অসমতা পৰস্পৰ এক গভীৰ সম্পৰ্কত জড়িত আছিল। সামাজিক প্ৰস্থিতি আৰু আৰ্থিক প্ৰস্থিতি এই দুয়োটাৰ মতে কোনো এজন ব্যক্তিৰ প্ৰস্থিতি নির্ণয় হয়। উচ্চ জাতিৰ আৰ্থিক অৱস্থা সাধাৰণতে ভাল আৰু নিম্ন জাতিৰ আর্থিক অবস্থা সাধাৰণতে বেয়া বা নিম্ন হোৱা দেখা যায়। কিন্তু আধুনিক যুগত বিশেষকৈ ১৯ শতিকাৰ পৰা, জাতি আৰু বৃত্তিৰ সম্পৰ্ক বহুতো পৰিবৰ্তন হোৱা দেখা যায়। আজি কালি জাতি আৰু ধৰ্মৰ বাধা – নিষেধ বলবৎ কৰা নহয়। আজি কালি বৃত্তি ধৰণৰ ক্ষেত্ৰত জাতি – ধৰ্মৰ কোনো হকা-বাধা নাই। যিকোনো ব্যক্তিয়ে নিজৰ ইচ্ছা মতে বৃত্তি ধাৰণ কৰিব পাৰে। আজিকালিৰ দিনত জাতি আৰু আৰ্থিক অৱস্থাৰ লগত সম্পৰ্ক আগৰ দৰে কঠোৰ নহয়। আজি কালি সকলো জাতিৰে ধনী দুখীয়া লোক থকা দেখা যায়। জাতি আৰু আৰ্থিক অৱস্থাৰ কোনো সম্পৰ্ক নাই। কিন্তু জাতি আৰু শ্ৰেণীৰ পৰম্পৰ সম্পৰ্ক থকা দেখা যায়। আগৰ দৰে কোনো ব্যক্তিৰ সামাজিক আৰু আৰ্থিক ভিত্তি জাতিৰ লগত সম্পর্কিত নহয়। অৱশ্যে কোনো কোনো আর্থ – সামাজিক গোটৰ ক্ষেত্ৰত এই পার্থক্য এতিয়াও আছে।

READ MORE  বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | Chapter 13 | Class 12 Sociology - AHSEC

19. সামাজিক ৰদকৰণ (Social Exclusion) কি?
উত্তৰঃ বহল ভিত্তিৰ সমাজ একোখনৰ পৰা যি ব্যৱস্থাৰে এজন ব্যক্তিক সম্পূৰ্ণ জড়িত হোৱাৰ পৰা বিচ্ছিন্ন কৰিব পৰা যায় তাকে সামাজিক ৰদকৰণ বুলি জনা যায়। সামাজিক ৰদকৰণে বহুতো উপাদানৰ ওপৰত মনোযোগ দিয়ে ; যিবোৰে কোনো ব্যক্তি বা গোটক আন সংখ্যাগৰিষ্ঠ সদস্যক দিয়া সা – সুবিধাৰ পৰা বিৰত ৰাখিব পাৰে। এটা সক্ৰিয় জীৱন যাপন কৰিবলৈ হ’লে, ব্যক্তিয়ে নিজকে কেৱল খোৱা, পিন্ধা, আৰু আবাসিক ব্যৱস্থাতে সন্তুষ্ট থাকিলে নহ’ব, অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীৰ যেনে- স্বাস্থ্য, শিক্ষা, সামাজিক ৰক্ষণাবেক্ষণ জীৱন বীমা, পৰিবহণ, বেংকিং আৰক্ষী, ন্যায়ালয় আদিৰ প্ৰতিও ধ্যান ৰাখিব লাগিব। সামাজিক ৰদকৰণ বৰ শৃংখলাবদ্ধ আৰু ই হ’ল সমাজৰ সংৰচনাত্মক বৈশিষ্ট্যৰ ফলস্বৰূপ।

এইক্ষেত্ৰত এটা কথা বৰ গুৰুত্বপূৰ্ণ যে সামাজিক ৰদকৰণ নিজে কৰি লোৱা নহয় অর্থাৎ ৰদকৰণ ৰদকৰা ব্যক্তিজনৰ ইচ্ছাৰ বিৰুদ্ধে কৰা হয়। উদাহৰণ স্বৰূপে, আমি কেতিয়াও দেখা নাই যে ধনী মানুহ এজনে পদপথত শুই থকা ; নাইবা নগৰৰ উৰণীয়া দলঙৰ তলত বাস কৰা আন দুখীয়া শ,শ মানুহৰ দৰে। আনহাতে ই এইটো নুবুজায় যে ধনী মানুহ পদপথত শুই থকাৰ পৰা ৰদকৃত তেওঁলোকেও তেনে কৰিব পাৰে কিন্তু তেওঁলোকে তেনে কৰে। গতিকে দেখা যায় কেতিয়াবা সামাজিক বহিস্কাৰ ভুল – ভাৱে কৰা হয়। কিন্তু বহিস্কাৰ সাধাৰণতে কেতিয়াও অবাঞ্ছিতভাৱে কৰা নহয়।

20. অস্পৃশ্যতা কি চমুকৈ লিখা।
উত্তৰঃ অস্পৃশ্যতা ভাৰতীয় হিন্দু সমাজৰ এটা অতি অমানৱীয় প্ৰথা। হিন্দুসকলৰ মাজত বৈদিক যুগত স্পৃশ্য আৰু অস্পৃশ্য ভাবৰ সৃষ্টি হৈছিল। সেই যুগত কিছুমান নিম্নমান বৃত্তিধাৰী লোকক অস্পৃশ্য জাতৰ বুলি গণ্য কৰা হৈছিল। সাধাৰণতে উচ্চ জাতৰ ব্ৰাহ্মণ শ্ৰেণীৰ লোকে নিম্ন জাতৰ নিকৃষ্ট কৰ্ম কৰা লোকসকলক অস্পৃশ্য বুলি ঘিণ কৰিছিল। পাছলৈ শ্মশানত কাম কৰা, মল – মূত্ৰ চাফা কৰা, জন্তুৰ চামৰাৰ কাম কৰা, ৰাস্তা – ঘাট চফা কৰা কামক মৰ্যদাহীন কাম বুলি ধৰি, এই কাম কৰা লোকসকলক অস্পৃশ্য জাতৰ লোক বুলি ধৰিছিল আৰু সমাজত স্থান নিদিছিল। ৰাজহুৱা স্থানত এই শ্ৰেণীৰ লোকসকলক সমান মর্যাদা নিদিছিল। সাধাৰণতে সেই সময়ত চণ্ডাল, হৰিজন, চমাৰ, আদি জাতৰ লোকক অস্পৃশ্য বুলি গণ্য কৰিছিল। এটা সময়ত এই লোকৰ ছা’, গছকিলেও গা ধুব লাগিছিল। মুঠতে কিছুমান বৃত্তিধাৰী লোক অস্পৃশ্য অপৱিত্ৰ বুলি ঘিণ কৰিছিল আৰু সমাজত অৱজ্ঞাৰ চকুৰে চাইছিল। অৱশ্যে আধুনিক যুগত এই কুপ্রথা, অবৈধ বুলি ঘোষণা কৰি, বে আইনী বুলি ঘোষণা কৰি “ অস্পৃশ্যতা বিৰোধী আইন ১৯৫৫ গ্রহণ কৰি ইয়াক নিষেধ কৰা হৈছে। আধুনিক সমাজত কোনো কামেই কম মৰ্যাদাৰ নহয়। সকলো কাম সমাজত অপৰিহাৰ্য। সমাজত মূল্যবোধৰ পৰিৱৰ্তন হোৱাটো আৱশ্যক। হিন্দু সমাজৰ বাহিৰে আন কোনো সমাজতে এই অমানৱীয় প্ৰথাৰ প্ৰচলন নাই। শিক্ষা – দীক্ষাৰ উন্নতিয়ে এই ব্যৱস্থাৰ কিছু পৰিৱৰ্তন আনিছে। যদিও ই এতিয়াও নিমূল হোৱা নাই।

21. অন্যান্য পিছপৰা জাতি বুলিলে কি বুজা?
উত্তৰঃ যি সকল লোকক পিছ পৰা শ্ৰেণী বুলি কোৱা হয়,, এই লোকসকলে দৈহিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু দুবেলা দুমুঠি খাই জীয়াই আছে তেনে নিম্ন শ্রেণী বা জাতিৰ লোককে পিছপৰা শ্ৰেণী বুলি কোৱা হয়। অনুসূচীত জাতি অনুসূচীত জনজাতি ক্ষুদ্ৰ খেতিয়ক, ভূমিহীন খেতিয়কসকলেই এই শ্রেণীভুক্ত লোক।

22. ভাৰতীয় মহিলাৰ প্ৰস্থিতিৰ বাবে হোৱা সংস্কাৰ আন্দোলনৰ প্ৰভাৱ কেনেকুৱা আছিল?
উত্তৰঃ ভাৰতৰ সংস্কাৰ আন্দোলনৰ সময়ত বংগদেশৰ ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, দাক্ষিণাত্যৰ জুতিকা ফুলে আদি অগ্রগামী নেতাসকলৰ প্ৰচেষ্টাতে, লগতে পৰৱৰ্তী কালত বহুতো সমাজ সংস্কাৰকে মহিলা প্ৰস্থিতি উন্নত কৰাত অশেষ বৰঙণি যোগাইছিল। মুঠতে ইংৰাজসকলৰ দিনতে স্ত্রী শিক্ষাৰ ভেটি প্ৰতিষ্ঠা হৈছিল। ইংৰাজ শাসকসকলেই ভাৰতীয় মহিলাৰ সামাজিক প্রস্থিতি প্রতিষ্ঠাৰ ক্ষেত্ৰত ভালেখিনি আইন আদি প্ৰৱৰ্তন কৰি থৈ গৈছে। সেইবোৰ হ’ল—
১। লর্ড উইলিয়াম বেন্টিংকৰ দিনতে বিধবা বিবাহ, আইন, বাল্য বিবাহ নিষিদ্ধ কৰা হৈছিল। সতীদাহ প্রথা বন্ধ কৰা হৈছিল।
২। স্বাধীন ভাৰতৰ মহিলাক সকলো দিশতে পুৰুষৰ সমানে অধিকাৰ দিয়া হৈছে। সা সম্পত্তিৰ অধিকাৰ মহিলাসকলকো পুৰুষৰ সমানে দিয়া হৈছে।
৩। বর্তমান বাজনৈতিক অধিকাৰ, সমানে পুৰুষৰ লগত চাকৰি কৰাৰ অধিকাৰ দিয়া হৈছে।
৪। মুঠতে বর্তমান মহিলা – পুৰুষ আইনৰ ফালৰ পৰা সম্পূৰ্ণ সমান।

23. স্বাধীনতাৰ পাছত সমাজত মহিলাৰ প্ৰস্থিতিৰ উন্নয়নৰ বাবে হোৱা কেইখনমান আইনৰ নাম উল্লেখ কৰা।
উত্তৰঃ মহিলা প্ৰস্থিতিৰ উন্নতি সাধন কৰা আইন কেইখন—
১। হিন্দু বিবাহ আইন ১৯৫৫।
২। বিশেষ বিবাহ আইন ১৯৫৪।
৩। হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬।
৪। অস্পৃশ্যতা দোষী আইন ১৯৫৫।
৫। বাল্য বিবাহ নিষেধ আইন ১৯৭৮।
৬। যৌতুক নিবাৰণ আইন ১৯৬১ আৰু ১৯৮৬।
৭। হিন্দু বিবাহ আৰু বিচ্ছেদ আইন ১৯৭৬ আদি।

24. একক নাইবা আনবিক পৰিয়ালত মহিলা প্ৰস্থিতি কেনেকুৱা এটি আভাস দিয়া।
উত্তৰঃ আনৱিক পৰিয়ালত মহিলাৰ প্ৰস্থিতি বৰ ভাল বুলিয়ে কব পাৰি। আনবিক পৰিয়ালত মহিলাইও পুৰুষৰ দৰে সম্পূৰ্ণ স্বাধীনভাৱে ঘৰৰ বাহিৰত কাম – কাজ কৰাৰ সুবিধা উপভোগ কৰিব পাৰে বা চাকৰি বাকৰি কৰা দেখা যায়। ঘৰখনৰ প্ৰায়ভাগ কাম – কাজত মহিলা গৰাকীৰ মতেহে বা তেওঁৰ পৰামৰ্শতেহে ঘৰখনৰ চলে। মহিলা গৰাকীও পুৰুষৰ সমানে বাহিৰলৈ গৈ চাকৰি কৰি, পুৰুষৰ সমানে আয় – ইনকাম কৰা দেখা যায়। মুঠতে আনবিক পৰিয়ালত মহিলাৰ প্ৰস্থিতিৰ স্থান বৰ উচ্চ দেখা যায়।

25. আধুনিক যুগত মহিলাৰ প্ৰস্থিতি আৰু কল্যাণৰ বাবে সমাজ সংস্কাৰত অৰিহণা যোগোৱা সমাজ সংস্কাৰক কেইজন মানৰ নাম উল্লেখ কৰা।
উত্তৰঃ মহিলাৰ কল্যাণকামী সংস্কাৰকসকল হল—
১। ৰাজা ৰামমোহন ৰায়।
২। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।
৩। জ্যোতিকা ফুলে।
৪। স্বামী দয়ানন্দ সৰস্বতী।
৫। স্বামী বিবেকানন্দ।
৬। মহর্ষি কার্বে। আৰু
৭। গোবিন্দ ৰাণাডে।
এইসকল সমাজ সংস্কাৰকে বৃটিছ শাসনৰ সময়ত মহিলাৰ প্ৰস্থিতিৰ উন্নতিৰ বাবে যথেষ্ট অৰিহণা যোগাইছিল।

26. বৈদিক যুগত মহিলাসকলৰ প্ৰস্থিতি কেনে আছিল?
উত্তৰঃ বৈদিক যুগত সমাজত মহিলাৰ প্ৰস্থিতি বৰ উচ্চ আছিল।
১। পৰিয়ালত মহিলাৰ ভালেখিনি অধিকাৰ আছিল।
২। তেতিয়াৰ দিনত মহিলাই শিক্ষা – দীক্ষা লোৱা আৰু ধনসম্পদ লাভ কৰিব পাৰিছিল।
৩। সেই যুগত মহিলাই যজ্ঞ আদি কৰাৰ নিয়ম আছিল।
৪। শিক্ষা – দীক্ষা আহৰণ কৰাৰ ক্ষেত্ৰত মহিলা পুৰুষৰ সমান আছিল।
৫। বৈদিক যুগত মহিলা বিধবা বিবাহ প্ৰচলিত আছিল।

24. জনজাতি মানে কি?
উত্তৰঃ জনজাতিসকল এনে কিছুমান মানুহৰ সমস্তি, যিসকলে এক প্রাচীন কালৰ অৱস্থাত বসবাস কৰে। সাধাৰণতে বনাঞ্চলৰ মাজত পাহাৰীয়া অঞ্চলত, নাইবা উপত্যকা অঞ্চলত নদীৰ পাৰত বসবাস কৰে। সাধাৰণতে তেওঁলোকে নগৰ – চহৰৰ পৰা দূৰ – দূৰণীত গাওপাতি, চাৰিও ফালে, সৰু, গাহৰি, কুকুৰা চৰাই আৰু নানা ঘৰচীয়া জীবজন্তু পোহ – পালন কৰি বসবাস কৰে।

তেওঁলোকৰ নিজা নিজা দোৱান, ভাষা সংস্কৃতি, জীৱন যাপনৰ সুকীয়া পন্থা আছে। তেওঁলোকৰ খাওন – দাওন, পিন্ধন – উৰণৰ সুকীয়া বৈশিষ্ট্য আছে। মদ্যপান কৰা তেওঁলোকৰ এটা বিশেষ বৈশিষ্ট্য।

28. জনজাতিৰ চাৰিটা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বিশেষ বৈশিষ্ট্য চাৰিটা হ’ল—
১। জনজাতীয় লোকসকল নিজা ভৌগোলিক অঞ্চলত পাহাৰীয়া, বনাঞ্চলৰ কাষত বসবাস কৰে।
২। তেওঁলোকে অস্থায়ীভাৱে কোৰ, কোডালেৰে, ঠাই সলাই সলাই, ঝুম খেতি কৰে।
৩। জনজাতিসকল নিজা সুকীয়া দোৱান, ভাষা, সংস্কৃতি আছে
৪। প্রত্যেক জনজাতিৰে নিজা নাম আছে- যেনে বড়ো, গাৰো, খাছীয়া আদি।

29. জনজাতি সকলৰ চাৰিটা সমস্যা উল্লেখ কৰা।
উত্তৰঃ সমস্যা চাৰিটা হ’ল—
১। জনজাতীয় লোকসকলৰ বেছি ভাগ মানুহৰ দুখীয়া।
২। জনজাতীয় লোকসকল নিৰক্ষৰ, অতি কম সংখ্যক লোক শিক্ষিত।
৩। জনজাতীয় লোকসকল অদৃষ্টবাদী, ভূতপ্রেত বিশ্বাসী।
৪। জনজাতীয় লোকসকলক আন জাতিৰ লোকে শোষণ কৰে। এই জাতীয় লোকসকল বৰ সুৰা প্ৰিয় দেখা যায়।

30. সামাজিক অক্ষমতা বা প্রতিবন্ধী (Disabllity) বুলিলে কি বুজা?
উত্তৰঃ সমাজত উচ্চ জাতি আৰু নিম্নজাতিৰ মাজত বহুতো বাধা নিষেধ থকা দেখা যায়। সামাজিক আন্তঃক্ৰিয়াৰ মাজত এই বাধাবোৰৰ বাবে নিম্ন জাতৰ লোকে বহুতো কামকাজত পিছ পৰি থাকে। যেনে নিম্নজাতৰ মানুহে ধৰ্ম পুথি পঢ়িব নোৱাৰে উচ্চ জাতিৰ লগত মিলামিছা কৰিব নোৱাৰে আদি। এনে বাধা নিষেধকে সামাজিক অক্ষমতা বোলে।

31. আধুনিক যুগত বৰ্তমান ভাৰতত মহিলাৰ প্ৰস্থিতি কেনে?
উত্তৰঃ ভাৰতত বৰ্তমান যুগত মহিলাৰ প্ৰস্থিতি পুৰুষৰ সমান। বৰ্তমানৰ সমাজত মহিলাই, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সকলো দিশতে পুৰুষৰ সমানে অধিকাৰ উপভোগ কৰিব পাৰে। মহিলাই শিক্ষা – দীক্ষা, চাকৰি বাকৰি, অফিচ – কাছাৰি, উকিল, মহৰী, ৰাজনীতি, অর্থনীতি পুলিচ – প্রশাসন, সৈন্যবাহিনী সকলো ক্ষেত্ৰতে মহিলাক উপযুক্ততাৰ ভিত্তিত পুৰুষৰ সমানে কাম কৰিবলৈ অধিকাৰ দিয়া হৈছে। সা – সম্পত্তিৰ ক্ষেত্ৰতো মহিলাক পুৰুষৰ সমানে অধিকাৰ দিয়া হৈছে। পাশ্যাত্যৰ মহিলাৰ দৰে ভাৰতৰ মহিলাসকলকো সকলো প্ৰকাৰৰ ৰাজনৈতিক অধিকাৰ দিয়া হৈছে। ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি গৰাকীয়ে মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল।

32. ভাৰতৰ দুগৰাকী বিশিষ্ট সমাজ সংস্কাৰকৰ নাম লিখা। অথবা, ভাৰতৰ সামাজিক সংস্কাৰকামী সংগঠনৰ সৈতে জড়িত যি কোনো দুজন নেতাৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ দুগৰাকী বিশিষ্ট সমাজ সংস্কাৰকৰ নাম হল—
১। সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়।
২। স্বামী দয়ানন্দ সৰস্বতী।
৩। মহিলাৰ শিক্ষাৰ উন্নত প্রচেষ্টা কৰা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।

33. সমাজত মহিলাৰ প্ৰস্থিতি উন্নত হোৱা কাৰণবোৰ কি? নাইবা, আধুনিক যুগৰ কোনবোৰ সমাজ সংস্কাৰকে মহিলাসকলৰ কল্যাণৰ বাবে বৰঙণি যোগাইছিল?

উত্তৰঃ (i) আধুনিক যুগত পাশ্চাত্যৰ জ্ঞান – বিজ্ঞানৰ শিক্ষাৰে শিক্ষিত এচাম অগ্রণী সমাজ সংস্কাৰক চিন্তা চাই কুসংস্কাপন্ন ভাৰতীয় সমাজখনক কুপ্রথা, অন্ধবিশ্বাসৰ মাজৰ পৰা উদ্ধাৰ কৰা বাবে একাণপতীয়া প্ৰচেষ্টাৰে মহিলাৰ শোচনীয় প্রস্থিতি প্রতি ভালেমান পদক্ষেপ লৈছিল সেই সময়ৰ বংগদেশৰ সংস্কাৰক ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আদি কিছুমান সমাজ সংস্কাৰকে তেওঁলোকে স্ত্রীশিক্ষা, সতীদাহ, বিধবা বিবাহ, বাল্য বিবাহ, আৰু কন্যা শিশু হত্যা আদিৰ বিৰুদ্ধে বিভিন্ন আন্দোলন আৰু এইবোৰ আইনৰ দ্বাৰা নিষিদ্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছিল। তেওঁলোকৰ চেষ্টাতে ১৮২৯ চনত সতীদাহ নিষিদ্ধ, বিধবা বিবাহ প্রচলন ১৮৫৬ চনত আইন প্ৰণয়ন হৈছিল। তেওঁলোকৰ চেষ্টাতে চৰকাৰে এই কুপ্রথা দুটা বন্ধ কৰা হৈছিল।

(ii) এই আন্দোলন পাছত ভাৰতৰ বহুতো সংস্থা, আৰু দলে ভাৰতত মহিলাৰ প্ৰস্থিতি উন্নত কৰাত আগবাঢ়ি আহে তাৰ ভিতৰত প্ৰাৰ্থনা সভা, সত্য মোদক সমাজ, আর্য সমাজ, ব্রাহ্ম সমাজৰ নাম উল্লেখনীয়। এই স্বেচ্ছামুলক সংগঠনবোৰে জনসাধাৰণৰ মাজত এক আন্দোলন গঢ়ি তোলে। মহিলাৰ মাজত স্ত্রীশিক্ষা প্ৰসাৰণ, প্ৰস্থিতিৰ উন্নতি কৰা, জাগৰণ আনে। সেই সময়ত ৰমাবাই ৰানাডে, গোবিন্দ ৰাণাডে আদি সংস্কাৰকসকল বিখ্যাত আছিল।

(iii) ইয়াৰ পাছত, এনি বেচান্ত, কাস্তুৰী বা গান্ধী আদি সংস্কাৰকসকলেও মহিলাৰ সৱলীকৰণত মাত মাতিছে যাতে সমাজত মহিলা প্ৰস্থিতি উন্নত কৰিব পৰা যায়।

READ MORE  সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন | Chapter 3 | Class 12 Sociology - AHSEC

(iv) ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে মহিলাৰ সৱলীকৰণৰ বাবে বিভিন্ন আইন কানুন প্রণয়ন কৰাৰ উপৰিও মহিলাক সমাজৰ উৎসাহ উদ্দীপনা দিবলৈ নানা সজাগ সচেতনাৰ আঁচনি হাতত লৈছে। চৰকাৰে প্ৰসূতি, শিশুৰ চিকিৎসাৰ বাবে নানা আঁচনি লোৱাৰ উপৰিও দান – অনুদানৰ ব্যৱস্থা কৰিছে।

(v) পাশ্চাত্যকৰণৰ দ্বাৰাও ভাৰতীয় সমাজৰ মহিলাসকল যথেষ্ট প্ৰভাৱিত আৰু উপকৃত হৈছে। বৰ্তমানৰ মহিলাই কি সামাজিক আৰ্থিক ৰাজনৈতিক এই সকলো দিশতে সহায় সহযোগ কৰিবলৈ পিছপৰি থকা নাই। উদাহৰণস্বৰূপে ভাৰতৰ ৰাজনীতি বর্তমান। ইন্দিৰা গান্ধী, চোনিয়া গান্ধী, জয়ললিতা, সুষমা স্বৰাজ, প্ৰতিভা পাটিলৰ নাম উল্লেখ কৰিব পাৰি।

34. ভাৰতীয় সমাজত, মহিলাৰ প্ৰস্থিতিত কি কি পৰিবৰ্তন পৰিলক্ষিত হৈছে ব্যাখ্যা কৰা।
উত্তৰঃ মহিলাৰ প্ৰস্থিতিত হোৱা পৰিবৰ্তনবোৰ—

১। শিক্ষাৰ ক্ষেত্ৰত মহিলাৰ প্ৰস্থিতিৰ যথেষ্ট পৰিবৰ্তন হৈছে। মহিলা পুৰুষতকৈ কোনো কাৰণতে কম মেধা সম্পন্ন নহয়।

২। মহিলাই পুৰুষৰ সমানে সকলো প্ৰকাৰৰ চাকৰিতে যোগদান কৰিব পাৰিছে।।.A.S অফিচাৰ, ডাক্তৰ, প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, বায়ুসেনা, পুলিচ অফিচাৰ আদি সকলো প্ৰকাৰৰ চাকৰিতে মহিলাই যোগদান কৰিছে।

৩। মহিলা সকলৰ মানসিকভাৱে এক পৰিবৰ্তন আহিছে যাৰ ফল তেওঁলোক কোনোখন ক্ষেত্ৰতে পিছ পৰি থকা নাই। ব্যৱসায় – বাণিজ্যতো মহিলা সকলে আগবাঢ়ি আহি পুৰুষসকলোক সহায় কৰা দেখা গৈছে।

৪। মহিলাসকলে আগেয়ে ৰাজনীতিত প্ৰত্যক্ষভাৱে যোগদান কৰা নাছিল বা থাকিলেও সংখ্যা বৰ কম আছিল। বৰ্তমান মহিলাৰ আসন ৩৩% সংৰক্ষণ কৰা হয়।

৫। বর্তমান সমাজত একক পৰিয়াল সংখ্যা বৃদ্ধি হোৱাৰ পাছত পৰিয়ালৰ কামত মহিলাসকল লাগি থাকিব নালাগে। গতিকে বাহিৰা সমাজৰ কামত সময় দিব পাৰে।

35. জনজাতিসকলে কি কি সমস্যাৰ সন্মুখীন হৈছে?
উত্তৰঃ জনজাতিসকলে সন্মুখীন হোৱা সমস্যাসমূহ—

১। জনজাতীয় লোকসকলে সাধাৰণতে বৰ দূৰ্গম ঠাইত বিশেষকৈ পাহাৰীয়া অঞ্চল, বা বনাঞ্চলৰ কাষত বসবাস কৰিবলৈ লয়। জনপূৰ্ণ বা জনবহুল ঠাইৰ পৰা আঁতৰত বাস কৰে। সেইবোৰ ঠাইলৈ যানবাহন নচলে, বাট – পথৰ সুবিধা নাথাকে।

২। জনজাতীয় লোকসকলে উন্নয়ন কি ভালদৰে বুজি নাপায়। এই লোকসকলক আন জাতিৰ লোকসকলে শোষণ কৰিবলৈ সুবিধা পায়। আন জাতীয় লোকে তেওঁলোকৰ সা সম্পদ কম দামত কিনি লৈও তেওঁলোকক শোষণ কৰে।

৩। তেওঁলোকে শ্রমিক হিচাপে কাম কৰিলেও, আন ঔদ্যোগিক লোকে বা ঠিকাদাৰ আদিয়ে তেওঁলোকক হাজিৰা বা শ্ৰমৰ মূল্য কমকৈ দিয়ে। এইদৰে আন লোকে এই জাতিটোক চাৰিওফালৰ পৰা শোষণ কৰে কাৰণে প্ৰায়বোৰ লোক দুখীয়া হৈয়ে জীৱন কটায়।

৪। এই জাতিৰ লোকসকলে খুব বেছি অভাৱ বা দুখ – কষ্ট হলে নিজে বসবাস কৰা মাটিডোখৰ বিক্ৰী কৰি আন নতুন পাহাৰীয়া বা অৰণ্য ভূমিলৈ গুচি যাব লগা হয়।

36. জনজাতীয় লোকৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে কি পদক্ষেপ হাতত লৈছে?
উত্তৰঃ জনজাতীয় এই পিছপৰা লোকৰ কল্যাণৰ বাবে চৰকাৰে নানা কল্যাণমূলক পদক্ষেপ লৈছে।

১। জনজাতীয় অধ্যুষিত অঞ্চলত এই ল’ৰা – ছোৱালীবোৰক বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে।

২। প্রত্যেক ছাত্র – ছাত্ৰীক বিনামূলীয়াকৈ কিতাপ, সাজ – পাৰ, এনেকি খোৱা – লোৱাৰ ব্যৱস্থাও দিয়ে।

৩। ছাত্র – ছাত্রীক স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থাও আছে।

৪। খেতিয়ক সকলক কৃষি ঋণ, জলসিঞ্চনৰ সুবিধা বিনামূলীয়া ঘৰ সাজিও দিছে।

৫। সেই ঠাইবোৰত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে ঋণ আদিও দিয়ে।

৬। এই অঞ্চলবোৰলৈ প্ৰধান আলি, বাটপথৰ ব্যৱস্থা আৰু উন্নতিও কৰি দিছে। চিকিৎসালয়, খোৱা পানীৰ ব্যৱস্থা কৰি দিছে।

37. সংখ্যালঘু আয়োগ সম্বন্ধে কি জানা লিখা।
উত্তৰঃ সংখ্যালঘু আয়োগ গঠন কৰা হৈছিল ১৯৭৮ চনত। এই আয়োগত এজন সভাপতি আৰু এজন সদস্য আছে। এই দুয়োজনকে সংখ্যালঘু গোটৰ পৰাই মনোনীত কৰা হৈছে। আয়োগে সংখ্যালঘুৰ বিভিন্ন অভিযোগবোৰ শুনে আৰু সেইবোৰ সময়ে সময়ে মূল্যায়ন কৰে আৰু চৰকাৰক সংখ্যালঘু কল্যাণৰ বাবে পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি ভাষিক সংখ্যালঘু কাৰণেও আন এখন আয়োগ আছে। ১৯৯৩ চনত ৰাষ্ট্ৰীয় সংখ্যা লঘু আয়োগ এখন প্ৰতিষ্ঠা কৰা হৈছে সংখ্যালঘু আয়োগৰ ঠাইত।

38. ভাৰতৰ সংখ্যালঘু সকলৰ উন্নয়নৰ বাবে কি কি প্রধান সাংবিধানিক ব্যৱস্থা আছে।
উত্তৰঃ ভাৰতৰ সংখ্যালঘু সকলৰ ভাৰতৰ মূল সুঁতিৰ লগত সংলগ্ন কৰাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা ৰখা হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহুতো সুবিধা প্ৰদান কৰিছে। তলত এই ব্যৱস্থাবোৰ উল্লেখ কৰা হ’ল—

১। সকলো ভাৰতীয় নাগৰিককে কোনো বৈষম্য নকৰাকে জাতি বর্ণ, ধর্ম, ভাষা লিংগ নির্বিশেষে সকলোকে সমান বুলি গণ্য কৰা হয় আৰু সমান অধিকাৰ প্ৰদান কৰে (Arts 14-18)।

২। সংবিধানৰ ২৫-২৮ অনুচ্ছেদ মতে সকলো নাগৰিককে ধর্মীয় অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰ মতে ধৰ্ম অৱলম্বন আৰু প্ৰচাৰ কৰিব পাৰিব।

৩। সংবিধান ২৯ আৰু ৩০ অনুচ্ছেদ মতে, সকলো নাগৰিককে শোষণৰ বিৰুদ্ধে অধিকাৰ দিয়া হৈছে। সকল নাগৰিকে যিকোনো শিক্ষা অনুষ্ঠানতে নাম ভূৰ্তি কৰিব পাৰে আৰু নিজৰ ভাষা আৰু সাংস্কৃতিৰ চৰ্চা কৰিব পাৰে।

৪) অনুচ্ছেদ ৩০ ৰ মতে সকলো ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে নিজৰ শৈক্ষিক অনুষ্ঠান প্রতিষ্ঠা কৰিব পাৰিব। সংবিধান মতে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ধর্মীয় অনুগত্যতা নাই।

৫। ৩০০ অনুচ্ছেদ মতে ভাৰতৰ কোনো শিক্ষা অনুষ্ঠানকে বৈষম্যমূলকভাৱে ব্যৱহাৰ কৰা নহ’ব।

৬। ৩৫০ নং অনুচ্ছেদ মতে, ভাৰতৰ সকলো সংখ্যালঘু গোটৰ ল’ৰা – ছোৱালীক প্ৰাথমিক শিক্ষা নিজৰ মাতৃভাষাতে দিয়া উচিত হ’ব। এই ব্যৱস্থাবোৰৰ উপৰি এখন সংখ্যালঘু আয়োগ গঠন কৰা হৈছে। এই আয়োগে সময়ে সময়ে চৰকাৰক সংখ্যালঘু কল্যাণৰ বাবে চৰুকাৰক পৰামৰ্শ দিব পাৰিব।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

1. ভাৰতৰ অনুসূচীত জনজাতি বিষয়ে আলোচনা কৰা | নাইবা, অনুসূচীত জনজাতিয়ে সন্মুখীন হোৱা সমস্যাবোৰ কি কি?
উত্তৰঃ ১৯৯১ চনৰ লোকপিয়ল মতে ভাৰতত জনজাতিৰ সংখ্যা প্রায় ৬.৭ নিযুত। ভাৰতৰ মুঠ জনসংখ্যা প্রায় ৮.২৮ শতাংশ। ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত মধ্যপ্ৰদেশতে আটাইতকৈ বেছি জনজাতীয় লোক আছে বুলি কোৱা হয়। ভাৰতৰ বিভিন্ন অঞ্চলত জনজাতীয় লোক আছে। এই জনজাতিবোৰৰ মাজত ভালেমান বৈচিত্র্য দেখা যায়। ভাৰতীয় সংবিধানৰ ৩৪১ নং আৰু ৩৪২ নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিৰ আদেশ মর্মে অনুসূচীত জনজাতিবোৰ নিৰ্ধাৰণ কৰা হয়। সংবিধানে অনুসূচীত জনজাতিৰ কোনো সংজ্ঞা। দিয়া নাই। ৰাষ্ট্ৰপতিয়ে সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ লগত পৰামৰ্শ কৰি অনুসূচীত জনজাতিবোৰ নিৰ্ধাৰণ কৰিব পাৰে। ভাৰতৰ বিভিন্ন ৰাজ্যত থকা জনজাতীয় লোকসকলৰ মাজত বহুতো পাৰ্থক্য থকা দেখা যায়। তেওঁলোকৰ মাজত পর্যায় ক্রমে বয়স লিংগ বা স্বজনীয়তাক লৈ পার্থক্য আছে। এই জনজাতীয় লোকসকলক ভাষা, ধৰ্ম, জীৱনধাৰণৰ প্ৰকাৰক লৈ বিভিন্ন ভাগত ভাগ কৰিব পাৰি। জনজাতীয় লোকসকলৰ কিছুমান প্রকৃতি অজনজাতীয় লোকসকলৰ প্ৰকৃতিৰ লগত মিল থকা দেখা যায়। অনুসূচীত

জনজাতীয়লোকৰ সমস্যাবোৰ :
১। ঋণগ্রস্ততা :- ঋণগ্রস্ততা ভাৰতৰ জনজাতীয় লোকসকলৰ আটাইতকৈ কঠিন সমস্যা বুলি ক’ব পৰা যায়। ইয়াৰ প্ৰধান কাৰণ হ’ল বহু দিনৰে পৰা চলি অহা দৰিদ্ৰ অৱস্থা, ভূমিকা আৰু বনৰ ওপৰত মালিকীস্বত্ব হেৰুওৱা লগতে পৰম্পৰাগত প্ৰাচীন কৃষি পদ্ধতি। আৰ্থিক অৱস্থাই যে অধিক গভীৰ সমস্যা তেনে নহয় তেওঁলোক সামাজিক আৰু মনস্তাত্ত্বিকভাৱেও বৰ পিছপৰা।

২। ভূমি হস্তান্তৰকৰণ :- অনুসুচীত জনজাতীয় লোকসকলৰ প্ৰধানকৈ কৃষিজীৱী। তেওঁলোকৰ বৃত্তি মূল কৃষি। প্রায় ৮৮% শতাংশ লোক কৃষক। তেওঁলোকৰ আবেগিক সম্বন্ধ হ’ল ভূমিৰ লগতহে। ভূমিক কেন্দ্ৰ কৰিয়ে তেওঁলোকে দোকানী, টকা ধাৰ দিয়া, ব্যৱসায়িক লোকৰ লগত সম্পৰ্ক ৰক্ষা কৰে। তেওঁলোকৰ সৰলতা আৰু অজ্ঞতক কেন্দ্ৰ কৰিয়ে লাহে লাহে ভূমি সম্পত্তি হস্তান্তৰিত হৈ দুখীয়া দৰিদ্ৰত পৰিণত হৈ পৰে।

৩। দৰিদ্ৰতা আৰু নিবনুৱা অৱস্থা :- জনজাতীয় লোকসকলৰ প্রায় ৫৮৯ শতাংশ লোক দৰিদ্ৰ – সীমাৰেখাত তলত জীৱন – যাপন কৰে। জনজাতি অধ্যুষিত অঞ্চলত দুখীয়া আৰু নিবনুৱা লোকৰ জনসংখ্যা অত্যধিক হোৱা দেখা যায়। ভাৰতত বৰ্তমান ১৯৮৯ চনৰ পৰা জৱাহৰ বোজগাৰ যোজনাৰ প্ৰৱৰ্তন কৰা হৈছে। এই যোজনাৰ জৰিয়তে তেনে অঞ্চলবোৰত অনুসূচীত জাতি আৰু জনজাতীয় লোকসকলক অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা কৰা হৈছে।

৪। সুপ্রিয়তা :- সুপ্রিয়তা বা সুৰাবাদীঅভ্যাস জনজাতীয় জীৱনৰ এটা বিশেষ বৈশিষ্ট্য। জন্মৰে পৰা জনজাতীয় লোক সুপ্রিয় বুলি ক’লেও অতুক্তি কৰা নহয়। প্ৰায় ভাগ জনজাতীয় লোকে নিজৰ ঘৰতে সুৰা তৈয়াৰ কৰি পৰিয়ালৰ সকলোৱে নিয়মীয়াকৈ ব্যৱহাৰ কৰে। চাহ কফি খোৱাৰ দৰে ঘৰৰ সকলোৱে সুৰা পান কৰা এটা নিয়মৰ দৰে। জনজাতীয় গাওবোৰত সুৰ প্ৰচুৰ পৰিমাণে সহজে কম দামতে বিক্রী হয় বাবে এই অঞ্চলবোৰত অসামাজিক, সমাজবিৰোধী লোকৰ ভিৰ হোৱা দেখা যায়। সুৰাৰ অপৰ্যাপ্ত ব্যৱহাৰৰ বাবেই, দৰিদ্ৰতা, ঋণগ্রস্ততাত পতিত হয়, ভূমি হস্তান্তৰকৰণ আৰু স্বাস্থ্যহীনতা, আদি অসামাজিক কার্যবোৰ প্রচলন হোৱা দেখা যায়।

৫। অন্যান্য সমস্যাবোৰ :- ওপৰত আলোচনা কৰা সমস্যাবোৰৰ উপৰি জনজাতীয় লোকসকলে আন – আন বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। সেইবোৰ হ’ল— নিৰক্ষৰতা, বাসস্থান, হীনতা, যাতায়ত যোগাযোগ, উদ্যোগীকৰণ, নগৰীকৰণ, প্রব্রজন, জনসংখ্যা হীনতা, ‘ মানুহ প্ৰকৃতিৰ ভাৰসাম্যহীনতা মানৱবিহীন বননীতি আদি সমস্যাই জনজাতীয় সমাজক যথেষ্ট পৰিমাণে জুৰুলা কৰা বুলি ক’ব পাৰি।

2. অনুসূচীত জাতিৰ বাবে চৰকাৰে লোৱা ব্যৱস্থা সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ অনুসূচীত জাতিটোৰ ৰক্ষণাবেক্ষণৰ বাবে সংবিধানত নানা সা – সুবিধাৰ ব্যৱস্থা ৰখা হৈছে। চৰকাৰে অনুসূচীত জাতিটোৰ ওজৰ – আপত্তিবোৰ চোৱা – চিতা কৰিবলৈ এজন কমিচনাৰ নিযুক্ত কৰি দিছে। তেওঁ সংসদত বছৰেকীয়া প্ৰতিবেদন দাখিল কৰিব লাগে। অনুসূচীত জাতিৰ বাবে ভাৰতৰ চৰকাৰে কিছুমান কল্যাণমূলক ব্যৱস্থা হাতত লৈছে। সেইবোৰ তলত উল্লেখ কৰা হ’ল—
১। অস্পৃশ্যতা ৰদ কৰা।
২। সামাজিক অন্যায় আৰু বিভিন্ন শোষণমূলক ব্যৱস্থাৰ পৰা ৰক্ষণাবেক্ষণ দিয়া।
৩। ৰাজহুৱা প্ৰকৃতিৰ ধৰ্মীয় অনুষ্ঠান – প্রতিষ্ঠান অনুসূচীত জাতিৰ বাবে খোলা ৰখা।
৪। পানী খোৱা কুঁৱা, পুখুৰী, দোকান, হোটেল, ৰেষ্টুৰেণ্ট আদিত থকা বাধা – নিষেধ।
৫। ৰাজ্যৰ বিদ্যালয়বোৰত নাম ভৰ্তিৰ বাবে তেওঁলোকক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা ৰখা।
৬। শিক্ষা – দীক্ষা গ্রহণৰ বাবে তেওঁলোকক বিভিন্ন সা – সুবিধা দিয়াৰ উপৰি আৰ্থিক দান অনুদান আদি দিয়া হয়।
৭। চৰকাৰী কাম – কাজত ক্ষতিপূৰণমূলক নিযুক্তি আৰু পদোন্নতি দিয়াৰ ব্যৱস্থাৰখা হৈছে।
৮। সংসদৰ লোকসভা আৰু ৰাজ্যৰ বিধানসভাত বিশেষ প্রতিনিধিত্বৰ ব্যৱস্থা ৰখা হৈছে।
৯। কল্যাণমূলক কাম কাজৰ উন্নতি সাধনৰ উদ্দেশ্য আৰু সা- সুবিধাবোৰক ৰক্ষণাবেক্ষণৰ বাবে সুকীয়া চৰকাৰী বিভাগ আৰু পৰামৰ্শকাৰী পৰিষদ গঠন কৰা হৈছে।
১০। অনুসূচীত জাতি অধ্যুষিত অঞ্চলবোৰ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে।

3. অনুসূচীত জনজাতিসকলৰ কল্যাণৰ বা চৰকাৰে লোৱা সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে লিখা। নাইবা, অনুসূচীত জাতিৰ উন্নয়নৰ কাৰণে চৰকাৰে লোৱা দুটা প্ৰতিকাৰমূলক ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ সংবিধানত ‘ অনুসূচীত জনজাতিৰ কোনো স্পষ্ট সংজ্ঞা নাই। সংবিধানৰ ৩৪২ নং অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো জাতিক অনুসূচিত জনজাতি বুলি নিৰ্ধাৰণ কৰিব পাৰে। এই ক্ষেত্ৰত দুটা সাংবিধানিক ব্যৱস্থা আছে প্রথম তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আৰু আনটো তেওঁলোকৰ উন্নয়নৰ বাবে—

১। অনুসুচীত জনজাতিৰ শৈক্ষিক সমতা লাভৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছে। এই ব্যৱস্থাবোৰৰ ভিতৰত— আসন সংৰক্ষণ, বয়স আৰু আৱশ্যকীয় নম্বৰৰ সকাহ (হ্ৰাসকৰণ), আৰ্থিক সাহায্য, বছৰেকীয়া জলপানিৰ ব্যৱস্থা কৰা হয়।

২। চৰকাৰী চাকৰি – বাকৰিত পদ সংৰক্ষণ।

৩। জনজাতীয় লোকৰ সম্পত্তিৰ স্বাৰ্থ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা।

৪। ৰাজ্য চৰকাৰবোৰে জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে শৈক্ষিক আৰু আৰ্থিক স্বাৰ্থ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সামাজিক অন্যায় আৰু শোষণৰ পৰা ৰক্ষাৰ ব্যৱস্থা কৰা।

READ MORE  ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ | Chapter 10 | Class 12 Sociology - AHSEC

৫। সংসদ লোকসভাৰ আৰু ৰাজ্যিক বিধানসভাৰ আসন সংৰক্ষণ কৰা।

৬। পৰম্পৰাগতভাৱে ভূমিৰ ওপৰত থকা অধিকাৰ আৰু ভূমি হস্তান্তৰ বাবে বৈধ ৰক্ষণাবেক্ষণ ব্যৱস্থা কৰা।

৭। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুসূচীত জনজাতিৰ বাবে প্ৰশাসনীয় আৰু কল্যাণমূলক কাম – কাজ সম্পকীয় ব্যৱস্থাৰ বিষয়ে জানিবলৈ যিকোনো সময়তে আয়োগ নিযুক্ত কৰি প্ৰতিবেদন বিচাৰিব পাৰে। মুঠতে ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা জনজাতীয় লোকৰ অৱস্থাৰ উন্নতি কৰাৰ বাবে নানা প্রচেষ্টা চলোৱা হৈছে।

(।) তেওঁলোকৰ মাজত ভূমি বিতৰণ আৰু আগৰ মাটি – বাৰীৰ উন্নয়ন সাধন।

(।।) কৃষিৰ উন্নত সা – সঁজুলি, বীজ ; সাৰ আৰু আন সা – সুবিধাৰ সম্প্ৰসাৰণ কৰা।

(।।।) টকা – পইচা ধাৰ দিয়া লোকৰ পৰা ৰক্ষণাবেক্ষণ দিয়া আদি। কেন্দ্ৰীয় চৰকাৰে অনুসূচীত জনজাতিৰ প্ৰয়োজনীয়তাৰ বাবে নজৰ ৰখা বা ১৯৯৯ চনত জনজাতীয় পৰিক্ৰমাৰ বাবে মন্ত্রীসভাত সুকীয়া ব্যৱস্থা কৰিছে।

4. ভাৰতৰ সংবিধান মতে দুর্বল শ্রেণীসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ পৃথিৱীৰ সকলো দেশৰ জনসাধাৰণৰ মাজতে কিছুমান দুর্বল বা বঞ্চিত শ্ৰেণীৰ বাসিন্দা থকা দেখা যায়। এই লোকসকল সামাজিক ৰাজনৈতিক, অর্থনৈতিক নাইবা শৈক্ষিক দিশত বৰ পিছ পৰা দেখা যায়। আমাৰ ভাৰতীয় সমাজতো সাংবিধানিকভাৱে অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছ পৰা জাতি, মহিলা, সংখ্যালঘু আদি কিছুমান শ্রেণীক দুর্বল বা বঞ্চিত শ্রেণী বুলি গণ্য কৰা হৈছে।

ভাৰতীয় সংবিধানৰ ৪৬ অনুচ্ছেদ মতে প্ৰত্যেক ৰাজ্যই পিছপৰা নাগৰিকসকলৰ উন্নয়নৰ বাবে বিশেষ যত্নেৰে শৈক্ষিক আৰু আৰ্থিক দিশত প্ৰচেষ্টা চলোৱা দৰকাৰ। এইসকলৰ ভিতৰত অনুসূচীত জাতি আৰু জনজাতিৰ বিশেষ যত্ন লোৱা আৱশ্যক। এইসকল লোকক সংবিধানে কেইটামান সুবিধা আৰু অধিকাৰ প্ৰদান কৰিছে। সংখ্যালঘুসকলক নিজা ভাষা, হৰফ (scr।pt), সংস্কৃতি, নিজৰ বিদ্যালয় নিৰ্মাণ আৰু পৰিচালনা কৰাৰ অধিকাৰ দিয়া হৈছে (অনুচ্ছেদ -২৯ আৰু ৩০)।

ভাৰতৰ স্বাধীনতাৰ পিছত অনুসূচীত জাতি অনুসূচীত জনজাতিৰ আৰু পিছ পৰা শ্ৰেণী, মহিলা, সংখ্যালঘুৰ বাবে এক সংৰক্ষিত প্রভেদ নীতি গ্ৰহণ কৰে। এই নীতিৰ দ্বাৰা দুৰ্বল শ্রেণীবোৰৰ প্রয়োজনীয় সুবিধা পূৰণৰ যত্ন লোৱাত সফল হোৱা দেখা যায়। সমাজ তত্ত্বগত ভাবে বিচাৰ কৰিলে কিছুমানৰ কাৰণে, কিছুমান বিশেষ সুবিধা সৃষ্টি কৰি, ক্ষতি পূৰণৰ প্ৰভেদ নীতিৰ সামাজিক বৈষম্য হ্ৰাস কৰাৰ ব্যৱস্থাটোক এক বিশেষ পন্থা বুলি ক’ব পাৰি। স্বাভাৱিকতে, সকলোৰে বাবে সমান সুবিধা আৰু কিছুমানৰ বাবে বিশেষ সুবিধা এই দুয়োটা নীতি পৰস্পৰ বিৰোধী কাৰণে এক ভীষণ উদ্বোৰ সৃষ্টি হয়। কিন্তু ভাৰতবাসীৰ মাজত বৈষম্যমূলক নীতিৰ অৱসান ঘটাই বৃহত্তৰ উদ্দেশ্য পূৰণ কৰাটোহে সফলকাম হ’ব দুৰ্বল শ্রেণীবোৰ :- পিছ পৰা শ্ৰেণী বা দুৰ্বল শ্ৰেণী বুলি ক’লে সাধাৰণতে সকলো দুর্বল শ্রেণীকে বুজায়। ইয়াৰ দ্বাৰা বিশেষকৈ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছ পৰা জাতিসমূহক বুজায়। ইয়াৰ লগতে বৰ্তমান মহিলা আৰু সংখ্যালঘু শ্রেণীবোৰকো ধৰা হয়।

5. ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণী বুলিলে কি বুজা? সংক্ষেপে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণী ‘ বুলিলে সাধাৰণতে পিছ পৰা জাতিৰ অনা অস্পৃশ্য লোকক বুজোৱা হয়। নিম্ন আৰু মধ্য জাতি হিচাপে পৰম্পৰাগতভাৱে কৃষি, পশু পালন, হস্তশিল্প, কার্যত নিয়োজিত লোকক বুজোৱা হয়। জাতিৰ স্থান আৰু বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি অন্যান্য পিছ পৰা শ্ৰেণী নিৰ্ধাৰণ কৰা হয়। অন্যান্য পিছ পৰা শ্ৰেণীৰ লোকসকল অস্পৃশ্য শ্রেণী ওপৰৰ শ্ৰেণীৰ আৰু আনহাতে দ্বিজসকলৰ ব্ৰহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য) তলৰ শ্ৰেণীৰ লোক বুলি গণ্য কৰা হয়। অন্যান্য পিছ পৰা শ্ৰেণীৰ গঠন আৰু ইয়াৰ বাবে কৰা ব্যৱস্থাৰ ক্ষেত্ৰত বহুতো খেলিমেলি দেখা যায়। অৱশ্যে মণ্ডল আয়োগৰ গোচৰত সর্বোচ্চ ন্যায়ালয়ে সংবিধানৰ ১৬ ৪। অনুচ্ছেদ মতে সিদ্ধান্ত গ্রহণ কৰে যে পিছ পৰা কথাটো সম্পূর্ণ সামাজিক শৈক্ষিক নহয়। অন্যান্য পিছ পৰা শ্ৰেণীটো একেটা শ্ৰেণীৰে লোক নহয়। ইয়াত বহুতো শাখা – প্রশাখাৰ লোক আছে। এই শ্ৰেণীৰ পিছ পৰা কথাটো ব্যক্তিগত নহয়, ই সম্প্রদায় ভিত্তিক। পিছ পৰা শ্ৰেণীটো প্ৰকৃতাৰ্থত শ্রেণী নহয় আচলতে এটা সম্প্ৰদায়ৰ এটা দলহে। ই এটা বিভিন্ন ব্যক্তিৰ ডাঙৰ মিশ্ৰিত জনসমষ্টিহে। গতিকে অন্যান্য পিছপৰা শ্ৰেণীটো ‘ অস্পষ্ট আৰু দ্ব্যর্থবোধক ‘ এটা শ্ৰেণী বুলিয়ে ক’ব পাৰি।

6. ভাৰতৰ অনুসূচীত জাতিৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ অনুসূচীত জাতি :- ভাৰতৰ অনুসূচীত জাতিটো এটা অন্যতম পিছপৰা জাতি। ১৯৯১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় ১৬.৪৮, লোক অনুসূচীত জাতিৰ লোক। চৰকাৰৰ কাৰ্যসূচীত অনুসূচীত জাতিৰ কল্যাণ সাধনৰ বাবে বিশেষ কেন্দ্রীয় সাহায্যৰ ব্যৱস্থা ৰখা হৈছে।

ভাৰতৰ সমগ্ৰ জাতি ব্যৱস্থাত সামগ্ৰিকভাৱে অনুসূচীত জাতিক একেবাৰে নিম্ন স্থানত ৰখা হয়। এই জাতিটো একেবাৰে নিম্ন স্থানৰ এটা সুকীয়া জাতি। এই জাতি বৰ্ণ’ ব্যৱস্থাৰ চাৰিটা বৰ্ণৰ ভিতৰত নপৰে। অনুসূচীত জাতিৰ মাজত ধর্মীয় ক্রিয়া – কর্ম, নীতি – নিয়ম বৰ বেছি। এই জাতিৰ বৃত্তিমূলক কাম – কাজ একেবাৰে নিম্নখাপৰ বুলি গণ্য কৰা হয় সেই কাৰণে এনে জাতিৰ লোক সাধাৰণতে গাঁওৰ আছুতীয়া অঞ্চলবোৰত বসবাস কৰিছিল।

অনুসূচীত জাতি ‘ (Scheduled caste) এই শব্দ দুটা প্রথমে ‘ চাইমন আয়োগে ‘ আৰু তাৰ পিছত ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনৰ দ্বাৰা স্বীকৃত হয়। স্বাধীনতাৰ পিছত ভাৰতৰ সংবিধানত এই শব্দ দুটা সন্নিৱিষ্ট কৰি স্বীকৃতি দিয়া হয় আৰু কিছুমান বিশেষ সুবিধা ক্ষতিপূৰণৰ প্ৰভেদ নীতিৰে প্ৰদান কৰিবলৈ ব্যৱস্থা কৰা হয়। এই জাতিবোৰক গান্ধীজীয়ে ‘ হৰিজন’ (ভগৱানৰ সন্তান) আখ্যা দিছে। আনহাতে আমূল পৰিৱৰ্তনবাদী সকলে এই শ্ৰেণীটোক ‘ দলিত ‘ বুলি গণ্য কৰে। দালিত সম্প্ৰদায়ৰ লোকসকলক বহুতে অস্পৃশ্য বুলিও গণ্য কৰিছিল। দলিত শব্দটো দাক্ষিণাত্যৰ জাতি বা কুলে ড ° আম্বেদকাৰে ইয়াক ব্যৱহাৰ কৰি ইয়াক জনপ্ৰিয় কৰি তুলিছিল।

7. অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সাংবিধানিক ব্যৱস্থাবোৰ কি কি আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ বৰ্তমান প্রায় ৫১ শতাংশ লোক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত পৰে। ভাৰতৰ সংবিধানে ‘পিছপৰা শ্ৰেণীৰ কোনো সংজ্ঞা দিয়া নাই। সংবিধানৰ ৩৪০ নং অনুচ্ছেদ মতে পিছপৰা শ্ৰেণীৰ অৱস্থা অনুসন্ধান কৰিবলৈ এখন আয়োগ নিযুক্ত কৰাৰ ব্যৱস্থা কৰে।

১৯৫৩ চনত কাকা চাহেব কালেলকাৰৰ সভাপতিত্বত প্ৰথম পিছ পৰা শ্ৰেণীৰ আয়োগ গঠন কৰা হৈছিল। এই আয়োগে মুঠতে ২৩৯৯ টা জাতিক (প্রায় ৭০ শতাংশ লোক) পিছপৰা বুলি চিনাক্ত কৰে। এইখন আয়োগে মন্তব্য কৰে যে চৰকাৰৰ সাহায্য অবিহনে এই শ্ৰেণীৰ লোকে নিজৰ উন্নয়ন সাধন কৰিব নোৱাৰে। জাতিকে মূল উপাদান হিচাপে লৈ এই অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাখন প্ৰস্তুত কৰা হয়। এই তালিকাভুক্ত শ্রেণীবোৰৰ বাবে চৰকাৰৰ ২৫ শতাংশ প্ৰথম শ্ৰেণীৰ, ৩৩ শতাংশ দ্বিতীয় শ্ৰেণীৰ আৰু ৪০ শতাংশ তৃতীয় শ্ৰেণীৰ চাকৰি সংৰক্ষণ কৰিব লাগে বুলি প্ৰস্তাৱ দিয়ে। অৱশেষত এই আয়োগে মন্তব্য প্ৰকাশ কৰে যে ভাৰতত প্ৰকৃত সামাজিক সমতা আনিব পৰা যাব কেৱল মাত্ৰ জাতি প্রথা বিলোপ সাধন আৰু সামাজিক বৈষম্য নাইকিয়া কৰিছে। প্রধানমন্ত্রী ভি . পি . সিঙৰ চৰকাৰৰ দিনত মণ্ডল আয়োগৰ প্ৰতিবেদন মতে মুঠ ২৯ শতাংশ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয়। ১৯৯২ চনত সর্বোচ্চ ন্যায়ালয়ে মণ্ডল আয়োগৰ প্রতিবেদনৰ ওপৰত তলত দিয়া বৈশিষ্ট্যবোৰ উল্লেখ কৰে—

১। অন্যান্য পিছ পৰা শ্ৰেণীৰ লোকক চিনাক্ত কৰাৰ বাবে জাতিকে মূল ভিত্তি বুলি গ্ৰহণ কৰা হয়।

২। আসন সংৰক্ষণৰ সৰ্বোচ্চ সীমা ৫০ শতাংশ হ’ব বুলি নিৰ্ধাৰণ কৰা হয়।

৩।সর্বোচ্চ পর্যায়ৰ (Creamy layer) সেই জাতিৰ লোকসকলক সংৰক্ষণৰ পৰা বাদ দিয়া হ’ব।

৪। কিছুমান কাৰিকৰী পদ সংৰক্ষণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে

৫। পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণ নাথাকিব।

৬। পিছ পৰা শ্ৰেণীৰ সামাজিকভাৱে উন্নত অগ্ৰণী ব্যক্তিসকলক বাদ দিবৰ বাবে কিছুমান আর্থ – সামাজিক চৰ্ত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিছে।

৭। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই শ্ৰেণীত সন্নিবিষ্ট কৰা বা নকৰাৰ বাবে কৰা অভিযোগ বা অনুৰোধ পৰীক্ষা – নিৰীক্ষা আৰু বিচাৰ কৰাৰ বাবে বিচাৰালয় স্থাপন কৰিব লাগে। বর্তমান সমাজতত্ত্ববিদসকলে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিক দিয়া ক্ষতিপূৰণমূলক প্ৰভেদ আৰু অন্যান্য পিছ পৰা শ্ৰেণীক দিয়া সুবিধাবোৰৰ মাজত পাৰ্থক্য দেখুৱাইছে। ভাৰতীয় সমাজত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিবোৰ সহজতে চিনাক্ত কৰিব পৰা জাতি কিন্তু অন্যান্য পিছ পৰা শ্ৰেণীৰ লোকক তেনেদৰে চিনাক্ত কৰিব নোৱাৰি। পিছ পৰা শ্ৰেণীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰবোৰৰ নীতিবোৰ বেলেগ বেলেগ। কিছুমান ৰাজ্যত মুছলিমসকলকো অন্যান্য পিছ পৰা শ্ৰেণীত ধৰা হৈছে।

মহিলাসকল :- ভাৰতীয় সমাজৰ দুৰ্বল শ্ৰেণীবোৰৰ ভিতৰত আন এটা আটাইতকৈ সংখ্যাগৰিষ্ঠ দুর্বল, শক্তিহীন, পৰম্পৰাগতভাৱে অৱহেলিত শ্ৰেণী হ’ল মহিলাসকল।

১৯৪৭ চনত স্বাধীনতা লাভ আৰু ১৯৫০ চনত গণতান্ত্রিক সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছে। আজি ৫৫ বছৰো অধিক কাল ভাৰতবৰ্ষত ভাৰতৰ জনসাধাৰণে নিজে প্রতিনিধি নিৰ্বাচিত কৰি, ন্যায়, স্বতন্ত্রতা, সমতা আৰু ভাতৃত্বৰ মহান আদর্শ আগতলৈ দেশ শাসন কৰিছে যদিও মহিলাসকলে এতিয়াও পুৰুষৰ সমান স্থান পোৱা নাই। সমাজত পুৰুষ – মহিলাৰ মাজৰ অসমতা বিভিন্ন সংস্থা, প্ৰথা আৰু কাৰ্যৰে প্রমাণিত হয় যেনে আর্থিক, সামাজিক, স্বাস্থ্য, পুষ্টিহীনতা আদিৰ ক্ষেত্ৰত। দেশখনত প্ৰতি বছৰে মহিলাৰ বিৰুদ্ধে নানা অপৰাধৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। মহিলাৰ প্ৰতি সামাজিক সম্মান, শালীনতা যথেষ্ট হ্রাস পাই আহিছে। মহিলাৰ বিৰুদ্ধে শাৰীৰিক অত্যাচাৰ, যৌতুক, ধৰ্ষণ, স্ত্ৰীৰ ওপৰত দমন অত্যাচাৰ, হত্যা আদি অমানুষিক কার্য চলি আহি আছে। কিছুমানৰ বাবে মহিলাসকল পণ্য দ্ৰব্যত পৰিণত হৈ পৰিছে। এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নানা কাৰ্যসূচী লৈছে। কিন্তু আশানুৰূপভাৱে ফলৱতী হ’ব পৰা নাই।

8. অনুসূচীত জাতিৰ সামাজিক সমস্যাবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ অনুসূচীত জাতি বা দলিতসকল মূল অত্যাৱশ্যকীয় সুবিধাৰ পৰা বঞ্চিত অতি দুখীয়া লোক, তেওঁলোক সামাজিকভাৱে পিছপৰা শ্ৰেণী। এই জাতিৰ লোকসকলৰ বেছিভাগৰে আৱশ্যক মতে খাদ্য – খানাৰ অভাৱ, কাপোৰ – কানিৰ অভাৱ, স্বাস্থ্যৰ বাবে চিকিৎসা ব্যৱস্থাৰ অভাৱ, বাসস্থানৰ অভাৱ প্রকটভাৱে দেখা যায়। জাতিটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা হৈছে আৱশ্যকীয় শিক্ষাৰ অভাব।

অনুসূচীত জাতিৰ মাজত যদিও পৰম্পৰাগতভাৱে প্ৰচলিত বৃত্তিমূলক কামৰ প্ৰচলন ক্রমান্বয়ে কমি আহিছে তথাপি সামাজিকভাৱে কম প্ৰস্থিতিৰ বৃত্তিতহে বেছিভাগ লোক আৱদ্ধ হৈ থকা, দেখা যায়। ভাৰতৰ আধুনিকীকৰণৰ ব্যৱস্থাই পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা জাতিগত বৃত্তিৰ প্ৰচলন শিক্ষা – দীক্ষা পোৱাসকলৰ মাজত কিছু পৰিমাণে কমাবলৈ সক্ষম হৈছে আনহাতে ভাৰতৰ কোনো কোনো অঞ্চলত অস্পৃশ্যতা প্ৰথা সংবিধান অৱজ্ঞা কৰি এতিয়াও প্ৰচলিত হৈ আছে। অনুসূচীত জাতি ভাৰতৰ সকলো ঠাইতে একে নহয়। বৃত্তি অনুযায়ী ঠাই বিশেষে এই জাতিও বেলেগ বেলেগ। ভৌগোলিক সম্প্ৰসাৰণ, সংখ্যাগত ক্ষেত্ৰত আৰু ধৰ্মীয় ক্ৰিয়া – কর্মত বেলেগ। সকলো ঠাইৰে এই জাতিটো একোটা সুকীয়া অঞ্চলতহে থাকে। তেওঁলোকে সামাজিকভাৱে বাধাহীন নহয়। বিভিন্ন বাধাৰ সন্মুখীন তেওঁলোকে হ’ব লগা হয়। ভাৰতৰ সংবিধান প্ৰবৰ্তন অর্ধশতিকা পাৰ হোৱাৰ পিছতো আৰু দশম পাঁচ বছৰীয়া পৰিকল্পনা শেষ হোৱাৰ পিছতো এই জাতিটোৰ নাগৰিকসকলে পৰাধীনতাৰ আগৰ সামাজিক অৱস্থাতে থকা বুলি ক’ব পাৰি। ভাৰতৰ গ্ৰামাঞ্চলত এতিয়াও অস্পৃশ্যতাৰ প্ৰচলন আছে। এতিয়াও গাঁৱৰ বহুতো অনুসূচীত জাতিয়ে নানা সুবিধাৰ পৰা বঞ্চিত হৈ আহি আছে। উন্নত বুলি কোৱা কেবাখনো ৰাজ্যত উচ্চ জাতিৰ কবলত পৰি এই জাতিয়ে দলিত জীৱন জাপন কৰিব লগা হৈ আছে। মাটিৰ গৰাকীৰ তলত . নানা অত্যাচাৰ ভোগ কৰি জীৱন অতিবাহিত কৰিব লগা হৈছে। মাটিৰ মালিকে এই শ্ৰেণীৰ লোকক নানাভাৱে শোষণ কৰি চলি আছে স্বাধীনতাৰ ৫০ বছৰ পিছতো। বৰ্তমান অৱশ্যে ৰাজ্যবোৰত সমস্যাবোৰ নিৰাময়ৰ নানা উপায় অৱলম্বন কৰা হৈছে।

Leave a Comment

error: Content is protected !!
Scroll to Top