গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ | Chapter 11 | Class 12 Sociology - AHSEC

গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ | Chapter 11 | Class 12 Sociology – AHSEC

গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ | Chapter 11 | Class 12 Sociology Chapter 11 গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 11 Notes | AHSEC Class 12 HS Sociology Chapter 11 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 11 গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ | HS Sociology Questions and Answers Assam | HS 2nd Year গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 11 গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ


গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ

দ্বিতীয় খণ্ড: পাঠ: ৪

পাঠ্যপুথি অনুশীলনীৰ প্ৰশ্নোত্তৰ

1. তোমালোকে বাস কৰা ঠাইৰ ওচৰে – পাজৰে এনে কোনো ঠাইৰ ইটাৰ ভাটা বা এনে কোনো কাম দেখিছানে, য’ত কিছুমান প্ৰব্ৰজনকাৰী বনুৱাই কাম কৰে? এতিয়া, এই শ্ৰমিকসকলক’ৰ পৰা আহিছে আৰু তেওঁলোকৰ নিজা গাঁৱৰ পৰা কেনেকৈ এই কামবোৰত তেওঁলোকক নিয়োগ কৰা হ’ল সেই বিষয়ে গম লোৱা লগতে নিজা ঠাইত তেওঁলোকৰ জীৱন শৈলী কেনেকুৱা আৰু এই কৰ্মথলীলৈ কিয় প্ৰব্ৰজন কৰিবলগীয়া হ’ল জানিবলৈ চেষ্টা কৰা।
উত্তৰঃ এই প্ৰশ্নৰ উত্তৰৰ বাবে তথ্যপাতিখিনি তুমি নিজে যোগাৰ কৰিবলৈ চেষ্টা কৰা তুমি এটা ইটাৰ ভাটাৰ কথাকে লোৱা। এই ফেক্টোৰিত বহুতো শ্রমিক লাগে। এই শ্রমিকসকলক সাধাৰণতে বিহাৰ, উৰিষ্যাৰ পৰা অনা হয়। এই শ্রমিকসকলক সেই স্থানতে গৈ কোনো মুখিয়ালক আগতীয়াকৈ কৈ টকা – পইচা দি নিৰ্ধাৰিত সময়ৰ বাবে শ্ৰমিকসকলক মকৰল কৰা হয়। তেওঁলোক থকা – খোৱাৰ সকলো ব্যৱস্থা উদ্যোগী ব্যৱসায়ীগৰাকীজনে ব্যৱস্থা কৰি দিব লাগে। এতিয়া তুমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰা।

১। এই প্রব্রজিত শ্রমিকসকল ক’ৰ পৰা কোনে, কেনেকৈ আনিলে ৰাজ্যখনৰ গাঁওখনৰ, মুখিয়ালজনৰ নাম কোন ঠাইলৈ আহিলে তেওঁলোকক কিমান টকা আগধন দিয়া হৈছে ইত্যাদি তথ্য সংগ্ৰহ কৰা ৷

২। দ্বিতীয়তে শ্রমিকসকলৰ নিজ গাঁওখনৰ সামাজিক আৰু অর্থনৈতিক কথা বুজ ল’বলৈ তেওঁলোকৰ জীৱিকা কি, খেতি, নে উদ্যোগ শ্রমিক, নে বেপাৰ – বাণিজ্য, নে কিবা বাহন আদি চালক গম ল’বা, গাঁওৰ মানুহৰ ঘৰ বাৰী কেনে, আলি – পদূলি কেনে এইবোৰ জানিবলৈ চেষ্টা কৰা নগৰ – চহৰ কিমান দূৰত, বজাৰ – সমাৰ আছেনে নাই ইত্যাদিৰ খবৰ ল’বা। তাত শ্ৰমিকৰ মজুৰি আৰু ইয়াত মজুৰিৰ পাৰ্থক্য কি কিয় ইমান দূৰলৈ আহিব লগা হ’ল, কোনে এই খবৰ দিলে আদি ল’বা।

2. ভূমিহীন কৃষি শ্ৰমিক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ভাবা?
উত্তৰঃ স্বাধীনতাৰ আগেয়ে ভূমিহীন কৃষি – শ্ৰমিক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অৱস্থা বৰ দুখ লগা আছিল। সেইকাৰণে স্বাধীনতাৰ পাছত, চৰকাৰে তেওঁলোকৰ ব্যৱস্থা আৰু প্ৰস্থিতি উন্নত কৰাৰ বাবে আৰু তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে কিছুমান ব্যৱস্থা হাতত লয়। এই কাৰণে চৰকাৰে কিছু ভূমিসংস্কাৰ আঁচনি আৰম্ভ কৰিছিল। তাৰে কিছুমান তলত উল্লেখ কৰা হ’ল—

(ক) যিসকল ভূমিহীন শ্রমিকে যি মাটিত খেতি বাতি কৰিছিল সেইবোৰ মাটিৰ মালিকীস্বত্ব। তেওঁলোকক গৰাকী হিচাপে দি দিয়া হৈছিল।

(খ) জমিদাৰী ব্যৱস্থাৰ উচ্ছেদ সাধন কৰা হৈছিল আৰু জমিদাৰৰ অতিৰিক্ত ভূমি চৰকাৰে হস্তগত কৰিছিল। অতিৰিক্ত ভূমিবোৰ ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰা হৈছিল।
(গ) খেতিয়কসকলৰ সমাজত থকা মধ্যস্থতাকাৰীসকলক আঁতৰোৱা হৈছিল।

(ঘ) ভূমিসমূহ একত্ৰীকৰণ কৰি, খেতিক মাটিৰ পৰিমাণ সীমা বান্ধি দিয়া হৈছিল।

(ঙ) ভূমি সম্পৰ্কীয় নথি – পত্ৰ সাম্প্ৰতিকৰণ কৰা হয়, আৰু উপযুক্ত ব্যৱস্থা কৰি সংৰক্ষিত কৰা হয় ৷

(চ) এইদৰে চৰকাৰে ভূমিহীন শ্ৰমিকসকলৰ আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ স্বাৰ্থ ৰক্ষণাবেক্ষণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল ৷

3. কি কি প্রধান কাৰকে কিছুসংখ্যক সমূহক নতুন সম্পদশালী, উদ্যোগী বাঁ প্রতিপত্তিশীল শ্ৰেণীলৈ পৰিৱৰ্তিত হোৱাত সহায় কৰে? এনে সমূহৰ বিষয়ে উদাহৰণ দাঙি ধৰা।
উত্তৰঃ আমাৰ ভাৰতত সেউজ বিপ্লৱৰ প্ৰৱৰ্তন হৈছিল ১৯৬০ দশকত, যাৰ পৰিণাম আছিল সুদূৰ প্ৰসাৰী। সেউজ বিপ্লৱৰ বাবে যে কেৱল কৃষিজাত দানা শস্যৰ উৎপাদনহে বৃদ্ধি হৈছিল তেনে নহয় ই আন কিছুমান পৰিৱৰ্তনো আনিছিল। ভাৰতৰ গ্ৰাম্য সামজত অর্থনৈতিক বৈষম্যও (অসমতা) বৃদ্ধি পাইছিল সেউজ বিপ্লৱৰ বাবে।

নতুন যন্ত্রপাতি, নতুন কাৰিকৰী, নতুনবীজ, সাৰ, জলসিঞ্চনৰ উপায়সমূহ, কীটনাশক, ঔষধ – পাতি আদি সেউজ বিপ্লৱৰ বাবেই পাবলৈ সম্ভৱ হৈছিল কিন্তু এইবোৰ, ক্ষুদ্র – নিম্ন পৰ্যায়ৰ উপান্ত কৃষকসকলে নাপাইছিল। ধনী কৃষকসকলে এইবোৰ সহজে কিনিব পাৰিছিল কিন্তু দুখীয়া উপান্তৰ খেতিয়কে কিনিব নোৱাৰিছিল। সেই কাৰণে অৰ্থনৈতিক অসমতা বৃদ্ধি পাইছিল। ধনী কৃষক আৰু উপাস্ত কৃষকসকলৰ মাজত।

ধনী কৃষকসকলে জানিব পাৰিছিল কেনেকৈ উন্নত কাৰিকৰী ব্যৱস্থা অবলম্বন কৰি লাভ বেছি কৰিব পাৰি আৰু এই কাৰণতে অর্থনৈতিক অসমতা বৃদ্ধি হৈছিল আৰু গ্ৰাম্যাঞ্চলত অসহনীয় অৱস্থা বৃদ্ধি হৈছিল। সেইকাৰণেই হয়তো সংঘৰ্ষৰ সৃষ্টি হৈছিল গ্রামাঞ্চলত। এই অসন্তুষ্টিৰ বাবেই হয়তো কৃষি কাৰ্যৰ নতুন ব্যৱস্থাৰ সৃষ্টি হৈছিল। দুখীয়া কৃষকসকল ভূমিহীন কৃষি শ্রমিকসকলে সেউজ বিপ্লবৰ সুবিধাবোৰ ল’ব পৰা নাছিল।

এইদৰে সমাজখনে উন্নতি কৰিব পৰা নাছিল যেতিয়ালৈকে গ্রাম্য সমাজৰ বৃহৎসংখ্যকে সেউজ বিপ্লবৰ সুবিধাসমূহ পাবলৈ সক্ষম নহ’ব।

এইটো ঠিক আৰু সত্য যে শস্যৰ উৎপাদন দেশখনত বৃদ্ধি পাইছে যথেষ্ট পৰিমাণে কিন্তু এই বৃদ্ধি দেশখনৰ সকলো ঠাইতে হোৱা নাই। ই যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে— পঞ্জাৱ, হাৰিয়ানা, উত্তৰ – প্রদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যতহে। কিন্তু ভাৰতৰ আন ৰাজ্যবোৰে এই বিপ্লবৰ দ্বাৰা বেছি কাৰ্যকৰী প্রভাব নাপালে। সেই কাৰণে ৰাজ্যবোৰৰ মাজততা অর্থনৈতিক অসমতা বৃদ্ধিহে পাইছিল। নগৰীয়া অঞ্চলত এক শ্ৰেণীৰ পুঁজিপতি কৃষকৰ সৃষ্টিহে হৈছিল। এই শ্ৰেণীৰ পুঁজিপতি কৃষসকলে কৃষিকার্যত বেছি টকা বিনিয়োগ কৰি আৰু বেছি লাভ বা মুনাফা আদায়হে কৰিছিল।

সেউজবিপ্লবৰ পৰা লাভান্বিত হোৱা ৰাজ্যবোৰত লিংগৰ হাৰো পৰিৱৰ্তন হৈছিল। গ্রামাঞ্চলত সামাজিক পৰিবৰ্তনে এক নতুন দিশে অগ্রগতি লাভ কৰে যদিও তাত বিভিন্নতা দেখা যায়।

4. ছাত্র- ছাত্রীসকল, তোমালোকে তলত দিয়া কথাখিনি পঢ়া আৰু তাৰ পৰাই তলত উল্লেখ কৰা প্রশ্ন দুটিৰ উত্তৰ লিখা।
আঘান বিঘা (Agham Bigha) নামৰ ঠাইত শ্রমিক সকলে কাম বা শ্ৰম কৰাৰ এক বিষম বা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু এই অনাকাংক্ষিত বা বিষম পৰিস্থিতিটো সৃষ্টিৰ মূলতে আছিল মালিক শ্ৰেণীয়ে পোৱা অর্থনৈতিক ক্ষমতা (economic power) আৰু এটা প্রতিপত্তিশীল জাতিৰ সদস্য হিচাপে পোৱা অধিক ক্ষমতা। এই প্রতিপত্তিশীল জাতিৰ মালিক শ্ৰেণীটোৱে এনেধৰণে পোৱা ক্ষমতাক শ্ৰমিকসকলৰ বিবিন্ন দিশৰ ওপৰত অনাকাংক্ষিত ভাৱে খটুৱাৰ ফলত শ্ৰমিক সকলৰ বাবে এক অনাকাংক্ষিত বা বিষম পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই মালিক শ্ৰেণীয়ে পোৱা সামাজিক ক্ষমতাৰ এক উল্লেখনীয় দিশ হ’ল যে, তেওঁলোকে সেই সময়ৰ ৰাজ্যৰ প্ৰতিৰক্ষাৰ সশস্ত্র শক্তি (armis) কো তেওঁলোকৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰিছিল। এনেধৰণৰ কাৰকৰ ফলতেই শ্রমিক আৰু প্রতিপত্তিশীল শ্ৰেণীৰ মাজৰ ব্যৱধান ক্ৰমশঃ বাঢ়ি গৈছিল।

(ক) মালিকসকলে তেওঁলোকৰ স্বাৰ্থৰ বাবে ৰাষ্ট্ৰৰ সশস্ত্ৰ শক্তিকো ব্যৱহাৰ কৰিব, পৰাৰ কাৰণ তোমালোকে কি বুলি ভাবা?
উত্তৰঃ গৰাকী বা মহিলাসকলে তেওঁলোকৰ নিজৰ স্বার্থজড়িত কামবোৰ কৰাৰ বাবে ৰাষ্ট্রযন্ত্ৰৰ শক্তি ব্যৱহাৰ কৰাৰ ক্ষমতা তেওঁলোকৰ আছে কাৰণ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ’ল— তেওঁলোকৰ অৰ্থনৈতিক ক্ষমতা আৰু এটা প্ৰতিপত্তিশালী জাতিৰ সদস্য হিচাপে পোৱা অধিক ক্ষমতা।

(খ) শ্ৰমিকসকলে শ্রম বা কাম কৰাৰ ক্ষেত্ৰত এক বিষম বা অনাকাংক্ষিত পৰিস্থিতিৰ কিয় সৃষ্টি হৈছিল।
উত্তৰঃ আঘান বিঘাৰ মালিক শ্ৰেণীটোৱে সেই ঠাইত অৰ্থনৈতিক ক্ষমতা আৰু এটা প্ৰগতিশীল জাতিৰ সদস্য হিচাপে পোৱা অধিক ক্ষমতাৰ বাবে মালিক শ্ৰেণীটোৱে শ্ৰমিকসকলক বিভিন্ন দিশৰ ওপৰত অনাকাংক্ষিতভাৱে খটুৱাৰ ফলত শ্ৰমিকসকলে এক বিষম পৰিস্থিতিৰ সৃষ্টি হৈছিল।

READ MORE  সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি | Chapter 5 | Class 12 Sociology - AHSEC

5. তোমালোকে ভাৰতবৰ্ষৰ গ্ৰাম্য অঞ্চলবোৰৰ পৰিৱেশৰ ওপৰত তথ্য সংগ্ৰহ কৰি এখন প্ৰতিবেদন প্রস্তুত কৰা। লগতে এই প্রতিবেদন প্রস্তুত কৰোতে তলৰ দিশ বা বিষয়কেইটা সাঙুৰি ল’বা।
(ক) গ্ৰাম্য অঞ্চল ৰাইজে কৃষি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্রব্য, ৰাসায়নিক সাৰৰ ব্যৱহাৰ।

(খ) জল পৃষ্ঠৰ হ্ৰাস।

(গ) সাগৰৰ কাষৰীয়া ঠাইত ব্যৱসায়িক ভিত্তিত মিছা মাছ পোহাৰ ফলত পৰিবেশৰ ওপৰত পৰা প্ৰভাৱ।

(ঘ) কৃত্ৰিমভাৱে জলসিঞ্চন ব্যৱস্থা কৰা ঠাইবোৰত বৃহৎ পৰিমাণৰ পানী জমা হৈ পৰা আৰু সেই ঠাইবোৰত মাটি লৱনযুক্ত বা লোণযুক্ত হৈ পৰা ৷

(ঙ) জৈৱ বৈচিত্ৰ্যৰ বিপৰ্যয় ইত্যাদি। এই প্রতিবেদন প্রস্তুত কৰোতে তলৰ উৎস সমূহৰ পৰা প্ৰতিবেদন সমূহৰ সহায় ল’ব পাৰিবা।

(i) State of India’s Environmental Reports .

(ii) Reports from Centre for Science and Development,

(iii) ‘Down to Earth’ নামৰ এখন আলোচনী ইত্যাদি।

উত্তৰঃ (এই প্ৰশ্নটো দিয়া মতে প্রতিবেদন খন নিজে লিখি উলিয়াবলৈ চেষ্টা কৰা।)

6. হিন্দী আৰু আঞ্চলিক ভাষাৰ বোলছবিৰোৰৰ বেছি ভাগেই গ্ৰাম্য জীৱনক লৈ প্ৰস্তুত কৰা। তোমালোকে এখন বোলছবিৰ কথা ভাবা, যিখন ভাৰতৰ গ্ৰাম্য জীৱন বা গ্ৰাম্য সমাজক লৈ প্ৰস্তুত কৰা হৈছে আৰু গ্ৰাম্য কৃষি সমাজৰ সংস্কৃতি সেই বোলছবিত উপস্থাপন কৰা হৈছে ৷ তোমাললাকে মূল্যাংকন কৰাৰ প্ৰয়াস কৰা যে কেনেকৈ এই সমাজৰ বাস্তৱতা তাত দেখুওৱা হৈছেনে এনে ধৰণৰ গ্ৰাম্য সমাজৰ ওপৰত সদ্যহতে মুক্তিপ্রাপ্ত কিবা বোলছবি তুমি চাইছানে? যদি নাই চোৱা, কিয় চাব পৰা নাই ব্যাখ্যা কৰা।
উত্তৰঃ আমাৰ ভাৰতীয় সমাজখন গাঁৱৰ দ্বাৰাই গঠিত বুলি ক’ব পাৰি। অধিক সংখাক লোক গাঁৱতে বসবাস কৰে। সেই কাৰণে ভাৰতৰ বিভিন্ন ভাষাৰ বোলছবি কিছুমান গাঁৱৰ পটভূমিতে, গাঁৱৰ জীৱনক লৈয়ে নিৰ্মাণ কৰা দেখা যায়। মই এই প্ৰশ্নৰ উত্তৰত তেনে এখন ছবিৰ কথা উল্লেখ কৰিম। আজি প্ৰায় কেবা বছৰ ধৰি আগতে ‘ দো বিঘা জমিন’ নামৰ এখন বোলছবি চাইছিলোঁ। ছবিখনত এটা সৰু পৰিয়াল আদবয়সীয়া লোকজনে অতি সুন্দৰভাৱে দুইবিঘা মাটিতে নিয়াৰিকৈ সময়মতে কেবাটাও খেতি কৰি সৰু পৰিয়ালটো কিদৰে বিভিন্ন সামাজিক সমস্যাৰ মাজেৰে উৎসৱ – পূজা পার্বণ কৰি বজাৰ সমাৰত বস্তু কিনা – বেচা কৰি, অতি শ্ৰম কৰি . গাঁৱলীয়া পৰিৱেশ এটাৰ মাজত জীৱন – যাপন কৰিছিল তাকে ফুটাই তুলিছিল।

ছবিখন গাঁৱৰ বাসিন্দাসকলে কিদৰে আনন্দৰ মাজেৰে খেতিৰ সময়ত লগ লাগি পৰস্পৰে পৰস্পৰক সহায় কৰি খেতিবাতি কৰে টান কামত সকলোৱে সহযোগী মনোভাবেৰে কাম কৰে তাকে ফুটাই তুলিছে। বজাৰত অঞ্চলটোৰ প্ৰত্যেকে বিভিন্ন কৃষিজাত বস্তু কিনা – বেচা কৰি, আদান – প্ৰদানৰ মাজেৰে এটা উন্নত সামাজিক ব্যৱস্থাৰ আভাস দাঙি ধৰিছে। ছবিখনত তাৰ মাজত গাঁৱৰ বিবাহ – উৎসৱৰ নীতি – নিয়ম, পূজা – পাৰ্বণ, কৃষিৰ লগত জড়িত উৎসৱ আদিৰো উপস্থাপন দেখুৱাইছে ৷

মুঠতে ছবিখনত সীমিত ভূমিতে এটা পৰিয়ালে উন্নত পদ্ধতিৰে খেতি কৰিলে, শ্ৰম কৰিলে কি দৰে এটা পৰিয়াল খুব নিয়াৰিকৈ জীৱন – যাপন কৰিব পাৰি তাকে ছবিখনত দাড়ি ধৰিছে। লগতে ছবিখনৰ গ্ৰাম্য সমাজখনৰ বাসিন্দাসকলৰ মাজৰ মিলাপ্ৰীতি, সহযোগিতা, উন্নয়নৰ কাম – কাজৰ দেখুৱাইছে। তাৰ মাজত গ্রাম্য সমাজখনৰ স্থানীয় উৎসৱ, কৃষিৰ লগত জড়িত উৎসৱ পূজা আদিৰো একোটি আভাস পোৱা যায়। ছবিখনৰ এয়ে থুল মূল আভাস। অৱশ্যে বৰ্তমান দুবছৰ মান চিনেমা হ’লত গৈ চিনেমা চোৱা বন্ধৰ নিচিনা হৈছে, ঘৰতে কেতিয়াবা সময় পালে দুই এখন চিনেমা টিভিতে চাওঁ।

7. কৃষি শ্রমিকসকলৰ পৰিস্থিতি বা অৱস্থা আৰু তেওঁলোকৰ ঊর্ধ্বমুখী আর্থ সামাজিক গতিশীলতাৰ অভাৱৰ মাজত প্ৰত্যক্ষ সম্পর্ক আছে এই বিষয়ে লিখা।
উত্তৰঃ কৃষি – শ্ৰমিকসকলৰ পৰিস্থিতিৰ বা অৱস্থাৰ বাবে দায়ী বা অভাৱবোৰৰ কিছুমান তলত উল্লেখ কৰা হ’ল— যেনেঃ দৰিদ্ৰতা, নিবনুৱা অৱস্থা, ঋণগ্রস্ততা, প্ৰব্ৰজনিত অৱস্থা, খেতি কৰাৰ বাবে মাটিৰ অভাৱ, চৰকাৰী নীতি – নিৰ্দেশনাৰ জ্ঞানৰ অভাৱ, নতুন কাৰিকৰী জ্ঞানৰ অভাৱ আদিয়ে হ’ল কিছুমান কাৰক যিবোৰৰ বাধা গ্রস্ততাই কৃষি – শ্ৰমিকসকলৰ ঊর্ধ্বমুখী আর্থসামাজিক গতিশীলতাত বাধা প্ৰদান কৰি থাকে।

8. তোমালোকৰ স্থানীয় ফল – মূল বিক্রেতা এজনক সোধা যে— তেওঁলোকে কি কি ফলমূলৰ ব্যৱসায় কৰে তথা এই ফল – মূলবোৰ কোন ঠাইৰ পৰা অনা হৈছে আৰু এইবোৰৰ মূল্য কেনে ধৰণৰ? এতিয়া তোমালোকে জানিবলৈ যত্ন কৰা যে ভাতৰত বাহিৰৰ পৰা ফলমূল (যেনে অষ্ট্ৰেলিয়াৰ পৰা অহা আপেল) আমদানি কৰাৰ দেশত পৰিণামত স্থানীয়ভাৱে উৎপাদিত ফল – মূলবোৰৰ বিক্ৰী মূল্যৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন হৈছে নেকি? লগতে জানিবলৈ চেষ্টা কৰা যে – এনে কোনো আমদানি কৰা ফল – মূল আছেনে, যিবোৰৰ মূল্য ভাৰতত উৎপন্ন হোৱা ফল – মূলতকৈ কম।

উত্তৰঃ (তলত দিয়া ইংগিতমতে উত্তৰটো তুমি নিজে প্ৰস্তুত কৰা।)
সংকেটঃ প্রথমে—
(ক) ব্যৱসায়ীজনে কি কি ফল – মূল বেচে?
(খ) সেইবোৰ ক’ৰ পৰা আমদানি কৰে?
(গ) সেইবোৰৰ প্ৰত্যেকটোৰে দাম কি কি?

দ্বিতীয়তে—
(ক) বাহিৰৰ পৰা আমদানিকৃত ফলমূল আৰু স্থানীয় (ভাৰতৰ ফলমূলৰ দামৰ পাৰ্থক্য কি? গ্রাহকে কোনটো বেছি বিচাৰে বা কিনে? স্থানীয় ফলমূলৰ বজাৰত ইয়াৰ প্ৰতিক্ৰিয়া কি?

(খ) তেওঁৰ দোকানত স্থানীয় ফল – মূলৰ দামতকৈ কম মূল্যৰ কিবা ফল – মূল আছেনে? যদি আছে তাৰ নাম কি? ভাৰতৰ ক’ৰ পৰা আহে এই ফল – মূল?

অতি চমু প্রশ্নোত্তৰ

1. উদাৰীকৰণ নীতি ভাৰতত কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ উদাৰীকৰণ নীতি ভাৰতত আৰম্ভ হয় —১৯৮০ চনৰ পৰা ৷ এই নীতিয়ে ভাৰতক বিশ্ব বাণিজ্যিক সংস্থাৰ লগত যোগ দিবলৈ বাধ্য কৰে।

2. ‘সেউজ বিপ্লব’ৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ পৰিকল্পনা আৰু প্ৰযুক্তিবিদ্যা সেউজ বিপ্লৱৰ মূল বৈশিষ্ট্য।

3. গ্ৰাম্য জীৱনৰ একমাত্ৰ সম্পত্তিবিধ কি?
উত্তৰঃ মাটি সম্পত্তি।

4. ভাৰতৰ বিভিন্ন ৰাজ্যৰ চাৰিটা কৃষি উৎসৱৰ নাম লিখা।
উত্তৰঃ কৃষি উৎসৱ চাৰিটা–
(ক) অসমৰ – বিহু উৎসৱ।
(খ) পাঞ্জাৱৰ – বৈশাখী উৎসৱ।
(গ) তামিনাডুৰ – পংগাল উৎসৱ।
(ঘ) কৰ্ণাটকৰ – ওগাৰী উৎসৱ।

5. বন্ধা শ্রমিক (Bonded labour) পদ্ধতি কি?
উত্তৰঃ ভাৰতৰ কিছুমান ৰাজ্যত বহু নিম্ন শ্ৰেণীৰ ভূমিহীন লোকসকলে তেওঁলোকৰ অভাৱৰ কাৰণে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সহায়ৰ বাবে মাটিৰ মালিক শ্ৰেণীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল আছিল। তেনে জাতিৰ লোকসকলে বংশানুক্রমিকভাৱে মাটিৰ মালিকৰ ঘৰত বছৰ বছৰ ধৰি কাম কৰিছিল। ইয়াকে বন্ধাশ্রমিক বুলি কোৱা হয় ৷

6. জীতা পদ্ধতি বুলিলে কি বুজা?
উত্তৰঃ জীতা পদ্ধতি এক প্ৰকাৰৰ বন্ধা শ্রমিক পদ্ধতি। ভূমিহীন নিম্ন শ্ৰেণীৰ লোকে মালিকৰ ঘৰত বন্ধা শ্ৰমিক ৰূপে কাম কৰে ৷ কর্নাটকত ইয়াকে জীতা পদ্ধতি বুলি কোৱা হয় ৷

7. ‘ৰায়ত’ পদ্ধতি কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ ৰায়ত পদ্ধতি তেলেগু ভাষাৰ পৰা আহিছে। তেলেগু ভাষাত ৰায়ত মানে কৃষকক বুজায়। ৰায়ত শব্দৰ পৰা ৰায়তী পদ্ধতি সৃষ্টি হৈছিল। এই পদ্ধতিৰে ব্ৰিটিছে কিছুমান ঠাইত মাটিৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰশাসন চলাইছিল আৰু খেতিয়ক বা ৰায়তৰ লগত সম্পর্ক বা কৰিছিল।

8. গ্ৰামাঞ্চলৰ কৃষিৰ অনুষংগিক বৃত্তি দুটাৰ নাম লিখা।
উত্তৰঃ কৃষিৰ আনুষংগিক বৃত্তি দুটা—
(ক) পশুপালন বা হাঁহ – কুকুৰা পালন
(খ) কুটীৰ শিল্প।

9. উৎপাদনৰ আহিলা ‘ তিনিবিধৰ নাম লিখা।
উত্তৰঃ উৎপাদনৰ আহিলা তিনিবিধ—
(ক) মাটি
(খ) মূলধন
(গ) শ্ৰম।

10. গ্রামাঞ্চলত থকা চাৰিবিধ চাকৰিৰ নাম লিখা।
উত্তৰঃ গ্রামাঞ্চলত থকা চাৰিবিধ চাকৰিৰ নাম—
(ক) শিক্ষা বিভাগৰ –শিক্ষক।
(খ) ডাক বিভাগৰ – পোষ্টমাষ্টাৰ।
(গ) বিদ্যুৎ বিভাগৰ – বিদ্যুৎ কৰ্মী।
(ঘ) সৈন্য বাহিনীৰ – সৈনিক ৷

11. কৃষিখণ্ডত স্বাধীন ভাৰতত কেতিয়াৰ পৰা সংস্কাৰ নীতি আৰম্ভ হৈছিল?
উত্তৰঃ কৃষি খণ্ডত ১৯৫০ চনৰ পৰা ১৯৭০ চনলৈ আমূল পৰিৱৰ্তন কৰিব বিচৰা হৈছিল।

READ MORE  ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | Chapter 12 | Class 12 Sociology - AHSEC

12. ভূমি সংস্কাৰৰ তিনিখন আইনৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভূমি সংস্কাৰ আইন তিনিখন—
(ক) জমিদাৰী প্রথা উচ্ছেদ সাধন আইন
(খ) ৰায়তীস্বত্ব আইন আৰু বিনিময় আইন।
(গ) মাটিৰ পৰিমাণৰ উচ্চতম সীমা নিৰ্ধাৰণ আইন।

13. গ্রাম্যঅঞ্চলত কৃষিৰ উপৰিও আন কি কি জীবন নিৰ্বাহৰ পথ আছে উল্লেখ কৰা।
উত্তৰঃ গাঁৱৰ আন জীৱন নিৰ্বাহৰ উপায়—
(ক) বাঢ়ৈ,
(খ) কুমাৰ,
(গ), কমাৰ,
(ঘ) বনিয়া বা সোণাৰী,
(ঙ) তেলি,
(চ) মৎস্যজীৱী,
(ছ) তাতী,
(জ) ধোৱা আদি।

14. সেউজ বিপ্লৱ কোন কোন ৰাজ্যত ফলৱতী হৈছিল? কি দুটা কাৰণত ফলৱতী হৈছিল?
উত্তৰঃ সেউজ বিপ্লৱ ফলৱতী হৈছিল—
১। পাঞ্জাৱ।
২। উত্তৰ প্ৰদেশ।
৩। অন্ধ্রপ্রদেশ। আৰু
৪। তামিলনাডুত ফলৱতী হোৱা কাৰণ
১। প্ৰধানকৈ জলসিঞ্চনৰ অতি সুবিধাৰ বাবে।
২। বৈদ্যুতিকৰণ সুবিধাৰ বাবে আৰু
৩। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সকলো সা – সঁজুলি ব্যৱহাৰ কৰা হৈছিল।
৪। ৰসায়নিক আৰু উন্নত বীজৰ বাবে।

চমুপ্রশ্নোত্তৰ

1. ‘ভূমি বিষয়ক সংৰচনা’ (Agrarian Structure) কি?
উত্তৰঃ ভূমি বিষয়ক সংৰচনা বা সংগঠন শব্দটো মাটি মালিকসকলৰ সংৰচনাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মাটিৰ মালিক হোৱা সকলৰ দ্বাৰা সমাজত একশ্রেণী লোকৰ এটা। সংগঠনৰ সৃষ্টি হয়। এই শ্ৰেণীৰ সংগঠনটোকে ভূমি বিষয়ক সংৰচনা (Agrarian Structure) বুলি জনা যায়।

2. গ্ৰামাঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?
উত্তৰঃ গ্ৰামাঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কৃষি কাৰ্যকৃষিৰ ওপৰতে সৰ্বাধিক মানুহ নিৰ্ভৰশীল। গ্ৰাম্যাঞ্চলত কৃষি উৎপাদন প্রধান উৎস হ’ল— ‘মাটি’ গ্ৰামাঞ্চলৰ মানুহৰ অতি গুৰুত্বপূৰ্ণ সম্পত্তি হ’ল মাটি সম্পত্তি।

3. কৃষি পামৰ উৎপাদন বৃদ্ধিৰ বাবে কি লাগে?
উত্তৰঃ কৃষি পামৰ উৎপাদন বৃদ্ধিৰ বাবে অতি আৱশ্যকীয় সামগ্ৰী হ’ল — মূলধন আৰু শ্ৰম ৷

4. বিশ্বায়ন বুলিলে কি বুজা?
উত্তৰঃ বিশ্বায়ন এনে এক পদ্ধতি যাৰ দ্বাৰা এখন দেশৰ অৰ্থনীতিৰ লগত আন এখন। দেশৰ অৰ্থনীতিৰ সংহতি স্থাপন কৰিব পৰা যায় ৷ ইয়ে এইটোকে বুজায় যে যেতিয়া এখন দেশে আন দেশবোৰৰ লগত অবাধ গতিৰে সামগ্ৰী, সেৱা, মূলধন আৰু শ্রম বিনিময় কৰে। তাকে বিশায়ন বুলি জনা যায়।

5. উদাৰীকৰণ বুলিলে কি বুজা?
উত্তৰঃ উদাৰীকৰণে নিয়ন্ত্ৰিত অৰ্থনীতিৰ অপ্ৰয়োজনীয় বাধা – নিষেধবোৰ উচ্ছেদ কৰা বা উঠাই দিয়াক বুজায়। সেই কাৰণে উদ্যোগ বা বাণিজ্যিক ব্যৱস্থাত থকা অপ্রয়োজনীয় বাধানিষেধবোৰ উঠাই বা উচ্ছেদ কৰা হয় যাতে দেশৰ অৰ্থনীতিত মুক্ত আৰু বেছি প্ৰতিদ্বন্দ্বিতা আৰু প্ৰগতিশালী হ’ব পাৰে তাকেই উদাৰীকৰণ বোলে।

6. মাটি বা ভূমিৰ পৰিমাণ সীমা নির্ধাৰণ (Ceiling of land) বুলিলে কি বুজা?
উত্তৰঃ মাটিৰ সীমা নিৰ্ধাৰণ মানে এজন মানুহৰ খেতিৰ উপযোগী মাটি এটা নিৰ্ধাৰিত পৰিমাণত থকা উচিত তাতকৈ বেছি থকা উচিত নহয়। এই সীমা নথকাৰ ফলত আগেয়ে। এজন মানুহৰ হেজাৰ, হেজাৰ এক ‘ বা ‘ বিঘা মাটিৰ গৰাকী হ’ব পাৰে আনহাতে বহুতো মানুহৰ মাটিয়ে থাকে। সেই কাৰণে সকলোৰে বাবে যাতে কৃষিৰ উপযোগী মাটি থাকে তাৰ বাবে চৰকাৰে মাটিৰ মালিকীস্বত্বৰ এটা সীমা নিৰ্ধাৰণ (Ceiling of land) কৰি দিয়ে। এই উদ্দেশ্যে বহুতো আইন প্ৰণয়ন কৰা হৈছে। ১৯৯৩ চনত, হাৰিয়ানাত এই সীমা নিৰ্ধাৰণ কৰা হৈছিল ১৮ এক মাটি, পাঞ্জাৱত কৰা হৈছিল ২৭ একৰ। যদি কোনো ব্যক্তিয়ে এই সীমাতকৈ অধিক মাটি দখলত ৰাখে তেওঁৰ অতিৰিক্ত মাটি চৰকাৰে অধিগ্ৰহণ কৰি, ভূমিহীন খেতিয়কৰ মাজত বিতৰণ কৰি দিব পাৰে।

7. স্বাধীনতাৰ পাচত ভাৰতৰ কি কি ভূমিসংস্কাৰ কৰা হৈছে?
উত্তৰঃ ভাৰতত স্বাধীনতাৰ পাচত তলত দিয়া সংস্কাৰসমূহ কৰা হৈছিল—
(ক) লর্ড কর্ণৱালিছে প্ৰৱৰ্তন কৰা জমিদাৰী প্ৰথা— আমাৰ ভাৰত চৰকাৰে ১৯৫৫ চনত এই প্রথা উচ্ছেদ কৰিছিল।
(খ) ভাৰত চৰকাৰে ব্যক্তিৰ অসীম পৰিমাণৰ মাটিৰ মালিকীস্বত্বৰ উচ্চতম সীমা ১৯৭৩ চনত বান্ধি দিয়ে।
(গ) ব্যক্তিৰ ভূমিৰ মালিকী স্বত্ব থকা মাটিৰ পৰিমাণ একত্ৰীকৰণ কৰা হৈছে।
(ঘ) ৰায়ত প্ৰথাৰ বহুতো সংস্কাৰ সাধন কৰা হৈছে।
(ঙ) মাটি পৰিমাণ নতুন নথি – পত্ৰ কৰা হৈছে আৰু সমবায় পদ্ধতি কৃষি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে।

8. ভূমি একত্ৰীকৰণ (Consolidation) মানে কি?
উত্তৰঃ যদি কোনো এজন খেতিয়কৰ কোনো এখন গাঁৱত মাটি থাকে তেতিয়া চৰকাৰে তেওঁক একে ঠাইতে সমান পৰিমাণৰ মাটি দি নাইবা তেওঁৰ মাটি সংগঠিত কৰি একত্ৰীকৰণ কৰিব। ইয়াকে ভূমি একত্ৰিকৰণ বোলে।

9. সমবায় পদ্ধতিৰ কৃষিপাম কি?
উত্তৰঃ যেতিয়া কম কম মাটি থকা সৰু সৰু খেতিয়কসকলে এক লগ হৈ সংগঠিত ভাৱে কৃষি কাৰ্য কৰিবলৈ সন্মত হৈ সমবায় পদ্ধতিত খেতি কৰে তাকে সমবায় কৃষি পাম বোলে। তেওঁলোকে মাটিৰ পৰা হোৱা লাভাংশ নিজৰ অংশে অনুপাতে পোৱাৰ উপৰি শ্ৰমিকৰ বাবে হোৱা খৰচৰ ভাগো মাটিৰ অনুপাতত খৰচ কৰিব লাগে। তেওঁলোকৰ মাটিৰ মালিকীস্বত্ব একেদৰে থাকে।

10. কেতিয়াৰ পৰা মাটিৰ জমিদাৰী প্রথা উচ্ছেদ হৈছিল?
উত্তৰঃ জমিদাৰী প্রথা ব্ৰিটিছ শাসক লৰ্ড কৰ্ণলৱালিছে প্ৰৱৰ্তন কৰিছিল। কিন্তু স্বাধীনতাৰ পাছত, ভাৰত চৰকাৰে এই নীতি উচ্ছেদ সাধন কৰে। ভাৰত যুক্ত ৰাজ্যবোৰে ক্ৰমান্বয়ে এই নীতিৰ উচ্ছেদ সাধন কৰে। ১৯৪৪ চনৰ ভিতৰতে এই নীতি উচ্ছেদ হৈছিল।

11. সেউজ বিপ্লৱৰ দুটা দোষ উল্লেখ কৰা।
নাইবাঃ সেউজ বিপ্লৱৰ এটা ঋণাত্মক ফলাফল উল্লেখ কৰা।

উত্তৰঃ সেউজ বিপ্লৱৰ দোষ—
(ক) উন্নত – কাৰিকৰী বিজ্ঞানৰ সুবিধাবোৰ সাধাৰণ দুখীয়া খেতিয়ক বা কৃষি শ্রমিকে ভোগ কৰিব নোৱাৰে কাৰণ সেইবোৰত খৰচ কৰাৰ সক্ষমতা নাই।

(খ) সেউজ বিপ্লৱে কৃষকৰ মাজত বিভাজন অনাৰ উপৰিও আর্থিক বৈষম্য আনে কাৰণ ধনী কৃষক ক্ৰমে ধনী হৈ গৈ থাকে আৰু দুখীয়া কৃষকসকল দুখীয়া হৈ গৈ আছে।

(গ) সেউজ বিপ্লৱে এক শ্ৰেণী ৰাজনৈতিকভাৱে প্ৰভাৱশালী কৃষকৰ সৃষ্টি কৰে। ভূমি সংস্কাৰ নীতি কার্যকৰীকৰণত এই শ্ৰেণীৰ কৃষকে যথেষ্ট বাধাৰ সৃষ্টি কৰে ৷

12. বিশ্বায়নৰ চাৰিটা নীতি উল্লেখ কৰা।
উত্তৰঃ বিশ্বায়নৰ নীতি চাৰিটা—
(ক) বৈদেশিক মুদ্রা বিনিয়োগৰ বাবে কোনো দেশৰ অৰ্থনীতিৰ দুৱাৰ মুক্ত ৰখা।
(খ) দেশখনৰ বাণিজ্যিক কৰ সৰ্বোচ্চ পৰিমাণলৈ ৰেহাই দিয়ে।
(গ) ৰাজহুৱা ঔদ্যোগিক প্রতিষ্ঠানবোৰ বিনিয়োগ বিমুখ হয়।
(ঘ) ব্যক্তিগত খণ্ডৰ উদ্যোগবোৰৰ বিনিয়োগত উৎসাহ প্রদান কৰা হয়।

12. সেউজ বিপ্লৱ বুলিলে কি বুজা?
উত্তৰঃ ভাৰতত ১৯৬০ দশকত পৰিকল্পনা কৰি কৃষিৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰা হৈছিল। কিছুমান আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনে ভাৰতৰ কিছুমান ঠাইৰ কৃষকলৈ অভূতপূর্ব সফলতা আনি দিলে। সফল খেতিয়কসকলে নিজৰ মাটি, মূলধন, নতুন। উচ্চ প্রযুক্তিবিদ্যা, নতুন প্ৰজাতিৰ বীজ আৰু আধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি, নিজৰ মাটিত অত্যাধিক কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। এই কৃষিজাত খাদ্যশস্যৰ অত্যধিক উৎপাদন ব্যৱস্থাটোকে সেউজ বিপ্লব বুলি জনা যায়। এই বিপ্লৱক কৃষিৰ আধুনিকীকৰণৰ এক চৰকাৰী কাৰ্যসূচী বুলিও জনা যায়।

14. জমিদাৰী পদ্ধতি কি?
উত্তৰঃ স্বাধীনতাৰ আগতে ভাতৰৰ কৃষি ব্যৱস্থাত জমিদাৰী পদ্ধতি প্রচলন আছিল। মুঠ কৃষিভূমিৰ প্ৰায় চাৰিভাগৰ এক ভাগ মাটি জমিদাৰসকলৰ হাতত আছিল। এই ব্যৱস্থা ইষ্ট ইণ্ডিয়া – কোম্পানীৰ গৱৰ্ণৰ লৰ্ড কৰ্ণৱালিছে ১৭৭৩ চনত প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থাত জমিদাৰীসকল মাটিৰ সালিক আছিল। কিন্তু তেওঁ মাটি ব্যৱহাৰ নকৰিছিল। তেওঁ মাটিবোৰে খেতিয়কক খেতি কৰিবলৈ দিব পাৰিছিল। তেওঁ খেতিয়কসকলৰ পৰা খেতি কৰাৰ বাবে খাজনা আদায় কৰিছিল এই খাজনাৰ এটা নিৰ্ধাৰিত পৰিমাণ চৰকাৰক নিয়মীয়াকৈ পৰিশোধ কৰিব লাগিছিল। এইব্যৱস্থাৰ জনপ্রিয় আছিল বিশেষকৈ বংগদেশ, বিহাৰ, উৰিষ্যা, উত্তৰপ্ৰদেশ, মাদ্রাজ আদি প্ৰদেশত।

15. ৰায়তবাৰী পদ্ধতি কি আছিল?
উত্তৰঃ আমাৰ ভাৰতৰ প্ৰায় তিনিভাগৰ এভাগ কৃষি ভূমি স্বাধীনতাৰ সময়ত ৰায়তৱাৰী পদ্ধতিৰে চলিছিল। সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেন্টিঙ্কে জমিদাৰী প্ৰথাৰ ক্ৰটিবোৰ কমাবৰ বাবে এই পদ্ধতি প্রচলন কৰিছিল। এই ব্যৱস্থামতে যিসকল ব্যক্তি বা পৰিয়ালে মাটি বা ভূমিত কৃষিকাৰ্য কৰিব তেওঁচৰকাৰক কৰ দিব লাগিব। এইদৰে চৰকাৰে এক সময়ত প্ৰত্যক্ষভাৱে ভূমিত প্ৰশাসন চলাইছিল। ‘ৰায়ত’ শব্দটো তেলেগু ভাষাৰ ‘ ৰায়ত ‘ মানে কৃষক শব্দৰপৰা আহিছে। এই ৰায়তসকলে চৰকাৰৰ মাটি খাজনা দিব লাগিছিল। সেই এই ৰায়তসকলেই মাটিৰ প্ৰকৃত মালিক হৈছিল। এই ৰায়তসকল প্রকৃততে নিজে হাতে কামে খেতি কৰা কৃষক নাছিল। তেওঁ গৰাকী হিচাপে খেতি কৰিবলৈ আন খেতিয়কক মাটি ভাৰাও দিব পাৰিছিল।

READ MORE  ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Chapter 2 | Class 12 Sociology - AHSEC

16. ভাৰতত স্বাধীনতাৰ পাচত গ্ৰাম্যাঞ্চলত সামাজিক সম্বন্ধৰ প্ৰকৃতিৰ কি কি পৰিবৰ্তন ঘটিছিল?
উত্তৰঃ সামাজিক সম্বন্ধৰ পৰিবৰ্তন—
(ক) অধিক কৃষি শ্রমিকৰ ব্যৱহাৰে কৃষি শস্যৰ উৎপাদন সম্ভৱ কৰি তুলিছিল।
(খ) কৃষি শ্রমিক পাৰিশ্ৰমিক হিচাপে শস্যৰ সলনি নগদ ধন দিয়াৰ ব্যৱস্থা কৰা হয় ৷
(গ) বংশানু ক্রমিকভাৱে বন্ধা শ্ৰমিক · মাটিৰ মালিকৰ ঘৰত থকা নিয়ম লাহে লাহে কমি আহে ৷
(ঘ) গ্ৰাম্যাঞ্চলতো দিন হাজিৰা কৰা শ্ৰমিকৰ সৃষ্টি হ’বলৈ ধৰে।

17. মহ’লবাৰী পদ্ধতি কি আছিল?
উত্তৰঃ মহ’লৱাৰী পদ্ধতি হ’ল আন এক ভূমি প্রশাসন ব্যৱস্থা। এই ব্যৱস্থা মাটিৰ মালিকী ব্যৱস্থাটো আছিল সমগ্ৰ এখন গাঁও হিচাপে। এখন গাঁৱৰ ভূমিৰ নিয়ন্ত্ৰণ আছিল গাঁওখনৰ ওপৰত, ইয়াকে সাধাৰণতে ‘চেমলেট’ বুলি জনা যায়। গাঁৱৰ এই মাটি গাৱৰ পৰিয়ালৰ মাজত ভাগ কৰি দিয়া হয় যিসকলে ইয়াৰ বাবে ‘কৰ’ দিব লাগে। লম্বৰদাৰ পদৰীৰ এজন কৰ সংগ্ৰাহক থাকে তেওঁ গাঁৱবাসীৰ পৰা নিৰ্ধাৰিত কৰ সংগ্ৰহ কৰে আৰু তাৰ বাবে সংগ্ৰাহক জনে বা লম্বৰদাৰ জনে শতকৰা ৫ ভাগ কমিছন লাভ কৰে। মুঠতে গাঁওবাসীয়ে এটা নিৰ্ধাৰিত পৰিমাণৰ ‘কৰ’ চৰকাৰক দিব লাগে ৷ এই ব্যৱস্থাত খেতিয়কসকলৰ চৰকাৰৰ লগত কোনো প্ৰত্যক্ষ সম্পর্ক নাথাকে।

18. জমিদাৰী প্ৰথাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বৈশিষ্ট্য চাৰিটা হ’ল—
(ক) জমিদাৰী প্রথামতে, জমিদাৰসকল আছিল মাটিৰ মালিক।
(খ) জমিদাৰসকলে উপান্ত কৃষক বা ভূমিহীন কৃষকক খেতি কৰিবলৈ মাটি দিছিল।
(গ) উপান্ত কৃষকসকলে মাটি খেতি কৰা বাবদ কৰ দিব লাগিছিল।
(ঘ) জমিদাৰসকলে মাটি ব্যৱহাৰৰ বাবে কৰ দিব লাগিছিল।

19. সেউজ বিপ্লৱৰ দুটা সুফল উল্লেখ কৰা।
উত্তৰঃ সেউজ বিপ্লৱৰ দুটা সুফল—
১। নিৰ্বাচিত ৰাজ্যত নতুন প্রযুক্তিবিদ্যাৰে ধনী কৃষকসকলে নিজৰ মাটিত চৰকাৰী সাহায্যত নতুন প্রজাতিৰ বীজ সাৰ ব্যৱহাৰ কৰি অভূতপূর্ব সাফল্য লাভ কৰিব পাৰিছিল।
২। জলসিঞ্চন ব্যৱস্থাৰে আৱশ্যক মতে খেতিত পানী দি কৃষিৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিব পৰা গৈছিল।

20. চুক্তিবদ্ধ কৃষি কাৰ্য কি?
উত্তৰঃ ভাৰত চৰকাৰে ১৯৮০ চনত গ্ৰহণ কৰা উদাৰীকৰণ নীতিৰ ফলত বিশ্ব বাণিজ্যিক সংস্থা (WTO) যোগ দিবলৈ বাধ্য কৰায়। ইয়াৰ ফল বিদেশৰ লগত আমদানি – ৰপ্তানি বজাৰ আৰম্ভ হয়। ফলত বিদেশৰ পৰা আমদানিকৃত ফলমূলেৰে বজাৰ ভৰি পৰে ৷ চৰকাৰে নিজৰ আত্ম নিৰ্ভৰশীল নীতি সলনি কৰি ঘেহু আমদানি কৰিবলৈও সিদ্ধান্ত কৰে। পঞ্জাব আৰু কৰ্ণাটকৰ বহুতো কৃষকে Pesico- ৰ দৰে বহু ৰাষ্ট্ৰীয় কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ বিলাহী আৰু আলুৰ দৰে ৰবি শস্য উৎপাদন কৰিছিল। এই উৎপাদিত শস্যাৰ চুক্তিমতে পিচত ৰপ্তানিৰ বাবে কোম্পানীক বিক্ৰী কৰিব লাগে। কোম্পানীয়ে আৱশ্যক মতে কৃষিৰ সকলো সা – সঁজুলিৰ যোগান ধৰে। ইয়াকে চুক্তিবদ্ধ কৃষি বুলি জনা যায় ৷

21. সেউজ বিপ্লৱৰ পৰা ধনী কৃষকসকলে কেনেকৈ বেছি সুবিধা লাভ কৰিছিল?
উত্তৰঃ সেউজ বিপ্লৱ সূচনা হোৱা অঞ্চলবোৰত প্ৰধানকৈ মধ্যম আৰু বৃহৎ উৎপাদনকাৰী কৃষকসকলে সেউজ বিপ্লৱত অংশ গ্ৰহণ কৰি নতুন প্ৰযুক্তিবিদ্যা আৰু বৈজ্ঞানিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰি বিশেষভাৱে সফলতা লাভ কৰে। মুঠতে চৰকাৰৰ সকলো সা সুবিধা লৈ নিজৰ মাটি, মূলধন, নতুন প্রযুক্তিবিদ্যা, নতুন প্ৰজাতিৰ বীজ আৰু আধুনিক সাৰ ব্যৱহাৰ কৰি, অধিক উৎপাদন লাভ কৰিছিল। আনহাতে উপাত্ত কৃষকৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছিল। সমাজত ধনীসকল ক্ৰমে ধনী হৈ গৈছিল আৰু দুখীয়াসকল দুখীয়া হৈ গৈছিল।

22. অর্থনৈতিক উন্নয়নৰ দুটা ফলাফল উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ ফলাফল দুটা—
১। জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়।
২। দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ সংখ্যা হ্ৰাস পায়।

23. ভূমি সংস্কাৰৰ প্ৰধান কাৰণ দুটা লিখা।
উত্তৰঃ কাৰণ দুটা হ’ল—
(ক) কৃষি খণ্ডৰ উৎপাদন বৃদ্ধি কৰা।
(খ) কৃষকক শোষণকৰা নীতি বন্ধ কৰাৰ বাবে মধ্যভোগী শ্ৰেণীটোৰ অৱসান ঘটোৱাৰ বাবে।

24. (ক) স্বাধীনতাৰ পাছত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ নীতিবোৰ কি কি?
উত্তৰঃ ভূমিসংস্কাৰ নীতি—
১। জমিদাৰী পদ্ধতিৰ উচ্ছেদ সাধন নীতি।
২। ৰায়তী Ceiling Act) স্বত্ব আইন আৰু বিনিময় আইন।
৩। মাটিৰ পৰিমাণৰ উচ্চতম সীমা নিৰ্দ্ধাৰণ আইন (Land Ceiling Act) I

25. ধনী কৃষকসকল সেউজ বিপ্লৱৰ পৰা কিদৰে লাভান্বিত হৈছিল?
উত্তৰঃ ভাৰতৰ কিছুমান ৰাজ্যত নতুন কাৰিকৰী প্ৰযুক্তি যন্ত্ৰ-পাতি আৰু কৃষিৰ সা সঁজুলিৰ ব্যৱহাৰ, উন্নতবীজ, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি এক শ্ৰেণীৰ বিশেষকৈ ধনী কৃষকসকলে কৃষি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰি, যথেষ্ট লাভান্বিত হৈছিল। কাৰণ ধনী কৃষকসকলেহে এই দামী সামগ্ৰীবোৰ কিনিব পাৰিছিল।

26. সম্ভ্রান্ত শ্ৰেণীৰ (elite class) লোক বুলিলে কি বুজা?
উত্তৰঃ ভাৰতৰ কিছুমান ৰাজ্যত বিত্তৱান কৃষকসল প্ৰভাৱশালী জাতিৰ লোক। তেওঁলোকে কৃষিৰ পৰা হোৱা লাভাংশ আন ব্যৱসায় – বাণিজ্যত খটুৱাইছিল। এইসকল লোক গাওপৰা নগৰলৈ প্ৰব্ৰজিত হয় ফলত এটা সম্ভ্রান্ত শ্ৰেণীৰ সৃষ্টি হয় এওঁলোকৰ শিক্ষা-দীক্ষাও থাকে। এওঁলোক ৰাজনৈতিক আৰু অর্থনৈতিকভাৱেও প্ৰভাৱশালী হয়। এই শ্রেণীটোকে সভ্রান্ত লোক বুলি জনা যায়।

27. ভূমি সংস্কাৰৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ ভূমি সংস্কাৰৰ কাৰণ দুটা—
১। বৃটিছৰ শাসন কালত ৰায়টাৰী ব্যৱস্থা চলি থকা সময়ত জমিদাৰ সকলেই প্ৰত্যক্ষভাৱে শাসন চলাই। প্রকৃত কৃষকৰ লগত চৰকাৰৰ একো সম্পৰ্ক নাছিল। ইয়াৰ দ্বাৰা আচল কৃষকসকলৰ ওপৰত অতি শোষণ চলিছিল।

২। স্বাধীনতাৰ পাচত, কৃষকসমাজ সংস্কাৰ সাধনৰ বাবে চৰকাৰে মাটি অধিগ্ৰহণ আৰু বিতৰণৰ ব্যৱস্থা হাতত লবলৈ স্থিৰ কৰে। ফলত আগৰ জমিদাৰী প্রথা উচ্ছেদ কৰি কৃষকৰ লগত প্রত্যক্ষ সম্পর্ক গঢ়ি নতুন নীতি প্ৰৱৰ্তন কৰাৰ আৱশ্যকতা আহি পৰে। ১৯৫০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত কৃষিখণ্ডত আমূল পৰিবৰ্তন সাধনৰ বাবে বহুবোৰ সংস্কাৰ নীতি গ্ৰহণ কৰে। এই দুটাই প্ৰধান কাৰণ আছিল।

28. সেউজ বিপ্লৱৰ ক্ষেত্ৰত কি কাৰণত উত্তৰ ভাৰতৰ ৰাজ্যবোৰে বেছি সুবিধা পহিছিল?
উত্তৰঃ সেউজ বিপ্লৱ আছিল কৃষি আধুনিকীকৰণৰ এক চৰকাৰী কাৰ্যসূচী। কাৰণ ইয়াৰ বাবে অৰ্থ যোগান ধৰিছিল আন্তঃৰাষ্ট্ৰীয় সংস্থাইহে। সেইবোৰ কৃষিৰ স্থান নিৰ্বাচন চৰকাৰে কৰিছিল আৰু কেবল ধান আৰু ঘেহুৰ খেতিহে কৰিবলৈ ৱেস্থা কৰিছিল। ইয়াৰ উন্নত বীজ, সাৰ, ঔষধ, প্ৰজাতি বৈজ্ঞানিক সা – সজুলি জলসিঞ্চনৰ ব্যৱস্থা থকা ৰাজ্যহেবাছি লোৱা হৈছিল। এনেবোৰ কাৰণতে উত্তৰ ভাৰতৰ আৰু দক্ষিণাত্যৰ কেইখনমান ৰাজ্যহে বাছি লৈ ধান আৰু ঘেহুৰ উপযোগী জলসিঞ্চনৰ সুবিধা থকা ৰাজ্য কেইখনত এই আঁচনি প্ৰয়োগ কৰা হৈছিল।

29. উদাৰীকৰণৰ প্ৰধান উদ্দেশ্যবোৰ কি কি?
উত্তৰঃ উদ্দেশ্যবোৰ হ’ল—
(ক) উদাৰীকৰণৰ প্ৰধান উদ্দেশ্য হ’ল নিয়োগ ব্যৱস্থাৰ সৃষ্টি কৰাI
(খ) বৈদেশিক বিনিয়োগ আকৰ্ষণ কৰা যাতে নিয়োগ ব্যৱস্থাৰ সৃষ্টি কৰিব পৰা যায় ৷
(গ) ভাৰতীয় কোম্পানীবোৰক ভাৰতৰ বজাৰত প্ৰতিদ্বন্দ্বী কৰিব পৰা যায় ৷
(ঘ) ব্যক্তিগত খণ্ডক যাতে বেছিতে বেছি মুক্ত বা স্বাধীনতা দিব পৰা যায়।
(ঙ) দেশখনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।

30. বিশ্বায়ন অথবা গোলকীকৰণৰ চাৰিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ আঁচনি মতে বিশ্বায়নৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰিছে—
(ক) বিশ্বায়নে জনসাধাৰণৰ বাবে নতুন নতুন যন্ত্রপাতি বা কাম কৰাৰ সা – সঁজুলি আমদানি কৰিছে কাৰণ পৃথিৱীৰ সকলো দেশতে কোম্পানীবোৰ প্ৰসাৰিত হৈছে।

(খ) কোম্পানীবোৰৰ বাবে নতুন নতুন বজাৰ খোলা হৈছে কাৰণ বিশ্বায়নৰ ফলত কোম্পানীবোৰে সকলো দেশতে মুক্ত বাণিজ্য চলাব পৰা হৈছে।

(গ) নতুন নতুন সংগঠনবোৰে বিশ্বায়নৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে, যেনে— ৰেডক্ৰছ, বিশ্ব বাণিজ্যিক সংস্থা আদি।

(ঘ) বিশ্বায়নৰ বাবেই নতুন নতুন আইন – কানুন, নীতি – নিয়মৰ সৃষ্টি হৈছে। যেনে— ঠিকাভিত্তিক নিয়োগ ব্যৱস্থাৰ স্থায়ী ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছে।

Leave a Comment

error: Content is protected !!
Scroll to Top