অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Chapter 8 | Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 8 Notes | SEBA Class 9 Assamese Chapter 8 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ| Assam Class 9 Assamese Questions and Answers Assam | Class 9 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ
(জয়ন্ত মাধৱ বৰা)
অতি চমু প্ৰশ্নোত্তৰ
1. “অন্ধবিশ্বাস আৰু কু-সংস্কাৰ” পাঠটিৰ লেখক কোন?
উত্তৰঃ পাঠটিৰ লেখক জয়ন্ত মাধৱ বৰা।
2. অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰঃ ৬৭.২৭ শতাংশ।
3. অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই কেনে ধৰণৰ মানুহক উৎসাহিত কৰে?
উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থান্বেষী মানুহক উৎসাহিত কৰে।
4. লেখক জয়ন্ত মাধৱ বৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ “মৰিয়াহোলা” উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী। বঁটা লাভ কৰিছিল।
5. কু-সংস্কাৰ বুলিলে কি বুজা?
উত্তৰঃ কু-সংস্কাৰ এক সামাজিক ব্যাধি। সমাজৰ অগ্ৰগতিত যিবোৰ নীতি-নয়ম, ব্যৱস্থা-পৰম্পৰাই হেঙাৰস্বৰূপ হয় সেয়ে কুসংস্কাৰ।
6. অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোবাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলা কি?
উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী। আহিলা হল সজাগতা।
7. “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা” কথাষাৰ কোনে কৈছিল?
উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।
8. অসমত শিক্ষাৰ হাৰ কিমান?
উত্তৰঃ ৭৩.১৮ শতাংশ।
9. কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত আৰু ১৮২৬ খ্ৰীষ্টাব্দত অসম বৃটিছৰ অধীনলৈ যায়।
10. তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছে?
উত্তৰঃ লেখকৰ গল্প-সংকলন “জাকৈয়া ছোৱালীৰ বাবে ২০১৩ চনত জয়ন্ত মাধৱ বৰা অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে ।
11. লেখক জয়ন্ত মাধৱ বৰাই কোন বিশ্ববিদ্যালয়ৰপৰা কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে?
উত্তৰঃ লেখক জয়ন্ত মাধৱ বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পদাৰ্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
12. অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰী সকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰঃ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ত মিছনেৰী সকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।
13. কোনখন গ্ৰন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে?
উত্তৰঃ “অমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত তেওঁ অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে ৷
14. অসমত খ্ৰীষ্টান ধৰ্ম কোনে প্ৰচাৰ কৰিছিল?
উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়। সেই সময়তে অসমৰ শদিয়ালৈ আহি মিছনেৰী সকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে।
15. পাঠটিৰ জৰিয়তে লেখকে কি বুজাবলৈ চেষ্টা কৰিছে?
উত্তৰঃ পাঠটিৰ জৰিয়তে লেখকে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াবহতা সম্পর্কে বুজাবলৈ বিচাৰিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে সেই কথা লিখকে ছাত্র-ছাত্রী সকলক বুজাব বিচাৰিছে। লগতে যি অঞ্চলত অন্ধবিশ্বাস, কুসংস্কাৰৰ ফলত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে প্রশাসনক কথাটো অৱগত কৰায় সেই সম্পর্কেও লিখকে আমাক সজাগ কৰি দিছে।
16. কেনে সংস্কাৰ আমাৰ সামাজিক ক্ষেত্ৰত আদৰণীয়?
উত্তৰঃ যি সংস্কাৰে মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীবিত কৰে, মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে তেনে সংস্কাৰেই আমাৰ সামাজিক ক্ষেত্ৰত আদৰণীয়।
17.কলেৰা নিৰ্মূলৰবাবে মিছনেৰী সকলে আগবঢ়োৱা বড়ি খাবলৈ অসমীয়া সকলে কিয় অস্বীকাৰ কৰিছিল?
উত্তৰঃ অন্ধবিশ্বাসত ডুব গৈ থকা অসমীয়া সকলে ভাবিছিল কোনোবা অপদেৱতাৰ কুপ্ৰভাৱৰ বাবেহে তেওঁলোক কলেৰাত আক্ৰান্ত হৈছিল। সেয়েহে বড়ি খোৱাৰ পৰিবৰ্তে অসমীয়া সকলে পূজা-পাতল, তন্ত্র-মন্ত্ৰ তথা বেজৰ সহায়হে লৈছিল। তাৰোপৰি বেলেগ ধৰ্মৰ মানুহৰ হাতৰপৰা কিবা খালে ধর্ম জাত-কুল যাব এনে ধৰণৰ মানসিকতাই তেওঁলোকৰ মনত সেই সময়ত বিৰাজ কৰিছিল।
18. উৰাবাতৰি মানে কি?
উত্তৰঃ মিছা বাতৰিবোৰেই হ’ল উৰাবাতৰি। মুখ বাগৰি বাগৰি অহা বাতৰিবোৰেই উৰাবাতৰি। প্ৰকৃতাৰ্থত অজ্ঞতাৰ বাবে যি অসত্য বাতৰিয়ে প্ৰচাৰ লাভ কৰে সেয়ে উৰাবাতৰি।
19. লেখক জয়ন্ত মাধৱ বৰাৰ জন্মস্থান কত?
উত্তৰঃ অসমৰ দেৰগাঁৱত লেখক জয়ন্ত মাধৱ বৰা জন্মগ্ৰহণ কৰে ৷
20. তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ “মৰিয়াহোলা”।
21. জয়ন্ত মাধৱ বৰাৰ পাঁচখন গল্পপুথিৰ নাম লিখা ।
উত্তৰঃ জয়ন্ত মাধৱ বৰাৰ পাঁচখন গল্পপুথিৰ নাম—
১। যুদ্ধভূমি।
২। অনুৰণন।
৩। জাকৈয়া ছোৱালী।
৪। দেওলগা সময়।
৫। “বৰ ভয় লাগিছে।
22. জয়ন্ত মাধৱ বৰাৰ পাঁচখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ জয়ন্ত মাধৱ বৰাৰ পাঁচখন উপন্যাসৰ নাম—
১। মৰিয়াহোলা।
২। অমৃত।
৩। “আজান ফকিৰ।
৪। মায়ং যাদুৰ দেশৰ গোপন গাঁথা।
৫। নামত মাজুলী কহয় সবে।
চমু প্ৰশ্নোত্তৰ
1. অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?
উত্তৰঃ অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমেই আমি সজাগ হ’ব লাগিব। বিভিন্ন সামাজিক প্রথাবোৰ বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিবলৈ শিকিব লাগিব। বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়ৰ সম্যক জ্ঞান ছাত্র-ছাত্রীয়ে সৰুৰেপৰা শিকিবলৈ পাব লাগিব, ফলত ছাত্ৰ-ছাত্ৰীয়ে সৰুৰেপৰা বুজি পাব অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা। এই বিষয়ত বিদ্যালয়, মহাবিদ্যালয় সমূহত ৰচনাই হওক নাইবা তর্ক প্রতিযোগিতাই হওক অনুষ্ঠিত হব লাগিব। তেন্তে ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ ভয়াবহতা হৃদয়ঙ্গম কৰি সামাজিক প্রথাবোৰ বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে চাবলৈ শিকিব।
এই ভয়াবহতা নিয়ন্ত্ৰণ কৰিবলৈ তথ্যচিত্র বা নাটক মঞ্চস্থ কৰিও সজাগতা আনিব পাৰি। অলৌকিক শক্তিৰ গৰাকী, সোপাধৰা, ডাইনী আদি বিষয়বোৰ মূলতঃ অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰিণতি। সমাজৰ কিছুমান স্বাৰ্থপৰ ব্যক্তিৰ কুচক্ৰান্তৰ বাবে এনেবোৰ সমস্যাই সমাজত গা কৰি উঠে। গতিকে তেনে স্বার্থান্বেষী লোকক শাস্তিৰ ব্যৱস্থা কৰিলে এনেবোৰ সমস্যা নিয়ন্ত্ৰণ কৰা সম্ভব হব।
2. অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰঃ যি বিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি নাই অর্থাৎ বিজ্ঞানে যিবোৰ বিশ্বাসক, অসত্য বা অমূলক বুলি প্ৰতিপন্ন কৰিছে সেয়াই অন্ধবিশ্বাস। অন্ধবিশ্বাস আমাৰ সমাজৰ এক ডাঙৰ ব্যাধি। অন্ধবিশ্বাসৰ বাবেই আমাৰ সমাজখনত বিভিন্ন সময়ত নানাধৰণৰ অপ্ৰীতিকৰ সমস্যাই গা কৰি উঠে। তথ্য-প্ৰযুক্তিৰ উন্নয়নৰ দিশে আগবঢ়া বৰ্তমানৰ সময়তো আমাৰ সমাজত বৰ্তি আছে ভূত- প্রেত সম্বন্ধীয় বহুতো অন্ধবিশ্বাস৷ সৰু লৰা-ছোৱালীক ভূতৰ ভয় দেখুৱাই খাবলৈ, শুবলৈ বাধ্য কৰোৱা হয়। জীৱনৰ আৰম্ভণি কালত অর্থাৎ সৰুতেই মনত খোপনি পোতা এই ভ্ৰান্ত ধাৰণাই ডাঙৰলৈকে ক্ৰিয়া কৰে। অথচ বিজ্ঞানে নস্যাৎ কৰিছে ভূত-প্রেত, ডাইনী-যখিনিৰ অস্তিত্ব।
অমানবীয়তাৰ চূড়ান্ত ৰূপ হৈছে ডাইনী হত্যা। ডাইনী এক সম্পূর্ণরূপে ভ্রান্ত বিশ্বাস। অথচ এই অন্ধবিশ্বাসৰ বলি হৈ বহুতো নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমান সমাজৰ ই এক জ্বলন্ত সমস্যা। অজ্ঞানতাৰ বাবেই হওক নাইবা কোনো স্বার্থান্বেষী লোকৰ কুচক্ৰান্তৰ বাবেই হওক বর্তমান সমাজত কোনো-এক নির্দিষ্ট লোকক ডাইনী সজাই গোটেইখিনি দোষ বা পাপকৰ্মৰ বোজা তেওঁৰ ওপৰত জাপি দিয়া হয়। ফলত সমাজৰ ৰোষৰ বলি হয় সেই নির্দিষ্ট ব্যক্তিজন ।
আনহাতে, কেতিয়াবা আমাৰ সমাজত স্বয়ম্ভু ভগৱানৰো আবির্ভাব ঘটে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ চৰম উন্নয়নৰ দিনতেও, অজ্ঞানীৰ লগতে শিক্ষিত মানুহৰো লানি নিছিগা সোঁত বয় সেই ঐশ্বৰিক শক্তি লভা ব্যক্তিৰ ওচৰলৈ। সৌভাগ্যবান হোৱাৰ আশাত সেই স্বয়ম্ভু ভগৱানৰ আশীষ লবলৈ হেতাওপৰা লাগে। আচলতে এইবোৰ কাৰ্যও অন্ধবিশ্বাসৰ পৰিণতি। এনে কার্যই সমাজৰ উন্নয়নত বাধা দিয়ে। ‘সোপাধৰা’ বা ‘লৰাধৰাও আমাৰ সমাজত চলি থকা আন এক অন্ধবিশ্বাস। শেহতীয়াকৈ এই সমস্যাই ভয়ানক ৰূপ লৈছে। নিতৌ বাতৰি কাকতত প্ৰচাৰিত হয় সমাজৰ এনে ভয়ানক ছবি। বহুতো লোকে ইয়াৰ বাবে মৃত্যুক সাৱটি লবলগা। পর্যায় পাইছেগৈ৷ এনে ধৰণৰ অন্ধবিশ্বাস আমাৰ
সমাজৰ বাবে ভয়ংকৰ সমস্যা ।
উপৰোক্ত সমস্যাৰ উপৰিও ধৰ্মীয় জাত-কুল, উচ্চ-নীচ জাতিভেদ প্রথা আদিক লৈও সমাজত বৰ্তি থকা নানাধৰণৰ অন্ধবিশ্বাসে প্ৰকৃততে সমাজৰ সভ্যতাৰ উন্নয়নৰ গতি বোধ কৰে।
3. তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল’বা—এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ বর্তমান আমি একবিংশ শতিকাৰ বাসিন্দা, যদিও আমি বাস কৰা সমাজখনতো অন্ধবিশ্বাস, কুসংস্কাৰে শিপাই থকা দেখা পাওঁ। অলৌকিক শক্তিৰ অধিকাৰী মানুহ, সোপাধৰা বা লৰাধৰা, ডাইনী, গোসানী লম্ভা ইত্যাদি বহুতখিনি। কাণ্ডই আমাৰ সমাজখনক অস্থিৰ কৰি তোলা দেখা গৈছে।
এইবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰাময়ৰ বাবে আমি সকলোৱে প্রথমে সজাগ হব লাগিব। বর্তমান যুগ বিজ্ঞানৰ যুগ। আমি শুই উঠাৰপৰা ৰাতি শোৱালৈকে বিজ্ঞানৰ ওপৰতে প্ৰায় সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰোঁ। বিজ্ঞানক বুজি পাবলৈ হলে প্ৰকৃততে শিক্ষাৰে জ্ঞান আহৰণ কৰিব লাগে। কেবল আনুষ্ঠানিকভাবে শিক্ষিত হলেই নহব, মনোবৃত্তিও বিজ্ঞানসন্মত হব লাগিব। সেইকথা পাঠ্যপুথিৰ শিক্ষাৰে শিক্ষিত হৈ বয়োজ্যেষ্ঠ সকলক বুজাই দিয়াটো আমাৰ কৰ্তব্য। যি সকলে পুৰণিকলীয়া ৰীতিনীতিক অনুসৰণ কৰি অন্ধবিশ্বাস, কুসংস্কাৰক সাৱটি ধৰি আছে। বাটৰ নাট, মঞ্চনাট বা তথ্যচিত্র প্ৰদৰ্শন কৰি সমাজৰপৰা অন্ধবিশ্বাস, কুসংস্কাৰ নিৰাময়ৰ বাবে চেষ্টা কৰিব পাৰোঁ।
4. “ডাইনী”, “সোপাধৰা”–এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?
উত্তৰঃ উৰাবাতৰি বুলি জানিও কিছু মানুহে ডাইনি, সোপাধৰা এইবোৰ। কথাক বিশ্বাস কৰে। ইয়াৰ কাৰণ অজ্ঞানতা বুলি কব পৰা যায় কাৰণ বৰ্তমান সমাজত শিক্ষাৰ অভাবত মানুহে এইবোৰ কথা বিশ্বাস কৰে বুলি কব নোৱাৰি। জ্ঞানৰ অভাবৰ বাবেহে মানুহ অন্ধবিশ্বাসৰ বশবর্তী হয়। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেও নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ দোষতে মানুহ অন্ধবিশ্বাসৰ বশবর্তী হয়। উদাহৰণস্বৰূপে কব পাৰি—কোনো অঞ্চলত যদি এজন বা দুজন অচিনাকি ব্যক্তি মানুহৰ চকুত পৰে সেই অচিনাকি ব্যক্তিক ‘সোপাধৰা’ বা ‘লৰাধৰা বুলি দুষ্ট লোকে উৰাবাতৰি প্ৰচাৰ কৰি দিয়ে। এনে ধৰণৰ গুজব ওলালে মানুহে সত্যাসত্য বিচাৰ নকৰি সেই অচিনাকি ব্যক্তিক আক্ৰমণ কৰে। ফলত এক অপ্রীতিকৰ অমানবীয় পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে অজ্ঞানতা হল অন্ধবিশ্বাসৰ প্ৰথম কাৰণ।
আনহাতে স্বাৰ্থপূৰণৰ বাবেও কিছুমান অসৎ প্রবৃত্তিৰ লোকে সমাজত উৰাবাতৰি বিয়পাই দিয়ে। ইমান চতুলিৰে মানুহে অন্ধবিশ্বাস বিয়পাই দিয়ে যে অশিক্ষিত লোকৰ উপৰিও শিক্ষিত লোকেও সেইবোৰ বিশ্বাস কৰি লয়। ফলত কোনো নির্দোষী মানুহক কুচক্ৰান্তৰ বলি হব লগা হয়। উদাহৰণস্বৰূপে কব পাৰিগাওঁ এখনৰ দুজন ব্যক্তিৰ মাজত দুৰ্ঘোৰ শত্ৰুতা আছে। অসৎ প্ৰবৃত্তিৰ লোক এজনে আনজনৰ অনিষ্ট কৰিবলৈ গাওঁখনত প্ৰচাৰ কৰি দিলে যে সেই ব্যক্তিজনৰ গাত ডাইনী লম্ভিছে। তাৰ বাবেই গাওঁখনত অপায়-অমঙ্গলে দেখা দিছে। ইয়াৰ ফলত অসৎ প্রবৃত্তিৰ লোকজনৰ স্বার্থসিদ্ধি হল আৰু আন মানুহজন। গাওঁবাসীৰ ৰোষৰ বলি হল।
এনে ধৰণৰ কিছুমান দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে সমাজত উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই অন্ধবিশ্বাস বুলি জানিও বহুত মানুহে উবাতৰিক বিশ্বাস কৰি লয়।
5. কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?
উত্তৰঃ বহুতো কাৰণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হব পাৰে। অসমত শিক্ষাৰ হাৰ ৭৩.১৮ শতাংশ হোৱা সত্ত্বেও অজ্ঞানতাৰ বাবেহে মানুহ অন্ধবিশ্বাস, কুসংস্কাৰৰ বলি হয় বুলি কব পাৰি। কাৰণ অসমৰ ৭৩.১৮ শতাংশ মানুহ শিক্ষিত, যদিও আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাস, কুসংস্কাৰৰ বলি হয় বহুতো নিৰীহ লোক। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেই মানুহক জ্ঞানী বুলি কব নোৱাৰি। অজ্ঞানতাৰ বাবেই মানুহে আবেগক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। সাম্প্ৰতিক সময়ৰ উন্মত্ত ভোগবাদৰ কাৰণে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ । পৰিবৰ্তে ধন উপাৰ্জনৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰা দেখা গৈছে। ভোগ-বিলাস আৰু ধনৰ লোভে মানুহক কৃচ্ছসাধনাৰ পৰা বহুদূৰলৈ আঁতৰাই নিছে। ফলত সমাজত বিশৃংখল, অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
দ্বিতীয় কাৰণ হল চিন্তাৰ দৃষ্টিভঙ্গী। চিন্তাৰ দৃষ্টিভঙ্গী যদি ইতিবাচক হয় তেতিয়া প্ৰতিটো সমস্যাৰ সমাধান সহজে হয়। সমাজত ঘটি থকা ঘটনাবোৰৰ নেতিবাচক দিশটোক আওকাণ কৰি ইতিবাচক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিলে ফলাফলবোৰো। ইতিবাচক হোৱাৰ সম্ভাবনা থাকে।
তৃতীয়তে, নেতৃস্থানীয় ব্যক্তিয়ো যেতিয়া ক্ষুদ্রস্বাৰ্থৰ বাবে নেতিবাচক কাম কৰে তেতিয়া তেওঁৰ অনুগামী সকলেও তেওঁক অনুকৰণ আৰু অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। যি কাৰ্য সমাজৰ বাবে ক্ষতিকাৰক ।
চতুর্থত, ভ্ৰমণৰ জৰিয়তে মানুহৰ বহুতো নজনা কথা জনাৰ লগতে মনৰ পৰিধি বহল হয়। বাহিৰৰ অঞ্চলৰ মানুহৰ সৈতে মিলামিছা, ভাৱ-বিনিময় নকৰি যদি মানুহে অন্ধবিশ্বাস, কুসংস্কাৰক সাৱটি এক ঠেক গণ্ডীৰ মাজত জীয়াই থাকে তেতিয়া মনৰ দিগন্ত প্ৰসাৰিত হব নোৱাৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰক সাৱটি থকাৰ ইও এক অন্যতম কাৰণ। সেইদৰে স্বাৰ্থপূৰণৰ বাবেও কিছুমান অসৎ প্রবৃত্তিৰ লোকে সমাজত উৰাবাতৰি বিয়পাই মানুহক উত্তেজিত কৰি তোলে। এনে অন্ধবিশ্বাসৰ বশবর্তী কেবল অশিক্ষিত মানুহকেও নহয় শিক্ষিত মানুহকেও হোৱা দেখা যায়। এনে স্বাৰ্থপৰ লোকে সমাজখনক ভীতিগ্রস্ত আৰু অস্থিৰ কৰি তোলাত সহায় কৰে। ষষ্ঠ কাৰণ হিচাপে কব পাৰি সহজলভ্য ধনৰ আশাত ধারমান সমাজ। বিনাকষ্টে কম আয়াসতে সকলো পোৱাৰ আশাৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়।
সপ্তমতে কব পাৰি, যুক্তিবাদী মন, বিজ্ঞানমনস্কতাৰ অবিহনে সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হোৱাটো অসম্ভৱ। মানুহৰ মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হলেহে সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ হোৱাৰ আশা কৰিব পাৰি।
6. অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিবীৰ আটাইতকৈ গধুৰ বোজা। —ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত বাক্যটো জয়ন্ত মাধৱ বৰাৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ” নামৰ পাঠটিৰ পৰা উদ্ধৃত। উক্ত বাক্যটি কৈছিল ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণদেৱে।
সাম্প্ৰতিক অসমৰ এক জ্বলন্ত সমস্যা হল কুসংস্কাৰ আৰু অন্ধবিশ্বাস। একবিংশ শতিকাৰ বাবে এই সমস্যা যে এক অভিশাপস্বৰূপ তাকে প্ৰতিপন্ন কৰিবলৈ লিখকে বিচাৰিছে।
পৰম্পৰাৰ নামত আমাৰ সমাজত অতীজৰেপৰা চলি আহিছে কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এইবোৰে সমাজখনক বিপথে পৰিচালিত কৰি সামাজিক পৰিবেশ অস্থিৰ কৰি তোলে। ফলত মানুহেই মানুহৰ শত্ৰু হৈ পৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানবতা আদি মানবীয় প্ৰমূল্য সমূহৰ বিলুপ্তি ঘটাই সমাজ ব্যৱস্থাটোকে বিপর্যস্ত কৰি তুলিছে। আনহাতে মানুহৰ অন্ধবিশ্বাসৰ সুবিধা লৈ কিছুমান চতুৰ ব্যক্তিয়ে নিজ স্বাৰ্থ পূৰণৰ লগতে সামাজিক পৰিবেশে অস্থিৰ কৰি তুলিছে। ফলত সামাজিক উন্নয়নৰ গতি স্থবিৰ হৈছে। এটা জাতিৰ প্ৰগতি নিৰ্ভৰ কৰে একোখন সুস্থ সমাজৰ ওপৰত। আমাৰ সমাজৰ উন্নয়নেহে দেশৰ প্ৰগতি আনিব। গতিকে যি সমাজত অন্ধবিশ্বাস, কুসংস্কাৰ বৰ্তি থাকে সেই সমাজৰ উন্নয়ন হব কেনেদৰে? এই কথাক উপলব্ধি কৰিয়েই নিশ্চয় ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণে কৈছি—“অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিবীৰ আটাইতকৈ গধুৰ বোজা।
7. মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ। —ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত বাক্যশাৰী লেখক জয়ন্ত মাধৱ বৰাদেবৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামক পাঠটিৰপৰা তুলি দিয়া হৈছে।
অধ্যয়নবিমুখ হোৱাৰ বাবেই মানুহে আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু সেই বাবেই সমাজত নানাধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰোক্ষভাবে সমাজত কুসংস্কাৰ, অন্ধবিশ্বাস বৰ্তি থকাৰ এইটো এটা কাৰণ হিচাপে লেখকে চিহিত কৰিব বিচাৰিছে।
মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। বৰ্তমানৰ সমাজত শিক্ষাই প্রাধান্য লাভ কৰিছে সেয়া সর্বজনবিদিত। কাৰণ সম্প্ৰতি অসমৰ শিক্ষাৰ হাৰ ৭৩.১৮ শতাংশ। সেই দৃষ্টিকোণৰপৰা শিক্ষাৰ অভাৱৰ বাবে নহয়, অজ্ঞানতাৰ বাবেহে মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ বশবর্তী হয়৷ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেই মানুহ জ্ঞানী নহয়। শিক্ষাৰ প্ৰকৃত উদ্দেশ্য জ্ঞান আহৰণ, সেই জ্ঞান আহৰণৰ উদ্দ্যেশ্যেৰে শিক্ষা ললেহে মানুহ জ্ঞানী হয়। বর্তমান সমাজত মানুহে শিক্ষাক ধন আহৰণৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰে বুলি লিখকে মতামত ব্যক্ত কৰিছে। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই সমাজত বিশৃংখল, অপ্রীতিকৰ পৰিস্থিতি, অমানবীয় কার্যকলাপ সংগঠিত হয়। আৰ অধ্যয়নবিমুখিতাৰ বাবেই মানুহে আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেয়ে মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে অধ্যয়নবিমুখ হোৱা বুলি লিখকে পাঠটিত উল্লেখ কৰিছে।
8. সংস্কাৰ এক জীৱন পদ্ধতি। —ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত বাক্যশাৰী লেখক জয়ন্ত মাধৱ বৰাদেবৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংস্কাৰ এক জীৱন পদ্ধতি। সংস্কাৰে অনাগত সময়বোৰ সুন্দৰ কৰে। সমাজখনো সংস্কাৰ অবিহনে উন্নয়নৰ দিশত যে আগুৱাব নোৱাৰে সেইকথাকে প্রতিপন্ন কৰিবলৈ লেখকে বিচাৰিছে।
অতীজৰে পৰা পৰম্পৰাৰ নামত আমাৰ সমাজত বহুত নীতি-নিয়ম, ব্যৱস্থা পৰম্পৰা চলি আহিছে। কিন্তু যিবোৰ নীতি-নিয়ম, ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ উন্নয়নৰ পৰিপন্থী তেনেবোৰ নীতি-নিয়ম, ব্যৱস্থা পৰম্পৰাক পৰিহাৰ কৰি নতুন চিন্তাৰে উজ্জীবিত হৈ সময়ৰ লগত সমানে দৌৰিব পৰিলেহে সমাজৰ সংস্কাৰ সাধন সম্ভব হব। সংস্কাৰে নতুন সভ্যতাৰ সৃষ্টি কৰে, মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে। গতিকে সংস্কাৰেই হ’ল এক জীৱন পদ্ধতি।
ভাষা বিষয়ক
1. তলৰ শব্দবোৰৰ বিপৰীতার্থক বুজোৱা শব্দবোৰ লিখা।
ইতিবাচক, সৎ, যোগাত্মক, সক্ষম, উচিত, অভিশাপ।
উত্তৰঃ ইতিবাচক — নেতিবাচক।
সৎ — অসৎ।
যোগাত্মক—ঋণাত্মক, বিয়োগাত্মক।
সক্ষম — অক্ষম৷
উচিত — অনুচিত।
অভিশাপ — আশীর্বাদ।
2. পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।
উত্তৰঃ ১। বুজা — বুজি।
২। জাত — কুল।
৩। ভূত — প্রেত।
৪। অসুখ — বিসুখ।
৫। ভোগ — বিলাস।
3. উদাহৰণটো চাই বাকীকেইটা কৰা। —সজাগতা, সামাজিক, ৰাজনৈতিক, সাংবিধানিক, প্ৰচাৰ।
উত্তৰঃ সজাগতা—অজ্ঞতা।
সামাজিক—অসামাজিক।
ৰাজনৈতিক–অৰাজনৈতিক। সাংবিধানিক—অসাংবিধানিক।
প্ৰচাৰ—সংযত, অপপ্ৰচাৰ।
4. বাক্য-ৰচনা কৰা। —মৌলিক অধিকাৰ, অমানবীয় কাৰ্য, প্ৰচাৰ মাধ্যম, সজাগতা সভা, স্বার্থান্বেষী লোক, আদিম স্তৰ ৷
উত্তৰঃ মৌলিক অধিকাৰ = ভাৰতীয় সংবিধান অনুসৰি স্বাধীনতাৰ অধিকাৰ আমাৰ এক মৌলিক অধিকাৰ।
অমানবীয় কার্য = আমাৰ সমাজত বর্তমানেও ডাইনী হত্যাৰ দৰে অমানবীয় কার্য সংগঠিত হয়।
প্ৰচাৰ মাধ্যম = অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰ্মূলৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে।
সজাগতা সভা = কেরল সজাগতা সভাই আমাৰ সমাজৰপৰা অন্ধবিশ্বাস। আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে।
স্বার্থান্বেষী লোক = কিছুমান স্বার্থান্বেষী লোকৰ বাবে সমাজত মাজে সময়ে। অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
আদিম স্তৰ = অজ্ঞানতাৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাৰ সমাজখনক আকৌ আদিম স্তৰলৈ লৈ যাব পাৰে।