মোৰ মাতৃমুখ দৰ্শন (Mor Matri Mukh Darshan) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


মোৰ মাতৃমুখ দৰ্শন
লেখক- লক্ষ্মীনাথ বেজবৰুৱা

Very Short Type Questions and Answers (1 Marks)

1. ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটোৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা সংগ্ৰহ কৰা হৈছে।

2. সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উড়িষ্যা ৰাজ্যত অবস্থিত।

3. বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দৰ্শনৰ বাবে কৰ পৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰঃ বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দৰ্শনৰ বাবে উৰিষ্যাত সম্বলপুৰৰ অসম (গুৱাহাটী)লৈ যাত্ৰা কৰিছিল।

4. 1930 চনৰ 19 ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ 1930 চনৰ 19 ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্ৰজ্ঞাসুন্দৰী দেবী আৰু সৰু জীয়েক আছিল।

5. লক্ষ্মীনাথ বেজবৰুৱা ৰচিত চাৰিখন ধেমালীয়া নাটকৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমুহৰ নাম হৈছে— ‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, আৰু চিকৰপতি নিকৰপতি’।

6. ‘মোৰ মাতৃমুখ দৰ্শন’ কোন শ্ৰেণীৰ ৰচনা?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’, আত্মজীৱন-কথা অৰ্থাৎ আত্মজীৱনীমূলক আৰু ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা।

7. লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰে?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ ‘জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যন’(General Assembly’s Institution) পৰা বি. এ. ডিগ্ৰী লাভ কৰে ৷

8. লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম— কদমকলি।

9. ‘মোৰ মাতৃমুখ দৰ্শন’ত উল্লিখিত বৃন্দাবনচন্দ্ৰ কোন?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ত উল্লিখিত বৃন্দাবনচন্দ্ৰ হ’ল— ভগৱান শ্ৰীকৃষ্ণ।

10. লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই 1917 চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল। তেওঁ তাত বাৰ্ড কোম্পানিৰ ফাৰ্মৰ ‘মেনেজাৰ’ৰ পদত কাম কৰিছিল।

11. ‘জোনাকি’ আলোচনা পোন প্ৰথমে কেতিয়া প্ৰকাশ হৈছিল?
উত্তৰঃ ‘জোনাকি’ আলোচনা পোন প্ৰথমে 1889 চনত প্ৰকাশ হৈছিল?

12. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম ‘কদমকলি’।

13. লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম ‘পদুমকুঁৱৰী’।

14. ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক কোন?
উত্তৰঃ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক লক্ষ্মীনাথ বেজৰুৱা।

15. লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ 1924 চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল।

16. লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনত মৃত্যু হৈছিল।

17. অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়?
উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজায়।

18. লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি?
উত্তৰঃলক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম ‘জোনাকী’।

19. ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে ?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে বেজবৰুৱাৰ দেশমাতৃ তথা জন্মভূমি অসমক বুজোৱা হৈছে।

20. বেজবৰুৱাৰ কিমান বছৰৰ পাছত ‘মাতৃমুখ’ দৰ্শন হৈছিল?
উত্তৰঃবেজবৰুৱাৰ ডেৰকুৰি-দুকুৰি বছৰৰ পাছত ‘মাতৃমুখ’ দৰ্শন হৈছিল।

21. বেজবৰুৱাই ‘মাতৃমুখ দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল?
উত্তৰঃ 1930 চনৰ 19 ছেপ্তেম্বৰ তাৰিখে বেজবৰুৱাই ‘মাতৃমুখ দৰ্শনৰ বাবে অসমলৈ যাত্ৰা কৰিছিল।

22. কবীৰ কোন আছিল?
উত্তৰঃ কবীৰ বাৰানসীৰ এজন কবি-সাহিত্যিক তথা ধৰ্মসাধক আছিল। তেখেত ৰামানন্দৰ মন্ত্ৰশিষ্য আছিল।

23. সন্নিপাত মানে কি?
উত্তৰঃ সন্নিপাত মানে ভীষণ জ্বৰ।

24. ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা কিমান দূৰত অৱস্থিত?
উত্তৰঃ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা 31 মাইল দূৰত অৱস্থিত।

25. কিমান তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল?
উত্তৰঃ 1930 চনৰ 22 ছেপ্তেম্বৰ তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল।

26. বৃষভ কি?
উত্তৰঃ বৃষভ হৈছে শিৱৰ বাহন- ষাড় গৰু।

27. নন্দী-ভৃংগী কোন?
উত্তৰঃ নন্দী-ভৃংগী হৈছে শিৱৰ শিষ্য।

28. প্ৰবসুৱা লেখকে কৰ্মসূত্ৰে কোন ঠাইত আছিলগৈ?
উত্তৰঃ প্ৰবসুৱা লেখকে কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত আছিলগৈ।

29. পাৰ্বতীয়ে কাক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল?
উত্তৰঃ পাৰ্বতীয়ে নাৰদক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল।

30. হাহা হুহু কোন?
উত্তৰঃ হাহা হুহু ব্ৰহ্মাৰ মানস পুত্ৰ। যি দুজনক পাৰ্বতীয়ে মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল।

31. ৰামমোহন ৰায়ৰ স্মৃতিসভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল।
উত্তৰঃ শ্ৰীমতী যোগদা দেৱীৰ।

33. Comedy of Errors গ্ৰন্থৰ প্ৰণেতা কোন?
উত্তৰঃ Comedy of Errors গ্ৰন্থৰ প্ৰণেতা হ’ল— শ্বেক্সপীয়েৰ (Shakespeare)।

34. Comedy of Errors গ্ৰন্থখন ‘ভ্ৰমৰংগ’ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল?
উত্তৰঃ Comedy of Errors গ্ৰন্থখন ‘ভ্ৰমৰংগ’ নাম দি ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল।

35. জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি বুলিলে কাক কাক বুজায়?
উত্তৰঃ জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয়।

Short Type Questions and Answers (2 Marks)

1. ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক প্ৰবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে?
উত্তৰঃ ‘সাহিত্যৰথী’ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বৰূপ। বেজবৰুৱাই আত্মজীৱন-কথা ‘মোৰ জীৱন সোঁৱৰণ’ত প্ৰকাশ কৰাৰ লগতে আলোচনীৰ পাততো আত্ম-জীৱনীমূলক প্ৰবন্ধ আৰু ভ্ৰমণ কাহিনী লিখিছিল। তেওঁৰ এই সাহিত্যিক সৌন্দৰ্যৰ বিচাৰ আৰু নিমজ কথাশৈলীৰ বিষয়ৰ লগতে তেখেতৰ তেনে ৰচনাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক প্ৰবন্ধটো পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে।

2.লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কেতিয়া ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি 1924 চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল।

3. লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ‘জোনাকী’ৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ধল প্ৰবাহিত হয়। ‘জোনাকী’ৰ পাতত, তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। সেয়েহে, লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়।
4. এই শব্দবোৰৰ অৰ্থ লিখাঃ
মাথাপোট, ফৰিয়াদ, গজপত, ঘূঘুয়া
উত্তৰঃ
মাথাপোট – কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা।
ফৰিয়াদ – গোচৰ, অভিযোগ।
গজপত – অভিশাপ, শাওপাত।
ঘূঘুয়া – অলপীয়া, অলপকৈ হোৱা

READ MORE  মগনিয়াৰ | Class 12 Assamese (MIL) - AHSEC

5. শ্বেইক্সপীয়েৰৰ Comedy of Errors শীৰ্ষক নাটকখন কি নামেৰে কোনে অসমীয়া অনুবাদ কৰিছিল ?
উত্তৰঃ শ্বেইক্সপীয়েৰৰ Comedy of Errors শীৰ্ষক নাটকখন ভ্ৰমৰংগ নামেৰে ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়া অনুবাদ কৰিছিল।

Long Type Questions and Answers (3 Marks)

1. ‘মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা।
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সুদীৰ্ঘ ডেৰকুৰি দুকুৰি বছৰত মূৰত নিজ মাতৃভূমি অসমলৈ উভতি অহাৰ মূল কাৰণ, লগতে অসমলৈ আহি অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে। জীৱনৰ সৰহ সময় অসমৰ বাহিৰত কটোৱাৰ পিছত এফালে দেশবাসীৰ আহ্বান, আনফালে মাতৃভূমিৰ প্ৰতি থকা প্ৰবল হেঁপাহৰ ফলত শেষ বয়সত বেজবৰুৱাদেৱে নিজ মাত্ৰিভূমিলৈ উভতি অহাৰ সংকল্প লয়। নিজ দেশলৈ উভতি আহি অসমী আইৰ ৰূপসুধা পান কৰি আপ্লুত হৈ যি বৰ্ণনা দাঙি ধৰিছে আৰু অসমৰ পুৰষ-নাৰী পৰিৱৰ্তনৰ দিশত যিদৰে আগবাঢ়িছে, সেই কথা সুন্দৰ ৰূপত পাঠটীৰ জৰিয়তে তুলি ধৰিছে। সেয়েহে ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ নামকৰণ সাৰ্থক হৈছে বুলি একমুখে ক’ব পাৰি।

2. ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পাছত আৰু কেতিয়া তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল ?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে নিজৰ মাতৃভূমি অসমৰ কথাক বুজোৱা হৈছে। ডেৰ-দুকুৰি বছৰৰ পাছত আৰু 1930 চনৰ 19 ছেপ্তেম্বৰত কৰ্মসূত্ৰে থকা সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা কৰি বাইশ (22) ছেপ্তেম্বৰত তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল।

3. লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ সুদীৰ্ঘ কাল উৰিষ্যাৰ সম্বলপুৰত থকাৰ পিছত লখমীনাথ বেজবৰুৱা অসমলৈ উভতি আহে। আনন্দত চেঁচা পানী ঢালি বেজবৰুৱাদেৱ ‘মেলেৰিয়া’ জ্বৰত আক্ৰান্ত হ’ল। সেইদিনাই গধূলি সভা পাতি কটন কলেজৰ ছাত্ৰসকলে তেখেতক অভিনন্দন জনালে। জ্বৰ ভালদৰে এৰা নাছিল যদিঅ ছাত্ৰবন্ধুসকলৰ একাগ্ৰ আগ্ৰহক নেওচা দিব পৰা নাছিল। সভালৈ গৈ তেওঁ দেখিলে ছাত্ৰবন্দুসকলৰ কি উৎসাহ, কি আনন্দ! বেজবৰুৱাই সপোনতো ভবা নাছিল, কেনেকৈ তেওঁ ছাত্ৰসকলৰ অতৰাত্মাত বিৰাজ কৰিছিল। জ্বৰৰ কথা পাহৰি বেজবৰুৱা ডেকাসকলৰ মাজৰ এজন ডেকা হৈ পৰিছিল। ডেকাসকলৰ মাজৰপৰা কোনোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। কোনোজনে সুললিত কন্ঠেৰে গীত গাইছিল। বেজবৰুৱাৰ এনে অনুভৱ হৈছিল যেন তেওঁৰ জীৱনৰ নোমাব ধৰা চাকিগছ তেল-শলা দি পুনৰ জ্বলাই তুলিছিল। তেনে ক্ষণত তেখেত উপলব্ধি কৰিছিল কলিকতাত চৰকাৰী বৃত্তিৰ ছাত্ৰৰ সংখ্যা বঢ়োৱাতকৈ গুৱাহাটীত কলেজ স্থাপন কৰি লাভবান হোৱাৰ কথা। এনেদৰে এক উৎসৱমুখৰ পৰিৱেশত কটন কলেজৰ ছাত্ৰসকলে বেজবৰুৱাক অভিনন্দন জনাইছিল।

4. ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল? এওঁলোকৰ লগত লেখকৰ সম্পৰ্ক কেনে আছিল ?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি, সুবিখ্যাত চাহ খেতিয়ক, সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল, উদাৰহৃদয় মিষ্টাৰ জে. বৰুৱা, বেৰিষ্টাৰ এট্-লৰ।

এওঁলোকে লেখক, লক্ষ্মীনাথ বেজবৰুৱাৰ নিমিত্তে গুৱাহাটীখন পোহৰাই ৰাখিছিল। সেইদেখি গুৱাহাটীৰ ফালে মুখ কৰিলেই বেজবৰুৱাদেৱৰ মনত সুখৰী লহৰী উঠিছিল। তেওঁলোকৰ ঘৰ বেজবৰুৱাদেৱৰ নিজৰ ঘৰ হৈ পৰিছিল। তেওঁলোকৰ আদৰ, যত্ন আৰু মৰমে বেজবৰুৱাদেৱৰ জয়ঁ পৰা জীৱনটোত জীপ দি ঠন ধৰায় উঠাইছিল।

5. লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ’লঃ
(ক) গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য।
(খ) ঐতিহাসিক উৎকৰ্ষ।আৰু
(গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।

6. লক্ষ্মীনাথ বেজবৰুৱাক কিয় চুটিগল্পৰ জনক বুলি কোৱা হয়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক। তেখেতৰ হাততেই অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। ‘জোনাকী’ আলোচনীৰ পাতত তেখেতৰ দ্বাৰা ৰচিত প্ৰথমটো চুটিগল্পৰ নাম ‘সেউতী’। ‘জোনবিৰি’, ‘সাধুকথাৰ কুঁকি’, ‘সুৰভি’, ‘কেহোকলি’ আদি বেজবৰুৱাৰ চুটীগল্পৰ পুথি। অসমীয়া সাহিত্যত পোনপ্ৰথমে চুটিগল্প লিখি পাঠকক ইয়াৰ বিমল সোৱাদ প্ৰদান কৰোৱাৰ বাবেই বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়।

7. লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ বোলা হয়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ওসমীয়া সাহিত্যৰ ইতিহাসত এজন পুৰোধা ব্যক্তি। অসমীয়া সাহিত্যৰ গতি স্তিমিত হোৱাৰ ক্ষণতে বেজবৰুৱাই অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰূপেৰে কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ, হাস্য-ব্যংগ ৰচনা, জীৱনী, আত্মজীৱনী, তত্ত্বমূলক গ্ৰন্থ আদি সাহিত্যৰ সকলো দিশতে অনবদ্য অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। নিমজ শৈলীৰে ৰচিত তেখেতৰ প্ৰতিটো সৃষ্টি সাহিত্যিক সৌন্দৰ্যৰ দিশৰপৰা স্বকীয় স্থানত অধিষ্ঠিত হৈ আছে। সাহিত্যৰ প্ৰতিটো ক্ষেত্ৰত আগবঢ়োৱা এনে উল্লেখযোগ্য অৱদানৰ বাবেই লক্ষ্মীনাথ বেজবৰুৱাক ‘সাহিত্যৰথী’ উপাধিৰে বিভূষিত কৰা হয়।

8. বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়?
উত্তৰঃ সাহিত্যৰ প্ৰতিটো ৰূপকৰ্ম, যেনেঃ গল্প, কবিতা, উপন্যাস, নাটক, আত্মজীৱনী আদিৰ লগতে বিশেষ একশ্ৰেণী হাস্য-ব্যংগ গদ্য ৰচনা কৰি বেজবৰুৱাই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে। তেখেতৰ দ্বাৰা ৰচিত এই হাস্য-ব্যংগ ৰচনাসমূহ হ’লঃ- ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘বৰবৰুৱাৰ বুলনি’, ‘বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’ আদি। এই হাস্য-ব্যংগ ৰচনাসমূহে অসমীয়া পাঠকক হাস্যৰসৰ বিমল ৰস পান কৰোৱাই পেটৰ নাড়ী ডাল ডাল কৰিছিল। ইয়াৰ মূলতে আছিল তেখেতৰ ৰচনাৰ নিমজ গদ্যশৈলী তথা উপস্থাপন ৰীতি। কেৱল হাস্যৰস প্ৰদানেই নহয় অসমীয়া সমাজৰ প্ৰতিটো ভুল-ক্ৰুটী শুদ্ধৰণিৰ বাবে তেখেতৰ সাহিত্যৰাজি আছিল সমাজৰ অতন্দ্ৰ প্ৰহৰীস্বৰূপ। হাস্যৰসৰ চলেৰে তীক্ষ্ণ বাক্যবান আৰু কটাক্ষপাতেৰে বেজবৰুৱাই অসমীয়া সমাজৰ শুদ্ধৰণিৰ চেষ্টা কৰিছিল সাহিত্যৰ মাজত প্ৰকাশ পোৱা হাস্যৰসৰ এনে বৈশিষ্ট্যৰ বাবেই বেজবৰুৱাক ‘ৰসৰাজ’ আখ্যা দিয়া হয়।

9. তলৰ শব্দকেইটাৰ অৰ্থ লিখা।
মাথাপোট, ফৰিয়াদ, গজপাত, ঘুঘুয়া, ভেৰোণ, সঁচাৰকাঠী
উত্তৰঃ মাথাপোট – কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা।
ফৰিয়াদ – গোচৰ, অভিযোগ।
গজপাত – অভিশাপ, শাওপাত।
ঘুঘুয়া – অলপীয়া, অলপকৈ হোৱা।
ভেৰোণ- ভাৰা, কেৰেয়া।
সঁচাৰকাঠী – চাবি।

Long Type Questions and Answers (4 Marks)

1. ‘পানী মে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি’।— এই পদফাঁকি কাৰ ৰচনা? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে, বুজাই লিখা।
উত্তৰঃ মহাত্মা কবীৰে এই পদফাঁকি ৰচনা কৰিছিল।
পানীত থাকিও মাছ তৃষ্ণাতুৰ হৈ থকাৰ দৰেই শাওপাতত বা বিধিৰ বিপাকত পৰিহে বেজবৰুৱা বহু বছৰ ধৰি মাতৃভূমিলৈ উভতি আহিব পৰা নাছিল। বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পিয়াহত শুকাই মৰে। মাতৃভূমিৰ প্ৰতি থকা গভীৰ আন্তৰিকতাইও বেজবৰুৱাক শাওপাতৰ বাবেই অসমলৈ ঘূৰাই আনিব পৰা নাছিল। এই প্ৰসংগতেই সেয়ে তেখেতে এই পদফাঁকি অৱতাৰণা কৰিছে।

READ MORE  কাঠমিস্ত্ৰিৰ ঘৰ | Class 12 Assamese (MIL) - AHSEC

2. ‘যথা নিযুক্তোহস্মি তথা কৰোমি’।— এই পদফাঁকি কোনে ক’ত কি প্ৰসংগত অৱতাৰণা কৰিছে, বুজাই লিখা।
উত্তৰঃ যেতিয়া বেজবৰুৱাদেৱে গুৱাহাটী আহি পালে, তেতিয়া কটন কলেজৰ ছাত্ৰসকলে তেখেতক আদৰিবলৈ এখন সভা আহ্বান কৰিছিল আৰু তেওঁক উষ্ম আদৰণি জনাইছিল। ডেকা ছাত্ৰসকলৰ মনত কি উৎসাহ, কি আনন্দ। বেজবৰুৱাদেৱে গাত মেলেৰীয়া জ্বৰ লৈও সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছিল। কাৰণ কটন কলেজৰ ছাত্ৰ বন্ধুসকলৰ সমাদৰ আৰু অনুৰোধ অমান্য কৰাৰ ইচ্ছা তিলমানো নাছিল। সেয়েহে বেজবৰুৱাই ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত উক্ত পদফাঁকি অৱতাৰণা কৰিছে।

3. ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।
উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে মাতৃভূমি অসমৰ বাহিৰত, কলকতা আৰু সম্বলপুৰত আছিল। কৰ্ম-ব্যস্ততাৰ কাৰণে তেওঁ ত্ৰিশ-চল্লিছ বছৰ ধৰি ঘৰলৈ (মাতৃভূমি অসমলৈ) আহিব পৰা নাছিল। অৱশেষত 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্তেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। লগত খোৱা বস্তু নিনিয়া কাৰণে আৰু ৰে’লত খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰা কাৰণে পৰিয়াল সহ লেখকে ভোকে যাত্ৰা কৰিবলগীয়া হৈছিল। কিন্ত জাতিপ্ৰেম এৰিব নোৱাৰি বিশ তাৰিখে লঘুণে-ভুকে মাতৃভূমি পাইছিল। কষ্টকৰ ৰেলযাত্ৰা কৰি বেজবৰুৱা শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল যদিও ‘মাতৃমুখ’ দৰ্শন কৰি অৰ্থাৎ অসম ভূমিত পদাৰ্পণ কৰি আনন্দিত হৈ পৰিছিল।

বেজবৰুৱাদেৱে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমাৰ কথা কৈ বৰ ভাল পাইছিল। ডিব্ৰুগড় চহৰৰ প্ৰগতি দেখি, ডিব্ৰুগড়ৰ তিৰোতাসকল শিক্ষিত আৰু ৰাজহুৱা কামত আগৰণুৱা হোৱা দেখি বেজবৰুৱাদেৱ অতি আনন্দিত হৈ পৰিছিল। ডিব্ৰুগড়ৰ ডেকাসকলৰ নাট-চৰ্চা, ৰংগশালৰ গীত-মাত আদিৰ পৰিবেশন দেখি তেওঁৰ মন উৎফুল্লিত হৈ পৰিছিল। মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও ডেকা নাট্যকাৰসকলৰ বিদেশী নাটকৰ অনূদিত অভিনীত অনুবাদত বেজবৰুৱাদেৱে নিজকে গৌৰৱ অনুভৱ কৰিছে। চাৰি অসমীয়া ছাত্ৰ-সাহিত্যিকৰ সমাবেশত শ্বেক্সপীয়েৰৰ ‘Comedy of Errors’ অসমীয়ালৈ অনুবাদ ককৰি ‘ভ্ৰমৰংগ’ (1888)ৰ নিভাঁজ অসমীয়া অনুবাদত লেখকে অতিকৈ সন্তুষ্ট হৈছে। এইদৰে, ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম সুন্দৰভাৱে প্ৰকাশ পাইছে।

4. প্ৰবাসী লেখক লক্ষ্মীনাথ বেজবৰুৱাই কি কাৰণে সুদীৰ্ঘ কাল জন্মস্থান অসমলৈ ওভতিব পৰা নাছিল, বুজাই লিখা।
উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে বহু বছৰ ধৰি মাতৃভূমি অসমৰ বাহিৰত আছিল। প্ৰথমতে তেওঁ কলকাতাত তেওঁৰ বন্ধু ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ কাৰবাৰ কৰিছিল যদিও পাছত স্বতন্তৰীয়াভাৱে সেই ব্যৱসায়ত লাগে। কিন্তু প্ৰথম মহাযুদ্ধৰ প্ৰকোপত তেওঁৰ ব্যৱসায় পৰি যায়। পাছত, 1916 চনত তেওঁ কাঠৰ ব্যৱসায় কৰা ‘বাৰ্ড কোম্পানী’ৰ চাকৰিত যোগদান কৰে। কোম্পানীৰ কলকতাৰ কাৰ্যালয়ত এবছৰ কাম কৰাৰ পাছত কোম্পানীয়ে তেওঁক উৰিষ্যাৰ সম্বলপুৰত থকা ফাৰ্মলৈ পঠিয়ায়। 1917 চনৰ ছেপ্তেম্বৰ মাহত তেওঁ সম্বলপুৰলৈ যায় আৰু বাৰ্ড কোম্পানীৰ ফাৰ্মৰ ‘মেনেজাৰ’ৰ কামত যোগদান কৰে।

অৱশেষত, দুৰ্গা পূজাৰ বন্ধত ৰে’ল কোম্পানীয়ে যাত্ৰীক ভেৰোণৰ সুবিধা কৰি দিয়া সুবিধাকে লৈ 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্তেম্বৰত অসমলৈ বুলি যাত্ৰা কৰি সম্বলপুৰ এৰিবলৈ সক্ষম হৈছিল আৰু বাইশ তাৰিখে অৰ্থাৎ 22 ছেপ্তেম্বৰত তেওঁ গুৱাহাটীত অথবা জন্মস্থান অসমলৈ ওভতিব আহিবলৈ সক্ষম হৈছিল।

5. ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংগশালৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কেনে মনোভাব প্ৰকাশ কৰিছে, পাঠটিৰ আধাৰত বুজাই লিখা।
উত্তৰঃ ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই। সেই ৰংগশাল নিৰ্মাণ কৰি তাত সভা-সমিতি, থিয়েটাৰ, যাত্ৰা, গান, ভাওনা অনুষ্ঠত কৰিছিল। থিয়টাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্ৰবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদসকলতকৈ কোনো গুণে হীন নাছিল। এনে ক্ষেত্ৰত পেইন্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল। এইসমূহৰ সাজ-সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায়।

ডিব্ৰুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ ৰংগশালত প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ নিয়াব পৰা প্ৰক্ৰিয়াটো সঁচাকৈ শলাগিবলগীয়া। বেজবৰুৱাই এই ক্ষেত্ৰত সবল প্ৰতিক্ৰিয়া দাঙি ধৰিছে। এনেদৰে ডিব্ৰুগড়ৰ অভূতপূৰ্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল।

Long Type Questions and Answers (5 Marks)

1. ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লেখক লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ এটি চমু বিৱৰণ আগবঢ়োৱা।
উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত বেজবৰুৱাদেৱে সূদূৰ সম্বল্পুৰৰ পৰা গুৱাহাটিলৈ কৰা ৰেল যাত্ৰাৰ এক বিচিত্ৰ বিৱৰণ দাঙি ধৰিছে।

1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্তেম্বৰত কোম্পানীৰ ভাড়া ৰেলগাড়ীত বেজবৰুৱাই পৰিবাৰ প্ৰজ্ঞাসুন্দৰী দেৱী আৰু সৰু জীৰ সৈতে উভতনি যাত্ৰা আৰম্ভ কৰিলে। সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা এই দীঘলীয়া যাত্ৰাত তেওঁলোক বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈছিল। বেংগল-নাগপুৰ ৰেলৰ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা প্ৰায় 31 মাইল দূৰত। গধূলি চাৰে পাঁচ বজাত সম্বল্পুৰত ৰালত উঠি দুঘন্টামানৰ মূৰত ঝাৰচোগোড়া পোৱাগৈ যায়। তাতে চাৰে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীখন উঠিব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা তেওঁলোক গৈ পোৱাৰ আগতে বোম্বাই মেইল গাড়ীখন এৰিলে। ফলত তেওঁলোক ষ্টেশ্যনতে পৰিৰ’বলগীয়া হ’ল। শেষত ৰাতি দুই বা তিনি বজাত এখন পেছেঞ্জাৰ গাড়ী ঝাৰচোগোড়াৰ পৰা কলিকতালৈ যায়। সেইখনতে তেওঁলোক উঠিল আৰু পিছদিনা আঠমান বজাত কলিকতা পায়গৈ। ডাঙৰ কথাতো হ’ল তেওঁলোক বাটত খাবলৈ একোৱেই নিয়া নাছিল। ষ্টেশ্যনত বিক্ৰী কৰা কচুৰি, শিঙৰা কিনি লৈ ভোক নিবাৰণ কৰিবলগা হ’ল। দিনে চাৰিসাজকৈ খোৱাৰ অভ্যাস থকা বেজবৰুৱা আৰু তেওঁৰ সহযাত্ৰী পত্নী তথা জী বৰ বিপদত পৰিল। তদুপৰি পেচেঞ্জাৰ গাড়ীত ডাইনিং কাৰ নাথাকে।

গাৰ্ডক লৈ বেজবৰুৱাদেৱে খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেন্ট ৰোমৰ মেনেজাৰলৈ টেলিগ্ৰাম কৰি জনালে অলপ আহাৰৰ আয়োজন কৰি থ’বলৈ। কিন্তু তাৰ কোনো উত্তৰ নাপালে ভোকে-ভাগৰে তেওঁলোক কলিকতা পালেগৈ। কলিকতাত ভাত খাই পেটক প্ৰবোধ দি মহানুৰৰ এঠাইৰ এটি ঘৰত শুই থাকে। পিছদিনা কলিকতাৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে। বাটত তেওঁলোকক মগনিয়াৰবিলাকে বোৰ আমনি কৰিছিল। দ্বিতীয় শ্ৰেণীৰ আন কোঠালি নথকাত সকলো যাত্ৰী একেটা শ্ৰেণীৰ ডবাতে উঠিবলগীয়াত পৰিছিল। বাটত ৰুগীয়া ল’ৰা এটা লৈ মাক-বাপেক আৰু দুই-তিনিজনমান মানুহে কোঠালিটো ভৰাই পেলাইছিল। ৰোগীয়ে ঠাণ্ডা পাব বুলি ডবাৰ দুৱাৰ-খিৰিকীবোৰ মাৰি দিয়াত ডবাটো দুৰ্গন্ধৰে ভৰি পৰিছিল। তেওঁলোকে বোৰ অস্থিৰ পৰিৱেশত আহিবলগীয়া হ’ল। একৈশ ছেপ্তেম্বৰ তাৰিখে শিয়ালদহ ষ্টেশ্যন এৰা ৰেলগাড়ীখন আহি তেওঁলোক বাইশ তাৰিখে গুৱাহাটীত উপস্থিত হয়হি। এনেদৰে তিতা-মিঠা অভিজ্ঞতা আৰু কষ্টৰ মাজেৰে বেজবৰুৱাদেৱৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ অহা যাত্ৰা সফল হ’ল।

2. ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত বুজাই লিখা।
উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক প্ৰবন্ধটিত সুদূৰ সম্বলপুৰৰ অসমলৈ ঘূৰি আহিব নোৱাৰাৰ প্ৰসংগত লিখকে মহাদেৱৰ কৃষিকৰ্মৰ বৰ্ণনা এটি সুন্দৰ ৰূপত তুলি ধৰিছে।

READ MORE  জনতাৰ আহ্বান | Class 12 Assamese (MIL) - AHSEC

কৰ্মসূত্ৰে বেজবৰুৱাদেৱ সুদীৰ্ঘ ডেৰকুৰি-দুকুৰি বছৰ উৰিষ্যাৰ সম্বলপুৰত আছিল। বেজবৰুৱাদেৱৰ ডিব্ৰুগড়স্থিত মাজু জীয়েক-জোঁৱাইক দেউতাকক বাৰম্বাৰ কাকূতি-মিনতি কৰে এবাৰ ডিব্ৰুগড়লৈ আহি যাবলৈ। বিভিন্ন সমস্যাত পৰি তেওঁ আজি যাম, কাইলৈ যাম বুলিও প্ৰায় দুবছৰ ধৰি আহিব পৰা নাছিল। অৱশেষত তেওঁলোকে বেজবৰুৱাদেৱৰ ওচৰত ৰোহ পাতিলে। যেনেকৈ মহাদেৱে পাৰ্বতীৰ ওচৰত ঠেহ পাতিছিল। ঘটনাটো আছিল এনেধৰণৰ—

তাহানি হেনো এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল যে মহাদেৱে ভাং-ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ-পানী খাই নোদোকাটো হৈ পৰিছে, তাৰে হাল বাই খেতি-বাতি কৰি এগাল ধানকে নাৰ্জে কিয়? ঘৈণীয়েকৰ ককৰ্থনা শুনি মহাদেৱৰ বোৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুকটুক কৰে গৈ খেতি কৰিবলৈ লাগিল। তেখেত হ‘ল দেৱাদিদেৱ মহাদেৱ, তেখেতে খেতিত ধৰিলে আৰু ৰাখে কোনে? খেতি উভৈনদী হ’ল। তেওঁৰ খাৱন-শোৱন গুছিল। আনকি ঘৰলৈ আহবলৈকো পাহৰিলে। পাৰ্বতীয়ে দেখিলে, মহামস্কিলখন হ’ল। গিৰীয়েক অকৰা মৈত উঠি ননমাই হ’ল। গিৰীয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে প্ৰথমতে নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াইহে পঠিয়ায়, গিৰীয়েক নাহে। উপায় নাপাই পাৰ্বতীয়ে মহৰ্ষি নাৰদক ধৰিলে। নাৰদে উভতি আহি ক’লে যে মহাদেৱে কাৰো কথা নুশুনে আৰু কোনো তেওঁঅৰ ওচৰ চাপিবকে নোৱাৰে। তাৰ পিছত অনেক ভাবি-চিন্তি পাৰ্বতীয়ে অসংখ্য ডাঁহ-মহ, চেৰেপা চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। তাৰ পিছতো মহাদেৱ নহাত হাহা হুহু নামৰ মানস পুত্ৰ দুটা চৰ্জি পঠিয়ালে। কাহিনীত হাহা হুহুৱে মহাদেৱক উভতাই আনিব পাৰিলেনে নোৱাৰিলে এই কথা স্পষ্ট নহয়, কিন্তু পাৰ্বতীৰ দৰে আকোৰগোজকৈ লাগি থকা বেজবৰুৱাদেৱৰ মাজু জীয়েকে বেজবৰুৱাদেৱক অনতিপলমে ডিব্ৰুগড় পোৱালেহি। এনেদৰে বেজবৰুৱাদেৱে মহাদেৱৰ কৃষিকৰ্মৰ প্ৰসংগ উত্থাপন কৰি তেওঁ অসমলৈ উভতি অহাৰ কাৰণ ব্যাখ্যা কৰিছে।

3. হাহা হুহু কোন আছিল? তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।
উত্তৰঃ হাহা হুহু আছিল দেৱী পাৰ্বতীৰ মানস পুত্ৰ। পাৰ্বতীয়ে হাহা হুহুক সৃষ্টি কৰি মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল। এবাৰ পাৰ্বতীয়ে মহাদেৱক বোৰ ককৰ্থনা কৰিছিল যে মহাদেৱে ঘৰত কাম-কাজ নকৰি কেৱল ভাং-ধতুৰা খাই ঘূৰি ফুৰে। পাৰ্বতীৰ ককৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে বৃষভৰ পিঠিত উঠি তেতিয়াই গৈ খেতিত লাগি পৰিল। দেৱাদিদেৱ মহাদেৱৰ খেতি অতি কম দিনৰ ভিতৰতে নদন-বদন হ’ল আৰু কৃষি এৰি মহাদেৱ ঘৰলৈ উভতি নহা হ’ল। কথা বিষম দেখি পাৰ্বতীয়ে নন্দী-ভৃংগীকে ধৰি বহুজনকে মহেদেৱক ঘৰলৈ উভতাই আনিবলৈ পঠিয়াই ব্যৰ্থ হ’ল। পথাৰক মহেদেৱক আমনি কৰিবলৈ ডাঁহ, মহ, চেৰেপা এসোপা সৃষ্টি কৰিও কামত নাহিল। শেষত পাৰ্বতীয়ে হাহা আৰু হুহু নামৰ মানস পুত্ৰ দুজনক সৃষ্টি কৰি খেতি-পথাৰলৈ পঠাই দিছিল।

4. ‘ডিব্ৰুগড়ত গোটাচেৰেক কঠাই মোক বৰ সন্তোষ দিছিল।’- ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।
উত্তৰঃ সুদীৰ্ঘ কাল উৰিষ্যাৰ সম্বল্পুৰত কটোৱাৰ পিছত বেজবৰুৱাদেৱ অসমলৈ উভতি আহে আৰু উভতি আহিয়েই ডিব্ৰুগড়ৰ মানুহৰ বিৰাট পৰিৱৰ্তন লক্ষ্য কৰে। যিবিলাক কথাই বেজবৰুৱাক সন্তোষিত কৰিছিল।

প্ৰথমতে, ডিব্ৰুগড় অসমীয়া তিৰোতাসকলৰ গঢ়-গতি আৰু কাৰ্যকলাপ দেখি আনন্দিত হৈছিল। তেওঁলোক আগৰ দিনৰ চুকৰ ভেকুলীসদৃশ জীয়ৰী-বোৱাৰীৰ শাৰীত নাই। শিক্ষা-দীক্ষা, ৰাজহুৱা কাৰ্যাদি সকলোতে পুৰুষৰ সমকক্ষ হৈ তেওঁলোক আগবাঢ়ি গৈছে। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি ছিঙি প্ৰগতিৰ পথত আগবাঢ়িছে। আনকি দেশৰ সেৱাত শামুকখুজীয়া পুৰুষতকৈও বেছিকৈ আগবাঢ়িছে বুলি ক’লেও বঢ়াই কোৱা নহয়। মাজতে বিমোৰ অৱস্থাত পৰি অসমীয়া তিৰোতা-শিপিনীসকলে তেওঁলোকৰ অংগৰ ভূষণ বোৱা-কটা পৰিহাৰ কৰিছিল। যদিও ডিবৰুপৰীয়া নতুন তৰপৰ মহিলাসকলে তাক আকৌ আদৰেৰে তুলি লৈছে। ওৰণিৰ সৰ্বগ্ৰাহী গ্ৰহণৰ পৰা বিমুক্ত হৈ পৰিছে আৰু পুৰুষৰ লগত সভা-সমিতিত একে শাৰীতে বহি নিজৰ স্বাধীন মতামত প্ৰকাশ কৰিছে। তেনে কৰোঁতে তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তা কমা নাই। দুই-এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা প্ৰদান কৰিছে যে অনেক পুৰুষ বক্তাকো সেই বিষয়ত চেৰ পেলাইছে।

দ্বিতীয়তে, ৰামমোহন ৰায় স্মৃতি সভাত শ্ৰীমতী যোগদা দেৱীয়ে অনগৰ্লভাৱে যি বক্তৃতা দিলে তাকে শুনি বেজবৰুৱাদেৱ পুলকিত হৈ পৰিছিল। তাৰোপৰি ডিব্ৰুগড় বালিকে স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী গৌৰীপ্ৰভা চলিহাই একুৰিমান ছাত্ৰী লগত লৈ তেওঁক কৰা সম্ভাষণ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। বেজবৰুৱাদেৱ তেওঁলোকৰ স্কুললৈ যাওঁতে ৰূপৰ বটা এটিত যি সম্ভাষণপত্ৰ তেওঁক প্ৰদান কৰিছিল। তাকে দেখি তেওঁ আপ্লুত হৈছিল। ডিব্ৰুগড়ত সভ্ৰান্ত্ৰ মহিলাসকলৰ সভাতো যিখন অভিনন্দন পত্ৰ মুগাৰ কাপোৰৰ ওপৰৰ ছপাই দিছিল, সেইখন বেজবৰুৱাদেৱে গোটেই জীৱন ৰখাৰ প্ৰতিশ্ৰুতি দিছিল।

তৃতীয়তে, ডিব্ৰুগড়ত থিয়েটাৰ অৰ্থাৎ ৰংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই। সেই ৰংগশাল নিৰ্মাণ কৰি তাত সভা-সমিতি, থিয়েটাৰ, যাত্ৰা, গান, ভাওনা অনুষ্ঠত কৰিছিল। থিয়টাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্ৰবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদসকলতকৈ কোনো গুণে হীন নাছিল। এনে ক্ষেত্ৰত পেইন্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল। এইসমূহৰ সাজ-সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায়।

চতুৰ্থতে, ডিব্ৰুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ ৰংগশালত প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ নিয়াব পৰা প্ৰক্ৰিয়াটো সঁচাকৈ শলাগিবলগীয়া। বেজবৰুৱাই এই ক্ষেত্ৰত সবল প্ৰতিক্ৰিয়া দাঙি ধৰিছে। এনেদৰে ডিব্ৰুগড়ৰ অভূতপূৰ্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল।

5. লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই বিদেশী নাটকৰ অসমীয়া অনুবাদ জীণ যোৱা বিধৰ হ’ব লাগে বুলি কৈছে।
অসমত বিদেশি নাটক অসমীয়ালৈ ভাঙি অসমীয়া ৰংগশালত অভিনয় কৰাটো অনেক মানি নলয়। বেজবৰুৱাদেৱ এই ক্ষেত্ৰত বিৰোধী। অৱশ্যে তাৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ যোৱাবিধৰ হ’ব লাগিব। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ-সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা, যদি সেই ভাৱ-সম্পদক বাৰে বঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া যায়। ভাৰতৰ নানা ঠাইৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্বতোভাৱে বৰণ কৰি অসমীয়া হৈ যায়। তাৰ দ্বাৰা অসমৰ আপদ নাবাঢ়ি সম্পদহে বাঢ়িব। এনে এক গঢ়েৰেই পুৰণি কালৰ পৰা অসম পৰিপুষ্ট হৈ আহিছে। এটা সময়ত কলিকতাৰ প্ৰবাসী অসমীয়া ছাত্ৰই লগ লাগি শ্বেক্সপীয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি ‘ভ্ৰমৰংগ’ নাম দি অভিনয় কৰিছিল। তাত অসমীয়া অনুবাদকৰ ছাঁইয়া নিশ্চিতভাৱে পৰিছিল, যিয়ে নাটকখনি অধিক মোহনীয় কৰি তুলিছিল। বেজবৰুৱাদেৱৰ মতে এতিয়াও উঠি অহা ডেকাসকলে তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া ৰংগশালত তুলি দিলে তাত আপত্তি কৰিবলগীয়া বিশেষ স্থল একো নাথাকিব।

10 thoughts on “মোৰ মাতৃমুখ দৰ্শন | Class 12 Assamese (MIL) – AHSEC”

    1. বৰ্তমান PDF দিব নোৱাৰিম কিয়নো এই মূহুৰ্তত PDF মোৰ লগত নাই আৰু নতুনকৈ PDF বনাবলৈ গ’লে বহুত সময়ত প্ৰয়োজন আছে। গতিকে এইবাৰ ফাইনেল পৰীক্ষাৰ আগত PDF দিব নোৱাৰিম। তাৰ বাবে আন্তৰিকভাৱে দুঃখিত।

      1. আগলৈ চেষ্টা কৰিম আকৌ অফলাইন কৰিবলৈ তাৰ বাবে কিছু সময় লাগিব। ভাবিছোঁ এইবাৰ ফাইনেল পৰীক্ষাৰ পিছত অফলাইন বনোৱাৰ কাম আৰম্ভ কৰিম কিয়নো এতিয়া কৰিলে এপৰ বহুত সমস্যাৰ হ’ব যাৰ ফলস্বৰুপে এপ বিলাক কিছুদিনৰ বাবে অচলও হৈ যাবো পাৰে।। আৰু পৰীক্ষাৰ আগ মূহুৰ্তত এপ বিলাক অচল হৈ গ’লে বহুত শিক্ষাৰ্থীৰ অসুবিধাৰ হ’ব পাৰে যিটো মই কেতিয়াও নিবিচাৰোঁ। ধন্যবাদ

    1. মই জানো Appটো অনলাইন কৰাত বহু ছাত্ৰ-ছাত্ৰীৰ অসুবিধা হৈছে আৰু সেই বাবে মোৰ ও বহুত বেয়া লাগিছে।

      Google Admob পলিচি মতে কোনো App ৰ Primary Language অসমীয়া হ’লে সেই Appত কোনো ধৰণৰ বিজ্ঞাপন নেদেখুৱায়। যিহেতু এই এপটোৰ Primary Language অসমীয়া সেয়ে গুগলে বিজ্ঞাপন দেখুওৱা বন্ধ কৰি দিছে।

      মোৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় যে বিজ্ঞাপন নেদেখুওৱা কৈ এই Services বোৰ চলাই যাম। সেয়ে এপটো Online কৰি দিয়া হৈছে। কিন্তু এতিয়া বিজ্ঞাপন দেখুৱায় আছে কিন্তু বৰ্তমান কোনো ধৰণৰ উপাৰ্জন নহয়।

      নাজানো উপাৰ্জন নোহোৱাকৈ আৰু কিমান দিন Services বোৰ দিব পাৰিম। হয়তো এনেকুৱাকৈ থাকিলে আগলৈ মোৰ পক্ষে সম্ভব নহ’ব। যদি কেতিয়াবা হাঠাৎ App বন্ধ হৈ যায় তোমালোকে মোক বেয়া নাপাব। সকলোৱে মোৰ বাবে দোৱা/আশীৰ্বাদ কৰিবা যাতে আগলৈ এই Servicesবোৰ দি থাকিব পাৰোঁ।

Leave a Comment

error: Content is protected !!
Scroll to Top