মোৰ জীৱনৰ লক্ষ্য ৰচনা | Mor Jibonor Lokkho | তোমাৰ জীৱনৰ লক্ষ্য ৰচনা | Tomar Jibonor Lokkho | অসমীয়া ৰচনা | My Aim in Life in Assamese Essay for Class 10 and 12


মোৰ জীৱনৰ লক্ষ্য

আৰম্ভণিঃ লক্ষ্যহীন জীৱন গুৰিয়ালহীন নাৱৰ দৰে। গুৰীয়ালহীন নাও যেনেকৈ বতাহৰ কোবত নতুবা সোঁতৰ গতি আৰু ঢৌৰ খুন্দাত যেনি-তেনি ভাহি ফুৰে, লক্ষ্যহীন জীৱনো তেনেকুৱা অস্থিৰ। গুৰীয়ালহীন নাও পাৰ চাপিব নোৱাৰাৰ নিচিনা লক্ষ্যহীন জীৱনতো কৃতকাৰ্যতা লাভ হোৱা সম্ভৱ নহয়। আনকি লক্ষ্য স্থিৰ কৰি ললেও যে সতকাই সেই লক্ষ্যত উপনীত হ’ব পৰা যায়, এনেটোও নহয়। কথাতে কয় বোলে ‘ আলচা কাম নহয় সিদ্ধি, বাটত আছে কণা বিদ্ধি। – গতিকে ছাত্ৰাৱস্থাৰ পৰাই জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈ সেই লক্ষ্যত উপনীত হ’বৰ কাৰণে প্ৰস্তুতি চলোৱা উচিত। কিন্ত লেঠাটো আকৌ তাতেই। লক্ষ্য স্থিৰ কৰি লোৱাটো সহজ কাম নহয়; বিশেষকৈ আমাৰ নিচিনা ছাত্ৰৰ কাৰণে।

আগৰ কালত কোনো লক্ষ্য আগত নৰখাকৈ কেৱল পঢ়া-শুনা কৰিলেই অন্য একো কৰিব নোৱাৰিলেও জীৱিকাৰ কিবা নহয় কিবা এটা পথ পাইছিল। গতিকে আগৰ ছাত্ৰসকলে জীৱনৰ ভৱিষ্যতৈ বৰকৈ চিন্তা নকৰিলেও হৈছিল। আগেয়ে বি-এটো পাছ কৰি লওচোন, পাছতো কিবা এটা কৰিম বুলি ভৱাৰ অৱকাশ এতিয়া আৰু নাই। কিয়নো, বহুতো বি.এ., এম. এ, এম. এছ- ছি ডিগ্ৰীধাৰী আনকি কাৰিকৰী অৰ্হতাসম্পন্ন ডেকায়ো এতিয়া চাকৰিৰ কাৰণে হাবাথুৰি খাই ফুৰা দেখা গৈছে। তদুপৰি কেৱল চাকৰি কৰি নিজৰ জীৱিকা উলিওৱাটোৱে মানুহৰ একমাত্ৰ কৰ্তব্য নহয়। স্বদেশ, স্বজাতি তথা বিশ্ব-মানৱৰ হকেও প্ৰত্যেকৰে অলপ-অচৰণ কৰিবলগীয়া আছে।

জীৱনৰ লক্ষ্যঃ মই এজন পেটে ভাতে খাই থকা সাধাৰণ পৰিয়ালৰ ছাত্ৰ। আমাৰ একমাত্ৰ জীৱিকা কৃষি। কৃষি – কাৰ্যত মোৰ নিজৰ অনুৰাগো আছে আৰু অলপ লাগি-ভাগিও দিব লাগে। আনকি কোনো সময়ত ইয়াৰ কাৰণে মই স্কুলো খতি কৰিবলগীয়াত পৰো। ক’বলৈ লাজ নকৰো যে মই প্ৰখৰ বুদ্ধিৰ ছাত্ৰ নহয় — মধ্যমীয়া। মোৰ ভিতৰত যে প্ৰতিযোগী মন এটা নাই এনে নহয়, দৰাচলতে তেনে মন এটা থকাৰ কাৰণেই মই এইখিনি পাইছো আৰু এই পৰীক্ষাতো মই যে ভালদৰে উত্তীৰ্ণ হ’ম, এই প্ৰত্যয় মোৰ আছে। মোৰ আশা-আকাংক্ষাও সীমাৱদ্ধ। এটা স্বাধীন, আত্ম সন্মানমুক্ত, দুৰ্নীতিমুক্ত জীৱন যাপন কৰিবলৈ মই বিচাৰো। আৰু এনে জীৱন যাপন কৰিবলৈ মোৰ মতে কৃষিয়ে উত্তম পন্থা হ’ব পাৰে। মই নিজে খেতিয়কৰ ল’ৰা আৰু খেতিৰ প্ৰতি মোৰ অনুৰাগ আছে কাৰণেই মই এই কাম উৎকৃষ্ট বুলি বিৱেচনা কৰিছো।

READ MORE  বিজ্ঞানৰ অৱদান ৰচনা | Bigyanor Obodan Essay

লক্ষ্য বাচি লোৱাৰ কাৰণঃ মই মোৰ নিজ অভিজ্ঞতাৰ পৰাই বুজিব পাৰিছো যে আমাৰ দেশত কৃষি কৰ্ম নিৰাপদ নহয়, বিশেষকৈ ‘বান’ আৰু ‘খৰ’ ইহঁত দুইটাৰ এটা নহয় এটাই অপকাৰ কৰিবই, তদুপৰি আমাৰ কৃষি- পদ্ধতিও আওপুৰণি। আমাৰ খেতিয়ক সকলৰ বহুতৰে নিজক লগা জোখেৰে মাটিও নাই। আমাৰ নিজৰ মাটি ডৰাৰে কথমপিহে আমাক জোৰে। আগলৈ ভাগ ভাগ হৈ গ’লেতো নুজুৰিবই।কিন্তু নিজৰ এই অভিজ্ঞতাও হৈছে যে কৃষি-চক্ৰ সলনি কৰি, সাৰ গোবৰ দি অলপ পৰিৱৰ্তিত পদ্ধতিত খেতি কৰিলে আমাৰ খেতিয়কসকল কেতিয়াও নিৰাশ হবলগীয়া নহৱ। গ্ৰাম্যসেৱক, কৃষিসম্প্ৰসাৰণ বিষয়া আদিৰ লগত কথা-বতৰা পাতি আৰু কৃষি সম্বন্ধীয় দুই এখন কিতাপ পুথি পঢ়ি মোৰ এই ধাৰণা দৃঢ়তৰ হৈছে।

উন্নত ধৰণে খেতি কৰিবলৈ হ’লে যে সকলো খেতিয়কে কৃষি – বিষয়ৰ উচ্চ শিক্ষা লাভ কৰিব বা দেশ-বিদেশলৈ গৈ প্ৰশিক্ষণ লব লাগিব এনে কথাও নহয়। মই যিখিনি শিক্ষা পাইছো, ইয়াৰেই মই উন্নত ধৰণে খেতি কৰিব পাৰো, তথাপি মই H.S.L.C. পৰীক্ষা পাচ কৰি আৰু দুবছৰ কলেজত বিজ্ঞান অধ্যয়ন কৰিম। ৰসায়ন-বিদ্যা, উদ্ভিদ বিদ্যা আৰু ভু- বিদ্যা হব মোৰ অধ্যয়নৰ বিষয়। চাকৰি যেতিয়া নকৰো, ডিগ্ৰীৰ প্ৰয়োজন কি?অনাহকত আৰু দুবছৰ পঢ়ি অধিক খৰছ কৰাতকৈ সেই পইচা কৃষি-কৰ্মতে লগাম। অৱশ্যে ঘৰৰ অৱস্থা ভাল হ’লে, সেই দুবছৰো পাঢ়িলোহেতেন।অধ্যয়নৰ অন্তত পাৰিলে মই এবাৰ পঞ্জাৱলৈ গৈ তাৰ খেতিয়কৰ কৃষি পদ্ধতি চাই-চিটি আহিম।

লক্ষ্যত কেনেদৰে উপনীত হ’মঃ উন্নত ধৰণৰ খেতি কৰিবলৈ আমাৰ যিখিনি মাটি আছে, তাতোতকৈ সৰহ মাটিৰ আৱশ্যক। উন্নত যন্ত্ৰ-পাতি, সাৰ, কীটনাশক দৰৱ আদি কিনিবলৈ টকা পইছাৰো দৰকাৰ। এই সকলোখিনি একেবাৰতে যোগাৰ কৰা সম্ভৱ নহয়। অৱশ্যে আজিকালি ৰাষ্ট্ৰীয় বেংকসমূহে কৃষি ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু মই পৰাপক্ষত কোনো প্ৰকাৰৰ ঋণ নলও। ট্ৰেক্টৰ কিনাৰ পৰিকল্পনাও সদ্যহতে মোৰ নাই। ‘Humble beg৷nn৷ng’-সাধাৰণ আৰম্ভণিৰ পৰাই আগুৱাই যাম, এয়ে মোৰ অভিলাষ।

READ MORE  মোৰ জীৱনৰ লক্ষ্য ৰচনা - নাৰ্ছ | My Aim in Life Nurse Essay in Assamese

মোৰ প্ৰথম আঁচনি হ’ব ‘ তাকৰীয়া মাটিত সৰহ শস্য উৎপাদন।’ আমাৰ নিজৰ মাটিখিনিত লগা সাৰ-গোৱৰ দি খেতি কৰাৰ জোখাৰে ধন মই গোটাব পাৰিম। মই নি:সন্দেহ যে এনেকৈ খেতি কৰিলে মোৰ খেতিৰ উৎপাদন দুগুণ হ’ব। অৱশ্যে খেতি কৰাৰ পূৰ্বে মই মাটিখিনি পৰীক্ষা কৰোৱাই সেই মতেহে সাৰ গোৱৰ দিয়াৰ দিহা কৰিম। মোৰ কৃষিৰ আয়ৰ পৰাই মই দ্বিতীয় বছৰৰ পৰা এপদ এপদকৈ ক্ৰমে পুল-বোৰ্ড, নাঙল, পেদি উইদাৰ, পেদি হুইল, গুটি সিঁচা যন্ত্ৰ, হাতেৰে চলোৱা ঔষধ দিয়া যন্ত্ৰ আদি আৰু কম অশ্বশক্তিৰ পানী সিঁচা মেচিন এটাও কিনি লম।

আমাৰ নিজৰ মাটিডৰাৰ এফালে এনেয়ে কিছু দ’। সেই অংশত এমুৰীয়াকৈ পুখুৰী এটা খান্দি বাম অংশ আৰু অলপ ওখ কৰি ল’ম।, যাতে বানপানীয়ে সহজে অনিষ্ট কৰিব নোৱাৰে। এই অংশত মই উন্নত সঁচৰ ধান আৰু মাহজাতীয় শস্যৰ খেতি কৰিম। পুখুৰীত মাছৰ পোনা মেলিম, পাৰত লগাম নাৰিকল, কল আৰু মাটিকঠাল। দ’ অংশত ঘেঁহু, আলু, পিয়াজ আৰু মচুৰ মাহৰ খেতি কৰিম। মোৰ ঘৰৰ কাষতো দুকঠামান মাটি আছে। ইয়াৰে একঠাত মই জলকীয়া লগাম। বাকী কঠাত শাক পাচলি ৰুম। মই জানো যে জলকীয়াৰ দৰে সহজ আৰু আয় দিব পৰা খেতি একোৱে নাই।এতিয়া মই জোপাচেৰেক জলকীয়াৰ খেতি কৰিয়ে মোৰ পঢ়া খৰছৰ কিছু অংশ উলিয়াইছো।

প্ৰথম পাঁচবছৰ মই এনেকে মোৰ তাকৰীয়া মাটিখিনিতে পৰীক্ষামুলক ভাৱে উন্নত প্ৰণালীৰে খেতি কৰিম। মোৰ বিশ্বাস এই পাঁচবছৰতে মোৰ কিছু আয় হ’ব আৰু কৃষিও চকুত লগা হ’ব।

সামৰণিঃ মোৰ মতে, আমাৰ জীৱনৰ লক্ষ্য অন্যক দেখি-শুনি সুবহু নকল কৰাতো উচিত নহয়। আমাৰ সমাজৰ অভাৱ আৰু প্ৰয়োজন অনুসৰিহে আমাৰ জীৱনৰ লক্ষ্য সিদ্ধান্ত কৰাতো উচিত। লগতে, এই অভাৱ পূৰ্ণ কৰাৰ বাবে আমি প্ৰথমে আমাৰ নিজৰ যোগ্যতা আৰু জ্ঞানসমূহ সম্পূৰ্ণ কৰাতো অতিকৈ প্ৰয়োজন। যোগ্য হোৱাৰ পিছত, আমি আমাৰ জীৱনৰ লক্ষ্যৰে বাকী জীয়াই থকা দিনবোৰ আমাৰ উচিত পদক্ষেপেৰে আগবাঢ়িব লাগে। নাজানো কোনদিনা ভগৱানে মোৰ এই সপোন দিঠকত পৰিণত কৰে। এই লক্ষ্যৰে মই অতীতৰে পৰা বৰ্তমানলৈকে চেষ্টা অব্যাহত ৰাখিছো আৰু ভৱিষ্যতলৈকেও ৰাখিম।

READ MORE  অসমৰ ক্ষুদ্ৰ উদ্যোগ : সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণ | Small Scale Industries in Assam Essay in Assamese

Leave a Comment

error: Content is protected !!
Scroll to Top