Translation | Class 10 English Grammar | Class 10 Translation Question Bank | Translation English Grammar Question Bank | Translation Question Answer Assam | SEBA Class 10 Translation Question Bank


Translation

Translation in 2000 HSLC Examination
1. আমাৰ স্কুলত এখন খেলপথাত আছে ।
Ans: There is a playground in our school.

2. আমি তাত ফুঁটবল খেলো ।
Ans: We play football there.

3. স্কুলৰ খেল প্রতিযোগিতাবোৰ ইয়াত পতা হয় ।
Ans: The sports competitions of school are organized here.

4. যোৱা বছৰ ৪৯৯ মিটাৰ দৌৰত মই প্রথম হৈছিলো ।
Ans: I stood first/ I emerged first in the 400 metre race last year.

5. তোমালোকৰ স্কুলত খেলপথাৰ আছেনে?
Ans: Is there a playground in your school?

6. তুমি কি খেল আটাইতকৈ ভাল পোৱা?
Ans: Which game do you like the most?

7. আজিকালি কিছুমান ল’ৰা-ছোৱালীয়ে খেলৰ সলনি টেলিভিছন চায় ।
Ans: Now-a-days, some children (boys & girls) watch television instead of playing.

8. আমি তেনে কৰা উচিত নহয় ।
Ans: We should not do so/that.

9. জীৱনত কৃতকাৰ্য হ’বলৈ আমি চেষ্টা করোঁ আহা ।
Ans: Let us try to be successful in life.

10. ভগৱানে আমাক সকলোকে সহায় কৰক ।
Ans: May God help us all.

Translation in 2001 HSLC Examination
1. আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে ।
Ans: Everyone/Everybody of our house gets up early in the morning.

2. যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো ।
Ans: I went to Shillong during summer vacation last year.

3. গীতা তিনি বছৰ বয়সৰ পৰা আমেৰিকাত আছে ।
Ans: Gita has been in America since the age of three.

4. তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো ।
Ans: I was reading English when you came.

5. আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল ।
Ans: The match had started before we reached the playground.

6. কালি মই চুলি কটালো ।
Ans: I got my hair cut yesterday.

7. বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হ’ল ।
Ans: The tiger was killed by a hunter name Jim Corbett.

8. তেওঁ মোক সুধিলে, “তুমি নৈখন সাঁতুৰি পাৰ হব পাৰিবানে?”
Ans: He said to me, “Can you swim across the river?”

9. তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্রমীও হ’ব লাগিব ।
Ans: You must be not only intelligent but also labourious/hardworking.

10. তুমি কালি লগ পোৱা মানুহজন এজন ভাল সংগীতজ্ঞ ।
Ans: The man you met yesterday is a good musician.
OR: The man you came across yesterday is a good musician.

Translation in 2002 HSLC Examination
1. মামুৱে পুৱাই উঠে ।
Ans: Mamu gets up in the morning itself.

2. ল’ৰাবিলাকে সাতুৰি আছে ।
Ans: The boys are swimming.

3. চিকাৰীজনে বাঘতো মাৰিলে ।
Ans: The hunter has killed the tiger.

4. তেওঁলোকে ইয়াত এমাহ থাকিব ।
Ans: They will stay here for a month.

5. প্রকাশ বরুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে ।
Ans: Prakash Barua has been suffering from fever since January.

6. তেওঁক সকলোৱে জানে ।
Ans: He is known to all.

7. ডক্টৰজন অহাৰ আগতেই ৰোগীজন মৰিল ।
Ans: The patient had died before the doctor came.

8. মধুমালা আহোঁতে বৰষুণ দি আছিল ।
Ans: It was raining when Madhumala came.

9. শিক্ষকজনে কৈছিল, “সদায় সঁচা কথা ক’বা ।”
Ans: The teacher said, “Always speak the truth.”

Translation in 2003 HSLC Examination
1. মই এতিয়া স্কুললৈ যাম ।
Ans: I shall go to school now.

2. আমাৰ স্কুল ন বজাত বহে ।
Ans: Our school starts at 9 am.

3. মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ ।
Ans: I always reach school before the bell rings.

4. আমাৰ স্কুলত আজি এখন তর্ক প্রতিযোগীতা হ’ব ।
Ans: There will be a debate competition in our school today.

5. মই তাত অংশগ্রহণ কৰিম ।
Ans: I shall participate in it.

6. মই ইংৰাজীত ক’ম বুলি ঠিক কৰিছোঁ ।
Ans: I have decided to speak in English.

7. প্রধান শিক্ষকক আজি মই এই বিষয়ে ক’ম ।
Ans: I shall tell the head master about it today.

8. এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে ।
Ans: He always encourages/inspires us in such matters.

9. যোৱা বছৰ তর্ক প্রতিযোগিতাত মই প্রথম হৈছিলোঁ ।
Ans: I stood first in the last year’s debate competition.

10. মোৰ মা-দেউতাই বৰ আনন্দ পাইছিল ।
Ans: My parents got delighted.
OR: My parents were very happy.

Translation in 2004 HSLC Examination
1. আমাৰ গাওঁখন এটা পিছপৰা অঞ্চলত ।
Ans: Our village is situated in a backward area.

2. গাওঁখন সরু, জনসংখ্যাও কম ।
Ans: The village is small, and its population is also small.

3. প্রতিবছৰে ইয়াত বানপানী হয় ।
Ans: Flood occurs here every year.

4. গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আরু বৰ দুখীয়া ।
Ans: Most of the people in the village are cultivators and very poor.

5. প্রতিবছৰে বানপানীয়ে তেওঁলোকৰ প্রচুৰ ক্ষতি কৰে ।
Ans: Flood causes them a lot of damage every year.

6. আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম ।
Ans: The number of educated people in our village is also very small.

7. ইয়াত এখন প্রাথমিক বিদ্যালয়হে আছে ।
Ans: There is only a primary school here.

8. মই আরু মোৰ ভনীজনীয়েও তাত পঢ়িছিলোঁ ।
Ans: My sister and I also studied there.

9. এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ ।
Ans: Now we are studying in a high school.

10. আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ কাঢ়িব লাগে ।
Ans: We have to cover a lot of distance on foot to reach school.

Translation in 2005 HSLC Examination
মই এজন ভাৰতীয় নাগৰিক । ভাৰতবৰ্ষ এখন বিশাল দেশ । অসম ভাৰতবৰ্ষৰ এখন সরু ৰাজ্য । ই ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত । মোৰ অসমত জন্ম হৈছিল । বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত । গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ । ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছো । মোৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ । আমাৰ বিদ্যালয়ৰ উন্নতিৰ বাবে দেউতাই কঠোৰ পৰিশ্রম কৰে ।

Ans: I am an Indian citizen. India is a large/vast country. Assam is a small state of India. I was born in Assam. My present dwelling place is in Guwahati. Guwahati is the biggest city of Assam. I have been reading in an Assamese medium school of it. My father is the principal of our school itself. Father works hard for the development of our school.

Translation in 2006 HSLC Examination
আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে । আমি মাজে-সময়ে তাতে খেলা-ধূলা করোঁ । শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে । আমাৰ প্রধান শিক্ষকে কয়, “তোমালোকে খেলত ভাগ ল’ব লাগে । ই স্বাস্থ্যৰ বাবে উপকাৰী ।” সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয় । মই ফুটবল অথবা ভলীবল খেলোঁ । আন কিছুমানে ক্রিকেট খেলে । বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ । দুই-এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে ।

Ans: There is a playground in front of our school. We occasionally play there. The teachers inspire us to play. Our Head Master says, “You should take part in games/sports. It is beneficial to health.” We are allowed to play once a week. I play either football or volleyball. Some others play cricket. We come to play here during holidays. A couple of young teachers also come to play with us.

Translation in 2007 HSLC Examination
আমি এখন গাঁৱত বাস কৰো । গাওঁখন চহৰৰ পৰা বেছি আঁতৰত নহয় । ঘৰত মোৰ মা-দেউতা আরু ভনী এজনী আছে । দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে । তেখেতক সহায় কৰিবলৈ দুজন বনুৱাও ৰাখিছে । আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে । সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয় । আমাৰ এটি মাছ পোহা পুখুৰীও আছে । কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে । মাজে সময়ে আমি নৈত মাছ ধরোঁ ।

Ans: We live in a village. The village is not far away from the town. I have my parents and a sister at home. Father cultivates in our own land. Two workers are also there to help him. We don’t have to buy many of our essential goods. These are produced in our field itself. We also have a fishery. The river Kaldia flows by our house. We fish there now and then.

Translation in 2008 HSLC Examination
1. বেলি পূবত উঠে আরু পশ্চিমত মাৰ যায় ।
Ans: The sun rises in the east and sets in the west.

2. তোমালোকে এতিয়া কি কৰি আছা ?
Ans: What are you doing now?

3. আমি সদায় নদীৰ পাৰত ফুরোঁ ।
Ans: We always go for a walk on the bank of the river.

READ MORE  Synthesis of Sentences | Class 10 English Grammar - SEBA

4. ছোৱালীজনীয়ে গান গাই আছে ।
Ans: The girl is singing.

5. তুমি গাড়ী চলাব পাৰানে?
Ans: Do you know how to drive a car?

6. তেওঁৰ ভাগৰ লাগিছে ।
Ans: He feels tired.

7. ল’ৰাটোক বুধিয়ক যেন লাগে ।
Ans: The boy seems to be an intelligent.

8. যোৱা মাহত মই তিতাবৰলৈ গৈছিলো ।
Ans: I went to Titabar last month.

9. তাত মোৰ মা-দেউতা থাকে ।
Ans: My parents live there.

10. তেওঁলোক তাত জন্মৰ পৰাই আছে ।
Ans: They have been there since birth.

Translation in 2009 HSLC Examination
আজি দেওবাৰ । আমাৰ দেউতাও ঘৰতে থাকিব । তেখেত চৰকাৰী চাকৰিয়াল । মই আরু মোৰ ভাইটি আজি চিৰিয়াখানা চাবলৈ যাম । যোৱাকালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ । তেখেতে ক’লে, “আরু কোনোবা যাব নেকি?” মই ক’লো যে আমাৰ লগত অইন কোনো নাযায় । আমি দুয়ুজন একেলগে যাম । তেতিয়া দেউতাই ক’লে, “তেনেদৰে যাব নোৱাৰা মই তোমালোকক গাড়ীৰে লৈ যাম ।”

Ans: Today is Sunday. Our father will also stay at home. He is a government employee. My brother and I will go to see the zoo today. We sought permission from father yesterday. He said, “Will anyone else go?” I said that no one else would go with us. We both will go together. Then father said, “You cannot go like that. I will take you by car.”

Translation in 2010 HSLC Examination
ৰাজীৱ আরু মই একে শ্রেণীত পঢ়ো । ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক । তেখেতে আমাৰ বিজ্ঞান শিকায় । আজি মই স্কুললৈ যাব পৰা নাছিলো । মোৰ মাৰ অসুখ হৈছিল । মই ডাক্তৰ মাতিবলৈ গৈছিলো । আবেলি মই ৰাজীৱক লগ পাবলৈ গ’লো । শ্রেণীত কি শিকোৱা হ’ল মই জানিব খুজিছিলো । ৰাজীৱৰ দেউতাকে মোক সুধিলে, “আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?” মই তেখেতক ক’লো যে মোৰ মাৰ অসুখ ।

Ans: Rajib and I study in the same class. Rajib’s father is our teacher. He teaches us science. I could not go to school today. My mother was ill. I went to call in a doctor. I went to meet Rajib in the evening. I wanted to know what had been taught in the class. Rajib’s father said to me, “You did not go to school today, did you?” I told him that my mother was ill.

Translation in 2011 HSLC Examination
ললিতা এজনী মেধাবী ছাত্রী । এবছৰ আগতে তাইৰ মোমাতেকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল । তেওঁ তাইক কৈছিল, “এটা ভাষা শিকাত অভিধান এখন প্রয়োজনীয় আহিলা, নহয়নে? যদি তুমি নতুন শব্দ এটা পোৱা, অভিধানত শব্দটো চাবা আরু তাৰ অর্থ আরু ব্যৱহাৰ শিকিবা ।” অঁভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে । উপহাৰটোৱে সঁচাকৈ ললিতাক অনুপ্রাণিত কৰিলে । তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে । এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি আছে ।

Ans: Lalita is a brilliant girl. Her maternal uncle gifted her an English dictionary one year ago. He said to her, “A dictionary is an essential tool in learning a language, isn’t it? If you find a new word, look up the word in the dictionary and learn its meaning and usage.” He taught her how to use a dictionary. The gift really inspired Lalita. Since then the dictionary has been her companion in the study room. Now she is studying very hard for the examination.

Translation in 2012 HSLC Examination
1. সজ নাগৰিকসকল দেশ এখনৰ সম্পদ ।
Ans: Good/Honest citizens are an asset of a country.

2. দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নির্ভৰ কৰে ।
Ans: The development of a country depends upon them.

3. ছাত্র-অৱস্থা হ’ল প্রস্তুতিৰ সময় ।
Ans: Student life is the time for preparation.

4. এই সময়তে ছাত্র-ছাত্রীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত ।
Ans: The students should practice good habits during this period.

5. তেতিয়াহে তেওঁলোকে ভৱিষ্যতে সুনাগৰিক হ’ব পাৰিব ।
Ans: Only then they can be good citizens in future.

6. এই ক্ষেত্রত শিক্ষকসকলে ছাত্র-ছাত্রীক সহায় কৰিব পাৰে ।
Ans: The teacher can help the students in this matter/respect.

Translation in 2013 HSLC Examination
1. গছৰ পাতবোৰ সেউজীয়া ।
Ans: The leaves of a tree are green.

2. গছে আমাক ফুল, ফল আরু ছাঁ দিয়ে ।
Ans: The tree gives us flower, fruit and shade.

3. জ্ঞানীলোকে কয়, “এজোপা গছ দহজন পুতেকৰ সমান ।”
Ans: The wise people say, “One tree is worth ten sons.”

4. তুমি গছৰ যতন কৰানে?
Ans: Do you take care of trees?

5. পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন ল’বই লাগিব ।
Ans: We must take care of trees to keep the world green.

6. গছ আরু প্রাণীবোৰ ইটোৱে সিটোৰ ওপৰত নির্ভৰশীল ।
Ans: The trees and living beings are depend on each other.

Translation in 2014 HSLC Examination
1. অসম এখন ধুণীয়া প্রদেশ ।
Ans: Assam is a beautiful state.

2. ই ভাৰতৰ উত্তৰ-পূব প্রান্তত অৱস্থিত ।
Ans: It is situated in the north east of India.

3. শ্রী মন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি ।
Ans: Srimanta Sankardev is the greatest man of Assam.

4. মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে ।
Ans: People should always love fellow people.

5. তুমি মটৰ গাড়ী চলাব জানানে?
Ans: Do you know how to drive a car?

6. শিক্ষকজনে ৰমেনক ক’লে, “আলিবাট পাৰ হওঁতে সাৱধান হ’বা ।”
Ans: The teacher said to Ramen, “Be careful while crossing the road/street.”

Translation in 2015 HSLC Examination
1. মায়ে মোক সুধিছিল, “সঁচা কথা কৈছানে?”
Ans: Mother said to me, “Are you speaking the truth?”

2. মই সাতুৰিব নোৱাৰাৰ নিচিনাই ।
Ans: I can hardly swim.

3. তুমি কেতিয়াবা সিংহ দেখিছানে?
Ans: Have you ever seen a lion?

4. যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিক তেখেতক মই চিনি পাওঁ ।
Ans: I know the man who came to our school today.

5. মই নহালৈকে তুমি ৰ’বা ।
Ans: Wait until I return.

Translation in 2016 HSLC Examination
1. এইখন কিতাপ মোৰ আরু সেইখন তোমাৰ ।
Ans: This book is mine and that is yours.

2. সোণ এবিধ মূল্যৱান ধাতু ।
Ans: Gold is a valuable metal.

3. অনুগ্রহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা ।
Ans: Please tell him to open the door.

4. তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ ।
Ans: I was reading newspaper when he came.

5. আলিবাট পাৰ হওঁতে সাৱধান হ’বা ।
Ans: Be careful while crossing a road/street.

Translation in 2017 HSLC Examination
1. পৃথিৱীখন ঘূৰণীয়া ।
Ans: The earth is round.

2. তেওঁলোকক ভিতৰলৈ আহিব দিয়া ।
Ans: Let them come in / inside.

3. তুমি নিতৌ কিমান সময় লিখা-পঢ়া কৰা ?
Ans: How much time do you study regularly?

4. আজি ৰাতি বৰষুণ দিব পাৰে ।
Ans: It may rain tonight.

5. বুঢ়ামানুহজনে বৰ লাহে লাহে কথা কয় ।
Ans: The old man talks very slowly.

Translation in 2018 HSLC Examination
1. মীনা যেনেকুৱা বুধিয়ক, লীলাও তেনেকুৱা ।
Ans: Leela is as intelligent as Meena.

2. জোনে ৰাতিহে পোহৰ দিয়ে ।
Ans: The moon shines only at night.

3. তুমি কালি স্কুললৈ গৈছিলানে?
Ans: Did you go to school yesterday?

4. সি ককায়েকক খুব ভাল পায় ।
Ans: He loves his elder brother very much.

5. ৰিন্টুৱে কৈছিল, “এইটো কি সুন্দৰ পুতলা !”
Ans: Rintu said, “What a beautiful doll it is!”

Translation in 2019 HSLC Examination
1. যদুৱে মোক সুধিছিল, “ৰাজু ইংৰাজীত ভালনে?”
Ans: Jadu said to me, “Is Raju good in English?”

2. দোক্‌মোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস ।
Ans: It is his habit of waking up at dawn.

3. মিছা কথা কোৱা উচিত নহয় ।
Ans: We should not tell a lie.

4. সৌ গছডাল ইমান ওখ !
Ans: How tall that tree is!

5. কিতাপখন টেবুলৰ ওপৰত আছে ।
Ans: The book is on the table.

Translation in 2020 HSLC Examination
1. আকাশত মেঘ নাছিল ।
Ans: There was no cloud in the sky.

2. শিক্ষকজনে কৈছিল, “সদায় সঁচা কথা কবা ।”
Ans: The teacher said, “Always speak the truth.”

3. তুমি নৈখন সাঁতুৰি পাৰ হ’ব পাৰিবানে?
Ans: Can you swim across the river?

4. প্রতিজ্ঞা ৰক্ষা কৰিব লাগে ।
Ans: Promises must be kept.

5. মৌ খাবলৈ মিঠা ।
Ans: Honey tastes sweet.

6. মোৰ এটা কলমৰ প্রয়োজন ।
Ans: I need a pen.

Translation in 2020 HSLC Examination
1. অসমৰ চাহপাত জগত বিখ্যাত ।

Ans: The tea of Assam is famous in the world.

OR: Assam’s tea is world famous.

READ MORE  Determiner | Class 10 English Grammar - SEBA

2. মানুহজন সিমান চহকীও নহয় নাইবা সিমান দুখীয়াও নহয় ।
Answer: The man is neither so rich nor so poor.

3. গুৱাহাটীত এখন চিৰিয়াখানা আছে।
Answer: There is a zoo in Guwahati.

4. ৰমেন ক’ত থাকে তুমি জানানে?
Answer: Do you know where Ramen lives?

5. চোৰটোক গাঁৱৰ পৰা খেদি দিয়া হৈছিল ।
Answer: The thief was driven out of the village.

6. ৰূপ সোণৰ সমান মূল্যবান নহয় ।
Answer: Silver is not as valuable as gold.

Additional Translation into English with Answer Class 10

1. চৰিত্রবান মানুহক সকলোৱে সন্মান কৰে ৷
Ans: All respect a man of character.

2. তেওঁ মোক সুধিছিল, “তুমি কিয় যোৱা বছৰ পৰীক্ষা দিয়া নাছিলা?”
Ans: He asked me, “Why did not you appear in the examination last year?”

3. মই অসুস্থু আছিলো বুলি উত্তৰ দিছিলো ৷
Ans: I replied that I had been ill.

4. ৰহিম শ্রেণীৰ ভিতৰত আটাইতকৈ ভাল ল’ৰা ৷
Ans: Rahim is the best boy in the class.

5. তেওঁক শাস্তি দিয়া হওঁক ৷
Ans: Let him be punished.

6. যোৱা বছৰ গৰমৰ বন্ধত মই ছিলঙলৈ গৈছিলো ৷
Ans: I went to Shillong last year in summer vacation.

7. মই তাত এসপ্তাহ আছিলো ৷
Ans: I had been staying there for a week.

8. শ্বিলঙৰ জলবায়ু বৰ সুন্দৰ ৷
Ans: The climate of Shillong is very fine.

9. গুৱাহাটীতকৈ ই বহুত ঠাণ্ডা ৷
Ans: It is colder than Guwahati.

10. শ্বিলঙত থাকি বৰ ভাল লাগে ৷
Ans: Staying in Shillong is very pleasure.

11. প্রীতম এজন মেধাবী ছাত্র ৷
Ans: Pritom is a talented student.

12. তেওঁ নিয়মিতভাবে কঠোৰ পৰিশ্রম কৰে ৷
Ans: He labours hard regularly.

13. তেওঁৰ জীৱনৰ লক্ষ্য এইয়ে যে,তেওঁ এজন ভাল চিকিৎসক হ’ব ৷
Ans: His aim of life is that he will be a good doctor.

14. সফলতা এজনৰ পৰিশ্রমৰ ওপৰত নিৰ্ভৰ কৰে ৷
Ans: Success depends on one’s labour.

15. যদি কঠোৰ পৰিশ্রম কৰা তুমিও সফল হবা ৷
Ans: If you labour hard, you will also succeed.

16. মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ৷
Ans: Majuli is the largest river island in the world.

17. ই শঙ্কৰী কলা-কৃষ্টিৰ বাবে বিখ্যাত ৷
Ans: It is famous for Sankari culture.

18. যোৱা গৰমৰ বন্ধত মই মাজুলীলৈ গৈছিলো ৷
Ans: I had been to Majuli during last summer vacation.

19. তাত থকা সত্রবোৰ দৰ্শন কৰি বৰ ভাল লাগিল ৷
Ans: It pleased me very much to see the sattras there.

20. তালৈ বহুত বিদেশী পৰ্যটক আহে ৷
Ans: Many foreign tourists visit Majuli.

21. তেওঁ ১৯৭০ চনত জন্মগ্রহণ কৰিছিল ৷
Ans: He was born in 1970.

22. মই যোৱাকালি তেওঁক ৰাস্তাত দৌৰি থকা দেখিছিলো ৷
Ans: I saw him running on the road yesterday.

23.পঢ়াৰ সময়ত পঢ়িবা খেলাৰ সময়ত খেলিবা ৷
Ans: Read at time and play at time.

24.অসমৰ কাজিৰঙা এক খৰ্গযু্ক্ত গঢ়ৰ বাবে বিখ্যাত৷
Ans: Kaziranga of Assam is famous for one horn rhinoceros.

25.মই অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিম ৷
Ans: I shall appear in the H.S.L.C. examination next year.

26. ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে ৷
Ans: It has been raining since morning.

27. তেওঁ এইমাত্র আহি পালে ৷
Ans: He has arrived just now.

28. তেওঁ ইয়াত এসপ্তাহলৈ থাকিব ৷
Ans: He will stay here for a week.

29. তেওঁ মোক সুধিছিল, “তুমি কালি স্কুললৈ নাহিলা কিয়?”
Ans: He asked me, “Why didn’t you come to school yesterday?”

30. সি কেতিয়া আহিব মই নাজানো ৷
Ans: I don’t know when he would come.

31. অসম এখন প্রাকৃতিক সম্পদত চহকী ৰাজ্য ৷
Ans: Assam is a state rich in natural resources.

32. ই ভাৰতবৰ্ষৰ উত্তৰ-পূৱত অৱস্থিত ৷
Ans: It is situated the North East of India.

33. অসম চাহৰ বাবে বিখ্যাত ৷
Ans: Assam is famous for tea.

34. ব্রহ্মপুত্র নদী অসমৰ মাজেৰে বৈ গৈছে ৷
Ans: The Brahmaputra (River) is flowing through Assam.

35. ব্রহ্মপুত্র এখন বিশাল নদী ৷
Ans: The Brahmaputra is a big river.

36. অসমৰ চাহ বৰ ভাল ৷
Ans: The tea of Assam is very good.

37. গীতাই নিলিখেওঁ নপঢ়েওঁ ৷
Ans: Geeta neither writes nor reads.

38. তুমি দিল্লীৰ লালকিল্লা দেখিছানে?
Ans: Have you seen the Redfort of Delhi?

39. বজাৰত যোৱাৰ বাটত মই ৰবীনক লগ পাইছিলো৷
Ans: I met Robin on the way of market.

40. ফুটবল খেলিবলৈ মই খুব ভাল পাওঁ ৷
Ans: I like very much to play football.

41. পঢ়াশুনা কৰাতো ছাত্র-ছাত্রীসকলৰ কৰ্তব্য ৷
Ans: It is the duty of the students to study.

42. ছাত্র-ছাত্রী সকলে পঢ়াশালীত সদায় যাব লাগে ৷
Ans: Student should always go to school.

43. শিক্ষকে পঢ়ুৱাৰ সময়ত ছাত্র-ছাত্রীসকলে মনোযোগেৰে শুনিব লাগে ৷
Ans: Student should listen attentively to the teachers when they teach.

44. তোমালোকে পঢ়াশালীত গণ্ডগোল কৰা নেকি ?
Ans: Do you make noise in the school?

45. শিক্ষকে কয়, “জ্ঞানেই সবাতকৈ ডাঙৰ ধন ৷”
Ans: The teacher says, “Knowledge is the greatest wealth.”

46. কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত ৷
Ans: Kaziranga is famous for one horn rhinoceros.

47. বেলি পূবফালত ওলায় আৰ পশ্চিমত মাৰ যায় ৷
Ans: The sun rises in the east and sets in the west.

48. আমি সদায় নৈৰ পাৰত ফুৰোঁ ৷
Ans: We always walk on the bank of the river.

49. তেওঁলোক দহ বছৰ ধৰি গুৱাহাটীত আছে ৷
Ans: They have been residing in Guwahati for ten years.

50. ডাক্তৰজন অহাৰ আগতে বেমাৰীজন ঢুকাল ৷
Ans: The patient had died before the doctor came.

51. যদি বৰষুণ দিয়ে আমি ফুৰিবলৈ নাযাওঁ ৷
Ans: We shall not go out, if it rains.

52. দেউতা আহোতে মই পঢ়ি আছিলো ৷
Ans: I was reading when father came.

53. অজিতে কেবল ফুটবলেই নেখেলে, ক্রিকেটো খেলে ৷
Ans: Ajit plays not only football but also cricket.

54. তেওঁ ৰাতিপুৱা ছয় বজাৰ পৰা পঢ়ি আছে ৷
Ans: He has been reading from 6 am in the morning.

55. ৰমেন ইমান দুৰ্বল যে কথাও ক’ব নোৱাৰে ৷
Ans: Romen is too weak to speak.

56. আজিৰ ছাত্র কাইলৈ দেশৰ নাগৰিক ৷
Ans: The student of today will be the citizen of the country tomorrow.

57. সুনাগৰিক হ’বলৈ আমি আমাৰ কৰ্তব্যসমূহ নিয়াৰীকৈ পালন কৰিব লাগে ৷
Ans: We should do our duties properly to become good citizens.

58. বহুতো মুক্তিযুদ্ধাৰ ত্যাগৰ ফলত আমি স্বাধীনতা লাভ কৰিলো ৷
Ans: We attained freedom as a result of the sacrifice many freedom fighters.

59. আমাৰ দেশৰ উন্নতিৰ বাবে আমি সকলোৱে চেষ্টা কৰো ৷
Ans: We all more efforts for the improvement of our country.

60. এদিন আমৰ দেশত দুখীয়া মানুহ নাথাকিব ৷
Ans: One day there will be no poor people in our country.

61. মোৰ দেউতা কঠোৰ পৰিশ্রমী ৷
Ans: My father is very laborious.

62. তেওঁ সদায় কামত ব্যস্ত থাকে ৷
Ans: He always remains busy at work.

63. কঠোৰ পৰিশ্রমে শৰীৰ সুস্থ ৰাখে ৷
Ans: Hard labour makes the body healthy.

64. তেওঁ কৈছিল, “কঠোৰ পৰিশ্রমৰ বিকল্প নাই ৷
Ans: He said, “There is no any alternative to hard labour.”

65. মই তেওঁৰ আদৰ্শ অনুসৰণ কৰো ৷
Ans: I follow his ideal.

66. নদীৰ দুয়োপাৰে ধাননী পথাৰ আছে ৷
Ans: There are paddy field on both banks of the river.

67. কেইজনমান মানুহ তাত বহি আছে ৷
Ans: A few people are sitting there.

68. তেওঁলোকে খৰাং বতৰৰ বিষয়ে কথাপাতি আছে ৷
Ans: They are talking about dry weather.

69. খেতিয়কজন অকল বুধিয়কেই বুধিয়কেই নহয়, পৰিশ্রমীও ৷
Ans: The cultivator is not only intelligent but industrious/hard-working also.

70. বেছিভাগ খেতিয়কেই আজি-কালি টেক্টৰেৰে খেতি কৰে ৷
Ans: Most cultivator cultivate with the help of tractor now-a-days.

71. তাই সদায় খোজকাঢ়ি স্কুললৈ যায় ৷
Ans: She always goes to school on foot.

72. গুৱাহাটীত এখন চিৰিয়াখানা আছে ৷
Ans: There is a zoo in Guwahti.

73. আমি বাস কৰা ৰাজ্যখনৰ নাম অসম ৷
Ans:The name of the state we live in is Assam.

74. ল’ৰাবোৰে পথাৰত খেলি আছে ৷
Ans: Boys are playing in the field.

75. তুমি দিল্লীলৈ গৈছানে ?
Ans: Have you gone to Delhi?

76. চৰিত্রবান মানুহক সকলোৱে সন্মান কৰে ৷
Ans: All respect the man of character.

77.মই ইংৰাজী পঢ়ি থাকোতে সি আহিছিল ৷
Ans: He came when I was reading English.

78. পকা আমবোৰ ল’ৰাবোৰৰ মাজত ভগাই দিয়া ৷
Ans: Distribute the ripe mangoes among the boys.

79. পৰীক্ষাত প্রথম হোৱা ল’ৰাজনক মই চিনি পাওঁ ৷
Ans: I know the boy who stood first in the examination.

READ MORE  Verb Phrases | Class 10 English Grammar - SEBA

80. সি অকল বুদ্ধিমানেই নহয় সাধুও ৷
Ans: He is not only intelligent but also honest.

81. আমাৰ শিক্ষককলে সদায় আমাক সজ উপদেশ দিয়ে।
Ans: Our teachers always give us good advice.

82.ৰাণুৱে মোক কৈছিল, “তুমি আজি স্কুললৈ যাবানে?
A. Ranu said to me, “Will you go to school today?

83. মই যোৱা কালি চুলি কটালো ৷
Ans: I had cut my hair yesterday.

84. এই কবিতাটো বেছি দীঘলো নহয়, বেছি ছুটিও নহয় ৷
Ans. This poem is neither too long nor too short.

85. মই সাঁতুৰিব নাজানো ৷
Ans: I do not know how to swim.

86. মানুহজন ক’ত থাকে তুমি জানানে?
Ans: Do you know where the man lives?

87. স্বাস্থই সম্পদ ৷
Ans: Health is wealth.

88. এলেহুৱা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে ৷
Ans: An idle man cannot prosper in life.

89. মই ক্রীকেট খেলি ভাল পাওঁ ৷
Ans: I am fond of playing cricket. / I like playing cricket.

90. শিক্ষকে কৈছিল, “তোমাৰ স্বাস্থ্যৰ যত্ন ল’বা ৷
Ans: The teacher said, “Take care of your health.”

91. ৰমেন শৈশৱৰে পৰা শিৱসাগৰত থাকে ৷
Ans: Ramen has been living in Sivsagar since his childhood.

92. শিৱসাগৰৰ পুৰণি নাম কামৰপ ৷
Ans: The ancient name of Sivsagar is Rangpur.

93. ই এখন বুৰঞ্জী প্রসিদ্ধ চহৰ ৷
Ans: It is a historically famous place.

94. মায়ে কৈছিল, “শিৱসাগৰ অসমৰ আটাইতকৈ ধুণীয়া ঠাই,নহয়নে?
Ans: Mother said, “Sivsagar is the most beautiful place, isn’t it?

95. অহা ডিচেম্বৰত আমি তালৈ যাম ৷
Ans: We will go there next December.

96. তাক এজন শান্ত ল’ৰা যেন লাগে ৷
Ans: He appears/seems to be a gentle boy.

97. সি এইখন বিদ্যালয়ত পাঁচ বছৰ ধৰি পঢ়ি আছে ৷
Ans: He has been reading in this school for five years.

98. ল’ৰাজন অকল বুদ্ধিয়কেই নহয়, পৰিশ্রমীও ৷
Ans: The boy is not only intelligent but also laborious.

99. সি খোজকাঢ়ি স্কুললৈ আহে, নহয়নে?
Ans: He comes to school on foot, isn’t it?

100. শিক্ষকে কৈছিল, “তুমি চাইকেল চলাব জানানে?”
Ans: The teacher said, “Do you know how to ride a bicycle?”

101. আমাৰ ঘৰত সকলোৱে ৰাতিপোৱা সোনকালে উঠে৷
Ans: All in our family rise early in the morning.

102. যোৱা বছৰ গৰম বন্ধত মই শিলঙলৈ গৈছিলো ৷
Ans: I went to Shillong during the summer vacation last year.

103. তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো ৷
Ans: I was reading English when you come.

104. আমি খেল পথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল ৷
Ans: The game had started before we reached the playground.

105. মই কালি চুলি কাটিলো ৷
Ans: Yesterday, I dressed my hair.

106. আমাৰ শ্রেণীতে মাত্র কেইজনীমানহে ছোৱালী আছে৷
Ans: There are only a few girls in our school.

107. মই এবছৰ ধৰি ৰহিমক দেখা নাই ৷
Ans: I have not seen Rahim for a year.

108. আমি ষ্টেচন পোৱাৰ আগতে ৰেলখন এৰিলে ৷
Ans: The train had left before we reached the station.

109. তুমি সাতুৰিব জানানে?
Ans: Do you know how to swim?

110. মানুহজন ইমান দুৰ্বল যে খোজ কাঢ়িবই নোৱাৰে৷
Ans: The man is too weak to walk.

111. (a)ভাৰতবৰ্ষ আমাৰ মাতৃভূমি ৷
Ans: India is our motherland.

112. আমি আমাৰ দেশখনক ভাল পোৱা উচিত ৷
Ans: We should love our country.

113. তুমি কেতিয়াবা দিল্লীলৈ গৈছানে ?
Ans: Have you ever been to Delhi?

114. দিল্লীৰ পৰা আগ্রালৈ বাছেৰে যাব পাৰি ৷
Ans: One can travel from Delhi to Agra by bus.

115. আগ্রাৰ তাজমহল পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত এটা ৷
Ans: The Tajmahal of Agra is one of the seven wonders in the world.

116. আমি এখন পিছপৰা গাঁৱত বাস কৰো ৷
Ans: We live in a backward village.

117. আমাৰ গাৱঁৰ সৰহভাগ মানুহ খেতিয়ক ৷
Ans: Most of the people of our village are cultivators.

118. তুমি কেতিয়াবা গাৱলৈ গৈছানে?
Ans:Have you ever been to village?

119. আমাৰ গাঁৱৰ প্রাকৃতিক পৰিৱেশ বৰ মনোৰম ৷
Ans: The natural scenery of our village is very pleasant.

120. তুমি প্রাকৃতিক পৰিৱেশ ভাল পোৱা, নহয়নে?
Ans:You like the natural environment, don’t you?

121. সজ নাগৰিকসকল দেশ এখনৰ সম্পদ ৷
Ans: Good citizens are an asset to the nation.

122. দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে৷
Ans: The progress of the country depends upon them.

123. ছাত্র অৱস্থা হ’ল প্রস্তুতিৰ সময় ৷
Ans: The period of studentship is the time for preparation.

124. এই সময়তে ছাত্র-ছাত্রীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত ৷
Ans: During this period the students should practice the good habits.

125. তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ’ব পাৰিব ৷
Ans: Only then they can become good citizens in future.

126. আমি এখন গাঁৱত বাস কৰো ৷
Ans: We live in a village.

127. গাঁৱখন চহৰৰ পৰা বেছি আতঁৰত নহয় ৷
Ans: The village is not far away from the city.

128. ঘৰত মোৰ মা-দেউতা আৰ ভনী এজনী আছে৷
Ans: I have my parents and a younger sister at my home.

129. দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে ৷
Ans: My father cultivates at our own land.

130. তেখেতক সহায় কৰিবলৈ দুজন বনুৱাও ৰাখিছে৷
Ans: He has also kept/engaged two laborers to help him.

131. আমাৰ লগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে ৷
Ans: We need not buy many of our essential things./We do not have to buy many of our essential things.

132. সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয় ৷
Ans: Those are produced in our fields.

133. আমাৰ এটা মাছ পোহা পুখুৰীও আছে ৷
Ans: We also have a fishery.

134. কপিলী নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে ৷
Ans: The river Kapili flows by our house.

135. মাজে-সময়ে আমি নৈত মাছ ধৰো ৷
Ans: Occasionally/ sometimes/now and then we catch fish in the river.

136. আমাৰ বিদ্যায়লৰ সন্মুখত এখন খেলপথাৰ ৷
Ans: There is a playground in front of our school.

137. আমি মাজে-সময়ে তাত খেলা-ধূলা কৰো ৷
Ans: Sometimes we play games there.

138. শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে ৷
Ans: Our teachers encourage us to play.

139. সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয় ৷
Ans: We are allowed to play once a week.

140. মই ফুটবাল অথবা ভলীবল খেলো ৷
Ans: I play either football or valley ball.

141. গুৱাহাটীত এখন চিৰিয়াখানা আছে৷
Ans: There is a zoo at Guwahati.

142. এইখন অসমৰ একমাত্র চিৰিয়াখানা ৷
Ans: This is the only zoo in Assam.

143. ইয়াত বহুতো জন্তু আৰ চৰাই আছে ৷
Ans: There are a large number of animals and birds here.

144. বেছিভাগ জন্তুকে লোৰ পিঞ্জৰাত ৰখা হয় ৷
Ans: Most of the animals are kept in iron cages.

145. তুমি এই চিৰিয়াখানাখন দেখিছানে ৷
Ans: Have you visited this zoo?

146. যোৱা দেওবাৰে মই চিৰিয়াখানালৈ গৈছিলো ৷
Ans: Last Sunday I went to the zoo.

147. তাত মই ৰাজুক লগ পালো ৷
Ans: There I met Raju.

148. মই তেওঁক ক’লো, ‘ব’লা পাৰ্কত বঢ়োগৈ ৷
Ans: I said to him, “Come, let us go and sit in the park.”

149. পাৰ্কত কিছুমান ল’ৰা ছোৱালীয়ে খেলি আছিল৷
Ans: Some children were playing in the park.

150. ৰাজুৱে মোক ক’লে যে তেওঁ কেইবাবাৰো চিৰিয়াখানালৈ গৈছে ৷
Ans: Raju told me that he had visited the zoo several times.

151. আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত ৷
Ans: Our village is situated in a backward area.

152. গাওঁখন সৰ ,জনসংখ্যাও কম ৷
Ans: The village is small, and its population is also small.

153. প্রতিবছৰে ইয়াত বান-পানী হয় ৷
Ans: Flood occurs here every year.

154. গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰ বৰ দুখীয়া
Ans: Most of the people in the village are cultivators and very poor.

155. প্রতিবছৰে বানপানীয়ে তেওঁলোকৰ প্রচুৰ ক্ষতি কৰে ৷
Ans: Every year floods cause them heavy/a lot of damages.

156. আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম
Ans: The number of educated persons is also very small in our village.

157. ইয়াত এখন প্রাথমিক বিদ্যালয়হে আছে ৷
Ans: There is only a primary school here.

158. মই আৰ মোৰ ভনীজনীয়েও তাত পঢ়িছিলোঁ ৷
Ans: My sister and I also studied there.

159. এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছো ৷
Ans: Now/at present we are studying in a High School.

160. আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ কাঢ়িব লাগে ৷
Ans: We have to walk a long distance to get to school
OR: We have to cover a lot of distance on foot to reach school.

Leave a Comment

error: Content is protected !!
Scroll to Top