ই যে অগ্নিবীণাৰ তান | Chapter 3 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 3 Notes | SEBA Class 12 HS Advance Assamese Chapter 3 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 3 ই যে অগ্নিবীণাৰ তান | HS 2nd Year Advance Assamese Questions and Answers Assam
ই যে অগ্নিবীণাৰ তান
(অম্বিকাগিৰী ৰায়চৌধুৰী)
পদ্যাংশ
কবিতাটোত প্ৰকাশ পােৱা দেশপ্ৰেমৰ আভাস দাঙি ধৰা।
উত্তৰঃ ‘অসম কেশৰী’ কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ ই যে অগ্নিবীণাৰ তান নামৰ কবিতাটোত স্বদেশপ্ৰেমৰ ভাব সুন্দৰভাৱে প্ৰকাশ পাইছে। স্বদেশৰ হকে আন্দোলন কৰি অকাধিকবাৰ কাৰাবাস থটা কবি— অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰায়বােৰ লিখনিত তেওঁৰ স্বদেশপ্ৰেমৰ নিদৰ্শন পােৱা যায়।
‘ই যে অগ্নি – বীণাৰ তান’ কবিতাটিত প্ৰকাশ পােৱা মতে কবিৰ অন্তৰ এটি ‘অগ্নি বীণা’ৰ অৰ্থাৎ উত্তপ্ত সুৰ এটি বাজিছে। এই সুৰ স্বদেশ প্ৰেমৰ। এই সুৰ ‘হাঁহি – টামাচাৰ ভাগৰ জুৰােৱা গান’ৰ সুৰ নহয়। এই সুৰ হৈছে স্বদেশৰ হকে মৰণপন কৰাৰ সুৰ। এই সুৰত অনুৰণিত হৈছে প্ৰাধিনতাৰ শত অপমান, লাঞ্ছনা – গঞ্জনা আৰু আত্মবেদনা। ইয়াৰ প্ৰচ্ছন্ন তাপে যেন তেওঁৰ অন্তৰ অগ্নিদগ্ধ কৰিব লাগিছে। অমৃতৰ কাৰণে দেৱ দানৱে যিদৰে সাগৰ মন্থন কৰিছিল, মৃত্যুঞ্জয় পদ পাবলৈ শিৱই যিদৰে হ’লাহ’ল পাণ কৰিছিল, সেইদৰে কবিয়েও দেশ মাতৃক উদ্ধাৰৰ। বাবে কঠোৰ যাতনা ভুগিছে অন্তৰত উত্তপ্ত সুইশিখা বহন কৰিছে।
সেয়ে দেশ মাতৃৰ চৰণ পূজিবলৈ হৃদ্যৰ ৰক্তদান কৰি সকলাে এক হবলৈ তেওঁৰ অন্তৰ বীণা বাজি উঠিছে। সকলাে ভয় – শংকা, নিশ্চতা, হীনমন্যতা মনৰ পৰা দলিয়াই পেলাই সকলােকে দেশৰ হকে। আগবাঢ়িবলৈ তেওঁৰ অগ্নি – বীণাই আহ্বান জনাইছে। স্বদেশ স্বজাতি মহামানৱতা মূৰ্চিত কৰি ঘােৰ অপমান, উৎপীড়ন কৰা সেই গৰ্বীসকলৰ গৰ্বক চুৰমান কৰি মানৱৰ অধিকাৰ সাব্যস্ত কৰিবলৈ এই গীতৰ তানে অহৰহ তেওঁক সকীয়াই আছে।
ভাৰতৰ লাস্থিত জনতাৰ এই ঘৃণনীয় ইতিহাস মচি দিবলৈ ‘মানৱতা। অৱমাননাকাৰীক নিঃশেষ কৰি দিবলৈ, মাতৃৰ বুকুত সিঁচৰতি হৈ থকা ৰক্ত ধুই নিব পৰা মহা প্লাৱনৰ সৃষ্টি কৰিবলৈ আৰু মাতৃৰ হকে প্ৰাণ। বলিদান দিৱলৈ আগবাঢ়ি আহিবলৈ এই অগ্নি – বীণাৰ তানে সকলােকে আহ্বান জনাইছে। এই কবিতাটিৰ মাজেৰে এনেদৰেই কবিৰ স্বদেশ প্ৰেমৰ ভাব প্ৰকাশ পাইছে।
Very Short Type Questions and Answers (Marks : 1)
1. অম্বিকাগিৰী ৰায়চৌধুৰীৰ খনক নাটকৰ নাম লিখা।
উত্তৰঃ ‘জয়দ্ৰথ বধ’।
2. সুধাৰ কাৰণে কোনে সিন্ধু – মঠন গান গাইছিল?
উত্তৰঃ দেৱ – দানৱে।
3. ‘আহুতি গদ্য পুথিখনৰ লেখক কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
4. অসমীয়া সাহিত্যত ‘অসম কেশৰী’ আখ্যা কাক দিয়া হৈছে?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক।
5. ‘ই যে অগ্নি – বীণাৰ তান’ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
6. অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ পুথিখনৰ নাম কি?
উত্তৰঃ ‘চেতনাৰ কণ্ঠ’।
7. অসমীয়া সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি হিচাপে জনা যায়?
উত্তৰঃ ‘অসম কেশৰী’ হিচাপে।
8. ‘ই যে অগ্নি – বীণাৰ তান’ কবিতাটিত কি ভাব প্ৰকাশ পাইছে?
উত্তৰঃ দেশ প্ৰেমৰ ভাব।
9. অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ ‘তুমি’।
10. ‘ই যে অগ্নি – বীণাৰ তান’ কবিতাটি কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ দেশপ্ৰেম শ্ৰেণীৰ কবিতা।
11. কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমি বঁটা মৰণােত্তৰভাৱে লাভ কৰিছিল?
উত্তৰঃ ‘বেদনাৰ উল্কা’ গ্ৰন্থৰ বাবে।
12. ‘চেতনা’ আলােচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী দেৱে।
13. কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ একবিংশতিতম অধিৱেশনত।
14. শব্দৰ অৰ্থ লিখা।
তান, অনল, সিন্ধু, হ’লাহ’ল, সুধা, নিনাদ, ৰক্ত, শ্ৰাৱণ, অভিলাষ।
উত্তৰঃ
শব্দ | অৰ্থ |
তান | সুৰ |
অনল | জুই |
সিন্ধু | সাগৰ |
হ’লাহ’ল | গৰল, বিষ |
সুধা | অমৃত |
নিনাদ | শব্দ |
ৰক্ত | তেজ |
শ্ৰাৱণ | শাউণ |
অভিলাষ | ইছচা, হেঁপাহ। |
Long Type Questions and Answers (Marks : 3/4)
1. ‘এইতাে নহয় হাঁহি – তামাচাৰ ভাগৰ জুৰােৱা গান’ বুলি কবিয়ে কি কৈছে, বুজাই লিখা।
উত্তৰঃ হাঁহি – তামাচাৰে মানুহে গান গায়। গান শুনিলে মানুহৰ মনত আনন্দ লাগে, অন্তৰৰ দুখ ভাগৰ আঁতৰি যায়, তাপিত হৃদয় জুৰ পৰে। কবিৰ অন্তৰতাে এটি সুৰ বাজি আছে। এই সুৰে কিন্তু কাকো হঁহুৱাই তামাচা নিদিয়ে, কাৰাে ভাগৰাে নুজুৰায়। এই গানৰ সুৰ হ’ল। স্বদেশপ্ৰেমৰ সুৰ, এই সুৰ স্বদেশ – স্বজাতিক, জনগণক দেশৰ হকে। যুঁজিবলৈ, দেশৰ হকে প্ৰাণ বলিদান দিবলৈ জগাই তােলাৰ এক উত্তপ্ত সুৰ। কবিয়ে এই সুৰক সেই কাৰণে আখ্যা দিছে — ‘ই যে অগ্নি – বীণাৰ তান’ – যি তান বা সুৰে মানুহৰ অন্তৰত স্বদেশপ্ৰেমৰ জুই জ্বলাব পাৰে।
2. ‘ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰা ধ্যান।’ –’মানৱতা অৱমাননাকাৰী’ কোন? – বুজাই লিখা।
উত্তৰঃ মানৱতাই সকলাে মানুহকে মৰম – চেনেহেৰে, শান্তি – সম্প্ৰীতিৰে, ভাতৃত্বৰ মনােভাৱেৰে, সহায় সহানুভূতিৰে, মুক্তভাৱে। আৰু ঐক্যবদ্ধভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে। কিন্তু এটা সময়ত আমাৰ দেশ পৰাধীন হৈ থকাত এই অধিকাৰসমূহৰ পৰা জনসাধাৰণ। বঞ্চিত হৈছিল, ভাৰতত মানৱতাক অৱমাননা কৰা হৈছিল শাসক – শােষকৰ দ্বাৰা ৷ দেশৰ জনসাধাৰণে মুক্তভাৱে কথা কব নােৱাৰিছিল। নিজ ইচ্ছাৰে ঐক্যবদ্ধভাৱে কাম কৰিব পৰা নাছিল, ভাই – ভাইৰ ভিতৰত কন্দলৰ সৃষ্টি কৰা হৈছিল, দেশত শান্তি – সম্প্ৰীতি হেৰাই গৈছিল এই শাসক – শােষকসকলৰ কাৰণেই। সেই শাসক – শােষকসকলক মানৱতা অৱমাননাকাৰী বােলা হৈছে।
3. ‘ই যে নৰনাৰায়ণ লাঞ্ছিত হােৱা ভয়াৱহ ইতিহাস’। —এই ‘ভয়াবহ ইতিহাস’ কি – বুজাই লিখা।
উত্তৰঃ এটা সময়ত আমাৰ দেশ পৰাধীন হৈ আছিল। এই পৰাধীন অৱস্থান শাসক – শােষকৰ হাতত দেশৰ জনতা লাঞ্ছিত, অপমানিত আৰু পীড়িত হবলগীয়া হৈছিল। এই নৰনাৰায়ণ অৰ্থাৎ স্বদেশৰ জনতাৰ ঘৃণিত ইতিহাস এক ‘ভয়াবহ ইতিহাস’। ইয়ে বিশ্বৰ জনসাধাৰণৰ মাজত আমাক পদদলিত ঘৃণিত জাতি হিচাপে চিনাকি দিব।
সেয়ে ভয়াৱহ ইতিহাস বিনষ্ট কৰি এক উন্নত স্বাধীনচিতীয়া জাতি হিচাপে পৰিচয় দিবলৈ কবিয়ে দেশৰ জনসাধাৰণক উদাত্ত আহ্বান জনাইছে।
4. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—
‘ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱনৰ মহাবান।
ই যে মাতৃ আদেশ, সন্তান – প্ৰাণ দিবলকে বলিদান।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি স্বজাতিপ্ৰাণ কবি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ই যে অগ্নি – বীণাৰ তান’ নামৰ কবিতাটিৰ অন্তৰ্গত।
প্ৰসংগঃ কবিতাফাকিৰ জৰিয়তে কবিৰ অন্তৰত জাগি থকা স্বদেশপ্ৰেমৰ উত্তপ্ত ভাব সুন্দৰভাৱে প্ৰতিফলন ঘটিছে।
ব্যাখ্যাঃ স্বদেশৰ পৰাধীন অৱস্থাত গৰ্বিত শাসক – শােষকৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি কৰা লাঞ্ছনা – গঞ্জনা, অত্যাচাৰ – অপমানত কবি অতিকে ম্ৰিয়মান। সেয়ে কবিয়ে মাতৃভূমিৰ বন্দীত্বৰ পৰা উদ্ধাৰ কৰি জনতাৰ ঘৃণিত ইতিহাস মুচি পেলাবলৈ জনতাক উদাত্ত আহ্বান জনাইছে। কবিয়ে কৈছে শােষকৰ শত আঘাতত ৰক্তৰে ৰঞ্জিত হােৱা মাতৃৰ বুকু ধুৱাই নিব পৰা মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ আইমাতৃয়েও সন্তানসকলক আত্মবলিদান দিবলৈ কৰুণ আহ্বান জনাইছে। মাতৃ – ভূমিৰ কাৰণে সন্তানসকলৰ এ এক মহান কৰ্তব্য বুলি কবিয়ে স্বদেশৰ জনতাক সােৱৰাই দিচ্ছে।
5. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—
‘এইতাে নহয় হাঁহি – তামাচাৰ ভাগৰ সুৰােৱা গান।
ই যে জীৱন – মৰণ একাকাৰ কৰা অগ্নি – বীণাৰ তান।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি স্বদেশপ্ৰেমী কবি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ই যে অগ্নি – বীণাৰ তান’ নামৰ কবিতাটিৰ অন্তৰ্গত।
প্ৰসংগঃ কবিৰ অন্তৰত অহৰহ বাজি থকা স্বদেশপ্ৰেমৰ কথাকেই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
ব্যাখ্যাঃ শুনিলে মনত আনন্দ লাগে, দুখ – কণ্ঠৰ। বাগৰ জুৰ পাৰে। কিন্তু কৰিব অন্তৰত যি সুৰ বাজিব লাগিছে সেই সুৰ ‘হাঁহি – তামাচাৰ ভাগৰ জুৰােৱা ‘সুৰ নহয়, সেই সুৰ হৈছে জীৱন – মৰণ একাকাৰ কৰা অগ্নি – বীণাৰ’ সুৰ, অৰ্থাৎ জীৱন – পণ কৰি মাতৃভূমিক উদ্ধাৰ কৰাৰ, স্বদেশ – স্বজাতিৰ বাবে এক হৈ সকলােকে ওলাই আহিবলৈ কৰা আহ্বানৰ এক উদাত্ত আৰু উত্তপ্ত সুৰ।
6. ই যে মাতৃৰ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান। –কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা।
উত্তৰঃ স্বদেশপ্ৰেমী কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘ই যে অগ্নি – বীণাৰ তান’ নামৰ কবিতাটিৰ অন্তিমফাকি কবিতা ই যে মাতৃৰ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান’ শৰীৰ মাজেৰে এক উদাত্ত স্বদেশ প্ৰেমৰ ভাব প্ৰকাশ পাইছে। এইফাকি কবিতাৰ মাজেৰেই গােটেই কবিতাটিৰ ভাবাৰ্থত প্ৰকাশিত হৈছে।
নিজ মাতৃ – ভূমি পৰাধীন অৱস্থাত থকা সময়ত গৰ্বিত শাসক – শােষকসকলে স্বদেশৰ জনতাৰ ওপৰত কৰা অত্যাচাৰ, অপমান, লাঞ্ছনা আদিত কবি অতিকে মৰ্মাহত। তেওঁৰ অন্তৰত যেন স্বদেশ – স্বজাতিৰ উদ্ধাৰৰ চিন্তাত উত্তপ্ত অগ্নিশিখা জ্বলিব লাগিছে। স্বদেশৰ জনতাক সকলাে ‘হীনতা, নীচতা, ভীৰুতা – দীনতা জোকাৰি’ দলিয়াই পেলাই ঐক্যবদ্ধভাৱে স্বদেশৰ হকে ওলাই আহিবলৈ তেওঁৰ অন্তৰ বীণাই আহ্বান জনাইছে। অমৃত লাভৰ বাবে দেৱ – দানৱে যিদৰে কঠোৰ পৰিশ্ৰম কৰি সাগৰ মন্থন কৰিছিল — যিদৰে মৃত্যুঞ্জয়ী হবলৈ হ’লাহ’ল প্ৰাণ কৰিছিল।
ঠিক তেনে মৰণপন কৰি স্বদেশৰ জনতাৰ লাঞ্ছিত হােৱা ভয়াৱহ ইতিহাস মুচি পেলাবলৈ শাসক – শােষকৰ ঘৃণিত গৰ্ব খৰ্ব কৰিবলৈ, মাতৃ – ভূমিৰ বন্ধ শিকলি ছিঙি পেলাবলৈ, সন্তানৰ ৰক্তেৰে ৰঞ্জিত হােৱা মাতৃৰ বুকুৰ ৰঙা তেজ ধুই নিবলৈ, মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ নৰনাৰায়ণ স্বৰূপ জনতাক কবিয়ে আহ্বান জনাইছে। কবিয়ে কৈছে মাতৃৰ বাবে সন্তানক আত্মবলিদান দিবলৈ দেশ – মাতৃৰাে এযা কৰুণ আহ্বান।