উপন্যাস সাহিত্য | Chapter 16 | Part-1 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 16 Notes | SEBA Class 12 HS Advance Assamese Chapter 16 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 16 উপন্যাস সাহিত্য | HS 2nd Year Advance Assamese Questions and Answers Assam
উপন্যাস সাহিত্য
(সাহিত্যৰ বুৰঞ্জী (১৮৮০ – ১৯৪০))
Long Type Questions and Answers (Marks : 3/4)
1. হৰিনাৰায়ন দত্তবৰুৱা।
উত্তৰঃ হৰিনাৰায়ণ দওবৰুৱা:- হৰিনাৰায়ণ দওবৰুৱাৰ উপন্যাস ৰচনাৰ একমাত্ৰ আৰু শেষ প্ৰচেষ্টা ‘চিত্ৰদৰ্শন’ এই শতিকাৰ চতুৰ্থ দশকত প্ৰকাশ পায়। বিখ্যাত শৰাইঘাটৰ যুদ্ধ আৰু তাৰ অব্যৱহৃত পূৰ্বৰ। খণ্ডযুদ্ধকেইখনৰ আবেষ্টনীত উপন্যাসখনিৰ কাহিনী প্ৰতিষ্ঠিত হৈছে। চৈয়দ চানা আৰু ফিৰােজৰ নেটৰুত্বত হােৱা আহােম মােগল সংঘৰ্ষত আৰম্ভ হৈ ৰামসিংহৰ সেনাপতিত্বত ঘটা দুলিবাৰী পচৰীয়া আৰু শৰাইঘাটৰ যুদ্ধত কাহিনীৰ পৰিসমাপ্তি ঘটিছে। উপন্যাসখনিত পৰিবেশিত কাহিনী ঐতিহাসিক নহয় যদিও ঐতিহাসিক ঘটনা আৰু বিৱৰণ দিযাত লেখকে অধিক শক্তি নিযােজিত কৰিছে।
দুটা প্ৰণয় কাহিনীৰ জৰিয়তে উপন্যাসখনৰ কাহিনী আগবাঢ়িছে। কাহিনীকেইটা ৰােমাঞ্চকৰ, চাঞ্চল্যজনক, আকস্মিকতাবহুল আৰু বিস্ময়াৱহ পথেদি আগবাঢ়ি একোটা পৰিণতি লাভ কৰিছে। উপন্যাসখনত ঐতিহাসিক ঘটনা আৰু কাল্পনিক ঘটনাৰ সংযােগসূত্ৰ দওবৰুৱাই দৃঢ়ভাৱে ৰচনা কৰিব পৰা নাই। মুঠতে চিত্ৰদৰ্শন উপন্যাসৰ কাহিনী আৰু চৰিত্ৰাৱলী কাল্পনিক যদিও ইতিহাসৰ ঘটনাগধূৰ বিৱৰণৰ হেঁচাত পাৰিবাৰিক জীৱনৰ মুক্ত বিকাশ সম্ভৱ হৈ উঠা নাই।
2. শৰৎচন্দ্ৰ গােস্বামী।
উত্তৰঃ শৰৎচন্দ্ৰ গােস্বামী:- অসমীয়া চুটিগল্পৰ অন্যতম প্ৰতিষ্ঠাতা শৰৎচন্দ্ৰ গােস্বামীয়ে উপন্যাস ৰচনাৰ প্ৰচেষ্টা কৰি একমাত্ৰ উপন্যাস ‘পাণিপথ। প্ৰকাশ কৰে। বাবৰ আৰু ইব্ৰাহিম লােডীৰ মাজত হােৱা প্ৰথম পাণিপথৰ যুদ্ধ, বাবৰ আৰু ৰানা সংগ্ৰাম সিংহৰ মাজত ঘটা ফতেপুৰ চিক্ৰি যুদ্ধৰ পটভূমিত এই উপন্যাসখনিৰ কাহিনী সংস্থাপিত হৈছে। ঐতিহাসিক ঘটনাৰ পটভূমিত ৰচিত হ’লেও উপন্যাসখনিৰ কাহিনীৰ সৰহভাগ ঘটনা আৰু সমল কাল্পনিক, ইতিহাসৰ পটভূমিৰূপেহে ইয়াতূ কল্পিত হৈছে।
ইতিহাসৰ ঘটনাত সংস্থাপিত হৈছে যদিও ইয়াক প্ৰকৃত ঐতিহাসিক উপন্যাস বুলিব নােৱাৰি। উপন্যাসখনিত বিন্যস্ত বিভিন্ন কথাবৃত্তৰ ভিতৰত কোনটো মুখ্য আৰু কোনটো গৌণ তাৰ কোনাে স্পষ্ট ধাৰণা পাঠকৰ হােৱা নাই। উপন্যাসখনিত যি কেইটি ঐতিহাসিক চৰিত্ৰই দেখা দিয়ে তেওঁলােক বিশেষত্বহীন, তেওঁলােকৰ ব্যক্তিত্বৰ স্পৰ্শ ৰূপায়ণ হােৱা নাই। চৰিত্ৰ সৃষ্টিত লেখকৰ সাৰ্থকতা লক্ষ্য কৰা নাযায়। মুঠতে। চুটিগল্প ৰচনাত গােস্বামীৰ কৃতকাৰ্যতা আমি তেওঁৰ একমাত্ৰ উপন্যাসখনিত লক্ষ্য কৰিব নােৱাৰোঁ।
3. দৈৱচন্দ্ৰ তালুকদাৰ।
উত্তৰঃ দৈৱচন্দ্ৰ তালুকদাৰ : ৰজনীকান্ত বৰদলৈৰ পিছৰ অসমীয়া ঔপন্যাসিক সকলৰ ভিতৰত দৈৱচন্দ্ৰ তালুকদাৰ অন্যতম।
ছাত্ৰৱস্থাৰ পৰাই সাহিত্য চৰ্চাত ৰত তালুকদাৰে উপন্যাসৰ উপৰি কবিতা আৰু নাটকো ৰচনা কৰিছিল। তেওঁৰ উপন্যাসকেইথন হৈছে ধুৱলী কুঁৱলী, অপূৰ্ণ, আগ্নেয়গিৰি, বিদ্ৰোহী, আদৰ্শপীঠ আৰু দুনীয়া। মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ৰাজনৈতিক আৰু সামাজিক আন্দোলনে তালুকদাৰক প্ৰভাৱাম্বিত কৰিছিল। তেওঁৰ উপন্যাসসমূহত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজ সংস্কাৰৰ মনােভাব অতি প্ৰবল। তেওঁৰ উপন্যাসৰ কাহিনীত শিথিলতা লক্ষ্য কৰা যায়। স্ত্ৰী শিক্ষাৰ প্ৰৱৰ্তন, বিধৱাৰ সমস্যা, কুটিৰ শিল্পৰ প্ৰচলন, শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা, পাশ্চাত্য বিজ্ঞান আৰু প্ৰাচ্য আধ্যাত্মিকতাৰ লগত সমন্বয় সাধন, ব্যক্তিগত আৰু সামাজিক বদ অভ্যাসৰ সংস্কাৰ সাধন আদি তেওঁৰ উপন্যাসসমূহত অসংখ্য সমস্যাৰ উত্থাপন তেওঁ কৰিছে। সেয়ে অত্যধিক আদৰ্শপ্ৰৱনতাই তেওঁৰ উপন্যাসত সুসংহত কাহিনী আৰু চৰিত্ৰ সৃষ্টিত ব্যঘাত জন্মাইছে।
4. দীননাথ শৰ্মা।
উত্তৰঃ দীননাথ শৰ্মা:- সংস্কাৰকামী মনােভাব বা ব্যংগাত্মক। দৃষ্টিৰে সমাজৰ প্ৰতি দৃষ্টিপাত নকৰি দৰদী অন্তৰেৰে সমাজৰ নৰ নাৰীৰ বৈচিত্ৰ্যপূৰ্ণ অভিব্যক্তি, আচাৰ নীতি, জীৱনধাৰা আৰু সমস্যা বিশ্লেষণ কৰি উপন্যাস কলাক সৌন্দৰ্যৰ নতুন পৰিপ্ৰেক্ষিততে স্থাপন কৰাত অসমীয়া উপন্যাস সাহিত্যত দীননাথ শৰ্মাৰ নাম বিশেষভাবে উল্লেখযােগ্য। এই শতিকাৰ চতুৰ্থ দশকত আৱাহন কাকতত। ঔপন্যাসিকৰূপে আত্মপ্ৰকাশ কৰা দীননাথ শৰ্মাৰ উপন্যাস চাৰিখন – ঊষা, সংগ্ৰাম, নদাই আৰু শান্তি।
কাহিনীৰ বৈচিত্ৰ্যপূৰ্ণ অভিব্যক্তি, ঘটনাৰ চাঞ্চল্যজনক বিন্যাস নাইবা সংস্কাৰ কামনা আৰু পােহনীয়া আদৰ্শবাদ প্ৰচাৰ উপন্যাস ৰচনাৰ উদ্দেশ্যৰূপে নলৈ ব্যক্তি মানস, আৱেগ অনুভূতি আৰু অভিজ্ঞতাৰ সমীক্ষণ বিশ্লেষণকে প্ৰাধান্য দি উপন্যাস ৰচনা কৰিবলৈ শৰ্মাই প্ৰথমে প্ৰয়াস কৰে। সাম্প্ৰতিক কালৰ যি অভিব্যক্তি আমি দেখা পাওঁ শৰ্মাৰ ৰচনাতে সি প্ৰথমে পৰিস্ফুট হয়, সেই কাৰণে শৰ্মাৰ সাম্প্ৰতিক উপন্যাসৰীতিৰ বাটকটীয়া বুলি অভিহিত কৰিব পাৰি। গতানুগতিক গাঁথনি এওঁৰ প্ৰথম তিনিখন উপন্যাসত নাই।
উপন্যাসকেইখনত ব্যক্তি বিশেষৰ বা নাকৰ জীৱনৰ ধাৰাবাহিক অভিজ্ঞতা আৰু মানসিক ক্ৰিয়া প্ৰতিক্ৰিয়াকে সামাজিক পৰিপ্ৰেক্ষিতত সজাই পৰাই অস্বাদনীয় কৰাৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়। দুটা বা ততােধিক বিৰুদ্ধ শক্তিৰ সংঘৰ্ষৰ যােগেদি কাহিনী আগবঢ়াই পৰিণতি দান কৰাৰ যি। পৰম্পৰাগত প্লট ৰচনাৰীতি পূৰ্বৰ লেখকসকলৰ ৰচনাত আমি পাওঁ। শৰ্মাৰ উপন্যাসত সেয়া দেখা নাযায়। তেওঁৰ উপন্যাসত উপস্থাপন। কৰা সংঘৰ্ষ বহু পৰিমানে আত্মগত সংঘৰ্ষ আৰু কিছু পৰিমানে।
তিনিখন উপন্যাসত একক চৰিত্ৰৰ প্ৰাধান্য দেখা যায়। প্ৰথম দুখনি। উপন্যাসত যি আৱেগ প্ৰৱণ স্পৰ্শকাতৰ আৰু লেহুকা মনৰ পৰিচয় পােৱা যায়, ‘নদাই’ আৰু ‘শান্তি’ত সেই মানসিক শিথিলতা আৰু স্পৰ্শকাতৰতাৰ পৰিৱৰ্তে সুস্থ আৰু সবল মনৰ স্বাক্ষৰ পােৱা যায়। প্ৰথম দুখনত নায়ক চৰিত্ৰক বিষন্নতাৰ ম্লান ছায়াই নিষ্প্ৰভ কৰিছে, কিন্তু নদাই পুৰুষৰ দীপ্তিৰে উদ্ভাসিত।
5. দণ্ডীনাথ কলিতা।
উত্তৰঃ দণ্ডীনাথ কলিতা:- অসমীয়া উপন্যাস সাহিত্যৰ প্ৰথম ঔপন্যাসিক সকলৰ ভিতৰত দণ্ডীনাথ কলিতা অন্যতম। তেওঁৰ উপন্যাসকেইথন হ’ল – ‘ফুল’, ‘সাধনা’, ‘আৱিষ্কাৰ’ আৰু ‘গণ – বিপ্লৱ’। তেওঁৰ প্ৰথম উপন্যাস ‘ফুল’ ছাত্ৰৱস্থাতে ৰচনা কৰা। উপন্যাসখনিৰ কাহিনীভাগ মানৰ শেষ আক্ৰমণৰ সময়ৰ অৰাজক আৰু অস্থিৰ পটভূমিত সংস্থাপিত হৈছে। উপন্যাসখনিত কোমল ব্যসৰ লেখকৰ কল্পনাৰ চপলতা আৰু ৰােমান্টিক ভাৱবিলাসৰ পৰিচয় সুস্পষ্ট।
‘সাধনা’ কবিতাৰ দ্বিতীয় উপন্যাস আৰু এইখনিয়েই তেওঁৰ শ্ৰেষ্ঠ উপন্যাস। উপন্যাসখনিৰ কেন্দ্ৰস্থ বিষয় হ’ল ভণ্ড, প্ৰতিক্ৰিয়াশীল, স্বাৰ্থান্বেষী গােষ্ঠীৰ লগত সংস্কাৰকামী আদৰ্শ প্ৰয়াসীৰ সংঘৰ্ষ।
উপন্যাসখনিত দুটি প্ৰধান চৰিত্ৰ দীনবন্ধু আৰু প্ৰভাতৰ জৰিযতে সামাজিক সংস্কাৰৰ আদৰ্শ ঔপন্যাসিকে ৰূপায়িত কৰিছে। তেওঁৰ তৃতীয় উপন্যাস ‘আৱিষ্কাৰ’তাে লেখকে আদৰ্শবাদৰ কথা কৈছে। পিছে কাহিনী আৰু চৰিত্ৰ দুয়ােটা দিশৰ পৰা উপন্যাসখনি দুৰ্বল। কলিতাৰ চতুৰ্থ উপন্যাস ‘গণ – বিপ্লৱ’ ঐতিহাসিক মােৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত। ঔপন্যাসিকে মােৱামৰীয়া বিদ্ৰোহক আহােম ৰজাৰ স্বেচ্ছাচাৰিতা আৰু অত্যাচাৰৰ বিৰুদ্ধে জনগণৰ বিদ্ৰোহ বুলি কৈছে। যদিও কাৰ্যত : জনতাৰ বিদ্ৰোহ বা বিপ্লবলৈ লিখনিৰে তাক ৰূপান্তৰ কৰি দেখুৱাব পৰা নাই। সেয়ে ই প্ৰকৃততে গল্পৰ চলেৰে প্ৰকাশিত ইতিহাস, উপন্যাসৰ স্তৰলৈ ই উন্নীত হােৱা নাই।
এনেদৰে দণ্ডীনাথ কলিতাৰ উপন্যাসত সামাজিক সমালােচনাই প্ৰাধান্য লাভ কৰিছে আৰু বিদ্ৰোপ আৰু ব্যংগই তেওঁৰ কাহিনীত বিশেষ স্থান লাভ কৰিছে। কলিতাই তেওঁৰ উপন্যাসসমূহৰ যােগেদি সমাজৰ আৱনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু সংস্কাৰ আৰু উন্নতিৰ পৰিকল্পনাও কাহিনীৰ জৰিয়তে দাঙি ধৰিছে।
Long Type Questions and Answers (Marks : 4/5/6)
1. ‘ মনােমতী’ উপন্যাস খনৰ অতি পৰিচয় দিয়া।
উত্তৰঃ অসমীয়া উপন্যাস জগতত “উপন্যালখ সম্ৰাট” উপাধিৰে পৰিচিত ৰজনীকান্ত বৰদলৈ “মিৰি জিয়েৰী” (১৮৯৫) —এই। সামাজিক উপন্যাসখনিৰ বাহিৰে বাকী আটাইকেইখন উপন্যাসেই বুৰঞ্জীমূলক উপন্যাস। তেঁওৰ বুৰঞ্জীমূলক উপন্যাসসমূহ হ’ল – ‘মনােমতী’ (১৯০০), ‘দন্দুৱাদ্ৰোহ’ (১৯০৯) ‘ৰঙিলী’ (১৯২৫ ), ‘নিৰ্মল ভকত’ (১৯২৬), ‘ৰহদৈ লিগিৰী’ (১৯৩০) আৰু ‘তাম্ৰেশ্বৰী মন্দিৰ’ (১৯৩৬)।
‘মনােমতী’ হ’ল বৰদলৈৰ প্ৰথম প্ৰকাশিত বুৰঞ্জীমূলক উপন্যাস। এই উপন্যাসত বৰপেটা সত্ৰৰ ভকতীয়া পৰিবেশ এটা চিত্ৰিত হৈছে। কাৰণ বৰদলৈয়ে বৰপেটা সত্ৰত বৈষ্ণৱ ধৰ্মত শৰণ লােৱাৰ পিছত তেওঁৰ। উপন্যাস বােৰত সেই ধৰ্মৰ কিছু প্ৰভাৱ পৰিছে। বৰ ভূঁইকপৰ আগতে লিখা এই উপন্যাসখনিৰ পটভূমি বুৰঞ্জী। কাহিনী, ভাষা, চৰিত্ৰ আদিও উপন্যাসখনিত উন্নত হৈছে। শেক্সপয়েৰৰ ‘ৰােমিঅ’ এণ্ড ‘জুলিয়েট’ নাটৰ প্ৰভাৱ এই উপন্যাসখনিত লক্ষ্য কৰা যায়।
2. উপন্যাস ৰচনাত পদ্মনাথ গােহাঞিবৰুৱাই কি দৰে কৃতকাৰ্যতা লাভ কৰিছে লিখা।
উত্তৰঃ অসমীয়া উপন্যাস সাহিত্যৰ শুভাৰম্ভ ঘটে পদ্মনাথ গােহাঞিবৰুৱাৰ হাততে। গােহাঞিবৰুৱাৰ উপন্যাস দুখন – ভানুমতী আৰু লাহৰী ৷ ভানুমতী বিজুলী কাকতত ১৮৯০ চনত ছােৱা ছােৱাকৈ প্ৰকাশিত হৈছিল আৰু লাহৰী উপন্যাস ১৪৯২ চনত প্ৰকাশ পায়। এই দুখন উপন্যাসৰ জুৰিযতে পদ্মনাথ গােহাঞিবৰুৱাই অসমীয়া সাহিত্যত বাটকটীয়াৰূপে নিজকে প্ৰতিষ্ঠা কৰি গল।
ভানুমতী এখনি পাৰিবাৰিক উপন্যাস। উপন্যাসখনৰ কাহিনী। সংস্থাপিত কৰিছে ঐতিহাসিক পটভূমিত। উপন্যাসখনিত দুগৰাকী প্ৰেমিকাই এজন যুৱকক আৰু তাৰ বিপৰীতে দুজন প্ৰতিদ্বন্দ্বী পুৰুষে এগৰাকী যুৱতীক লাভ কৰিবলৈ প্ৰাস কৰাৰ চেষ্টা ৰূপায়িত হৈছে। কাহিনীটোৰ আৰম্ভণিৰ পৰা শেষলৈকে আৱেগত তীব্ৰতা, উৎকণ্ঠা, জটিল ঘটনাৰ উৎসুক্য প্ৰকাশৰ সুযােগ আছিল যদিও লেখকৰ কল্পনাই সেইবােৰ সম্যকভাৱে ঢুকি পােৱা নাই।
গােহাঞিবৰুৱাৰ দ্বিতীয়খনি উপন্যাস লাহৰীও এখন পাৰিবাৰিক উপন্যাস। এইখনি উপন্যাসৰ কাহিনীও মানৰ আক্ৰমণৰ পটভূমিত। অৰ্থাৎ ঐতিহাসিক পটভূমিতে সংস্থাপিত হৈছে। কাহিনী ভানুমতীতকৈ জটিল যদিও সুসংবদ্ধ নহয়। দুটা সমান্তৰাল প্ৰেম কাহিনী ক্ষীণ যােগসূত্ৰেৰে উপন্যাসখনিত গাঁথি থােৱা হৈছে।
গােহাঞিবৰুৱাৰ এই দুয়ােখন উপন্যাসৰ মাজত কেইটিমান সাধাৰণ বৈশিষ্ট্য চকুত পৰে। দুয়োখনি উপন্যাসৰ কাহিনীৰ পৃষ্ঠভূমি ঐতিহাসিক হ’লেও দৰাচলতে ইতিহাসৰ কোনাে বিশেষ ঘটনাৰ লগত কাহিনী দুটাৰ ঘনিষ্ঠ সম্পৰ্ক নাই। ‘ভানুমতী’ত ৰজা শিৱসিংহৰ কাল আৰু ‘লাহৰী’ত মানৰ আক্ৰমণৰ শেষ কালছােৱাৰ পটভূমিত কাহিনী সংস্থাপন কৰিছে। কিন্তু ইতিহাসৰ লগত কাহিনীৰ সম্পৰ্ক বৰ ক্ষীন। উপন্যাস দুখনিত কাহিনী বিকাশৰ কৌশলৰ সাদৃশ্য ঠায়ে ঠায়ে লক্ষ্য কৰা যায়। উপন্যাস দুখনিৰ দুয়োজন নায়কেই সমধৰ্মী – তেওঁলােক নিষ্ক্ৰিয়, সামাজিক বিধি নিষেধ উলংঘা কৰিব নােখােজা যুৱক, দৈৱ মুখাপেক্ষী।
গােহাঞিবৰুৱাৰ উপন্যাসৰ আলােচনা প্ৰসংগত এই কথা মনত ৰাখিব লাগিব যে উপন্যাস দুখনি ৰচনাৰ সময়ত লেখকৰ জীৱন অভিজ্ঞতা পুৰঠ নহয়, কেঁচা। বাসাে কোমল আৰু উপন্যাস সাহিত্য ৰচনাৰ সেয়া প্ৰথম প্ৰায়স। গতিকে এনে পৰিপ্ৰেক্ষিতত ৰচিত উপন্যাস দুৰ্বল আৰু ত্ৰুটিপূৰ্ণ হােৱা স্বাভাৱিক। পূৰ্বৱৰ্তী অসমীয়া উপন্যাস কোনাে আহি। নথকা অৱস্থাত গােহাঞিবৰুৱাই প্ৰকৃত উপন্যাসৰ আদৰ্শ সৃষ্টি কৰাত যি বৰঙণি আগবঢ়ালে তাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ ৰব।
3. বিৰিঞ্চি কুমাৰ বৰুৱাই কি কি ছদ্মনামত উপন্যাস লিখিছিল? ঔপন্যাসিক হিচাপে তেওঁৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ বিৰিঞ্চি কুমাৰ বৰুৱাই ‘বীণা বৰুৱা’ আৰু ‘ৰা বৰুৱা’ এই দুটা ছদ্মনামত উপন্যাস লিখিছিল।
বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া সাহিত্য জগতৰ পােনপ্ৰথমেই স্বীকৃতি লাভ কৰে ‘বীণা বৰুৱা’ এই ছদ্মনামত। চতুৰ্থ দশকত ‘আহ্বান’ কাকতত বীণা বৰুৱাৰ চুটিগল্পই এই আলােড়ন সৃষ্টি কৰিছিল। সেই গল্পসমূহেই যুদ্ধোত্তৰ কালত প্ৰকাশিত ‘আঘােণী বাঈ’ আৰু ‘পট পৰিৱৰ্তন’ত সন্নিবিষ্ট হৈছে। চুটিগল্পৰ লগতে কথাশিল্পীৰূপে প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে বৰুৱাৰ ছমনামত লিখা দুখন অনুপম উপন্যাসে। তেখেতৰ ‘বীণা বৰুৱা’ ছদ্মনামত লিখা ‘জীৱনৰ বাটত’ (১৯৪৫) যুদ্ধোত্তৰ কালছােৱাৰ উপন্যাস সাহিত্যৰ সিংহদুৱাৰস্বৰূপ।
এই উপন্যাস অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰূপায়ন আৰু অসমীয়া গাঁৱলীয়া চৰিত্ৰ অধ্যয়নত, পাৰিবাৰিক জীৱনৰ প্ৰাত্যহিক চিত্ৰাংকনত আৰু চৰিত্ৰৰ মানসিক অভিব্যক্তি প্ৰকা শ কৰাত লেখকৰ দক্ষতা উজ্জলভাৱে প্ৰকাশ। পাইছে। সমস্ত সামাজিক উপন্যাসৰ ভিতৰত মানৱ জীৱনৰ প্ৰকৃত চিত্ৰণত এই উপন্যাসখনিৰ লগত ফোৰ মাৰিব পৰা দ্বিতীয় এখন উপন্যাস হয়তাে উলিওৱা সহজ নহব।
বিৰিঞ্চি কুমাৰ বৰুৱাই আন এটি ছদ্মনাম ‘ৰা বৰুৱা’ নামত লিখা উপন্যাস ‘সেউজী পাতৰ কাহিনী’ (১৯৫৮) অসমৰ চাহ বাগানৰ জীৱনত সুন্দৰ আলেখ্য। ‘জীৱনৰ বাটত’ উপন্যাসত ৰূপায়িত হােৱা তগৰ আৰু ‘সেউজী পাতৰ কাহিনী’ৰ চনি এই দুটা চৰিত্ৰ বৰুৱাৰ অনুপম সৃষ্টি। আনবােৰ চৰিত্ৰ সৃষ্টিতাে তেখেতে সমানেই সফলতা অৰ্জন কৰিছে।
4. ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া উপন্যাস সাহিত্যৰ ক্ৰম বিকাশৰ এটি ৰূপৰেখা প্ৰস্তুত কৰা।
অথবাঃ জোনাকী যুগৰ অসমীয়া উপন্যাসৰ এটি চমু সমীক্ষা আগবঢ়োৱা।
উত্তৰঃ অসমীয়া সাহিত্যত উপন্যাস আৰু চুটিগল্পৰ সৃষ্টি পাশ্চাত্য সাহিত্য অধ্যয়নৰ প্ৰত্যক্ষ ফল। প্ৰাচীন সংস্কৃত সাহিত্যত গদ্য ৰচনা। কৰা কাব্যধৰ্মী আখ্যায়িকাৰ লগত বৰ্তমানৰ উপন্যাসৰ কোনাে সম্পৰ্ক নাই। সেইদৰে পৌৰাণিক সাহিত্যৰ পঞ্চতন্ত্ৰ, হিতােপদেশ বা। সাতকমালাও আধুনিক চুটিগল্পৰ পিতৃপুৰুষ নহয়। সংস্কৃত সাহিত্যৰ সেইসমূহ ৰচনা আছিল বাস্তৱতাৰ লগতে অলৌকিকতা আৰু ধৰ্মীয় একদেশদৰ্শিতাৰে পৰিপূৰ্ণ। কিন্তু বৰ্তমানৰ উপন্যাস আৰু চুটিগল্প সেই অলৌকিকতা আৰু ধৰ্মীয় একদেশদৰ্শিতাৰ পৰা সম্পূৰ্ণ মুক্ত, বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানৱ জীৱনৰ ঐহিক সুখ দুখৰ কথাই ইয়াৰ প্ৰধান উপজীব্য।
‘অৰুনােদই’ত প্ৰকাশ পােৱা বুনিয়নৰ ‘জাত্ৰিকৰ যাত্ৰা’ (Pilgrim’s Progress ) অনুদিত লিখনি আৰু তাৰ পিছত মিছনাৰীসকলেই খ্ৰীষ্টধৰ্মী প্ৰচাৰৰ অৰ্থে, ‘ফুলমণি আৰু কৰুণা’ আৰু ‘কামিনিকান্ত’ নামৰ দুখন আখ্যানকেই অসমীয়া উপন্যাসৰ ধলফাট বুলিব পাৰি যদিও সি। আছিল সম্পূৰ্ণ প্ৰচাৰধৰ্মী আৰু উপন্যাসৰ প্ৰকৃত বৈশিষ্ট্যৰহিত। ইয়াৰ পিছত ১৮৮০ চনত পদ্মাৱতী দেৱী ফুকননীৰ দ্বাৰা ৰচিত ‘সুধৰ্মাৰ উপাখ্যান’ খনিত কিন্তু প্ৰচাৰকামী মনােবৃত্তি নাই আৰু আখ্যানৰ এটি সহজ সৰল গতি আছে, তথাপি ই প্ৰকৃত বাস্তৱবাদী ভেটিত থিয় দিব পৰা নাছিল। তাৰ পিছত ৰচিত হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰীক বাস্তৱ দৃষ্টিভংগী আৰু চৰিত্ৰ সৃষ্টিয়ে উপন্যাসৰ কিছু ওচৰ চপাই নিয়ে। অৱশ্যে আখ্যানৰ বিকাশ আৰু সৌন্দৰ্য ইত বিশেষ পাবলৈ নাই।
আমাৰ আলােচিত কালছােৱাত অৰ্থাৎ ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ এই কালছােৱাত অসমীয়া উপন্যাস সাহিত্যৰ বহুল সৃষ্টি হৈছিল বুলি কব নােৱাৰি যদিও যিসকল সাহিত্যকে কমসংখ্যক হ’লেও উপন্যাস ৰচনা। কৰিছিল সেয়াই অসমীয়া উপন্যাস সাহিত্যৰ কালজয়ী পথ ৰচনা কৰি থৈ গল বুলি সকলােৱে স্বীকাৰ কৰিব লাগিব। তলত সেই কালছােৱাত ৰচিত উপন্যাস সাহিত্যৰ এটি সাধাৰণ পৰিচয় দিয়া হ’ল—
পদ্মনাথ গােহাঞি বৰুৱা:- আধুনিক যুগৰ প্ৰকৃত উপন্যাসৰ ধাৰা আৰম্ভ হৈছে বুলি কব পাৰি পদ্মনাথ গােহাঞি বৰুৱাৰ ‘ভানুমতী’ (১৮৯৯) আৰু ‘লাহৰী’ (১৮৯২) এই দুখনি উপন্যাস ৰচনাৰে। এই দুয়ােখন উপন্যাসেই প্ৰেমৰ চিত্ৰ। ‘ভানুমতী’ দুখাত্মক আৰু ‘লাহৰী মিলনাত্মক। দুয়ােখন উপন্যাসেই নায়িকাপ্ৰধান। লিথকে দুয়ােখন উপন্যাসকে আহােম যুগৰ শেষৰৰ ঐতিহাসিক পটভূমিত ৰচনা কৰিছে যদিও ইতিহাসৰ ঘটনাই আখ্যানৰ বিকাশত বিশেষ সদায় কৰিছে বুলি কব নােৱাৰি। সেই কাৰণে উপন্যাস দুখনিক ঐতিহাসিক নুবুলি সামাজিক উপন্যাস বুলিহে কব পৰা যায়। উপন্যাস দুখনত চাঞ্চল্যকৰ ঘটনা আছে, কিন্তু চৰিত্ৰ সৃষ্টি আৰু মানসিক বিশ্লেষণ নাই। পৰিবেশ বা পৰিস্থিতিৰ বৰ্ণনা আছে, কিন্তু চৰিত্ৰৰ আভ্যন্তৰীণ বিশ্লেষণ নাই। তথাপি আখ্যান প্ৰধান উপন্যাস হিচাপে আৰু আধুনিক উপন্যাসৰ বাটকটীয়া হিচাপে উপন্যাস দুখনিৰ গুৰুত্ব আৰু জনপ্ৰিয়তা কোনেও নুই কৰিব নােৱাৰে।
লক্ষীনাথ বেজবৰুৱা:- সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাস ‘পদুম কুঁৱৰী’ ( ৰচনা ১৮৯০, প্ৰকাশ ১৯০৫ ) আধুনিক। যুগৰ উপন্যাস ৰচনাৰ অন্যতম পথপদৰ্শক উপন্যাস। উপন্যাসখনিত ঐতিহাসিক দন্দুৱাদ্ৰোহে প্ৰধান অংশ গ্ৰহণ কৰিছে। কিন্তু অস্বাভাৱিক। ঘটনা, চাঞ্চল্যকৰ পৰিণতি আৰু অপ্ৰয়ােজনীয় তথা ঔচিত্যহীন বৰ্ণনাই উপন্যাসখনৰ গুৰুত্ব কমাইছে। কিন্তু লেখকৰ কৃতিত্ব এয়ে যে প্ৰেমাখ্যানটো ঐতিহাসিক ঘটনাৰ লগত অংগাংগীভাৱে জড়িত কৰিব পাৰিছে।
ৰজনীকান্ত বৰদলৈ (১৮৬৯ – ১৯৪৯):- অসমীয়া উপন্যাসে প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈৰ কালজয়ী উপন্যাসসমূহৰ জৰিয়তে। চৰকাৰী চাকৰী কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰােতে তেওঁ বিভিন্ন উপন্যাসৰ সমল সংগ্ৰহ কৰিছিল। ছাৰ ওৱাল্টাৰ স্কট, বংকিম চন্দ্ৰ চট্ৰোপাধ্যায় আদিৰ ঐতিহাসিক উপন্যাসসমূহে তেওঁক অসমীয়া উপন্যাস ৰচনা কৰিবলৈ ঘাইকৈ প্ৰেৰণা যােগায়। বৰদলৈদেৱে ১৮৯৪ চনত প্ৰথমখন উপন্যাস ৰচনা কৰে মিৰিজীয়ৰী’। মিৰি জনজাতিৰ ৰীতি নীতি, স্বভাৱ চৰিত্ৰৰ সহানুভূতিশীল অধ্যয়ন আৰু সৰল মিৰি ডেকা গাভৰুৰ একনিষ্ঠ প্ৰেমৰ কৰুণ চিত্ৰই উপন্যাসখনি সজীৱ কৰি ৰাখিছে। উপন্যাসখনি দুখাত্মক। ‘মিৰিজীয়ৰী’য়েই বৰদলৈদেৱৰ একমাত্ৰ সামাজিক উপন্যাস।
বৰদলৈদেৱৰ বাকীকেইখন উপন্যাস আহােম ৰাজত্বৰ শেষ কালছােৱাৰ পটভূমিত ৰচিত। সেই উপন্যাসসমূহ হ’ল – ‘মনােমতী (১৯০০), ‘ৰঙ্গিলী’ (১৯২৫), ‘নিৰ্মল ভকত’ (১৯২৬), ‘ৰহদৈ লিগিৰী’ ( ১৯৩০), তদুপৰি মানৰ আক্ৰমণৰ পটভূমিত ‘তাম্ৰেশ্বৰী মন্দিৰ’, ‘হৰদত্ত – বীৰদত্তৰ বিদ্ৰোহৰ ভেটিত ‘নন্দুৱা দ্ৰোহ’ (১৯২৯) আৰু মােৱামৰীয়া বিদ্ৰোহৰ ভেটিত ‘ৰাধা ৰুক্মিণীৰ ৰণ’ তেওঁ ৰচনা কৰিছিল।
ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনাৰ কৰিবলৈ লােৱাৰ সময়ত। অসমীয়া সমাজ তেনেকৈ পংগু আৰু স্থিতিশীল অৱস্থাত। নতুন শিক্ষাৰ চকামকাকৈ পােহৰ পৰিলেও সমাজৰ সৰহভাগ লােক দৰিদ্ৰ, অশিক্ষিত, কু – সংস্কাৰাচ্ছন্ন আৰু স্থিবিৰ আছিল। সেই কাৰণেই তেনে এখন সমাজৰ পৰা তেওঁ উপন্যাসৰ সমল নিবিচাৰি ঐতিহাসিক পটভূমিকেই। উপন্যাসৰ সমল হিচাপে গ্ৰহণ কৰিলে। ঐতিহাসিক পটভূমি গ্ৰহণ কৰাৰ তেওঁৰ উদ্দেশ্য আছিল—
ক) বৈচিত্ৰ্যপূৰ্ণ ঘটনাৰ সমাবেশ।
খ) অতীতৰ অসমীয়া জাতিৰ শৌৰ্য বীৰ্য্যৰ আদৰ্শ দাঙি ধৰা৷
গ) অসমীয়া জাতিৰ স্বাধীনতা লুপ্ত হােৱাৰ কাৰণ নিৰ্দেশ কৰা৷
ঘ) ইংৰাজ ৰাজত্বৰ আগৰ কালছােৱাৰ অসমীয়া ৰীতি নীতি, আচাৰ বিশ্বাস, ধৰ্মসংস্কাৰ আদিৰ চিত্ৰ দাঙি ধৰা। আৰু
ঙ) ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰৱাহিত হৈ থকা। জীৱনৰ চিৰন্তৰ আৰু আদিম প্ৰবৃত্তিবােৰৰ ক্ৰিয়া প্ৰক্ৰিয়া প্ৰদৰ্শন কৰা।
বৰদলৈয়ে উপন্যাসসমূহ আদৰ্শাত্মক দৃষ্টি ভংগীৰে ৰচনা কৰিছে। এওঁৰ উপন্যাসসমূহ নায়িকাপ্ৰধান। তেওঁৰ উপন্যাসত প্ৰেম দেহজ স্তৰত। আৰম্ভ হৈ আদৰ্শাত্মক অৱস্থাত পৰিণতি লাভ কৰিছে। সৰু বৰ, সৎ অসৎ সকলাে চৰিত্ৰকে তেওঁ সহানুভূতিশীল দৃষ্টিৰে অংকন কৰিছে। চৰিত্ৰসমূহ সৰল, পােনপটীয়া, মানসিক দ্বন্দ্ব স্ত্ৰী পুৰুষ কোনাে চৰিত্ৰতে নাই বুলিব পাৰি। মানৱীয় দুৰ্বলতা চৰিত্ৰত নথকা নহয়, কিন্তু লেখকৰ সহানুভূতিশীল চৰিত্ৰাংকনৰ ফলত তেনে চৰিত্ৰয়ো পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঘটনাবহুল বৈচিত্ৰ্যপূৰ্ণ আখ্যান, মানৱতাবাত, সৰল অকৃত্ৰিম চৰিত্ৰ সৃষ্টি আৰু সুস্থ দৃষ্টিভংগীয়ে তেওঁৰ উপন্যাসসমূহ অদ্যপি আকৰ্ষণীয় কৰি ৰাখিছে।
অসমীয়া সাহিত্য জগতত বৰদলৈ এই কাৰণেই ‘উপন্যাস সম্ৰাট উপাধিৰে পৰিচিত।
দণ্ডীনাথ কলিতা:- এই কালছােৱাৰ আন এগৰাকী উল্লেখযােগ্য ঔপন্যাসিক হ’ল দীনাথ কলিতা। ছাত্ৰৱস্থাত ৰচনা কৰা ‘ফুল’ ( প্ৰকাশ – ১৯০৮) কলিতাৰ প্ৰথম উপন্যাস। নিজম ভাষা আৰু সৰল। বৰ্ণনাভংগী আৰু অ – জটিল চৰিত্ৰ সৃষ্টিৰে ৰচনা কৰা উপন্যাসখনিৰ পটভূমিত হ’ল মানৰ দিনৰ অস্থিৰ অৱস্থা। উপযুক্ত মনােনিৱেশৰ অভাৱ অথবা অপৈণত ব্যসত ৰচনা কৰাৰ কাৰণেই হয়তাে। উপন্যাসখনিত তেওঁৰ প্ৰতিভাই উৎকৰ্ষতা লাভ কৰিব পৰা নাই।
কলিতাৰ আন দুখন উপন্যাস ‘পৰিচয়’ আৰু ‘গণ বিপ্লৱ’ (১৯৪৮) – ৰ উপন্যাস হিচাপে কোনাে সাৰ্থকতা নাই বুলিব পাৰি। ‘গণ বিপ্লৱ’ক। মােৱামৰীয়া বিদৰােহৰ বৰ্ণনামূলক আখ্যান বুলিলেহে ঠিক হব। কিন্তু তেওঁ পিছত ৰচনা কৰা ‘সাধনা’ (১৯২৯) আৰু ‘আৱিষ্কাৰ’ (১৯৫১)। এই দুখন সামাজিক উপন্যাসে তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। এই দুখেনেই তেওঁৰ সাৰ্থক উপন্যাস আৰু দুয়ােখনতে সমাজ সংস্কাৰৰ আদৰ্শ প্ৰতিফলিত হৈছে। ‘সাধনা’ৰ নায়ক দীনবন্ধু আৰু ‘আৱিষ্কাৰ’ৰ নায়ক মাধৱ আদৰ্শবাদী সংস্কাৰকামী যুৱক। নায়িকা ৰম্ভা আৰু প্ৰতিমাৰ যােগেদি সমাজৰ চকুত হয়ে যুৱতী নাৰীৰ সমস্যা দাঙি ধৰিছে আৰু আনহাতে ঊষা আৰু মালৱিকা চৰিত্ৰই প্ৰগতিকামী নাৰীক প্ৰতিনিধিত্ব কৰিছে। সেই কাৰণেই তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহক ‘টাইপ’ চৰিত্ৰ বােলা হয়।
দৈৱচন্দ্ৰ তালুকদাৰ:- দৈৱচন্দ্ৰ তালুকদাৰাে এই কালছােৱাত এজন সাৰ্থক ঔপন্যাসিক। তেওঁৰ উপন্যাস ‘ধুৱলী কুঁৱলী’ (১৯২২), ‘অপূৰ্ণ (১৯৩০ – ৩১ ), ‘আগ্নেয়গিৰি’, ‘বিদ্ৰোহী’, ‘আদৰ্শ পীঠ’, ‘দুনীয়া’ ( ১৯৬২) আদিত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজৰ সংস্কাৰৰ মনােভাৱ প্ৰকাশ পাইছে। তালুকদাৰৰ উপন্যাসসমূহৰ কাহিনী অপ্ৰয়ােজনীয় বৰ্ণনা আৰু পৰিস্থিতিৰে পৰিপূৰ্ণ; – সেই কাৰণে উপন্যাস। আখ্যানসমূহত শিথিলতা দেখা যায়। স্ত্ৰী শিক্ষাৰ প্ৰৱৰ্তন, বিধৱাৰ সমস্যা, কুটিৰ শিল্পৰ প্ৰচলন, শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা, পাশ্চাত্য বিজ্ঞান আৰু প্ৰাচ্য আধাত্মিকতাৰ লগত সমন্বয় সাধন, সামাজিক আৰু ব্যক্তিগত বদ অভ্যাসৰ সংস্কাৰ সাধন আদি এক এটা সমস্যাই তেওঁৰ উপন্যাসত জুমুৰি দি ধৰিছে।
তদুপৰি বাবৰ আৰু ইব্ৰাহীম লােডিৰ মাজত হােৱা পানিপথত প্ৰথম যুদ্ধৰ ভিত্তিত। শৰৎ চন্দ্ৰ গােস্বামীয়ে ১৯৩০ চনত ৰচনা কৰা ‘পানিপথ উপন্যাসৰ পটভূমি ঐতিহাসিক হ’লেও প্ৰধান কাহিনী আৰু উপকাহিনীকেইটা কাল্পনিক।
হৰিনাৰায়ণ দওবৰুৱাই ৰামসিংহৰ অসম আক্ৰমণ আৰু শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক ঘটনাৰ পটভূমিত ১৯৩১ চনত ‘চিত্ৰ দৰ্শন’ নামৰ এখনি উপন্যাস ৰচনা কৰিছিল। উপন্যাসখনিত ঐতিহাসিক ঘটনাৰ প্ৰাবল্যৰ বাবে লেখকৰ কাল্পনিক চিন্তাধাৰাই বিশেষভাৱে প্ৰকাশ লাভ কৰা নাই। সেই সময়ছােৱাৰে লেখক হৰেশ্বৰ শৰ্মাৰ ‘কুসুম কুমাৰী’ ( ১৯০৫ ), দণ্ডীধৰ সােনােৱালৰ ‘চপলা’ (১৯২০), চিন্তাহৰণ। পাটগিৰিৰ ‘সংসাৰ চিত্ৰ’ (১৯১১), নবীন ভট্টাচাৰ্যৰ ‘চন্দ্ৰপ্ৰভা’ (১৯০৮), স্নেহ’লতা ভট্টাচাৰ্যৰ ‘বেমেজালি’ আৰু ‘বীণা’ (১৯২৬), দীননাথ শৰ্মাৰ ‘উষা’ (১৯৪০) আদি উল্লেখযােগ্য উপন্যাস প্ৰকাশ। পায়। এই উপন্যাসসমূহত সাধাৰণতে পাৰিবাৰিক জীৱনৰ বিভিন্ন দিশ, যেনে – শাহু বােৱাৰীৰ সম্পৰ্ক, অসতী, সুন্দৰী পত্নীৰ ঘৰুৱা অশান্তি, দাম্পত্য প্ৰেম, বাল – বিধৱাৰ সমস্যা আদি ৰূপাযিত হৈছে। এইবােৰ।
উপন্যাসৰ উপৰি ১৮৯১ চনত ‘বিজুলী’ কাকতত ‘মেম’ নামৰ ঔপন্যাসিকা এখনি ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। এইসমূহ উপন্যাস উচ্চস্তৰৰ নহয় যদিও সমসাময়িক সমাজৰ ছবিৰ প্ৰতিফলন ঘটনা আৰু সেই সময়ত উপন্যাস সৃষ্টিৰ পৰিবেশ গঢ়াত সেইবােৰে ভালেখিনি সহায় কৰিছিল।
সেই সময়ছােৱাতে অসমীয়া ভাষালৈ কমসংখ্যক হ’লেও ঘাইকৈ ইংৰাজী ভাষাৰ উপন্যাসাে অনুদিত হৈছিল। সেই অনুদিত উপন্যাসসমূহৰ হ’ল – লক্ষেশ্বৰ শৰ্মাৰ ‘পম্পিয়াইৰ প্ৰলয় কাহিনী’ (Last Days of Pompeii – Litone); ‘মাতৃ’ (Mother’ – Grazia Daleda) : শান্তিৰাম দাসৰ ‘ছদ্মবেশী’ ( ‘ইষ্ট লিনি’ – শ্ৰীমতী হেনৰী উড); ‘মিলন মন্দিৰ ‘ ( ক্লাইষ্টাৰ দ্য হাথ’ – চাৰ্লছ ৰীড); ৰােহিনীকান্ত বৰুৱাৰ ‘পৰম ক্ষুধা’ ( ‘গ্ৰেট হাঙ্গাৰ’ – জন বােয়েৰ’)। ইয়াৰ বাহিৰেও ‘আহ্বান’ আলােচনীৰ। পাতত সেই সময়ত প্ৰকাশ পােৱা তেনে অনুবাদ উপন্যাস হ’ল – দ্যানন্দ বৰুৱা, হৰেন্দ্ৰ নাথ কলিতা, নলিনীকান্ত বৰুৱাই কৰা অনুবাদ মেক্সিম গ’কীৰ ‘মাদাৰ’, ডিকেন্সৰ ‘টে’ল অৱ টু চিটিজ’, আনটোলা ফ্ৰাচৰ ‘থেইজ’ আৰু ‘অল কোৱায়েট ইন দ্য উৱেষ্টাৰ্ণ ফ্ৰণ্ট আদি।
১৯৪০ চনলৈকে অসমীয়া উপন্যাসৰ ধাৰা লক্ষ্য কৰিলে দেখা যায়। প্ৰথমছােৱাত ঐতিহাসিক সমলেৰে ৰচিত উপন্যাস আৰু পিছলৈ সমাজিক পটভূমিত ৰচিত উপন্যাসে বিকাশ লাভ কৰিছিল। তথাপি ঐতিহাসিক পটভূমিত উপন্যাস ৰচিবলৈ লােৱা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ দৰে বাকীসমূহ লেখকে উপন্যাস ৰচনাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিছে বুলি কব নােৱাৰি। হ’লেও এইসমূহ উপন্যাস আৰু ঔপন্যাসিক অসমীয়া উপন্যাস ৰচকসকলৰ কাৰণে পিছলৈ প্ৰেৰণাৰ উৎস হৈ থাকিল।
5. অসমীয়া উপন্যাস সাহিত্যলৈ দণ্ডীনাথ কলিতাৰ অৱদান সম্পৰ্কে এটি আলচ কৰা।
অথবাঃ দণ্ডীনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম কি? ঔপন্যাসিক হিচাপে তেখেতৰ এটি পৰিচয় দিয়া।
উত্তৰঃ দণ্ডীনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম ‘ফুল’। এই উপন্যাসখনি ছাত্ৰৱস্থাতে ১৯০৪ চনত প্ৰকাশ পায়।
অসমীয়া উপন্যাস সাহিত্যত ৰজনীকান্ত বৰদলৈৰ পিছত ঔপন্যাসিক সকলৰ ভিতৰত দণ্ডীনাথ কলিতা অন্যতম। কলিতাৰ উপন্যাসকেইখন হ’ল – ফুল, পৰিচয়, গনবিপ্লৱ, সাধনা আৰু আৱিষ্কাৰ। তেওঁৰ এই উপন্যাসকেইখনত সামাজিক শ্ৰেণী বা স্তৰ বিশেষৰ ভণ্ডামি, ব্যভিচাৰ আৰু দুৰ্নীতিৰ চিত্ৰ প্ৰচুৰ। সমাজ সমালােচনাই তেওঁৰ উপন্যাসত প্ৰধান স্থান লাভ কৰিছে। বিদ্ধৰূপ বা ব্যংগই তেওঁৰ কাহিনীত বিশেষ গুৰুত্ব লাভ কৰিছে। লেখকৰ স্বকীয় আদৰ্শবাদৰ ধ্বজাবাদী নায়ক চৰিত্ৰৰ বাহিৰে উপন্যাসৰ সৰহভাগ চৰিত্ৰক ব্যংগ বিদ্ধৰূপৰ দৃষ্টিৰে তেওঁ অংকন কৰিছে।
কলিতাৰ প্ৰথম উপন্যাস ফুল। স্কুলীয়া ছাত্ৰ অৱস্থাত ৰচনা কৰা কাৰণে কেঁচা হাতৰ স্থূল প্ৰলেপ উপন্যাসখনিত স্পষ্ট। মানৰ শেষ আক্ৰমণৰ সমযৰ অৰাজকতা আৰু অস্থিৰ অৱস্থাৰ পটভূমিত উপন্যাসখনিত দুগৰাকী গাভৰুৰ নানা বিপদ আপদৰ পিছত প্ৰণ্য পাত্ৰৰ লগত এই উপন্যাসত প্ৰদৰ্শিত হৈছে। মানৰ আক্ৰমণৰ পটভূমিত কাহিনী সংস্থাপিত হ’লেও প্ৰকৃততে ঐতিহাসিক ঘটনাৰ লগত উপন্যাসৰ কাহিনীৰ কোনাে সম্পৰ্ক নাই।
কলিতাৰ দ্বিতীয় উপন্যাস সাধনাই ১৯২৪ চনত সেই সময়ৰ শ্ৰেষ্ঠ সামাজিক উপন্যাস ৰূপে পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ উপন্যাসৰাজিৰ ভিতৰত এইখন উপন্যাসেই শ্ৰেষ্ঠ। উপন্যাসখনিৰ কেন্দ্ৰস্থ বিষয় হ’ল ভণ্ড, প্ৰতিক্ৰিয়াশীল, স্বাৰ্থান্বেষী গােষ্ঠীৰ সংস্কাৰগামী আদৰ্শ প্ৰয়াসীৰ সংঘৰ্ষ, এহাতে তথাকথিত আধুনিক শিক্ষাপ্ৰাপ্ত চহৰৰ মধ্যবিত্ত শ্ৰেণীৰ ইন্দ্ৰিয় লালসা পূৰণকামী ভণ্ডৰ দল আৰু আনহাতে সিহঁতৰ বিৰুদ্ধে নিৰ্ভীক ভাবে থ্যি দিয়া এজন যুৱকৰ কাহিনী উপন্যাসখনিত বৰ্ণিত হৈছে।
কলিতাৰ তৃতীয় উপন্যাস আৱিস্কাৰৰ কাহিনীভাগ গঢ়ি উঠিছে মাধৱ নামৰ এজন উৎকট আদৰ্শবাদী, সংস্কাৰ প্ৰযাসী যুৱকৰ কাৰ্যকলাপৰ ভেটিত। উপন্যাসখনিৰ কাহিনীৰ আৰু চৰিত্ৰ সৃষ্টি দুটোই দুৰ্বল। তেওঁৰ ‘গণবিপ্লৱ’ উপন্যাসখনি ঐতিহাসিক মােৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত হৈছে যদিও লেখকে মােৱামৰীয়া বিদ্ৰোহক আহােম ৰজাৰ স্বেচ্ছাচাৰিতা আৰু অত্যাচাৰৰ বিৰুদ্ধে সদৌ জনগণৰ বিদ্ৰোহ বুলি কৈছে, কাৰ্যত : কিন্তু জনতাৰ বিপ্লৱ বা বিদ্ৰোহ’লৈ লিখনিৰ তাক ৰূপান্তৰ কৰি দেখুৱাব পৰা নাই। কলিতাৰ শেষৰ উপন্যাস পৰিচ্য। এই গ্ৰন্থনি উপন্যাস হিচাপে সাৰ্থক হৈছে বুলি কব নােৱাৰি।
দণ্ডীনাথ কলিতাৰ উপন্যাসৰ চাৰিত্ৰসমূহ সততে টাইপ চৰিত্ৰ। সাধনা আৰু আৱিস্কাৰত সমাজৰ দোষ ত্ৰুটি আৰু সমস্যাৰ বিশ্লেষণ আছে। উৎকট আদৰ্শবাদী আৰু সংস্কাৰকামী মনােবৃত্তিয়ে তেওঁৰ উপন্যাসক কলাৰ স্বাভাৱিক বিকাশত সহায়ক নহৈ প্ৰতিবন্ধক হৈ পৰা যেনহে লাগে। কৃত্ৰিম পৰিস্থিতি আৰু দীৰ্ঘ আলােচনাই আখ্যানৰ ৰস আস্বাদনত ব্যাঘাত জন্মইছে। সেয়ে তেওঁৰ উপন্যাসৰাজি ৰসােত্তীৰ্ন হৈছে বুলি কব নােৱাৰি।
6. ‘অসমীয়া উপন্যাসে প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈৰ হাতত ‘- এই মন্তব্য বিচাৰ কৰি এটি আলচ যুগুত কৰা।
অথবাঃ ৰজনীকান্ত বৰদলৈক কিয় উপন্যাস সম্ৰাট বােলা হয় আলােচনা কৰা।।
অথবাঃ ৰজনীকান্ত বৰদলৈৰ উপন্যাস সম্পৰ্কে এটি টোকা লিখা।
উত্তৰঃ উপন্যাস সাহিত্যত পূৰ্ণাংগ উপন্যাসৰ সৃষ্টি হয় জোনাকী যুগত। ইয়াৰ আগতে যি কেইখন উপন্যাসধৰ্মী পুথি ৰচিত হৈছিল সেইকেইখনৰ মাজত উপন্যাসৰ জুমুঠিটো আছে সঁচা কিন্তু উপন্যাসৰ পূৰ্ণাংগ কলাত্মক ৰূপৰ অভাৱ এইবােৰত স্পষ্ট। ঊনবিংশ শতিকাৰ শেষ দশকত চাৰিখন উপন্যাস প্ৰকাশিত হয়। সেইকেইখন হৈছে পদ্মনাথ গােহাঞিবৰুৱাৰ। ‘ভানুমতী’ আৰু ‘লাহৰী, লক্ষীনাথ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’ আৰু ৰজনীকান্ত বৰদলৈৰ ‘মিৰিজীয়ৰী’। এইকেইখন উপন্যাস অনভিজ্ঞ লেখকৰ প্ৰথম স্তৰৰ ৰচনা বুলিয়েই উপন্যাসৰ কলাৰ ফালৰ পৰা। এইবােৰ ক্ৰটি শূণ্য নােহােৱাটো স্বাভাৱিক। তথাপি এই চাৰিখনৰ। ভিতৰত ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী নিঃসন্দেহে শ্ৰেষ্ঠতম ৰচনা বুলি কব পৰা যায়।
বৰদলৈয়ে মিৰিজীয়ৰীৰ পিছত আৰু সাতখন বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভেটি দৃঢ় ৰূপত প্ৰতিষ্ঠিত কৰি গল। বৰদলৈ ৰচিত এই উপন্যাসমূহত হ’ল – মিৰিজীয়ৰী (১৮৯৪), মনােমতী (১৯০১), ৰঙিলী (১৯২৫), ধাৰা-ৰুক্মিণী (১৯২৫), নিৰ্মল ভকত (১৯২৫), দলুৱা দ্ৰোহ (১৯২৮), ৰহদৈ লিগিৰী ( ১৯৩০) আৰু তাম্ৰেশ্বৰী মন্দিৰ (১৯২৬)। মিৰিজীয়ৰী বাদ দি বাকী সাতখন বুৰঞ্জীমূলক উপন্যাস। তদুপৰি মণিপুৰ সাধুৰ অনুদিত ৰূপ ‘খাম্বা – থুইবীৰ সাধুও ১৯৩২ চনত প্ৰকাশিত হয়। অসমীয়া উপন্যাস সাহিত্যলৈ বৰদলৈৰ এই বিশিষ্ট অৱদানৰ বাবে তেওঁক ‘উপন্যাস সম্ৰাট বুলি অভিহিত কৰা হয়। যিটো সময়ত কলামােদীসকলে অসমীয়া উপন্যাসৰ ৰসাস্বাদন কৰাৰ সুবিধা পােৱা নাছিল আৰু যিটো সময়ত সামাজিক জীৱনৰ স্থৈৰ্য্য আৰু বৈচিত্ৰ্যহীনতাই উপন্যাস ৰচনাৰ বাট ৰুদ্ধ কৰা বুলি ভবা হৈছিল সেই সময়ত এখনৰ পিছত এখনকৈ নখন উপন্যাস ৰচনা কৰা বৰদলৈদেৱে এই সন্মানৰ যােগ্য অধিকাৰী।
মিৰিজীয়ৰী বৰদলৈদেৱৰ প্ৰথম উপন্যাস। মিৰিজীয়ৰী এনে এটা সময়ত ৰচিত হৈছিল যি সময়ত অসমীয়া উপন্যাসৰ পুলিটো মাত্ৰ। ৰােপন কৰা হৈছিল, পল্লৱিত হােৱা নাছিল। যি সময়ত জনজাতীয় জীৱনৰ সহানুভূতিপূৰ্ণ অধ্যয়নৰ ভেটিত কাহিনী ৰচনাৰ প্ৰচেষ্টা এক প্ৰকাৰৰ অভাৱনীয় আছিল। মিৰি জিয়েৰী প্ৰণ্যৰ ট্ৰেজেডি। উপন্যাসখিনিৰ কাহিনী সৰল। পিতৃ – মাতৃৰ অজ্ঞাত প্ৰণ্য – পাশত আবদ্ধ হােৱা যুৱক – যুৱতী নিজ পিতৃ – মাতৃয়েই ডাঙৰ অন্তৰায় তাৰে এশ – এটা নিদৰ্শনৰ ভিতৰতে ইও এটা। মিৰিজীয়ৰী প্ৰথম অসমীয়া আঞ্চলিক উপন্যাস। মিৰিজিয়ৰীৰ বাদে বৰদলৈৰ আন সকলােবােৰ উপন্যাসেই বুৰঞ্জীমূলক। মিৰিজ্যিৰীৰ পিছত সামাজিক উপন্যাসৰ ক্ষেত্ৰ পৰিহাৰ কৰি বৰদলৈয়ে ঘটনা বৈচিত্ৰৰ বাবে অসমৰ অতীত। জগতত প্ৰৱেশ কৰিলে।
বুৰঞ্জীৰ কাহিনীৰ উপন্যাস ৰচনা কৰাৰ তেওঁ কেইবাটাও উদ্দেশ্য আছিল – সেই উদ্দেশ্যবােৰ হ’ল—
১। অতীতৰ অসমীয়া জাতিৰ সাহস, শৌৰ্য্য – বীৰ্য্যৰ নিদৰ্শন দাঙি ধৰি সমসাময়িক মুমূৰ্ষ ভীৰু অসমীয়াৰ প্ৰাণত দেখান্তবােধ জগাই মৃত প্ৰায় প্ৰাণত আদৰ্শ সঞ্জীৱনী ঢলা।
২। এসময়ৰ স্বাধীনতিটিয়া বীৰ অসমীয়া জাতিৰ স্বাধীনতা লুপ্ত হােৱাৰ কাৰণ নিৰ্দেশ কৰা৷
৩। ইংৰাজৰ ৰাজস্ব পতনৰ অব্যৱহৃত পূৰ্বৱৰ্তী অসমীয়া সমাজৰ ৰীতি-নীতি, ধৰ্ম সংস্কাৰ, আচাৰ বিচাৰ, ৰাজ্যিক আৰু সামাজিক ব্যৱস্থা আদিৰ চিত্ৰ দাঙি ধৰা। আৰু।
৪। ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰবাহিত জীৱনৰ চিৰন্তন সহজাত প্ৰবৃত্তিবােৰৰ ক্ৰিয়া – প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা।
বৰদলৈদেৱে বুৰঞ্জীৰ ঘটনাৱলী উপন্যাসসমূহত তিনিধৰণে প্ৰয়োগ কৰিছে। সেই দিশৰ পৰা তেওঁৰ বুৰঞ্জীমূলক উপন্যাসসমূহৰ তিনিটা শ্ৰেণী লক্ষ্য কৰা যায়—
১। বুৰঞ্জীৰ ঘটনাৱলী আৰু পাত্ৰ – পাত্ৰীয়ে যি কাহিনীৰ উপজীৱ।
২। বুৰঞ্জীৰ যত নায়ক নায়িকাৰ জীৱন তৰীৰ অগ্ৰগতিৰ জলস্ৰোতস্বৰূপ।।
৩। বুৰঞ্জীৰ ঘটনাৱলী যত নায়ক নায়িকাৰ জীৱন ভৰিৰ অগ্ৰগতিৰ
অনুকূল বায়ুস্বৰূপ। প্ৰথম শ্ৰেণীত ‘ দন্দুৱা – দ্ৰোহ’ আৰু ‘ ৰাধা ৰুক্মিণী’, দ্বিতীয় শ্ৰেণীত ‘মনােমতী’,’ ৰঙিলী’, ‘নিৰ্মল ভকত’ আৰু তৃতীয় শ্ৰেণীত ‘ তাম্ৰেশ্বৰী মন্দিৰ’ আৰু ‘ ৰহদৈ লিগিৰী’ ক অন্তৰ্ভুক্ত কৰিব পৰা যায়।
বৰদলৈৰ উপন্যাসৰ কিছুমান সাধাৰণ বৈশিষ্ট লক্ষ্য কৰা যায়। কাহিনী বিন্যাসত প্ৰেমৰ সংযােগ কেউখন উপন্যাসতে লক্ষ কৰা যায়। প্ৰেমৰ আকৰ্ষণ – বিকৰ্ষণ প্ৰদৰ্শন কৰোঁতে তেওঁ সততে সামাজিক বন্ধন আৰু পৰম্পৰাগত প্ৰথাৰ প্ৰতি সচেতন। কাহিনীৰ সংঘাত সৃষ্টি কৰাৰ ক্ষেত্ৰত বৰদলৈদেৱে ৰাজনৈতিক বিপৰ্যয়,নায়ক নায়িকাৰ পিতৃ মাতৃৰ বিৰােধ আৰু তেওঁলােকৰ মাজত থকা পুৰণি শত্ৰুতাকে গ্ৰহণ কৰিছে। উপন্যাসসমূহৰ অধিকাংশই নায়িকাপ্ৰধান। পুৰুষ চৰিত্ৰসমূহ নাৰী চৰিত্ৰ সমূহৰ তুলনাত নিষ্প্ৰভ। উপন্যাসৰাজিত অতি প্ৰকৃত বা অলৌকিক উপাদানৰ প্ৰয়োগেৰে কাহিনী আগবঢ়াই নিৰ প্ৰচেষ্টা লক্ষ কৰা যায়। উপন্যাসৰ কাহিনীসমূহত ৰাজনৈতিক ঘটনাৱলীৰ লগে লগে সামাজিক ৰীতি নীতি, ধৰ্ম বিশ্বাস আৰু আচৰণ সংযােগ কৰি কাহিনীৰ কলেবৰ পুষ্ট লক্ষ্য কৰা যায়।
বৰদলৈৰ উপন্যাসৰাজিত ইংৰাজ ঔপন্যাসিক ৱাল্টাৰ স্কটৰ প্ৰভাৱ স্পষ্ট। স্কটৰ উপৰি বৰদলৈৰ ঔপন্যাসিক চেতনা গঢ় দিয়াত ঊনবিংশ শতিকাৰ কেইবাগৰাকীও বিদেশী কথা শিল্পৰ অনুপ্ৰেৰনাও লক্ষ্য কৰা। যায়। এইক্ষেত্ৰত মেৰী কেলেৰী, ভিক্টৰ হিউগ, আলেকজেণ্ডাৰ ডুমা, চাৰ্লছ দিকেন্স, থেকাৰে আদি যােৱা শতিকাৰ খ্যাতনামা কাহিনীকাৰসকলৰ প্ৰত্যক্ষ বা পৰােক্ষ প্ৰভাৱ অনুমান কৰিব পাৰি।
7. অসমীয়া উপন্যাস সাহিত্যলৈ দৈৱচন্দ্ৰ তালুকদাৰৰ অৱদানৰ বিষয়ে এটি আলচ যুগুত কৰা।
অথবাঃ ঔপন্যাসিক হিচাপে দৈৱচন্দ্ৰ তালুকদাৰৰ এটি চমু পৰিচয় দিয়া।
উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ পিছত অসমীয়া ঔপন্যাসিক সকলৰ ভিতৰত দৈৱচন্দ্ৰ তালুকদাৰাে অন্যতম। দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাস ছথন, সেইকেইখন হ’ল – ধুৱলী – কুঁৱলী, অপূৰ্ণ, আগ্নেয়গিৰি। বিদ্ৰোহ, আদৰ্শপীঠ আৰু দুনীয়া। দৈৱচন্দ্ৰ তালুকদাৰৰ উদ্ভাৱৰ সময়ছােৱাত জাতীয় জাগৰণ আৰু স্বাধীনতা আন্দোলনৰ সম্য, গতিকে সমাজ সংস্থাৰৰ আদৰ্শই আৰু জাতীয় উন্নতিৰ পৰিকল্পনাই আনসকল লেখকৰ দৰে দৈৱচন্দ্ৰ তালুকদাৰকো অনুপ্ৰাণিত কৰিছিল। দৈৱচন্দ্ৰ তালুকদাৰে তেওঁৰ উপন্যাসৰাজিৰ জৰিয়তে সমাজৰ আৱৰ্জনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে আৰু সংস্কাৰ অটো উন্নতিৰ পৰিকল্পনাও উপন্যাসৰ যােগেদি দাঙি ধৰিছে।
তেওঁৰ প্ৰথম উপন্যাস ধুৱলী কুঁৱলী ছাত্ৰ অৱস্থাৰ ৰচনা। কাহিনীটোত চপল কল্পনাৰ প্ৰগাঢ় অনুলেপন আছে। ডেকা বয়সৰ ৰােমান্টিক ভাব কল্পনাৰ স্বাক্ষৰ ইয়াত বৰ্তমান। দ্বিতীয় উপন্যাস আগ্নেয়গিৰিত বিধৱাৰ সমস্যা দাঙি ধৰা হৈছে। কাহিনীটোত বিশেষ অভিনৱত্ব বা জটিলতা নাই। এইখন উপন্যাসৰে দ্বিতীয় খণ্ড হ’ল বিদ্ৰোহী। এইখনি উপন্যাসৰ চৰিত্ৰবােৰ লেখকৰ আদৰ্শবাদৰ পুতলা হৈ পৰিছে।
দৈৱচন্দ্ৰ তালুকদাৰৰ চতুৰ্থ উপন্যাস – অপূৰ্ব অসহযােগ আন্দোলনৰ সমযৰ ৰচনা। মাদক দ্ৰব্য আৰু বিদেশী বস্তু বৰ্জন, স্বাৱলম্বিতাৰ চেষ্টা, প্ৰচলিত শিক্ষানীতিৰ সমালােচনা, পাশ্চাত্য ধৰণ কৰণৰ নিৰৰ্থক। অনুকৰণৰ প্ৰতি হয়ে দৃষ্টি, প্ৰাচীন ভাৰতীয় জীৱনাদৰ্শত পুনৰ আস্থা আদি গান্ধীবাদী আদৰ্শৰ প্ৰতিফলন এই উপন্যাসত লক্ষ্য কৰা যায়। অৱশ্যে উপন্যাসখনিৰ কাহিনীৰ গঠনত কিছু পৰিমাণে কৃত্ৰিম হৈছে। তেওঁৰ পঞ্চম উপন্যাস ‘আদৰ্শপীঠ’ আৱাহন কাকতত ছােৱা ছােৱাকৈ প্ৰচাৰিত হৈছিল ; গ্ৰন্থৰূপত এতিয়াও প্ৰকাশ হােৱা নাই। এজন আদৰ্শবাদী যুৱকৰ সংস্কাৰ প্ৰচেষ্টা আৰু স্বাৱলম্বী উদ্যোগৰ শােকাৱহ পৰিণতি উপন্যাসখনিত দেখুৱাবৰ প্ৰয়াস কৰা হৈছে।
উপন্যাসখনিৰ কাহিনীভাগ কিছু দুৰ্বল। দৈৱচন্দ্ৰ তালুকদাৰৰ শেহতীয়া উপন্যাস। ‘দুনীয়া’। লেখকৰ পৌঢ় ব্যসৰ ৰচনা হ’লেও শিল্প সৌন্দৰ্যৰ দিশত এইখিনি উপন্যাসে বিশেষ আগবঢ়া বুলি কব নােৱাৰি। পূৰ্বৰ উপন্যাসকেইখনৰ দৰে আদৰ্শসন্ধানী ভাৱবিলাসী নায়কৰ বক্তৃতাধৰ্মী সমাজ সমালােচনা আৰু মন্তব্যৰ এইখন উপন্যাসাে ভাৰাক্ৰান্ত। উপন্যাসখনিৰ কাহিনী বিক্ষিপ্ত আৰু পৰিসমাপ্তি কৃত্ৰিম।
মুঠতে দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসকেইখনিত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজ সংস্কাৰৰ মনােভাব অতি প্ৰবল। উপন্যাসকেইথনি অপ্ৰয়ােজনীয় বৰ্ণনা আৰু পৰিস্থিতিৰে পৰিপূৰ্ণ আৰু সেই কাৰণেই আখ্যান ৰচনাত। শিথিলতা লক্ষ্য কৰা যায়। তেওঁৰ উপন্যাসত সমাজৰ এশ এটা সমস্যাই মূৰ দাঙি উঠিছে আৰু এনে সমস্যাৰ মেৰপাকত উপন্যাস কলাই বিস্তাৰ লাভ কৰিব পৰা নাই। তথাপি সমসাময়িক সামাজিক সমস্যাক উপন্যাসৰ মাধ্যমেৰে প্ৰতিফলিত কৰি এহাতে পাঠকক সাহিত্যৰ আস্বাদ দান কৰাত আৰু আনহাতে সামাজিক চৈতন্য হাজিৰ কৰাত দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসকেইথনে কিছু পৰিমানে বৰঙণি নােযােগােৱাকৈ থকা নাই।