ধৰ ঝাড়ু ধৰ ভাই | Chapter 14 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 14 Notes | SEBA Class 10 HSLC Assamese Chapter 14 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই | HSLC Assamese Questions and Answers Assam


ধৰ ঝাড়ু ধৰ ভাই
(অম্বিকাগিৰী ৰায়চৌধুৰী)

Very Short Type Questions and Answers (Marks : 1)

1. অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

2. ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ’ কিহেৰে পােত থাই আছে বুলি কবিযে কৈছে?
উত্তৰঃ ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ’ কত যুগৰ ভূহৰ পৰি ‘পােত খাই আছে বুলি কবিয়ে কৈছে।

3. আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিযে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উত্তৰঃ আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিযে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

4. কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উত্তৰঃ কবিযে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে।

Short Type Questions and Answers (Marks : 2/3)

1. তলত দিয়া যুৰীয়া শব্দৰবাৰেৰে একোটিকৈ বাক্য ৰচনা কৰা।
(ক) হীনে – ঘিণে
(খ) ধাৰে – ঋণে
(গ) ঘৃণা – ঘৃণি
(ঘ) জাহি – জাবৰ
(ঙ) সাৰি – পুছি
(চ) মলি মামৰ

উত্তৰঃ (ক) হীনে-ঘিণেঃ সমাজত হীনে-ঘিণে জীয়াই থকাটো নিষ্ফল জীৱন।
(খ) ধাৰে-ঋণেঃ গােটেই জীৱনটো ধাৰে – ঋণে চলিব নালাগে।
(গ) ঘৃণা-ঘৃণিঃ মানুহৰ মাজত থকা ঘূণা-ঘৃণিযে অশান্তি সৃষ্টি কৰে।
(ঘ) জাহি-জাবৰঃ জাহি-জাবৰবােৰ সাৰি-পুছি পৰিষ্কাৰ কৰিলেহে মনত শান্তি পােবা যায়।
(ঙ) সাৰি-পুছিঃ লেতেৰাবােৰ সাৰি-পুছি থাকিলেহে ঠাই পৰিষ্কাৰ হৈ থাকে।
(চ) মলি-মামৰঃ হিংসা – দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ-ভেম আদি সমাজৰ মলি, মামৰ স্বৰূপ

2. তলৰ শব্দবােৰত মূৰ্ধন্য ‘ণ’ হােৱাৰ কাৰণ দৰ্শোৱা।
(ক) সােণ
(খ) ঘৃণা
(গ) ঋণ

উত্তৰঃ (ক) সােণ– সােণ শব্দত স্বাভাৱিকতে মূৰ্ধন্য ‘ণ’ হয়।
(খ) ঘৃণা – ‘ঋ’ ৰ পাছত বহা ‘ন’ মূৰ্ধন্য ‘ণ’ হয়।
(গ) ঋণ – ‘ঋ’ ৰ পাছত বহা ‘ন’ মূৰ্ধন্য ‘ণ’ হ্য।

3. বিপৰীত শব্দ লিখা।
(ক) ঘৃণা
(খ) স্বাৰ্থ
(গ) জীৱন
(ঘ) বীৰ

READ MORE  বৰগীত | Chapter 1 | Class 10 Assamese - SEBA

উত্তৰঃ

শব্দবিপৰীত শব্দ
ঘৃণামৰম
স্বাৰ্থনিস্বাৰ্থ, উদাৰ
জীৱনমৰণ
বীৰভীৰু

4. শব্দাৰ্থ আৰু টোকা।
উত্তৰঃ কাজল ছাইঃ কলংক, পৰাধীনতা, কালিমা, ক’লা চিন।

সােণৰ চোতালঃ সােণ অতি মূল্যৱান উজ্জ্বল ধাতু। সােণৰ দৰেই মূল্যৱান চোতাল এখন, যিখন ঐতিহ্যৰে ভৰপূৰ।

যুগৰ ভুহুৰঃ বিভিন্ন সময়়ত তৰপে তৰপে গােটখাই থকা ভেহনি – অৰ্থাৎ বহুত দিন ধৰি গােট খাই থকা জাবৰ – সোঁথৰ, মলি ইত্যাদি।

গােলামিঃ অধীনত থকা, আনৰ তলত থকা, য’ত নিজৰ কোনাে ধৰণৰ স্বাধীনতা নাথাকে।

সাতামপুৰুষীয়াঃ সু- প্ৰাচীন, বহু পুৰুষৰ পৰা চলি অহা।

হিংসা – দ্বেষঃ পৰস্পৰৰ প্ৰতি থকা হিংসাৰ ভাব, খিলা – খিলি।

চুকে-কোনেঃ অতি ভিতৰুৱা ঠাইত, সকলাে ঠাইতে।

এৱেঃ এত্যি।

ঝাড়ুদাৰঃ যিযে ঝাড়ু মাৰে।

স্বাৰ্থঃ একমাত্ৰ নিজৰ কাৰণে কৰা চিন্তা।

মনােহৰঃ মন হৰণ কৰিব পৰা, সুন্দৰ।

Long Type Questions and Answers (Marks : 4)

1. ‘হ’ল এৱে তােৰ সময়় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।’ —ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হােৱাৰ সম্য হ’লহি বুলি সকীয়াই দিছে?
উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীযে ব্ৰিটিছৰ গােলামী কৰি ‘ধাৰে – ঋণে জীৱন দিযে’ হিনে – ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত ‘হিংসা – দ্বেষৰ, ভেদাভেদৰ, ঘৃণা – ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল – ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি ‘পােত খালে, মুথত ‘কাজল – ছাই’ পৰিল। এইবােৰ সাৰি – পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সম্য হ’লহি বুলি কবিযে সকলােকে সকীয়াই দিছে। নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীযে গােলামি কৰি দুৰ্বিসহ জীৱন কটাব লাগিব।

2. ‘নহ’লে যে বিশ্বসভাত
নহ’ব তােৰ বহাৰ ঠাই। ” —বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিযে কি কৰিবলৈ নিৰ্দেশ দিছে?
উত্তৰঃ কবিতাটি ৰচনাৰ সময়়ত ভাৰতবৰ্য ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ পায়। সেযে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব, হিংসা – দ্বেষৰ ভেদাভেদৰ, ঘৃণা – ঘৃণিৰ, স্বাৰ্থ – ভেমৰ মলি – মামৰবােৰ আঁতৰাই ৰীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনােহৰ কৰিব পাৰিলেহে ভাৰতবাসীযে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিযে সকীয়াই দিছে।

3. ‘ধৰ ঝাড়ু ধৰ ভাই’ – কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই ‘ কবিতাটি ৰচনাৰ সময়়ত তেওঁ দেশৰ স্বাধণীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্ৰম কাৰাবাস থাটিব লগীয়া হৈছিল। তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ। পায়খানা আদি সাৰি – পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা – দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা – ঘৃণিৰ, ভেম – অহংকাৰৰ যিবােৰ মলি – মামৰ গােট খালে তাক সকলােৱে মিলিজুলি, সাৰি – পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে।

READ MORE  অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | Chapter 8 | Class 10 Assamese - SEBA

তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব, বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব। সেযে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিযে আহ্বান জনাইছে।

4. হিংসা – দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা – ঘৃণিৰ, স্বাৰ্থভেমৰ কত যে কি মলি – মামৰ ভৰি জাতিৰ জীৱন যায়। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ বচিত ‘ধৰ ঝাড়ু ধৰ ভাই কবিতাটিৰ অন্তৰ্গত।

প্ৰসংগঃ দেশপ্ৰেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন – গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে।

ব্যাখ্যাঃ বহু বছৰ ধৰি ব্ৰিটিছৰ গােলামী কৰি ভাৰতৰ জন – গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা – দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা – ঘৃণিৰ, স্বাৰ্থপৰতা, ভেম – অহংকাৰ আদি কদৰ্য মলি স্বৰূপ আবৰণে গােটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে। জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। সেযে এইবােৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিযে সকলােকে আহ্বান জনাইছে।

5. ‘ধৰ ঝাড়ু ধৰ ভাই! আৰু চাবৰ সম্য নাই চাই থাকোঁতে মুথত কেৱল ভৰিল কাজল ছাই।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি অন্তৰ্গত।

প্ৰসংগঃ পৰাধীনতাৰ কৱলত পৰি হিংসা – দ্বেষৰ, ভেদা-ভেদ আদিৰ মলি – মামৰে কদৰ্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ কবিযে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা – দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা – ঋণিৰ, স্বাৰ্থ – ভেমৰ মলি – মামৰেৰে নিজেই ডুব গৈছে। দেশ – জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা। এই অৱস্থা চাই থাকিও যেন জন – গণৰ জ্ঞান অহা নাই; মুখত ‘কাজল – ছাই’ পৰা মানুহৰ দৰে নিবােকা হৈ চাই আছে। এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময়় নাই। ঝাড়ুৰে। অপৰিষ্কাৰ ঠাই সাৰি – মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ – বেশেৰে সকলােৱে ওলাই আহি আমাৰ মাজত থকা হিংসা – দ্বেষ, ভেদা-ভেদ, ঘৃণা – ঘৃণি মিছা ভেম অহংকাৰবােৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলােকে সকীয়াই দিছে।

READ MORE  অৰণ্যযাত্ৰা | Chapter 11 | Class 10 Assamese - SEBA

6. ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।
উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰী এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয়। তেওঁ বিপ্লৱ কৰিছিল স্বদেশ প্ৰেমত বলিযান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে। এই বিপ্লৱী ভাব তথা স্বদেশ প্ৰেমৰ ভাব তেওঁৰ প্ৰায়বােৰ কবিতা, লিখনিৰ আৰু কাৰ্য-কৰণৰ মাজেৰে পৰিস্ফুট হৈ আহিছে। তেওঁৰ তেনে এটি কবিতা হ’ল ধৰ ঝাড়ু ধৰ ভাই’। স্বদেশ প্ৰেমৰ কাৰণে হক কথা কওঁতে, কাম কৰোঁতে তেওঁ সশ্ৰম কাৰাবাস খাটিব লগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়়ত পায়খানা আদি ঝাডুধৰি সাৰি -পুছি পৰিষ্কাৰ কৰিব লগীয়া হােৱা অৱস্থাতেই তেওঁৰ এই কবিতাটিৰ সৃষ্টি হৈছিল। এই কথাৰ পৰাই বুজিব পাৰি কবিতাটিত স্বদেশ প্ৰেমৰ সুন্দৰ ভাব – ৰাশি নিহিত হৈ আছে।

ঝাডুৰে মলি-মামৰ, সাৰি-পুছি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কৱলত থকা নজৰ দেশখনকো হিংসা – দ্বেষ, ভেদা-ভেদ, ঘৃণা – ঘৃণি, ভেম – অহংকাৰ আদিৰ মলি – মামৰবােৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতেই আহ্বান জনাইছে। ধৰ ঝাড়ু ধৰ ভাই। আৰু চাবৰ সময়় নাই— চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল – ছাই। স্বদেশৰ এনে দুৰ্গতি, ধ্বংসলীলা কবিযে আৰু চাই থাকিব নােৱৰা হৈছে। অজ্ঞান আন্ধাৰত ডুব গৈ এনেদৰে চাই থাকোতেই চাৰিওফালে যেন স্বদেশৰ, স্বদেশবাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে। এসময়ৰ গৌৰৱম্য ভাৰত আজি নিঃস্ব, নিঃশেষ হ’বলৈ ধৰিছে।

তেওঁ খেদ কৰি কৈছে – সাতাম পুৰুষৰ। আহা! সােণৰ চোতাল – ঘৰ ক’ত যুগৰ ভূহৰ পৰি আছে যে পােত খাই। সেই কাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলাে প্ৰকাৰৰ হিংসা দ্বেষৰ, ভেদা-ভেদ, ঘৃণা – ঘৃণিৰ, স্বাৰ্থ ভেমৰ ভাব পাহৰি একগােট হৈ নিজৰ দেশ, জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠেৰে আহ্বান জনাইছে বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ জাতিৰ জীৱন কৰ মনােহৰ তেতিয়াহে ভাৰতবাসীযে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব। ইয়াৰ ব্যতিক্ৰম হলেই আমাৰ বিপদ নহ’লে যে বিশ্বসভাত নহ’ব তােৰ বহাৰ ঠাই-বুলি সকীয়াই দিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top