ভাৰতীয় সংস্কৃতি | Chapter 7 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 7 Notes | SEBA Class 10 HSLC Assamese Chapter 7 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি | HSLC Assamese Questions and Answers Assam


ভাৰতীয় সংস্কৃতি
(হেম বৰুবা)

Very Short Type Questions and Answers (Marks : 1)

1. ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰঃ ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

2. ফ্ৰম ভগা টু গংগা কাৰ ৰচনা?
উত্তৰঃ ফ্ৰম ভঙ্গা টু গংগা’ পণ্ডিত ৰাছুল সংস্কৃতায়নৰ ৰচনা।

3. সৰ্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ক কি আখ্যা দিছে?
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালীয়দমন’ক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে।

4. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উত্তৰঃ প্ৰকৃতপক্ষে বৌদ্ধধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

5. শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
উত্তৰঃ প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰােৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰােৰে সাংস্কৃতিক সম্পদ।

6. ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰঃ গঠনৰ সৰলতা আৰু সূক্ষমতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ।

7. অজন্তাৰ ছবিবােৰত প্ৰকাশ পােৱা ভাববস্তু দুটা কি কি?
উত্তৰঃ অজন্তাৰ ছবিবােৰত প্ৰকাশ পােৱা ভাববস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

8. গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?
উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে।

9. সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে?
উত্তৰঃ সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বােলা হৈছে।

10. হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্ৰন্থখন হ’ল ‘The Red River and the Blue Hill”।

11. আৰ্যসকলৰ আদিম বাসভূমি ক’ত?
উত্তৰঃ আৰ্যসকলৰ আদিম বাসভূমি মধ্য এছিয়াত।

12. ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ সমন্বয়ৰ সংস্কৃতি।

13. মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ কি?
উত্তৰঃ মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ ধ্যানস্থ শিৱৰ কল্পনা।

14. সংস্কৃতিৰ অৰ্থ কি?
উত্তৰঃ সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।

15. ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উত্তৰঃ ভাৰতীয় জীৱনৰ মূল সম্পদ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা।

16. কোনে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল?
উত্তৰঃ গ্ৰীকসকলে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল।

17. সংস্কৃতিৰ মাপকাঠী কি?
উত্তৰঃ ভাষা, সাহিত্য, দৰ্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত প্ৰকাশিত প্ৰতিভাই সংস্কৃতিৰ মাপকাঠী।

18. হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?
উত্তৰঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনাৰ্য যুগৰ অৱদান।

19. চুফীবাদৰ মূল আধাৰ কি?
উত্তৰঃ চুফীবাদৰ মূল আধাৰ কোৰাণ।

20. লিংগ পূজা কোন যুগৰ নিদৰ্শন?
উত্তৰঃ লিংগ পূজা অনাৰ্য যুগৰ নিদৰ্শন।

21. কামাখ্যাত আগেয়ে কোন সম্প্ৰদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল?
উত্তৰঃ কামাখ্যাত আগেয়ে গাৰাে সম্প্ৰদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল।

22. ব্যক্তিবাদী চিত্ৰকলাৰ লক্ষ্য কি?
উত্তৰঃ ব্যক্তিৰ জীৱন প্ৰকাশ কৰাই ব্যক্তিবাদী চিত্ৰকলাৰ লক্ষ্য।

23. কাৰ আমােলত ভাৰতীয় সাহিত্যৰ বৈচিত্ৰ্য বাঢ়িছিল?
উত্তৰঃ বৃটিছৰ আমােলত ভাৰতীয় সাহিত্যৰ বৈচিত্ৰ্য বাঢ়িছিল।

24. কাঞ্জিভৰামৰ মন্দিৰত কিমানটা শুম্ভ আছে?
উত্তৰঃ কাঞ্জিভৰামৰ মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে।

Short Type Questions and Answers (Marks : 2)

1. একালৰ অনাৰ্য্য কামাখ্যা কেনেদৰে আৰ্যৰ আৰাধ্য দেৱী হৈ উঠিল?
উত্তৰঃ ভাৰতীয় সংস্কৃতি আৰ্য-অনাৰ্যৰ এক সংমিশ্ৰিত সংস্কৃতি। শিৱ হ’ল-অনাৰ্যসকলৰ উপাস্য দেৱতা। আনহাতে, পাৰ্বতী আৰ্য সমাজৰ জীয়ৰী। শিৱক অনাৰ্য বাবেই দক্ষযজ্ঞত স্থান দিয়া হােৱা নাছিল। তেনেদৰে অনাৰ্য কামাখ্যা দেৱীকে পূজা কৰিবলৈ ললে, তাৰ পিছতেই কোচ ৰজাৰ ৰাজত্ব কালত ব্ৰাহ্মণসকলে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে কামাখ্যা দেৱীক পূজা কৰিবলৈ লয়। এনেদৰেই কামাখ্যা দেৱী আৰ্যৰ আৰাধ্য দেৱী হিচাপে অধিষ্ঠিত হ’ল।

2. উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰঃ উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাবৰ সংযােগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰ বস্তুৰ ওপৰত লােক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে।

3. উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ উত্তৰ ভাৰতীয় ভাষ্কৰ্যত সমন্বয় দেখা যায়। এই ভাষ্কৰ্যত বক্ৰ আৰু বৃত্ত ৰেখাৰ ব্যৱহাৰ অধিক। উত্তৰ ভাৰতীয় ভাষ্কৰ্যত ইছলামীয় ভাষ্কৰ্যৰ যথেষ্ট প্ৰভাৱ দেখা যায়। গঠনৰ সৰলতা আৰু সক্ষমতা এই ধৰণৰ ভাষ্কৰ্যৰ বৈশিষ্ট্য। জ্যামিতিৰ ছবিৰ সৰলতা ইয়াতে দেখা যায়। ইছলামীয় ভাষ্কৰ্যৰ গঢ়-গঠনৰ লগত সংমিশ্ৰণ ঘটি উত্তৰ ভাৰতীয় ভাষ্কৰ্যত নতুন কাৰুকাৰ্য খােদিত হৈছে। তাজমহল, ফটেহপুৰ চিক্ৰি, ইচমৎদৌল্লাৰ আদি এনে কাৰুকাৰ্য খােদিত উত্তৰ ভাৰতীয় ভাষ্কৰ্যৰ আহি।

4. সন্ধি ভাঙা।
—সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সুলত।
উত্তৰঃ

সংস্কৃতি = স + কৃতি
সমন্বয় = সম্ + অন্বয়
সম্বন্ধ = সম + বন্ধ।
ভাৰাক্ৰান্ত =ভাৰ + আক্ৰান্ত
সন্মত = স + মত

Long Type Questions and Answers (Marks : 4/5)

1. হেম বৰুৱাৰ সাহিত্যচৰ্চা সম্পৰ্কে পচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
উত্তৰঃ অসমীয়া সাহিত্যৰ বিশিষ্ট কবি, প্ৰবন্ধকাৰ, সমালােচক আৰু ভ্ৰমণ কাহিনীৰ লেখক। হেম বৰুৱাদেৱেবহুতাে পুথিৰচনা কৰিছিল। বৰুৱাদেৱৰ পুথিসমূহৰ ভিতৰত আধুনিক এ সাহিত্য’, ‘সাগৰ দেখিছা’, সানমিহলি’,ৰঙা কৰবীৰ ফুল’, কিউপিড আৰু ছাইকী, ‘বালিচন্দা’, ‘এই গাঁও এই গীত, কন্নকী’, ‘মেকং নৈ দেখিলাে’, ইজৰাইল’, ‘স্মৃতিৰ – পাপৰি’ ইত্যাদি উল্লেখযােগ্য। ইয়াৰ উপৰি তেখেতে ‘The Red River and the Blue Hill” নামৰ ইংৰাজী গ্ৰন্থখনাে ৰচনা কৰিছিল। পছােৱা’ নামৰ মাহেকীয়া আলােচনীখনৰ তেখেতে সম্পাদকৰ দায়িত্বও বহন কৰিছিল।

2. অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ যিবােৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসত যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ’ল— চিত্ৰশিল্প। এই চিত্ৰবােৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ ছবিবােৰত মূলতঃ দুটা ভাববস্তু প্ৰকাশ পাইছে। এটা হ’ল সন্ন্যাস জীৱন আৰু আনটো হ’ল সমূহীয়া জীৱন। দুয়ােবিধ ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবােৰ জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ। এইবােৰত শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন প্ৰতিফলিত হৈ উঠিছে! আনহাতে প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা প্ৰতিফলিত হৈছে।

ভাববস্তুৰ ফালৰ পৰা দুয়ােবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হােৱা নাই! জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তি এই ছবিবােৰত আছে। দুয়ােবিধ ছবিতে পুৰুষ, মহিলা, শিশুক বিভিন্ন ভংগিমাত একে ঠাইতে অংকন কৰা হৈছে। ইয়াত শিল্পজগত আৰু বাস্তৱ জীৱনৰ এক সুন্দৰ সমন্বয় স্থাপন হৈছে। এইটোৱেই হ’ল অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।

READ MORE  অৰণ্যযাত্ৰা | Chapter 11 | Class 10 Assamese - SEBA

3. মােগল সম্ৰাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰঃ মােগল সম্ৰাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ ধাৰাটে আছিল প্ৰচুৰ ব্যক্তিবােধ। এই চিত্ৰকলাৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ ইয়াৰ জন্ম হৈছিল টাইমূৰ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত, গতিকে এই চিত্ৰকলাৰ ধাৰাটো যুগৰ অনুসৰি কঠোৰ আৰু ব্যক্তিবাদী হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতাৰ পৰিৱৰ্তে বিপুল উৎসাহ-উদ্দীপনা তথা প্ৰেৰণাহে আছিল।

ব্যক্তিবাদে এই ধাৰাটোৰ জৰিয়তে সাময়িকভাৱে হ’লেও চিত্ৰ-শিল্পত ইংগিত বা সংকেতৰ স্থান প্ৰায় নােহােৱা কৰিছিল। বাবৰৰ আমােলত বাহিৰৰ সুস্থ ব্যক্তিবাদী। চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু দুয়ােটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

4. “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি” নামৰ প্ৰৱন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে আলােচনা কৰিবলৈ গৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে।

ব্যাখ্যাঃ ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি। ভাৰতৰ ভৌগােলিক গঠন সকলাে ঠাইতে একে নহয়। সেয়ে ইয়াৰ সংস্কৃতিও ভিন ভিন। মূল নদী এখনৰ সোঁতক যিদৰে উপনৈসমূহে পৰিপুষ্টি দান কৰে, তেনেদৰে মূল ভাৰতীয় সংস্কৃতিৰ ধাৰাকো বিভিন্ন জাতি-উপজাতিৰ সংস্কৃতিয়ে পৰিপুষ্টি দান কৰিছে। অতীজৰে পৰা বৰ্তমানলৈ ভাৰতলৈ বিভিন্ন বহিৰাগতৰ প্ৰব্ৰজন ঘটি আছে। উদাহৰণস্বৰূপে ক’ব পাৰি যে এঘাৰশ শতিকাৰ আগেয়ে এছিয়া, ইউৰােপ, আফগানিস্তান, ব্ৰহ্মদেশ, কম্বােদিয়া, ইণ্ডোনেছিয়া আদি ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল। এওঁলােকৰ সাংস্কৃতিক বিনিময়ৰ যােগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশালতা লাভ কৰে।

ইয়াৰ অবিচ্ছিন্ন ধাৰা ভাৰতীয় জীৱনৰ মূল সম্পদ। আৰ্যসকলৰ প্ৰচেষ্টাত একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ-পূৰ্ব এছিয়ালৈকে স্পৰ্শ কৰিছিল। ভাৰতৰ শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শােভাই এ ভাৰতীয় জীৱনৰ সংস্কৃতিৰ এই অবিচ্ছিন্ন প্ৰবাহক যুগে যুগে আহ্বান জনাই আছে।

5. “ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ বিভিন্ন উত্থান-পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকা প্ৰসংগত লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছে।

ব্যাখ্যাঃ ভাৰত হ’ল সপ্ত সিন্ধুৰ দেশ। ইয়াৰ সাৰুৱা ভূমিলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি-গােষ্ঠীৰ লােক চামে চামে আহি ইয়াত বসবাস কৰিছিল। যেনে? আফগান, পাঠান, মােগল, ইংৰাজ আদি। ইয়াৰে কিছুমান জনগােষ্ঠী ৰাজনৈতিক কাৰণত আক্ৰমণকাৰী হিচাপে আহি ভাৰতভূমিত ৰাজত্ব কৰিছিল। আকৌ, কিছুমানে ব্যৱসায় সংক্ৰান্তত আহি কালক্ৰমত ভাৰতীয় জনজীৱনৰ লগত এক হৈ পৰিছিল। ভাৰত বুৰঞ্জী আৰ্য, অনাৰ্য, মংগােলীয়, দ্ৰাবিড়, শক, দুন, গ্ৰীক আদি মানৱগােষ্ঠীৰ আক্ৰমণ, ইটোৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ আদি ঘটনাৰে সমৃদ্ধ। মাৰাঠা, চালুক্য, ৰাষ্ট্ৰকুট, চৌহান আদি সৰু সৰু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহত গা কৰি উঠিছিল।

ভাৰতীয় বুৰঞ্জীত এই মানৱ গােষ্ঠীসমূহৰ জয়-পৰাজয়, ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া বিভিন্ন কাহিনী ৰচিত হৈছে। এওঁলােকে ভাৰত বুৰঞ্জীৰ ইতিহাস ভঙা-পতা কৰিছিল যদিও ভাৰতীয় বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ মূল পুঁতিটো স্থবিৰ হৈ যােৱা নাছিল। ইয়ে হ’ল ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য।

6. “সকলল আৰ্ট মুলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ শীৰ্ষক পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ শিল্প সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক’বলৈ কথাষাৰ উল্লেখ কৰা হৈছে।

ব্যাখ্যাঃ সংস্কৃতিয়ে মানুহৰ জৈৱিক প্ৰয়ােজনৰ পৰা আৰম্ভ কৰি নান্দনিক আৰু আধ্যাত্মিক তাড়নাৰ লগত জড়িত সৃষ্টি কৰ্মকেই সামৰি লয়। শিল্পকৰ্মৰ যিকোনাে সৃষ্টিয়ে দুটা দিশৰ উন্মােচন কৰে। এটা আভ্যন্তৰীণ আৰু আনটো বাহ্যিক। আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভুতিক জগাই তােলে। বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ আভ্যন্তৰীণ উদ্দেশ্যটোৱে প্ৰকাশ কৰিব বিচাৰে সংযম আৰু আড়ম্বৰহীনতাৰ আৰু বাহ্যিক উদ্দেশ্যটোৱে কাৰুকাৰ্য আৰু জাকজমকৰ সৃষ্টি কৰে। প্ৰথম উদ্দেশ্যটোৱে সূক্ষম, মননশীল দৰ্শনৰ বিকাশ ঘটায়। দ্বিতীয়টোৱে এটা বিৰাট পটভূমিৰ অৱতাৰণা কৰি বহিৰ্জাগতিক বিসতৃতি লাভ কৰে। প্ৰথমটোৰ এই শক্তি নাই।

7. “সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ একোটা জাতিৰ সংস্কৃতিৰ মাজত প্ৰতিফলিত হয় সেই জাতিৰ জীৱন প্ৰক্ৰিয়া। ইয়াৰ বিকাশ আৰু প্ৰতিফলন কেনেদৰে হ’ব পাৰে তাকেই কথাষাৰৰ জৰিয়তে ক’বলৈ লােৱা হৈছে। ভিভি।

ব্যাখ্যাঃ সভ্যতাৰ বুকুত আচোৰ মাৰি সংস্কৃতিয়ে আৰােহণ কৰে। সংস্কৃতিয়ে বহন কৰে একোটা জাতিৰ আচাৰ ব্যৱহাৰ, চলন-ফুণ, সাজ-পােছাক, আহাৰ বাসস্থান, ভাষা-সাহিত্য আদি উপাদানসমূহ সংস্কৃতি হ’ল জাতিৰ দাপােণস্বৰূপ। সংস্কৃতিয়ে এটা জাতিৰ সকলাে উপাদানৰ প্ৰতিফলন ঘটায়। কোনাে জাতি বা সমাজৰ বিষয়ে জানিবলৈ হ’লে তাৰ সংস্কৃতিৰ বিষয়ে জানিব লাগিব। উদাহৰণস্বৰূপে- আৰ্য জাতিৰ বিষয়ে জানিবলৈ হ’লে আমি বৈদিক সংস্কৃতিৰ বিষয়ে জানিব লাগিব। সেয়ে কোৱা হয় সংস্কৃতিয়ে কোনাে জাতি বা সমাজ এখনৰ জাতীয় জীৱনৰ প্ৰতিফলন ঘটায়।

8. “চিত্ৰকলা যদিও বিশ্বজনীন তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষ প্ৰাণ থলীৰ বহুখিনি পৰিচয় পােৱা যায়।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ চিত্ৰশিল্পৰ কাৰুকাৰ্যই কিদৰে কোনাে এটা জাতিৰ চানেকি বহন কৰে, এই কথাকে ক’বলৈ বিচৰা হৈছে।

ব্যাখ্যাঃ চিত্ৰশিল্প হ’ল এক বিশ্বজনীন আৰ্ট। তথাপি, ইয়াৰ শৈলীয়ে কোনাে এটা জাতিৰ পৰিচয় দিব পাৰে। প্ৰত্যেক জাতিৰে শিল্পকলাৰ নিজস্ব কিছুমান বৈশিষ্ট্য থাকে। এই বৈশিষ্ট্য কলাই চীনদেশৰ পৰিচয় দিয়ে। তেনেদৰে, পাৰ্চীয়ান চিত্ৰকলাৰ মননশীলতাই তেওঁলােকৰ জাতিৰ পৰিচয় দাঙি ধৰে। আকৌ, অজন্তাৰ চিত্ৰশিল্পবােৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ মাৰ্গ দৰ্শনৰ কথাবােৰ সোঁৱৰাই দিয়ে। তাজমহল, ছাহজাহানৰ সমাধি আদিৰ চিত্ৰকলাই মােগল যুগৰ ইণ্ডো-হাৰাছেনিক ৰীতিৰ নিদৰ্শন দাঙি ধৰে। তেনেদৰে অসমীয়া সত্ৰসমূহৰ চিত্ৰ-কলাই আমাক মধ্যযুগীয়া অসমীয়া সমাজখনৰ স্বাক্ষৰ বহন কৰে। মুঠতে একোখন সমাজ, একোটা জাতি, একোটা যুগৰ এই কলাসমূহে মানৱ জীৱনৰ ক্ৰিয়াকলাপকে প্ৰকাশ কৰে।

READ MORE  মই অসমীয়া | Chapter 4 | Class 10 Assamese - SEBA

9. ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উত্তৰঃ। ভাৰতীয় সংস্কৃতি’ পাঠটোৰ প্ৰথম বাক্যতে কোৱা হৈছে – ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। অৰ্থাৎ ভাৰতীয় সংস্কৃতি হ’ল এক বিশাল সংমিশ্ৰিত সংস্কৃতি। আৰ্য্য, অনাৰ্য আদিৰ উপৰি ইয়াত ইছলামিক সংস্কৃতিৰ প্ৰভাৱাে মন কৰিবলগীয়া। যেনেঃ

(ক) ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল আছে। এক ঈশ্বৰবাদ, অদ্বৈতবাদ, মানৱ প্ৰেম, উদাৰতা, সংযম আদি কথাবােৰেই হৈছে ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা।

(খ) ভাস্কৰ্য কলাৰ ক্ষেত্ৰত ভাৰতীয় সংস্কৃতিত ইছলামিক প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে। উত্তৰ ভাৰতৰ মঠ-মন্দিৰত যি বক্ৰ আৰু বৃত্ত ৰেখা অংকিত কৰা হৈছে — ইয়াৰ মূলতে হৈছে ইছলামীয় প্ৰভাৱ। আচলতে, গােটেই উত্তৰ-পূব ভাৰতৰ ভাস্কৰ্য শৈলী এক সমন্বয়ৰ বস্তু। ইছলামীয় ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল, ফটেহপুৰ চিক্ৰি, ইছমৎদৌলাৰ অসম্পূৰ্ণ ভাস্কৰ্য ইয়াৰ সুন্দৰ নিদৰ্শন। উত্তৰ ভাৰতীয় অঞ্চলসমূহৰ মন্দিৰবােৰত ইছলামীয় ভাস্কৰ্য ভালেমান প্ৰভাৱ পৰা দেখা যায়। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্য শৈলীত যি জটিলতা আছিল সেয়া হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু সৰল হােৱা দেখা যায়।

(গ) ভাৰতীয় চিত্ৰ কলাতে ইছলামিক চিত্ৰশৈলীৰ প্ৰভাৱ উল্লেখযােগ্য। মােগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰ শিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰে। এই নতুন ৰীতিৰ এটা বৈশিষ্ট্য হ’ল – ব্যক্তিবাদ। চেংগীজ খাঁ, টাইমুৰ খাৰ ৰাজদৰবাৰত যি চিত্ৰ অংকিত কৰা হৈছে তাত ব্যক্তিৰ জীৱনী সুন্দৰকৈ ফুটি উঠিছে। অজন্তাৰ চিত্ৰশিল্পত এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰৰ সৰলতাৰ মাজত সংযােগ স্থাপন হােৱা দেখা যায়। এইটোৱেই হ’ল ইণ্ডোছাৰাচেনিক ৰীতি।

(ঘ) আধ্যাত্মিক জীৱনতাে ভাৰতীয় হিন্দুসকলৰ ওপৰত ইছলামীয় প্ৰভাৱ দেখা যায়! ভাৰতীয় দশত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজতাে ইছলামিক প্ৰভাৱ পৰা বুলি ক’ব পাৰি। ইছলামীয় সংঘাতে ভাৰতীয় আধ্যাত্মিকতা কঁপাই তুলিছিল। হিন্দু মুছলমানৰ, সংঘাতৰ ফলত সৃষ্টি হােৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যৰ ভাব সৃষ্টি কৰে। ই হিন্দুৰ মনত উদাসীনতাৰ সৃষ্টি কৰে। ফলত বাস্তৱ জগতৰ কথা পাহৰি হিন্দুৰ মনে। আত্মাৰ জগতলৈ গমন কৰিছিল।

(ঙ) ভাৰতীয় সাহিত্যতাে ইছলামীয় সাহিত্যৰ ভাৱধাৰাই একীভূত হৈছিল। ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দাৱলী প্ৰৱেশ কৰিছিল। ৰওপৰৰ আলােচনাৰ পৰা দেখা গ’ল যে – ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এৰাব নােৱাৰা বিধৰ।

10. “সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰঃ সভ্যতা আৰু সংস্কৃতি – এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়।সভ্যতাৰ বুকুত আঁচোৰ মাৰিহে সংস্কৃতিয়ে আৰােহণ কৰে। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখনত বাস কৰা লােকসকলৰ জীৱন ধাৰণৰ। প্ৰণালী। অৰ্থাৎ, সভ্যতাই বস্তুগত প্ৰাচুৰ্য, দক্ষতা, সুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তা-চৰ্চা, আচাৰ ব্যৱহাৰৰ সচেতনতা, শালীনতা আদিহে বহন কৰে। আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী।

অৰ্থাৎ, সংস্কৃতিয়ে জাতি এটাৰ ৰীতিনীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ কৰ্মপদ্ধতি, সাজ-পােছাক আদিবহন কৰে। সভ্যতাৰ জন্ম আৰু বিকাশ মানুহৰ দৃষ্টিগােচৰ নহয়, কাৰণ সভ্যতাৰ বিকাশ অতি ধীৰ গতিত হয়। কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছু দ্ৰুতগতিত পৰিৱৰ্তিত ৰূপত দেখা দিয়ে। সভ্যতা কোনাে জাতি বা জনগােষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগােষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে। সভ্যতাৰ সংমিশ্ৰণ। ঘটে।কিন্তু সংস্কৃতিৰ মিশ্ৰণ ঘটে! উদাহৰণস্বৰূপে সিন্ধু সভ্যতা বুলি কওঁতে আমি কেৱল সিন্ধু নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাকহে বুজোঁ। কিন্তু ভাৰতীয় সংস্কৃতিবুলি কওঁতে আৰ্য, অনাৰ্য, মােগল আদিৰ সংমিশ্ৰিত সংস্কৃতিৰ কথাকে বুজোঁ। আনহাতে মানুহৰ বুদ্ধি কৌশল বা প্ৰযুক্তিবিদ্যা আদি সভ্যতাৰ। সৈতে যিমান ঘনিষ্ঠভাৱে জড়িত, সংস্কৃতিৰ সৈতে নহয়।

সিন্ধু সভ্যতা আৰু মহেঞ্জোদাৰােৰ সভ্যতাৰ নগৰ নিৰ্মাণৰ কাৰুকাৰ্যবােৰে তাৰে নিদৰ্শন দাঙি ধৰে। সংস্কৃতিয়ে এইবােৰৰ সংস্কাৰহে সাধন কৰিব পাৰে।সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা কৰা সম্ভৱ নহয়। সভ্যতাইহে সমাজ সু-শৃংখল কৰি সংস্কৃতি গঢ় দিয়াত সহায় কৰে।

11. ভাৰতীয় সংস্কতি এক বিৰাট সমন্বয়ৰ বস্তু। – এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা।’
উত্তৰঃ ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ। নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা দান কৰিছে। আৰ্য, অনাৰ্য, মংগােলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হন। আদি বিভিন্ন জাতি-উপজাতিৰ এটা সময়ত ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল। ইয়াৰ উপৰি আফগান, পাঠান, মােগল, ব্ৰিটিছ আদি বিদেশী জাতিৰ সংস্কৃতিৰ প্ৰভাৱত ভাৰতীয় সংস্কৃতিয়ে এক বিশাল ৰূপ লাভ কৰিছে। ইয়াৰ মূল কাৰণ হ’ল ভাৰতৰ ভৌগােলিক পৰিৱেশ। যিদৰে ভাৰতীয় মানুহৰ মনে প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য আদিৰ দৰে আসামঞ্জস্যক স্বীকাৰ কৰি লৈছে; একেদৰে মনস্তাত্বিক প্ৰস্তুতিৰে জীৱনৰ অসামঞ্জস্যকে স্বীকাৰ কৰি লৈছিল।

ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ পৰা ন ন মানৱপুঞ্জ ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ ৰচনাত বৰঙণি যােগাইছিল। বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, তাৰে বেছি ভাগেই দ্ৰাবিড়সকলৰ প্ৰভাৱ বুলি ক’ব পাৰি। তেনেদৰে, মৃতকক সৎকাৰ কৰা, লিংগ পূজা আদিও অনাৰ্য্য যুগৰ অৱদান। তদুপৰি, কামাখ্যা দেৱীও আদিতে অনাৰ্য দেৱী আছিল। চুফীবাদ আৰু উপনিষদৰ মাজত যি মিল দেখা যায়, তাৰ মূলতে হ’ল – ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ। পণ্ডিত ৰাছুল সংস্কৃতায়নৰ ফ্ৰম ভল্লা টু গংগা নামৰ গ্ৰন্থত এই সম্পৰ্কে বিশেষ তথ্য পােৱা যায়। হিন্দুস্থানী সংগীতত যি উচ্চাংগ দেখা যায় তাত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰা দেখা যায়।

ভাৰতীয় ভাস্কৰ্য কলাৰ কাৰু কাৰ্য্যত ইণ্ডো-ছাৰাছেনিক ৰীতি মন কৰিবলগীয়া। তাজমহল, ফটেহপুৰ ছিক্ৰি আদিৰ শিল্প কলাত ইয়াৰ উদাহৰণ পােৱা যায়। উল্লেখযােগ্য যে – ছাহজাহানৰ সমাধিৰ পদুম ফুল আৰু কলহৰ চিত্ৰ আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই দিয়ে। তেনেদৰে অজন্তা, ইলােৰাৰ ছবিবােৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদৰ্শন দাঙি ধৰে। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদৰ আড়ম্বৰহীনতা সুদুৰ পাৰস্যৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী আউলীয়া সকলৰ ভক্তিধৰ্মৰ প্ৰভাৱ পৰা বুলি ক’ব পাৰি। ওপৰৰ আলােচনাৰ পৰা দেখা গ’ল যে ভাৰতীয় সংস্কৃতি হ’ল এক সংমিশ্ৰিত।

12. প্ৰাকৃ-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰঃ ভাৰতবৰ্ষলৈ মুছলমান সকল বা ইছলাম সকলৰ আগমনৰ পূৰ্বৰ সময়ছােৱাক প্ৰাক মুছলিম যুগ বুলি কোৱা হয়। ভাৰতৰ দক্ষিণ ভাৰতৰ অঞ্চলসমূহত ব্যাপকভাৱে প্ৰাকৃ-মুছলিম যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ আহি উত্তৰ ভাৰতত দেখিবলৈ পােৱা যায়। প্ৰাক-মুছলমান যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব পাৰি। অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবােৰত দুই ধৰণৰ ভাববস্তুৰ প্ৰকাশ ফুটি উঠা দেখা যায়। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।
দুয়ােবিধ ছবি একত্ৰিতভাৱে অংকন কৰা হৈছে।

READ MORE  অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | Chapter 8 | Class 10 Assamese - SEBA

কিন্তু এই জগত দুখন পথকভাৱে অংকন কৰা হােৱা নাই। এই ছবিবােৰত জীৱনৰ অসামঞ্জস্যতাক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ পােৱা যায় ! অজন্তাৰ চিত্ৰসমূহত প্ৰাক-মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্য্যৰ কথাও উল্লেখ আছে। পুৰুষ, মহিলা, শিশুসকলক বিভিন্ন ভংগিমাত একে ঠাইতে অংক কৰা হৈছে। জীৱনৰ প্ৰাচুৰ্য্যই যেন শিল্পীক মতলীয়া কৰিছে – চিত্ৰসমূহৰ পৰা এনে ভাব প্ৰকাশ হৈছে। ছবিবােৰৰ ভাৱ-ভংগীৰ অসামঞ্জস্যতাৰ মাজততা বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা যেন কোনাে ক্ষেত্ৰতে ম্লান হােৱা নাই। অজন্তাৰ এনে চিত্ৰ শিল্পকলাৰ জৰিয়তে শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা সম্ভৱ হৈছে। গঠনৰ সৰলতা আৰু সূক্ষমতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় সাধন সেই ভাস্কৰ্যৰ মুখ্য বৈশিষ্ট্য আছিল। জ্যামিতিৰ ছবিবােৰৰ দৰে এইবােৰ সৰল।

দৰাচলতে, উত্তৰ ভাৰতৰ ভাস্কৰ্য এক সমন্বয়ৰ বস্তু। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে আকৌ ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদৰ্শ য’তেই সফল হৈছে, ত’তেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছোঁ। মােগল সম্ৰাট বাবৰৰ ৰাজত্বকালত চিত্ৰশিল্পৰ নতুন ধাৰা পােন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এনে ধৰণৰ শিল্পকলাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবােধ আৰু ইয়াত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। এই চিত্ৰ শিল্পবােৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন। ইয়াত ভাব প্ৰৱণতাৰ কোনাে স্থান নাই, আছে মাথোঁ বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে – উৰ্দুৰ ৰােমান্টিক কাব্য-সাহিত্যৰ কথা ক’ব পাৰোঁ।

13. ভাৰতীয় সংস্কৃতি’ পাঠটি পঢ়ি তুমি কি কি ভাল কথা শিকিলা বৰ্ণনা কৰা।
উত্তৰঃ হেম বৰুৱাদেৱে ভাৰতীয় সংস্কৃতি নাম পাঠটিৰ জৰিয়তে ভাৰতীয় সংস্কৃতি বিভিন্ন দিশ সম্বন্ধে আমাক জ্ঞান প্ৰদান কৰিছে। ভাৰতীয় সংস্কৃতিয়ে অতীজৰে পৰা আজিলৈ ক্ৰমবৰ্ধমান গতিৰে বাহিত হৈ। আহিছে। এই পাঠটিৰ পৰা আমি শিকিব লগীয়া প্ৰধান কথাটো হ’ল ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। আৰ্য, অনাৰ্য, মংগােলীয়, দ্ৰাবিড়ী আদি বিভিন্ন গােষ্ঠীৰ সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে। অতীজতে গ্ৰীক, হুন, শক আদি নানা জনগােষ্ঠীৰ মানুহে ভাৰতত বসবাস কৰিছিল। তেওঁলােকৰ ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন।

আদি ক্ষেত্ৰত দেখা দিয়া সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শৰে জীয়াই আছে। ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ স্বৰূপ। সেইবাবে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি। বুৰঞ্জীৰ বিভিন্ন স্তৰে এই সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাই থৈ গৈছে। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি যাৰ জৰিয়তে সাংস্কৃতিক জীৱন সম্ভৱপৰ নহয়। সভ্য সমাজ অবিহনে সৃষ্টিমূলক কাম হাতত লােৱাটো ব্যক্তিৰ সাপেক্ষে সৃম্ভবৰুপৰ নহয়। আনহাতে, সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী!

সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ভাৰতীয় ভৌগােলিক জীৱনাে বৈচিত্ৰ্যময়। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্যই ভাৰতীয় জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য আনি দিছে। ভাৰতীয় সংস্কৃতি একালত সমগ্ৰ দক্ষিণ-পূৰ্ব অঞ্চলতে বিয়পি পৰিছিল। ভাৰতীয় সংস্কৃতিৰ প্ৰবল সোঁতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ-পূৰ্ব এছিয়ালৈকে স্পৰ্শ কৰিছিল।

ভাৰত বুৰঞ্জী ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী হলেও ভাৰতীয় সংস্কৃতিৰ মূল সুতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ মহেঞ্জোদাৰাে আৰু হপ্পা সংস্কৃতিয়ে এটা আৰ্য-পূৰ্ব যুগৰ কথা কয়! ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল। ভাৰতৰ অতি পুৰণি অধিবাসী ৰাজপুতসকলে ভাৰতীয় সংস্কৃতিলৈ এক বিশেষ অৱদান যােগাইছিল। ৰাজপুত চিত্ৰশিল্পই ইয়াৰ উপযুক্ত প্ৰমাণ। আৰ্যৰ বেদত দেৱী পূজাৰ কোনাে উল্লেখ নাই। আনহাতে, অনাৰ্য সমাজত দেৱী পূজাৰ উল্লেখ পােৱা যায়। আৰ্যৰ জীয়ৰী পাৰ্বতী আৰু অনাৰ্য দেৱতা শিৱৰ মিলনে ভাৰতত আৰ্য আৰু অনাৰ্যৰ সংস্কৃতিৰ সমন্বয়ৰ কথা সূচায়। সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টি-সমলে আৰ্যসকলৰ ভঁড়াল চহকী কৰা কথাটো বুৰঞ্জীসন্মত সত্য কথা।

প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব পাৰি। চুফীবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখা যায়। এইবােৰৰ পৰা আমি ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলােতে ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমন্বয়ৰ ইংগিত পাওঁ। উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু।ইয়াক কোনাে প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামীয় আদৰ্শ বুলিব নােৱাৰি। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। আকৌ ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। আনহাতে, হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন কেতবােৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হােৱাৰাে উদাহৰণ আছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়ােটা সম্প্ৰদায়ৰ মন উদাৰ আছিল।

এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শনৰ জন্ম দিছিল। মােগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন ধাৰাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবােধ। এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন ৰা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতত গাম্ভীৰ্যতাৰ লগতে আমি এক উৰণীয়া ভাবৰ সংযােগ দেখিবলৈ পাওঁ।

সকলাে কলাৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এটাৰ উদ্দেশ্য কাৰু কাৰ্য আৰু জাকজমকৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সম আৰু আড়ম্বৰহীনতা। আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন ধাৰাত ব্যক্তিৰ মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি। তুলিছিল। সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। ভাৰতৰ প্ৰাচীন সাহিত্য ভক্তিমূলক আছিল। পাঠান আৰু মােগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকৰ্ষ লাভ কৰিছিল। সেইদৰে মহাৰাষ্ট্ৰৰ ভক্তিমূলক কাব্য-সাহিত্যৰাে সৌৰভ বিশ্বজনীন।

কবীৰ আৰু সেই সময়ৰ বৈষ্ণৱ সাহিত্যিকসকলৰ সমকক্ষ সাহিত্য আজিও বিৰল। তুলসী দাসৰ ৰামায়ণ, শংকৰদেৱৰ কীৰ্তন’, মাধৱদেৱৰ নামঘােষা আদি জাতিৰ আপুৰুগীয়া সম্পদ। ব্ৰিটিছৰ ৰাজত্বকালত ভাৰতত সাহিত্য-চৰ্চাৰ বৈচিত্ৰ্য ৰাঢ়িছিল। নতুন প্ৰকাশভংগী, সামাজিক শক্তিকেন্দ্ৰী সাহিত্য আদিও সেই সময়ত সৃষ্টি হৈছিল। গতিকে, নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি হ’ব লাগে। তাৰ বাবে বৰ্তমানৰ সংস্কৃতিৰ ভেঁটি বান্ধিবলৈ চেষ্টা কৰা উচিত। ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে ভাৰতীয় সংস্কৃতি’ নামৰ হেম বৰুৱাদেৱৰ এই পাঠটিৰ মাজত আমি শিকিব লগীয়া বহু তত্ত্বগধুৰ কথা লুকাই আছে। এই সকলাে কথা আমি সকলােৱে জনাটো অতিকৈ বাঞ্ছনীয়।

Leave a Comment

error: Content is protected !!
Scroll to Top