অৰণ্যযাত্ৰা | Chapter 11 | Class 10 Assamese Question and Answer | Assam Class 10 Assamese Solutions | SEBA Class 10 HSLC Assamese Chapter 11 Notes | SEBA Class 10 HSLC Assamese Chapter 11 Question and Answer | Questions and Answers for Class 10 Assamese Chapter 11 অৰণ্যযাত্ৰা | HSLC Assamese Questions and Answers Assam
অৰণ্যযাত্ৰা
(অনুৰাধা শর্মা পূজাৰী)
Very Short Type Questions and Answers (Marks : 1)
1. বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ বিদ্যালয়ৰ অষ্টম আৰুনৱম শ্ৰেণী শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল
2. পলে কোনবােৰ কাম ছােৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰঃ পলে নিজৰ খােৱা কঁহিবাটি ধােৱা, পিন্ধা কাপােৰ জাপি থােৱা, বিছানা ঠিক কৰা আদি কামবােৰ ছােৱালীৰ কাম বুলি পাহিক কৈছিল।
3. লৰ্ড কাৰ্জন কোন?
উত্তৰঃ লৰ্ড কাৰ্জন এজন ব্ৰিটিছভাইচৰয় আছিল।
4. পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল?
উত্তৰঃ পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল।
5. শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক লগত কি লৈ যাবলৈ মানা কৰিছিল?
উত্তৰঃ শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক লগত কেমেৰা, ম’বাইল ফোন লৈ যাবলৈ মানা কৰিছিল।
6. কাজিৰঙা অভয়াৰণ্য কিহৰ বাৰে পৃথিৱী বিখ্যাত?
উত্তৰঃ কাজিৰঙা অভয়াৰণ্য এটা খড়গ থকা গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।
7. গছ আৰু বহুতাে জীৱই বায়ুত কি গেছ এৰি দিয়ে?
উত্তৰঃ গছ আৰু বহুতাে জীৱই বায়ুত অম্লজান গেছ এৰি দিয়ে।
8. বিলত নাওখন বান্ধি যােৱা ৰছীডাল কোনে খুঁটিৰ পৰা খুলি দিছিল?
উত্তৰঃ বিলত নাওখন বান্ধি থােৱা ৰছীডাল আফতাবে খুঁটিৰ পৰা খুলি দিছিল।
9. পলহঁতে উঠা নাওখন কিহৰ মাজত সােমাই পৰিছিল?
উত্তৰঃ পলহঁতে উঠা নাওখন মেটেকাৰ মাজত সােমাই পৰিছিল।
10. পলহঁতৰ নাওখনৰ ভিতৰত কিয় পানী সােমাইছিল?
উত্তৰঃ নাওৰ তলিত ফুটা থকা কাৰণে পলহঁতৰ নাওখনৰ ভিতৰত পানী সােমাইছিল।
11. পাহিহঁতৰ অৰণ্য যাত্ৰাটোৰ দলপতি কোন আছিল?
উত্তৰঃ পাহিহঁতৰ অৰণ্য যাত্ৰাটোৰ দলপতি আছিল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা।
12. লেডী কাৰ্জন কোন আছিল?
উত্তৰঃ লেডী কাৰ্জন আছিল ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী।
13. বিশ্বৰ দৰবাৰতকাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী কোন আছিল?
উত্তৰঃ বিশ্বৰ দৰবাৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথমগৰাকী ব্যক্তি আছিল মহীচন্দ্ৰ মিৰি।
Short Type Questions and Answers (Marks : 2)
1. বাক্য ৰচনা কৰা। —ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
উত্তৰঃককাই-ভনীঃ ককায়েক-ভনীয়েকৰ দৰে মাইনাও সৰলমনা।
টুলুং-ভুটুংঃ লুইতৰ বুকুত হঠাৎনাওখন টুলুং-ভুটুং হ’ল।
চিঞৰ-বাখৰঃ চিঞৰ-বাখৰ কৰিব নাপায় পঢ়ি থাকিলে।
মানুহ দুনুহঃ মানুহ দুনুহ দেখিবলৈ নােহােৱা ঠাইত ভৰদুপৰীয়া যাব নােৱাৰি।
তিতি-বুৰিঃ বৰষুণত তিতি-বুৰি নতুন কাপােৰযােৰত দাগ লাগিল।
2. মূৰ্ধণ্য ‘ণ হােৱাৰ কাৰণ দশােৱা।
—অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পােৰণি, আড়ম্বৰপূৰ্ণ।
উত্তৰঃ অৰণ্যঃ ‘ঋ’, ৰ’, ষ’,ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূৰ্ধন্যণ হয়।
অৰ্পণঃ ও ‘ঋ,ৰ’, ‘ষ’,—ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূৰ্ধন্য ণ হয়।
কণ্ঠঃ ‘ট’বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে নি’ণ হয়।
ওৰণিঃ ‘ঋ, ৰ’, য’,ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূৰ্ধন্য ণ
পােৰণিঃ ‘ঋ, ব’, য’,ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূৰ্ধন্য ণ হয়।
3. পাহি কিয় গাত তত নাইকিয়া হৈ পৰিছিল?
উত্তৰঃ পাহিহতৰ স্কুলৰ অষ্টম আৰুনৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গৰমবন্ধত কাজিৰঙালৈ ফুৰাবলৈ নিয়াৰ কথা।পাহিআৰুককায়েকপলাে যাব। তালৈ যাবলৈ জা-যােগাৰত ব্যস্ত হৈ পৰিছিল পাহি। সেয়ে পাহিৰ গাত তনাইকিয়া হৈ পৰিছিল।
4. যাত্ৰাটোত ওলােৱা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকসকলে বেগত কি কি ল’বলৈ কৈছিল?
উত্তৰঃ যাত্ৰাটোত ওলােৱা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকসকলে বেগত ল’বলৈ কোৱা সামগ্ৰীবােৰ হ’ল— এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপােৰৰ আৰামদায়ক জোতা,টুপী,পাতল গামােচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চলাইট, কপাহী কাপােৰ, কলম।
5. কাজিৰঙালৈ যাত্ৰা কৰাৰ আগমুহূৰ্তত পাহি আৰু পলক মাকে কি কৈছিল?
উত্তৰঃ কাজিৰঙালৈ যাত্ৰা কৰাৰ আগমুহুৰ্তত পাহি আৰু পলক মাকে কৈছিল যে অৰণ্যৰ পৰা শিকিবলগীয়া বহু কথা থাকে। পৃথিৱী বিখ্যাত অভয়াৰণ্যখনলৈ গৈ সিহঁতে যেন অৰণ্যৰ কথাবােৰ শিকি আহে।নিজৰ সামগ্ৰীবােৰ যাতে চম্ভালি ৰাখে সেয়াও সোঁৱৰাই দিছিল।
6. পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল?
উত্তৰঃ বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাসমূহলৈ লক্ষ্য কৰাৰ দায়িত্ব দিয়া হৈছিল পাহি আৰু বিদিশাক।
7. সৌৰভ আৰু আফতাবক কি কি দায়িত্ব দিয়া হৈছিল?
উত্তৰঃ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলােৰে মাজত সম-পৰিমাণে ভগােৱাৰ দায়িত্ব দিয়া হৈছিল।
8. পলহঁতে কৰা ভুলৰ বাৰে সিহঁতক কি শাস্তি দিয়া হৈছিল?
উত্তৰঃ অংকৰ শিক্ষকৰঞ্জিত হাজৰিকা ছাৰে প্ৰথমে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত ঘােষণা কৰিছিল পলহঁতে দলীয় অনুশাসন ভংগ কৰাৰ বাবে। কিন্তু পলহঁতে ভুল স্বীকাৰ কৰি ক্ষমা খােজাৰ পাছত সেই সিদ্ধান্ত সলনি কৰা হয়। অৱশ্যে সেয়া কৰাৰ চৰ্ত হিচাপে সকলােকে কাজিৰঙা ভ্ৰমণৰ বিষয়ে একোখনকৈ ৰচনা লিখিবলৈ কৈছিল। আৰু কৈছিল যে পলহঁতে নিজে কৰা ভুলৰ বিষয়েও সেই ৰচনাত লিখিব লাগিব—এয়ে আছিল সিহঁতে কৰা ভুলৰ শাস্তি।
9. অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই শিক্ষাৰ্থীসকলক তেওঁলােকক কিয় অৰণ্যলৈ নিয়া হৈছিল বুলি বৰ্ণনা কৰিছিল?
উত্তৰঃ অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই শিক্ষাৰ্থীসকলক কৈছিল যে কেৱল এটা খড়গ থকা গঁড় দেখুৱাবলৈ সিহঁতক কাজিৰঙালৈ নিয়া হােৱা নাছিল। বৰং প্ৰকৃতিৰ বিষয়ে জানিবলৈ, প্ৰকৃতি জগতৰ গছ-গছনি, লতা-তৃণ,কীট-পতংগ সকলােৰে বিষয়ে গম দিবলৈহে অৰণ্য দৰ্শন কাৰ্যসূচী স্থিৰ কৰা হৈছিল। তেওঁৰ মতে অৰণ্য একোখন মানুহৰ হাওঁফাওঁৰ দৰে। গছে কেৱল ফল, ছাঁ বা আশ্ৰয়েই নিদিয়ে, বৰং জীয়াই থাকিবলৈ মানুহক অম্লজান দিয়ে যাৰ অবিহনে প্ৰাণীকুলৰ প্ৰাণ অসম্ভৱ। এই সমস্ত কথাৰ জ্ঞান দিবলৈকে কাজিৰঙা অভয়াৰণ্যলৈ শিক্ষাৰ্থীসকলক নিয়া হৈছিল।
10. কাজিৰঙাত ছাত্ৰ-ছাত্ৰীসকলক থাকিবলৈ দিয়া ঠাইখন কেনেকুৱা আছিল? ছাত্ৰ ছাত্ৰীসকলে তাত কেনেদৰে আনন্দ কৰিছিল?
উত্তৰঃ কাজিৰঙাত ছাত্ৰ-ছাত্ৰীসকলক থাকিবলৈ দিয়া ঠাইখন খুব সুন্দৰ আছিল। ঘৰবােৰ ধুনীয়া আছিল, কিছুমান আছিল আকৌ চাংঘৰ। ডাঙৰ চৌহদৰ ঘৰটোৰ আলহীঘৰটোও আছিল বৃহৎ, গছ-গছনিৰে আৱৰা। মুকলি পৰিৱেশত সকলােৱে আনন্দ মনেৰে খেলিছিল। ছাত্ৰ-ছাত্ৰী সকলৰ কিছুমানে দোন্নাত উঠিছিল, কোনােৱে খেলিছিল ফুটবল। কিছুমানে আকৌ জুম বান্ধি কথা পাতিছিল। মুঠতে এক আনন্দময় পৰিৱেশত সকলাে আছিল।
11. প্ৰকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰঃ পাহিয়ে প্ৰকৃতিক ভাল পায়। প্ৰকৃতিৰ উপাদান ফুল, গছ-লতা আদি তাইৰ বৰ প্ৰিয়। গঠন প্ৰকৃতিৰে ভিন ভিন হােৱা সত্ত্বেও এজোপা গছেঅইন এজোপাৰ ক্ষতি নকৰে।। তামােল আৰু আমগছ ভিন ভিন চেহেৰাৰ অথচ থাকে ওচৰা-উচৰিকৈ। কলগছৰ ওচৰতে মিলি জুলি থাকে নেমু গছজোপা, কেতিয়াও নিজৰ কাইটেৰে নেমুৱে কলগছক নিবিন্ধে। কি এক অঘােষিত নিয়মেৰে, সম্প্ৰীতিৰ এনাজৰীৰে প্ৰকৃতি জগত বান্ধ খাই থাকে। পাহি এই নিয়মৰ প্ৰতি আকৃষ্ট হয় সদায়।
12. কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰঃ পাহি আৰু পল স্কুলৰ পৰা গৰম বন্ধত যাবলগীয়া কাজিৰঙা অভয়াৰণ্য ভ্ৰমণলৈ এ যাবলৈ সাজু হৈছিল। প্ৰয়ােজনীয় সকলাে সামগ্ৰী বেগত গােটাই লৈ নিৰ্দিষ্ট দিনত। পুৱাতে দুয়াে যাব ওলাল। মাক-দেউতাক দুয়াে সিহঁতক আগবঢ়াবলৈ লৈ কেতবােৰ এ উপদেশ দিলে। দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ আৰু শিক্ষকৰ কথা মতে চলিবলৈ দুয়ােকে পৰামৰ্শ দিলে।পৃথিৱী বিখ্যাত অভয়াৰণ্য কাজিৰঙালৈ গৈনতুন কথাবােৰ শিকিবলৈ মাকে ক’লে। কিয়নাে অৰণ্যৰ পৰা শিকিবলগীয়া বহু কথাই আছে। লগতে নিজৰ সা-সামগ্ৰীবােৰৰ চম্ভালিবলৈ মাকে পৰামৰ্শ দিলে।
13. মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰঃ মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া বন বিষয়া অৰ্থাৎ প্ৰথম মুখ্য বন সংৰক্ষক (Chief conservator of forests).
কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত যে এটা খড়গ থকা গঁড় আছে, সেই কথা বিশ্ববাসীক জনােৱাৰ ব্যৱস্থা কৰা প্ৰথম ব্যক্তিগৰাকীয়েই হৈছে মহীচন্দ্ৰ মিৰি। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াইছিল যাতে বিশ্ববাসীয়ে জানিব পাৰে।
14. নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁকাক প্ৰথমে কাজিৰঙাৰ গাঁড় দেখুৱাইছিল?
উত্তৰঃ নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা।
সুদক্ষ হাতী মাউত হাজৰিকা ওৰফে নিগনা চিকাৰীয়ে প্ৰথমে লেডী কাৰ্জনক গড় দেখুৱাইছিল। লেডী কাৰ্জন আছিল ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী। কেতিয়াও নেদেখা এটা খড়গৰ গঁড় দেখি তেওঁ এই প্ৰাণীবিধ আৰু লগতে তাৰ বসতিস্থল কাজিৰঙাক সংৰক্ষণ কৰিবলৈ লৰ্ড কাৰ্জনক অনুৰােধ জনাইছিল। ফলত সময়ৰ সোঁতত কাজিৰঙা সংৰক্ষিত হােৱাই নহয়, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে পৰিগণিত হল।।
15. “তেতিয়া কেতিয়াবা সময়েও তােমালােকক ঠগিব আৰু মানুহেও ঠগিব। – এই কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?
উত্তৰঃ প্ৰশ্নোদ্ধত কথাফাকি পাহিৰ মাকে পাহি আৰু ককায়েক পলক উদ্দেশ্যি কৈছিল। পাহি কামে কাজে আগৰণুৱা। নিজৰ প্ৰায়খিনি কাম দৈনন্দিন জীৱনত নিজেই কৰে, মাককো ঘৰুৱা কামত সহায় কৰি দিয়ে। কিন্তু ককায়েক পল সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ। নিজৰ পিন্ধা কাপােৰ, গা মচা কাপােৰ একোৱেই ঠিককৈ নথয়। ভাত খােৱা কঁহীখন নিজে ধুইনথয়। পাহিয়ে মাকৰ পৰা
জানিব খুজিছিল ককায়েক ল’ৰা হােৱা বাবেই এইবােৰ কাম কৰিব নাপায় নেকি। তেতিয়া মাকে প্ৰশ্নোদ্ভূত কথাফাকিৰে বুজাই দিছিল যে সকলােৱে নিজৰ কাম নিজেই কৰা উচিত। কৰ্মত ল’ৰা-ছােৱালীৰ একো ভেদ-ভাবনাথাকে।
Long Type Questions and Answers (Marks : 4/5)
1. ল’ৰা-ছােৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তৰঃ পাহি আৰু পল একেখন ঘৰৰে সন্তান। ঘৰুৱা কাম-কাজত পাহি আগৰণুৱা অথচ পলে নিজৰ প্ৰয়ােজনীয় কামখিনিও নকৰে। কথাটোলৈ মন কৰি পাহিয়ে মাকৰ পৰা জানিব বিচাৰিলে ককায়েকেকিয় গা ধুই আহি নিজৰ টাৱেলখন বিচনাত দলিয়াই থয়, জোতাযােৰ নিজে পৰিষ্কাৰ নকৰে, নিজৰ কাপােৰখিনি ঠিককৈ নথয়, নিজে ভাত খােৱা কাহীখন ধুইনথয়। অৰ্থাৎ ল’ৰা ছােৱালীৰ কামৰ কিবা পাৰ্থক্য আছে নেকি সুধিলে।
পাহিৰ কথাত মিচিকিয়াই হাঁহি মাকে ক’লে যে ল’ৰা-ছােৱালী সকলােৱে নিজৰ। কাম নিজে কৰিব লাগে। পৰনিৰ্ভৰশীলনহ’বলৈ মাকে প্ৰয়ােজনীয় কামবােৰ পাহি আৰু পলক সমানে শিকাইছে। ভৱিষ্যতে জীৱনত অইনৰ পৰা ঠগ নাখাবলৈ ল’ৰা-ছােৱালীয়ে সকলাে কাম শিকা উচিত।
2. কামত ল’ৰা-ছােৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
উত্তৰঃ প্ৰশ্নোদ্ধৃত কথাষাৰিৰ বক্তা হ’ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙালৈ ভ্ৰমণলৈ নিবলৈ সিদ্ধান্ত হ’ল। সেই মৰ্মে যাত্ৰাপথত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক বেলেগ বেলেগ কামত নিয়ােগ কৰা হ’ল। বিদিশা আৰুপাহিক কোৱা হ’ল বাছত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হিচাপ কৰিবলৈ আৰু কিবা অসুবিধা হৈছে নেকি সেয়া চোৱা চিতা কৰিবলৈ। সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলােৰে মাজত সমভাৱে বিতৰণ কৰাৰ দায়িত্ব দিলে। পাহিইতে সুন্দৰভাৱে নিজৰ কাম কৰাৰ বিপৰীতে আফতাব আৰু সৌৰভেসিহঁতৰ কামটো টান পাই পাহিহঁতৰ লগত সলাব বিচাৰিলে।
কিয়নাে সিহঁতে ভাবে যে খাদ্য বিলােৱা কামটো ছােৱালীয়ে কৰিব পৰা সহজ কাম আৰু লৰা-ছােৱালীক শাসন কৰা বা সিহঁতৰ অসুবিধাসমূহ দূৰ কৰা কামটো জটিল আৰু লৰাইহে ভালকৈ কৰিব পাৰিব। আফতাব, সৌৰভৰ এনে কথা শুনি ৰঞ্জিত হাজৰিকা ছাৰে প্ৰশ্নোদ্ধৃত বাক্যৰে নিজৰ উম্মা প্ৰকাশ কৰিছিল। তেওঁৰ মতে ল’ৰা-ছােৱালীবুলি কৰ্মৰ ভেদ নাই।
3. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাৰহঁত কি বিপদত পৰিছিল? এই বিপদ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰঃ কাজিৰঙা পােৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট ঘৰবােৰত জিৰণি ল’বলৈ কোৱা হ’ল। সেই মতে দুপৰীয়া ভাত-পানীখাইসকলােৱে বিছনাবােৰত শুই পৰিল। সেই সময়ত কাকো একো নকৈ পল, আফতাব আৰু সৌৰভেপিছফালৰবাৰাণ্ডাৰে মনে মনে বননিৰ ফালে গ’ল। কাৰণ অইনে নেদেখা জীৱ-জন্তু দেখিলে সিহঁতে বাহাদুৰি মাৰিব পাৰিব। ঘৰটোৰ পিছফালে থকা জপনাখন বগাই পাৰ হৈসিহঁতে দেখিলে ডাঙৰবিল এখন। বিলখনৰ সিটো পাৰে পথাৰ আৰু পথাৰ পাৰ হৈ হাবি। নিৰ্জন ঠাইডােখৰৰ পৰা এ কিছুদুৰত আছে কেইটামান জুপুৰিঘৰ।হঠাতে সিহঁতে দেখিলে বিলত আছে এখন নাওআগ-পিছনুগুনি তিনিও ফুৰ্তিতে নাওত উঠিল।
পিছেকিছুদূৰ গৈয়ে নাওখনৰ তলিত থকা ফুটাৰে ভিতৰত পানী সােমালাকথা বিষম দেখি তিনিও ভয়ত কান্দিব চি ধৰিলে।কিয়নাে সিহঁতে সাঁতুৰিব নাজানে।আসন্ন বিপদ সিহঁতে নিজেই মাতিলে। ভয়তে সিহঁতে চিঞৰিব ধৰিলোকাকো কতাে নেদেখিপলে জোতানােওৰফুটাটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে আৰু আফতাবে বিচাৰিলে মেটেকা গুচাইনাওখন পাৰলৈ আনিবলৈ। দুই হাতেৰে পানী সিঁচিবও ধৰিলে। কিন্তু একোৱেই কামত নাহিল। হঠাৎ দেখিলে মানুহ নােহােৱা ঠাইডােখৰত পথাৰৰ মাজেৰে কেইজনমান ছােৱালী আহিছে।
সিহঁতৰ চিঞৰ শুনি ছােৱালীকেইজনী বিলৰ পাৰলৈ আহিল যদিও সেই মুহূৰ্ততে পল পানীত পৰিল। আফতাব আৰু সৌৰভৰ গগণফলা চিঞৰত ছােৱালী দুজনীয়ে পানীত জঁপিয়াই জোলােকা জোলােকে পানী খােৱা পলক পাৰলৈ আনিলে। নাওখনাে পাৰত লগাবলৈ চেষ্টা কৰোঁতে কাতি হৈ সৌৰভ আৰু আফতাবাে পানীত পৰিল। ছােৱালীকেইজনীয়ে সিহঁতকো উদ্ধাৰ কৰিলে। সঠিক সময়ত ছােৱালীকেইজনী আহি নােপােৱাহ’লে পল, আফতাব আৰু সৌৰভক হয়তাে বচাব পৰা নগ’লহেঁতেন।
4. শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।
উত্তৰঃ স্কুলৰ পৰা কাজিৰঙালৈ যােৱা দলটোৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী আছিল অৰণ্য দৰ্শন। ছাত্ৰ ছাত্ৰীসকল উৎসুক আছিল এই কাৰ্যসূচীৰ বাবে। কিন্তু প্ৰথম নিশাই ভাত খােৱাৰ পৰত এখন সভা পাতি যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে সকলােকে সেই নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিব খােজাৰ খবৰটোহে দিলে। পল, সৌৰভ আফতাবহঁতে স্কুলৰ শৃংখলাক অৱমাননা কৰি সকলােৰে অজ্ঞাতে বননিৰ মাজলৈ যােৱাত প্ৰাণ বিপদাপন্ন হৈছিল। ছাত্ৰ-ছাত্ৰীসকলক ফুৰােৱাটোৱেই কেৱল শিক্ষকসকলৰ দায়িত্ব নহয়, সিহঁতৰ ৰক্ষণাবেক্ষণে প্ৰধান কৰ্তব্য।
সেয়ে অইন কিবা বিপজ্জনক ঘটনা ঘটাৰ আগেয়ে দলটো উভতি যােৱাৰ সিদ্ধান্তই মংগল। দলপতি হাজৰিকা ছাৰৰ কথাই কোঠাটোলৈ মৌনতা কঢ়িয়াই আনিলে। পলহঁতলৈ সকলােৰে খং উঠিছিল।কথাৰ গুৰুত্ব বুজি পাহিয়ে সকলােৰে হৈ ক্ষমা খুজি ছাৰক অনুৰােধ জনালে যাতে দোষ কৰাকেইজনৰ কাৰণে সকলােৰে আশা ভংগ নহয়। বৰং অৰণ্য দৰ্শনলৈ সেই তিনিজনক লগতে নিনিয়াটো সিহঁতৰ শাস্তি হওক। সকলােৱে পাহিৰ কথাত হয়ভৰ দিলে। পিছ মুহূৰ্ততে পলে থিয় হৈ ক্ষমা খুজি পাহিয় কোৱা ধৰণে কৰ্ষিলৈ ছাৰক অনুৰােধ জনালে।
শেষত হাজৰিকা ছাৰে চৰ্ত দিলে যে সকলােৱে উভতি গৈ অৰণ্যযাত্ৰাক লৈ এখন ৰচনা লিখিব। আৰু দোষীছাত্ৰকেইজনে সিহঁতৰ দোষৰ বিষয়েও ৰচনাত বিতংভাৱে লিখিব লাগিব। সেয়ে হলে সকলােৱে পিছদিনা অৰণ্য দৰ্শনলৈ যাব পাৰিব। সকলােৱেহাজৰিকা ছাৰৰসিদ্ধান্তহাঁহিমুখে মানি ল’লে আৰুপিছদিনা অৰণ্যদৰ্শনলৈ সাজু হল।
5. কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক- শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?
উত্তৰঃ অৰণ্য ভ্ৰমণ সামৰি ওভতনি যাত্ৰাৰ বাবে সাজু হােৱা স্কুলৰ দলটোৰ পৰা দলপতি হাজৰিকা ছাৰে জানিব বিচাৰিলে অৰণ্যলৈ আহিসিহঁতে কি কি বিশেষ শিক্ষা লাভ কৰিলে।কিছুসময় মৌনতাৰ অন্তত এজন এজনকৈ স্বতঃস্ফুৰ্তভাৱে ছাত্ৰ-ছাত্ৰীসকলে কৈ গ’ল সিহঁতে অৰণ্যলৈ আহি লাভ কৰা শিকনিবােৰৰ বিষয়ে। সেইবােৰ ক্ৰমে—
(ক) নিজে কৰিব পৰা কামসমূহ আনে কৰি দিব বুলি বাট নাচাই নিজে কৰিব লাগে।
(খ) বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু গছ নাথাকিলে কোনেও জীয়াই থাকিব নােৱাৰে।
(গ) ল’ৰা-ছােৱালী সকললা দিশতে সমান।
(ঘ) আত্মৰক্ষা কৰিব নাজানিলে কোনাে কামলৈ আগবাঢ়ি যােৱাটো মূখামিৰ পৰিচায়ক।
(ঙ) দলীয় যিকোনাে কামত অনুশাসন-শৃংখলা মানি চলাটো অত্যন্ত প্ৰয়ােজন।
6. “তােমালােকে বন্য জীবজন্তুক শতুৰু বুলি কেতিয়াও নাভাবিবা।” —এই কথাষাৰ কোনে, কাক আৰু কি উদ্দেশ্যত কৈছিল?
উত্তৰঃ প্ৰশ্নোদ্ধৃত কথাষাৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই অৰণ্য ভ্ৰমণলৈ যােৱা শিক্ষাৰ্থীসকলক উদ্দেশ্যি কৈছিল। অৰণ্য ভ্ৰমণৰ সময়ত হাতীৰ পিঠিত উঠিবলৈ কিছুমানে ভয় কৰিছিল। সিহঁতে হাতীৰ আকাৰ দেখি দূৰে দূৰে আছিল।সিহঁতে নাজানিছিল যে বিনা কাৰণত হাতীয়ে। কাৰাে একো অপকাৰ নকৰে। মানুহে ক্ষতি কৰিলে হাতীয়ে আত্মৰক্ষাৰ বাবেহে আক্ৰমণ কৰে। এই কথা কেৱলহাতীয়েইনহয়, অন্য বনৰীয়া জীৱ জন্তুৰ ক্ষেত্ৰতাে খাটে। মানুহে অৰণ্য তথা অইন জীৱ-জন্তু থকা ঠাইবােৰ দখল কৰি পেলােৱা বাবে সিহঁতৰ থকা ঠাইৰ অভাৱ হয়, ফলত সময়ে সময়ে সিহঁতৰ খং উঠে! অন্যথা জীৱ-জন্তুৱে মানুহৰ ক্ষতি নকৰে। প্ৰশ্নোত কথাষাৰিৰে হাজৰিকা ছাৰে শিক্ষাৰ্থীসকলক ইয়াকেই বুজাব বিচাৰিছিল।