হাতী | Chapter 12 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 12 Notes | SEBA Class 12 HS Advance Assamese Chapter 12 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 12 হাতী | HS 2nd Year Advance Assamese Questions and Answers Assam


হাতী
(হোমেন বৰগোহাঞি)

Very Short Type Questions and Answers (Marks : 1/2)

1. বাপধন কাৰ নাম?
উত্তৰঃ বলােৰাম মেধিৰ হাতীটোৰ নাম।

2. ৰাতি কোন?
উত্তৰঃ বলােৰাম মেধিৰ হাতীটোৰ মাউত।

3. হােমেন বৰগােহাঞিয়ে কোন চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে?
উত্তৰঃ ১৯৯২ চনত।

4. বলােৰাম মেধিৰ হাতীটোৰ মাউতজনৰ নাম কি?
উত্তৰঃ ৰাতিয়া।

5. বলােৰাম মেধিয়ে কিমান ব্যসত হাতীটো কিনিছিল?
উত্তৰঃ তেওঁৰ পঁচিছ বছৰ বয়সত।

6. বলােৰাম মেধিয়ে হাতী কিনিবলৈ কি বেচিছিল?
উত্তৰঃ তেওঁ চাৰি কুঠলীয়া এটি ধানৰ ভঁৰাল।

7. হােমেন বৰগােহাঞিৰ এখন গল্প পুথিৰ নাম লিখা।
উত্তৰঃ ‘বিভিন্ন কোৰাছ’।

8. বলােৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিলে?
উত্তৰঃ মাউত ৰাতিয়াক।

9. বৰমইনা কোন?
উত্তৰঃ বলােৰাম মেধিৰ ডাঙৰ পুতেক।

10. হােমেন বৰগােহাঞিৰ এখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ ‘পিতা – পুত্ৰ’।

11. বলােৰাম মেধিয়ে হাতীটোৰ নাম কি ৰাখিছিল?
উত্তৰঃ বাপধন।

12. হােমেন বৰগােহাঞিৰ এখন আত্মজীৱনী মূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ আত্মানুসন্ধান।

13. ‘হাতী’ গল্পটিৰ লিখক কোন?
উত্তৰঃ হােমেন বৰগােহাঞি।

14. হােমেন বৰগােহাঞি বিৰচিত একমাত্ৰ কাব্য শংকলনখনৰ নাম কি?
উত্তৰঃ ‘হৈমন্তী’।

15. হােমেন বৰগােহাঞিয়ে কিমান চনত কোনখন গ্ৰন্থৰ বাবে অসম প্ৰকাশক পৰিষদ বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯৭৬ চনত ‘পিতা – পুত্ৰ’ উপন্যাস গ্ৰন্থখনৰ বাবে।

16. বলােৰাম মেধিৰ পুতেক কেইজন আৰু জীয়েক কেইগৰাকী?
উত্তৰঃ পুতেক সাতজন আৰু জীয়েক তিনিগৰাকী।

17. কণমইনা কোন?
উত্তৰঃ বলােৰাম মেধিৰ সৰু পুতেক।

18. হােমেন বৰগােহাঞিয়ে কিমান চনত কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে?
উত্তৰঃ ১৯৭৮ চনত ‘পিতা – পুত্ৰ’ উপন্যাস গ্ৰন্থখনৰ বাবে।

19. ‘নতুনৰ শােভাযাত্ৰাত ঠাই নােপােৱা, প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি’ – ইয়াত কি নতুনৰ শােভাযাত্ৰাৰ কথা কোৱা হৈছে, আৰু তাত ঠাই নােপােৱাৰ প্ৰতিনিধি দুটা কোন কোন?
উত্তৰঃ মটৰ গাড়ীত দৰাক তুলি কন্যা ঘৰলৈ কৰা যাত্ৰাক নতুনৰ শােভা যাত্ৰা আৰু তাত ঠাই নােপােৱা বুঢ়া বলােৰাম মেধি আৰু বাপধন নামৰ হাতী এই দুটা হ’ল ইয়াত উল্লেখ কৰা প্ৰতিনিধি।

Long Type Questions and Answers (Marks : 4/5/6)

1. বুঢ়াই কণ মইনাৰ বিয়াৰ বাবে হাতীটো কেনেদৰে সজাইছিল –বুজাই লিখা।
উত্তৰঃ বিয়াৰ ৰাতিপুৱাই ৰাতিয়াক লগত লৈ নৈৰ ঘাটত হাতীটোক গা ধুৱাবলৈ গল। নিজে আগত থিয় হৈ থাকি প্ৰায় দুঘণ্টা সময় তেওঁ। ৰাতিৰ হতুৱাই হাতীটোৰ গাটো ধুৱালে। তাৰ পিছত ঘৰলৈ আহি বাৰমান বজাৰ পৰা হাতীটোক সজাবলৈ আৰম্ভ কৰিলে। শিল্পীসুলভ আবেগেৰে তেওঁ নিজ হাতে তাৰ কপালত কক্লা আঁকি দিলে, শৰীৰৰ অন্যান্য যথাস্থানত বিচিত্ৰ চিত্ৰ শােভাৰ সৃষ্টি কৰিলে, ভৰিত জুনুকা। পিন্ধাই দিলে, তাৰ পিছত ৰাতিৰ লগত পৰামৰ্শ কৰি দৰাৰ কাৰণে গাণীখন সুন্দৰকৈ সজালে।

2. ‘এনেকুৱা নিমখ হাৰামী মানুহ আৰু মই দেখা নাই।’ -কোনে, কি প্ৰসংগত এই কথাষাৰ কৈছিল, বুজাই লিখা।
উত্তৰঃ হাতীটোৰ গাত ঘা লগা দেখি বলােৰাম বুঢ়াই মাউতক গালি পাৰি এনেদৰে কৈছিল।

এদিন সন্ধিয়া মাউত ৰাতিযাই পদূলিৰ মুখতে বাপধন নামৰ বুঢ়াৰ। হাতীটো ৰাখি থৈ সি ঘৰৰ ভিতৰলৈ গল। হাতীটো বুঢ়াৰ অতি মৰমৰ। হাতীটোৱেও বুঢ়াক অতি ভাল পায়। পদূলিতে এন্ধাৰত বহি থকা বুঢ়াক ওচৰতে পাই বাপধনে শুৰডাল মেলি বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে। বুঢ়াযাে হেৰােৱা মাণিক বিচাৰি পােৱাৰ দৰে হাতেৰে শুৰডাল ধৰি পৰম আবেগেৰে হাত বুলাবলৈ ধৰিলে, যেন বহু দিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে।

বুঢ়াই শুৰডালত হাত বুলাই বুলাই কবলৈ ধৰিলে, ‘ইস, তােৰ গাত এইবােৰ ঘা লাগিল কেনেকৈ? ৰাতিটো কম পাষণ্ড নহয়। সি তােক কৰবাৰ কাঁইটীয়া জংঘলত সুমুৱাই দিছিলগৈ। তাক মই ইমানকৈ কৈছোঁ, বাপধনৰ গাটো ভাল নহয়, এইকেইদিন তাক জংঘললৈ নিব নালাগে। নাই মােৰ কথাক কথা বুলিয়েই কান নকৰে। ইহঁত গােটেইমথাৰে একে ষড়যন্ত্ৰ।’ সেই কাৰণেই বুঢ়াই ‘এনেকুৱা নিমখ হাৰামী আৰু মই দেখা নাই বুলি কৈছিল।

3. বিয়া ঘৰৰ পদূলিমুখত বলােৰাম বুঢ়া আৰু বাপধন স্তব্ধ স্তম্ভিত হৈ ৰােৱাৰ কাৰণ কি আছিল?
উত্তৰঃ দৰাৰ সাজত কণমইনাই যেতিয়া বৰযাত্ৰী হৈ এম্বেছেডৰত উঠিবলৈ আগবাঢিল তেতিয়া বলােৰাম বুঢ়াই ‘কণমইনা, তই মটৰৰ পৰা নামি আহ, নামি আহ, তই হাতীতহে যাব লাগিব।’ বুলি আটাহ চিঞৰ, লম্ফ জম্ফ কৰিবলৈ ধৰিলে তেতিয়া ভিৰৰ মাজতে কোনােৱাই ঠাট্টা মস্কৰা কৰি খিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে। লগে লগে বাকী বৰযাত্ৰীবােৰেও ওচৰতে ৰৈ থকা অন্যান্য মটৰ গাড়ীত উঠি দৰাৰ গাড়ী অনুসৰণ কৰি পাছে পাছে গুচি গল।

বিয়াাঘৰৰ পদূলি শূণ্য হৈ পৰিল। শূণ্য বিয়াঘৰৰ পদূলিত স্তব্ধ স্তম্ভতি হৈ থিয় হৈ ৰল কেৱল বলােৰাম বুঢ়া আৰু বাপধন নামৰ হাতীটো। তেওঁলােক বৰযাত্ৰী হব নােৱাৰিলে বৰ্তমান পৰিৱৰ্তিত সময় আৰু প্ৰজন্মৰ ব্যৱধানৰ মূল্যবােধৰ অৱক্ষয়ৰ কাৰণে। তেওঁলােকৰ, হাতীটোৰ যেন কোনাে মূল্যই নাই। তেওঁলােক এই সমাজখনৰ কোনাে লেখৰেই নহয়, এনে এটা অৱজ্ঞাৰ ভাৱতেই বলােৰাম বুঢ়া আৰু বাপধন তাতে ৰৈ গল।

4. ‘তােমাক আৰু এসপ্তাহ সময় দিলোঁ’ –বুলি কোনে, কাক কিয় কৈছিল বুজাই লিখা।
উত্তৰঃ বলােৰাম বুঢ়াৰ পুতেক বৰমইনাই বাপেকক উদ্দেশ্য কৰিয়েই এই কথাষাৰ কৈছিল।

মটৰ গাড়ীৰ যুগত হাতী এটা ঘৰখনৰ বাবে মূল্য হীন আৰু অপ্ৰয়ােজনীয় হৈ পৰিল, এই ভাব বলােৰাম বুঢ়াৰ পুতেকহঁতৰ। সেয়ে বৰমইনাই হাতীটোতকৈ গাড়ীৰ ওপৰতহে বেছি গুৰুত্ব দিছিল আৰু হাতীটোৰ প্ৰতি সততে অৱজ্ঞাৰ ভাব প্ৰদৰ্শন কৰিছিল। কিন্তু বলােৰাম বুঢ়াৰ জীৱনৰ সাফল্য আৰু সন্মান প্ৰতিপত্তিৰ প্ৰতীক আৰু ঘৰৰ লক্ষীস্বৰূপ হাতীটোৰ মােহ এই বুঢ় বসতে তেওঁ এৰিব নােৱাৰে। তেওঁৰ মানত এতিয়াও হাতীটো ঘৰৰ মহা মূল্য সম্পদ আৰু নয়নৰ। মণি। সেয়ে কৰবাৰ পৰা আহি পালেই তেওঁ হাতীটো গা পা লাৰি বৰ মৰম আদৰ কৰে।

ইতে বৰমইনাই সহয় কৰিব নােৱাৰি হাতীটো সােনকালেই বিক্ৰী কৰি দিয়া বা শদিয়ালৈ কাঠ টানিবলৈ ঠিকাদাৰক দি ঘৰৰ পৰা আঁতৰ কৰি পঠিযাবলৈ বুলি ঠিক কৰি হাতীটোক মৰম কৰিবলৈ মাত্ৰ ‘এসপ্তাহ সময় দিলোঁ’ বুলি কৈছিল।

5. ‘তেওঁৰ মুখত সকলাে সময়তে এটা অভিমানৰ ভাব লাগিয়েই থাকে।’- ইয়াত কাৰ কথা কোৱা হৈছে? তেওঁৰ মুখত কি অভিমানৰ। ভাৰ লাগি থাকে?
উত্তৰঃ ইয়াত বলােৰাম মেধিৰ কথা কোৱা হৈছে। বলােৰাম মেধি এত্যি বুঢ়া হৈছে। তেওঁৰ বয়স চাৰিকুৰি পাৰ হৈ গৈছে ৷ চকু কাণৰ শক্তি কমি আহিছে। কিবা এষাৰ কথা কব লাগিলে কাৰণ কাৰণ কাষত চিঞৰি কলেহে তেওঁ শুনে। সেই কাৰণে নিতান্ত দৰকাৰ নহ’লে কোনেও তেওঁৰ লগত কথা নাপাতে। বুঢ়াই সেই কাৰণেই মনে মনে নিজকে। অৱহেলিত যেন অনুভৱ কৰে আৰু কোনেও তেওঁক মানুহ যেনেই নাপায় বুলি ভাবি তেওঁৰ মুখত সকলাে সময়তে এটা অভিমানৰ ভাব লাগিয়েই থাকে।

6. গাড়ীৰ যুগত হাতীটোৰ ব্যৱহাৰিক প্ৰয়ােজন নাই আৰু মূল্যহীন বুলি বৰমইনাই কি ভাবিছিল?
উত্তৰঃ আগৰ দিনত ৰাস্তা পদূলি, মটৰ গাড়ী নােহােৱাৰ দিনত হাতীৰ ব্যৱহাৰিক প্ৰযােজন আছিল অধিক আৰু ই হৈ পৰিছিল এখন ঘৰৰ অতি মূল্যবান সম্পদ। কিন্তু মটৰ গাড়ীৰ যুগত, চাৰিওফালে ৰাস্তা পদূলি হৈ উঠাৰ যুগত সেই হাতীৰ ব্যৱহাৰিক প্ৰযােজন নােহােৱা হ’ল, কাৰণ হাতীৰে এঘণ্টা কিমান বাট অতিক্ৰম কৰা যাব, গাড়ীৰে তাৰ বহুগুণ বেছি বাট অতিক্ৰম কৰিব পৰা যাব, হাতীৰে যি কাম কৰা যায় – তাতকৈ বহু বেছি কাম মটৰ গাড়ী বা যন্ত্ৰৰে কৰিব পৰা যায়। এনেক্ষেত্ৰত গাড়ীৰ যুগত ঘৰৰ অন্ন খাই বহি থকা এটা হাতীৰেই বা প্ৰযােজন কি, ইয়াৰেই বা কি মূল্য আছে – এনে ভাব উদয় হৈছিল বৰমইনাৰ।

READ MORE  কপিলীপৰীয়া সাধু | Chapter 10 | Class 12 Advance Assamese - AHSEC

7. ‘শূণ্য বিয়াাঘৰৰ পদূলিমুখত স্তব্ধ স্তম্ভিত হৈ ৰল কেৱল বলােৰাম বুঢ়া আৰু বাপধন।’ – বিয়া ঘৰৰ পদূলিমুখত বুঢ় আৰু বাপধন অথৰ্ব হৈ। বােৱাৰ কাৰণ কি? তেওঁলােক কিয বৰযাত্ৰী নহ’ল?
অথবাঃ “নতুনৰ শােভাযাত্ৰাত ঠাই নােপােৱা, প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি।” – এই বাক্যটি কৰ পৰা উদ্ধৃত? ইয়াত উল্লেখ কৰা অথৰ্ব। প্ৰতিনিধি দুটা কোন কোন?

উত্তৰঃ বলােৰাম মেধিয়ে পঁচিছ বছৰ বয়সতে নিজৰ প্ৰতিপত্তি আৰু গৰিমা বঢ়াবলৈকে হাতী এটা কিনি আনিছিল আৰু আদৰতে তাৰ নাম থৈছিল বাপধন। বাপধনক ঘৰলৈ অহাৰ পৰাই সঁচাকৈয়ে তেওঁৰ প্ৰতিপত্তি আৰু সন্মান দুগুণে বাঢ়িল। জিলাৰ বৰচাহাব মৌজালৈ। আহোঁতে তেওঁক আদৰিবলৈ বলােৰাম মেধিৰ হাতীটোকেই বাছি নিছিল। জিলাৰ ডা ডাঙৰীয়া, হাকিম বিষ আহিলেও তেওঁৰ ঘৰতে আলহী হয়। লাহে লাহে তেওঁৰ ঘৰৰ অৱস্থাৰ দোপতদোপে আৰু উন্নতি হবলৈ। ধৰিলে, সাতােটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল।

সাতােটা পুতেকৰ ছয় জনৰ বিযাত প্ৰতিবাৰেই দৰা এই হাতীটোৰ পিঠিতে উঠি মহাপযােভৰে কইনা ঘৰলৈ গৈছিল আৰু বিয়া কৰাই উভতি আহিছিল। সকলােৰে কি আনন্দ আৰু হাতীটোৰ প্ৰতি। আদৰ তেতিয়া হাতীটো আছিল ঘৰৰ অপৰিহাৰ্য অংগ আৰু মহামূল্য সম্পদ। কিন্তু প্ৰজন্মৰ আৰু সময়ৰ ব্যৱধানে এই হাতীটোক ঘৰখনৰ অপ্ৰয়ােজনীয় আৰু মূল্যহীন কৰি পেলালে। গাড়ী মটৰৰ যুগত হাতীৰ মূল্য বা প্ৰযােজনেই বা কত পুতেকহঁতৰ মনত এই ধাৰণা। সেয়ে সৰু পুতেকৰ বিযাত পুতেকহতে হাতীটোৰ সলনি দৰাক মটৰত নিৰ ব্যৱস্থা কৰিলে।

বলােৰাম বুঢ়াই এই কথাত ঘােৰ আপত্তি কৰিলে। ছজন পুতেক এই হাতীটোৰ পিঠিত উঠি গৈয়েই বিয়া হ’ল যেতিয়া সৰু পুতেকো হাতীটোৰ পিঠিত উঠিয়েই বিযা হবলৈ যাব – বুঢ়াই এই জেদ ধৰিলে। সেয়ে বুঢ়াই নিজে মাউত ৰাতিয়াৰ হতুৱাই বিয়াৰ দিনা। ৰাতিপূৱাতে নৈৰ ঘাটলৈ হাতীটোক লৈ গৈ নিজে আগত থাকি গা পা ধুৱালে, দিনটো শিল্পীসুলভ আবেগেৰে তেওঁৰ নিজ হাতে তাৰ কপালৰ কল্কা আঁকি দিলে, শৰীৰৰ অন্যান্য যথাস্থানত বিচিত্ৰ চিত্ৰ শােভাৰ সৃষ্টি কৰিলে, ভৰিত জুনুকা পিন্ধাই দিলে, তাৰ পিছত ৰাতিৰ লগত আলােচনা কৰি দৰাৰ কাৰণে গাদীখন সজাবলৈ ধৰিলে।

বিয়াৰ উখল মাখলত কোনে কি কৰিছিল, কাৰাে খবৰ নাছিল। হঠাৎ এবাৰ বৰ মইনাৰ বুঢ়াৰ কাণ্ড কাৰখানাৰ ওপৰত চকু পৰিল। ব্যস্তভাৱে বাপেকৰ ওচৰলৈ আহি সুধিলে – ‘পিতা, তুমি এইবােৰ কি। কৰিছা? তাৰ পিছত যেতিয়া কলে দৰা গাড়ীতহে যাব বুলি তেতিয়া বুঢ়া গৰজি উঠিল, ‘তই কলেই হব নেকি, দৰা গাড়ীতহে যাব বুলি? কণ মইনা হাতীতই যাব। তই মনে মনে থাক।’

বিৰক্ত হৈ বৰ মইনা একো নামাতি গুচি গল। যথাসময়ত যাত্ৰাৰ লগ্ন আহি পালে। গান বায়ন, বেণ্ডপাৰ্টী, আয়তীৰে দৰা পদূলিমুখ। পালেহি। তােৰণৰ কাষতে বৰ মইনা এম্বেছেডৰখন সুসজ্জিত কৰি ৰাখি থােৱা আছিল, তাৰ ওচৰতে আৰু দহ বাৰখন অন্যান্য গাড়ী মটৰ।

আনহাতে পদূলিমুখতে চকী এখনত বহি বুঢ়াই বাপধনক ওচৰতে সজাই ৰাখিছে। এনেতে দৰা আহি তােৰণ পৰা হৈ বাটত থিয় দিলেহি আৰু বুঢ়াই সস্ত হৈ থি হৈ ৰাতিয়াক হুকুম দিলে – ‘ৰাতি, হাতী বৈঠ কৰ৷ ‘ কিন্তু সেই মুহূৰ্ততে দৰা আগবাঢ়ি গৈ এম্বেছেডৰত উঠিলগৈ। ‘কণমইনা, তই মটৰৰ পৰা নামি আহ, তই হাতীতে যাব লাগিব।’

বুঢ়াৰ আটাহ চিঞৰ, লম্ফ – জম্ম দেখি ভিৰৰ মাজতে কোনােৱাই ঠাট্টা মস্কৰা কৰি থিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে। লগে লগে বাকী বৰ্যাত্ৰী বােৰেও, ওচৰতে ৰৈ থকা অন্যান্য মটৰ গাড়ীত উঠি দৰাৰ গাড়ী অনুসৰণ কৰি পাছে পাছে গুচি গল।

বিয়াঘৰৰ পদূলি শূণ্য হৈ পৰিল। শূণ্য বিঘৰৰ পদূলিত স্তব্ধ স্তম্ভতি হৈ থিয় হৈ ৰল কেৱল বলােৰাম বুঢ়া আৰু বাপধন নামৰ সেই হাতীটো। তেওঁলােক বৰযাত্ৰী হব নােৱাৰিলে বৰ্তমান পৰিৱৰ্তিত সময় আৰু প্ৰজন্মৰ ব্যৱধানৰ মূল্যবােধৰ অৱক্ষয়়ৰ কাৰণে। তেওঁলােকৰ, হাতীটোৰ যেন কোনাে মূল্যই নাই তেওঁলােক এই সমাজখনৰ কোনাে। লেখৰেই নহয়, এনে এটা অৱজ্ঞাৰ ভাৱতেই তেওঁ আৰু হাতীটো তাত ৰৈ গল।

8. ‘হাতী গল্পত মূল্যবােধৰ অৱক্ষয়়ৰ চিত্ৰ কেনেদৰে অংকিত হৈছে, তাৰ এটি আভাস দিয়া।
উত্তৰঃ ‘হাতী’ গল্পটিত অসমৰ স্বনামধন্য সাহিত্যিক ঐপন্যাসিক গল্পকাৰ হােমেন বৰগােহাঞিয়ে এটা হাতীৰ কেন্দ্ৰ কৰি মূল্যবােধৰ অৱক্ষয়ৰ এটি সুন্দৰ চিত্ৰ অংশকন কৰিছে।

বলােৰাম মেধিৰ বাপধন নামৰ হাতীটো আছিল ঘৰৰ লক্ষী। বলােৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা সেই সময়তে তেওঁ এদিন হঠাৎ অনুভৱ কৰিলে যে ধনে ধানে মাটিয়ে বাৰীয়ে তেওঁৰ অৱস্থা। মৌজাটোৰ ভিতৰতে জাকত জিলিকা হৈছে। সেয়ে পদূলিত হাতী এটা বান্ধিব পাৰিলে তেওঁৰ আভিজাত্য আৰু বাঢ়িব। হাতীয়েই একোখন ঘৰৰ সন্তান আৰু আভিজাত্য বঢ়ায়। ভবা মতে চাৰি কুঠলী ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে। এ

ই হাতীটো কিনাৰ পৰাই কৃষক বলােৰাম মেধিৰ আভিজাত্য বাঢ়িল।
মৌজাখনৰ মানুহে তেওঁক সমীহ আৰু সন্ধান কৰিব ধৰিলে। জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হ’লে মেধিৰ বাপধনেই বৰচাহাবক পিঠিত তুলি আদৰি আনিছিল। বৰচাহাবে মেধিক আৰু। হাতীটোক বৰ প্ৰশংসা কৰিছিল।

তাৰ পিছতেই হাতীটোৰ কাৰণে মেধি ঘৰৰ প্ৰতিপত্তি আৰু সন্ধান অভাৱনীয়ভাৱে বাঢ়িল। ঘৰৰ অৱস্থা দোপতদোপে আৰু উন্নত হবলৈ ধৰিলে। সাতােটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যাৰে ঘৰ ভৰি পৰিল। জিলাৰ ডা – ডাঙৰীয়া আৰু হাকিম বিষযা আহিলে বঢ়াৰ ঘৰতে আলহী থকা হ’ল। এই কাৰণেই এইবােৰ দেখি শুনি মানুহে কবলৈ ধৰিলে আৰু বলােৰামৰাে বিশ্বাস হ’ল, বাপধনৰ মহতেই এই সকলােবােৰ হৈছে, বাপধন বলােৰাম মেধিৰ ঘৰৰ লক্ষী। তেওঁৰ সাতােজন পুতেকৰ ছ্যজনেই এই বাপধনৰ পিঠিত উঠি মহাপযােভৰ আৰু জাকজমকতাৰে বিয়া হৈছিল। মেধিৰ ঘৰৰ। প্ৰত্যেকেই আৰু লগতে আন সকলেও অনুভৱ কৰিছিল হাতীটো ঘৰখনৰ অতি অপৰিহাৰ্য অংগ, অতি মহামূল্যৱান সম্পদ, অতি মৰমৰ, অতি। চেনেহৰ এটি পৰিল। হাতীটো পদূলিত নাথাকিলে যেন ঘৰখনেই। শূণ্য।

.কিন্তু এইহেন হাতীটোৰ প্ৰতি থকা মূল্যবােধৰ লাহে লাহে অৱক্ষয়় ঘটিল। সময়ৰ পৰিৱৰ্তনে আৰু বলােৰাম মেধিৰ ডেকা পুতেকহতৰ মানত হাতীৰ প্ৰযােজন নােহােৱাৰ মানসিকতা গঢ়ি তুলিলে। পুতেকহতে চকচকীয়া গাড়ী কিনি পদূলিৰ মুখত হাতীৰ সলনি গাড়ী থৈ গৰ্ব অনুভৱ কৰিলে। গাড়ীৰ তুলনাত হাতীটোৰ মূল্য নাইকিয়া হ’ল। গাড়ীক লৈ সিহঁতে যিদৰে গৰ্ব কৰে হাতীক লৈ সিহঁতে গৰ্বতাে নকৰেই, হাতীটোৰ প্ৰতি দাৰুন অৱহেলা আৰু অৱজ্ঞা কৰিলে। দেউতাক বলােৰাম মেধিৰ ভাষাত পুতেকহঁতৰ চকুত বাপধন ভতুৱা কুকুৰতকৈয়ো হীন হ’ল।

ঘৰত বহি বহি থাই থকা অতি অপ্ৰয়ােজনীয় জৰু বুলি পুতেকহঁতে। হাতীটোক বেচি দিব খুজিলে অথবা মাহে কেইশমান টকা উপাৰ্জন হওক বুলি সিহঁতৰ চকুৰ পৰা আঁতৰত ৰাখিবলৈ শদিয়ালৈ কাঠ টানিবলৈ ঠিকাদাৰক দিব খুজিলে। এই লৈ নিজৰ জীউটোৰ দৰে ভবা বলােৰামে পুতেকহঁতৰ লগত সততে দাৰুণ কাজিয়াত লিপ্ত হব লগীয়া হয়। যিটো হাতীয়ে ঘৰখনক ইমানখিনি ওপৰতে তুলিলে, চাৰিওফালে প্ৰতিপত্তি আৰু সন্মান বঢ়ালে সেই হাতী বাপধনৰ প্ৰতি পুতেকহঁতৰ কাৰ্য আৰু মনােভাৱে তেওঁৰ অন্তৰত বাৰুকৈয়ে আঘাত সানিলে। হাতীটোৰ প্ৰতি তেওঁ এতিয়া মৰম দেখুৱালে সকলােৱে তেওঁক ঠাট্টা মস্কৰা কৰিবলৈ ললে।

বাকী ছয় জন পুতেক বাপধনৰ ওপৰত উঠি বিয়া হােৱাৰ লেখিয়াকৈ সৰু পুতেকেও বিয়াত বাপধনৰ ওপৰতেই বিযা হবলৈ যাব – এই আশা কৰিছিল বলােৰাম মেধিয়ে। সেই লৈ বৰপুতেকৰ লগত কিছু তৰ্কা তৰ্কিও হ’ল তেওঁৰ। হ’লেও বিয়াৰ দিনা মাউত ৰাতিৰ হতুৱাই। হাতীটো গা পা ধুৱাই মূৰত কক্লা সাজি হাতীটো সজাই পৰাই তুলিলে। কিন্তু হাতীটোক নিষ্ঠুৰভাৱে অৱজ্ঞা কৰি সৰু পুতেকক মটৰত তুলি। সকলােৱে কইনা ঘৰলৈ ঢাপলি মেলিলে। হাতীটোৰ প্ৰতি আৰু পিতৃ। বলােৰাম মেধিৰ প্ৰতি সহিব নােৱাৰা এই নিষ্ঠুৰ অৱজ্ঞাই মূল্যবােধৰ চৰম অৱষ্কাৰ কথাকেই উদঙাই দেখুৱাইছে।

READ MORE  উপন্যাস | Chapter 14 | Class 12 Advance Assamese - AHSEC

9. বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কেনে ধৰণৰ কাজিৰ সূত্ৰপাত হৈছিল লিখা।

উত্তৰঃ বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কিছুদিন ধৰি বলােৰাম বুঢ়াৰ ঘৰত কাজি আৰু তৰ্কা ভৰ্কি এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছিল। কাজ্যিৰ সূত্ৰপাতৰ কাৰণ সামান্য। বলােৰাম বুঢ়াৰ ডেকা বয়সত অৰ্থাৎ আজিৰ পৰা প্ৰায় তিনিকুৰি বছৰ আগতে, আজিকালিৰ দৰে আলি পদূলিও নাছিল, মটৰ গাড়ীও নাছিল। একমাত্ৰ হাতী ঘোঁৰাই সেই ব্যসত গাঁৱে ভূঞে অভিজাত বাহন বুলি বিবেচিত হৈছিল। বলােৰাম মেধি তেতিয়া পঁচিছ বছৰীয়া সফল ডেকা।

সেই ব্যসত তেওঁ হঠাৎ আৱিষ্কাৰ কৰিলে যে ধনে ধানে, মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে, এই বসতে ঘৰৰ পদূলিত তাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা ষােলকলা পূৰ্ণ হয়। এই মতেই তেওঁ চাৰি কুঠলী ভঁৰাল এটি বিক্ৰী কৰি হাতী এটা কিনি আনিলে আৰু আদৰতে তাৰ নাম থলে বাপধন। সেইদিন ধৰি বাপধনে তেওঁৰ হৃদ্যত বৰপুত্ৰৰ দৰেই আসন পাই আহিছে।

বাপধনক বলােৰাম মেধিয়ে কোনােদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই। তেওঁৰ কাৰণে সি সংসাৰৰ এটা মহামূল্য অলংকাৰ। বাপধন অনাৰ পৰাই তেওঁৰ ঘৰৰ দোপদোপে উন্নতি আৰু প্ৰতিপত্তি বাঢ়িবলৈ ধৰিলে। সাতােটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল। জিলাৰ ইংৰাজ বৰচাহাব আহোঁতেও তেওঁক আদৰিবলৈ বাপধনকেই পছন্দ কৰিছিল। জিলাৰ হাকিম বিষযা আহিলেও তেওঁৰ ঘৰতেই আলহী হৈৰয়।

এনে অভাৱনীয় প্ৰতিপত্তি আৰু সন্মানৰ কাৰণেই মানুহে কবলৈ ধৰিলে আৰু বলােৰামৰাে বিশ্বাস হবলৈ ধৰিলে যে বাপধনৰ জহতেই এই সকলােবােৰ হৈছে, বাপধন বলােৰাম মেধিৰ ঘৰৰ লক্ষী। বাপধনক তেওঁ নয়নৰ মণি যেন জ্ঞান কৰিবলৈ ধৰিলে। নিজে সদায় আগত। থাকি তেওঁ তাৰ গা পা ধুৱাই দিয়ে, যত্ন কৰি আহাৰ খুৱায়, গধূলি সি ঘৰ সােমােৱাৰ লগে লগে তেওঁ তাৰ গা মূৰ পিটিকি আদৰ কৰি কথা পাতে। আচলতে এটা পুতেকতকৈ বাপধনৰ মূল্য তেওঁৰ চকুত কোনাে গুণে কম নহয়। কাৰণ সিটো কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনাে নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক। সেই কাৰণেই তেওঁৰ হাতীটোৰ প্ৰতি ইমান মােহ, ইমান দৰদ।

কিন্তু ধনী মহাজন আৰু খেতিয়ক বলােৰাম মেধিৰ লৰা বৰমইনাহঁত ডাঙৰ হৈ ধনী ঠিকাদাৰ আৰু ব্যৱসায়ী হ’ল আৰু চাৰিটা মৌজাৰ ভিতৰতে আগতকৈয়াে জাকত জিলিকা হ’ল। সেয়ে পদূলি মুখৰ গেৰেজত মটৰ এখন থ্যি কৰাব পাৰিলেই সিহঁতৰ আভিজাত্যৰ গৰিমা আগতকৈয়ো বাঢ়িব। হাজাৰ টকা পইচা থাকক গাড়ী এখন নাথাকিলে কোনেও কাকো আচল ধনী বুলি নাভাবে বা সন্মান নকৰে। আজিৰ গাড়ীৰ যুগত ব্যৱহাৰিক প্ৰযােজন নােহােৱা, আভিজাত্যৰ প্ৰতীক হিচাপে পুৰণিকলীয়া আৰু মূল্যহীন হৈ পৰা হাতীটো বেচি গাড়ী এখন লােৱাৰ কথা আটাইকেইজন পুতেকে বাপেকৰ আগত উলিয়াওঁতেই কাজিয়াৰ সূত্ৰপাত হ’ল।

বৰমইনাকে ধৰি আটাইকেইজন পুতেক আৰু ঘৰৰ আন পৰিয়াল। সমন্বিতে সকলােৱে হাতীটোৰ প্ৰতি চৰম অৱজ্ঞাৰ আৰু অৱহেলাৰ ভাব। অনবৰতে প্ৰদৰ্শন কৰাত বুঢ়াৰ মনত বৰ ক্ষোভ আৰু ঘাইকৈ বাপেক। পুতেকৰ মাজত সততে তৰ্কা তৰ্কি, কাজিয়া আদি লাগি থাকে। বাপেকে বাপধনক ইমান মৰম কৰা দেখিবলৈ, তাৰ ওপৰত ইমান গুৰুত্ব দি ব্যস্ত হৈ পৰিলে বৰমইনাৰ একেবাৰে সহয় নহয়। এবাৰ সহয় কৰিব নােৱাৰি বৰ মইনাই বাপেকক এনেদৰে কৈয়েই পেলালে, ‘পিতা, সংসাতৰ বহুত ধৰণৰ পাগল আছে। কিন্তু এটা জানােৱাৰৰ কাৰণে যে মানুহ কিমান। পাগল হব পাৰে, তােমাক নেদেখিলে সেই কথা কোনেও বিশ্বাসেই। নকৰিব।’

বৰমইনাই বাপেকক বাপধনক মৰম কৰিবলৈ মাত্ৰ আৰু এসপ্তাহ সময়। দিয়াৰ কথা শুনাই কলে যে এসপ্তাহৰ পিছত হয় হাতীটো বেচি দিব নহয় শদিয়ালৈ কাঠ টানিবলৈ পঠিয়াই দিব। এই কথা শুনি বাপেকে আৰু সহয় কৰিব নােৱাৰিলে। ঘৰখন থৰ হৰি কম্পমান কৰি তেওঁ গৰ্জি উঠিল, ‘কি ক’লি? কি ক’লি পাষণ্ড? বাপধনক তই বিক্ৰী কৰিবি, নহ’লে শদিয়াত কাঠ টানিবলৈ পঠাবি? মই মৰিলাে বুলি ভাবিচনেকি? এনেদৰে বাপেক পুতেকৰ মাজত বাপধনক লৈ সততে কাজিৰ সূত্ৰপাত হৈছিল।

10. এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যােৱা প্ৰনীয়া যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে দুয়ো আড়ষ্ট হৈ ৰল।’ –ইয়াত ‘বুঢ়’ বুলি কাৰ কথা কোৱা হৈছে? বাপধন কোন? এই সম্পৰ্কত দৃশ্যমান হােৱা পৰিস্থিতিটো বৰ্ণনা কৰা।
উত্তৰঃ ইয়াত ‘বুঢ়া’ বুলি ধনী আৰু প্ৰতিপত্তি শীল খেতিয়ক বলােৰাম মেধিৰ কথা কোৱা হৈছে। বাপধন হ’ল বলােৰাম মেধিৰে অতি মৰমৰ পােহনীয়া হাতীটো।

মৌজাটোৰ ভিতৰতে ধনে ধানে, সা সম্পত্তিৰে জাকত জিলিকা পঁচিছ বছৰীয়া বলােৰাম মেধিয়ে নিজৰ আৰু পতিপত্তি আৰু সন্মান বঢ়াবলৈ হাতী এটা কিনি আনিলে আৰু মৰমতে হাতীটোৰ নাম দিলে বাপধন। হাতীটো কিনাৰ পৰাই সঁচাকৈয়ে তেওঁৰ ঘৰৰ দোপদোপে উন্নতি হবলৈ ধৰিলে, প্ৰতিপত্তি আৰু সন্মানাে বাঢ়িল। সাতােটাকৈ পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে ঘৰ ভৰিল। জিলাৰ ইংৰাজ বৰ চাহাব আহি তেওঁৰ হাতীটোতহে উঠে, প্ৰশংসা কৰে, হাকিম – বিষয়া আহিলে তেওঁৰ ঘৰতহে আলহী হয়। তেওঁৰ কাৰণে হাটীটোৱেই তেওঁৰ ঘৰৰ। লক্ষী, মহান সম্পদ, মৰমৰ, প্ৰাণৰ জীউ।

কিন্তু তেওঁৰ পুতেকসকল ডাঙৰ হােৱাত, যান্ত্ৰিক যুগৰ সৃষ্টি হােৱাত মটৰ গাড়ীৰ প্ৰচলন হােৱাত বলােৰাম মেধিৰ বাহিৰে ঘৰখনৰ কাৰােৰে হাতীটোৰ প্ৰতি মােহ নােহােৱা হ’ল। সেইসকলৰ হাতীটো অৰ্থাৎ বাপধন অদৰকাৰী আৰু অনাহক বােজাস্বৰূপ হ’ল। বাপধন সকলােৰে অৱজ্ঞা আৰু অৱহেলাৰ পাত্ৰ হ’ল। পৰিয়ালৰ আনসকলে বাপধনক মৰমতাে। নকৰেই বলােৰাম বুঢ়াযাে মৰম কৰিলে বেয়া পায়, ঠাট্টা মস্কৰা কৰে। পুতেকহতে হাতীৰ সলনি গাড়ী দৌৰায়। হ’লেও বুঢ়া বসতাে এই পৰিস্থিতিতাে বলােৰাম মেধিয়ে হাতীটো মৰম কৰে, শুৰডাল আঁকোৱালি লৈ কত কথা পাতে, বাপধনৰ লগত কিমান সময় এনেদৰে পাৰ কৰে! বাপধনৰ লগত বলােৰাম বুঢ়াৰ এই মিতিৰালি বৰপুতেক বৰমইনাই অকণাে ভাল নাপায়, তেওঁ দেউতাকৰ এযা পাগলামি বুলি ভাবে। এই লৈ বাপেক পুতেকৰ মাজত প্ৰায়ে থকা খুন্দাও লাগে।

এদিন সন্ধিয়া এন্ধাৰ নামি অহাৰ সময়তে মাউত ৰাতিযাই বাপধনক পদূলিতে থৈ ঘৰৰ ভিতৰলৈ গলগৈ। তাতেই এন্ধাৰতে বলােৰাম বুঢ়া পিৰালিত জুপুকা মাৰি বহি আছিল। বাপধন অহাৰ গম পাই বুঢ়া আগবাঢ়ি যাওঁতেই বাপধনে শুৰডাল মেলি বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে। বাপধনৰ সেই চিৰপৰিচিত স্নেহ স্পৰ্শত বুঢ়াৰ কংকালসাৰ দেহটো ভৰিৰ পৰা মুৰলৈকে এটা অদ্ভুত আৱেগত শিহৰিত হৈ উঠিল। হেৰােৱা মাণিক বিচাৰ পােৱাৰ দৰে থপ কৰে বাপধনৰ শুৰডালত ধৰি তেওঁ পৰম আৱেগেৰে হাত বুলাবলৈ ধৰিলে, –যেনে বহু দিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে।

বুঢ়াই বাপধনৰ শুৰডালত হাত বুলাই বুলাই কবলৈ ধৰিলে – ‘ইস, তােৰ গাত এইবােৰ ঘা লাগিল কেনেকৈ? ৰাতিটো কম পাষণ্ড নহয়। সি নিশ্চয় তােক। কৰবাত কাঁইটীয়া জংঘলত সুমুৱাই দিছিলগৈ। তাক মই ইমান কৈছোঁ, বাপধনৰ গাটো বৰ ভাল নহয়, এইকেইদিন তাক জংঘললৈ নিব। নালাগে। নাই, মােৰ কথাক কথা বুলিয়েই কান নকৰে। ইহঁত গােটেই মখাৰে একে ষড়যন্ত্ৰ। এনেকুৱা নিমখ হাৰামী মানুহ আৰু মই দেখা নাই। বাবু, বাবু অ’ মােৰ বাপধন।’ …..

READ MORE  ই যে অগ্নিবীণাৰ তান | Chapter 3 | Class 12 Advance Assamese - AHSEC

ঠিক সেই সময়তেই হেডলাইটনৰ তীব্ৰ পােহৰত চোতালখন আলােকিত কৰি বলােৰাম বুঢ়াৰ বৰ পুতেক বৰমইনাৰ বিশাল মটৰ গাড়ীখন ঘৰৰ দুৱাৰমুখ আহি থিয় হ’ল। এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যােৱা কোনােবা প্ৰণহী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো মৰমৰ আৱেগত বিভােৰ হৈ থকা অৱস্থাতেই লাইটৰ। পােহৰ পৰাত দুয়ো অতি সংকুচিত দৃষ্টিৰে মটৰখনলৈ চালে আৰু কিংকৰ্তব্যবিমূঢ় হৈ দুয়ো আড়ষ্ট হৈ ৰল।

11. প্ৰজন্মৰ ব্যৱধানে (Generation Gap) মূল্যবােধৰ অৱক্ষয়়ত কেনেদৰে অৰিহণা যােগাইছে, ‘হাতী’ গল্পৰ আধাৰত বিশ্লেষণ কৰা।।
অথবাঃ ‘হাতী’ গল্পত মূল্যবােধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অংকিত হৈছে তাক বিশ্লেষণ কৰি দেখুওৱা।
উত্তৰঃ একোটা প্ৰজন্মৰ বাবে কোনাে এটা বস্তুক মহামূল্যবান বুলি ভবা হয়, সেই বস্তুটোৱেই পিছৰ আন এটা প্ৰজন্মত একেবাৰে মূল্যহীন হৈ। পৰে। ইয়াকেই প্ৰজন্মৰ ব্যৱধানত (Generation Gap ) মূল্যবােধৰ অৱক্ষয়় হােৱা বুলি কোৱা হয়। ‘হাতী’ গল্পটিত মূল্যবােধৰ অৱক্ষয়়ত প্ৰজন্মৰ ব্যৱধানে যােগােৱা অৰিহণাৰ কথাকে গল্পকাৰে সুন্দৰভাৱে। দাঙি ধৰিছে।

ধনে ধানে মৌজাটোৰ ভিতৰতে জাকত জিলিকা খেতিয়ক বলােৰাম। মেধিয়ে মাত্ৰ পঁচিছ বছৰ বয়সতে চাৰি কুঠলীয়া ভঁৰাল এটা বেচি হাতী এটা কিনি আনিলে। এনেও প্ৰতিপত্তি আৰু সন্মানত মৌজাটোত অতুলনীয় বলােৰাম মেধিৰ পদূলিত হাতীটো বন্ধাৰ পিছত আৰু প্ৰতিপত্তি আৰু সন্মান বাঢ়িল। জিলাৰ ইংৰাজ বৰচাহাব আহোঁতে মেধিৰ হাতীটোৱেই আদৰি আনিছিল।

বৰচাহাৱে হাতীটোৰ লগতে হাতীৰ গৰাকী মেধিকো বৰ প্ৰশংসা কৰিলে। ইয়াৰ পিছতে মেধিৰ ঘৰৰ দোপত দোপে উন্নতি হবলৈ ধৰিলে। সাতােটি পুত্ৰ সন্তান আৰু তিনিজনী কন্যাৰ তেওঁৰ ঘৰ ভৰি পৰিল। জিলাৰ হাকিম বিষ আহিলেও তেওঁৰ ঘৰতে আলহী হয। হাতীটো মেধিৰ ঘৰৰ লক্ষী বুলি সকলােৱে ভাবি ললে। ঘৰৰ আটাইৰে আনকি অন্যলােকৰাে হাতীটোৰ প্ৰতি এটা এৰাব নােৱাৰা মৰম আৰু মােহ। বলােৰামৰ অতি মৰমৰ বাপুকন নামৰ এই হাতীটো তেওঁৰ যেন জীউ, এটা ডাঙৰ সম্পদ।

কিন্তু বলােৰামৰ হাতীটোৰ প্ৰতি থকা এই মূল্যবােধ, এই মােহ, এই আকৰ্ষণ তেওঁৰ পিছৰ প্ৰজন্মই অনুভৱ কৰিব নােৱাৰিলে। তেওঁ। লৰাহঁত ডাঙৰ হ’ল, কৰ্মৰ্থ হ’ল। এই লৰাহঁতৰ দিনত যান্ত্ৰিক মটৰৰ যুগ আহিল। হাতীৰে অলৈ লৈ যােৱা, বস্তু বাহিনী টানি বা কঢ়িয়াই। অনাৰ যুগ উকলিল। তাৰ ঠাইত যন্ত্ৰৰ দ্বাৰা, মটৰৰ দ্বাৰা সেইবােৰ কাম কৰিব পৰা হ’ল। হাতীৰে যােৱা এবেলাৰ বাট মটৰেৰে মাত্ৰ এঘন্টাতে যাব পৰা হ’ল। এনেক্ষেত্ৰত বলােৰাম মেধিয়ে বা আনসকলে তেওঁলােকৰ সময়ত হাতীটোক যি গুৰুত্ব দিছিল, যি মূল্যবান সম্পত্তি বুলি ভাবিছিল, আভিজাত্য আৰু প্ৰতিপত্তি, সন্মানৰ আহিলা বুলি ভাবিছিল, তেওঁ পিছৰ প্ৰজন্ম অৰ্থাৎ পুতেক হঁতৰ দিনত সেই হাতীটোৰ ঘৰখনৰ এক অদৰকাৰী প্ৰাণী, মূল্যহীন বিম্বনাৰ বস্তু বুলিহে পৰিগণিত হ’ল।

সেই কাৰণে বলােৰাম মেধিয়ে হাতীটোক যিদৰে মৰম কৰিছিল, আগৰ দৰেই হাতীটো প্ৰযােজনীয়তা অনুভৱ কৰিছিল পুতেকহঁতে তাৰ বিপৰীতহে অনুভৱ কৰিছিল। প্ৰজন্মৰ এই ব্যৱধানৰ কাৰণেই পিতা পুত্ৰৰ মাজত সততে কাজি আৰু অশান্তিৰ সৃষ্টি হৈছিল। প্ৰজন্মৰ ব্যৱধানে মূল্যবােধৰ অৱক্ষয়ত অৰিহণা যােগােৱাৰ কাৰণেই এনে। পৰিস্থিতিৰ সৃষ্টি হৈছিল।

12. বলােৰাম মেধি কোন? তেওঁ কি হাতীটো কিনিছিল? হাতীটো পিছত কি হ’ল?
উত্তৰঃ বলােৰাম মেধি হ’ল মৌজাখনৰ ভিতৰতে ধনে ধানে, মাটিয়ে বাৰীয়ে জাকত জিলিকা এগৰাকী ধনী আৰু প্ৰতিপত্তি শীল থেত্যিক।

বলােৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা আছিল, তেতিয়া তেওঁ এদিন হঠাৎ নিজকে আৱিষ্কাৰ কৰিলে যে ধনে ধানে, মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ। পৰিছে। সেই সময়তে ঘৰৰ পদূলিত তাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা যােলকলা পূৰ্ণ হয়। কথাষাৰ মনত উদয়।
হােৱাৰ লগে লগেই এই কাৰণেই চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি তেওঁ হাতীটো কিনি আনিছিল।

বলােৰাম মেধিয়ে হাতীটো কিনি আনিয়েই আদৰতে তাৰ নাম থলে বাপধন। সেইদিন ধৰি বাপধনে তেওঁৰ হৃদ্যত বৰ পুত্ৰৰ দৰেই আসন পাই আহিছে। কাৰণ সিতাে কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনাে নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক। হাতীটোক তেওঁ কোনােদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই, তেওঁৰ কাৰণে সি সংসাৰৰ এটা মহামূল্য অলংকাৰ।

এবাৰ জিলাৰ ইংৰাজ বৰ চাহাব মৌজালৈ আহিবলগীয়া হােৱাত তেওঁক আদৰি আনিবলৈ এই হাতীটোকেই বাছি লৈছিল। বৰ চাহাবেও তেওঁক আৰু হাতীটোক বৰ প্ৰশংসা কৰিছিল। হাতীটো কিনি অনাৰ পৰাই তেওঁৰ ঘৰৰ দোপতদোপে উন্নতি হবলৈ ধৰিলে, – বলােৰাম মেধিৰ চাৰিফালে প্ৰতিপত্তি আৰু সন্মান বাঢ়িল। জিলাৰ হাকিম বিষয়া। মৌজালৈ আহিলে তেওঁৰ ঘৰতেই আলহী হয়। সাতােটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল। সেই কাৰণেই হাতীটো তেওঁৰ কাৰণে তেওঁৰ ঘৰৰ লক্ষী।

কিন্তু প্ৰজন্মৰ ব্যৱধানত তেনে এটি হাতীৰাে মূল্যবােধৰ অৱক্ষয়় ঘটিল। বলােৰাম মেধিৰ পুতেকহঁতৰ মানত মটৰ গাড়ীৰ দিনত হাতীটোৰ কোনাে মূল্য নােহােৱা হ’ল – প্ৰযােজন নােহােৱা হ’ল, ঘৰৰ অদৰকাৰী বস্তুত পৰিণত হ’ল। সেয়ে পুতেক বৰ মইনাই হাতীটো বেচি দিয়া নাইবা ঘৰৰ পৰা আঁতৰ কৰি শদিত কাঠ টানিবলৈ ঠিকাদাৰক দিয়াৰ কথা বাপেকক খাটাংভাৱে কলে। এই লৈ বাপেক পুতেকৰ মাজত কাজিয়াৰ সূত্ৰপাতাে হ’ল। তথাপি হাতীটো বলােৰাম বুঢ়াৰ মানত মহা মূল্যবান নয়নৰ মনিস্বৰূপে হৈ থাকিল। সাতােজন পুতেকৰ জনৰ বিত হাতীটোৰ পিঠিত উঠিয়েই কইনাঘৰলৈ দৰা ছযােজন গৈছিল। সৰু পুতেকৰ বিয়াতাে তেওঁ হাতীটোৰ পিঠিত উঠিয়েই পুতেক বিয়া কৰাবলৈ যাব বুলি ভাবিছিল যদিও পুতেকহতে মটৰতহে দৰাক পঠিয়ালে। বুঢ়াই হাতীটো সজাই পৰাই ৰখাতে থাকিল। মনৰ ক্ষোভ আৰু বেদনাত হাতীটো মাউত ৰাতিযাকে একেবাৰে নিবলৈ বুলি এনেদৰে কৈছিল–

‘ৰাতিয়া, এইখন ঘৰত আৰু এক মুহূৰ্তও বাপধনৰ থকা নচলিব। বাপধনক তােৰ হাতত মই দান কৰি দিলোঁ, আজিৰ পৰা তই বাপধনৰ মাউত নহয়, গৰাকী। যা, যা, সিহঁত ঘূৰি অহাৰ আগতেই তই বাপধনক লৈ তােৰ নিজৰ ঘৰলৈ গুচি যা।’
শেষত এনেদৰেই বলােৰাম মেধিয়ে হাতীটো মাউত ৰাতিয়াক দান দিলে।

13. ‘সিতাে কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনাে নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক।’ – ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে? কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি বলােৰাম মেধিৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে।

বলােৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা, সেই সময়তে তেওঁ হঠাৎ এদিন আৱিষ্কাৰ কৰিলে যে ধনে ধানে, মাটিয়ে বাৰীয়ে তেওঁৰ। ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে, এই সময়তে ঘৰৰ পদূলিমুথত তাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা ষােলকলা পূৰ্ণ হয়। কথাষাৰ মনত উদয় হােৱাৰ লগে লগেই চাৰিকুঠলি ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে আৰু আদৰতে নাম থলে বাপধন। সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই এখন আসন পাই আহিছে। বাপথনক তেওঁ কোনােদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই।

হাতীটো কিনাৰ পৰাই তেওঁৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িল। জিলাৰ বৰচাহাব এবাৰ মৌজালৈ আহোঁতে বাছি বাছি সুন্দৰ আৰু উপযুক্ত বুলি তেওঁৰ হাতীটোকে বৰচাহাবক আদৰিবলৈ নিছিল। বৰচাহাবেও। হাতীটোক আৰু মালিক বলােৰাম মেধিক বৰ প্ৰশংসা কৰিছিল। জিলাৰ পৰা হাকিম বিষয়া মৌজালৈ আহিলে তেওঁৰ ঘৰতে আলহী হােৱা হ’ল। লাহে লাহে বলােৰাম মেধিৰ ঘৰৰ অৱস্থা দোপদোপে আৰু উন্নত হবলৈ ধৰিলে, সাতােটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল।

এইবিলাক কাৰণতেই বলােৰাম মেধিয়ে আন্তৰিকতাৰে ভাবিলে হাতীটো কেৱল এটা হাতীয়ে নহয়, কেৱল এটা অভিজাত বাহনাে নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক, তেওঁৰ ঘৰৰ লক্ষী। কথাষাৰি তাৎপৰ্য এয়াই।

Leave a Comment

error: Content is protected !!
Scroll to Top