গণমাধ্যম আৰু যোগাযোগ | Chapter 14 | Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যোগাযোগ | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 14 Notes | AHSEC Class 12 HS Sociology Chapter 14 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যোগাযোগ | HS Sociology Questions and Answers Assam | HS 2nd Year গণমাধ্যম আৰু যোগাযোগ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যোগাযোগ
গণমাধ্যম আৰু যোগাযোগ
দ্বিতীয় খণ্ড: পাঠ: ৭
পাঠ্যপুথি অনুশীলনীৰ প্ৰশ্নোত্তৰ
1. গণমাধ্যম বুলিলে কি বুজা?
নাইবাঃ জনসংযোগ মাধ্যমৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?
উত্তৰঃ গণমাধ্যম ইংৰাজী ভাষাৰ Mass Media এই শব্দ দুটাৰ পৰা লোৱা হৈছে। অসমীয়া ভাষাৰ গণমাধ্যম শব্দটোৰ দ্বাৰা জনসাধাৰণৰ লগত হোৱা যোগাযোগ ব্যৱস্থাক বুজোৱা হয়। জনসাধাৰণৰ মাজৰ খা – খবৰৰ প্ৰসাৰণক বুজায়। গণমাধ্যমৰ দ্বাৰা জনসাধাৰণৰ মাজৰ খা – খবৰৰ প্ৰসাৰণ বিভিন্ন আধুনিক উপায়ে হোৱা দেখা যায় যেনে— চেটেলাইট উপগ্ৰহৰ দ্বাৰা, কম্পিউটাৰৰ দ্বাৰা, দূৰদৰ্শন, বাতৰি কাকত, বোলছবি, আলোচনী, ৰেডিঅ’, মোবাইল ফোন এই মাধ্যমবোৰকে গণমাধ্যম বোলাৰ কাৰণ হ’ল – এইবোৰে সমগ্ৰ পৃথিৱীৰ হেজাৰ হেজাৰ অগণন মানুহৰ লগত সংযোগ স্থাপন কৰে ৷
2. গণ সংযোগ মাধ্যম হিচাপে ৰেডিঅ’বৰ্তমান মৃতপ্ৰায় নেকি? উদাৰীকৰণ নীতি অৱলম্বনৰ পিছৰ সময়ত ভাৰতত এফ এম ৰেডিঅ’ কেন্দ্ৰৰ স্থিতিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতত প্ৰথমবাৰৰ বাবে ৰেডিঅ’ যোগে প্ৰচাৰ কাৰ্যসূচী লোৱা হৈছিল, ১৯২০ চনত কলিকতা আৰু চেন্নাইত কিছুমান স্থানীয় ক্লাবৰ দ্বাৰা। দ্বিতীয় মহাযুদ্ধৰ সময়তো, দক্ষিণ পূর্ব – এছিয়াত ৰেডিঅ’ এক গুৰুত্বপূৰ্ণ প্ৰচাৰ মাধ্যম ৰূপে স্বীকৃতি লাভ কৰিছিল। স্বাধীনতাৰ পাছৰে পৰা ৰেডিঅ’ৰ আকাশবাণী কেন্দ্রই এক বলিষ্ঠ প্ৰচাৰ মাধ্যম হিচাপে আৰু মনোৰঞ্জন মাধ্যম হিচাপে সকলোকে একমাত্র উপায় হিচাপে সাধাৰণ মানুহৰ সম্বল হৈ আছে।
দুখীয়া মানুহৰ বাবেও বাতৰি শুনা আৰু গান শুনি মনোৰঞ্জন লাভ কৰা অতি কম খৰচতে ৰেডিঅ’ই দিছিল। কিন্তু পিছলৈ শ-শ টিভি চেনেল ৰেডিঅ’ৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰিছিল। তথাপি এই সাময়িক অৱনতি, পাছত এফ.এম. কেন্দ্ৰবোৰ স্থাপনৰ লগে লগে ৰেডিঅ’ৰ ব্যৱহাৰে পুনৰ উত্থানৰ পথ প্ৰস্তুত হৈ পৰে। এফ, এম, ব প্রাধান্য স্থানীয়ভাৱে বৃদ্ধি পায় ; কিন্তু ৰেডিঅ’ই বহু দূৰদূৰণীলৈ বাবাতৰি সম্প্ৰচাৰ চলাব পাৰে আৰু দেশৰ চুকে কোনে বা বাতৰি আৰু মনোৰঞ্জনৰ সম্প্ৰচাৰ সামৰি লয় যিটো
আনকোনো প্ৰচাৰ মাধ্যমে কৰিব নোৱাৰে।
আধুনিক বিশ্বায়নৰ যুগত, গুৰুত্বপূৰ্ণ এফ.এম. কেন্দ্ৰবোৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ব্যক্তিগত কাৰণৰ কাৰণে আৰু লগতে সাম্প্রদায়িক ভিত্তিত ৰেডিঅ’ কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে। সাধাৰণতে মানুহে স্থানীয় বা বাতৰি শুনি বেছি ভাল পায়। বৰ্তমান দেশত এফ, এম . চেনেল ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কাৰণ তেওঁলোকে বহুতো নতুন খবৰৰ আঁচনি সম্প্ৰচাৰ কৰে আৰু তেওঁলোকৰ সম্প্ৰচাৰত যোগদান কৰিবলৈ আহ্বান জনায় ৷ বর্তমান এফ, এম, ৰেডিঅ’ কেন্দ্ৰশাখা দেশৰ প্ৰায়বোৰ ঠাইতে খোলা হৈছে।
3. বাতৰি কাকত উদ্যোগত হোৱা পৰিৱৰ্তনৰ বিষয়ে লিখা আৰু এই সন্দৰ্ভত তোমাৰ মতামত দাঙি ধৰা।
উত্তৰঃ আমি লক্ষ্য কৰিছে যে – বাতৰি কাকত আৰু আলোচনীয়ে স্বাধীনতা আন্দোলন বিস্তাৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বহুতে বিশ্বাস কৰে যে ইলেকট্রনিক মাধ্যমবোৰৰ উত্থানৰ লগে লগে ছপা মাধ্যমৰ কিছুহলেও ক্ষতি সাধন হ’ব। কিন্তু সমান্তৰালভাৱে ছপা মাধ্যমৰ বাতৰি কাকতে প্ৰসাৰতা আৰু বিকাশ লাভ কৰিছে। উৎপাদন আৰু প্ৰসাৰণত বাতৰি কাকতে নতুন কাৰিকৰী আৰু প্ৰযুক্তিবিজ্ঞানৰ সহায়ত সহজে উন্নতি লাভ কৰিছে। বাতৰি কাকতৰ লগতে বহুতো আলোচনীয়েও পঢ়ুৱৈৰ জনপ্ৰিয়তা লাভ কৰিছে ৷
ভাৰতীয় ভাষাৰ বাতৰি কাকতবোৰে আচৰিত ধৰণে বিকাশ লাভ কৰাৰ কিছুমান কাৰণ আছে। প্ৰথম কাৰণ হ’ল বহু সংখ্যক শিক্ষিত লোক গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজন হৈছিল। হিন্দী ভাষাৰ ‘ হিন্দুস্তান ‘ নামৰ বাতৰিখন ২০০৩ চনত দিল্লীৰ পৰা প্ৰকাশ হৈছিল। ৬৪,০০০ কপি, ২০০৫– ত ইয়াৰ কপি বৃদ্ধি পাইছিল ৪২৫ হাজাৰ কপিলৈ। এই বৃদ্ধিৰ কাৰণ আছিল প্ৰায় ১৪৭ লাখ লোক হিন্দী ভাষা কোৱা অঞ্চলৰ পৰা দিল্লীলৈ প্ৰব্ৰজিত হৈছিল বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা ৷
আন দ্বিতীয় কাৰণ হ’ল – সৰু অঞ্চলৰ গাঁৱৰ স্থানীয় পঢ়ুৱৈসকলৰ প্ৰয়োজন কিছু বেলেগ আছিল। এই প্ৰয়োজন সৰু স্থানীয় ভাষাৰ বাতৰি কাকতবোৰে পূৰণ কৰিছিল। এই ক্ষেত্ৰত মালায়ালাম ভাষাৰ মালয়ালাম মনোৰমা ‘ ; তেলেগু ভাষাৰ ইনাদু’নামৰ বাতৰি কাকত দুখনে স্থানীয় ভাষাত সংস্কৰণ প্ৰকাশ কৰিছিল। আন এখন “ দিনাথানঠি ” নামৰ তামিল ভাষাৰ কাকতে আঞ্চলিক ভাষাত সকলোৱে বুজিব পৰাকৈ বাতৰি প্ৰকাশ কৰি জনপ্রিয়তা লাভ কৰিছিল। কিছুমানে সাপ্তাহিক বা মাহেকীয়া পৰিপূৰিকা দি পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
ৰাষ্ট্ৰীয় দৈনিক বাতৰি কাকত বুলি জনাজাত ইংৰাজী বাতৰি কাকত ভাৰতৰ বিভিন্ন ঠাইত প্ৰচাৰ আৰু বিতৰণ হ’বলৈ ধৰে। মাতৃভাষাৰ কাকতবোৰো গ্ৰাম্য সমাজৰ বহুলভাৱে প্ৰচাৰিত হৈছিল। ইংৰাজী কাকতবোৰে কাকতৰ দাম কমাই দি আৰু একে সময়তে দেশৰ বিভিন্ন কেন্দ্ৰৰ পৰা সংস্কৰণ প্ৰকাশ কৰি উৎপাদন বৃদ্ধি কৰিছিল। মুঠতে ছপাৰ মাধ্যমে সুকলমে বাতৰি কাকত প্ৰকাশ কৰোতে বিজ্ঞাপনবোৰে কাকত গোষ্ঠীক যথেষ্ট সহায় কৰে।
4. দূৰদৰ্শন বা টেলিভিচন মাধ্যমত বর্তমানে দেখা পোৱা পৰিবৰ্তনবোৰৰ বিষয়ে আলোচনা কৰা।
নাইবাঃ বৈদ্যুতিন গণমাধ্যমৰ উপায়সমূহ আলোচনা কৰা।
উত্তৰঃ দূৰদৰ্শন (Television) :- ভাৰতত পোন প্ৰথমবাৰৰ বাবে ১৯৫৭ চনত পৰীক্ষা মূলকভাৱে ‘ আকাশবাণী’ ভৱনত আৰম্ভ হৈছিল। ভাৰত চৰকাৰে ব্যৱস্থা কৰা দূৰদৰ্শনৰ সেৱা পৃথিৱীৰ ভিতৰত বৃহত্তম গণমাধ্যম বুলি জনা গৈছিল। আগৰ পৰ্যায়ত সপ্তাহত তিনিবাৰ সম্প্ৰচাৰ কৰা হৈছিল পাছলৈ অৱশ্যে সম্প্ৰচাৰ আঁচনি প্ৰতিদিনে কৰা হৈছিল। দূৰদৰ্শনৰ ক্ষেত্ৰত ভাৰতে প্ৰথমে চেটেলাইট যোগে সম্প্ৰচাৰ চলোৱা হৈছিল ১৯৭৫-৭৬ চনত। এইটোৱে আছিল কাৰিকৰী বিজ্ঞানৰ দ্বাৰা সামাজিক শিক্ষা দিয়াৰ প্রথম খোজ।
ভাৰতৰ দ্বিতীয় টিভি, কেন্দ্ৰ খোলা হৈছিল। ১৯৭৬ চনত দূৰদৰ্শন বিভাগটো AIR (অল ইণ্ডিয়া ৰেডিঅ’) ৰ পৰা পৃথক কৰা হৈছিল। ১৯৮২ চনত এছিয়ান গেমছৰ সময়ত দিল্লীত ৰঙীন টি, ভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল। প্ৰথম অৱস্থাত দিল্লী দূৰদৰ্শন মেট্রোই, বোম্বে, মাদ্ৰাজ আৰু কলিকতাত সম্প্ৰচাৰ কৰা হৈছিল। ১৯৯৯ চনত ‘ ডি ডি স্পোর্ট চেনেল এটা নতুনকৈ প্ৰবৰ্তন কৰা হৈছিল ৷
বৰ্তমান ভাৰতৰ প্ৰায় ১০ কোটি জনসাধাৰণৰ মাজত টি, ভি, য়ে সম্প্ৰচাৰ চলাই আছে। ভাৰতৰ প্ৰায় ৮৭ শতাংশ জনগণক টিভি, আঁচনিয়ে সেৱা আগবঢ়াই আহিছে। ভাৰতৰ প্ৰায় ৪৯ খন নগৰত দূৰদৰ্শনে সেৱা আগবঢ়াই আহিছে। দূৰদৰ্শনে বহুতো শৈক্ষিক আঁচনি আৰু মনোৰঞ্জনৰ কাৰ্যসূচী টেলিকাষ্ট কৰি আহিছে। U.G.C. আৰু IGNOU ৰ বহুতো আঁচনি তেওঁলোকৰ সহায়ত সম্প্ৰচাৰ কৰা হয়।
দূৰদৰ্শনৰ উপৰিও শতাধিক ব্যক্তিগত চেনেলৰ জড়িয়তে তেওঁলোকে নিজৰ নিজৰ কাৰ্যসূচী ভাৰতৰ জনগণৰ মাজত সফলতাৰে সম্প্ৰচাৰ কৰি আছে। তাৰ ভিতৰত চোনী টি, ভি, ষ্টাৰপ্লাচ, মেক্স, .এছ. পি, এম, ষ্টাৰ, টে স্পোট আদি নতুন চেনেলে দিনে – ৰাতিয়ে ২৪ ঘণ্টা জনগণক মনোৰঞ্জনৰ খোৰাক যোগাই আহি আছে। সেইবাবে আমি কব পাৰো যে বৈদ্যুতিক গণমাধ্যম আমাৰ দেশত যথেষ্ট পৰিমাণে উন্নতি লাভ কৰিছে।
অতি চমু প্রশ্নোত্তৰ
1. ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখন?
উত্তৰঃ বেংগল গেজেট ১৮৩৫ ৷
2. ভাৰতৰ সেউজ বিপ্লৱ আৰম্ভ কেতিয়া হৈছিল?
উত্তৰঃ সেউজ বিপ্লৱ আৰম্ভ হৈছিল ১৯৬৬।
3. প্ৰেছ ট্রাষ্ট অব ইণ্ডিয়া কি?
উত্তৰঃ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া ভাৰতৰ বৃহত্তম বাতৰি যোগানকাৰী এজেন্সি। এই এজেন্সিটো আৰম্ভ হৈছিল ১৯৪৭ চনত ৷
4. UNI মানে কি?
উত্তৰঃ UNI মানে (United News Agency), এই এজেন্সিটো স্থাপন হৈছিল ১৯৬১।
5. কেতিয়া ভাৰতত প্ৰথমে দূৰদৰ্শন আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৫৯ চনত — আকাশবাণী ভবনত দিল্লীত।
6. ভাৰতত কেতিয়া প্ৰথমে ৰঙীণ টি. ভি. প্ৰৱৰ্তন হৈছিল?
উত্তৰঃ ১৯৮২ চনত দিল্লীত এছিয়ান খেল আৰম্ভৰ সময়ত।
7. স্থানীয় সংস্কৃতিয়ে কি বুজায়?
উত্তৰঃ স্থানীয় সংস্কৃতিয়ে কোনো এক নিৰ্ধাৰিত সীমাৰ ভিতৰত থকা সংস্কৃতিকে বুজায়।
8. বাণিজ্যৰ বিশ্বায়নৰ দ্বাৰা সাংস্কৃতিত (খাদ্যভ্যাসত) কি প্ৰভাৱ পৰিছে তাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ দূৰদৰ্শনৰ বিজ্ঞাপনৰ জড়িয়তে ভাৰতত খাদ্যভ্যাসত যথেষ্ট প্ৰভাৱ পৰিছে। আজিকালি ব্যস্ত মানুহে বাহিবত বা বজাৰতে Fast Food দোকানতে খাদ্য খায়। বিশেষকৈ মেগি আমলেট . বাৰগাৰ আদি খাইয়ে থাকে।
9. শক্তিশালী গণমাধ্যম দুটাৰ নাম লিখা।
উত্তৰঃ ৰেডিঅ আৰু দূৰদৰ্শন।
10. ভাৰতৰ প্ৰকাশিত হৈ থকা দুখন প্ৰধান বাতৰি কাকতৰ নাম লিখা।
উত্তৰঃ দি টাইমছ অব ইণ্ডিয়া (The Times of India) আৰু হিন্দুস্তান টাইমছ অব ইণ্ডিয়া (The Hindustan Times of India.)
11. সাধাৰণতে ইলেক্ট্রনিক মাধ্যমে কিহক বুজায়?
উত্তৰঃ ইলেকট্রনিক মাধ্যম বুলিলে সাধাৰণতে ‘ আকাশ বাণী ‘ আৰু দূৰদৰ্শনকে ইনটাৰনেটকে বুজায়।
12. দিল্লীত এছিয়ান গেম কেতিয়া হৈছিল?
উত্তৰঃ ১৯৮২ চনত।
13. অসমীয়া সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱ কেনেদৰে পৰিছে এটা উদাহৰণ দিয়া।
উত্তৰঃ অসমীয়াৰ জাতীয় উৎসৱ, বিহু উৎসৱৰ ওপৰত গোলকীকৰণ প্ৰভাৱ পৰিছে যেনে, বিহু গীতত বৰ্তমান ঢোল – পেপাৰ লগতে, কেচিও, গীতাৰ আদি বাদ্যযন্ত্র বজাই ও বিহুগীত গায়।
14. গণমাধ্যম প্ৰধান কাৰ্যাৱলী কি কি?
উত্তৰঃ গণমাধ্যমৰ প্ৰধান কাৰ্য হ’ল খা – খবৰ সম্প্ৰচাৰ কৰা।
15. দূৰদৰ্শনত কি প্ৰকাৰৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হয়?
উত্তৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী, আঞ্চলিক কার্যসূচী, স্থানীয় পৰ্যায়ৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হয় ৷
চমু প্রশ্নোত্তৰ
1. ছপা মাধ্যমত কি কি অন্তর্ভুক্ত?
উত্তৰঃ (ক) বাতৰি কাকত।
(খ) কিতাপ পত্র।
(গ) আলোচনী। আৰু
(ঘ) গোহাৰী, প্ৰচাৰ পত্ৰিকা ৷
2. মনোৰঞ্জন বিপ্লৱ বুলিলে কি বুজা?
উত্তৰঃ খা-খবৰৰ কাৰিকৰী বিজ্ঞান (Information Technology) জড়িয়তে যি বৈপ্লবিক পৰিৱৰ্তন মনোৰঞ্জনৰ ক্ষেত্ৰত হৈছে তাকে মনোৰঞ্জন বিপ্লব বোলে। বর্তমান যুগত জনসাধাৰণে টিভি কম্পিউটাৰ, আৰু ইণ্টাৰনেট আদিৰ লগত সংযুক্ত হৈ থাকে, এইবোৰে জনসাধাৰণৰ জীৱনত এক আমূল পৰিৱৰ্তন আনি দিছে।
3. সাংস্কৃতিক – আধুনিকীকৰণ কি?
উত্তৰঃ সংস্কৃতিত পৰিৱৰ্তনে অনা পদ্ধতিকে সাংস্কৃতিক আধুনিকীকৰণ পদ্ধতি বোলে। আমি আমাৰ জীৱন ধাৰণৰ পদ্ধতিত চাৰিওফালে পৰিৱৰ্তন দেখিবলৈ পাওঁ— যেনে, খাৱন শোৱন, পিন্ধন – উৰণ, পৰিয়াল, সংস্থা আদিত। এই সকলোবোৰকে সাংস্কৃতিক আধুনিকীকৰণ বুলিব পাৰি কাৰণ এই সকলোবোৰে সংস্কৃতি।
4. গণ মাধ্যমবোৰক কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ গণমাধ্যমৰ উপায়সমূহক তিনিটা ভাগত ভাগ কৰা হৈছে—
(ক) ছপা গণমাধ্যম ৷
(খ) বৈদ্যুতিক গণমাধ্যম। আৰু
(গ) দৃশ্য – শ্রাব্য গণমাধ্যম।
5. সাংবাদিকতাৰ (Journalism) ইন্টানেটৰ প্ৰভাৱ কেনেকুৱা?
উত্তৰঃ সাংবাদিকতাৰ পৃথিৱীখন ইণ্টাৰনেটৰ ক্ষেত্ৰত সংকুচিত হৈ আহিছে। বিশ্বৰ কোনো এটা অঞ্চলৰ খা – খবৰ বিশ্বৰ আন যিকোনো এটা অঞ্চললৈ কেই ছেকেণ্ডমানৰ ভিতৰতে প্ৰেৰণ কৰিব পাৰি কেৱল ইন্টাৰনেটৰ সহায়তে। সাংবাদিকসকলে আৱশ্যক মতে বিশ্বৰ যিকোনো ঠাইৰ পৰা যিকোনো ঠাইৰ সাংবাদিকৰ লগত প্ৰত্যক্ষভাৱে কথা – বতৰা পতাৰ লগতে চবিখনো টিভি, ত চাই থাকিব পাৰে। সংবাদমেলত আৱশ্যক মতে যিকোনো ঠাইৰ মানুহৰ লগত ভাবৰ আদান – প্ৰদান কৰিব পাৰে।
6. ভাৰতীয় ভাষাৰ কেইখনমান বাতৰি কাকতৰ নাম লিখা।
উত্তৰঃ ছপা মাধ্যমৰ ভিতৰত বাতৰি কাকত আৰু আলোচনীয়ে প্ৰধান আছিল—
(ক) হিন্দী ভাষাৰ প্ৰধান বাতৰি কাকতৰ ভিতৰত দৈনিক জাগৰ দৈনিক ভাস্কৰ, পঞ্জাব কেশৰী, হিন্দুস্তান আদি প্ৰধান।
(খ) তেলেগু ভাষাৰ ইনেডো।
(গ) মালায়ালাম ভাষাৰ মালায়ালাম মনোমা ৷
(ঘ) তামিল ভাষাৰ দিনাঠাচ্ছি।
(ঙ) ইংৰাজী ভাষাৰ – The Times of India, The Hindustan Times, The Tribune, Economics Time.
7. গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে ৰেডিঅ’ৰ পৰা কি সুবিধা লাভ কৰি আছে?
উত্তৰঃ গণমাধ্যমৰ ৰেডিঅ’ এক অতি গুৰুত্বপূৰ্ণ মাধ্যম। ট্ৰেন্সমিটাৰৰ সহায়ত ই এটা নিৰ্ধাৰিত অঞ্চলত খা-খবৰ, গীত – মাত, আলোচনা – বিলোচনাৰ সম্প্ৰচাৰ কৰে। ৰেডিঅ’ৰ বহুতো কাৰ্যসূচী বৰ্তমান কেৱল গ্ৰামাঞ্চলৰ লোকৰ বাবেই সম্প্ৰচাৰ কৰা হয়। এই কাৰ্যসূচীত সাধাৰণতে কৃষিকাৰ্যত আৰু আন বিভিন্ন বৃত্তিৰ বাবে গ্ৰামাঞ্চলৰ মানুহৰ শিক্ষা – দীক্ষা আৰু আধুনিক জ্ঞান দিবৰ বাবে সম্প্ৰচাৰ কৰা হয়। সাধাৰণতে কৃষিৰ আধুনিক পদ্ধতি বৈজ্ঞানিক সা – সঁজুলিৰ ব্যৱহাৰ, বীজ – সাৰৰ ব্যৱহাৰ, খেতিৰ বিভিন্ন কীটনাশক ঔষধৰ ব্যৱহাৰ, আন উন্নত দিহা – পৰামৰ্শ নিয়মীয়াকৈ আগবঢ়োৱা হয়। পশুপালন, মৎস্যপালন, হাঁহ – কুকুৰা পালন, জলসিঞ্চন আৰু আন আনুসংগিক পৰামৰ্শবোৰ তেওঁলোকৰ সামাজিক, আর্থিক উন্নয়নৰ বাবে আগবঢ়োৱা হয়।
8. কেইবিধমান গণমাধ্যম (যোগাযোগ) ৰ নাম উল্লেখক।
উত্তৰঃ গণমাধ্যমৰ নাম—
(ক) ৰেডিঅ’
(খ) দূৰদৰ্শন
(গ) বাতৰি কাকত
(ঘ) আলোচনী
(ঙ) ইনটাৰনেট
(চ) টেলিফোন
(ছ) মোবাইল ফোন
(জ) বিজ্ঞাপন
(ঝ) চিৰদি (CD) আদি।
9. ইণ্টাৰনেটৰ সুফলবিলাক বিচাৰ কৰা।
উত্তৰঃ ইণ্টাৰনেট এক আন্তৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থা। কম্পিউটাৰৰ যোগেদি ৱেবচাইটৰ ব্যৱহাৰ কৰি কোনো লোকে ইণ্টাৰনেটৰ জৰিয়তে যিকোনো খা – খবৰ, চিঠি – পত্ৰ লিখিতভাৱে পঠাব পাৰে বা আদান – প্ৰদান কৰিব পাৰে। আগৰ দৰে পোষ্ট অফিচ, টেলিগ্ৰাম আদিৰ যোগে পঠাব নালাগে। ইণ্টাৰনেটযোগে চেটেলাইটৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইলৈ বা – বাতৰি, চিঠি – পত্ৰ আদি পঠাব পাৰি। এইদৰে বা বাতৰি পঠাবলৈ অতি কম সময়তে আমেৰিকা, ইংলেণ্ড বা পৃথিৱীৰ যিকোনো ঠাইলৈ পঠাব পৰা যায়। আজিকালি ইণ্টাৰনেটৰ সহায়ত ৰে’লৰ টিকট, প্লেনৰ টিকট আদি আগতীয়াকৈ সংৰক্ষণ কৰিব পাৰি।
পৃথিৱীৰ যিকোনো ঠাইলৈ ফোন কৰি ইণ্টাৰনেটৰ সহায়ত লিখিত খা – খবৰ, চিঠি – পত্ৰ আনিব পৰা যায়। ইণ্টাৰনেটত Setting কৰি দুজন মানুহে কথা লিখিতভাৱে আদান – প্ৰদান কৰিব পাৰে। কম্পিউটাৰ যোগে ইণ্টাৰনেটত কোনো লাইব্ৰেৰী নাইবা বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ব্যৱস্থা খা – খবৰ সহজে ল’ব পৰা যায় ৷ মুঠতে ইণ্টাৰনেটৰ সুফল অপাৰ। ৱেবছাইটৰ ঠিকনা থাকিলে নির্দিষ্ট অফিচ বা ব্যক্তিৰ লগত যোগাযোগ কৰি সকলো কাম সহজে কৰিব পৰা যায়। সকলো ব্যক্তিয়ে ইণ্টাৰনেটৰ বাবে নিজৰ নামত ৱেবছাইট খুলি ল’ব পাৰে ৷
10. গণ মাধ্যমৰ তিনিটা মুখ্য কার্যাবলী লিখা।
উত্তৰঃ গণ মাধ্যমৰ তিনিটা মুখ্য কার্যাবলী—
১। বাতৰি কাকত :- ৰেডিঅ’ৰ জৰিয়তে জনসাধাৰণক নিয়মীয়াকৈ সমগ্ৰ বিশ্বৰ খা – খবৰৰ যোগান ধৰা।
২। ৰেডিঅ’ :- ভাৰতত প্ৰথমে ১৯২০ চনত কলিকতা আৰু চেন্নাইত প্ৰচাৰ কাৰ্য্য চলাইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সকলো বা – বাতৰি ৰেডিঅ’ৰ দ্বাৰা সম্প্ৰচাৰিত হৈছিল।
৩। মোবাইল ফোন :- বিদেশত, দূৰদূৰণিত থকা পৰিয়ালৰ লোকৰ, বন্ধু-বান্ধব, আত্মীয় কুটুম খা – খবৰ, মবাইল ফোনৰ দ্বাৰা লোৱাৰ ব্যৱস্থা কৰা।
৪। জনসাধাৰণে সময় সুবিধামতে, দূৰদৰ্শন (TV), ৰেডিঅ’ৰ জৰিয়তে, গীত – মাত, নাচ গান, নাটক – চিনেমা আদি চাই মনোৰঞ্জনৰ ব্যৱস্থা কৰিব পাৰে। এইবোৰে গণমাধ্যমৰ মূল কার্যাবলী।