ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Chapter 2 | Class 12 Sociology - AHSEC

ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Chapter 2 | Class 12 Sociology – AHSEC

ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Chapter 2 | Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 2 Notes | AHSEC Class 12 HS Sociology Chapter 2 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | HS Sociology Questions and Answers Assam | HS 2nd Year ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি


ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
(The Demographic Structure of Indian Society)

প্রথম খণ্ড পাঠ: ২

অতি চমু প্রশ্নোত্তৰ

1. শিশু মৰণশীলতাৰ (শিশুৰ মৃত্যুৰ) হাৰ কি? নাইবা, শিশুৰ মৃত্যুৰ হাৰ মানে কি?
উত্তৰঃ শিশুৰ মৰণশীলতাৰ হাৰে প্ৰতি ১০০০ জীবিত শিশুৰ এবছৰ হোৱাৰ আগতে মৃত্যু হোৱা শিশুৰ সংখ্যাক বুজায়। 

2. প্রত্যাশিত জীৱনৰ আয়ুসে কি বুজায়?
উত্তৰঃ প্ৰত্যাশিত জীৱনে গড় হিচাপে প্ৰতিজন মানুহে কিমান বছৰ জীয়াই থাকে তাকে বুজায়। 

3. লিংগৰ হাৰ বুলিলে কি বুজায়?
উত্তৰঃ এটা নিৰ্দিষ্ট এলেকাত . নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতি ১০০০ পুৰুষৰ মাজত গড়ে কিমান সংখ্যক মহিলা থাকে তাকে বুজায়।

4. জনসংখ্যা বৃদ্ধিয়ে কি বুজায়?
উত্তৰঃ একে লেঠাৰিয়ে জনসংখ্যা বৃদ্ধি হৈ থকাক বুজায়।

5. অসমৰ জনসংখ্যা ঘনত্ব কিমান?
উত্তৰঃ অসমৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিঃ মিটাৰত ৩৪০ জন।

6. ভাৰতৰ বৰ্তমান সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰঃ বর্তমান ভাৰতৰ সাক্ষৰতাৰ হাৰ ৬৫.৩০ শতাংশ।

7. অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰঃ অসমৰ সাক্ষৰতাৰ হাৰ ৬৪.২৮ শতাংশ।

8. ভাৰতৰ নাৰী – পুৰুষৰ অনুপাত কি?
উত্তৰঃ প্রতি হাজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা ৯৩৩ জনী।

9. ভাৰতৰ নগৰীয়া জনসংখ্যাৰ অনুপাত কিমান?
উত্তৰঃ ভাৰতৰ নগৰত বাস কৰা জনসংখ্যাৰ অনুপাত হ’ল ২৭.৭৮ শতাংশ।

10. অসমৰ গাঁও অঞ্চলত জনসংখ্যাৰ অনুপাত কিমান?
উত্তৰঃ অসমৰ গাঁও অঞ্চলত বাস কৰা জনসংখ্যাৰ অনুপাত হ’ল ৮৭.২৮ শতাংশ। 

11. ভাৰতৰ কোন ৰাজ্যত জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি?
উত্তৰঃ পশ্চিমবংগত (প্রতি বৰ্গ কিঃ মিটাৰত ৯০৫ জন)। 

12. বর্তমান (২০০১ চনত) অসমৰ কোন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি?
উত্তৰঃ যোৰহাট জিলাত (৭২.৫৪ শতাংশ)। 

13. জনসংখ্যা বৃদ্ধিৰ হাৰে কি বুজায়?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ হাৰে কোনো এখন দেশৰ কোনো এটা অঞ্চলৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰক বুজায়। এই হাৰত অঞ্চলটোৰ মৃত্যুৰ হাৰ আৰু জন্মৰ হাৰৰ পাৰ্থক্যৰ লগতে সেই অঞ্চললৈ বাহিৰৰ পৰা অহা লোকৰ সংখ্যাকো লোৱা হয়। 

14. জনসংখ্যাৰ গাঁথনি (Demographic Structure) মানে কি?
উত্তৰঃ জনসংখ্যাৰ গাঁথনিৰ দ্বাৰা সাধাৰণতে বুজোৱা হয় দেশখনৰ বিভিন্ন অংশত বিভাজিত জনসংখ্যাক, জনসংখ্যা ঘনত্বক, জন্ম – মৃত্যুৰ হাৰক · আনদেশৰ পৰা অহা আশ্রয়প্রার্থী, শিক্ষা, লিংগৰ হাৰ আদিক। জনসংখ্যাৰ গাঁথনিত জনসংখ্যাৰ বিভিন্ন দিশ আৰু বৈশিষ্ট্য অধ্যয়ন কৰা হয়। 

15. জনসংখ্যা ঘনত্ব কি?
উত্তৰঃ জনসংখ্যা ঘনত্বই কোনো এখন দেশ নাইবা এটা নিৰ্দিষ্ট অংশত বাসকৰা লোকৰ সংখ্যাক বুজায়। এই সংখ্যা জানিব পাৰি দেশখনত বা অঞ্চলটোৰ প্ৰতি বৰ্গ কিলোমিটাৰত গড় হিচাপে কিমান লোক বাস কৰে তাৰ সংখ্যাৰ হিচাপত।

16. জনসংখ্যা বিস্ফোৰণ মানে কি?
উত্তৰঃ যেতিয়া কোনো এখন দেশৰ জনসংখ্যা আশাতীতভাৱে বৃদ্ধি পাই যায় তাকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়। যেতিয়া জনসংখ্যা এনে এক পৰিমাণলৈ বৃদ্ধি পায় যে ইয়াৰ ফলাফলে ধ্বংসাত্মক ৰূপ লয় আৰু ফলত নানা অর্থনৈতিক সংকটে দেখা দিয়ে। আমাৰ ভাৰতেও এই সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। 

17. মাথাচৰ জনসংখ্যাৰ তত্ত্বৰ বিষয়ে কি জানা?
উত্তৰঃ মাদ্ধাচৰ মতে – কৃষিৰ উৎপাদন বৃদ্ধি পায় গাণিতিক প্ৰগতিৰে যেনে –2,4, 8, 10 আদি) ; কিন্তু জনসংখ্যা বৃদ্ধি পায় জ্যামিতিক প্ৰগতিৰে (যেনে- 2, 4, 8, 16, 32 হাৰত) ইয়াৰ অৰ্থ হ’ল জনসংখ্যায় গতি কৰে, আয় বৃদ্ধিৰ লগত নাইবা জীৱন ধাৰণৰ মানদণ্ড মতে। 

18. ভাৰতত দহ বছৰীয়া লোক গণনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ভাৰতত দহ বছৰীয়া লোকগণনা আৰম্ভ কৰা হৈছিল ১৮৮১ চনৰ পৰা।

19. জনসংখ্যাৰ তথ্য – পাতি কি কাৰণত গুৰুত্বপূৰ্ণ?
উত্তৰঃ (i) পৰিকল্পনা আৰু ৰাজ্যিক বা কেন্দ্ৰীয় নীতি কার্যকৰীকৰণৰ উদ্দেশ্যে।

20. আনুষ্ঠানিক জনসংখ্যাৰ (ডেমোগ্রাফী) প্রাথমিকভাৱে কিহৰ লগত সম্পর্কিত?
উত্তৰঃ জনসংখ্যা পৰিবৰ্তনৰ উপাদানবোৰ জোখমাখ আৰু বিশ্লেষণৰ ক্ষেত্ৰত আনুষ্ঠানিক জনসংখ্যাৰ প্ৰাথমিকভাৱে সম্পর্কিত। 

21. মালথাচৰ ‘জনসংখ্যা বৃদ্ধিৰ তত্ত্ব’ তেওঁৰ কোনখন গ্ৰন্থত উল্লেখ কৰিছে?
উত্তৰঃ তেওঁৰ ” Essay on Population (1789) গ্ৰন্থত। 

22. জন্মৰ হাৰ বুলিলে কি বুজা?
উত্তৰঃ কোনো নির্দিষ্ট এলেকাত নিৰ্দিষ্ট সময়ৰ ভিতৰত গড়ে প্রতি হাজাৰ মানুহৰ মাজত জীৱিত শিশুৰ জন্মৰ মুঠ পৰিমাণকে জন্মৰ হাৰ বোলে। 

23. মৃত্যুৰ হাৰ বুলিলে কি বুজা?
উত্তৰঃ কোনো নির্দিষ্ট এলেকাত নিৰ্দিষ্ট সময়ৰ ভিতৰত গড়ে, প্ৰতি হেজাৰ মানুহৰ মাজত মৃত্যু হোৱা লোকৰ মুঠ পৰিমাণকে মৃত্যুৰ হাৰ বোলে। 

24. জন্মদায়িনী হাৰ বুলিলে কি বুজা? উত্তৰঃ জন্মদায়িনী হাৰে শিশু জন্ম দিব পৰা বয়সৰ গোটৰ (সাধাৰণতে 15 বছৰৰ পৰা 49 বছৰলৈ) প্ৰতি ১০০০ মহিলাৰ ভিতৰত জীৱিত শিশু জন্ম দিয়া মহিলাৰ মুঠ সংখ্যাক বুজায়।

25. স্বাধীন ভাৰতত প্ৰথমবাৰ আৰু অন্তিমবাৰ লোকপিয়ল কেতিয়া হৈছিল?
উত্তৰঃ প্ৰথমবাৰ ১৮৮১ চনত আৰু অন্তিমবাৰ ২০১১ চনত।

26. ২০০১ চনৰ লোক গণনা মতে তলত দিয়া বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ ২০০১ চনৰ লোক গণনা মতে তলত দিয়া বৈশিষ্ট্যবোৰ উল্লেখ কৰা হ’ল—
১। ভাৰতৰ প্ৰত্যাশিত গড় জীৱন (আয়ুস) – ৬৩ বছৰ।
২। ভাৰতৰ শিক্ষিতৰ হাৰ (শতকৰা) – ৬৫ % জন।
৩। ভাৰতৰ লিংগৰ হাৰ (হেজাৰত) – ৯৩৩ জনী মহিলা
৪। ভাৰতৰ জনসংখ্যা ঘনত্ব (প্রতি বর্গ কি.মি.) – ৩২৪ জন। 

27. পৰিয়াল পৰিকল্পনাৰ অৰ্থ কি?
উত্তৰঃ পৰিয়াল পৰিকল্পনাৰ অৰ্থ হ’ল পৰিয়াল সদায় সৰু আকাৰৰ হ’ব লাগে অর্থাৎ ইয়াৰ আকাৰ নিয়ন্ত্রণাধীন হ’ব লাগে যাতে পৰিয়ালৰ খৰছ আয়তকৈ কম হয়। নিজৰ ইচ্ছামতে ল’ৰা – ছোৱালী জন্ম দিয়াকে পৰিয়াল পৰিকল্পনা বোলে।

28. পৰনিৰ্ভৰশীল অনুপাত কি? অথবা, নিৰ্ভৰশীলতাৰ অনুপাত বুলিলে কি বুজা?
উত্তৰঃ ১৫ বছৰ তলৰ (১–১৫) আৰু ৬৪ ওপৰৰ বয়সৰ মুঠ জনসংখ্যা ১৫-৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যাৰে হৰণ কৰি পৰনিৰ্ভৰশীল অনুপাত পোৱা যায়। এই অনুপাত শতকৰা হিচাপত প্ৰকাশ কৰা হয়। 

29. জন্মৰ হাৰ বুলিলে কি বুজা?
উত্তৰঃ জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনো এখন দেশৰ বা অঞ্চলৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰৰ বিপৰীতে গড় হিচাপে হোৱা জন্মৰ সংখ্যাক বুজোৱা হয়। 

30. ২০০১ চনৰ লোক পিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান?
উত্তৰঃ ভাৰতৰ ২০০১ চনৰ লোক পিয়ল মতে মুঠ জনসংখ্যা আছিল প্ৰায় ১০২ কোটি ৭০ লাখ বা (১০২,৭০,১৫,২৫৭ জন)।

31. ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ অধিক আৰু কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম?
উত্তৰঃ (ক) ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য হ’ল উত্তৰ প্রদেশ (মুঠ জনসংখ্যা ১৬.৬ কোটি)।
(খ) ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য হ’ল— চিকিম (মুঠ জনসংখ্যা -৫,৪ লীয় মাত্র)।

32. ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান?
উত্তৰঃ ভাৰতৰ জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃ মিটাৰত বৰ্তমান ৩২৪ জন।

33. ভাৰতৰ অতি উচ্চ হাৰত জন্মৰ হাৰ বৃদ্ধি হোৱাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ জন্মৰ হাৰ ভাৰতত অতি উচ্চ হোৱাৰ কাৰণ দুটা হ’ল— 

(ক) ভাৰতত বাল্য বিবাহ প্রচলন আৰু অতি কম বয়সত বিবাহ হোৱা বাবে দীৰ্ঘকাল ধৰি ল’ৰা – ছোৱালী জন্ম হয় কাৰণে। ইয়াৰ উপৰি বহু বিবাহ প্রচলন আছিল ; এজন পুৰুষে একাধিক বিবাহ কৰাইছিল। 

(খ) ভাৰতত আগেয়ে মৃত্যুৰ হাৰ অতি উচ্চ আছিল কাৰণে পিতৃ – মাতৃয়ে অধিক ল’ৰা ছোৱালী জন্ম দিছিল। যাতে কিছু ল’ৰা- ছোৱালীৰ মৃত্যু হ’লেও কিছু ল’ৰা – ছোৱালী বাচি থাকে। 

READ MORE  সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি | Chapter 5 | Class 12 Sociology - AHSEC

34. জনসংখ্যা বৃদ্ধিয়ে কি বুজায়?
উত্তৰঃ জনসংখ্যা বৃদ্ধিয়ে জন্ম হাৰ আৰু মৃত্যু হাৰৰ পাৰ্থক্যক বুজায়। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হোৱাকে জনসংখ্যা বৃদ্ধি হোৱা বুলি ধৰা হয়। ভাৰতত এই দুয়োটাৰে হাৰ কমিছে যদিও মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ কমকৈ হ্ৰাস পাইছে। 

35. জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ’ল—
(ক) মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বৃদ্ধি হোৱা।
(খ) জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ হ্ৰাস পোৱা।
(গ) বিদেশী প্রব্রজন। 

36. ভাৰতৰ দ্রুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা চাৰিটা আর্থসামাজিক সমস্যা লিখা। নাইবা, জনসংখ্যা বাঢ়িলে কি কি অসুবিধা হয়?
উত্তৰঃ আর্থ – সামাজিক চাৰিটা সমস্যা হ’ল—
(ক) নিবনুৱা সমস্যাৰ সৃষ্টি।
(খ) জনমূৰি আয়ৰ পৰিমাণ সীমিত কৰে।
(গ) জনমূৰি খাদ্য – শস্যৰ পৰিমাণ সীমিত আশ্রিত অনুপাত বৃদ্ধি কৰে আৰু মূলধন গঠনত বাধাৰ সৃষ্টি কৰে। 

37. জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপৰ্যপূৰ্ণ কিয়?
উত্তৰঃ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপৰ্যপূৰ্ণ, কাৰণ ই জনসংখ্যাৰ হাৰ বৃদ্ধি কৰিব পাৰে আৰু কমাব পাৰে। যাৰ পৰিণামত সমগ্ৰ দেশৰ অৰ্থনীতিত এক পৰিৱৰ্তনে দেখা দি নানা সমস্যাৰ সৃষ্টি কৰে। এইবোৰ কাৰণতে ই তাৎপর্যপূর্ণ।

38. অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা উল্লেখ কৰা।
উত্তৰঃ মূল কাৰণ দুটা হ’ল—
(ক) মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কমকৈ হ্ৰাস পোৱা।
(খ) অসমলৈ আন দেশ আৰু ৰাজ্যৰ পৰা হোৱা প্ৰব্ৰজন।

39. ভাৰতৰ জনসংখ্যাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বৈশিষ্ট্য পাঁচটা হ’ল—
(ক) পৃথিৱীৰ দ্বিতীয় জনবহুল জনসংখ্যা।
(খ) ভাৰতীয় জনসংখ্যা বিভিন্ন জনগোষ্ঠীসম্পন্ন।
(গ) ই বিভিন্ন ভাষা – সংস্কৃতি আৰু ধৰ্মৰ সংমিশ্ৰণ।
(ঘ) জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যধিক।
(ঙ) জনসংখ্যাৰ বিচিত্ৰতাৰ মাজত – এক ঐক্যৰ বান্ধোন আছে।

40. জনসাংখ্যিক বিজ্ঞানৰ অৰ্থ কি?
উত্তৰঃ জনসংখ্যা পদ্ধতিগত অধ্যয়ন।

41. An Essay on the Principle of Population নামৰ গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ মালথাছে।

42. আত্ম প্রতিফলন বা প্রতিফলন কি?
উত্তৰঃ সমাজতত্ত্বই আমাক দেখুৱাব পাৰে আমি প্ৰকৃততে আনৰ চকুত দেখাত কেনেকুৱা। ক’বলৈ গ’লে ই আমাক শিকাব পাৰে, বাহিৰৰ পৰা আমাক নিজকে দেখাত কেনেকুৱা। ইয়াকে আত্মপ্রতিফলন বোলে নাইবা কেৱল প্ৰতিফলন বোলে।

42. নিৰ্ভৰশীলতাৰ হাৰ কি?
উত্তৰঃ নিৰ্ভৰশীলতাৰ হাৰ মানে জনসংখ্যাৰ এটা অংশৰ তুলনামূলক জোখ, যিটো নিৰ্ভৰশীল লোকৰ দ্বাৰা গঠিত।

চমু প্রশ্নোত্তৰ

1. গাঁৱলীয়া সমাজ বুলিলে কি বুজা?
উত্তৰঃ যি সমাজৰ প্ৰকৃতিৰ লগত অতি ওচৰ সম্পর্ক থাকে, নাইবা অকৃত্রিম সম্পর্ক থাকে, কম জনসংখ্যা থাকে, সামাজিক সমৰূপতা থকা,গতিবিহীনতা,ৰক্ষণশীল সমাজ ব্যৱস্থাত থকা,যিসকলৰ জীৱিকাৰ একমাত্ৰ পথ কৃষিকার্য তাকেই আমি গাঁৱলীয়া সমাজ ব্যৱস্থা বুলি কওঁ।

2. নগৰীয়া সমাজ বুলিলে কি বুজা?
উত্তৰঃ যি সম্প্রদায়ে প্ৰকৃতিৰ পৰা আঁতৰত থাকি বসবাস কৰে। য’ত জনসংখ্যা ঘনত্ব বেছি, যি সকলৰ চাকবিজীৱী, যাৰ গতিশীলতা যথেষ্ট বেছি মানুহৰ মাজ সম্পর্ক দ্বিতীয় শ্ৰেণীৰ। শতকৰা প্ৰায় 75 % লোকৰ জীৱিকাৰ উপায় বেতন ভোগী বা কৃষিজীৱী নহয়। বেছিভাগ লোক চাকৰীজীৱী তাকে নগৰীয়া সমাজ বোলে। 

3. জনসংখ্যা (Demography) শব্দটো ব্যাখ্যা কৰা। নাইবা, জনসাংখ্যিক মানে কি?
উত্তৰঃ ইংৰাজী ডেমোগ্রাফী (Demography) শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা উদ্ভৰ হৈছে সেইবোৰ হ’ল—
(i) ডেমোচ (demos) মানে জনসাধাৰণ (People)।

(ii) গ্রাফিন (graphein) মানে বর্ণনা (Describe). গতিকে ডেমোগ্রাফী মানে জনসাধাৰণৰ (সংখ্যা) বর্ণনা। অর্থাৎ জনসংখ্যাৰ সুশৃংখল অধ্যয়নকে ডেমোগ্রাফী (Demography) বুলি কোৱা হয়। 

4. জনসংখ্যাত (ডেমোগ্রাফীত) অধ্যয়ন কৰা বিভিন্ন দিশ আৰু পদ্ধতিবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ (i) ডেমোগ্রাফীয়ে অর্থাৎ জনসংখ্যাৰ অধ্যয়নত ইয়াৰ বিভিন্ন দিশ আৰু পদ্ধতিত জনসংখ্যা সম্পৰ্কীয় যেনে— জনসংখ্যাৰ পৰিৱৰ্তন, ইয়াৰ আকাৰ (পৰিমাণ) জন্ম – মৃত্যুৰ ধৰণ, আৰু প্ৰব্ৰজন আদি সন্নিৱিষ্ট থাকে। 

(ii) এই অধ্যয়নত জনসংখ্যাৰ গাঁথনি আৰু গঠনৰ অধ্যয়ন কৰা হয় যেনে— মহিলা পুৰুষ সম্পর্কিত পৰিমাণ, আৰু পৃথক বয়সৰ দল আদিৰ। 

5. কি কি বিভিন্ন প্ৰকাৰৰ জনসংখ্যা (Demography) আছে? নাইবা, সামাজিক জনসাংখ্যিক তত্ত্ব আৰু আনুষ্ঠানিক জনসাংখ্যিক তত্ত্বৰ মাজৰ পাৰ্থক্যসমূহ লিখা।
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ জনসংখ্যা আছে—
(i) আনুষ্ঠানিক জনসংখ্যা (ডেমোগ্রাফী) ই বিশেষকৈ পৰিমাণিক ক্ষেত্ৰৰ লগত জড়িত।
(ii) সামাজিক জনসংখ্যা (ডেমোগ্রাফী) – ই মূলতঃ সামাজিক, অৰ্থনৈতিক নাইবা ৰাজনৈতিক বিষয়ক জনসংখ্যাৰ ওপৰত আলোকপাত কৰে।

6. জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে কেনে ব্যৱস্থা লৈছে? অথবা, ভাৰতৰ জনসাংখ্যিক নীতি সম্পর্কে লিখা।
উত্তৰঃ চৰকাৰে ১৯৫২ চনৰ পৰা জনসংখ্যা নীতি মানি চলিছে—
১। জন্ম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কৌশল সম্পৰ্কে প্ৰচাৰ কৰা।
২। ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা।
৩। জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰা।
৪। বাধ্যতামূলক বন্ধ্যাকৰণৰ কাম হাতত লোৱা।
৫। চিকিৎসা পদ্ধতি জৰিয়তে পুৰুষ বন্ধ্যাকৰণ আৰু মহিলা বন্ধ্যাকৰণ আদিৰ দৰে সুকীয়া ব্যৱস্থা লোৱা।
৬। দুখীয়া দুৰ্বল শ্ৰেণীৰ লোকক জোৰকৈ বন্ধ্যাকৰণ কৰা হৈছে। জনসাধাৰণে ইয়াৰ বিৰোধিতা কৰিছিল।

7. ৰাষ্ট্ৰীয় জনসংখ্যা নীতিৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ প্রধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল—
১। প্ৰতিহেজাৰত ৯ জনলৈ মৃত্যুৰ হাৰ কমাবলৈ স্থিৰ কৰা হয়।
২। প্ৰতি হেজাৰত ২১জনলৈ জন্মৰ হাৰ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হয়।
৩। প্ৰতি হেজাৰত ৬০জনলৈ শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হৈছিল।
৪। জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰতি বছৰে ১.২% লৈ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হৈছে।

8. কি কাৰণত গাঁৱবোৰক সামাজিক গোট বুলি কোৱা হয়?
উত্তৰঃ গ্রাম্য গোটবোৰ কিছুমান সামাজিক গোট বুলি কোৱাৰ যুক্তি সংগত কাৰণ আছে। আমি যদি ভাৰতীয় গাঁওবোৰক ভালকৈ সাবধানে অধ্যয়ন কৰোঁ আমি জানিব পাৰিম যে ভাৰতীয় গাঁওবোৰেই হ’ল ভাৰতৰ সংস্কৃতিৰ মূল ভেটি। ভাৰতৰ জনসংখ্যা প্রায় ৭০-৮০% শতাংশ লোকেই গাৱত বাস কৰে আৰু তেওঁলোক ওতপ্রোত ভাৱে কৃষিকার্যৰ লগত জড়িত। বৰ্তমান যুগত গাওবোৰলৈ বহুতো পৰিবৰ্তন আহিছে যদিও, এতিয়াও প্ৰত্যেকখন গাওৱে একোটা গোট হিচাপে কাম কৰি আছে। ভাৰতীয় সামাজিক সংৰচনাৰ মূল ভেটি হ’ল ভাৰতৰ গ্ৰাম্য সমাজখনহে গাঁৱৰ মানুহবোৰে একেলগে মিলি জুলি থাকে, পূজা – পার্বণ উৎযাপন কৰি শান্তিৰে জীৱন যাপন কৰে। তেওঁলোকৰ মাজত প্ৰাথমিক আৰু ব্যক্তিগত সম্পর্ক আছে। এইবোৰ কাৰণতে আমি সঠিকভাৱে গাঁওবোৰক একোটা সামাজিক গোট বুলি ক’ব পাৰো। 

9. কি কাৰণত বৰ্তমান যুগত নগৰীকৰণ বৃদ্ধি পাইছে? নাইবা, কি কাৰণে গ্রামাঞ্চলৰ পৰা মানুহ নগৰাঞ্চললৈ গতি কৰিবলৈ ধৰিছে?
উত্তৰঃ কাৰণবোৰ তলত উল্লেখ কৰা হ’ল—
১। বৰ্তমান যুগৰ প্ৰত্যেকখন দেশেই উদ্যোগীকৰণৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰে।
২। নগৰত মানুহৰ জীৱন ধাৰণৰ সকলো সুবিধা কৰিব পৰা যায়
৩। নগৰত মানুহে ভবিষ্যতৰ শিক্ষা – দীক্ষা, চাকৰি বাকৰি সুবিধা কৰি লোৱাৰ সুবিধা থাকে।
৪। নগৰত সকলো সময়তে বিভিন্ন বৰ্ধিত হৈ থকা উদ্যোগ, শিক্ষানুষ্ঠান কল – কাৰখানত কৰ্মসংস্থানৰ সুবিধা ওলায়ে থাকে, নগৰীকৰণৰ কাম বা সেৱাৰ অন্ত নাই।
৫। নগৰাঞ্চলত বাসিন্দাসকলৰ নিৰাপত্তাৰ কোনো সন্দেহ নাই।

10. গ্রাম্য সম্প্রদায় দেখা দিয়া পৰিৱৰ্তনবোৰ উল্লেখ কৰা।
উত্তৰঃ আধুনিক যুগত গাঁও অঞ্চলত ক্ৰমান্বয়ে কিছুমান পৰিৱৰ্তনে দেখা দিছে।
১। বৰ্তমান গাঁৱৰ মানুহ ক্ৰমান্বয়ে নগৰলৈ প্ৰব্ৰজন হৈ আছে।
২। গ্ৰামাঞ্চলৰ মানুহে আগৰ তুলনাত শিক্ষা – দীক্ষাত যথেষ্ট আগবাঢ়িছে।
৩। গাঁও অঞ্চলতো কৃষিৰ নতুন নতুন যন্ত্রপাতি আধুনিক সা – সঁজুলি ব্যৱহাৰ কৰি, কৃষিৰ উৎপাদন বৃদ্ধি পাইছে আৰু গাঁৱৰ মানুহৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন হৈছে।
৪। গাঁৱত লাহে লাহে জাতি ব্যৱস্থাৰ গুৰুত্ব হ্ৰাস পাইছে আৰু শ্ৰেণী ব্যৱস্থাই ঠাই পাইছে।
৫। বৰ্তমান গাঁৱত লাহে লাহে সামাজিক প্ৰস্থিতি ব্যক্তিৰ কৰ্মৰ জৰিয়তেহে স্থিৰ কৰিবলৈ আৰম্ভ কৰিছে।
৬। অনানুষ্ঠানিক সম্পৰ্কতকৈ আনুষ্ঠানিক সম্পর্ক বৃদ্ধি পাইছে।

11. জনসাংখ্যিক বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰঃ কোনো এখন দেশত বসবাস কৰা লোকৰ মুঠ সংখ্যাকে জনসংখ্যা বোলে। প্রত্যেক দেশতে ইয়াৰ জনসাংখ্যিক বিজ্ঞানৰ গুৰুত্ব দেশখনৰ ক্ষেত্ৰত অতি প্রভাবশালী উপাদান। দেশ এখনৰ উন্নতি – অৱনতি নিৰ্ভৰ কৰে জনসংখ্যাৰ ওপৰত আৰু ইয়াৰ প্ৰকৃতিৰ ওপৰত। দেশ এখন স্বাবলম্বী হ’বলৈ জনসংখ্যা অতি কমো হ’ব নালাগে আৰু অতি বেছিও হ’ব নালাগে। দেশ এখনৰ জনসংখ্যা উৎপাদন ব্যৱস্থাৰ এক মৌলিক উপাদান। কাৰণ জনসংখ্যাইহে উৎপাদন ব্যৱস্থাত শ্ৰমৰ যোগান ধৰিব পাৰে।

READ MORE  বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | Chapter 13 | Class 12 Sociology - AHSEC

দ্বিতীয়তে জনসংখ্যা সুস্থ, সুঠাম কষ্টসহিষ্ণু হ’লেহে উৎপাদনত আৱশ্যকীয় শাৰীৰিক বা মানসিক শ্ৰমৰ যোগান ধৰিব পাৰে। তৃতীয়তে জনসংখ্যাক উৎপাদনৰ বাবে উপযুক্ত কৰি তুলিবলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলো সুবিধা প্ৰদানৰ উপৰি উপযুক্ত শিক্ষা . প্রশিক্ষণ দিয়াটো আৱশ্যক।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল— দেশৰ উৎপাদন ব্যৱস্থাৰ মূল লক্ষ্য হ’ল দেশখনৰ জনসংখ্যাৰ দৈনন্দিন অভাৱ পূৰণৰ দ্বাৰা কল্যাণ সাধন কৰা। অৱশেষত জনসংখ্যাৰে এটা অংশই উৎপাদন কাৰ্যৰ দায়িত্ব বা উদ্যোক্তা হিচাপে দায়িত্ব গ্ৰহণ কৰাটো। এইদৰেই জনসংখ্যাই এক গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

12. ভাৰতত সম্প্ৰতি মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ কাৰণবোৰ লিখা।
উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ পূৰ্বে মৃত্যুৰ হাৰ অত্যধিক আছিল। মহামাৰী, দুর্ভিক্ষ আদিত চিকিৎসাৰ অভাৱত, অজ্ঞতাৰ বাবে, পৰিষ্কাৰ – পৰিচ্ছন্নতাৰ অভাৱত মানুহৰ মৃত্যু হৈছিল। কিন্তু স্বাধীনোত্তৰ কালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে মৃত্যুৰ হাৰ উল্লেখনীয়ভাৱে কমিছে। তলত কিছুমান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ’ল— 

(ক) চিকিৎসা সেৱাৰ উন্নতি :- চৰকাৰী চিকিৎসা সেৱাৰ আঁচনি প্ৰৱৰ্তন কৰি কলেৰা, হাইজা, প্লেগ আদি মহামাৰী জাতীয় ৰোগ নিৰ্মূল কৰা হৈছে। 

(খ) চৰকাৰৰ সাহায্য আঁচনি :- আগেয়ে দুর্ভিক্ষ বা আকালত বহুতো লোকৰ মৃত্যু হৈছিল। বৰ্তমান কৃষিকার্যৰ উন্নতি সাধন কৰি, আনকি আন দেশৰ পৰা খাদ্য সামগ্রী আমদানি কৰিও এনে দুৰ্ভিক্ষ চৰকাৰৰ দ্বাৰা আঁতৰ হৈছে। বৰ্তমান ভাৰত খাদ্য শস্য উৎপাদনত স্বাৱলম্বী হৈছে। 

(গ) পথ পৰিবহণৰ উন্নতি :- বৰ্তমান দেশত পথ পৰিবহণৰ উন্নতি সাধন হোৱা বাবে এঠাইৰ পৰা আন ঠাইলৈ খাদ্যবস্তু সহজে কম সময়তে পঠাব পৰা যায়। ইয়াৰ দ্বাৰা দেশৰ খাদ্যৰ নাটনি আঁতৰ কৰিব পৰা হৈছে। 

(ঘ) চিকিৎসা সেৱাৰ আধুনিকীকৰণ :- বিজ্ঞানসন্মত চিকিৎসা সেৱা প্ৰৱৰ্তন কৰি বৈজ্ঞানিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰি, নানা বৈজ্ঞানিক ঔষধ আদিৰ উদ্ভাৱন কৰি যক্ষ্মা, ধনুষ্টংকাৰ আদি দুৰাৰোগ্য বেমাৰ – আজৰৰ পৰা মানুহৰ প্ৰাণ ৰক্ষা কৰিব পৰা উপায় উলিয়াইছে। বৈজ্ঞানিক চিকিৎসা সেৱাই মানুহৰ নিশ্চিত মৃত্যুৰ মুখৰ পৰা বচাব পাৰে। এইদৰে মৃত্যুৰ হাৰ হ্ৰাস পাইছে। 

13. ভাৰত আৰু অসমৰ ১৯৯১ চনৰ লোক পিয়লৰ সময়ৰ তুলনাত ২০০১ চনৰ লোক পিয়লৰ সময়ত অসমৰ জনসংখ্যা ঘনত্ব কেনেকুৱা পৰিৱৰ্তন হৈছে লিখা।
উত্তৰঃ ভাৰত আৰু অসমৰ জনসংখ্যা ঘনত্ব ১৯৯১ চনৰ তুলনাত ২০০১ চনত যথেষ্ট পৰিৱৰ্তন হৈছে—

(ক) ভাৰতৰ জনসংখ্যা ঘনত্ব :- ভাৰতত ১৯৯১ চনৰ লোক পিয়লৰ মতে প্ৰতি বৰ্গ : কিলোমিটাৰত জনসংখ্যা ঘনত্ব আছিল ২৬৭ জন। কিন্তু দহ বছৰৰ মূৰত ২০০১ চনৰ লোক পিয়ল মতে ভাৰতৰ জনসংখ্যা প্ৰতি বৰ্গ কিঃ মিটাৰত হৈছিল ৩২৪ জন। মাত্ৰ দহটা বছৰতে প্ৰতি বৰ্গ কিঃ মিঃত ৫৭ জনকৈ বৃদ্ধি পায়। 

(খ) অসমৰ জনসংখ্যা ঘনত্ব :- অসমত জনসংখ্যাৰ গড় ঘনত্ব তুলনামূলকভাৱে আন ৰাজ্যতকৈ খুব বেছি নহ’লেও বর্তমান ভাৰতৰ গড় ঘনত্বতকৈ বেছি। ১৯৯১ চনৰ লোকপিয়ল মতে অসমৰ প্ৰতি কিঃ মিটাৰত গড় ঘনত্ব আছিল ২৮৬ জন। কিন্তু দহ বছৰৰ ভিতৰত ২০০১ চনৰ লোকপিয়ল মতে এই সংখ্যা হৈছিলগৈ ৩৪০ জন। কিন্তু ভাৰতৰ গড় ঘনত্ব সেই সময়ত হৈছিল ৩২৪ জন।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

1. জনসংখ্যা বৃদ্ধিৰ সমস্যা বুলিলে কি বুজোৱা হয়? উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ কেনেকুৱা বৰ্ণনা কৰা।
উত্তৰঃ আধুনিক কালত প্ৰায়বোৰ দেশতে বিশেষকৈ পিছপৰা আৰু উন্নয়নশীল দেশবোৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি উচ্চ হোৱা বাবে সেই দেশবোৰত বিভিন্ন সমস্যাই দেখা দিছে। কাৰণ জনসংখ্যা বৃদ্ধিৰ সমানে মানুহৰ অভাৱ পূৰণৰ বাবে অত্যাৱশ্যকীয় বস্তুৰ উৎপাদন কৰিব পৰা নাযায়। সেইবাবে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বাসস্থান, সাজপাৰ, শিক্ষা – দীক্ষা, কর্মসংস্থান খেতিৰ মাটি আদি সকলো দিশতে নাটনিৰ সৃষ্টি হয়। সমাজত মানুহৰ জীৱনৰ মানদণ্ডও নিম্নগামী কৰি তোলে। মুঠতে জনসংখ্যা বৃদ্ধিয়ে জনসংখ্যা বিস্ফোৰণ’ৰ সৃষ্টি কৰি মানৱ সমাজত সকলো দিশতে অনিষ্ট সাধন কৰে। গতিকে জনসংখ্যা বৃদ্ধিয়ে দেশখনক সকলো দিশতে পিছপৰা এটা অৱস্থালৈ লৈ যায়। অতি উচ্চ হাৰত বৃদ্ধি পোৱা জনসংখ্যাই এইদৰে বিভিন্ন সমস্যাৰ সৃষ্টি কৰি দেশৰ অধঃপতন আনে। গতিকে জনসংখ্যা বৃদ্ধিৰ সমস্যাই ইয়াকে বুজায়। 

উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱঃ
১। অত্যাৱশ্যকীয় বস্তুৰ নাটনি : – 

(ক) উচ্চ হাৰত বৃদ্ধি পোৱা জনসংখ্যাই পোন প্রথমেই খাদ্য সামগ্ৰীৰ নাটনি সৃষ্টি কৰে। পোনতে ‘ পৰিয়ালত · তাৰ পিছত দেশত খাদ্য বস্তুৰ জনমূৰি ভোগৰ পৰিমাণ কম কৰে, পুষ্টিকৰ খাদ্যৰ নাটনিৰ সৃষ্টি কৰে। ক্ৰমে সাজপাৰ, থকা ঠাই, বাসস্থান, ঔষধ, চিকিৎসা সেৱা, শিক্ষা – দীক্ষা আদিৰ নাটনি কৰে। প্ৰত্যেকজন ল’ৰা – ছোৱালীক উপযুক্ত মানুহ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা আদিত নাটনিৰ সৃষ্টি কৰে। সীমিত উপাৰ্জনেৰে অভিভাৱকসকলে এইবোৰ যোগান ধৰাৰ ক্ষমতাৰ অভাৱ হৈ এখন শিক্ষাহীন, স্বাস্থ্যহীন আৰু দৰিদ্ৰ, নিম্ন মানদণ্ডৰ সমাজত বা দেশত পৰিণত হয়।

(খ) জনসংখ্যা দ্রুত গতিত বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ নাটনি হয়। ফলত দেশৰ চৰকাৰে আন দেশৰ পৰা আমদানি কৰি আনি এই নাটনি পূৰণ কৰিব লগা হয়।

(গ) তৃতীয়তে বর্ধিত জনসংখ্যাৰ লোকসকলৰ বাবে সকলো ক্ষেত্ৰতে আৱশ্যক হোৱা ওপৰঞ্চি সামগ্ৰী আৰু সেৱাৰ বাবে খৰচৰ মাত্ৰা যথেষ্ট বৃদ্ধি হৈ পৰে আৰু সমস্যা বৃদ্ধি হৈ গৈ থাকে।

২। নিবনুৱা সমস্যাৰ সৃষ্টি আৰু বৃদ্ধি :- জনসংখ্যা অত্যধিক গতিত বৃদ্ধি হোৱাৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হয় আৰু ক্ৰমান্বয়ে ই বৃদ্ধি হৈ গৈ থাকে। কাৰণ জনসংখ্যা যি গতিৰে বৃদ্ধি পায় কর্মসংস্থান সেই গতিৰে বৃদ্ধি নহয়। ফলত কর্মযোগ্য লোকসকল কর্মহীন হৈ পৰে, পৰিয়ালত অর্থাৎ দেশত ওপৰঞ্চি লোকৰ বোজা বৃদ্ধি হৈ সঞ্চয়ৰ হাৰ কমি আহে, আৰু মূলধন গঠন কমি যায়। ফলত উৎপাদন ব্যৱস্থা সংকুচিত হৈ কৰ্মসংস্থান বৃদ্ধি নহয়। নিবনুৱা সমস্যা আৰু বেছি বৃদ্ধি পায়।

৩। খেতিৰ মাটিৰ নাটনি :- কৃষিপ্রধান দেশবোৰত প্ৰায় ৭০ শতাংশ লোক খেতিয়ক আৰু গ্ৰামাঞ্চলত বসবাস কৰা কৃষিজীৱী লোক। জনসংখ্যা বৃদ্ধিয়ে একোটা পৰিয়ালৰ সীমিত মাটিৰ ওপৰত হেঁচা বৃদ্ধিয়েই নহয়, পৰিয়ালৰ সংখ্যা বৃদ্ধি হৈ কেইবাটাও পৰিয়ালত বিভক্ত হোৱাৰ ফলত ভূমি – সম্পত্তি বিভাজিত হৈ মাটিৰ পৰিমাণ কমি গৈ নাটনিৰ সৃষ্টি কৰে। খাদ্য শস্যৰ নাটনি হয়।

৪। পৰিৱেশ দূষিকতকৰণ :- জনসংখ্যা বৃদ্ধি হ’লে বর্ধিত জনসংখ্যাৰ বাবে বাসস্থান ঘৰ বাৰী, খেতিপথাৰ, বাট – পথ, শিল্প – উদ্যোগ আদি গঢ়ি তোলাৰ বাবে গছ – গছনি, হাবি – বন কাটি পাহাৰ – পৰ্বত, নদ – নদী, বিল, হ্রদ সমান কৰি প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰি পেলোৱাৰ ফলত সমাজত প্ৰদূষণ বৃদ্ধি পায়। নগৰ – চহৰত জনসংখ্যা বৃদ্ধি হৈ যিকোনো ঠাইতে চাউনি পাতি পেলনীয়া বস্তুৰে নানা আৱৰ্জনাৰ সৃষ্টি কৰি, নলা – নৰ্দমা বন্ধ কৰি প্ৰদূষণ বৃদ্ধি কৰে। এইদৰে গোটেই পৰিৱেশটো নষ্ট কৰি তোলে।

2. ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ তিনিটা জন্মৰ উচ্চ হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন।

১। জন্মৰ হাৰ বৃদ্ধিৰ কাৰণ :- ভাৰতত যোৱা পঞ্চাশ বছৰৰ আগৰ পৰাই মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ অধিক হৈ আহিছে। সেই কাৰণেই ভাৰতত জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে। ভাৰতত যোৱা পঞ্চাশ বছৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কমিছে যদিও মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কৰ্মকৈ কমিছে। সেই কাৰণেই জনসংখ্যা বৃদ্ধিৰ হাৰ সামান্যহে কমিছে। ভাৰতত জন্মৰ হাৰ উচ্চ হৈ থকাৰ কাৰণবোৰ স্পষ্টকৈ জানিবলৈ হ’লে আমি আৰু কেইটামান কাৰণ আলোচনা কৰা উচিত হ’ব।

(ক) বাল্য বিবাহ আৰু কম বয়সত বিবাহ হোৱাৰ প্ৰথা :- ভাৰতত বাল্য কালতে বা কম বয়সতে বিবাহ প্রথা থকা বাবে দীৰ্ঘকাল ধৰি সন্তান জন্ম দি সন্তানৰ সংখ্যা বৃদ্ধি কৰে। সংসাৰ জ্ঞানৰ অভাৱতে বেছি সন্তান জন্ম দি দৰিদ্ৰ জীৱন যাপন কৰে। 

READ MORE  সংৰচনাত্মক পৰিৱৰ্তন | Chapter 8 | Class 12 Sociology - AHSEC

(খ) বহু বিবাহ প্রথা :- ভাৰতৰ হিন্দু আৰু ইছলাম ধৰ্মৰ লোকে ধর্মান্ধতাৰ বাবেই একাধিকবাৰ বিয়া কৰায়। সন্তানহীনতাক এই সকলো লোকে পাপৰ ফল বুলি ভাবে আৰু মৃত্যুৰ পাছত মুক্তি নাপায় বুলি বিশ্বাস কৰি বাৰে বাৰে বিয়া কৰাই বহুতো সতি – সন্ততিৰ জন্ম দিয়ে। এই কাৰণতো ভাৰতৰ জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে।

(গ) মৃত্যুৰ হাৰ উচ্চ হোৱাৰ কাৰণত :- এটা সময়ত ভাৰতত মৃত্যুৰ হাৰ অধিক আছিল, বিশেষকৈ শিশুসকলৰ মাজত। সেই কাৰণতে অনিশ্চয়তাৰ বাবে পিতৃ – মাতৃয়ে অধিক সন্তানৰ জন্ম দিছিল, যাতে কিছু সংখ্যকৰ মৃত্যু হ’লেও কিছু সংখ্যক বাচি থাকে। ফলত দেশতজনসংখ্যা অত্যধিকভাৱে বৃদ্ধি পায়। 

(ঘ) অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবে :- ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লোকৰ অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবেও জনসংখ্যা বৃদ্ধি পাইছে। গ্রাম্য লোকে জন্ম নিয়ন্ত্ৰণ কৰা পাপ বুলি ভাবে, সতি – সন্ততিক ভগৱানৰ দান বুলি ভাবে আৰু সেইবোৰ ভগৱানেই পালন কৰা বুলি ভাবে। আনহাতে চিকিৎসা সেৱাৰ অভাৱতো ল’ৰা – ছোৱালী জন্ম হোৱাটো বন্ধ কৰিব নোৱাৰিছিল।

(ঙ) দৰিদ্ৰতা :- দৰিদ্ৰ বা দুখীয়া লোক ভাৰতীয় সমাজত অধিক। এই অধিক গ্রামবাসী লোকসকলে পৰিয়ালত অধিক ল’ৰা – ছোৱালী জন্ম হোৱাটো ভাল কথা বা সুবিধাজনক বা লাভজনক বুলিয়ে ভাবিছিল। কিয়নো এই ল’ৰা – ছোৱালীবোৰক পিতৃ – মাতৃয়ে অতি কম বয়সৰ পৰা উপাৰ্জনমুখী কামত নিয়োগ কৰিবলৈ বিশেষকৈ কৃষি, পশুপালন, হস্তশিল্প আদিৰ নিচিনা কামত শিশুসকলক নিয়োগ কৰাৰ বাবেই বেছিকৈ সতি – সন্ততিৰ জন্ম দিছিল ; ফলত দেশত জনসংখ্যা বৃদ্ধি পায়।

(চ) শিক্ষাৰ অভাৱৰ বাবে :- শিক্ষাৰ অভাৱৰ বাবেই পিতৃ – মাতৃয়ে জনসংখ্যা বৃদ্ধিৰ অপকাৰিতাৰ কথা শুদ্ধভাৱে চিন্তা কৰিব নোৱাৰে। বৰং ভুলকৈ ভাবিয়ে ল’ৰা – ছোৱালী বেছিকৈ জন্ম দিয়ে আৰু ল’ৰা – ছোৱালীক কম বয়সতে উপার্জনমুখী কামত নিয়োগ কৰে। বিশেষকৈ স্ত্ৰী শিক্ষাৰ অভাৱতত ল’ৰা – ছোৱালীৰ বেছি জন্ম হোৱাৰ পৰিণাম চিন্তা কৰিয়ে সীমিত ল’ৰা ছোৱালী জন্ম দিয়ে। গতিকে শিক্ষাৰ অভাৱ জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ। 

২। মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ কাৰণত জনসংখ্যা বৃদ্ধি পায় :- স্বাধীনতাৰ পাছৰ কালছোৱাত চিকিৎসা সেৱাৰ যথেষ্ট উন্নতি হৈছে আৰু ইয়াৰ ফলতে ভাৰতত বৰ্তমান মহামাৰী বিশেষকৈ কলেৰা, বসন্ত, প্লেগ আদি নিৰ্মূল হৈছে। শিক্ষা ব্যৱস্থাৰ উন্নতিয়ে মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমাণে কমাইছে, ফলত মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে আৰু জনসংখ্যা বৃদ্ধিত যথেষ্ট বৰঙণি যোগাইছে। গতিকে জনসংখ্যা বৃদ্ধিৰ ইয়ো এটা কাৰণ।

৩। প্ৰব্ৰজন :- জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হ’ল প্ৰব্ৰজন। বহিঃপ্রব্রজন, আন্তঃপ্ৰব্ৰজনতকৈ কম হ’লে দেশত জনসংখ্যা বৃদ্ধি পায়। অৱশ্যে ভাৰতৰ নিচিনা বিশাল জনসংখ্যাৰ দেশত আন্তঃপ্ৰব্ৰজনে উচ্চ হাৰত জনসংখ্যা বৃদ্ধি কৰিব নোৱাৰে যদিও ভাৰতৰ কোনো কোনো ৰাজ্যত প্ৰজনে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি কৰিব পাৰে। বিশেষকৈ অসম বা পশ্চিমবংগৰ নিচিনা ৰাজ্যলৈ দুর্ভিক্ষপীড়িত দেশ পাকিস্তান, বাংলাদেশ নেপাল আদি ৰাষ্ট্ৰৰ পৰা বহুতো লোক আহি ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ কৰি তোলে। এইবোৰেই হ’ল জনসংখ্যা উচ্চ হাৰত বৃদ্ধি হোৱাৰ কাৰণ। 

3. জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? জনসংখ্যা বৃদ্ধিৰ কাৰকবোৰৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ কোনো এখন দেশ বা এটা অঞ্চলৰ জনসংখ্যা এক নিৰ্দিষ্ট সময়ত যিমান হয়, তাৰ তুলনাত এটা নিৰ্দিষ্ট সময়ৰ অন্তত যদি অধিক হয় তাকে জনসংখ্যা বৃদ্ধি হোৱা বুলি কোৱা হয়। আনহাতে কোনো এখন দেশত বা ঠাইত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বৃদ্ধি হ’লেই জনসংখ্যা বৃদ্ধি হয়। অৱশ্যে কোনো এখন দেশলৈ বাহিৰৰ পৰা লোক প্ৰব্ৰজন হৈও জনসংখ্যা বৃদ্ধি পাব পাৰে।

জনসংখ্যা বৃদ্ধিৰ কাৰক :- জনসংখ্যা বৃদ্ধিৰ কাৰক তিনিটা— জন্ম, মৃত্যু আৰু প্ৰব্ৰজন। সাধাৰণতে কোনো এটা নিৰ্দিষ্ট সময়ত জন্মৰ তুলনাত মৃত্যুৰ সংখ্যা কম হ’লে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি হোৱাক বুজায়। কিন্তু কোনো এটা নিৰ্দিষ্ট সময়ত জন্মৰ সংখ্যাৰ তুলনাত মৃত্যুর সংখ্যা বেছি হ’লে জনসংখ্যা স্বাভাৱিকতে হ্রাস হোৱাক বুজাব। গতিকে দেখা যায় মৃত্যুৰ সংখ্যাৰ তুলনাত জন্মৰ সংখ্যা অধিক হোৱাটোকে জনসংখ্যা বৃদ্ধি হোৱা বুলি কোৱা হয়। আনহাতে প্ৰব্ৰজনো জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ। এখন দেশ বা এটা অঞ্চলৰ পৰা কোনো লোক আন দেশ বা অন্য এটা অঞ্চললৈ যোৱাকে জনসংখ্যাৰ প্ৰব্ৰজন বুলি কোৱা হয়। কোনো এখন দেশৰ পৰা কোনো এখন দেশলৈ আহিলে তাকে আন্তঃপ্ৰব্ৰজন বোলে।

আনহাতে কোনো এখন দেশৰ পৰা লোক আন কোনো এখন দেশলৈ গ’লে তাক বহিঃপ্ৰব্ৰজন বোলে। গতিকে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আন্তঃপ্ৰব্ৰজনৰ তুলনাত বহিঃপ্রব্রজন কম হ’লে জনসংখ্যা বৃদ্ধি হয় আৰু আন্তঃপ্ৰব্ৰজনৰ তুলনাত বহিঃপ্ৰব্ৰজন বেছি হ’লে জনসংখ্যা হ্রাস হ’ব। গতিকে কোনো এখন দেশৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ আন্তঃপ্ৰব্ৰজন আৰু মুঠ বহিঃপ্ৰব্ৰজনৰ পাৰ্থক্যই হ’ল প্ৰণোদিত বৃদ্ধি।

এতিয়া কোনো এখন দেশৰ মুঠ জনসংখ্যা বৃদ্ধি পাবলৈ হ’লে দেশখনৰ মুঠ স্বাভাবিক বৃদ্ধি আৰু মুঠ প্ৰণোদিত বৃদ্ধিৰ দ্বাৰা নিৰ্ধাৰিত হ’ব। স্বাভাবিক বৃদ্ধি হ’ল দেশখনৰ মুঠ জন্মৰ সংখ্যা আৰু মুঠ মৃত্যুৰ সংখ্যাৰ পাৰ্থক্য। আনহাতে প্ৰণোদিত বৃদ্ধি হ’ল মুঠ আন্তঃপ্ৰব্ৰজন আৰু মুঠ বহিঃপ্ৰব্ৰজনৰ পাৰ্থক্য। এই দুয়োটা পার্থক্য সমষ্টিয়েই হ’ল দেশখনৰ মুঠ বৃদ্ধি। এইদৰে দেশ এখনৰ জনসংখ্যাৰ মুঠ বৃদ্ধি উলিয়াব পাৰি।

4. ভাৰতত জন্মৰ হাৰ উচ্চ হোৱাৰ কাৰণবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণবোৰৰ ভিতৰত জন্মৰ হাৰ বৃদ্ধি মৃত্যুৰ হাৰ হ্ৰাস আৰু প্ৰব্ৰজন এই তিনিটাকে গণ্য কৰা হয়। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্যকে জনসংখ্যা বৃদ্ধি বুলি ধৰা হয় যদিহে জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হয় আৰু আনহাতে বহিঃপ্ৰব্ৰজনতকৈ আন্তঃপ্ৰব্ৰজন বেছি হ’লে জনসংখ্যা বৃদ্ধি হয়। জনসংখ্যা এইদৰে বৃদ্ধি পোৱাৰ উপৰি জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ আৰু দ্ৰুত হোৱাৰ আন কিছুমান কাৰণো আছে। সেই কাৰণবোৰ তলত সংক্ষেপে আলোচনা কৰা হ’ল।

১। বাল্যবিবাহৰ কাৰণে :- মধ্য যুগৰে পৰা ভাৰতত প্ৰচলিত হৈ অহা বাল্যবিবাহ প্রথাৰ বাবে কম বয়সতে বিবাহ হোৱা দম্পতীয়ে দীৰ্ঘকাল ধৰি ল’ৰা – ছোৱালী জন্ম দি দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুত কৰি তোলে।

২। ধর্মীয় গোড়ামী আৰু অন্ধবিশ্বাস :- ভাৰতৰ হিন্দুসকলে সন্তানহীনতাক পাপ বুলি জ্ঞান কৰিছিল। তাৰোপৰি সন্তান জন্ম নহ’লে মৃত্যুৰ পাছত আত্মাই মুক্তি নাপাব বুলি ভাবিছিল। সেইবাবে হিন্দুসকলে একাধিকবাৰ বিবাহ কৰাইছিল। ইছলামধৰ্মী লোকসকলেও কেইবাজনীও স্ত্রী বিবাহ কৰা ধৰ্মীয় নিয়ম আছিল। এজন পুৰুষেই কেইবাজনীও তিৰোতা বিয়া কৰোৱাৰ ফলত একেটা পৰিয়ালতে বহুতো সন্তান জন্ম দিছিল। ফলত জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছিল।

৩। মৃত্যুৰ হাৰ অত্যধিক হোৱা বাবে :- আগেয়ে মৃত্যুৰ হাৰ অত্যধিক আছিল, বিশেষকৈ শিশু কালত আৰু বয়সীয়াসকলৰ মাজতো কলেৰা, বসন্ত আদি ৰোগত বহুতো লোকৰ মৃত্যু হৈছিল। সেইবাবে পিতৃ – মাতৃয়ে বহুতো সন্তান জন্ম দিছিল যাতে কিছু মৰিলেও কিছু থাকে। ফলত দ্রুত গতিত জনসংখ্যা বৃদ্ধি হৈছিল।

৪। অজ্ঞতা আৰু চিকিৎসা সেৱাৰ অভাৱ :- আগৰ কালত সীমিত পৰিয়ালৰ জ্ঞান বা জন্ম নিয়ন্ত্ৰণৰ জ্ঞান মানুহৰ নাছিল। জনসংখ্যা বৃদ্ধিৰ কুফলৰ কথাও মানুহে ভাবিব নোৱাৰিছিল। চিকিৎসা সেৱাৰ সুবিধা নাছিল। জন্ম নিয়ন্ত্ৰণৰ ইচ্ছা থাকিলেও তাক বাধা দিয়াৰ উপায় নাছিল। ফলত জনসংখ্যা বৃদ্ধি পাইছিল।

৫। দৰিদ্ৰতা আৰু অজ্ঞতা :- ভাৰতত দৰিদ্ৰ আৰু দুখীয়া পৰিয়ালৰ সংখ্যা বেছি আছিল। এই পৰিয়ালবোৰৰ ল’ৰা – ছোৱালীৰ সংখ্যা বেছি হ’লে সুবিধাহে হৈছিল, কাৰণ সৰুৰে পৰা সিহঁতক উপার্জনমুখী কামত নিয়োগ কৰিছিল। সেইকাৰণতে বেছি ল’ৰা – ছোৱালী জন্ম দিছিল। ইয়াৰ ফলতে জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছিল।

৬। শিক্ষাৰ অভাৱ :- শিক্ষা – দীক্ষাৰ অভাৱৰ বাবেও বিশেষকৈ স্ত্রীশিক্ষাৰ অভাৱতে, আগৰ কালত মানুহে বাল্য বিবাহ বা সৰু কালতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দীৰ্ঘকাল ল’ৰা – ছোৱালী জন্ম দিছিল। পৰিণামৰ কথা নাভাবিছিল। শিক্ষিত মানুহৰ চিন্তাহে দূৰদৰ্শিতাসম্পন্ন হয়। এনেবোৰ কাৰণতে ভাৰতৰ জনসংখ্যা অতি দ্রুত গতিত বৃদ্ধি পাইছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top