গীত আৰু ছবি | Chapter 3 | Class 9 Assamese Chapter 3 গীত আৰু ছবি | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 3 Notes | SEBA Class 9 Assamese Chapter 3 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 3 গীত আৰু ছবি| Assam Class 9 Assamese Questions and Answers Assam | Class 9 গীত আৰু ছবি Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 3 গীত আৰু ছবি
গীত আৰু ছবি
(দুৰ্গেশ্বৰ শৰ্মা)
অতি চমু প্রশ্নৰ উত্তৰ
1. সৰু কথা এটি গীত হ’ব পাৰেনে?
উত্তৰঃ সুৰ লগাই গালে গীত হ’ব পাৰে ৷
2. কোন ধৰণৰ ছবিয়ে জগতৰ উপকাৰ সাধন কৰে?
উত্তৰঃ আদর্শমূলক, জাতীয় চেতনা জগাব পৰা ছবিয়ে জগতৰ উপকাৰ সাধন কৰে।
3. কেনে গীতে হৃদয় জগাব পাৰে?
উত্তৰঃ গীতৰ কথা আৰু সুৰে যেতিয়া মানুহৰ বা শ্ৰোতাৰ অন্তৰ স্পৰ্শ কৰে।
4. কেনে ছবি মানুহৰ মনত সোমাব পাৰে?
উত্তৰঃ ভাল আৰু আকৰ্ষণীয় ছবি।
5. কেনে ছবিৰ মূল্য আটায়ে নুবুজে?
উত্তৰঃ যিবোৰ ছবি প্রতীকধর্মী তাৰ মূল্য আটায়ে নুবুজে
6. কোন ছবি দেখিলে মানুহে ৰং পায়?
উত্তৰঃ সচৰাচৰ দেখি থকা বস্তুৰ বাস্তৱধৰ্মী ছবি দেখিলে মানুহে ৰং পায়।
7. কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উত্তৰঃ যি গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য নহয় তাক কোনেও ভাল নোবোলে।
8. সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ’লে আমাৰ প্ৰাণ টানি ধৰে।
9. কবিৰ মতে কোনবোৰ বস্তু অজ-অমৰ?
উত্তৰঃ কবিৰ মতে কৌশলী বিদ্যা হ’ল অজৰ-অমৰ।
10. সাধাৰণ গছ-পাতটিও ছবিত আৰু সাধাৰণ কথাটিও গীতত কিয় ভাল হৈ পৰে?
উত্তৰঃ চিত্ৰকৰ আৰু সুৰকাৰৰ বা কাকাৰৰ কৌশলী বিদ্যাৰ গুণত৷
11. কেনে ধৰণৰ গীত বুজাইহে বুজে?
উত্তৰঃ যিবোৰ গীত ৰাগ প্ৰধান, সেইবোৰ গীত বুজাইহে বুজে অর্থাৎ ৰাগৰ চৰ্চা কৰা মানুহেহে মাথোন সেই গীতবোৰৰ অৰ্থ বুজে।
12. কেনেকুৱা গীত আঁৰু ছবিক সকলোৱে ভাল বুলি কয়?
উত্তৰঃ যিবোৰ গীত আৰু ছবিৰ অৰ্থ সৰ্বসাধাৰণে বুজি পায় বা সকলোৰে প্ৰিয় হয় তাক সকলোৱে ভাল, বুলি কয়।
13. ‘সিহে পায় নিজে নিজে আলাসত ঠাই’ ইয়াত আলাস’শব্দটোৰ অৰ্থ কি?
উত্তৰঃ ইয়াত ‘আলাস’ শব্দটোৰ অৰ্থ আকাশ বা ‘আলাসত’ অর্থ আকাশত। ইয়াত যিবোৰ গীত আৰু ছবি মানুহৰ মন আকৰ্ষণ কৰে সেইবোৰৰ স্থান মান উচ্চ হৈ পৰে—সেইবোৰ আকাশত স্থান পায়।
চমু প্রশ্নৰ উত্তৰ
1. গীত আৰু ছবি’ কবিতাটোৰ মূলভাব লিখা।
উত্তৰঃ গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলাৰ অন্তৰ্গত। গীতৰ কথা আৰু ছবিৰ অর্থ সৰ্বসাধাৰণৰ বোধগম্য নহলেও সুৰকাৰ আৰু চিত্ৰকৰে নিজৰ কৌশলী বিদ্যাৰে সৰ্বসাধাৰণৰ মনোগ্ৰাহী কৰি তুলিব পাৰে। স্থান, কাল, ভাষা—এইবোৰে শ্রোতাক বা দর্শকক আমনি নকৰে। এনে গীতবোৰেই যুগে যুগে মানুহৰ মাজত অমৰত্ব লাভ কৰে৷
2. সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা ৷
উত্তৰঃ সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণৱন্ত। কলাকাৰে সাধাৰণ বস্তু এটাকে প্ৰাণৱন্ত কৰি তুলিব পাৰে। আমি বাস্তৱত দেখি থকা বস্তুবোৰৰ প্ৰতি কেতিয়াও বিশেষভাৱে মন নকৰোঁ। কিন্তু তাকে যেতিয়া কলাকাৰে তুলিকাৰে আঁকি ৰং সানি প্ৰাণৱন্ত কৰি তোলে তেতিয়া তাক আকৌ নতুনকৈ চোৱাৰ হেঁপাহ জন্মে। গছৰ পাত আমি সদায় দেখি থাকো, সৰিপৰা গছৰ পাতৰ ওপৰেদি আমি গচকি খোজ কাঢ়ি গৈ থাকো; কিন্তু পাতটোৰ প্ৰতি আমি কেতিয়াও মন নকৰোঁ। কিন্তু এই একেটা পাতেই চিত্ৰকৰৰ কল্পনা আৰু কৌশলত ছবিত মোহনীয় হৈ উঠে। এককথাত ক’বলৈ গ’লে সুকুমাৰ কলাই সকলো সময়তে মানুহৰ মনত ক্রিয়া- প্ৰতিক্ৰিয়া কৰি মানুহৰ মনত আন্দ দান কৰিব পাৰে।
3. ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা।
উত্তৰঃ গীত আৰু ছবি দুয়োবিধ সুকুমাৰ কলাৰ অন্তৰ্গত। সুকুমাৰ কলা সকলো সময়তে সকলো ঠাইতে সকলো মানুহৰে জনপ্ৰিয়। সেই কাৰণে গীতক কোৱা হয় ‘সংসাৰ মৰুভূমিত গীত সৰোবৰ। অৰ্থাৎ সাংসাৰিক জ্বালাযন্ত্ৰণাৰ মাজত বা অশেষ ক্লান্তিৰ অন্তত এফাকি গীত শুনিলে মানুহে মনত শান্তি লাভ কৰে। কিয়নো গীত আৰু ছবিৰ মাধ্যমেৰে মানুহে মনৰ দুখ-বেদনা আৰু সুখ শান্তিক প্ৰকাশ কৰে। কিন্তু সেই গীত আৰু ছবিৰ অৰ্থ সহজবোধ্য হ’ব লাগিব। উদাহৰণ স্বৰূপ অসমীয়া সমাজত বিহুগীতৰ প্ৰচলন আৰু আদৰ পুৰণি কালৰেপৰা আছে। বিহুগীতৰ সুৰ আৰু কথা আমাৰ সহজবোধ্য বাবে তাক আমি সহজে বুজিব পাৰোঁ।
আনহাতে অসমীয়া বিহুগীতবোৰৰ মাজেদি সাধাৰণতে ডেকা-গাভৰুৰ প্ৰাণৰ উচ্ছ্বাসকহে প্ৰকাশ কৰা হয়। সেই কাৰণে বিহুগীতবোৰ ডেকা-গাভৰুৰ যিমান প্ৰিয়, বৃদ্ধ-প্রৌঢ়ৰ সিমান প্ৰিয় নহয়৷ কাৰণ এই গীতবোৰৰ ভাৱৰ গাম্ভীৰ্য্য কম। কিন্তু বৰগীতবোৰ ডেকা-বুঢ়া সকলোৰে প্ৰিয়। কাৰণ আধ্যাত্মিক বস্তুনিষ্ঠ, ভাৱৰ গাম্ভীৰ্য আৰু সুৰৰ লাইি বৰগীতক যেনেদৰে উচ্চস্তৰলৈ তুলি নিছে, তেনেদৰে সকলো শ্ৰেণ কৰে অন্তস্পৰ্শী কৰি তুলিছে। সেই কাৰণে বৰগীতক অসমীয়া সাহিত্য চয়নিকা সহায়িকা-নৱম শ্ৰেণী) ভাল গীত বুলি আমাৰ সমাজে আদৰি লৈছে। বৰগীতবোৰৰপৰা অসমীয়া সমাজৰ সামাজিক আৰু আধ্যাত্মিক জীবনৰে উপকাৰ হৈছে।
আনহাতে ভজন গীতবোৰত থকা কথাৰ অৰ্থ সাধাৰণ মানুহে নুবুজিব পাৰে ; কিন্তু সেই গীতবোৰৰ আধ্যাত্মিক ভাবধাৰা আৰু সুৰে সকলো ভাৰতীয় লোককে ঈশ্বৰাভিমুখী কৰি শান্তি দান কৰে। কিন্তু এই সকলোৰে মূলতে হৈছে কলাকাৰ। সকলৰ কৌশলী বিদ্যা। কলাকাৰ সকলে জনসাধাৰণৰ মন আকর্ষণ কৰি গীতক প্ৰাণস্পর্শী কৰিবৰ বাবে সুৰৰ সৃষ্টি কৰে আৰু সেই সুৰৰ মূৰ্চনাই প্ৰতিটো প্ৰাণকে আঁকোৱালি ধৰে বাবে তেনে গীতৰ মৃত্যু নাই। এই গীতবোৰ মানুহৰ মনত চিৰকাল অজৰ অমৰ হৈ বিৰাজ কৰে। এইবোৰ গীত মহান।
গীতবোৰৰ দৰে ছবিৰ মাধ্যমেদিও চিত্ৰকৰ সকলে তেওঁলোকৰ মনৰ ভাৱাবেগ। প্ৰকাশ কৰে। চিত্ৰকৰে ছবিৰ যোগেদি সামাজিক হর্ষ-বিষাদ, দুখ- দৈন্য, অত্যাচাৰ উৎপীড়ন আৰু প্ৰকৃতিৰ মনোমোহা চিত্ৰবোৰ প্ৰকাশ কৰে। ইয়াৰে কিছুমান নানা প্রতীকৰ সহায়েৰে আৰু কিছুমান বাস্তৱৰূপে প্ৰকাশ হয়। প্রতীকধর্মী ছবিবোৰে সৰ্বসাধাৰণ মানুহৰ মন আকৰ্ষণ কৰিবলৈ ব্যৰ্থ হোৱা দেখা যায় ; কাৰণ তেনে ছবি উচ্চমানৰ হ’লেও সৰ্বসাধাৰণে বুজিব নোৱাৱে। কিন্তু বাস্তৱধৰ্মী ছবিবোৰ সহজে বুজিব পৰা হয় বাবে সৰ্বসাধাৰণৰ বাবে গ্ৰহণযোগ্য হয়। গতিকে গীতেই হওক বা ছবিয়েই হওক সহজবোধ্য আৰু বাস্তৱধৰ্মী হ’লোহে এইবোৰ মানুহৰ মনত মহৎ স্থান লাভ কৰে।
4. ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ গীত আৰু ছবি সকলোৰে প্ৰিয় ;কিন্তু সৰ্বসাধাৰণে বুজিব নোৱাৰিলে। সেই গীত বা ছবিয়ে কেতিয়াও জনপ্রিয়তা লাভ কৰিব নোৱাৰে। আনহাতে যিবোৰ গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য হয় সি বিশেষভাবে মানুহৰ মন আকৰ্ষণ কৰিব পাৰে আৰু তাৰ স্থান-মান উচ্চ হৈ পৰে। আনহাতে এনে কিছুমান গীত আছে যিবোৰ গীতৰ কথা সকলো মানুহে বুজিব নোৱাৰে ;কিন্তু সুৰৰ মূৰ্চনাৰে সৰ্বসাধাৰণৰ মন আকৰ্ষণ কৰি শ্ৰোতাক আবেগপ্ৰৱণ কৰি তুলিব পাৰে। সেইদৰে নুবুজা ছবিও ৰং আৰু কলাৰ-প্ৰয়োগৰ বাবে সৰ্বসাধাৰণৰ মনোগ্ৰাহী হৈ উঠে। সদায় দেখি থকা বস্তুও তুলিকাৰ কৌশলত আকর্ষণীয় ছবি হয় আৰু গীতৰ দ্বাৰাই সদায় শুনি থকা কথাও আকর্ষণীয় হয়। চিত্রকৰ বা গায়কে নিজৰ কৌশলেৰে যি গীত বা ছবিক আকর্ষণীয় কৰিব পাৰে সি যুগে যুগে মানুহৰ মনত সাঁচ বহুৱাব পাৰে, তাত দেশ-কাল পাত্ৰৰ কথা নাই।
5. সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্রাণ টানি ধৰে। —ব্যাখ্যা কৰা।
উত্তৰঃ এই কবিতা ফাকি দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত কবিতা ‘গীত আৰু ছবি’ৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে সুকুমাৰ কলাৰ আকৰ্ষণীয়তাৰ কথা বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে। সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণৱন্ত। কলাকাৰে সাধাৰণ বস্তু এটাকে প্ৰাণৱন্ত কৰি তুলিব পাৰে। আমি বাস্তৱত দেখি থকা বস্তুবোৰৰ প্ৰতি কেতিয়াও বিশেষভাৱে মন নকৰোঁ। কিন্তু তাকে যেতিয়া কলাকাৰে তুলিকাৰে আঁকি ৰং সানি প্ৰাণৱন্ত কৰি তোলে তেতিয়া তাক আকৌ নতুনকৈ চোৱাৰ হেঁপাহ জন্মে। উদাহৰণত কবিয়ে কৈছে গছৰ পাত আমি সদায় দেখি থাকো, সৰিপৰা গছৰ পাতৰ ওপৰেদি আমি গচকি খোজ কাঢ়ি গৈ থাকো ;কিন্তু পাতটোৰ প্ৰতি আমি কেতিয়াও মন নকৰোঁ। কিন্তু একেটা পাতেই চিত্ৰকৰৰ কল্পনা আৰু কৌশলত ছবিত মোহনীয় হৈ উঠে। গীতৰ ক্ষেত্ৰতো একেই কথা। গীতৰ কথা যিয়েই নহওঁক, আমি সদায় শুনি থকা কথাই হওঁক বা, নহওঁক সুৰকাৰে যেতিয়া সেই কথাক সুৰ দি সুললিত কণ্ঠস্বৰেৰে গায় তেতিয়া তাক শুনি আমাৰ সকলোৰে ভাল লাগে, আনকি বহুতো সময়ত গীতবোৰে প্ৰাণৰ জোৱাৰ তোলে। এককথাত ক’বলৈ গ’লে সুকুমাৰ কলাই সকলো সময়তে মানুহৰ মনত ক্রিয়া-প্রতিক্রিয়া . কৰিব পাৰে।
6. ‘মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ অমৰ,
য’তে-পৰে ত’তে গজে, বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ ৷ —ব্যাখ্যা কৰা।
উত্তৰঃ এই কবিতাফাকি দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত কবিতা গীত আৰু ছবি’ৰ পৰা তুলি দিয়া হৈছে।
ইয়াত কবিয়ে সুকুমাৰ কলাৰ কলাকাৰ সকলৰ কৌশলী বিদ্যাৰ স্থায়ীত্বৰ কথা প্ৰকাশ কৰিছে।
গায়কে গোৱা গীত আৰু চিত্ৰকৰে আঁকা ছবি তেওঁলোকৰ একোটা বিদ্যা। এই বিদ্যাৰ প্ৰয়োগেৰে চিত্ৰকৰ বা গায়কে সদায় দর্শক-শ্রোতাৰ মন আকর্ষণ কৰাৰ চেষ্টা কৰে। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন কৌশল প্রয়োগ কৰে। যিবিলাক কলাৰ ভাৱ সৰল সহজ হয় আৰু গতিও ধীৰ হয় সেইবিলাক কলা সকলোৰে মনোগ্ৰাহী হৈ উঠে। এটা গীতৰ কথাবোৰ যদি সৰল সহজ শব্দৰে ৰচনা কৰে আৰু তাক যদি সুৱদী কণ্ঠেৰে সুৰৰ লালিত্যৰে গোৱা হয় ; তেন্তে সেই গীত মানুহৰ প্ৰাণত লাগি ধৰে ; তেনে গীত যি ভাষাৰেই নহওঁক কিয় সকলো ভাষাভাষী লোকৰ প্ৰিয় হৈ পৰে আৰু সকলো দেশৰ বা জাতিৰ মানুহে তাক গ্ৰহণ কৰি আপোন কৰি লয়। এই কথাকেই কবিয়ে কৈছে যে কৌশলী বিদ্যাৰ কেতিয়াও মৃত্যু নহয়, সি মানুহৰ মাজতেই জীয়াই থাকে। অৱশ্যে দেশ-কাল- পাত্র ভেদে তাৰ জনপ্ৰিয়তাৰ তাৰতম্য ঘটে।
7. কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা।
উত্তৰঃ পথিৱীৰ সকলো দেশতে সকলো জাতিৰ মাজতে গীত আৰু ছবিৰ প্ৰচলন আছে। দেশ আৰু জাতি অনুসাৰে মানুহৰ ভাষা বেলেগ বেলেগ। তথাপি এখন দেশৰ গীত বা ছবি আন এখন দেশৰ মানুহে ভাল পায়— তেতিয়া সি সৰ্বসাধাৰণৰ বোধগম্য হয় আৰু হৃদয় আকৰ্ষণ কৰিব পাৰে। কিন্তু কিছুমান গীত আছে যাক নিজৰ দেশৰ মানুহেও বুজিব নোৱাৰে বা গ্ৰহণ কৰিব নোৱাৰে। উদাহৰণত আমাৰ দেশত প্ৰচলিত উচ্চস্তৰৰ সঙ্গীতবোৰ সৰ্বসাধাৰণ লোকে বুজিব নোৱাৰে। সেই কাৰণে সেই গীতবোৰ উচচস্তৰৰ হলেও সকলো মানুহৰ ভাল নালাগে। আনহাতে কাৱালী বা আধুনিক গীত সৰ্বসাধাৰণে সহজে বুজিব পাৰে বাবে সকলোৰে ভাল লাগে। ছবিৰ ক্ষেত্ৰতো যি ছবিৰ মূল বা অর্থ মানুহে সহজে বুজিব নোৱাৰে তাক সাধাৰণ ৰাইজে ভাল নাপায়। গতিকে সৰ্বসাধাৰণৰ মনোগ্ৰাহী নোহোৱা গীত আৰু ছবিক মানুহে ভাল নোবালে।
পৃথিৱীৰ জাতিবোৰৰ সকলোৰে একো একোটা সুকীয়া ভাষা আছে, আৰু সেই সুকীয়া ভাষাৰ সুকীয়া গীত আৰু ছবিও আছে। এখন দেশৰ বা এটা জাতিৰ মানুহে আন এখন দেশৰ বা আন এটা জাতিৰ ভাষা নুবুজিব পাৰে। কিন্তু ভাষা নুবুজিলেও এখন দেশৰ গীত আৰু ছবিক আন এখন দেশৰ মানুহে গ্ৰহণ কৰিব পাৰে যেতিয়া সেই গীত বা ছবি দুয়োখন দেশৰে বা দুয়োটা জাতিৰে উমৈহতীয়া হৈ উঠে৷ গীত আৰু ছবি উমৈহতীয়া হ’ব পাৰে একমাত্ৰ কলাকাৰৰ কৌশতলহে। গতিকে কলাকাৰৰ কৌশলত যেতিয়া গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য হৈ উমৈহতীয়া হয়, তেতিয়া তাক সকলোৱে আদৰি লৈ আলাসত ঠাই দিয়ে।
8. গীত আৰু ছবিৰে জগতৰ কেনেকৈ উপকাৰ কৰিব পাৰি? উদাহৰণেৰে বুজাই লিখা।
উত্তৰঃ গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলা। সুকুমাৰ কলাই সকলো শ্ৰেণীৰ মানুহৰ মন আকৰ্ষণ কৰিব পাৰে। গীত মানুহৰ অতিকৈ প্রিয় বস্তু। নানা বাদ্যৰ সহায়ত যেতিয়া গায়কে এটা গীত গাবলৈ ধৰে তেতিয়া মন শ্ৰোতাৰ যতেই নাথাকক কিয়, সি গায়কৰ সুৰৰ মাজলৈ ধাবিত হবই। সমাজৰ সংস্কাৰৰ ক্ষেত্ৰত গীত বৰ প্রশস্ত। গীতিকাৰে সমাজ আৰু ব্যক্তিৰ কল্যাণৰ অৰ্থে বচা বচা শব্দ প্রয়োগ কৰি গীত ৰচনা কৰে আৰু সুৰকাৰে তাত সুৰদান কৰি প্ৰাণৱন্ত কৰে আৰু শেষত গায়কে সেই গীত সুৱদী কণ্ঠেৰে গাই শ্ৰোতাক আকৰ্ষণ কৰে। ইয়াৰ কিছুমান সুন্দৰ আৰু বাস্তৱ উদাহৰণ আছে—
খ্রীষ্টীয় চতুৰ্দশ শতিকাত অসমীয়া সমাজত নানা অনাচাৰ ব্যভিচাৰ আৰম্ভ হৈ সমাজখনক অধোগামী কৰিছিল। তেতিয়া মহাপুৰুষ শঙ্কৰ-মাধৱদেৱে আধ্যাত্মিক ভাৱৰ কিছুমান বৰগীত ৰচনা কৰি অসমীয়া সমাজত পৰিবেশন কৰিছিল। ফলত তেওঁলোকে অধোমুখী অসমীয়া সমাজখনক উদ্ধাৰ কৰি অসমীয়া জাতিটোক একত্ৰিত কৰিবলৈ সমৰ্থ হৈছিল। সেই কাৰণে অসমীয়া সমাজত বৰগীতবোৰ আজিও অমৰ হৈ আছে।
ভাৰতৰ স্বাধীনতা আন্দোলন পৃথিৱীৰ এক অবিস্মৰণীয় ঘটনা। ভাৰতীয় জাতিটোক পৰাধীনতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবৰ অৰ্থে সকলো ৰাজ্যতে নিজ নিজ ভাষাত আৰু ৰাষ্ট্রভাষাত বহুতো জাতীয় ভাবোদ্দীপক গীত ৰচিত আৰু পৰিবেশিত হৈছিল। ইয়াৰ ফলত সমগ্ৰ ভাৰতীয় সমাজখন একত্ৰিত হৈ পৰাধীনতাৰ বিৰুদ্ধে যুঁজ দিব পাৰিছিল আৰু ভাৰতক স্বাধীন কৰিবলৈ সমৰ্থ হৈছিল।
গীতবোৰৰ দৰে ছবিৰ প্ৰদৰ্শনো বিভিন্ন সময়ত মন কৰিবলগীয়া। বৈষ্ণৱ আন্দোলনৰ সময়ত মহাপুৰুষ শংকৰদেৱে সাতবৈকুণ্ঠৰ চিত্ৰপট আঁকি মানুহৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত বহুতো চিত্ৰকৰে ছবিৰ প্ৰদৰ্শনেৰে মানুহৰ মনত জাতীয় চেতনা জগাই তুলিবলৈ যত্ন কৰিছিল। বৰ্তমান কালত চৰকাৰে সমাজ বিৰোধী কামবোৰৰ ক্ৰিয়া আৰু পৰিণতিক ছবিৰ যোগেদিয়েই প্ৰদৰ্শন কৰি আছে। কৃষি আৰু বাণিজ্যৰ উন্নতি ও ছবিৰ যোগেদিয়েই প্ৰসাৰতা লাভ কৰি আছে। এইদৰেই গীত আৰু ছবিৰ যোগেদি জগতৰ উপকাৰ সাধন কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত ছবিবোৰ প্ৰতীক ধৰ্মী নহৈ পোনপটীয়া হোৱাহে ভাল যাতে সকলো শ্ৰেণীৰ লোকে বুজিব আৰু উপলব্ধি কৰিব পাৰে।
ভাষা-বিষয়ক
1. সমার্থক শব্দ লিখা। —জগত, উলাহ, চকু, সৰু, ভাল, কাণ।
উত্তৰঃ
শব্দ | সমার্থক শব্দ |
জগত | বিশ্ব |
উলাহ | উৎসাহ |
চকু | অক্ষি, নেত্র |
সৰু | ক্ষুদ্র |
ভাল | উৎকৃষ্ট |
কাণ | কর্ণ |
2. বাক্য ৰচনা কৰা। —কৌশলী বিদ্যা, অজৰ অমৰ, আলাসত ঠাই, ডাঙৰ-দীঘল, বুজাইহে, মূল, হৃদয়, আকাৰ।
উত্তৰঃ কৌশলী বিদ্যাঃ- কৌশলী বিদ্যা আয়ত্ত কৰা জনেহে মানুহৰ সমাদৰ লাভ কৰিব পাৰে।
অজৰ-অমৰঃ- ভাল সৃষ্টিকৰ্ম যুগ যুগ ধৰি অজৰ-অমৰ হৈ থাকে।
আলাসত ঠাইঃ- ভাল শিল্পকৰ্মক মানুহে সমাদৰ কৰি আলাসত ঠাই দিয়ে।
ডাঙৰ-দীঘলঃ- পিতৃ-মাতৃয়ে অশেষ যত্নেৰে ল’ৰা-ছোৱালীক ডাঙৰ দীঘল কৰে।
বুজাইহেঃ- বুজেনবীনৰ কোৱা কথাবোৰ বুজাইহে বুজিব।
মূলঃ- সকলো কাৰ্যৰে মূল বিষয় থাকে।
হৃদয়ঃ- সকলো মানুহৰে হৃদয় একে নহয়।
আকাৰঃ- সকলো বস্তুৰে আকাৰ আছে, ঈশ্বৰৰ কিন্তু আকাৰ নাই।
3. বিপৰীত শব্দ লিখা। —মিহি, প্রাণ, মৃত্যু, মূল, ক্ষুদ্র।
উত্তৰঃ
শব্দ | বিপৰীত শব্দ |
মিহি | ঘহটা |
প্রাণ | নিষ্পণ |
মৃত্যু | জন্ম |
মূল | আগভাগ |
ক্ষুদ্র | ডাঙৰ |