উভতি নহাৰ কবিতা (Ubhoti Nohar Kobita) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


উভতি নহাৰ কবিতা
কবি- নৱকান্ত বৰুৱা

‘উভতি নহাৰ কবিতা’ কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱা ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম-মৃত্যুৰ চিৰন্তন সত্য প্ৰকাশ কৰিছে। প্ৰকৃতিৰ চিৰা-চৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে। এই পৃথিৱীৰ পৰা এবাৰ গুছি গ’লে পুনৰ উভতি নাহে আৰু আহিবও নোৱাৰে। অকল কবিয়েই নহয় কোনো লোকেই এই পৃথিৱীলৈ পুনৰ উভতি নাহে। কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায় আৰু এই কথা জীৱনত বহুবাৰ কলে, বহু ভাবেৰে বুজালে। কিন্ত সেয়ে হ’লেও পৃথিৱীখনলৈ কবি পুনৰ উভতি নাহে। কবিৰ বাবে যন্ত্ৰণাকো আকোৱালী অৰ্থাৎ যন্ত্ৰণা লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালী বুলি কৈছে। এই ধেমালী কবিয়ে এবাৰেই খেলিলে। মৃত্যুৰ পিছত খেল খেলিব কোনো মানুহ উভতি নাহে। কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব য’ত কবিৰ একো চিন নাথাকিব। নতুন প্ৰজন্মই হ’ব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হ’ব নতুন দিন।

জীয়াই থকা কালত কবিয়ে বুটলা বকুলজোপাৰ ফুল তেতিয়া বা কবিৰ মৃত্যৰ পাছত কবিয়ে নহয় অইন কোনোবাইহে বুটলিব। কবি উভতি নাহে আৰু আহিব নোৱাৰে। হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাহেঁ। তেওঁ পৃথিৱীখনক ভালপায় এই কথা শেষবাৰ স্বীকাৰ কৰিছে তথাপি তেওঁ মৰমৰ পৃথিৱীখনলৈ উভতি আহিব নোৱাৰে।

Very Short Type Questions and Answers (1 Marks)

1. নৱকান্ত বৰুৱাই কোন চনত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰঃ নৱকান্ত বৰুৱাই 1926 চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰিছিল ৷

2. নৱকান্ত বৰুৱাই স্কুলীয়া শিক্ষা ক’ত সমাপন কৰিছিল?
উত্তৰঃ নৱকান্ত বৰুৱাই স্কুলীয়া শিক্ষা নগাঁৱত সমাপন কৰিছিল ৷

3. ‘উভতি নহাৰ কবিতা’টি কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’টি ‘দলঙত তামীঘৰা’ কাব্য সংকলনৰ পৰা লোৱা হৈছে ৷

4. কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি?
উত্তৰঃ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল— যন্ত্ৰণা ৷

5. ‘তামীঘৰা’ শব্দটিৰ অৰ্থ লিখা।
উত্তৰঃ ‘তামীঘৰা’ শব্দটিৰ অৰ্থ হ’ল— তম্বু।

6. নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি লাভ কৰিছিল?
উত্তৰঃ নৱকান্ত বৰুৱাই ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে সাহিত্য অকাদেমি লাভ কৰিছিল ৷

7. ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটা পাৰ্থক্য লিখা।
উত্তৰঃ ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, কিন্ত আধুনিক কবি সকল বাস্তৱবাদী, তেওঁলোকৰ মতে এবাৰ জন্ম লৈ পৃথিৱীৰ পৰা গুছি যোৱা পিছত এই পৃথিৱীলৈ পুনৰাই আহিব নোৱাৰে।

8. ‘উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা ?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ আধুনিক যুগৰ এক বাস্তৱবাদী দাৰ্শনিক কবিতা।

9. ‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।

READ MORE  সন্ধি | অসমীয়া ব্যাকৰণ | Conjunction in Assamese Grammar

10. কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ ‘ককাদেউতাৰ হাড়’ পুথিখনৰ বা উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

Short Type Questions and Answers (2 Marks)

1. নৱকান্ত বৰুৱাই কৰ্ম জীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই কৰ্ম জীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম হ’ল—
১। জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু

২। কটন মহাবিদ্যালয়।

2. নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্ৰন্থৰ নাম হ’ল—
১। ৰাৱণ আৰু
২। ৰত্নাকৰ।

3. নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম হ’ল—
১। কপিলীপৰীয়া সাধু।
২। ককাদেউতাৰ হাড়।

4. কবিয়ে বকুল তলৰ ফুল কোনে বুটলিব বুলি ভাবিছে?
উত্তৰঃ কবিয়ে বকুল তলৰ ফুল তেওঁৰ দৰে কোনোবাই আহি বুটলিব বুলি ভাবিছে। সেয়া হ’ব নতুন দিন আৰু নতুন মানুহ।

5. জীয়াই থকাটো কবিয়ে কি বুলি ভাবিছে?
উত্তৰঃ জীয়াই থকাটো কবিয়ে ধেমালি বুলি ভাবিছে (“জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ’লো”)। তেওঁৰ মতে যন্ত্ৰণাই জীয়াৰ মন্ত্ৰ যিটো মানুহৰ জীয়াই থকাৰ প্ৰতি মূহূৰ্ত্ততে প্ৰতিফলিত হয় (“যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ”)।

6. নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উটৰঃ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথি হ’ল—
১। হে অৰণ্য হে মহানগৰ,
২। এটি দুটি এঘাৰটি তৰা
৩। ৰাৱণ।

7. নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল—
১। কপিলীপৰীয়া সাধু
২। ককাদেউতাৰ হাড়।

8. নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল—
১। আখৰৰ জখলা
২। শিয়ালী পালেগৈ ৰতনপুৰ।

9. কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?
উত্তৰঃ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল—যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে।

10. কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?
উত্তৰঃ কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে নানান পৰিবৰ্তন হʼব। তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব।”

Long Type Questions and Answers (4 Marks)

1. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গʼলোঁ।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথি ʼসাহিত্য সৌৰভʼৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।

ইয়াত কবিয়ে পুনৰ এই পৃথিৱীখনলৈ উভতি নহাৰ প্ৰসঙ্গত কথাখিনি উল্লেখ কৰিছে।

কবিয়ে পৃথিৱীখনলৈ দুনাই আহিব নোৱাৰে। সাংসাৰিক প্ৰাণী মাত্ৰেই সুখ-দুখ পোৱা-নোপোৱা আৰু বেদনা থাকে। কবিও তাৰ উৰ্ধ্বত নহয়। কবিৰ জীৱনতো যন্ত্ৰণাৰ পাহাৰ আছে। সেই যন্ত্ৰণাক বুকুত বান্ধি কবিয়ে জীৱন বাটত খোজ দিছে। কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া। এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব। সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে। যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে। তেওঁ এবাৰেই এই জীৱনৰ খেল-ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাব খুজিছে।

2. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
কোনোৱা আহিব মোৰ দৰে কোনো দিনা ?

মোৰ সুৰতে বাজিব নতুন বীণা ?
ওহোঁ সেয়া হʼব নতুন মানুহ
সেই দিনো হʼব নতুন দিন
মোৰ তাত একো নাথাকে চিন।
উত্তৰঃ ব্যাখেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’শীৰ্ষক কবিতাটোৰ পৰা উৰ্দ্ধিত কৰা হৈছে।

READ MORE  মগনিয়াৰ | Class 12 Assamese (MIL) - AHSEC

কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসঙ্গত এই কবিতাংশ উল্লেখ কৰিছে।

প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে। পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে। কিন্ত কবি বাস্তৱত বিশ্বাসী। কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে। সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে। তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব। তথাপি, তেওঁৰ চিন তাত নাথাকিব, থাকিব মাথো নতুন ধ্যাণ-ধাৰণা আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ’ব।

Long Type Questions and Answers (3/4/5 Marks)

1. কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, চমুকৈ বুজাই লিখা।
উত্তৰঃ মানুহ মৰণশীল। প্ৰত্যেকৰে এবাৰেই জন্ম হয় আৰু এবাৰেই মৃত্যু হয়। মৃত্যুৰ পিছত কোনোৱেই পুনৰ পৃথিৱীলৈ উভতি আহিব নোৱাৰে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে। পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায়। তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয়। কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাবেৰে আৰু নানা ভাষাৰে প্ৰকাশ কৰিছে। তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক ওভোতাই আনিব নোৱাৰে। সেয়ে এবাৰ গুছি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে, ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব।

2. নতুন দিনত কবিৰ একো চিন কিয় নাথাকে বুলি ভাবিছে বুজাই লিখা।
অথবাঃ কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।
উত্তৰঃ কবি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ৰ অন্তৰ্গত কবিতা পুথিৰ ‘উভতি নহাৰ কবিতা’ত যুগ পৰিৱৰ্তনৰ আভাস দেখা পোৱা যায়। কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভালপায়, কিন্ত যিমানে ভাল পালেও এই পৃথিৱীত তেওঁ চিৰদিন ৰৈ নাথাকে। এবাৰ গুছি যোৱাৰ পিছত কোনোৱেই এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে। কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব। ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আৰু সম্পৰ্ক নাথাকিব। কবিৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব। অৰ্থাৎ পুৰণি যুগৰ কোনো চিন–মোকাম নতুন যুগত নাথাকিব।

3. ‘হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো’ – কবিতা ফাকিৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ উক্ত কবিতাফাকিৰ মাধ্যমৰে কবি নৱকান্ত বৰুৱাদেৱে জীৱনৰ ব্যাখ্যাক সুৱৰি দুখতে হাঁহো বুলি ব্যক্ত কৰিছে। তেওঁৰ মতে জীৱনটো এক ধেমালিহে মাত্ৰ আৰু ইয়াত কেৱল যন্ত্ৰণাহে প্ৰাপ্ত হয়। পৃথিৱীলৈ কবি পুনৰ উভতি নাহে বুলি অভিহিত কৰিছে। অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। জীৱনৰ বকুল পাহি এবাৰেই কবিয়ে তুলিবলৈ সক্ষম হ’ল। কবিৰ গমনৰ পিছত কবিৰ সলনি আন বেলেগ বেলেগ লোকসকল আহিব আৰু যত এই নতুন মানুহৰ উপস্থিতিয়ে কবিৰ প্ৰভাৱ বা চিন নুই কৰিব। এইবোৰ দুখ সুমৰি কবিজনাই ‘হেৰাই যোৱা
ৰঙতেইচোন অকলে অকলে হাঁহো’ বুলি ব্যক্ত কৰিছে আৰু নিজকে সান্তনা দিছে।

4. উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ সৃষ্টিৰ নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জনম লৈছে। সেয়েহে পৃথিৱীখন কবিৰ অতিকে আপোন। তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই কবিৰ প্ৰিয়। জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তষ্ট। পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে। যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায়। পৃথিৱীৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয়। পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায়। কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে—
‘মাথোন এই পৃথিৱীখনক ভালপাই গʼলোঁ
এই কথাটোকে কিমানবাৰ যে কʼলোঁ
কিমান ভাবেৰে কʼলোঁ………।‘

READ MORE  হস্তিবিদ্যাৰ্ণৱ পুথি | Class 12 Assamese (MIL) - AHSEC

5. কবিয়ে জীয়াই থকাৰ মন্ত্ৰ কি বুলি কৈছে ? জীয়াই থকাৰ ধেমালিটো কেইবাৰ, কেনেদৰে কৰাৰ কথা কৈছে বুজাই
লিখা।
উত্তৰঃ কবিয়ে জীয়াই থকাৰ মন্ত্ৰ ‘যন্ত্ৰণা’ বুলি কৈছে। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰ খেলাৰ কথা কৈছে। পৃথিৱীখন কবিৰ অতিকে আপোন। যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি যন্ত্ৰণাবোৰ পাহৰি যায়। পৃথিৱীৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয়। পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায়। পৃথিৱীলৈ কবি পুনৰ উভতি নাহে বুলি অভিহিত কৰিছে। অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। তথাপিতো তেওঁ পৃথিৱীখনত জীয়াই থাকি হৃদয়ভৰি ভাল পায়। কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে—
‘যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ’লোঁ।‘

6. ‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা।
উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে।

প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে। এই পৃথিৱীৰ পৰা এবাৰ গুছি গʼলে পুনৰ উভতি নাহে আৰু আহিব নোৱাৰে। অকল কবিয়েই নহয়, কোনো লোকেই এই পৃথিৱীলৈ উভতি নাহে। কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায়। এই কথা জীৱনত বহুবাৰ ক’লে আৰু বহু ভাবেৰে বুজালে। কিন্ত সেয়ে হʼলেও পৃথিৱীখনলৈ পুনৰ তেওঁ উভতি নাহে। ‘যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকা’টো কবিয়ে এটা ধেমালী বুলি কৈছে। এই ধেমালী কবিয়ে এবাৰেই খেলিলে। মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে। কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব। নতুন প্ৰজন্মই হʼব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হʼব নতুন দিন। জীয়াই থকা কালত কবিয়ে বুটলা বকুলজুপিৰ ফুল, এতিয়া কবিয়ে নহয় অইন কোনোবাই বুটলিব। কবি উভতি নাহে আৰু আহিব নোৱাৰে। হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাহেঁ। তেওঁ পৃথিৱীখনক ভালপায় এই কথা শেষবাৰ স্বীকাৰ কৰিছে, তথাপি তেওঁ মৰমৰ পৃথিৱীখনলৈ উভতি আহিব নোৱাৰে।

7. পৃথিৱীলৈ কবিয়ে কিয় উভতি আহিব নোৱাৰে কবিতাটিৰ (‘উভতি নহাৰ কবিতা’) আধাৰত বুজাই লিখা।
উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে।

প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে। এই পৃথিৱীৰ পৰা এবাৰ গুছি গʼলে পুনৰ উভতি নাহে আৰু আহিব নোৱাৰে। অকল কবিয়েই নহয়, কোনো লোকেই এই পৃথিৱীলৈ উভতি নাহে। কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায়। এই কথা জীৱনত বহুবাৰ ক’লে আৰু বহু ভাবেৰে বুজালে। কিন্ত সেয়ে হʼলেও পৃথিৱীখনলৈ পুনৰ তেওঁ উভতি নাহে। প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে। পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে। কিন্ত কবি বাস্তৱত বিশ্বাসী। কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা তেওঁ ভালদৰে উপলব্ধি কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top