চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি | ফকৰা যোজনা

চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপিঃ সময়ৰ কাম সময়ত নকৰি পিছত তাৰ বাবে অনুতাপ কৰাৰ পৰা একো ফল নহয়। এনে অর্থ বুজাবলৈ এইফাকি প্ৰৱচন প্রয়োগ কৰা হয়। বহু সময়ত দেখা যায় যে দূৰদৰ্শিতাৰ অভাৱত বা অসতর্কতাৰ বাবে কেতিয়াবা কিছুমান ঘটনা ঘটে। ঘটনাটো ঘটাৰ পিছতহে মানুহে তাৰ পৰা উদ্ধাৰ পোৱাৰ বুদ্ধি আহে নাইবা ভুলটো বুজি পায়।

যেনেকৈ বৰষুণত নিতিতিবলৈ হ’লে আগতীয়াকৈ জাপিৰ যোগাৰ কৰি ৰাখিব লাগিব। বৰষুণ যোৱাৰ পিছত জাপি এটা আনি মূৰত লোৱাৰ পৰা একো ফল নহয়। তেনেকৈ চোৰৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ সতর্কতা অৱলম্বন নকৰি চোৰ পলোৱাৰ পিছত তাক ধৰিবলৈ খাপ লৈ থকাৰ পৰা একো লাভ নহয়।

READ MORE  অচিন কাঠৰ থোৰা নলগাবা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top