প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ | Chapter 7 | Class 12 Sociology - AHSEC

প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ | Chapter 7 | Class 12 Sociology – AHSEC

প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ | Chapter 7 | Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 7 Notes | AHSEC Class 12 HS Sociology Chapter 7 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ | HS Sociology Questions and Answers Assam | HS 2nd Year প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ


প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ 

প্রথম খণ্ড: পাঠ: ৭

অতি চমু প্রশ্নোত্তৰ

1. প্রকল্প কাৰ্যৰ পদ্ধতি প্রতিবেদন প্রস্তুত কোনে কৰে?
উত্তৰঃ ছাত্র – ছাত্রীসকলেই প্রকল্প কার্য পদ্ধতি প্রতিবেদন প্রস্তুত কৰে। 

2. কিমান পর্যায় প্রকল্প কার্য থাকে?
উত্তৰঃ চাৰিটা পৰ্যায় প্রকল্প কার্য পদ্ধতি থাকে। 

3. প্রকল্প কাৰ্যৰ প্ৰথম পৰ্যায়টো কি?
উত্তৰঃ প্রকল্প কাৰ্যৰ প্ৰথম পৰ্যায়টো হ’ল প্রকল্প কার্য ঠিক কৰা বা নিৰ্ধাৰণ কৰা। 

4. প্রকল্প কার্যৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰঃ প্রধান উদ্দেশ্য বা লক্ষ্য হল জ্ঞান আহৰণ কৰা। 

5. প্রকল্প কাৰ্যৰ শেষ পর্যায়টো কোনটো?
উত্তৰঃ প্রকল্প কার্য শেষ পর্যায়টো হ’ল— ঘটনাটো প্ৰকাশ কৰা আৰু প্রতিবেদন লিখা। 

6. প্রকল্প কার্য মানে কি বুজা?
উত্তৰঃ প্রকল্প কাৰ্য হ’ল নতুন অভিজ্ঞতা আৰু জ্ঞান পোৱাৰ এটা পদ্ধতি আৰু ইয়াৰ সম্পৰ্ক থাকে পৰিকল্পনা আৰু প্ৰণালীৰ লগত। 

7. প্রকল্প কার্য পদ্ধতি কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ডব্লিউ, এইচ কিলপাত্রিক (W. H. Kilpatrick) প্রকল্প কার্য পদ্ধতিৰ প্ৰতিষ্ঠাপক বুলি জনা যায় ৷

8. পৰিকল্পনা কি?
উত্তৰঃ যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো এটা উদ্দেশ্য সাধনৰ বাবে তেওঁৰ সা সম্পদবোৰ যোগাৰ কৰে তেতিয়াই তাক পৰিকল্পনা কৰা বুলি কোৱা হয়। 

READ MORE  বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | Chapter 13 | Class 12 Sociology - AHSEC

9. প্রকল্প কাৰ্যৰ বাবে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয়?
উত্তৰঃ সাধাৰণতে প্ৰকল্প কার্যত সামাজিক জৰীপ পদ্ধতি ব্যৱহাৰ কৰা হয়। 

10. পৰিকল্পনা কেইপ্ৰকাৰৰ হ’ব পাৰে?
উত্তৰঃ পৰিকল্পনা দুই প্ৰকাৰৰ হ’ব পাৰে—
(১) সামাজিক পৰিকল্পনা। আৰু
(২) অৰ্থনৈতিক পৰিকল্পনা ৷ 

11. প্রকল্প কার্য পদ্ধতি বুলিলে কি বুজা?
উত্তৰঃ সমাজ শাস্ত্ৰৰ গবেষণাৰ কামত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পদ্ধতিৰ জৰিয়তে তথ্য – পাতি আৰু সিদ্ধান্তসমূহ লোৱা হয় ৷ এই কাৰণতে সমাজ শাস্ত্ৰৰ ক্ষেত্ৰ অধ্যয়ন কার্যত প্রকল্প কাৰ্যৰ পদ্ধতি অতি দৰকাৰী। যিকোনো সামাজিক সমস্যার প্রকৃতি জানিবলৈ গৱেষকসকলে নিজেই অধ্যয়ন ক্ষেত্ৰলৈ যাব লগা হয়। এই অধ্যয়ন কার্যত বিভিন্ন পদ্ধতি থাকে। এই পদ্ধতিত গৱেষকে বৈজ্ঞানিক পদ্ধতিৰে তথ্যপাতি সংগ্ৰহ, সেইবোৰ চোৱা বা লক্ষ্য কৰা, শ্রেণী বিভাজন কৰা, পুনৰীক্ষণ কৰা, যাতে এটা সিদ্ধান্তত উপনীত হ’ব পৰা যায়। এই কাৰ্যকে পদ্ধতি বোলা হয়। এই পদ্ধতি কেবা প্ৰকাৰৰ থাকে যেনে— জৰীপ পদ্ধতি, সাক্ষাৎকাৰ পদ্ধতি, নিৰীক্ষণ পদ্ধতি আদি ৷ 

চমু প্রশ্নোত্তৰ

1. প্রকল্প কার্য পদ্ধতি পর্যায় কেইটা কি কি?
উত্তৰঃ প্রকল্প কার্য পদ্ধতি পর্যায় সাধাৰণতে চাবিটা—
(১) প্রকল্প কাৰ্যৰ পৰিকল্পনা।
(২) তথ্য আৰু ঘটনাৰাজিৰ সংগ্ৰহ কৰা।
(৩) ঘটনা আৰু তথ্য – পাতিব বিশ্লেষণ আৰু ব্যাখ্যা কৰা।
(৪) তথ্য – পাতিৰ উপস্থাপন কৰা। 

2. প্রকল্প কার্য পদ্ধতি প্রধান উদ্দেশ্যসমূহ কি?
উত্তৰঃ প্রকল্প কার্য পদ্ধতি প্রধান উদ্দেশ্যসমূহ—
(১) সমাজ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা অৰ্জন কৰা।
(২) ছাত্র – ছাত্ৰীৰ ব্যৱহাৰিক জ্ঞানৰ বিকাশ সাধন কৰা।
(৩) ছাত্র – ছাত্রীক সামাজিক সমস্যাৰ আৰু মানুহৰ মানসিক মনোভাব সম্পর্কে জ্ঞান দিয়া।
(৪) ছাত্র – ছাত্ৰীক সমাজৰ সদস্যৰ লগত সম্পৰ্ক স্থাপনৰ বাবে তেওঁলোকক সহায় কৰা। 

3. তোমাৰ নিজৰ গাঁও বা নগৰখনত মহিলা প্ৰস্থিতি কি?
তাকে পৰীক্ষা কৰিবলৈ এটা সাক্ষাত্তাৰ প্ৰকল্প কাৰ্য ছাত্রছাত্ৰীয়ে কৰিব পাৰে।
(১) গাঁও বা নগৰৰ নাম :-
(২) গাঁও বা নগৰখনৰ মুঠ জনসংখ্যা :-
(৩) পুৰুষ মহিলাৰ শতকৰা হিচাপ :-
(৪) কমেও গাঁও বা নগৰখনৰ ২০০-৩০০ মহিলাৰ ভিতৰত সাক্ষাৎকাৰ সমীক্ষা চলাই প্রথমে মহিলাৰ এটা প্ৰস্থিতি জানিবলৈ চেষ্টা কৰা। এই কামৰ বাবে তলত দিয়া তথ্যসমূহ সংগ্ৰহ কৰা ৷
(১) মহিলা জনীৰ নাম :
(২) ঠিকনা :
(৩) বয়স :
(৪) ধৰ্ম :
(৫) জাতি :
(৬) বিবাহিত / অবিবাহিত / বিধৱা :
(৭) বৃত্তি :
(৮) শিক্ষা :
(৯) গিৰীয়েকৰ শিক্ষা আৰু বৃত্তি :
(১০) আয় প্রতি মাহে :
(১১) পৰিয়ালৰ আয় :
(১২) পঞ্চায়তৰ সদস্য নেকি হয়/নহয় :
(১৩) কোনো অনুষ্ঠান / প্ৰতিষ্ঠানৰ সদস্য নেকি— হয়/নহয় :
(১৪) প্রস্থিতি উচ্চ / নীচ / মধ্য পৰ্যায়ৰ :

READ MORE  সামাজিক সংস্থা হিচাপে বজাৰ | Chapter 4 | Class 12 Sociology - AHSEC

4. তুমি অধ্যয়ন কৰা স্কুলখনৰ এটি প্ৰকল্প কাৰ্য হাতত লৈ তোমাৰ স্কুলখনৰ এটা প্ৰস্থিতি নিৰ্ণয় কৰা। (প্ৰস্থিতি নির্ণয় কৰিবলৈ তলত দিয়া তথ্যবোৰ সংগ্ৰহ কৰি তাৰ নিৰীক্ষণ ব্যাখ্যা কৰি তাৰ এটা প্ৰতিবেদন প্রস্তুত কৰা।)
(১) তোমাৰ স্কুলখনৰ নাম :
(২) কোন পৰ্যায়ৰ স্কুল-প্রাথমিক / মাধ্যমিক / হাইস্কুল :
(৩) স্কুলঘৰৰ এটি চিত্র আঁকা / চাৰিসীমা দিয়া :
(৪) শ্ৰেণী কোঠাৰ সংখ্যা, কিমান / শ্ৰেণী কিমানটা :
(৫) শ্ৰেণীৰ নামবোৰ :
(৬) মুঠ ছাত্র – ছাত্রী – সংখ্যা।

5. প্রকল্প কার্য পদ্ধতি প্ৰকাৰ কি হ’ব পাৰে?
উত্তৰঃ প্রকল্প কার্য পদ্ধতিৰ প্ৰকাৰ—
(১) জৰীপ পদ্ধতি (Survey Methods)।
(২) সাক্ষাৎকাৰ পদ্ধতি (Interview Methods)।
(১) গাঁও বা নগৰখনৰ নাম :………………।
(২) গাঁও বা নগৰখনৰ চাৰি সীমা :………………।
(৩) মুঠ জনসংখ্যা (লোকপিয়লৰ সহায় ল’বা), শ্রেণীবিভাজন সংখ্যা :………………।
(৪) কিমান ঘৰ বা পৰিয়াল আছে সংখ্যা নিৰ্ধাৰণ কৰা :………………।
(৫) অধিবাসীসকলৰ প্ৰধান জীৱিকা কি কি শতকৰা হিচাপ এটা উলিওৱা :………………।
(৬) কি কি শিক্ষানুষ্ঠান আছে –মহাবিদ্যালয়, স্কুল, সংঙ্গীত অন্যান্য অনুষ্ঠান। খেল পথাৰ, পুখুৰী, হাট-বজাৰ, দোকান – পোহাৰ আদি উল্লেখ কৰিবা যদি আছে :………………।
(৭) হস্ত শিল্পৰ অনুষ্ঠান আছে নে নাই :………………।
(৮) গাঁও বানগৰখনৰ লগত সংলগ্ন ৰাষ্ট্ৰীয় (হাইৱে) আলি বা ৰাজ্যিক আলিবাট আছেনে? পকী বা কেঁচা আলিবাটৰ শ্ৰেণী বিভাজন :………………।
(৯) ৰেলৱে ষ্টেচন ওচৰত আছে নে নাই যদি আছে কিমান দূৰত আছে :………………।
(১০) ৰাস্তা বা আলিবাটেৰে অহা যোৱা কৰিবলৈ কি কি যান বাহন আছে লিখা— (বিমান বন্দৰ, ৰেলষ্টেচন, বাছ আস্থান কিমান দূৰত আছে, দূৰত্ব উল্লেখ কৰা) :………………।
(১১) অধিবাসীসকলৰ বাসস্থানৰ শ্ৰেণী বিভাজন – পকী ঘৰ, কাঠ টিনপাতৰ ঘৰ, খেৰী বাঁহৰ ঘৰ, অন্যান্য শ্ৰেণীৰ ঘৰৰ সংখ্যা আৰু পৰিয়ালৰ সংখ্যা :………………।

এনেবোৰ তথ্য-পাতি গাও বা নগৰখনৰ এটা স্পষ্ট ছবি দাঙি ধৰি গাঁওখন উন্নত নে অনুন্নত তাক নিৰ্ধাৰণ কৰা উচিত। 

READ MORE  ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ | Chapter 10 | Class 12 Sociology - AHSEC

Leave a Comment

error: Content is protected !!
Scroll to Top